Breaking

অৰুণাচল প্ৰদেশত দল ত্যাগ কৰি নিৰ্দলীয় বিধায়কক সমৰ্থন প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ

0 1,030

যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত দল বাগৰাৰ ৰাজনীতি অব্যাহত আছে ঠিক তেনে এক সময়ত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ৪৯ নং বৰডুমচা দায়ুন সমষ্টিৰ নিৰ্দলীয় বিধায়ক চমলুং মোচাঙে এক সুন্দৰ অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হয়। সাধাৰণতে দেখিবলৈ পোৱা যায় যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ সাংসদ,বিধায়ক আৰু দলীয় নেতা কৰ্মীৰ মাজত এটা দলৰ পৰা আন এটা দলত যোগদান কৰাৰ যি প্ৰতিযোগিতা চলে ঠিক তেনে সময়তে বৰডুমচা দায়ুন সমষ্টিৰ নিৰ্দলীয় বিধায়ক গৰাকীৰ সমৰ্থনত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ, বি জে পি, এন পি পি,আৰু বৰডুমচা দায়ুনৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকে সমৰ্থন আগবঢ়ায়।

বিধায়ক চমলুং মোচাঙে তেখেতৰ কাৰ্যকালত সমষ্টি বাসীৰ উন্নয়নৰ বাবে যি অহোপুৰুষাৰ্থ আগবঢ়াই আহিছে ঠিক তেনে সময়তে তেখেতৰ কৰ্মদক্ষতাক সন্মান জনাই  এইদৰে ওলাই আহিল বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতা কৰ্মী তথা সমষ্টিবাসী ৰাইজ। বিশেষকৈ বিধায়ক গৰাকীয়ে মহামাৰী কৰোনাৰ সময়ত ব্যক্তিগত প্ৰচেষ্টাত সমষ্টিবাসীৰ বাবে যথেষ্ট কষ্ট কৰাৰ উপৰিও চেৰিটি লিডাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা লোকৰ মাজত ঠিয় দি জীৱন যুঁজত জয়ী হবৰ বাবে সকাহ প্ৰদান কৰে। ইয়াৰেই ফলশ্ৰুতিত বিধায়ক গৰাকীয়ে এই নজিৰবিহীন ইতিহাস গঢ়িবলৈ সক্ষম হোৱা বুলি সকলোৱে কব বিচাৰে।

Leave A Reply