এই অভিযোগত ভিত্তিত ভৰালীয়ে কয়, “মই কি কৰিলো, নিজেই নাজানো৷ সামাজিকভাবে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম৷’ লগতে তেওঁ কয়, এই যুঁজত জয়ী হৈ মই অসম এৰি গুছি যাম৷ মই বহু তলৰ পৰা আহি আজি এই স্থান পাইছো৷ আৰু বহু কৰিবলৈ বাকি আছে ভাৰতবাসীৰ বাবে ৷”
উল্লেখ্য যে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে ভৰালীৰ বিৰুদ্ধে 1332/2021 আৰু পকছ’ আইনৰ ৬নং ধাৰা, IPC- 376 (I), 376 (A) আৰু 354 ধাৰাত এটা গোচৰ পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখে৷ ইফালে যোৱা ২৮ ডিচেম্বৰতে এই ঘটনা সন্দর্ভত অভিযুক্ত ভৰালীয়ে গুৱাহাটী উচচ ন্যায়ালয়ৰ পৰা অন্তৱর্র্তীকালীন জামিন লাভ কৰে৷
ডালিমৰ গুটি গুচোৱা এটা যন্ত্ৰ উদ্ভাৱনেৰে তেওঁলৈ আনিছিল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ৷ ২০০৯ চনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা “ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱন বঁটা” , ২০১০ চনত অসম সাহিত্য সভাই প্ৰদান কৰা “প্ৰযুক্তি-ৰত্ন” উপাধিকে ধৰি বহু বঁটা আৰু সন্মান তেওঁ ইতিমধ্যে লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৪ চনত তেওঁক সন্মানীয় ডক্টৰ অৱ চায়েঞ্চ (DSc) ডিগ্ৰী প্ৰদান কৰিছে৷ লোভনীয় চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি নিজৰ সৃষ্টিৰাজিৰে জগত জিনিবলৈ সক্ষম হোৱা ভৰালীয়ে নিজ জন্মস্থানতে আৰম্ভ কৰিছিল উদ্ভাৱনৰ কাম৷ ইয়াৰোপৰি তেওঁৰ প্ৰায়সমূহ উদ্ভাৱনেই খাটিখোৱা মানুহ, দৰিদ্ৰ গ্ৰাম্য লোক, শাৰীৰিক-মানসিক অক্ষমতা থকা লোকৰ সুবিধাৰ্থে সৃষ্টি কৰা কৰিছিল৷ তেখেতৰ সৃষ্টিৰাজিৰ ভিতৰত বিশেষকৈ কঠীয়া ৰোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ, ‘গ্ৰীণ টী’ তৈয়াৰী যন্ত্ৰ, ভীমকলৰ গুটি গুচোৱা যন্ত্ৰ, খৰি লুৰি খোৱা মানুহৰ বাবে কম ইন্ধন খৰচী চৌকা, মাছৰ বাকলি গুচোৱা যন্ত্ৰ আদিয়ে স্থান লাভ কৰিছিল৷
নাজিৰাৰ সমীপৰ লংকাক গোহাঁই গাঁৱৰ কণমাণি শিশু দল “মন এটি আশা”ৰ ৫ জানুৱাৰীত নৱম আলোচনী “মন এটি আশা” উন্মোচন কৰা হয় । কণমানিহঁতৰ মনৰ কথাৰে উন্মোচন কৰা হৈছে এই নৱম আলোচনী। এই আলোচনীখন উন্মোচন সম্পাদকৰ দায়িত্বত থাকে মুনমী বুঢ়াগোহাঁই।”মন এটি আশা”ৰ নৱম আলোচনী উন্মোচন কৰে সাংবাদিক বিপিন হাজৰিকাই।আলোচনী উন্মোচনৰ লগত সংগতি ৰাখি এখন অনুস্থিত হয় এখন মুকলি সভা।লগতে “মন এটি আশা”ৰ শিশুৰ সকলৰ মাজত অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা।
মুকলি সভাত সভাপতি হিচাপে উপস্থিত থাকে সমাজকৰ্মী ব্ৰজেন ফুকন,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চন্দ্ৰকান্ত বুঢ়াগোহাঁই,ড° ভীষ্ম হাজৰিকা, দীক্ষিতা ফুকন,অৰ্চনা কোঁচ,অঞ্জু বৰগোহাঁইৰ লগতে সংবাদদাতা বিপিন হাজৰিকা, সংবাদদাতা অংশুমান দত্ত উপস্থিত থাকে।”মন এটি আশা”ৰ শিশু আলোচনী উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত মুকুল শ্ৰণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান লাভ কৰে শিৰাংগন গগৈ,দ্বিতীয় স্থান যুটীয়াভাৱে বেণী প্ৰিয়া বুঢ়াগোহাঁই আৰু অৰ্পিত গগৈ,তৃতীয় স্থান মৃন্ময় গগৈয়ে লাভ কৰে।তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অনুস্থিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান মমী চেতিয়া,দ্বিতীয় স্থান ভাৰ্গৱ বুঢ়াগোহাঁই,তৃতীয় স্থান আস্থাজিতা বুঢ়াগোহাঁই,চতুৰ্থ স্থান বিতুপন লাহন আৰু নিচুকণী বঁটা লাভ কৰে সমীৰণ বুঢ়াগোহাঁই।ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুস্থিত কবিতা আবৃত্তি প্ৰতিযোগিতা প্ৰথম স্থান আলোক বৰগোহাঁই,দ্বিতীয় স্থান মৌচুমী বুঢ়াগোহাঁই,তৃতীয় স্থান ৰিম্পী বুঢ়াগোহাঁই,চতুৰ্থ স্থান দেৱাশ্ৰী বুঢ়াগোহাঁই আৰু পঞ্চম স্থান লাভ কৰে লীনা বুঢ়াগোহাঁই।”মন এটি আশা”ৰ নৱম শিশু আলোচনী উন্মোচনৰ দিনটোতেই “মন এটি আশা”ৰ কণ কণ শিশু সকলে বিভিন্ন সাংস্কৃতিক অনুস্থানেৰে জীপাল কৰি তুলে পৰিৱেশ।