Home Blog Page 2687

আইঅচি, গুৱাহাটীৰ ৰোগ প্ৰতিৰোধ চিকিৎসা শিবিৰ

শনিবাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅচি) ৰ গুৱাহাটীস্থ বেটকুচি বাছ টাৰ্মিনেলত তেলবাহী বাছৰ চালক আৰু কৰ্মীসকলৰ বাবে অসম স্বাস্থ্য সেৱা সমবায়ে এক্সেলকেয়াৰ হস্পিটালৰ সহযোগত এটা ৰোগ প্ৰতিৰোধ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। ১১০ গৰাকীৰো অধিক লোকৰ পৰীক্ষা কৰা হয় এই শিবিৰত। এইক্ষেত্ৰত আইঅচি কতৃপক্ষই সম্পূৰ্ণ সহায় সহযোগ আগবঢ়ায়। সকলো চালকক সাঙুৰি ল’ব পৰাকৈ নিয়মীয়াকৈ এনে শিবিৰ অনুষ্ঠিত কৰিবলৈ সাজু আইঅচি কৰ্তৃপক্ষ।

১৯৮০ চনৰ ১০৮ নিযুতৰ পৰা ২০১৪ চনত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪২২ নিযুতলৈ বাঢ়িছিল। বৰ্তমান বিশ্বৰ ৯.৩% প্ৰাপ্তবয়স্কৰ এই ৰোগ আছে। ভাৰতৰ দৰে দেশত এই সংখ্যা তুলনামুলকভাৱে বহু বেছি।‌‌ ডায়েবেটিছৰ জটিলতাত কিডনি বিকল‌ হ’ব পাৰে। ইয়াৰ পৰিণতিত অন্ধত্ব,‌‌ হাৰ্ট এটাক,‌‌ ভৰি কাটি পেলাবলগীয়া হোৱা আদি হ’ব পাৰে। ডায়েবেটিছ এটা ভয়াবহ কিন্তু ‌‌প্ৰতিৰোধ কৰিব পৰা বেমাৰ। প্ৰী-ডায়েবেটিক অৱস্থাত ইয়াক ধৰা পেলাব পাৰিলে উত্তম। প্ৰী-ডায়েবেটিকসকলৰ বুজন সংখ্যকৰেই ডায়েবেটিছ হয়। ভয়াবহ কথা যে‌ প্ৰতি ৬জন ভাৰতীয়ৰ ১জন প্ৰী-ডায়েবেটিছ অৱস্থাত আছে। মেদবহুলতা ইয়াৰ অন্যতম কাৰণ।

জন্ম লগ্নৰ পৰা বিগত ৪টা বছৰত অসম স্বাস্থ্য সেৱা সমবায়ে ৰোগ‌ প্ৰতিৰোধ চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছে।ৰাইজে নিজৰ স্বাস্থ্যৰ দায়িত্ব নিজে ল’ব লাগিব। এই আদৰ্শ মানি সমবায়খন গঠিত হৈছিল। সেৱাৰ মনোভাৱেই ইয়াৰ চালিকা শক্তি।‌‌ বহু সম্ভাৱনা বাস্তৱায়িত হোৱা নাই যদিও সমবায়ৰ ভুমিকা এইক্ষেত্ৰত অগ্ৰণী। এই ধাৰণাটোৰ অন্তৰ্নিহিত শক্তিৰ দ্বাৰা সমবায় খন আঙুলিৰ মূৰত গণিব পৰা কেইজনমান কৰ্মীক লৈ আগবাঢ়িছে।‌‌

শেহতীয়াকৈ সমবায়ে ৰক্তপৰীক্ষাৰ বাবে এটা কেন্দ্ৰ গুৱাহাটী ক্লাবত আৰম্ভ কৰিছে। ইয়াত প্ৰায় চাৰিশৰো অধিক পৰীক্ষা উপলব্ধ। থাইৰ’কেয়াৰ নামৰ প্ৰতিষ্ঠিত সৰ্বভাৰতীয় ডাইগনেষ্টিক কোম্পানীটোৰ ই এক অনুমোদিত কেন্দ্ৰ। ইয়াৰ জৰিয়তে আন আন পৰীক্ষাগাৰতকৈ অতি কম হাৰত সমবায়ৰ কেন্দ্ৰটোত ৰোগীয়ে পৰীক্ষা কৰোৱাব পাৰে। তদুপৰি স্বাস্থ্য-পৰীক্ষাৰ জৰিয়তে আগতীয়া ৰোগ নিৰ্ধাৰণৰ কাৰণেও সমবায়ে অতিৰিক্ত ৰেহাই দি থাইৰ’কেয়াৰৰ একাধিক ‘আৰোগ্যম’ পেকেজ নাগৰিকৰ কাৰণে উপলব্ধ কৰিছে। সমবায়ৰ হিতাধিকাৰীয়ে সৰ্বাধিক ৰেহাই পায়। কিন্তু সদস্য নহ’লেও বুজন পৰিমাণৰ ৰেহাই দিয়া হৈছে।

অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক সন্মানঃ ১৯ গৰাকী লোকলৈ প্ৰদান এই বঁটা

ৰাজ্যখনৰ বাবে বিশেষ অৱদান দিয়া লোকক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা এইবাৰ ১৯ গৰাকী লোকক দিয়া হ’ব। ২ ডিচেম্বৰৰ আগতে ক্ষেত্ৰভিত্তিক অভিযান চলোৱা হ’ব। পৰ্টেল খোলা হ’ব। পেপাৰতো বিজ্ঞাপন দিয়া হ’ব। সেই পৰ্টেলত সকলোৱে নাম আগবঢ়াব পাৰিব। অহা বছৰৰ পৰা অনুষ্ঠানসমূহো এই তালিকাত অন্তৰ্ভুক্ত হ’ব।

সৰ্বোচ্ছ সন্মান “অসম বৈভৱ”-অসমৰ ৰাজ্যিক গছ, হলং গছৰ পাতৰ ওপৰত জাপিৰে এই বঁটাতো তৈয়াৰ কৰা হৈছে। অসম বৈভৱ বঁটাত ৫ লাখ টকা থাকিব আৰু সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।দ্বিতীয় অসামৰিক বঁটা “অসম সৌৰভ”-প্ৰত্যেক বছৰে তিনিগৰাকী লোকক দিয়া হ’ব এই বঁটা। অসমৰ শৰাই খনক মাজত ৰাখি এই বঁটা তৈয়াৰ কৰা হৈছে। ৪ লাখ টকা দিয়া হ’ব পুৰস্কাৰ হিচাপে। লগতে বছৰি ৩ লাখ কৈ টকাৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে। তৃতীয় টো বঁটা-“অসম গৌৰৱ”-অসমৰ সত্ৰীয়া সংস্কৃতিক লৈ এই বঁটা তৈয়াৰ কৰা হৈছে। ৩ লাখ টকা পুৰস্কাৰ দিয়া হ’ব। লগতে বছৰি ৩ লাখ কৈ টকাৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

প্ৰত্যেক বছৰে অসম দিৱসৰ দিনা অৰ্থাৎ ২ ডিচেম্বৰৰ দিনা এই বঁটা দিয়া হ’ব।এই বছৰৰ বঁটা সমূহ ২৪ জানুৱাৰীত দিয়া হ’ব।যিসকল ব্যক্তিৰ অৱদানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তেনে ব্যক্তিকহে দিয়া হ’ব এই বঁটা। এই বঁটা কোনো ব্যক্তিগত প্ৰতিভাৰ বাবে দিয়া নহয়।বঁটা প্ৰাপক সকলক সকলো চৰকাৰী অনুষ্ঠান তে নিমন্ত্ৰণ কৰা হ’ব আৰু তেওঁলোকে অসম ভৱনত বিনামূলীয়া কৈ থাকিব পাৰিব।

এইবাৰৰ ১৯ গৰাকী লোক হ’ল….

“অসম বৈভৱ”:- ১)ৰতন টাটা (অসমবাসীৰ প্ৰতি থকা অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা তেওঁক দিয়া হৈছে।)


“অসম সৌৰভ”- ১) প্ৰফেছাৰ কমলেণ্ড দেৱ কৌৰী (বহু ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তেওঁ।)
২) এনএইচচেমৰ সঞ্চালক লক্ষ্মণন এচ (কভিড সময়ত আগবঢ়োৱা বৰঙণিৰ বাবে)
৩) প্ৰফেছাৰ ড০ দীপক ছান্দ জৈন
৪)লাভলীনা বৰগোঁহাই
৫)শ্ৰী নিলপৱন বৰুৱা


“অসম গৌৰৱ”-প্ৰত্যেক বছৰে ১৫ জনক দিয়া হ’ব
১) মুনিন্দ্ৰ নাথ নাটে, সঞ্চালক. স্বাস্থ্য সেৱা
২) বসন্ত হাজৰিকা, অধ্যাপক, গুৱাহাটী চিকিতসা মহাবিদ্যালয়
৩) আকাশ জ্যোতি গগৈ (যোৰহাটত বাহুবলি এটা কণীৰ ব্ৰেণ্ড আকাশ জ্যোতিয়ে গঢ়ি তুলিছে। য’ত বহু ল’ৰা-ছোৱালী জড়িত হৈ পৰিছে।)
৪)মনোজ কুমাৰ বসুমতাৰী (আত্মনির্ভৰশীল হোৱাত প্ৰেৰণা যোগাইছে।)
৫) খৰসিং তেৰণ
৬)শ্ৰীমতী ববী হাজৰিকা (তিনিচুকীয়া জিলাৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্য।)
৭)হেমপ্ৰভা চুতীয়া (গুণমালা,কীৰ্তন সকলো গামোছাত অংকন কৰিব পাৰে)
৮)নমিতা কলিতা( অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কাম কৰে। ১ লাখ লোকক তেওঁ অকলেই ভেকচিন দিছে। হাটীগাঁও ৰ নিবাসী)
৯)বনীতা মমিন (ভেকচিন দিয়াৰ অভিযান সফল কৰিছে।শোণিতপুৰৰ নিবাসী)
১০)ধৰণীধৰ বড়ো
১১)কৌশিক বৰুৱা(স্বাৱলম্বী তাৰ পথ দেখুৱাইছে)
১২)কল্পনা বড়ো, ওদালগুৰিৰ অংগনৱাড়ী কৰ্মী
১৩) আছিফ ইকবাল (কেন্সাৰ বেমাৰীৰ বাবে বন মেৰু ত্ৰান্সপ্লান কৰি মানুহক উপকৃত কৰিছে)

দৰঙত সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা

দৰঙত পৰিবেশ্য কলা ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ।জিলা মানসিক স্বাস্থ্য অভিযান , জিলা স্বাস্থ্য সমিতি, দৰংৰ উদ্যোগত আৰু মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ তৰফৰ পৰা ২৫ ,২৬ নবেম্বৰত মানসিক ৰোগৰ  সজাগতাৰ বাবে দৰঙৰ  বিভিন্ন অঞ্চলত সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা মূলক অনুষ্ঠান  প্ৰদৰ্শন কৰা হয়।ভেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাথৰিঘাট সাপ্তাহিক হাট ,গণকপাৰা, ডাঁহী আদিত  স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ  মাজত দৰঙৰ বিশিষ্ট ওজাপালি প্ৰনৱ শৰ্মা আৰু সংগীবৃন্দৰ দ্বাৰা সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা মূলক অনুষ্ঠান  প্ৰদৰ্শন কৰে । যত প্ৰত্যক ঠাইতেই শতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীযে ওজাপালি উপভোগ কৰে । বিভিন্ন মানসিক ৰোগৰ বিষয়ে ওজা প্ৰনৱ শৰ্মাই ৰচিত কৰা কথাৰে ওজাপালি প্ৰদৰ্শন কৰে লগতে সেই পদৰ মাজে মাজে পালিৰ লগত  বেমাৰবোৰৰ বিষয়ে ভাঙনি কৈ যায় ।  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নৈদানিক মনোবিজ্ঞানী পুষ্প কলিতা আৰু মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াই  ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত  মানসিক ৰোগৰ ক্ষেত্ৰত লবলগা সজাগতাৰ বিষয়ে কয় – বিশেষকৈ ৰোগ সম্পৰ্কে গুৰুত্ব নিদি বৈজ্ঞানিক ভাৱে চিকিৎসা নকৰা ,নহলে অন্ধবিশ্বাসৰ বলি হৈ ভুত -প্ৰেতে ধৰা বুলি বেজ কবিৰাজৰ দ্বাৰা জৰা ফুকা কৰা । মানসিক ৰোগ মানেই ‘পগলা’ হিচাপে  বিবেচিত কৰি লুকাই ৰখা । বেমাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা । ৰোগীক আতংকিত নকৰি নিয়মিত ঔষধ সেৱনৰ লগতে নিয়মিতভাৱে চিকিৎসা আগবঢ়োৱা  আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মোৱাইল ফোনৰ অত্যাধিক ব্যৱহাৰ ফলত হব পৰা মানসিক ক্ষতিৰ বিষয়ে অৱগত কৰে  । শেষত মনোৰোগ বিভাগৰ সহায়কাৰী জয়ন্ত দেৱ শৰ্মাই সকলোৰে মাজত মানসিক ৰোগৰ বিভিন্ন প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰে ।

ৰাষ্ট্ৰীয় দৌৰবিদ- ট্ৰাইথলন ঈশ্বৰ চন্দ্ৰ নাথৰ জীৱন দুৰ্দশা

এগৰাকী ৰাষ্ট্ৰীয়,ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সুদক্ষ সফলতম খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথৰ জীৱন দুৰ্দশাৰ খবৰ এটা ল’বলৈ যে কাৰোৰে আহৰি নাই কিম্বা মনত নপৰে। দৰং জিলাৰ ছিপাঝাৰৰ লাউজান পাটগিৰি চুৱাত ১৯৬৮ চনতে লাভ কৰি স্থানীয় পাটগিৰি চুৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা পাছ কৰি ১৯৭৯ চনত পশ্চিম লোক্ৰাই এম ভি স্কুলত নাম ভৰ্তি কৰে।১৯৮৬ চনত পকাদলি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰুৱা অসুবিধাৰ বাবে শিক্ষা জীৱন সাময়িক ভাবে স্থগিত ৰাখে।পাছত ১৯৯৩ চনত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ মঙলদৈ কলেজত নাম ভৰ্তি কৰে যদিও আৰ্থিক অসুবিধাৰ বাবে স্নাতক ডিগ্ৰী লাভ নকৰাকৈয়ে বাদ দিবলগীয়া হয়।যাৰ পাছত ঘৰুৱা অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে কৰিব বিচৰা কাম কৰিব গৈয়ো কৰিব পৰা নাছিল।খেল- ধেমালিত আছিল সৰুৰে পৰাই অতি ৰাপ।১৯৮৭ চনত দুমুনিচকী ঈদোৎসৱ উপলক্ষে উদযাপন সমিতিয়ে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি মনত পুহি ৰখা  খেলুৱৈ জীৱনৰ  প্ৰেৰণা লাভ কৰে।যি প্ৰেৰণাই ঈশ্বৰ চন্দ্ৰ নাথক পিচৰ ফালে চাবলৈ সময় দিয়া নাছিল। ইয়াৰ পিছত ১৯৯৪ চনত তিনিচুকীয়া আৰু কুমাৰীকাটাত অনুষ্ঠিত মাৰাথন প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।১৯৯৫ চনত অসম অলিম্পিক সন্থাৰ ৰাজ্যিক মাৰাথন দৌৰ প্ৰতিযোগিতাত তৃতীয়, গুৱাহাটী বিশ্ববিদ্যালয়ে আয়োজন কৰা ‘প্ৰসন্ন নাৰায়ণ চৌধুৰী’ উত্তৰ-পূব পূৰ্বাঞ্চল মাৰাথন দৌৰ প্ৰতিযোগিতাত দ্বিতীয়, শিৱসাগৰ ‘এলপাইন এডভেন্সাৰ কেন্দ্ৰ’ই অসম ভিত্তিত অনুষ্ঠিত কৰা মাৰাথন দৌৰত তৃতীয় স্থান লাভ কৰে।১৯৯৬ চনত লক্ষীমপুৰ ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰা মাৰাথন প্ৰতিযোগিতাত তৃতীয়, শিৱসাগৰত অনুষ্ঠিত আজানপীৰ দৰগাহ কমিটী আৰু গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত ৫৫ কি:মি: মাৰাথনত ৩ ঘন্টা ১০ মিনিট সময় লৈ প্ৰথম স্থান লাভ কৰি এক ইতিহাস গঢ়ে।১৯৯৭ চনত অসম মাৰাথন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিৰ লগতে স্বৰ্ণ ফদকো লাভ কৰে।১৯৯৬-১৯৯৯ লৈ ক্ৰমাগত ভাবে  মহাৰাষ্ট্ৰৰ থানেত অনুষ্ঠিত মাৰাথন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।১৯৯৪ চনত শিৱসাগৰৰ নাজিৰাত অনুষ্ঠিত ৰাজ্যিক ক্ৰীড়া সমাৰোহৰ মাৰাথনত অসমৰ নতুন ৰেকৰ্ড হিচাপে ২ ঘন্টা ৩১ মিনিট ৩৩ ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰি আন এক ইতিহাস ৰচনা কৰে। ২০০০ চনত যোৰহাট ক্ৰীড়া সন্থাই আয়োজন কৰা যোৰহাট ক্লাৱৰ সোণালী জয়ন্তী উদযাপনত দ্বিতীয় স্থান,২০০৪ চনত ডিব্ৰুগড় মদাৰখাট আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত প্ৰতিযোগিতাত দ্বিতীয় স্থান, ২০১০ চনত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি লায়নছ ক্লাৱ ইন্টাৰনেছনেলৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় মাৰাথন দৌৰত প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।আনহাতে ট্ৰাইথলনত ২০০৩ চনত ডিব্ৰুগড় উদয় এডভেঞ্চাৰ চেন্টাৰ আৰু সদৌ অসম ট্ৰাইথলন সন্থাৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে যোগদান কৰি দ্বিতীয় স্থান,২০১০ চনত মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বী সকলৰ সৈতে প্ৰতিযোগিতাত ভাগ লৈ ১০ নম্বৰ স্থান, ২০১১ চনত ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিহাৰ, ঝাৰখণ্ডত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে।   এনে এগৰাকী প্ৰতিভাধৰ ক্ৰীড়া বিদে আৰ্থিক দৈন্যতাত জৰ্জৰিত হৈ পাঁচটা পৰিয়ালে সৈতে উৰুসা‌ঁ পঁজাত বাস কৰি আছে।চৰকাৰৰ পৰা সাহায্য লাভ নকৰাত এই গৰাকী অসম সন্তানে দেশৰ বিভিন্ন ঠাইলৈ খেল খেলিবলৈ গ’লে পোহনীয়া হাঁহ-কুকুৰা,ধান, শাক-পাচলি বিক্ৰী কৰি পোৱা ধনেৰে যাব লগীয়া হোৱাটো অতিকৈ দুৰ্ভাগ্য জনক।পৰিতাপৰ কথা যে ঈশ্বৰ চন্দ্ৰ নাথে জীৱনৰ ৩০ বছৰৰো অধিক কালত খেল খেলি লাভ কৰা পৰস্কাৰ সমূহ থবলৈ এটা ভাল ঘৰ নাই।পত্নীৰ পূৰ্ণ সহযোগিতাই মনত উৎসাহ যোগাই অহা ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ গৰাকীয়ে আজিও অব্যাহত ৰাখিছে ক্ৰীড়াৰ অনুশীলন।চৰকাৰ- বিভাগৰ সুদৃষ্টি পাৰিবনে ?

মৰাণত কিশোৰী ধৰ্ষণকাৰী দুই অভিযুক্তক গ্ৰেপ্তাৰ

টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ উদ্যোগত মৰাণ তিলৈ গ্ৰাম্যবজাৰ প্ৰেক্ষাগৃহত ১ আৰু ২ ডিচেম্বৰত অনুষ্ঠিত সপ্তম বাৰ্ষিক কেন্দ্ৰীয় ছ্যুকাফা দিৱস তথা অসম দিৱসৰ ২ ডিচেম্বৰত নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অহা এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে । কিশোৰী গৰাকীৰ পৰিয়ালৰলোকে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে ক ২৪৩/২০২১ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(D)IPC pocso Act 2012 ধাৰাত  ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া আৰু মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীননাথ মিলিৰ তৎপৰতাত দুই অভিযুক্ত ক্ৰমে মৰাণ ফটিকাছোৱা বৰবাম গাঁৱৰ মৃত জয়ৰাম সিং ৰাজপুত পুত্ৰ পংকজ সিং ৰাজপুত (২৮) গোপাল তাঁতীৰ পুত্ৰ বিধান তাঁতী (২৭) ক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে, নাবালিকাগৰাকীক চাইল্ড লাইনৰ সহযোগত আদালত হাজিৰ কৰে ।

‘কৌন বনেগা ক্রোড়পতি’ত জিলিকিল অসমৰ কিশোৰী

জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা ক্রোড়পতি’ত জিলিকিল অসমৰ কিশোৰী ৰাজনন্দিনী কলিতা।কৌন বনেগা ক্রোড়পতি’ৰ ১৩ সংখ্যক চিজনত অংশগ্ৰহণ কৰি গুৱাহাটীৰ কিশোৰী ৰাজনন্দিনী কলিতাই ৫০ লাখ টকা জিকিবলৈ সক্ষম হয়।গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰী ১৪ বছৰীয়া ৰাজনন্দিনী কলিতাৰ অনুপ্ৰেৰণামূলক ভাষণক অমিতাভ বচ্চনৰ প্ৰশংসা।ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখা ৰাজনন্দিনীৰ ভাষণ দিয়াৰ প্ৰতি থকা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি মেগাষ্টাৰ অমিতাভ বচ্চনে অনুষ্ঠান চলি থকাৰ মাজতেই উপস্থিত সকলক সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ কৈছিল।ৰাজনন্দিনীয়ে ভাষণত দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।কোনো খোকোজা নলগাকৈ সুন্দৰকৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে ৰাজনন্দিনী কলিতাই দৰ্শকৰ বিপুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।ৰাজনন্দিনীৰ অনুপ্ৰেৰণামূলক ভাষণক অমিতাভ বচ্চনে ভূয়সী প্ৰশংসা কৰে।ডাঙৰ ডাঙৰ নেতাসকলেও এনে ভাষণ দিব নোৱাৰে বুলি ৰাজনন্দিনীক মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰেৰণা দিয়ে।

গহপুৰৰ ভোলাগুৰিত চৰকাৰী গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি বিজৰিত ঐতিয্যমন্দিত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত অসম চাহ নিগম চমুকৈ ATC ৰ অধীনত নিৰ্মাণ কৰি থকা গৃহত ব্যাপক আনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ভোক্তভোগী ৰাইজে ।উত্থা অভিযোগ মৰ্মে বাগিচাখনত ATC ৰ অধীনত অনুমোদিত ৯০ তা ঘৰৰ প্ৰথম পৰ্য্যায়ত ৪৫ টা ঘৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল যে যি ৪৫ টা গৃহ নিৰ্মাণ কৰি থকা হৈছে আৰু তাত ব্যৱহৃত ইটা,বালি আৰু চিমেণ্ট একেবাৰে নিম্নমানদণ্ডৰ।জনৈক দিহিঙীয়া উপিধীধাৰিৰ নেতৃত্বত  চলাই অহা গৃহ নিৰ্মাণৰ তিনি-চাৰি দিনৰ  পিছতে ঘৰৰ দেৱাল খহি পৰা পৰিলক্ষিত হৈছে।সম্প্ৰতি স্থানীয় ভোক্তভুগী ৰাইজে গৃহ নিৰ্মাণত জড়িত জনৈক দিহিঙীয়া নামৰ  ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে  । স্থানীয় ৰাইজে ইয়াৰ এটা  উচ্চ পয্যায়ৰ তদন্তৰ দাবী জনাইছে ।

বৰডুমচাৰ পৰা নিখোজ বিবাহিতা মহিলা

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তি এলেকা চাংলাং জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অসমৰ গুজুৰ পৰা এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ গুজু গাঁ‌ৱৰ ডুমাই মাঞ্জে নামৰ লোক জনৰ পত্মী তথা দুটি সন্তানৰ মাতৃ ফেন্নগাম লাংচিং নামৰ ২৪ বছৰীয়া মহিলা গৰাকী যোৱা ২৭ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি উক্ত দিনা মহিলা গৰাকীয়ে দিনৰ ভাগত ঘৰৰ পৰা দোকানলৈ যাও বুলি যোৱাৰে পৰা নিখোজ হৈ আছে ।মহিলা গৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধানত বিভিন্ন অঞ্চলত অনুসন্ধান অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে মহিলা গৰাকী সন্ধানহীন সন্দৰ্ভত স্বামী ডুমাই মাঞ্জে অৰুণাচলৰ বৰডুমচা আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছে। ঘৰৰ পৰিয়ালে  কোনো লোকে সন্ধান পালে ৮৪৮৬৫ ৪৪৪১৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি হিচাপে গনেশ চন্দ্ৰ শৰ্মাৰ দায়িত্ব ভাৰ গ্ৰহন

৩ ডিচেম্বৰত  ওদালগুৰি জিলাৰ গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ নতুন সভাপতি হিচাপে  গেলাবিলৰ বাসিন্দা গনেশ  চন্দ্ৰ  শৰ্মাই দায়িত্ব ভাৰ গ্ৰহণ  কাৰে ৷।বৃহত্তৰ গেলাবিল অঞ্চলৰ ভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্রীয়ে অধ্যয়ন কৰা এই পবিত্ৰ   অনুষ্ঠানটিৰ সভাপতিৰ দৰে এটি অতি গুৰুত্বপূৰ্ণ দায়িত্ব  মোৰ ওপৰত অৰ্পণ কৰে । আগন্তুক দিনত বিদ্যালয় খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সকলোৰে গঠনমূলক সহায় সহযোগিতা কামনা কৰিলো বুলি গনেশ  চন্দ্ৰ শৰ্মাই  দায়িত্ব গ্ৰহন কৰা সভাত এইদৰে কয় ৷বিদ্যালয়ৰনতুন পৰিচালনা সমিতিৰ নাম  সমূহ ২২নৱেম্বৰত  এক নিৰ্দেশনা জাৰি কৰা সমিতিখন  ৩ ডিচেম্বৰ ত দায়িত্ব অৰ্পণ কৰে। ৩নবেম্বৰৰ সভাত  বিদ্যালয় খনৰ সভাপতি : গণেশ চন্দ্ৰ শৰ্মা,সম্পাদক প্রদীপ কুমাৰ দে,উপ সভাপতি হিচাপে সুব্ৰত শীল আদিক লৈ ১৩জনীয়া সমিতিখনে দায়িত্ব গ্ৰহন কৰে ৷৩নবেম্বৰৰ সভাত  সভাপতি : গণেশ চন্দ্ৰ শৰ্মা,সম্পাদক প্রদীপ কুমাৰ দে,উপ সভাপতি হিচাপে সুব্ৰত শীল আদিক লৈ ১৩ জনীয়া সমিতিখনে দায়িত্ব গ্ৰহন কৰে ৷

নাজিৰাত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

 বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে  ৩ ডিচেম্বৰত  নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা স্বাস্থ্য বিভাগৰ সহযোগত নাজিৰা  আৱৰ্ত ভৱনৰ প্ৰাংগনত বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এক স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়।  শিৱিৰটোৰ শুভ উদ্বোধন কৰে অতিৰিক্তি উপায়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে। ইয়াৰ লগতে নাজিৰা মহকুমা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি নাজিৰা নিৰ্বাচনী জিলা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।  মহকুমাটোৰ প্ৰায় ৫০ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দেৱাশীষ ফুকন (মেজেংগা), দ্বিতীয় স্থান কাশীনাথ ঘাটোৱাৰ (মেকীপুৰ), তৃতীয় স্থান ফিলিপ তাক্ৰী (বামুন পুখুৰী) আৰু উদগণি মূলক বঁটা লাভ কৰে  চুনীতা কায়স্থ (বামুনপুখুৰী)য়ে। উক্ত কাৰ্যসূচীৰ পিছতে নাজিৰা বিকলাংগ কল্যাণ সমিতিৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ সহযোগত বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ কল্যাণৰ হকে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত নাজিৰা ১০৪ নং বিধান সভা  সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই বিশেষ ভাৱে সক্ষম ব্যক্তি সকলক উৎসাহ দিয়াৰ লগতে তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে প্ৰশাসনৰ লগত আলোচনা কৰিবলৈ কয়। একেটি অনুষ্ঠানতে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে বিশেষ ভাৱে সক্ষম লোকসকলক শুভেচ্ছা জনাই আৰু বিভিন্ন চৰকাৰী আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। লগতে যিসকল বিশেষ ভাৱে সক্ষম লোকে এতিয়াও চৰকাৰী আঁচনি সমূহৰ সুবিধা লাভ কৰা নাই, তেওঁলোকক অতি সোনকালে চৰকাৰী আঁচনিৰ আওঁতালৈ অনাৰ আশ্বাস দিয়ে।  মত-বিনিময় অনুষ্ঠানৰ অন্তত, উপস্থিত সকলো ব্যক্তিকে সমিতিৰ ফালৰ পৰা একোখনকৈ  গামোচাৰে আদৰণি জনোৱা হয়। তদুপৰি স্থানীয় কেইবাগৰাকী শিল্পীয়ে প্ৰতিবন্ধী সকলক লৈ কবিতা পাঠ কৰাৰ লগতে গীত পৰিৱেশন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত, নাজিৰা নিৰ্বাচনী বিষয়া, মহকুমা তথ্য ও জনসংযোগ বিষয়া, চিকিৎসা বিষয়া ডা: স্নিগ্ধা হাজৰিকা, ফাৰ্মাচিষ্ট হামিদুল হক, এ.এন.এম বিনা চুতীয়া, এছ.আই অজিৎ শৰ্মা,নাজিৰা সংহত শিশু প্ৰকল্প বিভাগৰ বিষয়া কৰ্মচাৰী সকল, নাজিৰা হিউমেন ৱেলফেয়াৰ চছাইটিৰ সদস্যসকলৰ লগতে নাজিৰা পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকল।