Home Blog Page 2719

ৰৌতা বঁটাবাৰীৰ সমাজসেৱক পূৰণ ডেকাৰ স্মৃতি চাৰণ সভা সম্পন্ন

ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী   ইকৰাবাৰী সাহিত্য সভাৰ  সদস্য তথা ২ নং বঁটা বাৰী গাঁৱৰ নিবাসী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ,ধৰ্মপ্ৰাণ ব্যক্তি পূৰণ ডেকাৰ সোঁৱৰণত কালি ১৮ নবেম্বৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় । বটাবাৰীৰ  প্ৰয়াত ডেকাৰ নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষক ডালিম কছাৰীয়ে আত ধৰা  এই স্মৃতিচাৰণ সভাত পৌৰহিত্য কৰে ২ নং বতাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ পাঠক নৰেন ডেকাই । ৰৌতা গাঁওৰক্ষী বাহিনী আৰু বটাবাৰী গাওঁ উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উপস্থিত হৈ গাওঁৰক্ষীৰ উপদেষ্টা সমিতিৰ সভাপতি নিৰ্মল দাসে  বৈকুণ্ঠগামী পূৰণ  ডেকাৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও প্ৰয়াত ডেকাই সমাজত আগবঢ়াই যোৱা ত্যাগৰ কথা স্মৰণ কৰে । বিটিএডিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীওঁ এই স্মৃতি চাৰণসভাত অংশ গ্ৰহণ কৰি মাৰ্জিত, অমায়িক দায়িত্ব আৰু নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য পালন কৰা ডেকাৰ মৃত্যুত ৰৌতা গাওঁৰক্ষী বাহিনীৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰি ২ নং বটাবাৰী গাওঁ উন্নয়ন সমিতিয়ে এজন নিষ্ঠাৱান কৰ্মী অকালতে হেৰুৱাব লগা হ’ল বুলি মৃত পৰিয়াল বৰ্গক প্ৰাক্তন  ই এম মিঠাৰাম  বসুমতাৰীয়ে  সমবেদনা জ্ঞাপন কৰে । পুৱা  প্ৰয়াত পূৰণ চন্দ্ৰ ডেকাৰ সহধৰ্মিনী গুণেশ্বৰী ডেকাই তেখেতৰ স্বামীৰ প্ৰবিত্ৰ  স্মৃতিত পুস্পাঞ্জলী অৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছতে  অনুষ্ঠিত হোৱা এই স্মৃতি চাৰণ সভাত  ওদালগুৰি জিলা আক্ৰাছুৰ সম্পাদক মিঠুন বৰুৱা, ৰৌতা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি পবিত্ৰ ডেকা, কুদ্দুচ আলিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু কেবাখনো সত্ৰৰ ভক্তসকল উপস্হিত আছিল । উক্ত  ম্মৃতি চাৰণ সভাতেই  মৃত পূৰণ  ডেকাৰ সোঁৱৰণীত কেবাখনো  সম্বৰ্ধনা পত্ৰ পৰিয়ালক বৰ্গৰৰ হাতত  প্ৰদান কৰে ।

হাজোৰ বৰম্বৈত বিষ্ণু অৰ্চনা দিৱস

 হাজোৰ বৰম্বৈ পাহাৰৰ দাতিত ১৯৫১ চনত স্থাপিত বাপুজী সনাতন আশ্ৰমত অইন বছৰৰ দৰে এইবছৰো আঘোণ মাহৰ পূৰ্ণিমা তিথি উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু অৰ্চনা দিৱস আৰু একনাম কীৰ্তন মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হৈছে। তদুপলক্ষে পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ কৰি যুগল প্ৰসঙ্গ, আশ্ৰমৰ ধ্বজা উত্তোলন, বিষ্ণু অৰ্চনা পূজাকে ধৰি ভাগৱত পাঠেৰে প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হয়। ইফালে এই অনুস্থানৰ সৈতে সংগতি এক বিনামূলীয়া চিকিৎসা প্ৰদান কাৰ্যসূচীও অনুস্থিত হয়। ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিস্থানৰ আন্ত: গাঠনিৰ অধীনত অনুস্থিত বিনামূলীয়া চিকিৎসা সেৱা অনুস্থানত কৰ্কট প্ৰতিস্থান খনৰ সহযোগী অধ্যাপক ড° শ্ৰাৱনা মিশ্ৰ ভাগৱতীৰ নেতৃত্বত এটি সজাতি দলে হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ড° দীনেশ দাসৰ সহযোগত বাপুজী সনাতন আশ্ৰমত প্ৰায় শতাধিক ভক্তক দিনজোৰা কাৰ্যসূচীৰে চিকিৎসা প্ৰদান কৰে। কৰ্কট ৰোগৰ কেইবাটাও লক্ষণ পৰীক্ষা কৰাৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহকে ধৰি কৰ্কট ৰোগৰ সজাগতা মূলক এখন সভাও অনুষ্ঠিত কৰে।

পৰম্পৰাগত লোক উৎসৱ তীৰ্থ নগৰী হাজোৰ “চৰাই পূজা”

প্ৰাচীন কালৰ পৰাই হাজো লোক-উৎসৱৰ ফালৰ পৰা অতি চহকী অঞ্চল।হাজোত বিভিন্ন লোক-উৎসৱৰ পৰম্পৰা চাৰিওফালে সিচৰিত হৈ আছে। ইয়াৰ ভিতৰত এটি উল্লেখযোগ্য উৎসৱ হল “চ’ৰেই বৰাত”বা”চৰাই পূজা”।এই ব্ৰতক “কাত্যায়নী ব্ৰত বুলিও কোৱা হয়।স্থানীয় গীও-মাতেৰে এই উৎসৱটি অতি চহকী। “চৰাই পূজা” আঘোণ মাহৰ পূৰ্ণিমা তিথি অৰ্থাৎ মহ’হোৰ দিনা উদযাপন কৰা হয়।আদিতে অকুমাৰী ছোৱালীবিলাকে বোৱতী নৈৰ পাৰত এই পূজা ভাগ অনুস্থিত কৰিছিল।ৰাধা আৰু গোপী সকলে হেনো শ্ৰীকৃষ্ণক পতি ৰূপে পাৱলৈ যমুনা নৈৰ পাৰত গৌৰীব্ৰত পালন কৰিছিল। এই পুজাভাগো তাৰে এটি ৰূপ বুলি পুৰণি কালৰ পৰাই এক প্ৰৱচন চলি আহিছে।তেতিয়াৰ পৰাই মনোমত স্বামী পাৱলৈ এই ব্ৰতৰ প্ৰচলন হৈ আহিছে।ব্ৰত কৰা ছোৱালীবোৰক গোপী বুলি কোৱা হয়।গোপীসকলে পুজাৰ কিছুদিন আগৰ পৰাই এবিধ বিশেষ মাটিৰে বিভিন্ন ধৰণৰ চৰাই তৈয়াৰ কৰে।এযোৰ এযোৰকৈ চৰাই বাঁহৰ শলাত বিন্ধাই ৰ’দত শুকাই টান কৰি লয় আৰু কিছুমান সৰু সৰু আকৃতিৰ চৰাই একেলগে তৈয়াৰ কৰি মাটিৰ চেপেটা আকৃতিৰ লাৰু কৰি বাহৰ শলাত বিন্ধাই দিয়ে।এইটোক চৰাইৰ জুম বা জুমুৰি কয়।চৰাইবোৰত প্ৰাকৃতিক ভাৱে ৰঙ বোলোৱা হয়।চাউলৰ গুৰিত জুবুৰিয়াই বগা কৰি লোৱা হয়,তাৰ পিছত পুই শাকৰ গুটিৰ ৰঙ,হালধী,সেন্দুৰ আদিৰে সুন্দৰকৈ ৰং দি চৰাইবোৰ দেখিৱলৈ ধুনীয়া কৰি লোৱা হয় আৰুএই জুমুৰিবোৰকে অৰ্থাৎ চৰাইবোৰকে পূজা কৰা হয়।
এই ব্ৰতৰ আৰু দুবিধ প্ৰয়োজনীয় সামগ্ৰী হ’ল “সোভেৰী” আৰু “চৰাই ফুল”। সোভেৰী হ’ল এটি মণিকুট আকৃতিৰ অকণমানি সৰু গৃহ যাক কলগছ আৰু বাঁহেৰে তৈয়াৰ কৰি লোৱা হয়। আজি-কালি অৱেশ্যে ইয়াক ৰঙচঙীয়া কাগজেৰে আটকধুনীয়াকৈ তৈয়াৰ কৰি লোৱা হয়।সোভেৰীক কিছুমানে আকৌ সাজো বুলি ও কয়। এই সাজোক লৈ স্থানীয় ভাষাত অতি মনোমোহা গীত-মাতৰো প্ৰচলন আছে।যেনে-
“আমাৰ সাজো আমাৰ সাজো অ“আমাৰ সাজো সৰু অৰূপে জিলমিল কৰে চোতালেআমাৰ সাজোই কান্দবে লাগছিসোণিৰ সাৰু লাগে অৰূপে জিলমিল কৰে চোতালে”।
সোভেৰীৰ চাৰিওফালে “চৰাই ফুলৰ ঠানিৰে সজাই দিয়া হয়।সৰু সৰু ৰঙা ৰঙৰ ফুলবিধ দেখিৱলৈ বৰ শুৱনি।এই “চৰাই ফুল”ক লৈয়ো সুন্দৰ গীত ৰচিত হৈছে।যেনে-
“আজিহে চ’ৰেই ফুল চিকিনে- মিকিনেঅ’ত ৰাতি আছিলা কতঅ’ত ৰাতি আছিলো মই কেদাৰৰ পাহাৰতগোপী সবে নমাইলা মোক”।।
পূজাৰ আগদিনাখনৰ পৰাই গোপীসকলে গধুলী হবিচান্ন কৰি পিছদিনা উপবাসে থাকি এই ব্ৰত কৰা নিয়ম। এই পূজাখনত কাত্যায়নী দেৱীক পূজা কৰা হয়।দূৰ্গা পূজা এখনত যিমান পূজাৰ সামগ্ৰীৰ প্ৰয়োজন এই পূজাভাগতো সিমান খিনি সামগ্ৰীৰ প্ৰয়োজন হয়।হোমৰ আহুতি প্ৰদান কৰি এই পূজা ভাগ সমাপ্ত কৰা হয়।পূজা ভাগ সন্ধিয়াৰ পিছত হে অনুস্থিত কৰা হয়। সম্পুৰ্ণ বৈদিক আৰু মাঙ্গলিক নিয়মেৰে এই ব্ৰত পালন কৰিব লাগে।পূজাৰ শেষত “সোভেৰী”টো বোৱতী পানীত উটুৱাই দিয়াৰ নিয়ম।অকুমাৰী ছোৱালী এজনীয়ে “সোভেৰী”টো মুৰত লৈ গৈ পানীত সেৱা কৰি উটুৱাই দিয়ে।”সোভেৰী” লোৱা গোপী জনীক লৈও কিছুমান গীত প্ৰচলন আছে।যেনে-
“ঔৰ তলে তলে ঝিৰ ঝিৰ পানীকাৱৈ মাছটো ধৰিছে উজেনীকাৱৈ মাছটোক ভালকৈ কছাসোভেৰী অতাৱাক ভাত খাবা যাচামাতাঁওতে মাতাঁওতে বহিল পাটোতপ্ৰথমোৰ গৰাহোত বজিল কাটা
আনি দিয়ৰে টেঙা দৈ গলোৰ কটা যাক বৈআনি দিযৰে পকা কল গলো কাটা যাক তল”।।এনে ধৰণে বিভিন্ন ৰঙ-ধেমালি কৰি এই ব্ৰত অতি প্ৰাচীন কালৰে পৰাই পালন কৰি অহা হৈছে আৰু বৰ্তমানেও আঘোণৰ পূৰ্ণিমাৰ নিশা হাজো অঞ্চলৰ চাৰিওফালে অতি উলহ-মালহেৰে এই” চ’ৰেই বৰাত ” বা “চৰাই পূূজা ” অনুষ্ঠিত হৈ আহিছে।

শিক্ষাবিদ-সমাজকৰ্মী মতি বৰাৰ স্মৃতিচাৰণ সভা

গহপুৰৰ বৌদ্ধিক সমাজৰ উদ্যোগত শিক্ষাবিদ তথা সমাজকৰ্মী মতি বৰাৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। ১৭ নবেম্বৰ বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত স্মৃতিচাৰণ সভাত শিক্ষাবিদ মতি বৰা সম্পৰ্কীয় ২৫০ পৃষ্ঠাৰ এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ মতি বৰাৰ পৰলোকপ্ৰাপ্তিৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাছত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনি গহপুুুৰ নগৰৰ ৰূপনগৰস্থিত তেওঁৰ বাসগৃহত অনুষ্ঠিত হয়। বিশিষ্ট কবি তথা জ্যেষ্ঠ সাংবাদিক নগেন কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত প্ৰয়াত মতি বৰাৰ প্ৰতিচ্ছিৰ কাষত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা একালৰ ছাত্ৰ কীৰ্তি কুমাৰ শৰ্মাই। পুষ্পাঞ্জলি অৰ্পণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গজেন বৰুৱাই। তেওঁলোকে প্ৰয়াত মতি বৰা জীৱন শৈলীৰ সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়। বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা অনুষ্ঠানটিত শিক্ষাবিদ মতি বৰাৰ পত্নী ৰীণা বৰাই আদৰণী ভাষণ আগবঢ়ায় আৱেগিক হৈ ফৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্তই ‘ব্যক্তিত্বৰ সৌৰভ’ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰি গহপুুুৰৰ অতি পৰিচিত শিক্ষাবিদ তথা গহপুুুৰৰ এগৰাকী অভিভাৱক স্বৰূপ ব্যক্তিত্বৰ পৰিচয় প্ৰকাশ আদৰণীয় বুলি উল্লেখ কৰি তেওঁৰ আদৰ্শ নৱ-প্ৰজন্মৰ বাবে সদায়ে পাথেয় হৈ ৰ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গহপুৰৰ বৌদ্ধিক সমাজৰ হৈ নগেন কোঁৱৰ, সবিতা কোঁৱৰ, জগদীশ শৰ্মা, সুৰেণ শৰ্মা, বিপুল কুমাৰ দিহিঙীয়া, অঞ্জু বৰা দত্ত, অৰ্চনা বৰা গগৈৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থত শিক্ষাবিদ মতি বৰাৰ ব্যক্তিত্বৰ বিষয়ে অৰ্ধশতাধিক সুধীজনে তেওঁলোকৰ লেখনিৰে গ্ৰন্থখনি সমৃদ্ধ কৰিছে। সভাত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজা, বিশ্বনাথ জিলা নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি বংশী বৰা, গহপুুুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা গহপুুুৰ কবি কাননৰ সভানেত্ৰী নিকুঞ্জ কোঁৱৰ মহন্ত, গহপুুুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কবিৰাজ শৰ্মা, সিদ্ধেশ্বৰ হাজৰিকা, পদ্মকান্ত ভূঞা, গোপাল নেৱাৰকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষাবিদ মতি বৰাৰ ব্যক্তিত্বৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়। শিশু শিল্পী দেৱাশিস বৰাই বৰগীত পৰিৱেশন কৰি অনুষ্ঠান আৰম্ভ কৰা সভাত মতি বৰাৰ একালৰ অতি ঘনিষ্ঠ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুৰ্গা প্ৰসাদ সভাপণ্ডিতৰ মতি বৰা সম্পৰ্কীয় এটি লেখা পাঠ কৰে সম্পাদনা সমিতিৰ অন্যতম সদস্য জগদীশ শৰ্মাই।

মাকৰিত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

গোৱালপাৰা চহৰৰ মাকৰি কালী মন্দিৰ প্ৰাংগনত বৃহস্পতিবাৰৰ পৰা আৰাম্ভ হল গোৱালপাৰা জিলাৰ ৫৭ সংখ্যক মাকৰি সাৰ্বজনীন শ্ৰীশ্ৰী ৰাস মহোৎসৱ । মাকৰি কালি মন্দিৰ প্ৰাংগনত পাছদিনীয়াকৈ অনুষ্ঠিত হব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷সমগ্ৰ আঞ্চলিক ভিত্তিত অনুষ্ঠিত হবলগীয়া ৰাস মহোৎসৱত এইবেলি দুদিনীয়াকৈ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসুচী আয়োজন কৰিছে ৷ যাৰ বাবে এক উখলমাখল পৰিবেশৰ সৃষ্টি হৈছে ৰাসস্থলী ৷ উৎযাপন সমিতিয়ে পতাকা উত্তোলন ও স্মৃতি তৰ্পণ  কৰি ৰাসৰ কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে।আৰু ইয়াৰ লগেলগে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্য্যবসিত হল মাকৰি ৷২৬ টা স্থলত থাকিব বিভিন্ন মুৰ্তি৷ উল্লেখ্য যে এই ৰাস মহোৎসৱতে, উৎযাপন সমিতিয়ে স্থানীয় ন পুৰনি লিখকৰ দ্বাৰা এখন স্মৃতিগ্ৰন্থৰো উন্মোচন কৰি উলিয়াব বুলি সমিতিৰ সদস্য‌ই আমাক জনায়।উদযাপন সমিতিয়ে মানিব চৰকাৰে দিয়া নতুন SOP. নিয়ম নীতি ৷ উদযাপন সমিতিয়ে ধৰ্মপ্ৰান ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পিছত কৃষক নেতা ৰাকেশ টিকাইৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অৱশেষত বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে। এই ঘোষণাৰ পিছত কৃষক নেতা ৰাকেশ টিকাইতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে আন্দোলন এতিয়াই স্তব্ধ নহয়। সংসদত যেতিয়ালৈকে কাগজে – কলমে তিনি কৃষি আইন বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন চলি থাকিব। প্ৰধানমন্ত্ৰীয়ে তিনি কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ পিছতেই টুইটযোগে এই মন্তব্য প্ৰকাশ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতে। লগতে নেতা গৰাকীয়ে কয় যে কৃষক সকলৰ অন্যান্য সমস্যাৰ লগতে নূন্যতম সমৰ্থিত মুল্য MSP ক লৈও আলোচনা কৰক কেন্দ্রীয় চৰকাৰে।

বিটিচি বিধানসভাত গৃহীত পাঁচখন বিধেয়ক

বৃহস্পতিবাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান সভাৰ শৰৎ কালীন অধিৱেশনত পাঁচখন বিধেয়ক গৃহীত হৈছে।

গৃহীত হোৱা বিধেয়কবোৰ নিম্নলিখিত ধৰণৰ-

১. বড়োলেণ্ড বাছনি বিধেয়ক-২০২১ (বিএছবি)
২. বড়োলেণ্ড ৰিভলভিং ফাণ্ড (বিআৰএফ) বনআৰু বন্যপ্ৰাণী-২০২১ বিধেয়ক
৩. বড়োলেণ্ড চিকিৎসা উপস্থিতি বিল-২০২১
৪. বড়োলেণ্ড আইনী মিটাৰোলজিকেল এনফৰ্চমেণ্ট বিল-২০২১
৫. বড়োলেণ্ড বজাৰ আৰু মেলা (ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ) বিল -২০২১

ঢেকীয়াজুলিত ডক্টৰ বাণীকান্ত কাকতিৰ স্মৃতি দিৱস পালন

ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত যোৱাহ১৫ নবেম্বৰত ঢেকীয়াজুলি ৰাজহুৱা পুথিঁভৰালত  শিক্ষাবিদ-গৱেষক ডক্টৰ বাণীকান্ত কাকতিদেৱৰ স্মৃতি দিৱস পালন কৰা হয় ৷ বিয়লি ২-৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে স্মৃতি দিৱসৰ অনুষ্ঠান আৰম্ভ হয় ৷ এই উপলক্ষে মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি খগেন্দ্ৰনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰভাকৰ বৰ্মন আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক ড:হৰিপ্ৰসাদ বৰুৱাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি বাণীকান্ত কাকতিৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰে ৷ সভাত ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰভাকৰ বৰ্মনে কয়, ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক প্ৰতিষ্ঠিত কৰি থৈ গৈছে ৷ বৈষ্ণৱ আন্দোলনক জনমানসত নিয়াৰ ক্ষেত্ৰত বাণীকান্ত কাকতিৰ যথেষ্ট অৱদান আছে বুলি তেওঁ ভাষণত উল্লেখ কৰে ৷ আনহাতে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক ড:হৰিপ্ৰসাদ বৰুৱাই কয়, বাণীকান্ত কাকতিয়ে সৰুৰে পৰা মেধাৰ পৰিচয় দিছিল ৷ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাত কাকতিদেৱ সুখ্যাতি উত্তীৰ্ণ হোৱাৰ লগতে অসম উপত্যকাৰ ভিতৰত জিলিকি উঠিছিল ৷ উল্লেখ্য যে,ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সম্পাদক নাৰায়ণ ফয়েলে আতঁধৰা সভাখনত ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱভূষণ মহন্ত, ঢেকীয়াজুলি শাখা নেপালী সাহিত্য সভাৰ সভাপতি দেৱী প্ৰসাদ অধিকাৰী, উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ ঢেকীয়াজুলি শাখাৰ সভাপতি কবীন্দ্ৰ কুমাৰ দাস, অসম গোৰ্খা সন্মিলনৰ ঢেকীয়াজুলি শাখাৰ সভাপতি হিমসাগৰ উপাধ্যায়ে, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন্দ্ৰনাথ হালৈ, মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা প্ৰবোধ কুমাৰ দাস আদিয়ে বক্তব্য ৰাখি বাণীকান্ত কাকতিদেৱৰ অৱদানৰ কথা প্ৰকাশ কৰে ৷ সভাত অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰফুল্ল দাস, অৱসৰপ্ৰাপ্ত শিক্ষক দিপ্তী কুমাৰ কলিতা, সমাজকৰ্মী চন্দ্ৰ কটুৱাল, গোকুল বছনেত, জগদীশ খনাল, দীপক বোহোৰাৰ লগতে নাগৰিক মঞ্চৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে ।

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

শতিকা বিস্তৃত বৌদ্ধিক তথা বিদ্যায়নিক উৎকৰ্ষ সাধনৰ মহান মন্ত্ৰেৰে অজস্ৰ মানৱ সম্পদ গঢ়িতোলা বিদ্যাৰ পীঠস্থান স্বৰূপ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে সময়ৰ লেখেৰে ডেৰশ বছৰ সম্পূৰ্ণ কৰিলে।স্বৰাজ লাভৰ পূৰ্বেই নামনি অসমৰ বৃহৎ অংশৰ শৈক্ষিক উত্তৰণ আৰু মাৰ্গ দৰ্শনৰ প্ৰতিষ্ঠান স্বৰূপে ১৮৬৫ চনতে এখন বেচৰকাৰী মধ্য ইংৰাজী বিদ্যালয় হিচাপে আৰম্ভ হোৱা এই শিক্ষানুষ্ঠান ১৯৭১ চনত হাইস্কুললৈ উন্নীত হয়।ড০ বাণীকান্ত কাকতি ,কৰ্ণেল গুৰুপ্ৰসাদ দাস বা প্ৰসন্নলাল চৌধুৰীৰ দৰে চনামধন্য ব্যক্তিসকলৰ লগতেই দেশৰ- দহৰ-সমাজ জীৱনৰ বিভিন্ন দিশত অৰিহণা যোগোৱা অলেখ মানৱসম্পদ গঢ় দিয়াত এই শিক্ষানুষ্ঠানে প্ৰভূত অৰিহণা যোগাই আহিছে।  ২০২০-২০২১ বৰ্ষত বিদ্যালয়খনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে বছৰজোৰা বিস্তৃত কাৰ্যসূচী হাতত লোৱা হয় যদিও কোভিডকালীন জটিল পৰিস্থিতিযে এই প্ৰস্তুতি পথত বিৰুপ প্ৰভাৱ পেলায় । ইয়াৰ মাজতে উলাহ- উদ্দীপনাৰে ২০২১ চনৰ ৩১ জানুৱাৰী তাৰিখে ডেৰশ বছৰীয়া জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানটি এদিনীয়াকৈ পালন কৰা হয়।কাৰ্যাসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰি ২০২১ বর্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম মাৰ্ধত ‘ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি’ বিষয়ত এখন আলোচনা চক্ৰ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু আলোচনা চক্ৰত উপস্থিত থাকিবলৈ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আমন্ত্ৰণ জনোৱা হব।পৰৱৰ্তী পৰ্যায়ত ২০২২ বৰ্ষত ফেব্ৰুৱাৰী মাহৰ  ১২ আৰু ১৩ তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হব।উল্লেখযোগ্য যে আৰম্ভণিৰ পৰা কাৰ্যসূচী সমূহ সূচাৰুৰুপে পৰিচালনা কৰিবলৈ ব্ৰজেন্দ্ৰ কুমাৰ দাসক সভাপতি, নাছিৰুদ্দিন আহমেদক কাৰ্যকৰী সভাপতি, দিলীপ কুমাৰ দাস আৰু হৰেকৃষ্ণ দাসক সম্পাদক হিচাপে লৈ১৭ খন বিভিন্ন উপসমিতিৰে এখন বিশাল উদযাপন সমিতি গঠন কৰা হৈছে।ইয়াৰ লগতেই বিদ্যালয়খনৰ ঐতিহ্য আৰু গৰিমা তথা বৃহত্তৰ বৰপেটা অঞ্চলৰ আৰ্থ -সামাজিক-সংস্কৃতিক প্ৰেক্ষাপটৰ প্ৰতিনিধিত্ব মূলক উপস্থাপনৰ উদ্দেশ্যেৰে এখন বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে। বিদ্যালয়খনৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ দুয়োটাদিনতে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন তথা অন্তৰংগ আলাপ, মুকলি সভা, বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক- ঐতিহ্য,বাৰ্তাবাহক বিশাল শোভাযাত্ৰা, প্ৰদৰ্শনী তথা মাৰাথান দৌৰৰ লগতেই খেল- ধেমালি আদি ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হব। উল্লেখযোগ্য যে কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ বাবে ৰাইজখনৰ বিভিন্ন দিশৰ কেইবাজনো প্ৰতিযথা ব্যক্তিক নিমন্ত্ৰণ কৰাৰ লগতে মুকলি সভাখনত বিশিষ্ট অতিথি স্বৰূপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা হব। দুয়োটি নিশাৰ কাৰ্যসূচীত বিদ্যালয়খনৰ ন-পুৰণি ছাত্র-ছাত্ৰী- শিক্ষাগুৰুৰ তথা স্থানীয় শিল্পীৰ অংশগ্ৰহণৰ লগতেই ৰাজ্যখনৰ বচা বচা শিল্পীৰ সমাহাৰ ঘটিব।এই সমস্ত কাৰ্যসূচীতে ন-পুৰণি ছাত্র শিক্ষকৰ লগতে সমূহ বৰপেটা বাসী ৰাইজৰ উপস্থিতি সহায় সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।

বিহগী কবিক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ।ভাস্কৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাৰ লক্ষ্মীমন্দিৰৰ সভাগৃহত কালি বিৰিণা গোষ্ঠী অসমে গোষ্ঠীটোৰ প্ৰতিমহীয়া সাহিত্য আলাপ “বিৰিণা বৈভৱ”, আৰু “বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস’ পালন কৰে । ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়।  অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত বিৰিণা গোষ্ঠীৰ পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। দিনৰ ২ বজাত  অনুষ্ঠিত হয় বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ সভা আৰু নৱেম্বৰ মাহৰ সাহিত্য আলাপ ‘বিৰিণা বৈভৱ’ শীৰ্ষক অনুষ্ঠান । অনুষ্ঠানটোত সভাপতিত্ব কৰে বিৰিণা গোষ্ঠী,অসমৰ সভাপতি লীলাধৰ পাঠকে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানটোৰ আহ্বায়ক সংগীতা মেধিয়ে। অনুষ্ঠানটোত বন্তি প্ৰজ্বালন কৰি বৰতলাস্থিত মানেৰী সত্ৰৰ বৰ্ষিয়ান সত্ৰাধিকাৰ ধৰ্মনাৰায়ণ গোস্বামীয়ে ৰঘুনাথ চৌধাৰীৰ জীৱন-দৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য দাঙি ধৰে । ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি দৌলাশাল জিলা পৰিষদৰ সদস্য তথা বিশিষ্ট অভিনেতা বিৰাজ মেধিয়ে বিৰিণা গোষ্ঠীৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰি গোষ্ঠীটোক সহযোগিতা আগবঢ়াই যাব বুলি কয় । বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে সমূহীয়া শ্ৰদ্ধাঞ্জলি মুকলি কৰি বিৰিণা গোষ্ঠীৰ সৈতে সংপৃক্ত হ’বলৈ পাই ধন্য হোৱা বুলি দোহাৰে। মামনি পাটোৱাৰী বৰ্মনৰ ভক্তিমূলক গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটো উদ্বোধন  কৰি সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ হলিৰাম ডেকাই বিহগী কবি উপাধি প্ৰদান কৰা ৰঘুনাথ চৌধাৰীৰ উচিত মূল্যায়ন হোৱা নাই বুলি আক্ষেপ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজি সম্পৰ্কত বিশদ বিৱৰণ দাঙি ধৰে । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি  কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই অসম বুৰঞ্জীৰ তথ্য দাঙি ধৰি  ৰঘুনাথ চৌধাৰীৰ জন্ম গাঁও লাউপাৰাৰ আৰু এই ভুখণ্ডৰ এটি পৰিচয় দিয়াৰ লগতে ৰঘুনাথ চৌধাৰীৰ কবিতা তত্ত‌্ব, ভাৱাদৰ্শ, জীৱন-দৰ্শন আৰু সৃষ্টিৰাজি সন্দৰ্ভত বিস্তৃত আলোচনা আগবঢ়াই ৰঘুনাথ চৌধাৰী এগৰাকী পূৰ্ণ মানৱ আছিল বুলি কয় । ভাষণ প্ৰসংগত তেখেতে কয় যে বিৰিণা গোষ্ঠীয়ে সাগৰ তলিত মানিক বিচাৰি ঘূৰি ফুৰে আৰু  সমাজ-জীৱনৰ অনাদৃত হৈ থকা প্ৰতিভা তুলি আনি উচিত ঠাইত সংস্থাপিত কৰাৰ যত্ন কৰি আহিছে । গোষ্ঠীটোৱে সমাজ জীৱনৰ লগতে বৌদ্ধিক সমাজলৈ যথেষ্ট বৰঙণি আগবঢ়াই আহিছে’। প্ৰকৃতিৰ কবি ৰঘুনাথ চৌধাৰী সন্দৰ্ভত তেখেতে পুনৰ কয় যে ‘মাধৱ কন্দলীৰ পিছতে ৰমন্যাসবাদ কবি হিচাপে শ্ৰেষ্ঠ কবি ৰঘুনাথ চৌধাৰী । তেওঁ প্ৰকৃতিক সঠিক ভাবে তুলি আনি অসমীয়া সাহিত্যত সংৰোপণ কৰিলে । ৰঘুনাথ চৌধাৰী প্ৰাশ্চাত্য দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি কোনো কোনোৱে ক’ব খোজে যদিও তেওঁ প্ৰকৃততে প্ৰাচ্য দৰ্শনহে নিখুঁত ভাৱে অধ্যয়ন কৰিছিল  ।’  উল্লেখ্য যে উক্ত অনুষ্ঠানতে প্ৰতিবছৰৰ দৰে  ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা এইবেলি প্ৰদান কৰা হয় অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা, বিশিষ্ট নাট্যকাৰ বৰক্ষেত্ৰীৰ সুসন্তান ২নং জয়সাগৰ গাঁৱৰ  ভাস্কৰ বৰ্মনক । বঁটাত আছে বিৰিণাৰ নামাংকিত গামোচা, চেলেং চাদৰ, জাপি, এটি স্মাৰক, কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰ আৰু নগদ ধন । বঁটা গ্ৰহণ কৰি ভাস্কৰ বৰ্মন আবেগিক হৈ পৰে আৰু বিৰিণা গৰীৱৰ কলিজা বুলি দোহাৰি তেওঁৰ স্বভাৱসিদ্ধ ভংগীমাৰে কেইবাটাও নাটকীয় সংলাপ আওৰাই উপস্থিত ৰাইজক আপ্লুত কৰে । গোষ্ঠীটোৰ হৈ বিশিষ্ট সাহিত্যিক-গৱেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই প্ৰদান কৰে এই বঁটা। জয়ন্ত ডেকা, সংগীতা মেধি আৰু পংকজ বৰ্মনৰ আহ্বান ক্ৰমে বৰতলাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানতে তফিকুৰ ৰহমান সম্পাদিত গোষ্ঠীটোৰ তিনিমহীয়া ক্ষুদ্ৰ কাব্য আলোচনী ‘বীথিকা’ৰ শৰৎ সংখ্যা উন্মোচন কৰা হয় । বৰতলা লক্ষ্মী মন্দিৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত ডেইজী অনুৰঞ্জনা , জিয়াউৰ ৰহমান, পিনু বৰ্মন, ৰমণী নাথ,  প্ৰণিতা হালৈ, আঞ্জুম আৰা হক,  মৰমী ডেকা, হিমানী বৰ্মন, আতিকুৰ ৰহমান, সুৰভি বৰ্মন, মলয়া বৈশ্য কাকতি, সীমান্ত চৌধুৰী আদি প্ৰায় কুৰিগৰাকী নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰাৰ লগতে প্ৰণিতা ৰাজবংশী আৰু প্ৰণিতা হালৈ (প’পী)য়ে গীত পৰিৱেশন কৰে । শিশু শিল্পী নিয়ৰকণা শৰ্মাৰ বৰগীতে অনুষ্ঠানটো অনন্য কৰি তোলে। স্মৃতিচাৰণ সভাত  বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ অভিযন্তা শশীভূষণ ডেকা, বিৰিণাৰ উপদেষ্টা ৰোহিণী কুমাৰ দাসে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । সভাপতিৰ ভাষণত লীলাধৰ পাঠকে ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পংক্তি আওৰাই এইগৰাকী কবিৰ জীৱন-দৰ্শনৰ বিজ্ঞান সন্মত আৰু পক্ষপাতহীন বিশ্লেষণ হোৱা প্ৰয়োজন বুলি মন্তব্য কৰে ।  ৰূপাঞ্জলী চৌধুৰী আৰু নিপু শইকীয়াই সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোত বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট লেখক পৰীক্ষিত বৈশ্য , বৰতলাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ গোস্বামী, দীনেশ চন্দ্ৰ বৰ্মন, দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা,  বৰতলা হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱনেশ্বৰ নাথ, বৰতলা গাঁও উন্নয়ন সমিতিৰ সম্পাদক জগদীশ বৰ্মন, বৰক্ষেত্ৰী প্ৰেছ ক্লাবৰ সম্পাদক সুভাষ কাকতি, অৱসৰপ্ৰাপ্ত বেংক বিষয়া বসন্ত মেধি, শিৱসাগৰ জিলাৰ নুৰুল ইছলাম চৌধুৰীক সম্বৰ্ধনা জনায় বিৰিণা গোষ্ঠীয়ে । বৰপেটা জিলাৰ বিৰিণাৰ সমন্বয়ক হৰমোহন বৰ্মন, বিজ্ঞাপন সচিব চেলিম মালিক, সদস্য জেহেৰুল ইছলাম, খঞ্জনজ্যোতি পাঠক,  কুলদীপ পাঠককে আদি কৰি নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকী  বিৰিণাৰ সদস্যৰ লগতে বৰক্ষেত্ৰীৰ অৰ্ধশতাধিক সাহিত্য অনুৰাগী উপস্থিত থকা অনুষ্ঠানটোত কৃষ্টি এৱাৰ্ডচ-২১ বঁটা প্ৰাপক গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক আৰু বিশেষ প্ৰতিনিধি জিয়াউৰ ৰহমানক সম্বৰ্ধনা জনায় বিৰিণা গোষ্ঠীয়ে । আহ্বায়ক জয়ন্ত ডেকাই  শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷