Home Blog Page 2812

আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন

আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন৫১ জনীয়া নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন  জনজাতিকৰণ – পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অব্যাহত থাকিব সংগ্ৰাম – ক্ষীতিশ বৰ্মনৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ লগতে জনগোষ্ঠীটোৰ নাৰ্য প্ৰাপ্য অধিকাৰৰ দাবীত গঠন হোৱা সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা  কেন্দ্ৰীয় প্ৰতিনিধি সভাত নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা বুলি মঙলবাৰে এক সংবাদ মেলযোগে নৱ নিৰ্বাচিত নেতৃত্বই প্ৰকাশ কৰে ৷ উল্লেখ্য যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰাত উক্ত পৰিষদত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো শীৰ্ষ নেতৃত্বই দায়িত্ব লাভ কৰিছে ৷ যাৰ বাবে তেওঁলোকক আক্ৰাছুৰ পৰা বিদায় দি নতুনকৈ গঠন কৰিব লগীয়া হৈছে সংগঠনটোৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন ৷ এই উদ্দেশ্যে তিনি আৰু চাৰি অক্টোৱৰত  বঙাইগাঁও বীৰঝৰা পাব্লিক লাইব্ৰেৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় সংগঠনটোৰ দশম দ্বি- বাৰ্ষিক অধিৱেশন ৷ অধিৱেশৰ প্ৰথম দিনা নিশাৰ ভাগত অনুষ্ঠিত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷ উক্ত সভাতে ক্ষীতিশ বৰ্মনক সভাপতি, প্ৰাঞ্জল দত্ত , কল্যাণ সিংহ, হৃদয়া নন্দ ৰায় , গোবিন্দ ৰায় , হেমন্ত ডেকা , নৱজিৎ কোচ আৰু মুকুল কৃষ্ণ বৰ্মনক উপ সভাপতি ,  কপিল দেৱ সিংহ আৰু পাৰ্থ জ্যোতি বৰাক যুটীয়া সাধাৰণ সম্পাদক , দেবব্ৰত বৰ্মন , প্ৰদীপ দাস , যাদৱ মেধি , ৰিদীপ বৰা , মৃণাল ৰায় , কৰ্ণ ৰায় , শান্ত কুমাৰ ৰায় . ধৰ্মেন্দ্ৰ ৰায় , ভৱেশ ৰাজবংশী , গোপাল ৰায় , দুধেশ্বৰ ৰায় আৰু  শিৱানন্দ ৰায়ক সহকাৰী সাধাৰণ সম্পাদক , ধীৰাজ পাঠক , প্ৰণৱ জ্যোতি ৰায় আৰু শংকৰ ৰাজবংশীক প্ৰচাৰ সম্পাদক , নৱ কোচ আৰু উৎপল দাসক সাংস্কৃতিক সম্পাদক অৰবিন্দ দাসক বিত্ত সম্পাদক, নিৰ্মল চৌধুৰীক কাৰ্যালয় সম্পাদক , কমলেশ্বৰ ৰায় আৰু মদন ডেকাক শিক্ষা আৰু সমাজ সেৱা সম্পাদক , কুশল ৰায় , সঞ্জয় বৰ্মন , ৰাজেশ্বৰ বৰ্মন , প্ৰাঞ্জল বৰুৱা , ৰাতুল ৰাজবংশী , হৰেশ্বৰ ডেকা , সমিত বৰ্মন , গোপাল বৰ্মন , ভদ্ৰেশ্বৰ ৰায় , ৰঞ্জন দত্ত আৰু দিগন্ত শইকীয়াক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ ৫১ জনীয়া সদস্যৰে নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয় । ইপিনে সমিতি খনৰ মুখ্য উপদেষ্টা পদত মনোনীত কৰা হয় প্ৰদীপ ৰায়ক ৷ উপদেষ্টা পদত মনোনীত কৰা হয় গোকুল বৰ্মন , ভৰত ৰাজবংশী , কাৰ্তিক ৰায় , গোলাপ পাঠক , পূৰৱী সৰকাৰ আৰু শিৱানন বৰ্মনক ৷ আগন্তুক দিনত আক্ৰাছুৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনে কোচ-ৰাজবংশী জনগোষ্ঠীৰ  জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীৰ হকে সংগ্ৰাম কৰি যাব বুলি নৱনিৰ্বাচিত সভাপতি ক্ষীতিশ বৰ্মনে সংবাদমেলত জানিবলৈ দিয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতিগৰাকীয়ে লগতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বাকী থকা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অসম চৰকীৰক দাবী জনায় ৷ ইয়াৰ বাবে অতিশীঘ্ৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও কয় ৷ সেইদৰে নতুনকৈ গঠন  কৰা কে এ চিৰ কাম কাজ ক্ষীপ্ৰতাৰে আগুৱাই নিবলৈকো আহ্বান জনায় ৷ কে এ চিখনে প্ৰকৃতাৰ্থত যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীৰ আশা পূৰণ কৰিব পাৰে কাৰ বাবে ইতিবাচক পদক্ষেপ ল’বলৈও অসম চৰকীৰক আহ্বান জনায় ৷ সংবাদ মেলত সভাপতি বৰ্মনে নতুনকৈ গঠিত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সমিতিখনে ৰোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি বহুলভাৱে প্ৰচাৰৰ ব্যৱস্থা ল’ব বুলি কয় ৷ সেইদৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা প্ৰতিখন জিলাৰ মাজলৈ নিয়াৰ চিন্তা চৰ্চা কৰা কৰা বুলিও জানিব দিয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ যুটীয়া সম্পাদক কপিল দেৱ সিংহ আৰু পাৰ্থজ্যোতি বৰাই আক্ৰাছুৰ নৱ নিৰ্বাচিত সমিতিখনে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যাৰাজি সমাধানৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি কৈ সংগঠনটো এইক্ষেত্ৰত আগুৱাই যোৱাব বাবে সকলোৰে পৰা সু দিহা পৰামৰ্শ বিচাৰে ৷ সংবাদ মেলত উপ সভাপতি কল্যাণ সিংহ, হৃদয়ানন্দ ৰায় আদিকে ধৰি নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে  ৷

তুষাৰ পালৰ চুটি ছবি “যোদ্ধা” লৈ বঁটা

চেলেংহাট হেলথ্ ক্লাৱৰ দ্বাৰা নিবেদিত শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ দ্বাৰা সম্পাদিত চুটি ছবি যোদ্ধা লৈ আগবঢ়োৱা হৈছে মহান ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ  বঁটা। উল্লেখ যে ক’ৰণাৰ যোদ্ধা চিকিৎসক ,নাৰ্চ  সকল আৰু  ৰোগি সকলক লৈ নিজৰ দায়িত্ব পালন কৰাৰ ওপৰত নিৰ্মান কৰা  চুটি ছবিখন ” যোদ্ধালৈ”মুম্বাইত অনুষ্ঠিত হোৱা   মহান ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ বঁটা  নিৰ্বাচিত হৈছে।অসমৰ পৰা প্ৰেৰণ কৰা একমাত্ৰ চুটি  ছবিখন নিৰ্বাচন কৰা হৈছে। তুষাৰ পালৰ দ্বাৰা ইতিমধ্যে কেইবাখনো সজাগতামূলক চুটি ছবি নিৰ্মান কৰা হৈছে ইয়াৰ ভিতৰত মৃত্যুদূত,আতংক ,যোদ্ধা ঘাটক,আদি । বৰ্তমান এই বঁটা পাই শৰীৰ চৰ্চাবিদ গৰাকী আনন্দিত হোৱাৰ লগতে ভৱিষ্যতলৈও এনে চুটি ছবি নিৰ্মাণ কৰাৰ কথা অৱগত কৰে ।

গৰাখহনীয়াৰ কবলত পৰি দিশহাৰা হোৱা পৰিয়ালৰ কাষত জন প্ৰতিনিধি

বৈটামাৰী চক্ৰ বিষয়াৰ লগতে লাট মন্ডলক দেখুৱালে বাস্তব ছবিহতাশাগ্রস্ত পৰিয়ালক দিলে সহায়ৰ আশ্বাসপ্ৰায় তিনি শতাধিক দিশহাৰা হোৱা পৰিয়ালক আশ্বাস প্ৰদান কৰিলে বিধায়ক প্ৰদীপ সৰকাৰ  বঙাইগাঁও জিলাৰ বৈটামাৰী ৰাজহ চক্ৰৰ অধীনস্থ পশ্চিম মাজেৰ আলগা গাওঁপঞ্চায়তৰ অন্তৰ্গত ঝাওকুৰা ২য় খন্ড আৰু খেলুৱাপাৰা ১ম খন্ডৰ  প্ৰায় তিনি শতাধিক পৰিয়ালে গৰাখহনীয়াত সা-সম্পত্তি ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰা পৰিলক্ষিত হয়। দিশহাৰা হৈ যাযাবৰি জীৱন যাপন কৰা পৰিয়ালৰ কাষত থিয় দিয়ে দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ। বিধায়ক গৰাকীয়ে গৰাখহনীয়াৰ কবলত পৰি বিনষ্ট হোৱা ঘৰ-দুৱাৰ আৰু গাওঁ বিলাক  পৰিভ্ৰমণ কৰি দিশহাৰা হোৱা  পৰিয়ালৰ খা-খবৰ লোৱা দেখা যায়  ।উল্লেখ্য যে বিধায়ক জনে নিজৰ পিতৃৰ পদাংক অনুসৰণ কৰি নিজ সমষ্টিৰ ক্ষতিগ্রস্ত পৰিয়ালৰ কাষত থিয় দিয়ে। খোজ কাঢ়ি  নদীৰ গৰাখহনীয়া, ভঙা ঘৰৰ সামগ্ৰীসমূহ এঠাইৰ পৰা আনঠাইলৈ লৈ যোৱা আদি কৰুণ দৃশ্যাৱলী নিজ চকুৰে পৰ্যবেক্ষণ  কৰে আৰু ঘটনাস্থলীত চক্ৰ বিষয়াৰ লগতে লাট মন্ডল জনকো বাস্তব ছৱি  দেখুৱাই ক্ষতিগ্রস্থ পৰিয়ালক দিলে সহায়ৰ আশ্বাস । লগতে বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ অনুৰোধ কৰি কয় যে এই গৰাখহনীয়াৰ পৰিয়ালবোৰক যাতে নদী ভঙাৰ এখন এখন কৈ প্ৰমাণ পত্ৰ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে।

আই.এ.এফ. ৮৯ তম বাৰ্ষিকীৰ বাবে সাজু

দেশক আকাশৰ উচ্চতাৰ পৰা সুৰক্ষিত কৰা ভাৰতীয় বায়ু সেনাই (ভাৰতীয় বায়ু সেনা) ৮ অক্টোবৰৰ ৮৯ তম বাৰ্ষিকী উদযাপন কৰিব। সামৰিক বিষয়া আৰু সাহসী লোকসকলেও অনুষ্ঠানটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। সেনাই বুধবাৰে গাজিয়াবাদৰ হিন্দন এয়াৰবেচত ৰিহাৰ্চেল চলাইছিল।প্ৰথমবাৰৰ বাবে ৮৯ তম প্ৰতিষ্ঠা দিৱস পেৰেডৰ ৰিহাৰ্চেল উপলক্ষে এটা পাৱাৰ হেণ্ড গ্লাইডাৰ আৰু পেৰা মটৰ গ্লাইডাৰ দলে বতাহত প্ৰদৰ্শন কৰিছিল। হিন্দন এয়াৰবেছৰ পৰা সেনাৰ ৰিহাৰ্চেলৰ কেইবাখনো ছবি ওলাইছে।সংবাদ সংস্থা এএনআইয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা এক বিবৃতিৰ উদ্ধৃতি দি কয় যে গাজিয়াবাদৰ হিন্দন বায়ু সেনা কেন্দ্ৰত চমৎকাৰ বায়ু প্ৰদৰ্শন বায়ু সেনা দিৱসৰ কুচকাৱাজৰ এক বিশেষ স্বীকৃতি হ’ব।আকাশ গংগা দলৰ সদস্যসকলক এই সময়ছোৱাত বতাহত প্ৰদৰ্শন কৰা দেখা যাব। বিবৃতিটোত আৰু কোৱা হৈছে, ‘বিমান প্ৰদৰ্শন ৮ . বজাত আৰম্ভ হ’ব। হাতত পতাকা কঢ়িয়াই অনা স্কাইডাইভাৰৰ বিখ্যাত স্কাই গংগা দলৰ এএন-৩২ বিমানৰ পৰা ইয়াৰ ৰঙীন ছাতিঅৱতৰণৰ সৈতে।’খবৰ অনুসৰি, ‘ফ্লাইপাষ্টত ঐতিহ্যবাহী বিমান, আধুনিক পৰিবহন বিমান আৰু ফ্ৰণ্টলাইন যুঁজাৰু বিমানো অন্তৰ্ভুক্ত থাকিব। অনুষ্ঠানটো পুৱা ১০:৫২ বজাত মন্ত্ৰমুগ্ধ কৰা এৰোবেটিক প্ৰদৰ্শনৰ সৈতে সমাপ্ত হ’ব।

ওদালগুৰিত উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন

ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড়ত ৰোৱা ৩ অক্টোবৰত  অসম উড়িয়া যুৱ ছাত্র পৰিষদ আৰু ওদালগুৰি জিলা সমিতিৰ উদ‍্যোগত হাতীগড় আঞ্চলিক সমিতি আৰু সমূহ ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন কৰা হয়। পশ্চিম উৰিষ্যাত বসবাস কৰা উড়িয়া জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত উৎসৱ হৈছে নোৱাখাই পৰ্ব‌। কৃষিভিত্তিক এই নোৱা খাই পৰ্বৰ অনুষ্ঠানত উড়িয়া জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বিভিন্ন  কলা-কৃষ্টিৰ লগতে নৃত্য-গীত, বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্ৰ সমূহৰ প্ৰদৰ্শন কৰি আনন্দ কৰে। হাতীগড় চাহ বাগিচাত দুদিনীয়া কাৰ্যসুচীৰে আয়োজন কৰা নোৱা খাই পৰ্বৰ মূলতে অসমত বসবাস কৰা প্ৰায় ৫০ লাখতকৈ অধিক উড়িয়া জনগোষ্ঠীয় লোকসকলৰ মাজত নিজৰ ভাষা-সাহিত্য, কলা- কৃষ্টি, নৃত্য-গীত প্ৰসাৰ তথা প্ৰচাৰৰ দিশটো অধিক শক্তিশালী কৰা আৰু এই বিষয়ে অসম চৰকাৰক গুৰুত্ব প্ৰদান কৰাৰ বাবে  উড়িয়া যুৱ ছাত্ৰ পৰিষদে দাবী জনায়।  অনুষ্ঠানটো উড়িয়া জাতীয় পতাকা উত্তোলন কৰি সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীত সমূহ মঞ্চত প্ৰদৰ্শন কৰে। নোৱা খাই পৰ্ব অনুষ্ঠানটোৰ সভাপতিত্বৰ আসন গ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীয়ে‌। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে, অসম উড়িয়া মহাসভাৰ সভাপতি যোগেশ সোনাই‌। মঞ্চত উপস্থিত থকা অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তাঁতীয়ে কয়, অসমৰ ভাষা-সাহিত্য, কলা-সস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত উড়িয়া জনগোষ্ঠীটোৰ বিশেষ অৱদান আছে। লগতে তেওঁ কয় যে, সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত উড়িয়া ভাষাটোৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰি সমস্ত উড়িয়া লোকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। সেই হেতুকে উড়িয়া ভাষা, লিপি তথা উড়িয়াৰ ইতিহাস সমূহ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে জনাৰ লগতে শিকিব আৰু লিখিব পাৰে তাৰ বাবে অসমৰ পাঠ্যক্ৰমত ঐচ্চিক ভাষা হিচাপে উড়িয়া ভাষাটোক সন্নিৱিষ্ট কৰিবলৈ অসম চৰকাৰ তথা মুখ‍্যমন্ত্ৰীক স্পষ্ট ভাষাৰে আহ্বান জনায় অসম উড়িয়া যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তা‍ঁতীয়ে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে উড়িয়া ভাষা আৰু লিপি সমূহ স্কুলীয়া পাঠ্যক্ৰমত লিপিবদ্ধ কৰিব পৰাকৈ অসমৰ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক অৱগত কৰাব বুলি মন্তব্য প্ৰকাশ কৰে।

অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ মুখপত্ৰ “তিজ” উন্মোচন

ওদালগুৰি চহৰৰ মাজ মজিয়াত থকা বিশ্বশান্তি নেপালী বিদ্যামন্দিৰৰ পৰিসৰত থকা গোৰ্খা ভৱনৰ সভাকক্ষত যোৱা ৪ অক্টোবৰ তাৰিখে অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ সভানেত্ৰী ইন্দিৰা গৌতমৰ সভাপতিত্বত সম্পন্ন হোৱা সভাত ওদালগুৰি ক্ষেত্ৰৰ অগ্ৰণী গোৰ্খা মহিলা সকলৰ লিখনিৰে তৈয়াৰ কৰা অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিয়ে প্ৰকাশ কৰা মুখপত্ৰ “তিজ” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপক  তাৰাপতি উপাধ্যায়য়ে।  তাৰ আগতেই ওদালগুৰিৰ বিশিষ্ট সংস্কৃত পণ্ডিত তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক কৃতি শিক্ষক  বিদ্যাপতি দাহালে বন্তি প্ৰজ্বলন কৰি সভা আৰম্ভ কৰে।  অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰিয়ে উদ্ধোধন কৰা সভাত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাচতোলাক অসম চৰকাৰে প্ৰদান কৰা কৃতি শিক্ষকৰ সন্মানৰ বাবে অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিয়ে তেওঁক সম্বৰ্দ্ধনা জনায়।  সভাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল,  অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক মোহন ৰাউত, বি টি আৰ গোৰ্খা সমাজৰ হৰি সঞ্জেল, বিশ্বশান্তি নেপালী বিদ্যামন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু শৰ্মা নেউপানে,  বিশিষ্ট সাহিত্যিক তথা সাংবাদিক বৈদ্যনাথ উপাধ্যায় আদিয়ে সভাত মুখপত্ৰ “তিজ” বিষয় আৰু উক্ত মুখপত্ৰৰ লেখিকা সকলক শুভেচ্ছা জনায়। অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ বিশিষ্ট পদত থকা ড০ শান্তি থাপাৰ অকাল মৃত্যুত তেখেতৰ কৰ্মৰাজী সোনালী আখৰেৰে ৰখাৰ উদ্দেশ্যৰে তৈয়াৰ কৰা আৰু ড০ শান্তি থাপাৰ নামত উৎসৰ্গা কৰা মুখপত্ৰ “তিজ”ৰ  সম্পুৰ্ণ লিখনী ওদালগুৰিৰ গোৰ্খা মহিলা সকলে তৈয়াৰ কৰে।  যোৱা ২০১৮ৰ পৰা ওদালগুৰিত অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিয়ে আয়োজন কৰি অহা তিজ উৎসৱ  ২০২০ আৰু ২০২১ত  কোৰোনাৰ কাৰণে স্থগিত ৰাখিবলগীয়া হোৱাত তিজ উৎসৱৰ সলনি  “তিজ” নামৰ মুখপত্ৰ প্ৰকাশ কৰি উলিয়ায়ে। গোৰ্খা নাৰী সকলে সুন্দৰকৈ ছপা কৰি উলিওৱা উক্ত পুস্তিকা “তিজ”ৰ  সম্পাদিকা ইন্দিৰা গৌতম আৰু সহ সম্পাদিকা ৰূপে দুলুমণি উপাধ্যায়য়ে  অশেষ কষ্টেৰে সম্পাদনা কৰা পুস্তিকাখন প্ৰয়াত ড০ শান্তি থাপাৰ নামত উৎসৰ্গা কৰাত সাহিত্য প্ৰেমী ৰাইজে মহিলা সকলৰ এনে কাৰ্য্যক প্ৰশংসা কৰে।

ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপ।

দালগুৰি জিলা ভেৰগাঁ‌ও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ৫ অক্টোবৰ মঙ্গলবাৰে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভাৰম্ভণি কৰে।”৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হব লগা মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভ উদ্ধোধন কৰে বিটিচি ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োয়ে।”উল্লেখ্য যে বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মহান আন্দোলনকাৰী সকলৰ স্মিতি  সৌৱৰনত বিগত ১৩ বছৰে ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত আৰু ভেৰগাঁ‌ও ক্ৰীড়া সন্থাৰ সহযোগত  মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে যাৰ পৰিপেক্ষিতত এইবেলিও ভেৰগাঁ‌ও এবছুয়ে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।””ভেৰগাও হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে।ওদালগুৰি জিলা বিদ্যালয় উপ-পৰিদৰ্শক  ভূমিধৰ বড়ো।””মহকুমা আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ পেগু,”খৈৰাবাৰী আঞ্চলিক এবছুৰ সভাপতি হেম কুমাৰ বসুমতাৰী। ভেৰগাঁ‌ও জিলা ইউ পিপিএল সভাপতি নন্দৰাম বড়োৰ লগতে ভেৰগাঁ‌ও হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন ডেকা সহ ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ উপসভাপতি মোনমোহন বড়োয়ে উপস্থিত থকা উদ্ধোধনী সভাৰ দ্বাৰাই উদ্ধোধক EM দাওবাইছা বড়োয়ে কয় যে”খেলে মানুহক শাৰীৰিক ভাৱে সুস্থ কৰি ৰখাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰিতি আৰু ভাতৃত্ববোধ জীয়াই ৰাখে সেয়েহে ভেৰগাঁ‌ও এবছুৰ এনে পদক্ষেপক EM দাওবাইছা বড়োয়ে প্ৰশংসা কৰাৰ লগতেপ্ৰথম দিনৰ প্ৰথম দুটি মহিলা ফুটবল দল  “”ভেৰগাও গাম্বাৰী মহিলা ফুটবল দল আৰু শুকলাই চেৰফাং FC মহিলা ফুটবল খেলুৱৈ দলক সুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰি খেল সুভউদ্ধোধন কৰে EM দাওবাইছা বড়োয়ে।

লামডিঙত কৃত্ৰিম বানপানী,ৰেল বিভাগৰ অতি নিম্ন মানৰ কাম কৰাৰ বাবেই ৰাইজৰ অভিযোগ

 হোজাই জিলাৰ ৰেল নগৰী লামডিঙত যোবা কালি দুপৰীয়াৰ ভাগত অকনমান বৰষুন দিয়াৰ পিছত লামডিঙ শহৰৰ মাজ মজিয়াত থকা বি কম ডিৰ পৰা বি এম বি স্কুল আৰু বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীৰ ৰুপ ধাৰণ কৰিছে। এক হাটু পানী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হবলগিয়া হৈছে লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হৈ্ছে। কৃত্ৰিম বানপানীৰ ফলত পথচাৰীৰ জলাকলা খাব লৈগিয়া হৈ্ছে কোনোবাই যদি 30 মিনিট থিয় হবলগিয়া হৈছে আন কোনোবাই 15 মিনিট থিয় হবলগিয়া হৈছে।কোনোবাৰ আকৌ অটো ,মটৰ চাইকেল বেয়া   হৈছে। লামডিঙ ৰাইজৰ অভিযোগ ৰেল বিভাগৰ বিষয় ববিয়া এই ৰাস্তাৰ  নামত বৃহত পৰিমাণৰ ধন আত্মসাত কৰিছে আৰু অতি নিম্ন মানৰ কাম কৰিছে তাৰ বাবেই লামডিঙ বি এম বি স্কুলৰ সন্মুখত থকা আন্ডাৰ গ্ৰাউণ্ডৰ তলৰ পৰা বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীয়ে ৰাইজক জলাকলা খুৱাইছে। এতিয়া লামডিঙ ৰাইজৰ ৰেল বিভাগৰ ওচৰত এটাই দাবী ৰাস্তাটো অতি খুন কালে মেৰামতিৰ কাম কৰি দিয়ে যেন। 

ৰাছিয়াৰ দলটোৱে মহাকাশত প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে আজি ৰাওনা হ’ব

আজি সমগ্ৰ বিশ্বই মহাকাশক্ষেত্ৰত এক ঐতিহাসিক সুযোগৰ সাক্ষী হ’ব। ইতিহাসটো ৰাছিয়াৰ দ্বাৰা সৃষ্টি কৰা হ’ব যিয়ে আজি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰথম চলচ্চিত্ৰ কৰ্মী প্ৰেৰণ কৰিব। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে ‘দ্য চেলেঞ্জ’ আৰু ইয়াৰ দৃশ্যগ্ৰহণো দলটোৰ বাবে এটা প্ৰত্যাহ্বান। ইয়াৰ সৈতে, ৰাছিয়া মহাকাশত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা বিশ্বৰ প্ৰথম খন দেশ হ’ব।প্ৰথম পুৰুষ আৰু প্ৰথম মহিলালৈ প্ৰথমবাৰৰ বাবে কুকুৰ এটা মহাকাশলৈ পঠোৱাৰ পৰা, ৰাছিয়াই (তেতিয়াৰ ছোভিয়েট ইউনিয়ন) মহাকাশৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বজাই ৰাখিছিল। এতিয়া ৰাছিয়াৰ একেই সোণালী যুগ ঘূৰি অহা যেন লাগিছে। দৰাচলতে, ৰাছিয়াই প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কৰ্মচাৰীসকলক মহাকাশলৈ প্ৰেৰণ কৰিবলৈ গৈ আছে। চলচ্চিত্ৰখনৰ কৰ্মচাৰীসকলক আজি সন্ধিয়াই মহাকাশযানৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।ৰাছিয়াই ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত ইয়াৰ চয়ুজ ৰকেটৰ জৰিয়তে অভিযানটো উৎক্ষেপণ কৰিছিল বুলি জনা গৈছে। এইটো কাজাখস্তানৰ কছমড্ৰোমৰ পৰা প্ৰেৰণ কৰা হ’ব। এই অভিযানে অভিনেত্ৰী, পৰিচালক আৰু চলচ্চিত্ৰ দুয়োৰে বাবে এজন পেছাদাৰী মহাকাশচাৰী গাইড প্ৰেৰণ কৰিব। এই লোকসকলে ছবিখনৰ বাবে মহাকাশত দৃশ্যগ্ৰহণ কৰিব। ৰাছিয়ান চলচ্চিত্ৰখন মহাকাশত দৃশ্যগ্ৰহণ কৰা প্ৰথম ফিচাৰ ফিল্ম হ’ব। এমএছ-১৯ মহাকাশযানখন উৎক্ষেপণৰ তিনি ঘণ্টা পিছত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৪০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰিব।মহাকাশত প্ৰথমবাৰৰ বাবে দৃশ্যগ্ৰহণ ৰখা দলটোৰ সৈতে ৰাছিয়াৰ অভিনেত্ৰী য়ুলিয়া পেৰেচিভ আৰু পৰিচালক ক্লিম ছিপেঙ্কো উপস্থিত থাকিব। তেওঁৰ সৈতে এজন অভিজ্ঞ মহাকাশচাৰী এণ্টন শ্কাপ্লেৰভ মিছনত তেওঁৰ পথপ্ৰদৰ্শক হিচাপে থাকিব। এণ্টনে ২০১১ চনৰ পৰা তিনিবাৰ আইএছএছ ভ্ৰমণ কৰিছে। য়ুলিয়া পেৰেচিভে কেইবামাহধৰি অভিযানটোৰ বাবে প্ৰশিক্ষণ লৈ আছিল। তেওঁ এই বছৰ কেইবা ডজন অভিনেত্ৰীৰ সৈতে ছবিখনৰ বাবে অডিচন দিছিল।

ধুবুৰীত প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।

ধুবুৰী  তার কংগ্রেস ৰ প্ৰতি বাদউত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে আটক কৰিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। প্ৰতিবাদী কৃষকৰ ক পৰিয়ালৰ খবৰ লবলৈ যোৱাৰ সময়তে আটক হৈছিল কংগ্রেছ নেত্রী গৰাকী।  দেশ তথা ৰাজ্যজুৰি কংগ্রেছৰ প্ৰতিবাদ কাৰ্য্যসূচী। নেত্ৰী গৰাকীক বিনাচৰ্তে মুক্তিৰ দিয়াৰ বাবে দাবী কংগ্ৰেছৰ। আজি ধুবুৰীস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সন্মূখত প্ৰতিবাদী ধৰ্না কাৰ্য্যসূচী পালন কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, জিলা মহিলা কংগ্রেস সভানেত্রী বেবী বেগম, সহ বহুতো কংগ্রেস সদস্য    অংশগ্রহণ কৰে। বিজেপিৰ চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, উত্তৰ প্ৰদেশ চৰকাৰ হায় হায়, প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।