Home Blog Page 2818

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আক্ৰাছুৰ দশম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

 সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱাৰ ভাগত বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ সেই অনুসৰি সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মনে আক্ৰাছুৰ, চিলাৰায় সেনাৰ উপাধ্যক্ষ দেৱৰঞ্জন মণ্ডলে চিলাৰায় সেনাৰ, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰে মহিলা সমিতিৰ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধীৰেশ চন্দ্ৰ ৰায়ে সাংস্কৃতিক পতাকা উত্তোলন কৰে ৷ আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিৱক্তা বিজয় সিংহ আৰু সাধাৰণ সম্পাদক মনোজ চৌধুৰীয়ে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশাৰ ভাগত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিষয়বাচনি সভা অনুষ্ঠিত হ’ব ৷ সোমবাৰে দিনৰ ১ বজাত অনুষ্ঠিত হ’ব মুকলি সভা ৷ সভাত নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনৰ শপত গ্ৰহণ,  আক্ৰাছুৰ বিদায়ী সতীৰ্থবৃন্দক বিদায়ী সম্বৰ্ধনা জনোৱা হ’ব ৷ সভাত কে এ চিৰ মুখ্য পাৰিষদ তথা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ প্ৰাক্তন বিষয়ববীয়া, কে এ চিৰ পাৰিষদ তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ 

টীয়কত আৰক্ষীৰ জালত দুধর্ষ ডকাইত বাবুল লাহন

 অৱশেষত আৰক্ষীৰ জালত পৰিল বিভিন্ন ঠাইত ডকাইতিৰে সন্তাহ সৃষ্টি কৰা দুধর্ষ ডকাইত বাবুল লাহন। শনিবাৰে নিশা টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে বাবুলক ।আৰক্ষীয়ে বাবুলৰ লগতে এজন সহযোগী প্ৰভাত  গগৈক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বাবুল লাহনৰ বিৰুদ্ধে কেইবাটাও ডকাইতি গোচৰ পঞ্জীয়ন ভুক্ত হৈ আছে।আৰক্ষীয়ে বাবুল লাহনৰ পৰা এটা 7.65 mm পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।ইয়াৰ পূৰ্বেও অপৰাধী বাবুলে বিভিন্ন গোচৰত আটক হৈ জেল খাবলগীয়া হৈছিল।

অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ অধিকাৰ কাৰো নাই: তপন কুমাৰ গগৈ

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ গগৈ। বিধায়ক শ্বেৰমান আলিয়ে শ্বহীদক ঘাটক আখ্যা দি গ্ৰেপ্তাৰ হোৱা কাৰ্যক আদৰণি জনাইছে সাংসদ তপন কুমাৰ গগৈয়ে। সোণাৰিত আজি দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি  সাংসদগৰাকীয়ে কয়, “অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰাৰ অধিকাৰ কাৰো নাই। সেয়েহে শ্বেৰমান আলিক গ্ৰেপ্তাৰ কৰা  হৈছে।  তেখেতে উচিত শাস্তি পাব লাগে। ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হৈছে, বহুজন ঘুণীয়া হৈছে চিৰ দিনৰ বাবে, বহু নাৰী ধৰ্ষিতা হৈছে। তেনে অৱস্থাত এজন জনপ্ৰতিনিধি হিচাপে শ্বেৰমানে আলিয়ে শ্বহীদসকলৰ প্ৰতি  তুলুঙা মন্তব্য কৰা উচিত নহয় “। ইফালে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয়, বিগত চৰকাৰসমূহে অসম চুক্তিক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু বিজেপি চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিব বিচাৰে। গতিকে চৰকাৰে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চুক্তি ৰূপায়ন দপ্তৰ মন্ত্ৰী অতুল বৰাই নিজে আছুনেতৃত্বৰ লগত আলোচনাত বহিছে। আৰু বিস্তৃত আলোচনা কৰা হৈছে।  ইফালে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সোণাৰিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ আগত। শ্বেৰমান আলি কোনো দিনেই যাতে জন প্ৰতিনিধি হব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, শ্বেৰমান আলিক জনপ্ৰতিনিধি হিচাপে অসমৰ জনসাধাৰণে নিবিচাৰে।  কোনো বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক নস্যাৎ কৰাৰ অধিকাৰ নাই শ্বেৰমান আলিৰ । গতিকে শ্বেৰমান আলিয়ে কোনো দিনেই যাতে জনপ্ৰতিনিধি হব নোৱাৰে তাৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে। সোণাৰিত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে  যি উদ্দেশ্য লৈ অসম আন্দোলন হৈছিল সেই উদ্দেশ্য এতিয়াও সফল নহল বুলি মন্তব্য কৰা  লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব সেয়া সফল হব বুলিও আশা প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ ৭১তম জন্মদিৱস উপলক্ষে “সেৱা আৰু সমৰ্পন” অভিযানৰ  লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি বৰপুখুৰীত আজি স্বচ্ছতা অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ  তপন কুমাৰ গগৈ, জিলা প্ৰভাৰী বিধায়ক  তৰংগ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক  ধৰ্মেশ্বৰ কোৱঁৰ , এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰজ্যোতি গগৈ, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিংৰ লগতে চৰাইদেউ জিলা বিজেপিৰ বিভিন্ন মৰ্চাৰ তিনি শতাধিক সদস্য উপস্থিত থাকে।

কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ‘গান্ধী জয়ন্তী’ পালন

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ, কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিনৰ লগত সংগতি ৰাখি নামঘৰ তথা ধৰ্মীয় অনুষ্ঠান পৰিষ্কাৰকৰণ আৰু ফলমূলৰ গছপুলি ৰোপণ এক কাৰ্যসূচী ৰূপায়ন কৰে । কালি আঞ্চলিক সমিতিখনৰ অন্তৰ্গত বৰআলি গাঁও নামঘৰ, ১নং তেজী গাঁও নামঘৰ আৰু উৱন গাঁও নামঘৰ পৰিষ্কাৰ আৰু ফলমূলৰ গছপুলি ৰোপণ কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে উৱন সত্ৰৰ সত্ৰাধিকাৰ, তিনিওখন গাঁৱৰ বৰবুঢ়া, ভকত সকল, স্থানীয় যুৱক সংঘ, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মণ্টু চেতিয়া,  সাংগঠনিক সম্পাদক মানিক মৰাণ, কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি শোভিত মৰাণ, সম্পাদক চমনজিত মৰাণৰ লগতে অনান্য বিষয়ববীয়া সকল । স্থানীয় ৰাইজে সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ এনে এক সুন্দৰ প্ৰদক্ষেপক শলাগ লৈছে আৰু অনাগত দিনত এনেধৰণৰ প্ৰশংসনীয় কাম কৰি যাবলৈ অনুৰোধ জনাইছে ।

ৰঙিয়াৰ কোঠৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

ৰঙিয়াৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কোঠোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত   এখন বিনামূলীয়া হোমেওপেথিক চিকিৎসা শিবিৰ অনুস্থিত হয়। বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ শৰ্মাৰ সঞ্চালনাত অনুস্থিত সভাখন উদ্বোধন কৰে কৃতি শিক্ষক যাদৱ কুমাৰ কলিতাই। শিবিৰটো আনুষ্ঠানিকভাবে উদ্ধোধন কৰে  উত্তৰ কামৰূপ জিলা বিজেপিৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী ভবেশ ডেকাই।  উদ্ধোধনী ভাষনত শ্ৰী ডেকাই হোমেওপেথিক চিকিৎসাৰ পাৰ্শক্ৰিয়া আৰু ইয়াৰ সফল প্ৰয়োগৰ ব্যাখ্যা আগবঢ়ায়।  সভাৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কৃতি শিক্ষক দেবেন শৰ্মাই। প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতীলৈ শ্ৰদ্ধা  জনায় সহধৰ্মিনী যমুনা ডেকাই। সভাত লুইত একাদেমীৰ ছাত্ৰী মুনমী চক্ৰবৰ্তীয়ে নৃত্য পৰিবেশষন কৰে। গুৰু বন্দনা পৰিবেশন কৰে মনোৰঞ্জন  ভাগৱতীৰ  সঞ্চলনাত লুইত একাদেমীৰ ছাত্ৰ-ছাত্ৰীয়ে। ডাঃ পুলক লহকৰ, ডাঃ আৰিফুৰ ৰহমান, ডাঃ নয়নমনি কলিতা, ডাঃ জয়ন্ত কুমাৰ শৰ্মা, ডাঃ হৃষিকেশ লহকৰ আৰু ডাঃ মুকুল ভাগৱতীয়ে  অঞ্চলটোৰ কেইবাশ  ৰোগীৰ  স্বাস্থ্য পৰীক্ষা কৰে আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। সভাৰ শেষত শলাগৰ সৰাই আগবঢ়ায় কৃতি শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাই। সভাত অৱসৰ প্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ শৰ্মা, কুঞ্জধৰ ডেকা, কৰ্মচাৰী যতীন শৰ্মা সমাজকৰ্মী মহেন্দ্ৰ শালৈ দ্বিপেন কলিতা প্ৰমোখ্যে বহুজন উপস্থিত থাকে ।

গোগামুখ ৰামধেনু সংঘৰ উদ্যোগত গান্ধী জয়ন্তী উদ্‌যাপন

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰামধেনু সংঘৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে গোগামুখতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী কালি উদ্‌যাপন কৰা হয় ৷ গোগামুখ-গেৰুকামুখ পথস্হিত অংকিত মটৰ্চত উদ্‌যাপন কৰা উক্ত গান্ধী জয়ন্তীত Experience Sharing শীৰ্ষক এটি কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত ধেমাজি জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক পদ্মেশ্বৰ পেগুৱে তেওঁৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰাা লগতে ক’ভিড সম্পৰ্কত নাতি দীৰ্ঘ বক্তব্য আগবঢ়ায় ৷ তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাইজক উদ্দেশ্যি কয়- ক’ভিডৰ লগত ধেমালি কৰা উচিত নহয় আৰু ইয়াক সহজে ল’ব নালাগে ৷ মোৰ চাকৰি কালৰ অৱসৰৰ পিছতো মই মানৱ সেৱা আৰু ক’ভিডৰ পৰা ৰাইজক বচাবৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই আছো ৷ ক’বলৈ গলে মোৰ অৱসৰকালীন জীৱনটো ৰাইজৰ লগতে দেশৰ বাবে উৎসৰ্গা কৰিছো বুলি তেওঁ দোহাৰে ৷ তেওঁ লগতে কয়- চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মী সকলে ক’ভিড যুদ্ধত বহু ত্যাগ স্বীকাৰ কৰিছে ৷ বিভিন্ন দল-সংগঠন আৰু স্বেচ্ছাসেৱী সংস্হাবোৰেও ক’ভিডৰ বিৰুদ্ধে যুঁজ দিলে নিশ্চয় আমি এদিন ক’ভিড মুক্ত হ’ম বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে ৰামধনু সংঘৰ সভাপতি দিলীপ কামানে ৷ সঞ্চালন কৰে ৰামধেনু সংঘৰ সম্পাদক বিমল স্বৰ্গীয়াৰীয়ে ৷ উক্ত অনুষ্ঠানতে বিমল স্বৰ্গীয়াৰীৰ কথা, সুৰ আৰু কণ্ঠৰে প্ৰভুৰে দয়া মায়াৰে ভৰা শীৰ্ষক গীতটো উদ্বোধন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰধান শিক্ষক প্ৰিয় দত্ত, গোবিন শৰ্মা, দন্দেশ্বৰ বুঢ়াগোঁহাই, অংকিত মটৰ্চৰ স্বত্বাধিকাৰ অজিত প্ৰসাদ, সাংবাদিক মনোজ গগৈ প্ৰমূখ্যে বহু গণ্য-মান্য লোক ৷

মৰিগাঁৱৰ শ’লমাৰিত জিলা কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা পশুধনৰ চিকিৎসা শিবিৰ

 মৰিগাঁও জিলাৰ শ’লমাৰী দুদ্ধ উৎপাদক সমবায় সমিতিৰ গো পালক সকলক লৈ মৰিগাও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই  যোৱা ১ অক্টোবৰত   শ’লমাৰীত এক চিকিৎসা  শিবিৰ অনুস্হিত কৰে । ইয়াত মৰিগাও ৰাজ্যিক পশু চিকিৎসালয়েও সহযোগ কৰে । শিবিৰত প্ৰায় ৬৭ জন গোপালকৰ পশুধনৰ বিভিন্ন ৰোগৰ  চিকিৎসা সেৱাৰ লগতে ঔষধ পাতিও বিনামুলীয়াকৈ বিতৰণ কৰা হয় । চিকিৎসা শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ জিলা  সমন্বয়ক ডা: ৰিজুস্মিতা বৰা ডেকাই । এই অনুষ্ঠানতে জেষ্ঠ পশুচিকিৎসক ডা নীলোৎপল কাকতিয়ে পশুধন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত গোপালক সকলৰে আলোচনা আগবঢ়ায় । কৃষি বিজ্ঞান কেন্দ্ৰৰ ডা: সুভাষ চন্দ্ৰ কলিতাই কেন্দ্ৰই ইতিমধ্যে গোপালক সকলক যোগান ধৰা ঘাঁহ খেতিৰ বীজৰোপন আৰু প্ৰতিপালনৰ ওপৰত বিতং আলোচনা আগবঢ়ায় আৰু চিকিৎসা শিবিৰ পৰিচালনা কৰে ।উল্লেখ্য যে মৰিগও জিলাত সম্প্ৰতি বিশুদ্ধ  দুগ্ধ উৎপাদনৰ লক্ষেৰে বহু নিবনুৱা যুবকে গাই গৰু পালন কৰিবলৈ লৈছে । কৃষি বিজ্ঞান কেন্দ্ৰৰ এনে কাৰ্যসুচীয়ে গোপালক সকলক নি: সন্দেহে সহায় কৰিব ।

লাহৰীঘাটৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

যিটো সময়ত মবাইলৰ দ্বাৰা চাইবাৰ ক্ৰাইম কৰি বিভিন্ন যুৱকে অপৰাধ কৰি আছে সেই সময়তে মৰিগাঁৱৰ লাহৰীঘাটৰ দুই ভাতৃয়ে নিজস্ব প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়ালে এটা বাণিজ্যিক মবাইল এপ, যাৰ নাম Makeover Contact App. এই এপৰ জৰিয়তে নৱ প্ৰজন্মৰ যুৱক সকলেও হয়তো কিছু হলেও নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব বুলি দৃঢ় বিশ্বাস। যোৱা কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ  লাউভূৰুঙা গাঁও পঞ্চায়তৰ  অন্তৰ্গত বৰিবন্ধাত  এটি ম’বাইল এপ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কফিল আহমেদ আৰু তাহিৰ আহমেদে ক্ৰিয়েট কৰা এই  Makeover Contact নামৰ ম’বাইল এপটি আনুষ্ঠানিক ভাবে  উদ্বোধন কৰে বিশেষভাৱে আমন্ত্রিত অতিথি তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে। অনুষ্ঠানটি সঞ্চালনা কৰে কুশতলি সমবায় সমিতিৰ সভাপতি দুৰ্লভ নাথে। সভাত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক অসীম বৰদলৈৰ লগতে আৰু বহু গন্যমান্য ব্যক্তি উপস্থিত আছিল।অসমত এটা ভাল Platform দিবলৈ কফিল আহমেদ নামৰ মৰিগাঁৱৰ যুৱকজনে Makeover Contract নামৰ এই app টো অহা ৫ অক্টোবৰৰ পৰা Play Store ত উপলব্ধ হব বুলি জনায়। কফিল আহমেদৰ মতে আপোনালোকে app টোৰ জৰিয়তে বিয়াৰ বাবে নিজৰ District ৰ Makeup Artists, Mehndi Artists, and Wedding Photographer  ৰ কাম সুকলমে সম্পন্ন হব বুলিও জনাইছে।উল্লেখ্য যে কফিল আহমেদ আৰু তাহিৰ আহমেদ সম্বন্ধত দুয়ো ককাই ভাই।

ধুবুৰীত পুনৰ চোৰাং গৰুৰ গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা: জব্দ ৮ টা চোৰাং গৰু

ধুবুৰী জিলা ৰ মাজেদি বাংলাদেশ লৈ চোৰাং গৰুৰ বেহা বৰ্তমানে অব্যাহত আছে। ঘটনাৰ বিবৰণ মতে আৰ ক্ষী অধী ক্ষক জনায়, এক গোপন সূরা পম খেদি জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ত পশ্চিম বংগৰ পৰা ছাগলীয়া হৈ ধুবুৰী জিলাত পশ্চিম বংগৰ পৰা অসম লৈ প্ৰৱেশ কৰা চোৰাং গৰু গাড়ীগোলকগঞ্জ আৰক্ষীয়ে ৰখাবলৈ দিয়া  সংকেত অমান্য কৰি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে ৫ জাই গুলিচালনা কৰে। প্ৰায় ২০ কিঃমিঃ আৰক্ষীয়ে খেদি খেদি গৌৰীপুৰৰ টিয়ামাৰী অঞ্চলত WB62B- 3646 নম্বৰৰ বলেৰ পিকআপ ভানসহ দখৈত বাগৰি পৰে। গাড়ী চালক আৰু গৰু সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৮ টা গৰু জব্দ কৰে আৰক্ষীয়ে। আটকাধীন চালকজন ছাগলীয়াৰ ২য় খণ্ড  ৰফিকুল হোসেন, আৰু চোৰাং গৰু সৰবৰাহকাৰী জন আব্দুল লতিফ। সম্প্রতি চালক আৰু গৰু সৰবৰাহকাৰী জনক গৌৰীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে।

গান্ধী জয়ন্তীৰ দিনা যুৱ মৰ্চাই ৰাজ্যজুৰি পালন কৰে স্বচ্ছতাই সন্মান কায্যসূচী

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি ২ অক্টোবৰ তাৰিখে সমগ্ৰ অসমতে গান্ধীজীৰ জন্ম জয়ন্তী উপলক্ষে “স্বচ্ছতাই সন্মান” কায্যসূচী ৰূপায়ন কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিখন জিলাৰ অন্তৰ্গত মণ্ডল সমিতিৰ সদস্য সকলে ৰাজ্য খনৰ দুই শতাধিক বিভিন্ন ধৰণৰ ৰাজহুৱা স্থান,‌ঐতিহাসিক স্থান,‌উপাসনা স্থলী আদিত স্বচ্ছতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।

“সেৱা আৰু সমৰ্পন অভিযান”ৰ অংশস্বৰূপে আজি ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ উদ্যোগত আৰু বশিষ্ঠ আধ্যাত্মিক সংঘ তথা ভাৰতীয় জনতা যুৱ মৰ্চা,গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত বশিষ্ট অঞ্চলত “স্বচ্ছতাই সন্মান” শীৰ্ষক এক স্বচ্ছতাৰ কাৰ্যক্ৰম আয়োজন কৰা হয়।
মহাত্মা গান্ধীৰ স্বচ্ছতাৰ দৰ্শনৰ ভিত্তিত আয়োজিত এই অনু্ষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি মাননীয় সিদ্ধাঙ্কু অংকুৰ বৰুৱা ডাঙৰীয়া,বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ মাননীয় সভাপতি মৃগেন শৰণীয়া ডাঙৰীয়া,বিজেপি বশিষ্ঠ মণ্ডলৰ সভাপতি মাননীয় জিতু হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জনতা যু্ৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মানস প্ৰতীম দাস ডাঙৰীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক,জিলা তথা মণ্ডলৰ বিষয়ববীয়া,কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজ ।

“স্বচ্ছতাই সন্মান অভিযান”ৰ অংশস্বৰূপে আজি শোণিতপুৰ জিলাৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰাৰ লগতে মৃৎ শিল্পীসকলক সন্মান জনোৱা হয়। লগতে মৰিগাঁও,উত্তৰ কামৰূপ,ডিব্ৰুগড়,দক্ষিণ কামৰূপ,হায়লাকান্দি জিলাত স্বচ্ছতা আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।

আনহাতে নলবাৰী, লক্ষীমপুৰ,বৰপেটা , মাজুলী, ঢকুৱাখনা, যোৰহাট, কাৰ্বগ আংলং, কাছাৰ, চৰাইদেউ আদি জিলাত স্বচ্ছতা আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।

ধেমাজি জিলাৰ কাৰ্য্যসূচীত মাননীয় মন্ত্ৰী সঞ্জয় কিষান ডাঙৰীয়া , লখিমপুৰত উপস্থিত থাকে লখিমপুৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱা , যোৰহাটত ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক ৰঞ্জন মহন্ত উপস্থিত আছিল ।