Home Blog Page 2820

৩ আৰু ৪ অক্টোবৰৰ বাবে গুৱাহাটীত যান-বাহনৰ পথ পৰিৱৰ্তন জাৰী উপায়ুক্তৰ

দেওবাৰে গুৱাহাটী চহৰত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ভ্ৰমণৰ বাবে যান-বাহনৰ পথ সলনি কৰা হৈছে। গুৱাহাটীৰ যান-বাহন ৰবিবাৰৰ বাবে বিভিন্ন পথৰ বাবে পথ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী উপায়ুক্তই। ৩৬ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ বাহনৰ চলাচল ৩ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ৪ অক্টোবৰৰ দুপৰীয়া ৫ বজাৰ পৰা গুৱাহাটী মহানগৰত ১২ বজালৈ সীমিত ৰখা হৈছিল। অক্টোবৰৰ ৩ তাৰিখে, সন্ধিয়া ৬ বজাৰ পৰা ডিজি ৰোড, এমজি ৰোড, এফ চি ৰোড, টাইবুল্লাৰোড, জিএনবি ৰোড, বি বৰাহ ৰোড, জিএছ ৰোড, পাঞ্জাবাৰী ৰোডত কোনো বাণিজ্যিক বাহন, সৰু/মজলীয়া/গধুৰ চলাচল কৰিব নোৱাৰিব। অক্টোবৰৰ ৩ তাৰিখে, ভৰলুমুখৰ ফালৰ পৰা চান্দমাৰীঅভিমুখে অহা সকলো বাহন যশৱন্ত পথৰ মাজেৰে হেম বৰুৱা ৰোডৰ ফালে আৰু তাৰ পিছত এনচিবি হলৰ ফালে চান্দমাৰীলৈ পৰিৱৰ্তন কৰা হ’ব। উজানবজাৰৰ ফালৰ পৰা মাচখোৱা ফাললৈ অহা সকলো ধৰণৰ বাহন ডিচি ক’ৰ্ট পইণ্টত হেম বৰুৱা ৰোড আৰু জেচি ৰোড (ফুল গলি) হৈ এমজি ৰোডলৈ কমিছনাৰ পইণ্টৰ ফালে পৰিৱৰ্তন কৰা হ’ব।

বিধায়ক শ্বেৰমানৰ গ্ৰেপ্তাৰক আদৰণি বিভিন্নজনৰ

আজি বিতৰ্কিত বিধায়ক শ্বেৰমান আলিৰ গ্ৰেপ্তাৰৰ পিছতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে ছহিদ দয়ানন্দ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ড’ জয়নাথ শৰ্মাই।প্ৰাক্তনমন্ত্ৰী জয়নাথ শৰ্মাই কয় চৰকাৰৰ পদক্ষেপক মই আদৰনি জনাইছো।অপৰাধীক সদায় আইনগত শাস্তি প্ৰদান কৰিব লাগে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিধায়কজনক কেতিয়াবাই গ্ৰেপ্তাৰ কৰিব লাগিছিল। প্ৰদেশ কংগ্ৰেছে শ্বেৰমান আলিক কাৰনদৰ্শোৱা জাননী প্ৰেৰণ কৰাৰ পিছতহে গা লৰিছে চৰকাৰৰ।ইমানদিনে আইন ক’ত লুকাই আছিল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ।সোনাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে বিধায়কজনে বিতৰ্কিত মন্তব্য কৰিব নালাগিছিল। বিধায়ক পদত থাকি ৰাজনৈতিক মন্তব্য কৰিব লাগে। কিন্তু সেইবুলিয়েই সমাজৰ বিৰুদ্ধে মন্তব্য কৰাটো  উচিত নহয়।

অৱশেষত শ্বহীদক অপমান কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰ

বিধায়ক শ্বেৰমান আলীয়ে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক অপমান কৰাত ৰাজ্যবাসী ক্ষোভত ফাটি পৰাৰ সময়তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত শ্বেৰমানক৷ বিধায়ক শ্বেৰমান আলীক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে৷ শ্বহীদক অপমান কৰা গোচৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিধায়কগৰাকীক৷ বিধায়কক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল দল-সংগঠনে৷ ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল৷ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দাখিল কৰিছিল এজাহাৰ৷ যোৰহাট জিলা ছাত্ৰ সন্থাও দাখিল কৰিছিল এখন এজাহাৰ৷ যোৱা দুটা দিনত ৰাজ্যবাসীয়ে ৰাজপথলৈ ওলাই আহি বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে লেইলেই-ছেইছেই ধ্বনি দিছিল৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধায়কৰ শ্বেৰমানৰ প্ৰতিকৃতি জ্বলাইছিল দল-সংগঠনে৷ শ্বহীদক অপমান কৰাত উজনি-নামনিত শ্বেৰমানৰ প্ৰতিকৃতি দাহ কৰি অসমীয় জাতিৰ স্বাভিমানক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিছিল শ্বেৰমানক৷ শীঘ্ৰে কংগ্ৰেছৰ বিধায়ক চেৰমান আলিক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰাৰ সময়তে আজি কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰ আৰক্ষী থানালৈ নি সোধ-পোছ কৰা হ’ব৷ বাঘবৰৰ কংগ্ৰেছী বিধায়ক চেৰমান আলিয়ে অসম আন্দোলনৰ দৰঙৰ ১১ জন শ্বহীদক অপমান কৰি দিয়া বক্তব্যক তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে। বৃহস্পতিবাৰে নলবাৰী, বাক্সাৰ গোৰেশ্বৰ, নগাঁও, ধেমাজি, মৰাণ, মঙলদৈত প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক ঘাতক আৰু মিঞাৰ হত্যাকাৰী আখ্যা দিয়াত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ চেষ্টা হৈছে৷ বিধায়ক হৈ পবিত্ৰ শ্বহীদক অপমান আৰু হত্যাকাৰীক সমৰ্থন কৰা কাৰ্যত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঢলপুৰৰ খিলঞ্জীয়াৰ ভূমি তথা শিৱ মন্দিৰৰ ভূমি উচ্ছেদ মুক্ত কৰাৰ পিছতে একাংশ লোক সৰৱ হৈ পৰিছে৷ উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক নিহত হৈছে৷ আৰক্ষীসহ ৮জনকৈ লোক আহত হৈছে৷ ইয়াৰ পিছতে একাংশ লোকে অসমীয়া জাতিক অপমান কৰি মন্তব্য প্ৰদান কৰি গৈছে৷ অসম আন্দোলনৰ মঙলদৈৰ শ্বহীদ দয়ানন্দ শৰ্মা হ’ত শ্বহীদ নহয় তেওঁলোক ঘাতক আছিল বুলি কয়৷ স্বীকৃতি প্ৰাপ্ত শ্বহীদ প্ৰাক্তন মন্ত্ৰী তথা আছুৰ প্ৰাক্তন নেতা জয়নাথ শৰ্মা ভাতৃ শ্বহীদ হৈছিল ঢলপুৰ এলেকাত৷ ঢলপুৰ এলেকাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পুনৰ অসম আন্দোলনৰ কথা চৰ্চিত হ’ব ধৰিছে৷ তাৰ মাজতে এদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তীৰ্ক মন্তব্য দিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে৷ মিঞাই প্ৰাণ ৰক্ষা কৰিবলৈহে ৮ ঘাতত মাৰিছিল বুলি কৈছিল শ্বেৰমানে৷ ঢলপুৰৰ উচ্ছেদক অসাংবিধানিক বুলি কৈ শ্বেৰেমানে কৈছিল কাৰো শাসন চিৰস্থায়ী নহয়, পুনৰ বিচাৰ হলে কি হ’ব ভাবক৷ উচ্ছেদ কৰি যিসকলে অন্যায় কৰিছে তেওঁলোকক ফাঁচী কাঠত ওলোমাবলৈ প্ৰয়াস কৰিম৷ শ্বেৰমানে কয় যে চৰকাৰৰ দায়িত্ব হৈছে মৈলিক অধিকাৰ ৰক্ষা কৰা৷ ঘৰৰ ওপৰতা ছালি এটা দিয়া মৌলিক অধিকাৰ৷ মানুহক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিব লাগে৷ চৰকাৰে ৰাজধৰ্ম পালন কৰা নাই বুলি অভিযোগ৷ ইমানতে ক্ষান্ত নাথাকি শ্বেৰমানে কয় যে ১৯৮৩ত মিঞা মানুহ মানুহ মাৰিবলৈ গৈছিল দয়ানাথ শৰ্মা আৰু ৮ জনে৷ বহু মিঞা মানুহ মৰিছিল৷ মিঞা মানুহে আত্মৰক্ষাৰ বাবে তেওঁলোকক হত্যা কৰিছিল৷ এনে ঘাতকসকলক মাৰিবই লাগে বুলি কয় শ্বেৰমানে৷

খবৰ২৪x৭ অসমৰ বৰ্ষপূতি অনুষ্ঠান অনুষ্ঠিত,, প্ৰতিদিন টাইমৰ উজনিৰ ব্যুৰৰ পৰমানন্দ বৰালৈ “সংবাদ প্ৰহৰী” সন্মান, সমাজ কৰ্মী তুষাৰ পাললৈ “মানৱ সেৱা” সন্মান

টীয়কৰ খৱৰ ২৪×৭ অসম নামৰ ৱেব চেনেলটোৰ প্ৰথম বৰ্ষপূতি অনুষ্টান আজি অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰতিদিন টাইমৰ উজনি অসমৰ ব্যুৰ চিফ পৰমানন্দ বৰালৈ আগবঢ়োৱা হয় “সংবাদ প্ৰহৰি “সন্মান । ভাগ্যশ্ৰী তামুলীয়ে আঁত ধৰা এই অনুষ্ঠানতে শৰীৰ চৰ্চাবিদ তথা সমাজ সেৱক তুষাৰ পাললৈ প্ৰদান কৰা হয়”মানৱ সেৱা”সন্মান । এই উপলক্ষত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিবন্ধকাৰ,কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড:অনিল কুমাৰ শইকীয়া, নকচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম কুমাৰ বৰুৱা, আপকু যোৰহাট জিলা সমিতিৰ সভাপতি সত্যৰঞ্জন শইকীয়া, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা, পূৱ যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰামপ্ৰসাদ ফুকন ,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ পূৰ্বে বৃক্ষৰোপন কৰে বিজু শৰ্মাই, গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উত্তম কুমাৰ বৰুৱাই । খৱৰ ২৪×৭ অসমৰ ৰ মুখ্য সম্পাদক স্মৃতিপ্ৰিয়া লাহনে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে অনলাইন যোগে আয়োজিত নৃত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক শেষত পুৰস্কাৰ প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ মাৰ্ঘেৰিটাৰ যুৱ সাংবাদিক বিকাশ বৰুৱাৰ

সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ভিন্ন প্ৰান্ত  ব্যক্তিক গ্ল’ৱেল চেম্বাৰ্চ অফ কৰ্মাৰ্চ ইণ্ডাষ্টিজ্ এণ্ড এগ্ৰিকালচাৰ (জিচিচিআইএ) নামৰ ৰাষ্ট্ৰীয় সন্থাটোৱে যোৱা ৩০ চেপ্তেম্বৰত “দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ্” ৰাষ্ট্ৰীয়  বঁটাৰে আনুষ্ঠানিক ভাৱে  সন্মানীত কৰে | নতুন দিল্লী স্থিত  ৱাই এম চি এ পেক্ষাগৃহত অনুষ্ঠিত এক আৰম্বপূৰ্ণ অনুষ্ঠানত এটি ট্ৰফী , মানপত্ৰ,এখনি বস্ত্ৰ আৰু প্ৰমাণ পত্ৰৰে সন্মান জনোৱা হয় | বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিৰ্থী হিচাপে উপস্থিত খাকে সংখ্যালঘু দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বাৰ্লা ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইজন গণ্য-মান্য ব্যক্তি | অমমৰ হৈ মাৰ্ঘেৰিটা যুৱ সাংবাদিক বিকাশ বৰুৱাই সংবাদ জগতলৈ আগবঢ়োৱা  অৱদানৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিলৈ সক্ষম হয়| বিকাশ বৰুৱা দুৰ্নীতিৰ দৰ্পণ কাকতৰ মাৰ্ঘেৰিটা স্থানীয় সংবাদাতা লগতে আসাম গ্ৰীণ ভেলী নামৰ পৰ্টেল এটাত  কৰ্মৰত | ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি  বুটলিবলৈ সক্ষম হোৱা বিকাশ বৰুৱাই  ইয়াৰ পূৰ্বেও ২০২০ বৰ্ষত ” কিং ফিচাৰ লিডাৰচিপ ২০২০ ” বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল|  ঁগগন বৰুৱা আৰু মাতৃ পুতুমাই বৰুৱা সুযোগ্য পুত্ৰ বিকাশ বৰুৱা  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত কেটেতং নিবাসী | গ্ৰাম্য অঞ্চলৰ পৰা সংবাদ সেৱাত জড়িত  হৈয়ো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি বুটলি অসমৰ লগতে  মাৰ্ঘেৰিটালৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলজুৰি আনন্দ বন্যা বৈছে |

চাপৰত গান্ধী জয়ন্তী উদযাপন

আজি ২ অক্টোবৰ,গান্ধী জয়ন্তী।৷ চাপৰত গান্ধী জয়ন্তী উদযাপন।আনহাতে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসৰ লগত সংগতি ৰাখি এখন সভা আহ্বান কৰে।দেশজুৰি ভিন্ন কাৰ্যসূচীৰে জাতিৰ পিতাক স্মৰণ কৰিছে দেশবাসীয়ে ৷ মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাতিপুৱা গান্ধীজীৰ প্ৰতিচ্ছবি মাল্যাৰ্পন অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰেছ ক্লাবৰ সদস্যই। দিনযোৰা কাৰ্যসূচীৰে চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী উদযাপন। উল্লেখ্য যে মহামানৱ মহাত্মা গান্ধীৰ জনজয়ন্তী উপলক্ষে ৰাতিপুৱাই চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাবৰ সভাপতি সাহ আলম খানে পতাকা উত্তোলন কৰে। মূখ্য অতিথী হিচাপে থাকে  গিতালী বৰুৱা ,  চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তছিম উদ্দিন আহামেদ আৰু বহু সংখ্যক সমাজকৰ্মী ।

টংলা পৌৰ সভাৰ উদ্যোগত টংলাত সমূহীয়া চাফাই অভিযান

মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি পুৱা ৯বজাৰ পৰা স্বচ্ছ ভাৰত মিছন (নগৰ),টংলা পৌৰ সভা ,হৰিশিঙা চক্ৰ বিষয়া কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগ টংলা সংগমণ্ডলৰ যৌথ উদ্যোগত সামূহিক চাফাই অভিযানৰ অন্তত চাফাই মিত্ৰ সন্মান সমাৰোহ অনুষ্ঠিত কৰা হয়। টংলা পৌৰসভাৰ কাৰ্যালয়ৰ পৰা খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ তথা সভাপতি দিলীপ বড়ো আৰু হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথৰ নেতৃত্বত স্বচ্ছ ভাৰত মিছন ,নগৰ ,টংলা পৌৰ সভাৰ চাফাই কৰ্মীৰ লগতে চক্ৰ বিষয়া কাৰ্যালয়ৰ দহ গৰাকী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দহ গৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি টংলা বজাৰ খোলা, চাৰিআলি ,তিনিআলি,ৰেল ষ্টেচন আদিত হাতে হাতে ঝাড়ু লৈ সমূহীয়া চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ সফল সমাপ্তিৰ পিছতে টংলা পৌৰ সভাৰ সভাগৃহত চক্ৰ বিষয়া মনীষা নাথৰ সঞ্চালনত চাফাই মিত্ৰ সন্মান সমাৰোহ অনুষ্ঠিত কৰা হয়।২৮গৰাকী পুৰুষ আৰু মহিলা চাফাইকর্মী ,৮জন ড্ৰাইভাৰ,লেবাৰক ফুলাম গামোচা ,চাৰ্ট আৰু শাৰীৰে সম্বৰ্ধনা জনোৱা হয়।

ধুবুৰীত এগৰাকী চিত্ৰ শিল্পীয়ে ইলেকট্ৰনিক সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে এটা ব্যতিক্ৰমী প্ৰতিমা

 ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন পূজা কমিটিৰ লগতে দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত বিভিন্ন মৃৎ শিল্পী আৰু খনিকৰ সকল। সমান্তৰাল ভাৱে নিজৰ প্ৰতিভা প্ৰকাশকলৈ ব্যস্ত একাংশ চিত্ৰ শিল্পী। ধুবুৰীৰ এইগৰাকী বিশিষ্ট চিত্ৰ শিল্পীৰ প্ৰদীপ কুমাৰ ঘোষ। বিগত দিনত প্ৰতিবাৰেই দুৰ্গাপূজাত এটা এটা ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি বিশেষ ভাৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দিনত চাবন, পেলনীয়া প্লাষ্টিকৰ বটল, পাচলি, টিউব, কুঁহিয়াৰ পেলনীয়া জাৱৰ আদি বিভিন্ন সামগ্ৰীৰে ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি আহিছে চিত্ৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষে। এইবেলিও চিত্ৰ শিল্পী গৰাকীয়ে এইদৰে টিউবলাইট, বাল্প, তাৰ আদিকৰি ইলেকট্ৰনিক বিভিন্ন সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা। ধুবুৰীৰ সবুজ সংঘ ক্লাৱৰ পূজা মণ্ডপত প্ৰদৰ্শিত হব এই প্ৰতিমা। উল্লেখ্য যে, এইদৰে ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি আচাম বুক অফ ৰেকৰ্ড বা ইণ্ডিয়া বুক অফ ৰেকৰ্ডত  নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য চিত্ৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষৰ।

প্ৰদেশ কংগ্ৰেছৰ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উদযাপন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আজি মহামানৱ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে এক সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। প্ৰাৰ্থনা সমাপ্তিৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বাৰা গঠিত ৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা উক্ত সভাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠক ডাঙৰীয়াই আমন্ত্ৰিত বক্তা হিচাপে এক তত্বগধূৰ বক্তব্য দাঙি ধৰে।

প্ৰাক্তন সাংসদ বলীন কুলি দেৱে আঁত ধৰা সভাত প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই উদ্দেশ্যে ব্যাখ্যা কৰে। সমিতিৰ আহ্বায়ক নৃপেন ঠাকুৰীয়াই সম্বৰ্দ্ধনা অনুষ্ঠান পৰিচালনা কৰে। সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেকে গান্ধীজী আৰু লালবাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰ কৰ্মৰাজি আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে। সমিতিৰ হৈ সভাপতি শৰৎ বৰকটকীয়ে সভাপতিৰ ভাষণ প্ৰদান কৰে। সভাৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই শলাগৰ শৰাই আগবঢ়ায়। । বিধায়ক আব্দুল বাতেন খন্দকৰ, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিন, নুৰজামাল চৰকাৰ, চিৰাজুল হুছেইন শইকীয়া, মেহদী আলম বৰা, ড০ অশ্বিন মহন্ত, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস প্ৰমুখ্যে বহু জ্যোষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

লখিমপুৰত প্ৰাৰ্থনা আঁচনিৰ অধীনত আনুষ্ঠানিক চেক বিতৰণ

আজি, 2 অক্টোবৰ 21 তাৰিখে, লখিমপুৰৰ ডিচি কনফাৰেন্স হলত প্ৰাৰ্থনা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেকৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠিত কৰা হয়। চাহ জনজাতি আৰু কল্যাণ মন্ত্ৰী আৰু লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণে প্ৰাৰ্থনা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। বিতৰণ অনুষ্ঠানত উপায়ুক্ত, লখিমপুৰ, শ্ৰী সুমিত সত্তাৱান, আইএএছ, শ্ৰীমতী গীতালী দোৱাৰ এডিচি, লখিমপুৰ, শ্ৰী ফনিধৰ বৰাহ, লখিমপুৰ বিজেপি সভাপতি আৰু অন্যান্য সন্মানীয় ডিগনাটোৰী উপস্থিত থাকে।