বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত আজিও সুগম হৈ নুঠিল যাতায়ত ব্যৱস্থা, বিধস্ত পথে আমুৱাইছে ৰাইজক। বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ এক মাত্ৰ প্ৰতিষ্ঠানটো হল টুপামাৰী বজাৰ আৰু টুপামাৰী বজাৰৰ পৰা ৰঙ্গেশ্বৰী পামলৈ যোৱা পথটি অতিকৈ বিধস্ত, মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ পথটিৰে বোকাৰে লুতুৰি পুতুৰি যাব লাগে টুপামাৰী বজাৰলৈ। বছৰটোৰ সৰহভাগ কাল বোকাময় হৈ থাকে পথচোৱা। পথটিৰে নিতৌ স্কুল-কলেজীয়া ছাত্ৰ ছাত্ৰী ৰোগীকে আদি কৰি যান-বাহন চলাচলত যথেষ্ট অসুবিধা হৈছে।পথটিৰে নিতৌ প্ৰায় দহ খন গাওঁৰ মানুহে আহযাহ কৰিবলগীয়া হয়, সদাব্যস্ত ৰাজপথটো মাহৰ পিছত মাহ কদৰ্যময় হৈ থকাত ৰাইজে যাতায়তৰ নামত ভুগি আহিছে নৰক যন্ত্ৰণাত। পঞ্চায়ত প্ৰতিনিধিক বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কানসাৰ কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। শীঘ্ৰে স্থানীয় দোকানী-ব্যৱসায়ীৰ লগতে ৰাইজে পথচোৱা যাতায়ৰ বাবে সুগম কৰি তুলিবলৈ পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়িকা নন্দিতা দাস লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।
বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আলিচিঙা টেঙাণী প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ” জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে অসমৰ জনজাতীয় তথা খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱা ঐতিহাসিক সমল সমূহৰ উদ্ধাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰেই অংশ হিচাপে আজি ক্ষেত্ৰ সমুহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ আলিছিগা টেঙাণীত উপস্থিত হয়হি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ এক জনজাতীয় প্ৰতিনিধিৰ দল।

আলিছিগা টেঙাণীস্হিত সপ্তম-অষ্টম শতিকাৰ কছাৰী ৰজাদিনীয়া ৰাজহাউলি, পুখুৰী, মন্দিৰ আদিকে প্ৰমুখ্য কৰি অঞ্চলটোৰ বিভিন্ন প্ৰত্ন-তাত্বিক স্থান তথা সমল সমুহ উক্ত জনজাতীয় প্ৰতিনিধিৰ দলটোৱে পৰিদৰ্শন কৰে।এই জনজাতীয় প্ৰতিনিধিৰ দলটোত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপৰিও অসম বিধান সভাৰ উপাধ্যক্ষ ড° নুমল মৌমিন, বিধায়ক ভূপেন বড়ো আৰু বিধায়িকা নন্দিতা গাৰ্লোচা উপস্থিত আছিল। পৰিদৰ্শন কালৰ শেষত সাংবাদিকক বিধান সভাৰ অধ্যক্ষজনে জনায় যে,অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ” জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ” শীৰ্ষক এক নতুন বিভাগ খুলিছে আৰু এই বিভাগৰ বাবে বৰ্তমান ১০০ কোটি টকা ধাৰ্য কৰা হৈছে। যাৰ জৰিয়তে অসমত থকা বিভিন্ন ঐতিহাসিক স্থান সমুহ বিধান সভাৰ অধ্যক্ষ,উপাধ্যক্ষ,বিধায়ক সকলে পৰিদৰ্শন কৰিব।শেষত তেঁও জনায় যে,পৰিদৰ্শন কালৰ মুলতে হ’ল অসমৰ খীলঞ্জীয়াৰ ভাষা,সাহিত্য,কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা। অধ্যক্ষ গৰাকীয়ে আলিচিঙা টেঙাণীৰ প্ৰত্নতাত্বিক স্থান দখৰ সংৰক্ষণ আৰু সংবৰ্ধনেৰে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব বুলি প্ৰকাশ কৰে । উল্লেখযোগ্য যে বিশ্বজিৎ দৈমাৰী সহ দলটোক পৰম্পৰাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়

লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত
মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ বৰমুৰীয়া সকলৰ গাফিলতিৰ ফলতেই প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ বুকুত ভেটি-মাটি হেৰুৱাব লগা হয় হাজাৰ লোকে। বিষয়া অভিযন্তাই কামৰ সময়ত কাম নকৰাৰো গুৰুতৰ অভিযোগ আছে। ঠিকাদাৰ সকলৰ লগত নিজৰ অংক নিমিলা পৰ্যন্ত কোনো এটা কাম নকৰে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগটোৱে।যাৰ বাবে এতিয়া মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা ৰ ওপৰত ক্ষুব্ধ হৈছে নৈ পৰীয়া ৰাইজ।উল্লেখ্য যে অসমৰ মুখ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক তথা বিভাগীয় মন্ত্ৰী পিষুজ হাজৰিকাক কাঠনি বাসী ৰাইজৰে খহনীয়াৰ স্হায়ী সমাধানৰ বাবে অনুৰোধ জনায়।।
ৰজাগাধোৱা নবজ্যোতি টেট প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰজাগাধোৱা নবজ্যোতি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ২০২১ বৰ্ষৰ বাবে টেট পৰীক্ষাৰ্থী সকলৰ বাবে টেট কচিং চেন্টাৰৰ শুভ উদ্বোধন কৰা হয়। এই টেট কচিং চেন্টাৰৰ শুভ উদ্বোধন কৰে কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুল হাসেম আল আমান ডাঙৰীয়াই। দুকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে এই টেট কচিং চেন্টাৰৰ অন লাইন যোগে পাঠ গ্ৰহণৰ বাবে নাম পঞ্জীযন কৰে বুলি পৰিচালনা সমিতিৰ সম্পাদকে জনাইছে। উল্লেখ্য যে এই কচিং চেন্টাৰত মুঠ ১১জন অভিজ্ঞ প্ৰৱক্তা সকলে পাঠদান সেৱা আগবঢ়াব বুলিও জানিব পৰা গৈছে। এই উদ্বোধনী অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে অভীক্ষ শিক্ষাবিদ মূখলেছুৰ ৰহমান ফাৰুকী, বিদ্যাসাগৰ বিদ্যাপীঠৰ অধ্যক্ষ ড0 আনোৱাৰ হুছেইন মহম্মদ ৱাহিদ, লাহৰীঘাট মহাবিদ্যালয়ৰ প্ৰৱক্তা আবুল ফজল, টেঙাগুৰি আদৰ্শ মাৰ্কাজ একাডেমিৰ অধ্যক্ষ মাইনুল ইছলাম, উপাধ্যক্ষ ওমৰ ফাৰুক, শিক্ষাবিদ ছাদিকুল ইছলাম, নব জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সম্পাদক চাইফুল ইছলামৰ লগতে আৰু বহু গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।
আছুৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস
ঐতিহাসিক দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ১৯৫১ চনৰ ২০ ছেপ্তেম্বৰত স্থাপিত মঙলদৈ মহাবিদ্যালয়ে সাফল্যৰ ৭০ টা বৰ্ষ অতিক্ৰম কৰিলে। ক’ভিডকালীন পৰিস্থিতিৰ বাবে মহাবিদ্যালয়ত পূৰ্ণাংগ ৰূপত পাঠদান স্থগিত হৈ থকা হেতুকে অনুষ্টুপীয়াকৈ মঙলদৈ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মহাবিদ্যালয়স্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত প্ৰথম গছি বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন কুমাৰ নাথে। লগতে তেওঁক সংগ দিয়ে মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীয়ে। অনুষ্ঠানৰ আঁত ধৰে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ ওজাই লগতে অনুষ্ঠানত সহযোগ কৰে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক অনুপম ভৰদ্বাজৰ লগতে কেইবাগৰাকীও সদস্য-সদস্যাই।
দিল্লীৰ যন্তৰ-মন্তৰত জাতীয় শ্ৰমিক শক্তিৰ ধৰ্ণা
অসমৰ চাহ জোনগোষ্ঠীয় লোকসকলৰ লগতে কয়লা খনিকে ধৰি অন্যান্য খণ্ডত নিয়োজিত শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীত আজি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তিয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ নেশ্যনেল ফ্ৰন্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনটোৰ সৈতে যুটীয়াভাৱে ৰূপায়ন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন চাহ বাগান এলেকাৰ পৰা যোৱা কেইবাশ জাতীয় সেৱকে অংশগ্ৰহণ কৰে৷জাতীয় শ্ৰমিক শক্তিৰ সভাপতি ইজৰাইল নন্দৰ নেতৃত্বত প্ৰতিবাদীসকলে ‘চাহ উদ্যোগ বচাওক, শ্ৰমিক বচাওক’, ‘কয়লা খনি লীজত দিয়া বন্ধ কৰক’, ‘কয়লা শ্ৰমিকৰ গ্ৰেচুইটিৰ ধন মোকলাই দিয়ক’, ‘কাছাৰ আৰু জাগীৰোড কাগজ কল পুনৰ আৰম্ভ কৰক’, ‘চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ বন্ধ কৰক’, ‘চাহৰ আমদানি নিষিদ্ধ কৰি ৰপ্তানিত জোৰ দিয়ক’, ‘চাহ শ্ৰমিকৰ মজুৰী কমেও ৩৫১ টকালৈ বৃদ্ধি কৰক’, ‘নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট সোনকালে নিৰ্মাণ কৰক’ আদি দাবীৰে শ্লোগান দিয়ে৷
দিল্লীত ৰূপায়িত হোৱা এই ধৰ্ণা কাৰ্যসূচী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি গুৱাহাটীত কয় যে চাহ জনগোষ্ঠীকে ধৰি অন্য সকলো খণ্ডৰ শ্ৰমিকসকল সদায়ে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈ আহিছে৷ নিজৰ দেহবল ক্ষয় কৰি দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াই অহা শ্ৰমিক শ্ৰেণীটোৰ সমাজৰ প্ৰতি অৱদান কৰ্পোৰেট গোষ্ঠীসমূহতকৈ কোনো গুণে কম নহয়৷ অথচ চৰকাৰে কৰ্পোৰেট গোষ্ঠীসমূহৰ স্বাৰ্থ সিদ্ধিক সদায় আগস্থান দি আহিছে, কিন্তু শ্ৰমিক শ্ৰেণীটোৰ ন্যায্য প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰতো হুঁহকা-পিচলা কৰি আহিছে৷ এনে প্ৰক্ষাপটত শ্ৰমিক শ্ৰেণীৰ দাবী চৰকাৰৰ ওচৰত উপস্থাপন কৰাৰ ক্ষেত্ৰত জাতীয় পৰিষদ শ্ৰমিক সংগঠনসমূহৰ সৈতে সদায় থাকিব৷অসমৰ পৰা গৈ দিল্লীৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শ্ৰমিক শ্ৰেণীৰ ন্যায্য দাবীসমূহ উত্থাপন কৰা জাতীয় শ্ৰমিক শক্তিৰ নেতা-কৰ্মীসকলক গগৈয়ে ধন্যবাদ জনায়৷
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ অৱস্থা সম্প্ৰতি সুস্থিৰ
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীৰ অৱস্থা সম্প্ৰতি কিছু সুস্থিৰ৷জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰিছে এই তথ্য৷ক’ভিডত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ডাঃ কাকতীক অত্যন্ত সংকটজনক অৱস্থাত দিল্লীলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰা হৈছিল৷কিন্তু স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত আৰু প্ৰতিকূল বতৰৰ বাবে এয়াৰ এম্বুলেন্স দিল্লীলৈ নিব নোৱৰাত তেওঁক জি এম চি এইচত চিকিৎসাধীন কৰা হয়৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি টুইটযোগে সদৰী কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷তেওঁৰ অক্সিজেন লেভেল ৯৫-৯৬ শতাংশ থকা বুলি সদৰী কৰি জি এম চি এইচৰ অধীক্ষকজনে কয় যে তেওঁ আধা জুলীয়া আহাৰ সেৱন কৰিবলৈও সক্ষম হৈছে৷তেওঁৰ শৰীৰত ঔষধে ক্ৰিয়া কৰা বুলি প্ৰকাশ কৰাৰ লগতে স্বাস্থ্য একপ্ৰকাৰ সুস্থিৰ হৈ থকা বুলি সদৰী কৰে৷তেওঁৰ ৰক্তচাপো আজি নিয়মীয়া হৈ আছে৷তেওঁ কিছু কথা পতাৰ লগতে পূৰ্বতকৈ আৰাম লাভ কৰা বুলিও কোৱা কথা ডাঃ শৰ্মাই সদৰী কৰে৷
অভাৰলোড বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব বাক্সা জিলা পৰিবহণ বিভাগ
ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পিচত যাৱতীয় কৰ কাটল সমূহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশ হিচাপে আজি বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলা সদৰ মুছলপুৰস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জিলাখনৰ বাণিজ্যিক বাহনৰ লগতে ব্যক্তিগত বাহন সমূহৰ অনাদায় হৈ থকা কৰ সমূহ অহা ৩০ ছেপ্টেম্বৰৰ আগতে আদায় দিবলৈ বাহনৰ গৰাকীক আহ্বান জনায়। অন্যথা জিলা পৰিবহণ বিভাগে জিলাখনত থকা তেনে বাহনৰ বিৰুদ্ধে অতিৰিক্ত জৰিমনা বা বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে । আনকি যিসকলে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ স্মাৰ্ট কাৰ্ড কৰা নাই তেওঁলোককো অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ অনুজ্ঞা পত্ৰ সমূহ স্মাৰ্ট কাৰ্ডলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। লগতে জিলাখনত অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অব্যাহত থাকিব বুলি মন্তব্য কৰি এনে বাহনসমূহৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে পৰিবহণ বিষয়াগৰাকীয়ে ৷ আনহাতে আগন্তুক উৎসৱৰ বতৰত আনন্দত মতলীয়া হৈ কোনোৱে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই যাতে দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে জিলা পৰিবহণ বিষয়া গৰাকীয়ে ৷ এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই কয়, উৎসৱৰ সময়ত একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ফলত বহু উঠি অহা নতুন প্ৰজন্মৰ যুৱক হেৰাই যাবলগীয়া হৈছে । ইয়ে সমাজত ব্যাপক ক্ষতি সাধন কৰিছে । যাৰ বাবে জিলা পৰিবহণ বিষয়া বৰাই পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে চালক সকলক মদ্যপান নকৰি, ছিটবেল্ট ব্যৱহাৰ কৰি, গাড়ী চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰি, সদায় হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাবলৈ কৈ অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷ উল্লেখ্য যে জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলাখনৰ ঠায়ে ঠায়ে “যান বাহন কৰ পৰিশোধ কৰক, পৰিবহণ ব্যৱস্থা সুচল কৰক” এই আহ্বান তথা বাণীৰে বেনাৰ, হৰ্ডিং আদি আঁৰি বাহনৰ গৰাকী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে জিলা পৰিবহণ বিষয়া গৰাকীয়ে কাৰ্যালয়টোৰ পৰা দালালৰাজ সমূলি উৎখাত কৰি সততে ৰাজ্যৰ ডিটিঅ’ অফিচসমূহত দালালৰ দপদপনি চলে বুলি থকা বদনাম আঁতৰোৱাৰ চেষ্টা কৰি জিলাবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷ ইপিনে বাক্সা জিলা পৰিবহণ বিভাগে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰী সকলে এতিয়াও বিভিন্ন সমস্যাৰ সম্মুখীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ কাৰ্যালয়টোত আজিলৈ নাই কোনো চৰকাৰী গাড়ী। কিয়নো বিভিন্ন সময়ত বৃহৎ জিলাখনত অবৈধ যান-বাহনৰ বিৰূদ্ধে অভিযান চলাবলৈ বা কোনো দুৰ্ঘটনা সংঘটিত হ’লে তদন্তৰ বাবে যাবলৈ বিভাগীয় বাহনৰ প্ৰয়োজন যদিও বিভাগীয়ভাৱে এখনো বাহন নাই বাক্সা জিলা পৰিবহণ বিভাগত । মালবাহী বাহন সমূহৰ ওজন পৰীক্ষণৰ বাবে জিলাখনত ৱেইটব্ৰীজ নথকাতো সময়ে সময়ে ভীষণ সমস্যাৰ সম্মুখীন হ’ব লগীয়া হৈছে কাৰ্যালয়টোৱে ৷ ইফালে বিষয়া-কৰ্মচাৰীৰ থকাৰ বাবে চৰকাৰী আৱাসৰ প্ৰয়োজন যদিও বাক্সা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত নাই তেনে কোনো ব্যৱস্থা
গো-পাল সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱে : জীয়া ভৰলীৰ পাৰৰ কঁহুৱা বনৰ মাজৰ পৰা বতাহত ভাঁহি আহে গৰখীয়াৰ বাঁহীৰ সুৰ
আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ’ল গো-পাল প্ৰথা।আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই বিৰাজমান আছিল এই প্ৰথা।প্ৰতিখন গাঁৱৰ প্ৰত্যকজন ব্যক্তিৰ ঘৰৰ সমুহ গৰু গাই সমুহীয়া ভাৱে চৰাবলৈ লৈ যোৱা হৈছিল। প্ৰতিদিনাই পাল পাতি গাঁওখনৰ ২ খন ঘৰৰ ২ জনকৈ ব্যক্তিয়ে চলাবলৈ লৈ যায় গৰু সমুহ।নৈ পাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰু সমুহ এৰি গৰু ৰখীয়াই গছৰ তলত বহি আপোনমনে জিৰণি লয়।কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ’ল।গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ’ল।যান্ত্ৰিকতাৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱৰ ৰাইজে।ককাদেউতাৰ দিনৰ শ-শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুন্ন ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ মৰণাকুৰি গাঁওৰ ৰাইজে।গাঁওখনৰ ৰাইজে সমুহিয়াভাৱে এতিয়াও চৰাবলৈ যায় গৰু।গাঁওখনৰ শ-শ গৰু পাল পাতি চৰাবলৈ লৈ যায় প্ৰত্যেকদিনাই।জীয়া ভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰু সমুহ গধূলী হোৱাৰ আগে আগে ৰখীয়াই লৈ আহে গাঁৱলৈ।পাল পাতি গৰু চৰাবলৈ গৈ নদীৰ পাৰত বাঁহীত সুমধুৰ গীত জোৰে গৰু ৰখীয়াই। ভৰলীৰ পাৰৰ কহুৱা বনৰ মাজত গৰু চৰাবলৈ গৈ গৰু চাই থকাৰ মাজতে লগত লৈ যোৱা বাঁহীত গীতৰ আপোনমনে সুঁৰ দিয়ে ৰখীয়াই ।কহুৱা বনৰ মাজৰ পৰা ৰিণি ৰিণি ভাঁহি অহা বাঁহীৰে সুৰে নিকটৱৰ্ত্তী গাঁৱৰ ৰাইজক এক সুকীয়া মাদকতা দিবলৈও সক্ষম হয়৷আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ মৰণাকুৰি গাৱে ধৰি ৰখাটো সঁচাই নান্দনিকতাপূৰ্ণ।











