2020 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি কভিডমূলক পৰিস্থিতিৰ বাবে পিছুৱাব লগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অধিৱেশনৰ নতুন দিন নিৰ্ধাৰণৰ বাবে সোনোৱাল কছাৰী সাহিত্য সভাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি ইং 18/09/2021 তাৰিখে কছাৰীবাৰীস্থিত সোনোৱাল ভৱনত অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে সোনোৱাল কছাৰী জনগোষ্ঠীৰ ঈশ্বৰ খ্ৰীংৰাজাৰ শ্ৰীচৰণত আৰু বিগত সময়ত অয়লাসগত হোৱা সভাৰ সদস্যবৃন্দৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে কাৰ্যনিৰ্বাহক সদস্যা কুসুম সোনোৱাল শইকীয়া, নিৰ্মলা সোনোৱাল আৰু অনিমা বড়া সোনোৱালে। সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপসভাপতি মোহন সোনোৱাল, মুখ্য সম্পাদক শিৱনাথ সোনোৱাল, সম্পাদকত্ৰয় প্ৰশান্ত কুমৰাল, সুমন্ত বড়া আৰু মৃদুল সোনোৱাল, কোষাধ্যক্ষ অহিন্দ্ৰ শইকীয়া, পত্ৰিকা সম্পাদক দিগন্ত হাজৰিকাসহ সভাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ মতামতৰ ভিত্তিত অহা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিতং কাৰ্যসূচী নিৰ্ধাৰণৰ বাবে অহা ২ অক্টোবৰ তাৰিখে অভ্যৰ্থনা সমিতিৰ লগত এখনি যুটীয়া বৈঠকৰ আহ্বান কৰা হয়। তদুপৰি পূৰ্বৰ কাৰ্যালয় সম্পাদক জিতেন সোনোৱাল অয়লাসগামী হোৱাৰ বাবে এই সভাতে তোষেশ্বৰ সোনোৱালক সোনোৱাল কছাৰী সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়।
২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাৰ ভাৰত বন্ধ কাৰ্যসূচী : কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চৰ পূৰ্ণ সমৰ্থন
ভাৰতবৰ্ষৰ স্বাধীনতা পাছত গণতান্ত্ৰিক ভাবে গঠিত কংগ্ৰেছ তথা অন্যান্য দলৰ চৰকাৰে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বত ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিশেষ কোনো কমআচনি গ্ৰহণ কৰাটো বাদেই ছাত্ৰ,যুৱ, মহিলা, শ্ৰমিক, কৃষক তথা জনসাধাৰণৰ জৰুৰী মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে ইতিবাচক বাস্তৱ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে, পুঁজিপতি গোষ্ঠীৰ নিৰ্দেশনাত জনবিৰোধী কাৰ্যাৱলীয়ে ইতিহাস ৰচনা কৰিছে। ভাৰত চৰকাৰৰ এনে কাৰ্যাৱলীৰ প্ৰতিবাদত সমগ্ৰ দেশতে সংগঠিত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সমৰ্থন জনোৱাৰ উপৰিও, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ (আই এন টি ইউ চি) য়ে দেশৰ শ্ৰম সংগঠন সমূহৰ উমৈহতীয়া মঞ্চৰ যোগেদি ভাৰত চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বিভিন্ন পৰ্যায়ত প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত গঠিত জাতীয় গণতান্ত্ৰিক চৰকাৰৰ পৰিকল্পিত কমআচনিৰ ফলত প্ৰচলন কৰা,শিক্ষা,স্বাস্হ্য,জণস্ংযোগ, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমাৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আৰু বেংক-বীমা, ৰেল পৰিবহন, বিমান পৰিবহণৰ উপৰিও ৰাষ্ট্ৰীয় খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহত ব্যক্তিগতকৰণ কৰাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অতি সাম্প্ৰতিক দেশৰ সংবিধান প্ৰদত্ত আইনৰ বিশেষকৈ, শ্ৰমিক, কৃষক সকলৰ ন্যায আইন সংশোধন কৰিবলৈ লোৱা নেতৃবাচক কাৰ্যই সকলোকে আচম্বিত কৰিছে। এই জনবিৰোধী কাৰ্যাৱলীৰ প্ৰতিবাদত দেশজুৰি অব্যাহত থকা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক অলপো গুৰুত্ব প্ৰদান নকৰি, ইয়াক প্ৰতিৰোধ কৰিবলৈ লোৱা চৰকাৰৰ নিস্ফল প্ৰচেষ্টাক কঠোৰ ভাষাৰে গৰিহণা দিছে, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাই । দেওবাৰে এক প্ৰেছ বিবৃতি যোগে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁইয়ে নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বাধীন বিজেপি তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক কৃষক তথা জনবিৰোধী নীতিৰ প্ৰতিবাদত দেশজুৰি চলোৱা গণতান্ত্ৰিক আন্দোলনৰ অংশ স্বৰূপে অহা ২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাই জনোৱা ভাৰত বন্ধ কাৰ্যসূচীলৈ, কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চই পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁইয়ে এই ভাৰত বন্ধ কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ সকলো গণতান্ত্ৰিক ব্যক্তি, দ’ল, সংগঠনৰ প্ৰতি আহ্বান জনাইছে।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা
কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধিসূচনা মৰ্মে ২০১৯-‘২০ বর্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি । সমগ্ৰ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মনোনীত কৰা এই সন্মানৰ জৰিয়তে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । এনে এক বার্তা লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় খনৰ অধীনৰ মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ স্বেচ্ছাসেৱক , কাৰ্যসূচী বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালবৰ্গ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে । উল্লেখনীয় যে এনে সন্মান লাভ কৰাৰ মূলতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈৰ গঠনমূলক পৰামৰ্শ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ প্রচেষ্টা আৰু সবল নেতৃত্ব । লগতে স্বেচ্ছাসেৱক সকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু কৰ্ম দক্ষতাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আমন্ত্ৰণ মৰ্মে উপাচাৰ্য অধ্যাপক ডঃ সন্দিকৈ আৰু কাৰ্যসূচী সমন্বয়ক ডঃ কাকতিয়ে অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্টিতব্য এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰিব ।
ওদালগুৰিৰ খাউৰাঙত কোৰোনাৰ প্ৰতিষেধক প্ৰদান : প্ৰতিষেধক কোভাচিল্ড গ্ৰহণ কৰিবলৈ ৰাইজৰ ব্যাপক জনসমাগম
কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি থকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ বিৰুদ্ধে অপ প্ৰচাৰ চলাই থকা দেখাপোৱা গৈছে। উক্ত সমাজ বিৰোধী সকলে যিমানেই অপ প্ৰচাৰ কৰিলেও ৰাইজে তেওঁলোকৰ ষড়যন্ত্ৰক আওকাণ কৰি প্ৰতিষেধক কেন্দ্ৰলৈ ঢাপলি মেলা দেখা পোৱা গৈছে। ১৭ চেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো কোৰোনাৰ প্ৰতিষেধক “কোভাচিল্ড” বিভিন্ন কোভিড চেণ্টাৰলৈ প্ৰদান কৰা দেখাপোৱা গৈছে। ওদালগুৰিৰ উত্তৰে অৱস্থিত খাউৰাং বজাৰখলা উপ স্বাস্থ্য কেন্দ্ৰত ৰাতিপুৱা ৯:০০ বজাৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক “কোভাচিল্ড” গ্ৰহণ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগে। ওদালগুৰি স্বাস্থ্য বিভাগৰ মেলেৰিয়া নিয়ন্ত্ৰণত থকা স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃত্বত খাউৰাং বজাৰখলা উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম বিদুশ্ৰী ব্ৰহ্মৰ পৰিচালনাত স্থানীয় আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, শাবিত্ৰী দেৱী আৰু জানুকা দেৱীৰ সহযোগত ২৩০ জনক “কোভাচিল্ড”ৰ প্ৰথম পালিৰ লগতে ১৮৯ জনক দ্বিতীয় পালিৰ “কোভাচিল্ড° প্ৰতিষেধক প্ৰদান কৰা হয়। ৰাতিপুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান শিবিৰ সন্ধ্যা ৫ :০০ বজালৈ চলি থাকে।প্ৰথমে অনা প্ৰতিষেধক সম্পূৰ্ণ শেষ হোৱাৰ পিছত ৰাইজৰ দাবীত পুনৰ ওদাগুৰিৰ পৰা অতিৰিক্ত প্ৰতিষেধক”কোভাচিল্ড” আনিব লগীয়া হৈছিল। স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃ প্ৰদান কৰা প্ৰতিষেধক প্ৰদান শিবিৰত এ এন এম বিদুশ্ৰী ব্ৰহ্ম, আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, জানুকা দেৱী আৰু শাবিত্ৰী দেৱীৰ সেৱা কাৰ্য্যক স্থানীয় খাউৰাংবাসী ৰাইজে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কাৰ্য্যক ধন্যবাদ জনায়।
বঙৰাত গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থ উন্মোচন
অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ২০ ছেপ্তেম্বৰত কামৰূপ জিলাৰ বঙৰাস্থিত শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত বিশিষ্ট লেখক, অৱসৰী প্ৰধান শিক্ষক গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থখনি ৰাজ্যখনৰ ভালেমান বিশিষ্ট লেখক, শিক্ষাবিদ,সমালোচকৰ উপস্থিতিত শুভ-উন্মোচন কৰা হয়। ৰাজলক্ষ্মী নাথৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা সভাখনিত এটোপোলা গ্ৰন্থৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড০ সূৰ্য হাজৰিকাই কয়- অসম তথা উত্তৰ -পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰ বিমান বন্দৰকলৈ এখনি আজি অতীৱ প্ৰয়োজনীয় গ্ৰন্থ প্ৰকাশ হ’ল। গৱেষণাৰ সমল বিচাৰি পাব গ্ৰন্থখনত। মানৱ সেৱাৰ দৃষ্টিভংগীৰে গ্ৰন্থ অধ্যয়ন কৰিব লাগে।দুৰ্ভাগ্য বৰ্তমান সময়ত অসমত পঢ়ুৱৈৰ অভাব ঘটিছে। গ্ৰন্থ সংৰক্ষণ,সংবৰ্ধনৰ অতীৱ জৰুৰী গ্ৰন্থখনিউন্মোচন কৰি বিশিষ্ট বুদ্ধিজীবী, সাহিত্যিক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকে কয়- এই যান্ত্রিকতাৰ যুগতো গ্ৰন্থৰ চাহিদা যথেষ্ট আছে। গ্ৰন্থই এটি সভ্যতা ধৰি ৰাখে। গৌৰীকান্ত নাথৰ বৰঝাৰ বিযষয়ক গ্ৰন্থখনিয়ে বৃহত্তৰ বৰঝাৰ অঞ্চলৰে নহয় সমগ্র অসমৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ কলিতাই সঞ্চালনা কৰা সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই কয়- পৰাগজ্যোতি প্ৰকাশনে গ্ৰাম্য অঞ্চলৰ লেখক-লেখিকাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। লগতে ইতিহাস জাতীয় গ্ৰন্থ প্ৰকাশত গুৰুত্ব দিছে। অনুষ্ঠানত নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী তথা প্ৰথিতযশা লেখিকা ড০মলিনা দেৱী ৰাভাই কয়- গ্ৰন্থই ইতিবাচক দৃষ্টিভংগীৰে এটি সুন্দৰ বাৰ্তা দিয়ে। নিকা পৰিৱেশ গঢ়াত গ্ৰন্থ অধ্যয়ন অৱশ্যাম্ভাৱী। অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্রধান চৰণ ডেকাই কয়- সাহস থাকিব লাগিব। মানৱৰ আত্মাৰ লগত মধুৰ সম্পর্ক ৰক্ষা কৰিব পাৰিব লাগিব লেখকে। বলিষ্ঠ সাহসেৰে সচাঁ কথা কবও লাগিব,লিখিবও লাগিব। বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ এম গোপাল সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা আন্তর্জাতিক খ্যাতিসম্পন্ন কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক তথা বিশিষ্ট শিল্পী অৱনী ৰঞ্জন পাঠকে বিশিষ্ট অতিথিৰ ভাষণত বৰঝাৰ বিমান বন্দৰৰ আজিৰ তাৰিখত আহি পৰা দায়িত্ব,কৰ্তব্য লগতে নতুন প্রজন্মৰ গ্ৰন্থ,সমাজৰ দায়িত্বৰ ওপৰত বক্তব্য দাঙি ধৰে। মৰমী শৰ্মাই জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰা অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচার্য, কেপ্টেইন অশ্বিনী সিংহ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সম্পাদক ধৰণীধৰ নাথ, প্ৰধান শিক্ষক পুলিন তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকলেও অংশগ্রহণ কৰে। দুৰদৰ্শন কেন্দ্রৰ কুশলজিৎ কুমাৰ, বিজিত চৌধুৰী দুটি কবিতা পাঠ কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় দীপক শৰ্মাই।
প্ৰধান মন্ত্ৰীৰ জন্মদিন উপলক্ষে লাহৰীঘাট মডেল হস্পিটেলত ৰোগীক ফলমূল বিতৰণ
যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা সমগ্র ভাৰতবৰ্ষতে বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেৰে বি জে পি দলৰ কৰ্মকৰ্তা সকলে উলহ মালহেৰে উদযাপন কৰি আছে। যিহেতুকে এই কাৰ্যসূচী কুৰি দিনলৈ অব্যাহত থাকিব , সেয়ে আজি মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটেলত অসম প্ৰদেশ বি জে পি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু আৰু সু স্বাস্থ্য কামনা কৰি অৱসৰপ্ৰাপ্ত বন বিষয়া তথা বিগত বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থী, সমাজ সেৱক কাদিৰোজ্জামান জিন্নাৰ নেতৃত্বত দিনৰ ১১ বজাত ফলমূল বিতৰণ কৰা হয়। উল্লেখ্য যে আজিৰ এই কাৰ্যসূচী ৰূপায়নত অংশ গ্ৰহণ কৰে আবুল কালাম, মানিক , ছমিৰ পাল, আজিজুৰ ৰহমান,পৰীক্ষিত দেবনাথ, নিৰ্জুল আমিন আৰু আবিদা বেগম।
শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা উদ্বোধন
বঙাইগাঁৱৰ দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা কাৰ্যালয় উদ্বোধন কৰা হয় ৷ উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন বহুমুখী কাৰ্যসূচীৰ লগতে নিবনুৱা সংস্থাপন আৰু সংগীসকলৰ আৰ্থিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডে বিভিন্ন জিলাত শাখা স্থাপন কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে দেওবাৰে বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ সহযোগত দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত চ’চাইটিৰ ২৫ সংখ্যক বঙাইগাঁও শাখাটো মুকলি কৰা হয় ৷ শাখা কাৰ্যালয়টো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সংঘৰ পদাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় ৰাইজৰ কাৰণে আৰু জনগণৰ কাৰণে কাম কৰি আহিছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা মানৱ সেৱাৰ অনুষ্ঠান ৷ সেয়ে মানৱ সেৱাত যাতে খেলিমেলি নকৰো আৰু মানৱ সেৱা যাতে সম্পূৰ্ণকৈ কৰিব পাৰো সেই উদ্দেশ্যে ইয়ালৈ আহিছো ৷ তেওঁ লগতে কয় যে যি কোনো কামতে টকা পইচাৰ দৰকাৰ হয় ৷ কিন্তু সেই টকা সদভাৱে উপাৰ্জন কৰিব লাগিব আৰু খৰচ কৰিব লাগিব ৷ লগতে সদভাৱে কাম কৰিব লাগিব ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বাস আছে আমি এই কাম কৰিব পাৰিম ৷ সংঘই ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ২৪ টা শাখা মুকলি কৰিছে ৷ এইটো ২৫ নং শাখা মুকলি কৰা হৈছে ৷ এই ২৫ নং শাখাৰ যোগেদি যাতে বঙাইগাঁও , কোকৰাঝাৰ আৰু বিজনী এই তিনিখন জিলা শাখাৰ বাপ, আই মাতৃসকল বিশেষকৈ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলৰ যাতে উন্নতি হয় আৰু কৰ্মসংস্থাপন পায় তাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে ৷ ইতিমধ্য ২৪ টা শাখাত ৫৪ জন কৰ্মচাৰী আছে ৷ তাৰোপৰি আঠ লক্ষ টকা ভকতে এই অনুষ্ঠান অৰ্থাৎ বেংকৰ পৰা ঋণ লৈ বিভিন্ন কামত খটুৱাইছে ,উন্নতি হৈছে ৷ সেয়ে এই তিনিখন জিলা শাখাৰ বাপ বান্ধৱসকলে কথাটো বুজি পাই তথা উপলব্ধি কৰি ইয়াত এটা শাখা খুলিছে ৷

এই শাখাৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ উন্নতি হ’ব আৰু হাজাৰ হাজাৰজনে কৰ্মসংস্থাপন লাভ কৰিব ৷ আনহাতে জনগোষ্ঠীয় লোকৰ মাজত শংকৰদেৱ সংঘ সোমাব পাৰিছে নে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিশ্চয় সোমাব পাৰিছে ৷ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘত জাত – পাতৰ কোনো কথা নাই ৷ আমাৰ কথা হ’ল আমি সকলো মানুহ আৰু মানুহ হিচাপে সকলোৱে মিলি থাকি মানুহৰ উন্নতিৰ কাৰণে কাম কৰিম ৷ সেইদৰে সত্ৰ আৰু নামঘৰৰ মাটি বেদখল হোৱা সন্দৰ্ভত কয় যে যিসকলে বেদখল কৰিছে তেওঁলোকে তেনে অনাহক চিন্তা যাতে নকৰে ৷ লগতে আমি চৰকাৰক অনুৰোধ জনাইছো যে যিবিলাক সত্ৰ অনুষ্ঠান আৰু যিবিলাক নাম ঘৰ আছে সেইবোৰ বেদখলমুক্ত কৰক ৷ ইপিনে সংঘৰ অধিৱেশন সন্দৰ্ভত প্ৰধান সম্পাদক বাবুল বৰাৰ পৰা জানিব বিচৰাত তেওঁ কয় যে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰিলো ৷ অধিৱেশনখন ডিব্ৰুগড়ে অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্ত এইবেলি ১২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত আমি আদৰণি সমিতি গঠন কৰিছো ৷ ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নিকটৱৰ্তী ৰাঙলী পথাৰত এইবাৰ অধিৱেশ পতাৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছো ৷ সমগ্ৰ অসমৰ ৰাইজক জনাব বিচাৰিছো যে চৰকাৰীভাৱে ক’ভিড সংক্ৰান্তীয় যি এছঅপি থাকিব বা নীতি – নিৰ্দেশনা থাকিব আৰু সেইখিনি সময়লৈকে যেনে হ’ব সেয়া মানি চলা হ’ব ৷ অৱশ্যে এইবাৰ নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিছু সীমিতকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ তাত যিখিনি ব্যৱসায় – বাণিজ্য প্ৰতিষ্ঠানৰ কথা থাকে সেইখিনিও সীমিতকৰণ কৰা হ’ব আৰু কাৰ্যসূচীৰ ক্ষেত্ৰতো সীমিতকৰণ কৰিম ৷ এছঅপি সম্পূৰ্ণ মানি চলা হ’ব , ভেকচিনেচনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ স্বাস্থ্য বিধি ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ডিব্ৰুগড়ে সাজু হৈছে ৷ অধিৱেশন মানে দ্বিতীয় বৈকুণ্ঠ ৷ লক্ষ লক্ষ মানুহে এই অধিৱেশনলৈ অপেক্ষা কৰি থাকে ৷গতিকে তেওঁলোকে আশা কৰি আছে যে অধিৱেশনখন হ’ব লাগে ৷ পূৰ্বেই ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে দিন ঠিৰাং কৰা হৈছিল ৷ হয়তো এদিন কমিব পাৰে বা ইফাল সিফাল হ’ব পাৰে ৷ ইয়াৰ পূৰ্বে আমি এদিন বহি সকলো পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰি আলোচনা কৰিম ৷ পৰিস্থিতিৰ সপক্ষেহে আমাৰ গোটেই কাৰ্যসূচী ৷ পৰিস্থিতিক বাদ দি আমি অনুষ্ঠান কৰাৰ চিন্তা নকৰো ৷ গতিকে পৰিস্থিতি যেনেকুৱা হ’ব সেইমতে আমি অনুষ্ঠান পাতিম ৷ উল্লেখ্য যে কাৰ্যালয় উদ্বোধনৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্বোধন কৰে ৷ সভাত পদাধিকাৰ কমলাকান্ত গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাত সংঘৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে চ’চাইটিৰ বিষয়ববীয়া, বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ মূলৰ সদস্য, সংঘৰ তিনিওখন জিলা শাখাৰ সভাপতি আদিও উপস্থিত থাকে ৷ উল্লেখ্য যে কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম – প্ৰসংগ অনুষ্ঠিত হয় ৷

ওদালগুৰি জিলা সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিবেশন
ওদালগুৰি জিলা সাহিত্য সভাৰ ২য় বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাৰ সভাপতি হৰেশ্বৰ কলিতাৰ সভাপতিত্বত ১৯ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যায়। ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই আঁতধৰা উক্ত সভাত ভ্ৰাম্যমাণ পুথিভঁৰালটিৰ শুভাৰম্ভণিৰ সম্পৰ্কে অৱগত কৰে আৰু জিলাখনৰ ২৪ খন শাখাৰ প্ৰতিখনলৈ ৩০ খনকৈ গ্ৰন্থৰ টোপোলা বিতৰণ কৰে ৷ সম্পাদক ড° শৰ্মাই ব্যতিক্ৰমী ভ্ৰাম্যমাণ পুথিভঁড়াল সম্পৰ্কে চিন্তা-চৰ্চাৰ কথা অৱগত কৰি কিদৰে আগবঢ়াই নিব পাৰি এই সন্দৰ্ভত জিলা-শাখাৰ সন্মানীয় বিষয়ববীয়া আৰু সদস্য সকলকো পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়৷ ইয়াৰ পাছতেই ওদালগুৰি জিলা সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ সময়ত গ্ৰহন কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে সম্পাদক ড° শৰ্মাই সভাত অবগত কৰে।সভাৰ সিদ্ধান্তমৰ্মে জিলাৰ ২০২০-২২ বৰ্ষৰ পূৰ্ণাঙ্গ অধিবেশনখনি কবিৰালি সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে ২০২২ বৰ্ষৰ জানুৱাৰীত কবিৰালিত অনুষ্ঠিত হব।ইয়াৰ উপৰিও হাতীগড়,ধনশ্ৰী,চুঙাখুটি শাখা সাহিত্য সভাক নতুন শাখা হিচাপে সভাৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰে। গল্প সাধনা বঁটা টংলাৰ বিশিষ্ট গল্পকাৰ জয়ন্ত চক্ৰৱৰ্তীক বামুনজুলি শাখা সাহিত্য সভাৰ উদ্যোগত অহা ৩ অক্টোবৰত অনুষ্ঠিত হব লগা লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিৱসত বঁটা প্ৰদানৰ লগতে গল্প বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে। ইপিনে অহা ১৭ অক্টোবৰত কবি সন্মিলন উপ সমিতিৰ সহযোগত খৈৰাবাৰীৰ ঝাৰগাওঁৰ দক্ষতা বিকাশ কেন্দ্ৰত এখনি কবি সন্মিলনৰ আয়োজন কৰা হৈছে বুলি আহ্বায়িকা ৰঞ্জি শইকীয়া ডেকাই সভাত জানিবলৈ দিয়ে।ইয়াৰ লগতে সভাত ন্যাস পূঁজি,কুঁহি,আকাশ,কবি সন্মিলন উপ সমিতি সমূহৰ আহ্বায়ক সকলে তেওঁঁলোকৰ কামৰ প্ৰতিবেদন দাঙি ধৰে।শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে।
দুলীয়াজানৰ হাতীজান চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস : কাণসাৰ নাই বনবিভাগৰ
দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীজান চাহ বাগিচাত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । দিনে-ৰাতিয়ে নাহৰফুটুকীৰ মুক্ত বিচৰণকলৈ এতিয়া বাগিচাৰ শ্ৰমিক সকলৰ মাজত আতংকই বিৰাজ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি দীৰ্ঘদিনৰ পৰা উক্ত চাহ বাগিচা এলেকাত কেইবাটাও নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে ৰাইজৰ গৰু আৰু ছাগলী বধ কৰি ভক্ষণ কৰি আহিছে । এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাগিচাৰ শ্ৰমিক সকলে বাৰম্বাৰ বনবিভাগকক আবেদন-নিবেদন জনাই আহিছে যদিও আজিকোপতি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ ফলত বাগিচাৰ শ্ৰমিক ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰে শ্ৰমিক সকলক নিৰাপত্তা দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।
বোকাখাতত সাংসদ গৌৰৱ গগৈঃ ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোনোৱালক ৱাক অভাৰ
আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বানন্দ সোণোৱালক সমৰ্থন দিয়াৰ ইংগিত দিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৷ আজি পোলেণ্ডত অনুস্থিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্যক্তিগত শাখাত ব্ৰঞ্জ, দলীয় আৰু পুৰুষ তথা মহিলাৰ শাখাত সোণৰ পদক জয়ী বোকাখাতৰ বিশাল চাংমাইৰ বোকাখাতস্থিত বাসভৱনত সাংবাদিকৰ আগত এই ইংগিত দিয়ে সাংসদগৰাকীয়ে ৷ সৰ্বানন্দ সোণোৱালক বিজেপি দলে অন্যায় কৰিছে বুলি মন্তব্য কৰি সাংসদজনে ক’ত কেন্দ্ৰীয় মন্ত্ৰী আৰু ক’ত ৰাজ্যসভাৰ সাংসদ বুলিও প্ৰশ্ন কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদৰো PHD আছে বুলি কৈ সৰ্বানন্দ সোণোৱালক অতি পৰিকল্পিত ভাৱে মুখ্যমন্ত্ৰীত্বৰ পৰা ডাঃ শৰ্মাই বঞ্চিত কৰিলে বুলিও উল্লেখ কৰে সাংসদ জনে ৷ অৱশ্যে ৰাজ্যসভা সম্পৰ্কত গগৈয়ে কৰা মন্তব্যও একান্ত ব্যক্তিগত বুলিও উল্লেখ কৰে ৷ থাওৰা আৰু মৰিয়নী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী উপ নিৰ্বাচনত জয়ী হ’ব বুলি কৈ সাংসদজনে সমষ্টি দুটাত বহু লোকে কংগ্ৰেছৰ পৰা টিকট বিছৰাৰ কথাও জানিবলৈ দিয়ে ৷ বিশাল চাংমাইৰ নিজা ঘৰত সাংসদ গৰাকী উপস্থিত হৈ সম্বৰ্ধনা জনায় ৷ ঝাৰখণ্ডত অনুস্থিত হ’ব লগা চিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাৰ পূৰ্বেই এখন ধনু প্ৰদানৰো আশ্বাস দিয়ে ৷ উল্লেখ্য যে, বিশাল চাংমায়ে লোকৰ ধনুৰেই খেলি স্বৰ্ণজয় কৰিবলৈ সক্ষম হৈছিল ৷










