কাজিৰঙাত গঁড়ৰ খৰ্গ দাহনৰ প্ৰস্তুতি। ২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2479 টা খৰ্গ দহন কৰিব। অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলা কোষাগাৰত জব্দ হৈ থকা ৫৩ টা কৈ গড়ৰ খৰ্গ নিৰাপত্তা বেষ্টনীৰ মাজত নগাঁও আৰু পিছত কহঁৰালৈ নিয়াৰ ব্যৱস্থা কৰে।
মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাত শ্বহীদ দয়াল দাস পানিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
২০ ছেপ্তেম্বৰত ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ এম চি এল এ দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভোলা পাণিকাই ৷ পুষ্পঞ্জলি অৰ্পন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি ৰামকৰন গোড় দেৱ,সমাজ সেৱক জীৱন ডেকা দেৱ,বাহিপুখুৰী VCDCৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক হেমন্ত মাহাতো দেৱ, সমাজ সেৱক জয় নাৰায়ণ মাহাতো, দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি কৈলাশ তাতি, লগতে উপস্থিত থাকে ৷অনুষ্ঠানটোত ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা,সম্পাদক সত্য নাৰায়ণ পাণিকা,শ্যাম মুন পাণিকা আৰু দুয়ো ভাতৃ ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ অংশ গ্ৰহন কৰে ৷
অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন
গোৰ্খা মহিলা সকলে পালন কৰি অহা “তীজ” উৎসৱ বৰ্তমান অসমৰ চুকে কোনে পালন কৰিথকা হৈছে যদিও মুলত এই উৎসৱ ভাদ্ৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ দিনা বিয়া দিয়া বাই-ভনী সকলক মা-দেউতা, দাদা-ভাইয়ে মাকৰ ঘৰলৈ মাতি বিভিন্ন খাদ্য খুওৱায়ে।তাৰ পিছদিনা তৃত্বীয়া তিথিত বাই-ভনী সকলে মুখত পানীও নিদি দিনযোৰা ব্ৰতেৰে ভগৱান শিৱৰ পুজা আৰাধনা কৰে। নিজৰ স্বামীৰ মঙ্গল আৰু সু-স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰি পুজা সামৰি ৰাতি লঘু আহাৰ গ্ৰহণ কৰে। সেই সময়তে পুজা-পাতল সামৰি গোটেই ৰাতি সঙ্গিনী,তীজগীত, নৃত্য আদি পৰিবেশণ কৰে। মাত্ৰ মহিলা সকলে পালন কৰি অহা এই উৎসৱ গাওঁৰ মহিলা সকল এক গোট হৈ কৰা নৃত্য-গীতক সঙ্গিনী আৰু তীজ নৃত্য বুলি কোৱা হয়। এই উৎসৱ ভাদ্ৰ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ পৰা পঞ্চমী তিথিলৈ পালন কৰিলেও পঞ্চমী তিথিত সুকিয়াকৈ অবিবাহিত অথৱা বিবাহিত ছোৱালী আৰু মহিলা সকলে পালন কৰি আহি আছে। এই উৎসৱৰ লগত সঙ্গতি ৰাখি অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত আৰু ১/৪ নং আমজুলি শাখা সমিতিৰ সহযোগত যোৱা ১৯ ছেপ্টেম্বৰ তাৰিখে ১/৪ নং আমজুলী শাখা সমিতিৰ মুখ্য কাৰ্য্যালয় প্ৰাঙ্গণত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। ৰাতিপুৱা ৯:০০ বজাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ সভানেত্ৰী হিৰা মিশ্ৰই পতাকা উত্তোলন কৰাৰ পিছত ভাৰপ্ৰাপ্ত সম্পাদিকা হিৰা ছেত্ৰীয়ে স্মৃতি তৰ্পণ কৰে।তাৰ পিছতেই দিনৰ এক বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্য্যক্ৰম তথা সঙ্গিনী আৰু তীজ নৃত্য প্ৰতিযোগিতা উদ্ঘাটন কৰে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মাই। গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন ধমালাই পৰিচালনা কৰা সাংস্কৃতিক প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা সংস্কৃতিক সংঘই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সাংস্কৃতিক প্ৰতিযোগিতাৰ মাজতে অনুষ্ঠিত মুকলি সভাত ওদালগুৰি বিধান সভাৰ বিধায়ক তথা বি টি চিৰ উপ মুখ্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, ইউ পি পি এল দলৰ কেন্দ্ৰীয় মহিলা সভানেত্ৰী বিনা গয়াৰী,অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বি টি চিৰ মনোনীত পাৰ্ষদৰ লগতে বি টি চিৰ মুখ্য কাৰ্য্যবাহীৰ ৰাজনৈতিক সচীৱ মাধৱ ছেত্ৰী, মনোনীত পাৰ্ষদ অৰ্পণা মেধী, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, বাসুদেৱ নিৰৌলা,কেন্দ্ৰীয় সদস্য কৃষ্ণ মিজাৰ, ভীষ্ম উপাধ্যায়, ওদালগুৰি জিলা গোৰ্খা সন্মিলনৰ সভাপতি পৱন লুইটেল, মুখ্য উপদেষ্টা ৰমেশ দাহাল, উপদেষ্টা কৃষ্ণ গিৰী,উপ সভাপতি দেৱৰাজ নেউপানে,সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাই, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ৰাউত, অসম গোৰ্খা সন্মিলন মহিলা মৰ্চাৰ উপ সভানেত্ৰী অঞ্জু উপাধ্যায়, গীতা নিৰৌলা,সহ সম্পাদিকা সীতা কটূৱাল, প্ৰচাৰ সম্পাদিকা হীৰা কটূৱাল, সাংস্কৃতিক সম্পাদিকা হিমা খড়্কা, ৰঞ্জিতা নেউপানে, কোষাধ্যক্ষ ইন্দিৰা খড়্কা, সদস্যা কৃষ্ণা দেৱী আদি উপস্থিত থাকি তীজ উৎসৱৰ তাৎপৰ্য্য উপস্থাপন কৰে। ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বিনা গয়াৰীয়ে খলখলীয়াকৈ নেপালী ভাষাত বক্তব্য ৰখাত ৰাইজে হাত চাপৰিৰে ধন্যবাদ জনায়। সাংস্কৃতিক প্ৰতিযোগিতাত নিৰিক্ষক হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী ভূৱন মৈনালী আৰী নৰ্মদা বস্নেত। প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত একেখন মঞ্চ আৰু একেলগে বহি সভাত অবিভাষণ ৰাখে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আৰু বৰ্তমান ওদালগুৰি বিধানসভাৰ বিধায়ক তথা বি টি চিৰ উষমুখ্য কাৰ্য্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতি মহিলা মৰ্চাৰ উদ্যোগত আৰু ১/৪ নং আমজুলী শাখা সমিতিৰ সহযোগত অনুষ্ঠিত তীজ উৎসৱৰ উক্ত কাৰ্য্যসূচী অতি সফলতাৰে সম্পন্ন হয়।
নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা লোহিত এক্সপ্ৰেছৰ ডবাৰ পৰা সুৰা জব্দ
বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত 20 তাৰিখে বিয়লি গুৱাহাটী – জম্মু অভিমুখী নামনিমুৱা লোহিত এক্সপ্ৰেছত ৰে’লৱে সুৰক্ষা বাহিনীয়ে তালাচী অভিযান চলাই অবৈধ সুৰা জব্দ কৰে ৷ জানিব পৰা মতে নিউ বঙাইগাঁও জংচনৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গোপন সূত্ৰৰ পমখেদি নামনিমুৱা ০৫৬৫১ নং লোহিত এক্সপ্ৰেছ ৰে’লখন আহি জংচনত ৰখোৱাৰ পিছতে ৰে’লখনৰ ডবাত চলোৱা তালাচীৰ সময়ত ডবা এটাৰ চিটিৰ তলত এখন গৰাকীবিহীন বেগ উদ্ধাৰ কৰে ৷ পিছত বেগখন খুলি চোৱাত বেগৰ ভিতৰত সুৰাৰ বটল প্ৰত্যক্ষ কৰে আৰু জব্দ কৰে ৷ বেগখনত মুঠ ৫৫ বটল সুৰা আছিল ৷
মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাত শ্বহীদ দয়াল দাস পানিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
২০ ছেপ্তেম্বৰত ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ এম চি এল এ দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভোলা পাণিকাই ৷ পুষ্পঞ্জলি অৰ্পন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি ৰামকৰন গোড় দেৱ,সমাজ সেৱক জীৱন ডেকা দেৱ,বাহিপুখুৰী VCDC ৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক হেমন্ত মাহাতো দেৱ, সমাজ সেৱক জয় নাৰায়ণ মাহাতো, দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি কৈলাশ তাতি, লগতে উপস্থিত থাকে ৷অনুষ্ঠানটোত ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা,সম্পাদক সত্য নাৰায়ণ পাণিকা,শ্যাম মুন পাণিকা আৰু দুয়ো ভাতৃ ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ অংশ গ্ৰহন কৰে ৷
লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত
মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ বৰমুৰীয়া সকলৰ গাফিলতিৰ ফলতেই প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ বুকুত ভেটি-মাটি হেৰুৱাব লগা হয় হাজাৰ লোকে। বিষয়া অভিযন্তাই কামৰ সময়ত কাম নকৰাৰো গুৰুতৰ অভিযোগ আছে। ঠিকাদাৰ সকলৰ লগত নিজৰ অংক নিমিলা পৰ্যন্ত কোনো এটা কাম নকৰে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগটোৱে।যাৰ বাবে এতিয়া মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা ৰ ওপৰত ক্ষুব্ধ হৈছে নৈ পৰীয়া ৰাইজ।উল্লেখ্য যে অসমৰ মুখ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাক তথা বিভাগীয় মন্ত্ৰী পিষুজ হাজৰিকাক কাঠনি বাসী ৰাইজৰে খহনীয়াৰ স্হায়ী সমাধানৰ বাবে অনুৰোধ জনায়।।
দীৰ্ঘদিনৰ অন্তৰালত ছাত্ৰ-ছাত্ৰী সকলৰ মুখলৈ ঘূৰি আহিল হাঁহি
সোমবাৰে শিক্ষা বিভাগৰ আদৰ্শ মৰ্মে নিৰ্দিষ্ট SOP অনুযায়ী নগাঁও বেংগলী বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ । অনলাইন পাঠদান হৈ আছিল যদিও আজিৰ পৰা যি অফলাইন পাঠদান আৰম্ভ হবলৈ লৈছে ছাত্ৰীসকলৰ লগতে শিক্ষকসকলো যথেষ্ট উৎফুল্লিত হোৱা দেখা গ’ল। বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ মজুমদাৰকে প্ৰমুখ্য কৰি সকলোকে উৎসাহিত কৰাৰ বাবে একোখনকৈ মাস্ক আৰু এটাকৈ চকলেট বিতৰণ কৰে।

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২২ছেপ্টেম্বৰত জ্বলিব গঁড়ৰ খৰ্গ
২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খৰ্গ দাহ কৰা হ’ব বোকাখাতত।বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুকলিকৈ জ্বলিব গঁড়ৰ খৰ্গ।এই কাৰ্যসূচীৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি।দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছ চালিত চৌকা সংস্থাপন কৰা হৈছে।ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ পুনৰীক্ষণ কৰাৰ পিছত তাৰে দাহ কৰিব ২,৪৭৯ টা খৰ্গ।আনহাতে মুঠ খৰ্গৰ পৰা ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা খৰ্গ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে বন বিভাগে।বুধবাৰে “বিশ্ব গঁড় দিৱস”ৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ৰ ৩৯ অনুচ্ছেদৰ অধীনত দাহ কৰা হ’ব এই খৰ্গসমূহ।ইতিমধ্যে দিল্লীৰ পৰা অনা হৈছে বিশেষ ড্ৰোণ,য’ত থাকিব বিস্ফোৰক সামগ্ৰী।ড্ৰোণৰ দ্বাৰা লোৰ কেৰাহিত কৰা হ’ব অগ্নিসংযোগ।
ৰেলৱেৰ সম্পত্তি ব্যক্তিকৰণৰ বিৰুদ্ধে গুৱাহাটী ৰেল ষ্টেচনত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ বিশাল প্ৰতিবাদী সমদল
ভাৰতীয় ৰেলৱেৰ শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে মাত মাতি অহা অগ্ৰণী ট্ৰেড ইউনিয়ন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ” চমুকৈ এন এফ আই আৰএ ৰেলৱেকে ধৰি দেশৰ চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে দেশৰ আন আন ৰেল মণ্ডলৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেতো ১৫ ছেপ্টেম্বৰৰ পৰা প্ৰতিবাদী সপ্তাহ পালন কৰিছে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে । প্ৰতিবাদী সপ্তাহৰ লগত সংগতি ৰাখি ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত ১৮ ছেপ্টেম্বৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী ৰেল ষ্টেচন পৰিসৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় । সমদলত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক নয়ন কুমাৰ বৰ্মন , গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱা , শাখা সম্পাদক অৰূপ কলিতাকে ধৰি কেবাজনো নেতা – নেত্ৰী আৰু দুই শতাধিক কৰ্মচাৰীয়ে ভাগ লয় । আনহাতে কাৰ্যসূচীত ভাগ লোৱা সকলোৱে কেন্দ্ৰীয় চৰকাৰে ৰেলৱেকে ধৰি ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি ব্যক্তিগতকৰণৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনকি প্ৰতিবাদী কৰ্মচাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায় হায় , দেশৰ সম্পদ বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিল কৰক , ৰেলৱেক ব্যক্তিগতকৰণ কৰা নচলিব ধ্বনি দিয়ে । আনহাতে প্ৰতিবাদী কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু এন এফ আই আঁৰৰ সহকাৰী সম্পাদক মুনীন্দ্ৰ শইকীয়াই গুৱাহাটী শাখাৰ সমূহ ৰেলকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছে।
ইটাখোলাৰ দিকৰাই চাহ বাগিচাত ‘কৰম পৰৱ’ পালন
বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাই চাহ বাগিচাত চাহ জনগোষ্ঠীৰ অন্যতম লোক সংস্কৃতি ‘কৰম পৰৱ’ পালন কৰে। দিকৰাই চাহ বাগিচাৰ সমুহ ৰাইজৰ সৌজন্যত অনুষ্ঠিত কৰম পৰৱৰ মাংগলিক ৰিতী-নীতি অনুসৰি যোৱা ১২ চেপ্টেম্বৰৰ দিনটোত স্থানীয় চাহ জনগোষ্ঠীৰ সাত গৰাকীকৈ কুমাৰী ছোৱালীৰ দ্বাৰা ‘জাৱা উঠোৱা’ কাৰ্যসূচীৰে আৰম্ভ কৰি যোৱা কালি মুল জাগৰণ কাৰ্যসূচী সমাপন কৰে। চাহ জনগোষ্ঠী আদিবাসী লোকসকলে বৈদিক কালৰ পৰাই আনুষ্ঠানিক ভাবে পৰম্পৰাগত ভাবে পালন কৰি অহা উৎসৱটিৰ যোৱা কালি পুৱাৰ ভাগত সাত দিন ধৰি ব্ৰত পালনেৰে ‘জাৱা’ জগোৱা মুলতে সাত গৰাকীকৈ কুমাৰী ছোৱালীয়ে জাৱা জগোৱা কাৰ্যসূচী আৰু সন্দ্ধ্যা বেলাত এগৰাকী কুমাৰ ল’ৰাৰ দ্বাৰা ডাল কটা অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পিছত অনুষ্ঠানটি আয়োজন কৰা স্থানতে অস্থায়ীকৈ সাজি ৰখা থাপনাত কাটি অনা ডাল আৰু সাতটাকৈ জাৱা স্থাপন কৰে। লগে লগে স্থানীয় সাংস্কৃতি কৰ্মী বিচেম্বৰ কৰ্মকাৰৰ দ্বাৰা কৰম পৰৱৰ কাহিনী(সাধু) কোৱা পৰ্ব সম্পন্ন হয়। ইয়াৰ অন্তত কৰম পৰৱৰ মূল মাংগলিক পূজা অৰ্চনাৰ কৰে আৰু এই কৰম পৰৱ উৎসৱ ভাগক কেন্দ্ৰ কৰি বিশ্বনাথ জিলা আটছাৰ শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ সঞ্চালনাত এটি সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠি কৰে।

উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি তথা যুৱ নেতা লক্ষীকান্ত বৰা সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বিশ্বনাথ জিলা আটছাৰ সহকাৰী সম্পাদক বিনোদ তচা, সদৌ আদিবাসী ছাত্ৰ সন্থা নদুৱাৰ আঞ্চলিক সভাপতি অনন্ত কুজুৰ, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়ত সভানেত্ৰী দীপা তাঁতী,অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপক তথা জনপ্ৰিয় কন্ঠ শিল্পী সুজিৎ তচা,নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতী আমন্ত্ৰিত অতিথি উপ-সভাপতি লক্ষীনাথ ভূঞা,সহকাৰী সম্পাদক যতীন তচা,সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মী,প্ৰাক্তন আটছা নেতা তথা শিক্ষক বিজেন তাঁতীসহ বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অঞ্চলটিৰ উল্লেখনীয় সন্তোষ ঝুমুইৰ দলৰ ৰূহীত তচাৰ পৰিচালনাত আয়োজন কৰা চাহ জনগোষ্ঠীৰ জাতীয় সাজ পাৰ পৰিধানৰ অনলাইন ফ’ট প্ৰতিযোগিতাৰ ফলফল ক্ৰমে প্ৰথম স্থান আমিনা তচা,দ্বিতীয় স্থান জয়ন্তী মল্লিক আৰু তৃতীয় স্থান প্ৰীতি তচাক গামোচা,প্ৰসংশা পত্ৰ আৰু একোটা ট্ৰফীৰে পূৰস্কৃত কৰে। সম্বৰ্দ্ধনা অনুষ্ঠানৰ অন্তত নদুৱাৰ আটছাৰ অন্যতম বিষয়ববীয়া তথা শিক্ষক আনন্দ তচাৰ দ্বাৰা মুকলি কৰা কৰম পৰৱটিৰ অন্যতম মূখ্য অনুষ্ঠান মুকলি আকড়া অনুষ্ঠান আৰম্ভ হয়। মুকলি আখড়াত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাই অনা জনপ্ৰিয় কন্ঠশিল্পী বিক্কি মল্লিক,পায়েল ওৰাঙ আৰু মাৰিউচ কুলদ্বীপৰ গীতৰ অনুষ্ঠানে কৰম পৰৱটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে বুলি মন্তব্য কৰে অয়োজক কমিটিৰ সভাপতি কৰণ তচা আৰু সম্পাদক দুৰ্য্যণ তচাই।











