শাসনাধিষ্ঠিত বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ কথা কৈ স্বচ্ছ নিকা দুৰ্নীতিমুক্ত এখন অসম গঢ়িবলৈ চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মছাৰী সকলক মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ।যদিও একাংশ দালাল আৰু এটা দুষ্ট চক্ৰই মুখ্যমন্ত্ৰীৰ এই নিৰ্দ্দেশক প্ৰত্যাহ্বান জনাই ওদালগুৰি,ওৰাং, ৰৌতা আৰু মাজবাটত ১০ টকীয়া এখন দলিলৰ দাম ১০০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত বিক্ৰী কৰাত সচেতন ৰাইজৰ মাজত চকু কপালত উঠিছে । প্ৰাপ্ত তথ্য মতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকত বিনামূলীয়া নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । উল্লেখযোগ্য যে যি সকল ছাত্ৰ ছাত্ৰীৰ অভিভাবকে চৰকাৰী কৰ্মচাৰী নহয় সেই সকল ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া নাম ভৰ্তি কৰিব পাৰিব । আৰু সেই সকল অভিভাবকে মহাবিদ্যালয় কৰ্তৃপক্ষক ১০ টকীয়া এখন দলিলৰ জৰিয়তে তেওঁ চৰকাৰী কোনো বিভাগৰে বেতনভোগী কৰ্মচাৰী নহয় বুলি লিখিত ভাবে জনাব লাগিব । কিন্তু এই ১০ টকীয়া দলিল খনৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ওদালগুৰি,ওৰাং, ৰৌতা আৰু মাজবাটৰ একাংশ কম্পিউটাৰ,জেৰক্স আৰু কিতাপ দোকানীয়ে ১০ টকীয়া এই দলিল খনৰ মুল্য ১০০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিক্ৰী কৰি আহিছে । দলিলৰ নাটনি দেখুৱাই এই সকল দোকানীয়ে এনেদৰে ছাত্ৰ ছাত্ৰী তথা অভিভাবক সকলক অধিক দামত দলিল কিনিবলৈ বাধ্য কৰোবাত স্বাভাৱিকতে জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে একাংশ ছাত্ৰ ছাত্ৰীয়ে উপায়ন্তৰ হৈ ১০০ টকা ১৫০ টকাটো দলিল কিনিবলৈ নোপোৱাত ২০০ টকাত কলা বজাৰত দলিল কিনিব লগীয়া হোৱাত মুখ্যমন্ত্ৰীৰ এই শূন্য সহনশীলতা, দুৰ্নীতিমুক্ত স্বচ্ছ নিকা অসম গঢ়াৰ প্ৰতি শ্ৰুতিৰ কথা বিটিএডি তথা ওদালগুৰি জিলাত পাহৰণিৰ গৰ্ভত বুলি ক্ষোভ প্ৰকাশ কৰিছে অভিভাবক ,ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে সচেতন মহলে । কিয়নো ক’ভিড কালৰ লকডাউনে সকলো স্তৰৰ লোককে অৰ্থনৈতিক ভাৱে জুৰুলা কৰা সময়ত এনেদৰে এখন ১০ টকীয়া দলিলৰ মুল্য প্ৰয়োজনীয় মূল্যতকৈ সীমা চেৰাই যোৱাত ওদালগুৰি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে সচেতন মহলে । তদুপৰি ওৰাং, ৰৌতা আৰু মাজবাটৰ ছাত্ৰ- ছাত্ৰী সকলে সাংবাদিকক জানিবলৈ দিয়া মতে এই ১০ টকীয়া দলিল খন ওদালগুৰি,ৰৌতাত ৮০ পৰা ১৫০ টকা, ওৰাঙত ৪০ টকা, মাজবাটত ৫০ টকা আৰু কলা বজাৰত ২০০ টকা বুলি জানিবলৈ দিছে । তথাপিও বহু ছাত্ৰ ছাত্ৰীয়ে দলিল পোৱা নাই বুলি জানিব পৰা গৈছে ।
কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত দক্ষিন পশ্চিম ৰঙিয়াত বিশ্ব শান্তি দিৱস উৎযাপন
বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত কাকুমণি বৈশ্য,সাগৰিকা বৈশ্য,প্ৰণৱ শৰ্মা,প্ৰতিভা কলিতা,প্ৰণামী কলিতাসহ বাঘবাৰী,ম’হখলী বৰমুৰা( খানাপাৰা)গাওঁবাসীৰ সহযোগত দক্ষিন পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ প্ৰাংগনত মঙ্গলবাৰে শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি “কবিতা” লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কবিতা প্ৰতিযোগিতাৰ মুল বিষয় আছিল “বিশ্ব শান্তি”৷ প্ৰায় ৩০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ ভিতৰত নিম্ন শাখাত প্ৰথম পুৰস্কাৰ শ্ৰী বিশাল দাস,২য় পুৰস্কাৰ- শ্ৰী চুমি কলিতা,৩য় পুৰস্কাৰ ক্ৰমে গৌৰৱ জ্যোতি কলিতা,শ্যামন্তিকা কলিতা আৰু অভিজ্ঞান কলিতাই লাভ কৰে, অন্যহাতে উচ্চশাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৌচুমী চুলতানাই ৷ বিজয়ী প্ৰতিযোগীসকলক একোখন গ্ৰন্থৰে পুৰস্কৃত কৰা হয়৷ ইয়াৰ উপৰিও উপস্থিত ছাত্ৰছাত্ৰী তথা শিশুসকলে বিশ্ব শান্তি সম্বন্ধে নিজাকৈ বক্তৃতাও দিয়ে৷
কবিতাৰ বিচাৰকৰ দায়িত্বত থাকে কবি অৰণ্যম কাশ্যপে৷ অনুষ্ঠানত প্ৰতিযোগীসকলৰ লগতে অভিভাৱকসকলৰ ফালৰ পৰা তপন কলিতা,হিতেন্দ্ৰ শৰ্মা, বিনন্দ কলিতাই বিশ্ব শান্তি সন্বন্ধে নিজাকৈ বক্তৃতা ৰাখে৷ কবি অৰণ্যম কাশ্যপে আগন্তুক সময়বোৰতো সমাজত শান্তিৰ বাতাবৰণ বিৰাজ কৰিবলৈ তথা শিশু আৰু ছাত্ৰ -ছাত্ৰীসকলকো এই ক্ষেত্ৰত উৎসাহী কৰিবলৈ এনেধৰণৰ কাৰ্য্যসূচী গ্ৰহণ যাব বুলি জনাই ৷ ৰঙিয়াৰ স্বনামধন্য যুৱকবি গৰাকীৰ এই পদক্ষেপৰ শলাগ লয়।
ভুৱা এনকাউন্টাৰৰ প্ৰতিবাদত ওদালগুৰিত ওদালগুৰিৰ ছাত্ৰ সমাজৰ ধৰ্ণা
সদৌ ওদালগুৰি জিলাৰ ছাত্ৰ-যুৱ সমাজৰ উদ্যোগত আজি নলবাৰী খেল পথাৰত অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংছাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মক হত্যা কৰাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্মসূচী ৰূপায়ণ। দিনৰ ১১ বজাত ছাত্ৰ -ছাত্ৰী সকল প্ৰতিবাদৰ বাবে হাতে হাতে বেনাৰ,ফেষ্টুন আদি লৈ সমবেত হয় যদিও আৰক্ষীৰ দলে সমদল কৰি প্ৰতিবাদ জনোৱাত বাধা আৰোপ কৰে।আৰক্ষীৰ এই বাধা নেওচি নলবাৰী খেলপথাৰতে সমবেত হৈ অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংচাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ হত্যাৰ CBI তদন্ত বিচাৰ ,অসম চৰকাৰ হায় হায়,অসম পুলিচ গো বেক, জয় বড়ো হাৰিনী আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে।নেতৃবৃন্দই কয়-নিৰীহ বড়ো যুৱকক এনেদৰে ভুৱা এনকাউন্টাৰ দেখুৱাই অসম আৰক্ষীয়ে হত্যা কৰাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু এই হত্যাকাণ্ডৰ এক ন্যায়িক তদন্ত হব লাগেবুলি দাবী জনায়।
নলবাৰীত সাংবাদিক সহ বহু কেইজন ভূ-মাফিয়া আটক, জেৰা অব্যাহত
মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰাজ উৎখাত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই এতিয়া সস্তম হৈ পৰিল নলবাৰী আৰক্ষী । সোমবাৰে ওৰে নিশা ভূ-মাফিয়াৰ বিৰুদ্ধে চলোৱা হল অভিযান । নলবাৰী আৰক্ষীয়ে কেইবাটাও গোটত বিভক্ত হৈ জিলাখনত ভূ-মাফিয়াৰ বিৰুদ্ধে চলালে এই অভিযান । এই অভিযানতে নলবাৰীৰ এগৰাকী সাংবাদিক সহ নিশা দহ গৰাকীকৈ লোকক আটক কৰিলে আৰক্ষীয়ে । এতিয়ালৈ ইজনৰ পিছত সিজনক আৰক্ষীয়ে লৈ আনিছে থানালৈ । তথাকথিত সাংবাদিক গৰাকীৰ লগতে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল চক্ৰ কলিতাক নলবাৰী আৰক্ষীয়ে আটক কৰিছে । লগতে আৰক্ষীয়ে কেইবাজনো অনা অসমীয়া মাটিৰ দালাকক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ এই অভিযান কালত নলবাৰীৰ ব্যৱসায়ী অজয় জৈন, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল জৈন আৰু নলবাৰী চহৰৰ কৃষ্ণ ফাৰ্মাচীৰ স্বত্বাধিকাৰীকো নিশা আটক কৰা বুলি জানিব পৰা গৈছে । ঘটনা সম্পৰ্কত আৰক্ষীয়ে মুখ খোলা নাই যদিও শীঘ্ৰেই আৰু বহু কেইগৰাকী বাঘা বাঘা লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে এশজনীয়া এখন তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰিছে এই অভিযান।
অৰুণাচলৰ মাকানটঙত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আয়োজন
অৰুণাচলৰ চাংলাং জিলাৰ ডাইউন সমষ্টিৰ বিধায়ক চামলুং মচাং আজি মাকানটঙত অনুষ্ঠিত হোৱা ২০২১বৰ্ষৰ মাকানটং ফুটবল প্রাইজ মানি প্ৰতিযোগিতাত উপস্হিত হয়। মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা বিধায়ক গৰাকীক আয়োজক সমিতিৰ লগতে উপস্থিত থকা স্থানীয় ৰাইজে উলহ মালহেৰে, ফুলাম গামোচা জ্ঞাপন কৰি আদৰণী জনায় লগতে উপস্হিত হয় এডিচি বিষয়া এছ আই অৰ্জুন মোহন, জেদ পি এম বিষয়া, গাঁওবুঢ়া, বিভিন্ন সংগঠনটৰ নেতৃবৃন্দ, বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া, কৰ্মচাৰী আৰু স্হানীয় ৰাইজ। ৩৫টা দলৰ মাজত হোৱা ফুটবল প্ৰতিযোগিতাত জয় পৰাজয় হৈ আজি ফাইনেল ৰাউণ্ডত ইউ এম এফ চি আৰু ৱুংপুং দুয়োটা দলৰ মাজত হবলগীয়া খেলত উপস্হিত হোৱা স্হানীয় বিধায়ক চামলুং মচাঙে দুয়োটা দলক শুভেচ্ছা জ্ঞাপন কৰি খেলৰ জগতখন উন্নতি কৰাৰ কথা প্ৰকাশ কৰে। খেলৰ জৰিয়তে নিজক চিনাকি দি এজন সুদক্ষ খেলুৱৈ হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে সমাজত এক সুপ্ৰভাৱ পেলাবলৈ আহ্বান জনায়। খেলৰ উঠি অহা যুৱপ্ৰজমনৰ প্ৰসংগৰ মাজতে ক্ষোভ উজাৰি কয় যে শান্তি আৰু প্ৰগতিৰ বাবে ভোট দি মোক জয় কৰা জনসাধাৰণক মই সুৰক্ষা দিবলৈ সাজু আছোঁ l

কিন্তু যিয়েই সমাজৰ সন্ত্ৰাস সৃষ্টি কৰা কৰ্ম কৰিব তেনেলোকক শাস্তিৰ পৰা নিৰাময় কৰাত কোনো সহায় নকৰোঁ,এই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰে। ইয়াৰ লগতে যাতায়তৰ ক্ষেত্ৰত দেখা দিয়া মাকানটংৰ মূল পথৰ সমস্যা সমাধান কৰাৰ উপৰিও আৰু বহু কেইটা পথ নিৰ্মাণ কৰাৰ কথা প্ৰকাশ কৰে। অনুস্থিত হৈ থকা খেল পথাৰ খনৰ কাষত শৌচালয়ৰ বাবে সুবিধা হোৱাকৈ শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰায় ২৬লাখ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ উপৰিও যিকোনো সমস্যা সমাধানৰ বাবে যিমান পৰো নিজৰ সমস্যা হিচাপে সমাধান কৰাৰ কথাও প্ৰকাশ কৰে। ইয়াৰ লগতে উপষ্ঠিত থকা এডিচি অৰ্জুন মোহন আৰু জেদ পি এম বিষয়া দুজনেয়ো ক্ৰিয়া জগতৰ উন্নয়নৰ কথা কৈ দুয়োটা দলক শুভেচ্ছা জ্ঞাপন কৰে। দুয়োটা দলৰ মাজত হোৱা ফাইনেল ৰাউণ্ডত ইউ এম এফ চি দলটোয়ে জয়লাভ কৰে। আয়োজক সমিতিয়ে উপষ্ঠিত হোৱা অতিথি সকলক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত খেলৰ দিশটোৰ দুগুণ উন্নয়নৰ বাবে এনেকৈ বিভিন্ন প্ৰদশেপ লোৱাৰ কথা প্ৰকাশ কৰে।
শিৱসাগৰত সপ্তাহজোৰা আধাৰ পঞ্জীয়ন শিবিৰ: ১৬০জন লোকৰ বিনামূলীয়াকৈ আধাৰ পঞ্জীয়ন
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ ডিমৌ শাখাৰ সহযোগত ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত সপ্তাহজোৰা বিনামূলীয়া আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰ আজি সম্পন্ন হয়। ডিমৌ নিতাই পথৰ গগৈ কমপ্লেক্সেত অনুষ্ঠিত এই আধাৰ পঞ্জীয়ন শিবিৰত ডিমৌ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ১৬০ গৰাকী পুৰুষ,মহিলা, যুৱক-যুৱতী আৰু শিশু-কিশোৰে আধাৰ পঞ্জীয়ন কৰে। এই আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰত উপস্থিত হৈ আধাৰ পঞ্জীয়ন কৰা সকলো ব্যক্তিকে আয়োজক অমৃত পুড্ডাৰ, ৰোপেশ বাজাজ, সুমিত পুড্ডাৰে ধন্যবাদ জনোৱাৰ লগতে জিলা প্ৰশাসনকো এই সহযোগিতাৰ ধন্যবাদ কৃতজ্ঞতা জনায়।
ডিমৌৰ ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ দ্বাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা
অসম ভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠান ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰই বিগত বছৰ সমূহৰ দৰেই এই বছৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ হোৱা স্থানীয় ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক ১৯ ছেপ্টেম্বৰত দোপনীস্থিত কেন্দ্ৰৰ প্ৰশাসনিক কাৰ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হয়। কেন্দ্ৰৰ নৱনিৰ্বাচিত সভাপতি অচ্যুৎ কৃষ্ণ শইকীয়াৰ সভাপতিত্বত কোবিডৰ নীতি নিৰ্দেশনা পালন কৰি অনুস্থিত হোৱা ২৭ সংখ্যক কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা সভাত মুখ্য অতিথি হিচপে উপস্থিত থাকে বিশিষ্ট সমাজ কৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ গোস্বামী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰৰ সঞ্চালক ৰাজেন বড়া। আদৰণী ভাষণত বড়াই কেন্দ্ৰই জন্ম লগ্নৰে পৰা নিষ্ঠাৰে কৰি অহা বিভিন্ন কামৰ আলোকপাত কৰে। সভাৰ উদ্দেশ্য ব্যাখা কৰে কেন্দ্ৰৰ সম্পাদক বিৰেণ বকলীয়ালে। সম্বৰ্দ্ধনা সভাত ছাত্ৰ ছাত্ৰীৰ লগতে বহু সংখ্যক অভিভাৱকো উপস্থিত থাকে। সভাত ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ গোপাল পাণ্ডেৰ লগতে অন্যান্য বিষয় ববীয়া সকলো উপস্থিত থাকে। ষ্টাৰ আৰু ডিষ্টিংচন স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়।
দেৰগাঁৱৰ নাৰিকলগুৰিৰ মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক নিৰুদ্দেশ
নাৰিকলগুৰিৰ দেৰগাঁও আৰক্ষী থানাৰ সমীপৰ বুবু আহমেদ নামৰ ৪০ বছৰীয়া এজন যুৱক ১৬ ছেপ্টেম্বৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ কথা পৰিয়ালৰ লোকৰ পৰা জানিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ লাভ কৰা নাই দেৰগাঁও আৰক্ষীয়ে। মানসিকভাৱে বাধাগ্ৰস্ত যুৱকজনক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।মুখেৰে স্পষ্ট ভাবে কথা কব নোৱাৰা মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক জনৰ বিষয়ে কোনো লোকে সম্ভেদ লাভ কৰিলে ততালিকে দেৰগাঁও আৰক্ষী থানাৰ লগত নাইবা ৮৮২২৯২৬৩৪৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ যুৱক জনৰ মাতৃয়ে কাতৰ আহ্বান জনাইছে।
ছহিদ নগৰী ঢেকিয়াজুলিৰ ১৯৪২ৰ ছহিদ,ওদালগুৰি জিলাৰ মজবাটৰ দয়াল দাস পাণিকাৰ বংশ পৰিয়ালে আজিও নাপালে চৰকাৰী ৫ লাখ টকীয়া সাহায্য
১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত বৃটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ বৃটিছৰ গুলী বুকু পাতিলৈ ছহিদ হৈছিল ১৩ গৰাকীকৈ লোক ৷এই তেৰ গৰাকী ছহিদৰে এগৰাকী অন্যতম ছহিদ হ’ল ওদালগুৰি জিলাৰ মাজবাটৰ দয়াল দাস পাণিকা ৷এই ছহিদ পৰিয়ালটি সেই সময়তে জীৱনৰ ভয়ত ঢেকিয়াজুলিৰ কাঠনিবাৰী গাঁওৰ পৰা উঠি আহি বৰ্তমানৰ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত ইফাল সিফাল বাগৰি অৱশেষত মাজবাট ৰাজহ চক্ৰৰ অধীস্থ ৰৌতা গাঁওত থাকিবলৈ লয় ৷বৰ্তমান এই ছহিদ গৰাকীৰ নাতিনী বোৱাৰী মালতী পাণিকা এটি জুপুৰি ঘৰত আশ্ৰয় লৈ আছে ৷জীয়াই থকাৰ কোনো সম্বল নথকা দিন হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰি আছে ছহিদ পৰিয়ালটি ৷দীৰ্ঘ বছৰৰ পৰা এই পৰিয়ালটি নিখোজ হৈ থকাত ঢেকিয়াজুলিত প্ৰতিবছৰে ২০ ছেপ্তেম্বৰত আয়োজিত সম্বৰ্ধনা সভাত আয়োজক সকলে পৰিয়ালটিক সম্বৰ্দ্ধনা জনাব পৰা নাছিল ৷কিন্ত ২০০২ চনতে ওৰাঙস্হ সংবাদ সেৱক দুজনে অশেষ কষ্টকৰি এই পৰিয়ালটিৰ মাজবাটৰ একেবাৰে এক ভিতৰুৱা অঞ্চল ৰৌতা গাওঁত বসবাস কৰি থকাৰ সন্ধান দিছিল ৷এনেখবৰৰ ভিত্তিতে ২০১৭ চনৰ ১৯ আগষ্টত ঢেকিয়াজুলিত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্হিতিত আয়োজিত বলিদান দিৱসত ছহিদ গৰাকীৰ নাতিনী বোৱাৰী মালতী পাণিকা আৰু সম্পৰ্কীয় আজুনাতি তুলাৰাম পাণিকাক লগতলৈ গৈছিল ৷উক্ত সভাতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছহিদ পৰিয়াল সকললৈ এককালীন ভাবে পাঁচ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছিল ৷কিন্ত দুৰ্ভাগ্যৰ বিষয় আজি প্ৰায় চাৰি বছৰে পৰিয়ালটি চৰকাৰৰ পৰা এটা ফুটাকঢ়ি নাপালে ৷যোৱা ২০২০ চনৰ ডিচেম্বৰৰ বিটিচি নিৰ্বাচনৰ আগে আগে বিটিচি ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপক মৌৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে এই পৰিয়ালটিৰ থকাৰ বাবে দুই কঠা মাটি কিনি দি ২৪× ১২ জোখৰ দুটা কোঠাৰ এটি গৃহ নিৰ্মাণৰ কাম হাতত লৈছিল যদিও আজি ১০ মাহ উকলি যোৱাৰ পিছতো অৰ্ধনিৰ্মিত হৈ পৰি আছে নিৰ্মীয়মান গৃহটি ৷উল্লেখযোগ্য যে ছহিদ দয়াল দাস পাণিকাৰ নামত অসম চৰকাৰে ছাত্ৰ বৃত্তি আঁচনিৰো প্ৰৱৰ্তন কৰিছে যদিও এই ছহিদ পৰিয়ালটিয়ে পাব লগীয়া চৰকাৰী সাসুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে ৷কাইলৈ ছহিদ দিৱস৷এই দিৱসত অন্য ছহিদ পৰিয়ালৰ লগতে এই ছহিদ পৰিয়ালটিকো ৰাজকীয় মঞ্চত সম্বৰ্ধনাৰে ওপচাই পেলাব ৷কিন্ত ইয়াৰ পৰা গৈ এমুঠি ভাতৰ বাবে ছহিদৰ নাতিনী বোৱাৰী মালতী পাণিকাই ঘৰে ঘৰে হাজিৰা কৰিব লাগিব ৷ অকৰ্মণ্য সাংসদ,মন্ত্ৰী,৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক,বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য,এম চিএল এ আদি সকলে ইচ্ছাকৃত ভাবে বছৰ বছৰ ধৰি চুড়ান্ত ভাবে অবহেলিত,প্ৰতাৰিত কৰি শ্বহীদ পৰিয়ালটোক চৰকাৰী সা সুবিধা আদি প্ৰদান কৰাৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত,প্ৰতাৰিত,ঠগ,প্ৰবঞ্চনা কৰি আহিছে ৷ ৷বৰং দিনক দিনে শ্বহীদ পৰিয়ালটো ধংসৰ পথত গতি কৰিবলৈ লৈছে ৷তৎস্বত্বেও নিৰ্ষ্কমা,অপদাৰ্থ মন্ত্ৰী,বিধায়ক আদি সকলে সম্প্ৰতি কুম্ভকৰ্ণৰ গভীৰ নাক বজাই শুই থকাটো এতিয়া এতিয়া নিত্য মৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷অকৰ্মণ্য,অপদাৰ্থ সাংসদ,মন্ত্ৰী,বিধায়ক,বিটিএডিৰ মুখ্য কাৰ্য্যবাহী সদস্য,কাৰ্য্যবাহী সদস্য আৰু এম চি এল এ আদি চুড়ান্ত হেমাহি,অৰাজকতা বাবেই শ্বহীদ পৰিয়ালটো বঞ্চিত,প্ৰতাৰিত হৈ আহিছে বুলি ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে ৷
মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিমূলক সভা সম্পন্ন
দেৰগাঁও সমষ্টিৰ ৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰমুকলিত মিচিং জাতীয় সংগঠন এম বি কে, টি এম পি কে, এম এম কে, টি এম এম কে , এম এ কে, এম ডি কে ১নং লাখেৰাজ আঞ্চলিক সমিতি সমুহৰ এক যৌথ প্ৰতিনিধিমূলক ৰাজহুৱা সভা শিক্ষক জ্যোতি টায়ুঙৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে , এম এ কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট শিক্ষাবিদ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড’ দীপক দলে ডাঙৰীয়া, জ্যেষ্ঠ সংগঠনক তৰাচন পেগু, এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচং , টি এম পি কে যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিছং , ডি এম কে কেন্দ্ৰীয় সমিতিৰ সদস্য অতীন দলে, টি এম এম কে যোৰহাট জিলা সমিতিৰ সম্পাদিকা চুমী পাচুং, স্থানীয় কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। মিচিং ভাষা, সাহিত্য, সংস্কৃতিক আৰু অধিক সমৃদ্ধিশালী কৰিবলৈ,মাতৃভাষা হিচাপে জীয়াই ৰখাৰ উপৰিও প্ৰচাৰ প্ৰসাৰ কৰিবলৈ মিচিং আগম কেবাং, মিচিং দৃৰবৌ্ কেবাং, মিচিং বা:নে: কেবাং সমিতিসমূহৰ পুনৰ গঠনৰ জৰিয়তে মিচিং সমাজ ব্যৱস্থাক সু-শৃংখলিতভাৱে চলাই যোৱাৰ মানসেৰে অনুষ্ঠিত কৰা প্ৰতিনিধিমূল সভাখনৰ আঁতধৰে এম এম কেৰ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি অতুল মিছঙে। এই সভাতে মিচিং দৃৰ্বি কেবাং মিচিং বা্:নে্: কেবাং মিচিং দৃৰবৌ্ কেবাঙৰ তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়।











