Home Blog Page 2833

নাজিৰাত আৱকাৰী বিভাগৰ বৃহৎ অভিযান

আজি কাহিলী পুৱাৰে পৰা দিনজোৰাকৈ শিৱসাগৰ জিলা আৱকাৰী অধীক্ষক ৰাজু মহন্ত , নাজিৰা আৰু আমগুৰী আৱকাৰী চক্ৰ পৰিদৰ্শক দ্বয় চন্দন বুঢ়াগোহাঁই আৰু ৰুদ্ৰ গগৈৰ নেৰ্তৃত্বত আৱকাৰী বিভাগৰ এটা দলে নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত লাহন গাওঁ , কছাৰী চুক , শিঙিবিল গাওঁ , বৰবাৰী আদি বিভিন্ন স্থানত অবৈধ মদ আৰু চুলাই মদৰ বিৰুদ্ধে বৃহৎ অভিযান চলায় । এই অভিযানত আৱকাৰী দলটোৱে ৪০০০ লিটাৰ চুলাই মদৰ পাছ , ৬ টা চুলাই মদ তৈয়াৰ কৰা যন্ত্ৰ , প্ৰায় ১২০ লিটাৰ চুলাই মদ , ৪০ কেজিৰোধিক চুলাই মদ প্ৰস্তুত কৰা তোলাগুৰ জব্দ কৰে আৰু সাক্ষীৰ সাক্ষাতত ঠাইতে নষ্ট কৰি দিয়ে । উক্ত অভিযান কালত  অবৈধ চুলাই মদ ব্যৱসায়ীৰ বিৰুদ্ধে ৩ টা আৱকাৰী গোচৰ ৰুজু কৰে । 

ভাৰতে লাভ কৰিব 200 কিলোমিটাৰ দীঘল বৈদ্যুতিক ঘাইপথ ।

দেশখনে সোনকালেই প্ৰথম বৈদ্যুতিক ঘাইপথ লাভ কৰিব পাৰে। চৰকাৰে দিল্লী আৰু জয়পুৰৰ মাজত বৈদ্যুতিক ঘাইপথ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। এইটো কেন্দ্ৰীয় পথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ ৰাজস্থানৰ দৌচাত ঘোষণা কৰিছিল। সকলো বৈদ্যুতিক বাহন এই ঘাইপথত চলাচল কৰিব। ই ধন ৰাহি কৰিব আৰু প্ৰদূষণ হ্ৰাস কৰিব। কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণাক দেশত বৈদ্যুতিক বাহনৰ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়।
সৰল ভাষাত, এক ঘাইপথ য’ত বৈদ্যুতিক বাহন চলাচল কৰে। তাঁৰে ৰেলখনৰ ইঞ্জিনটো এটা বাহুৰ জৰিয়তে সংযোগ কৰে, যাৰ ফলত সমগ্ৰ ৰেলখনক বিদ্যুৎ প্ৰদান কৰা হয়। একেদৰে, ঘাইপথত বৈদ্যুতিক তাঁৰও স্থাপন কৰা হ’ব। ৰাজপথত চলাচল কৰা বাহনসমূহে এই তাঁৰৰ পৰা বিদ্যুৎ লাভ কৰিব। ইয়াক ই-হাইৱে, অৰ্থাৎ বৈদ্যুতিক ঘাইপথ বুলি কোৱা হয়। ঘাইপথটোত বৈদ্যুতিক বাহন চাৰ্জ কৰিবলৈ কম দূৰত্বত চাৰ্জিং পইণ্ট থাকিব।

জলপাইগুৰি চাইল্ডলাইনে ওদালগুৰি চাইল্ডলাইনক গতাই দিলে ৰৌতাৰ কিশোৰীক

যি সময়ত ৰাজ্য খনত মানৱ সৰবৰাহ, বাল্য বিবাহ, শিশু শ্ৰমিক আদি দৰে শিশুৰ অপৰাধ জনীত কৰ্ম কাণ্ড সংঘটিত হৈ আহিছে এনে সময়য়তে জলপাইগুৰি চাইল্ডলাইনে  ২১ছেপ্তেম্বৰত  ওদালগুৰি চাইল্ডলাইনক গতাই দিলে জিলা খনৰ ভৈৰৱকুণ্ড থানাৰ অন্তৰ্গত মাজুৰগাওঁৰ নিবাসী পিতৃ লক্ষণ হাসদা আৰু মাতৃ বুদ্দিন হেমৰমৰ ১৫ বছৰীয়া কিশোৰীক।উল্লেখযোগ্য যে ৰৌতৰ নিবাসী বৰ্তমান মাজুৰগাওঁৰ সমন্ধীয়াৰ ঘৰত থকা বুদৰাই সুৰেইনে(২৭) কিশোৰী জনীক প্ৰেমৰ মায়াজালেৰে যোৱা মাৰ্চ মাহত কাম কৰাৰ চলেৰে জলপাইগুৰিলৈ  পলুৱাই লৈ যায়।পিছত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সন্দেহত জলপাইগুৰি আৰক্ষীয়ে লৰা জনক গ্ৰেপ্টাৰ কৰে আৰু ছোৱালী জনীক জলপাইগুৰি চাইল্ড লাইনক গতাই দিয়ে। জলপাইগুৰি চাইল্ডলাইনত কিশোৰী জনী আঠ মাহ থকা পিছত ২১ ছেপ্তেম্বৰত ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰাই অভিভাৱক গতাই দিয়া হয়।

মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে অভিযান।

মৰিগাঁও আৰক্ষীৰ ABI পৰীক্ষিত ডেকাৰজা আৰু জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্প জ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযান কাৰী আৰক্ষীৰ দলটোৱে সাতজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোক কেইজনৰ বিৰুদ্ধে জালুগুটি আৰক্ষী পহৰা চকীত 388/21নম্বৰৰ এটা গোচৰ ৰুজো কৰি জেল হাজতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। আটক কৰা সাতজন ক্ৰমে বৰচকাবাহাৰ আৰব আলী আৰু চাহাবুদ্দিন, বগৰীতলাৰ জুলহাজ আলী, আইনুল হকগৰমাৰীৰ জেহিৰুল ইছলাম, ৰহডলাৰ ৰৌচন আলী আৰু ৰাজুল আলী। 

ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৮হেজাৰ ভেকচিন প্ৰদান

ওদালগুৰি জিলাৰ ধনশ্ৰীঘাটত  অৱস্থিত ধনশ্ৰীঘাট নতুন  প্ৰথমিক স্বাস্থ্য কেন্দ্ৰটো  সামৰিলৈ  আজি ২১ ছেপ্টেম্বৰৰ দিনাখন  ৮০গৰাকীক  ধনশ্ৰীঘাটটো কভিড  টীকা কৰণ কৰা  হৈছিল  । অসম চৰকাৰে লোৱা এই প্ৰসংসনীয় অভিযানত উক্ত স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত সকলো চিকিৎসক ,কৰ্মচাৰীয়ে যথেষ্ঠ কষ্ট কৰা পৰিলক্ষিত হৈছে ।২o ছেপ্তেম্বৰৰ দিনটোত উক্ত স্বাস্থ্য কেন্দ্ৰত ১০০ গৰাকী লোকক কভিড টীকা কৰণ কৰা হৈছে ।ইতিমধ্যে এই কেন্দ্ৰটোত যোৱা ৩০ এপ্ৰিলৰ পৰা শুভ  আৰাম্ভ কৰা  প্ৰায় ৮হাজৰ   ভেকচিন প্ৰদান কৰা হৈছে ৷কভিভ ভেকচিন কৰাৰ ক্ষেত্ৰত  বুলেন মাহাতো, মঞ্জু দেবী,পলিনা বসুমতাৰী,বিঠৰাই নাৰ্জাৰী,জেনচন হায়নাৰী,কমল পাঠক আৰু আশা কৰ্মী মিনতি ডেকা,ৰেনু বৈশ্য,ৰেনুকা দেবী,কল্পনা দেবী,হাজটী দৈমাৰী,ৰিকিমা বসুমতাৰী,নমিতা দেবী,মইনা নাথ আদিয়ে সহায় সহযোগিতা কৰে ৷সমগ্ৰ কাৰ্যসুচীত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতে সহযোগিতা আগবঢ়ায় ৷

ভাৰতে কাইলৈ অগ্নি-৫ পৰীক্ষা কৰিব, এই মিছাইলটোক লৈ উদ্বিগ্ন চীন

ভাৰতে ২৩ ছেপ্টেম্বৰত অগ্নি-৫ মিছাইলৰ পৰীক্ষা কৰাৰ কথা আছে। এইটো পাৰমাণৱিক অস্ত্ৰ মিছাইলৰ ৮ম পৰীক্ষা হ’ব। ৫,০০০ কিলোমিটাৰ দূৰত্বৰ মিছাইলে চীনৰ কেইবাখনো চহৰতো আঘাত কৰিব। সম্প্ৰসাৰণবাদী নীতিৰ বাবে কুখ্যাত চীনেও মিছাইল পৰীক্ষাৰ সংবাদ মাধ্যমৰ বাতৰিৰ মাজত শান্তি আৰু নিৰাপত্তাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছে। ভাৰতেও এই বছৰৰ জুনমাহত অগ্নি প্ৰাইম পৰীক্ষা কৰিছিল আৰু অগ্নি-৬ ৰ ওপৰতো কাম কৰি আছে।

মিছাইলটোৱে সেনাত যোগদান কৰাৰ লগে লগে, ভাৰত বিশ্বৰ অভিজাত দেশসমূহৰ ভিতৰত থাকিব য’ত পাৰমাণৱিক সশস্ত্ৰ আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) আছে ।

শিক্ষা বিভাগৰ পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত বিসংগতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ

:পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত বিংসগতিৰ বাবে  বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীও বঞ্চিত হব নিযুক্তিৰ পৰা।এই অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৰ।২১ছেপ্তেম্বৰত  এবচুৰ ওদালগুৰি জিলাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সভাপতি বড়োই লগতে কয়- শিক্ষাৰ্থী ৰাজ্যত কোনো বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীয়ে ক ত কৰিব আবেদন। সংবাদমেলত এবছুৰ সভাপতি গৰাকীয়ে কয়- এগৰাকী পোষ্ট গ্ৰেডুৱেট শিক্ষক হবলৈ প্ৰথমে কোনো এটা বিষয়ত স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰীধাৰী হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হব লাগিব। কিন্তু এই সকলো যোগ্যতা থকাৰ পিছতো বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ বাবেই এজন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাটো কোনোপধ্যে মানি লব নোৱাৰি। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আমি দাবী কৰিছো। তেওঁ লগতে কয়- অসমত বড়ো মাধ্যমত উচ্চতৰ মাধ্যমিকৰ পাঠদান আজিলৈকে আৰম্ভ কৰিব পৰা হোৱা নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও পিছলৈ ইংৰাজী মাধ্যমত উচ্চতৰ আৰু স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন কৰে। তেনেক্ষেত্ৰত বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা শিক্ষাৰ্থীক কেৱল বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদনৰ বাবে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনে নিজৰ মাতৃভাষাত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা প্ৰাৰ্থীক সকলো যোগ্যতাৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখা হব বুলি অভিযোগ তোলে। এবছুৰ সভাপতি গৰাকীয়ে কয়- কোভিড১৯ৰ নীতি নিৰ্দেশনা মানি শিক্ষা বিভাগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি বিটিআৰৰ চাৰিখন জিলাত ৫০ হাজাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।কিন্ত্তু উত্তীৰ্ণ অনুপাতে মাত্ৰ ২২ হাজাৰ ছাত্ৰ ছাত্ৰীহে নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে।বাকী ২৮ হাজাৰে এতিয়াও নাম ভৰ্ত্তি কৰিব পৰা নাই।সেয়ে চৰকাৰৰ শিক্ষা বিভাগক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহনেৰে শিক্ষাৰ্থীসকলক নাম ভৰ্ত্তিৰ সুবিধাৰে শিক্ষা গ্ৰহনৰ পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলোৱে সুবিধা পাব লাগিব। বিটিআৰ চুক্তিমতে প্ৰাদেশীকৰণৰ ব্যৱস্থাটো তৰান্বিত কৰিব লাগে বুলি উল্লেেখ কৰে।তেওঁ ষষ্ঠ অনুসূচীতৰ বাহিৰত থকা শিক্ষানুষ্ঠানত পদ সৃষ্টি কৰিব লাগে ইয়াত কোনো বড়ো-অসমীয়া মাধ্যমৰ কথা যেন নাহে। আনহাতে কোকৰাঝাৰৰ উল্টা পানীত প্ৰাক্তন এনডিএফবিৰ দুই কৰ্মীক ইউএলবিৰ সদস্য সজাই নাটকীয় ঘটনাৰে এনকাউন্টাৰ দেখুৱাই হত্যা কৰা কাৰ্যক গৰিহনা জনাই আৰু ধিক্কাৰ দিয়ে।তেওঁ শান্তিৰ স্বাৰ্থতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই।মাৰনাস্ত্ৰতৰ বিৰুদ্ধেও চৰকাৰে বিহীত ব্যৱস্থা লব লাগে।কোনো অস্ত্ৰধাৰী সংগঠনৰ জন্মহোৱাটো আমি কামনা নকৰো।ন্যায় হকে কাম কৰি যোৱা এবচুৱে বন্দুক বাৰুদৰ আন্দোলনক সমৰ্থন নকৰে বুলিও এবচুৰ সভাপতি দ্বিপেন বড়োই উল্লেখ কৰে।

শিক্ষা বিভাগৰ পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত বিসংগতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ

পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত বিংসগতিৰ বাবে  বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীও বঞ্চিত হব নিযুক্তিৰ পৰা।এই অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৰ।২১ছেপ্তেম্বৰত  এবচুৰ ওদালগুৰি জিলাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সভাপতি বড়োই লগতে কয়- শিক্ষাৰ্থী ৰাজ্যত কোনো বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীয়ে ক ত কৰিব আবেদন। সংবাদমেলত এবছুৰ সভাপতি গৰাকীয়ে কয়- এগৰাকী পোষ্ট গ্ৰেডুৱেট শিক্ষক হবলৈ প্ৰথমে কোনো এটা বিষয়ত স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰীধাৰী হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হব লাগিব। কিন্তু এই সকলো যোগ্যতা থকাৰ পিছতো বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ বাবেই এজন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাটো কোনোপধ্যে মানি লব নোৱাৰি। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আমি দাবী কৰিছো। তেওঁ লগতে কয়- অসমত বড়ো মাধ্যমত উচ্চতৰ মাধ্যমিকৰ পাঠদান আজিলৈকে আৰম্ভ কৰিব পৰা হোৱা নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও পিছলৈ ইংৰাজী মাধ্যমত উচ্চতৰ আৰু স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন কৰে। তেনেক্ষেত্ৰত বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা শিক্ষাৰ্থীক কেৱল বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদনৰ বাবে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনে নিজৰ মাতৃভাষাত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা প্ৰাৰ্থীক সকলো যোগ্যতাৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখা হব বুলি অভিযোগ তোলে। এবছুৰ সভাপতি গৰাকীয়ে কয়- কোভিড১৯ৰ নীতি নিৰ্দেশনা মানি শিক্ষা বিভাগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি বিটিআৰৰ চাৰিখন জিলাত ৫০ হাজাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।কিন্ত্তু উত্তীৰ্ণ অনুপাতে মাত্ৰ ২২ হাজাৰ ছাত্ৰ ছাত্ৰীহে নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে।বাকী ২৮ হাজাৰে এতিয়াও নাম ভৰ্ত্তি কৰিব পৰা নাই।সেয়ে চৰকাৰৰ শিক্ষা বিভাগক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহনেৰে শিক্ষাৰ্থীসকলক নাম ভৰ্ত্তিৰ সুবিধাৰে শিক্ষা গ্ৰহনৰ পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলোৱে সুবিধা পাব লাগিব। বিটিআৰ চুক্তিমতে প্ৰাদেশীকৰণৰ ব্যৱস্থাটো তৰান্বিত কৰিব লাগে বুলি উল্লেেখ কৰে।তেওঁ ষষ্ঠ অনুসূচীতৰ বাহিৰত থকা শিক্ষানুষ্ঠানত পদ সৃষ্টি কৰিব লাগে ইয়াত কোনো বড়ো-অসমীয়া মাধ্যমৰ কথা যেন নাহে। আনহাতে কোকৰাঝাৰৰ উল্টা পানীত প্ৰাক্তন এনডিএফবিৰ দুই কৰ্মীক ইউএলবিৰ সদস্য সজাই নাটকীয় ঘটনাৰে এনকাউন্টাৰ দেখুৱাই হত্যা কৰা কাৰ্যক গৰিহনা জনাই আৰু ধিক্কাৰ দিয়ে।তেওঁ শান্তিৰ স্বাৰ্থতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই।মাৰনাস্ত্ৰতৰ বিৰুদ্ধেও চৰকাৰে বিহীত ব্যৱস্থা লব লাগে।কোনো অস্ত্ৰধাৰী সংগঠনৰ জন্মহোৱাটো আমি কামনা নকৰো।ন্যায় হকে কাম কৰি যোৱা এবচুৱে বন্দুক বাৰুদৰ আন্দোলনক সমৰ্থন নকৰে বুলিও এবচুৰ সভাপতি দ্বিপেন বড়োই উল্লেখ কৰে।

মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ সমস্যা সমাধানৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাr পুৰণি পুখৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ ওপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিটিয়ে আজি অভিযোগ তুলি ধৰিছে। সপ্তাহিক বজাৰৰ  তিনিচুকীয়া জিলাৰ ভিতৰত অন্যতম বৃহৎ বজাৰখনেই হল মাধৱপুৰ বৰডুমচা বজাৰ।এই বজাৰৰ টেণ্ডাৰো প্ৰায় দহ লাখতকৈ অধিকত টকাত লাভ কৰে টেণ্ডাৰ মৰা সকলে। কিন্তু এইক্ষেত্ৰত আচলতে কিয়  আন্তগাঠনিক দিশটোৰ অবস্থা অতি জৰাজীৰ্ণ হব লগীয়া হৈছে,কিয় বজাৰৰ ঘৰৰ টিংপাত মামৰে ধৰি ফুটি গৈ বৰষুণ আহিলে দোকানৰ অৱস্থা লাভতকৈ বেছি লোকচান হোৱাৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে, কিয় এটা শৌচালয় আৰু এটা ভাল দমকল নথকাত ক্ৰেতা বিক্ৰেতাই বজাৰৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। সংগঠনটোৰ আঞ্চলিকৰ উপদেষ্টা গৌতম বৰুৱা ,সম্পদক মন্টুশ মুদৈৰ লগতে অন্যান্য বিষয়বৰ্বিয়া সকলে শেষত বজাৰ খনৰ  আন্তগাঠনিক দিশত থকা সকলো সমস্যা সমাধানৰ বাবে চৰকাৰক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

লামডিঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭১ সংখ্যাক জন্মদিন উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

হোজাই জিলা লামডিং বিজেপি টাউন মণ্ডলৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যাক জন্মদিন উপলক্ষে লামডিং শ্বহীদ ময়দানত ৰক্তদান শিবিৰ আয়োজন কৰা হয় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত লামডিং টাউন মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে একত্ৰিত হৈ প্ৰধানমন্ত্ৰী গৰাকীৰ সু-স্বাস্হ্য আৰু  দীৰ্ঘায়ু  কামনা কৰে ৷ সমগ্ৰ ৰাজ্যত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিন ২১ দিনীয়া কাৰ্যসূচীৰে পালনৰ অংশ হিচাবে মঙলবাৰ দিন  লামডিং বিজেপি টাউন মণ্ডল আৰু INDIAN RED CROSS SOCIETY সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে ৷উক্ত ৰক্ত দান শিবিৰত লামডিং বাসী ৰাইজ আহি ৰক্ত দান কৰে আৰু লগতে একাংশ সচেতন ৰাইজে কয় যে ৰক্ত দান মহা দান ৷ আমি সদায় ৰক্তা দান কৰিহে আনৰ জীৱন ৰক্ষা কৰিব পাৰিম৷ উক্ত ৰক্ত দান শিবিৰত উপস্থিত থাকে বিনয় কলিতা জিলা সভাপতি যুৱ মৰ্চা, দেৱাশিস গুপ্ত লামডিং বিজেপি টাউন মণ্ডল সভাপতি, INDIAN RED CROSS SOCIETY CHAIRMAN ৰাজকুমাৰ পাণ্ডে হোজাই, দিবাকৰ নাগ বিজেপি যুৱ মৰ্চা লামডিং টাউন মণ্ডল সভাপতি, মিৰা মিশ্ৰ মহিলা মৰ্চাৰ উপসভানেএী লামডিং মণ্ডল আৰু লগতে বহু সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷ একোগচি বন্তি জ্বলাই প্ৰধানমন্ত্ৰীৰ সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে সকলোৱে ৷ অহা সাত অক্টোবৰলৈ চলিব লগা জন্মদিন কাৰ্যসূচীত ছাফাই অভিযান, ৰক্তদান শিবিৰ, আদি বিভিন্ন কাৰ্যসূচী হাতত লৈছে হোজাই জিলা লামডিং টাউন মশুল  বিজেপিৰ সদস্য সকলে ৷সকলো মানুহে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দি ৰক্তদান কৰিব পাৰিব ৷ লামডিং FRU চিকিৎসক ,নাৰ্ছ আৰু আসা কৰ্মী সকল অধিক তৎপৰতা হোৱা দেখা গৈছে৷ সকলোৱে বিভিন্ন ধৰণৰ সচেতন মূলক ভাস্য আগবঢ়ায় যে ৰক্ত দান কৰিবলৈ সকলো ৰাইজ আগোৱাই‌ আহক আৰু আন কাৰোবাক ভাল ভাল বাৰ্তা প্ৰদান কৰিবলৈ ৰাইজক আহন্বান কৰে ৷ এনে পদক্ষেপক লামডিং বাসী ৰাইজে শলাগ লৈছে  ৷