Home Blog Page 2832

কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ “পাহাৰী মন” দৃশ্য-শ্ৰাব্য’ গীতৰ উন্মোচন

নৱৈ দশকত বিপ্লৱী গীত গাই খলকণি সৃষ্টি কৰা চাবুৱা দিনজয় গাঁৱৰ কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ সদ্য পাহাৰী মন নামৰ  দৃশ্য- শ্ৰাব্য গীতটি আজি আনুষ্ঠানিক ভাৱে চাবুৱাত উন্মোচন কৰা হয়। অজিত গগৈ আৰু বজ্ৰধৰ গগৈৰ কথা, ঝণা-ৰবীন,  ভাস্কৰ নীলিম গগৈ, অচিন্ত ফুকনৰ সুৰ, ভাস্কৰ নীলিম গগৈৰ শব্দ আৰু সংগীত পৰিচালনা কৰা  দৃশ্য শ্ৰাব্য’ গীতটি আজি  উন্মোচন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই।  চাবুৱা এন ই ই ইন্সটিটিউটৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা আৰু উক্ত ইন্সটিটিউটৰ অধ্যক্ষ প্ৰশান্ত নেওগ আৰু হিৰোজ দত্তই আঁতধৰা উক্ত উন্মোচনী সভাখনত সাহিত্যিক গুণেশ্বৰ সোণোৱালে প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে। উক্ত অনুষ্ঠানত  চাবুৱা শাখা সাহিত্য সভাৰ সভাপতি ভাগ্যেশ্বৰ গগৈ, শিশুবন্ধু কুলেন দাস, মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিমল বৰুৱা, চাবুৱা ডায়েটৰ প্ৰবক্তা ভূপেন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক লাচিত মাউত, গোলোক বৰপাত্ৰগোঁহাই,  শিক্ষক দিগন্ত বৰুৱা, বদন বৰুৱা, মনোজ দিহিঙ্গীয়াকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বক্তব্য আগবঢ়ায়। উল্লেখ্য যে পাহাৰী মন গীতত ঝৰ্ণা দিহিঙ্গীয়াৰ লগত সহশিল্পী হিচাপে কণ্ঠ নিগৰাইছে সুস্মিতা তৃষ্ণা দাসে। আনহাতে গীতটিৰ অভিনেতা-অভিনেত্ৰী সকল হ’ল গুঞ্জন ভৰদ্বাজ, নন্দিতা বৰশইকীয়া আৰু কাশ্মীৰি বৰুৱা দিহিঙ্গীয়া । অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা গীতটো ইউটিউবৰ পাৰ্থ মেচৰ চেনেলটোত উপলব্ধ হ’ব। 

২৭ তম বেটেলিয়ন এছ.এছ.বি. মানৱ অধিকাৰৰ ওপৰত বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে

e

২৭ তম এছএছবি বেটেলিয়ন কৰ্তব্যৰত অৱস্থাত মানৱ অধিকাৰ উলংঘনৰ ওপৰত খণ্ড মুখ্য কাৰ্যালয় ৰঙিয়াৰ নিৰ্দেশত আজি একআন্তঃ বেটেলিয়ন বিতৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাখন আয়োজন কৰাৰ মুখ্য উদ্দেশ্য আছিল জোৱানসকলক তেওঁলোকৰ কৰ্তব্যৰ সময়ত মানৱ অধিকাৰৰ বিষয়ে গভীৰ তথ্য প্ৰদান কৰাৰ বাবে স্বাস্থ্যকৰ প্ৰতিযোগিতাক উৎসাহিত কৰা। প্ৰতিযোগিতাখনে অংশগ্ৰহণকাৰীসকলৰ মাজত ইতিবাচক প্ৰতিযোগিতাৰ অনুভূতি সৃষ্টি কৰিব আৰু সকলোকে মানৱ অধিকাৰৰ বিষয়ে তেওঁলোকৰ তথ্য ইজনে সিজনৰ সৈতে ভাগ বতৰা কৰাৰ সুযোগ দিব। মানৱ অধিকাৰ হৈছে প্ৰতিজন ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰ। ই জীৱন, স্বাধীনতা, সমতা আৰু সন্মানৰ অধিকাৰ সামৰি লয়। মানৱ অধিকাৰ শব্দটো নিৰ্ধাৰণ কৰাৰ পিছত, ইয়াৰ সংজ্ঞা হৈছে “এনে অধিকাৰ যাৰ অবিহনে মানুহ অসম্পূৰ্ণ, আৰু স্বাধীনতা, সমতা, শিক্ষা, নিযুক্তি আদিৰ দৰে চাৰিওফালে নিজকে বিকাশ কৰিবলৈ অক্ষম।” আনহাতে আন এজন লোকৰ অধিকাৰ আছে, আনহাতে, এই অধিকাৰসমূহৰ উলংঘনও দেখা যায়। জনসাধাৰণে লাভ কৰা অধিকাৰসমূহৰ অপব্যৱহাৰ কৰা হয় যাৰ বাবে মানৱ অধিকাৰৰ অপব্যৱহাৰৰ তদন্ত আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰসংঘৰ এখন সমিতি গঠন কৰা হৈছে। ইয়াৰ বাহিৰেও, বহুতো ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, এজন ব্যক্তিৰ মৌলিক অধিকাৰ যাতে উলংঘন নহয় তাৰ বাবে এনজিঅ’ আৰু চৰকাৰেও তেওঁলোকৰ ওপৰত নজৰ ৰাখে। এই সংগঠনবোৰৰ কাম হৈছে মানুহক মানৱ অধিকাৰৰ বিষয়ে সজাগ কৰা যাতে মানুহে তেওঁলোকৰ অধিকাৰৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকে নিজকে বিকাশ কৰিব পাৰে। বিতৰ্ক প্ৰতিযোগিতাখনত আঞ্চলিক মুখ্য কাৰ্যালয় ৰঙিয়াৰ অধীনত ২৪ তম বেটেলিয়ন, ৫৪ তম বেটেলিয়ন আৰু ৬৪ তম বেটেলিয়ন জোৱানসকলে অংশগ্ৰহণ কৰিছিল। সকলো বক্তাই পক্ষ আৰু বিৰোধীৰ ওপৰত তেওঁলোকৰ মতামত উপস্থাপন কৰিছিল। তাৰ পিছত, হিন্দী ভাষাৰ ৪ জন  আৰু ইংৰাজী ভাষাৰ ৪ জন শ্ৰেষ্ঠ বক্তা বাছনি কৰা হৈছিল যিয়ে ২৪ ছেপ্টেম্বৰত ৰঙিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃখণ্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, তাৰ পিছত তাৰ পৰা আঞ্চলিক স্তৰলৈ বাছনি আৰু শেষত বল পূৰ্বপৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখন প্ৰতি বছৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা আয়োজিত কৰা হয় আৰু বিজয়ীক পুৰস্কৃত কৰা হয়। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ২৭ তম বেটেলিয়নৰ কমাণ্ডেণ্ট শ্ৰী অভিষেক আনন্দে সকলো অংশগ্ৰহণকাৰীক সম্বোধন কৰে আৰু ইয়াৰ আইনী পক্ষৰ খুৰাক আৰু সমালোচকসকলক আগলৈ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটোত দ্বিতীয় কমাণ্ড বিষয়া শ্ৰী অচিন্ত্য মিত্ৰ, সহকাৰী কমাণ্ডেণ্ট শ্ৰী প্ৰভাত কৃষ্ণ যাদৱ আৰু সহকাৰী কমাণ্ডেণ্ট শ্ৰী ৰবি শেখৰ ঝাও উপস্থিত আছিল।

জাগাৰাৰ অৱসৰী পঞ্চায়ত কর্মচাৰী ৰাজেন তালুকদাৰৰ বিয়োগ

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তর্গত  জাগাৰা গাওঁৰ  পুৱ চুবুৰীৰ লগতে জাগাৰা গাওঁ পঞ্চায়তৰ অৱসৰী কর্মচাৰী ৰাজেন তালুকদাৰৰ যোৱা নিশা ( ৮৮) বছৰ বয়সত প্রেচাৰ স্ট্ৰোক হৈ বিয়োগ হয় ৷উল্লেখ্য  তালুকদাৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত ওতঃ প্রোত ভাবে জৰিত হৈ থকাৰ  উপৰি পূৱ জাগাৰা স্থিত ধর্মানুষ্ঠান বাবা তাৰক নাথ ধামৰ লগতো জড়িত আছিল।  ৷ প্ৰয়াত তালুকদাৰ    অতি সৰবৰহী তথা  হাস্যবদনৰ লোক আছিল ৷তেখেতৰ মৃত্যুৰ খবৰে অঞ্চলটো মৃয়মান হৈ পৰে।  ৷আজি ৰাজেন তালুকদাৰৰ নশ্বৰ  দেহ ৩০ (২) দক্ষিণ পকোৱা জাগাৰা পঞ্চায়তৰ কার্য্যালয়লৈ নি পঞ্চায়তৰ সভাপতি অজিত বৈশ্য,আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতা ডেকাৰ লগতে বিজেপি নেতা অখিল গোস্বামী ,অৰবিন্দ বৈশ্যৰ লগতে অজস্ৰ  গুনমুগ্ধই শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ৷মৃৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিজন পুত্র বোৱাৰী ,নাতি, নাতিনীৰ লগতে অসংখ্য গুনমুগ্ধক এৰি থৈ যাই ৷

ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ বাছ সেৱাক আদৰিলে সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীয়ে

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যলয়ত আজি   পুৱা  সমাজ কল‍্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ উপলক্ষে জন সজাগতা বৃদ্ধি বাবে  বিশেষ বাছ  পোষণৰ সম্পূৰ্ণ তথ্যৰে সমৃদ্ধ “পোষণ ওৱান হুইলছ” পোষণ বাছখনক  আদৰণি জনায়।এই অনুষ্ঠানটি মুকলি কৰি ঘগ্ৰাপাৰ চি ডি পি অ’ অফিচৰ ভাৰপ্ৰাপ্ত বিষয়া- নাছৰিন চুলতানাই ।  ভাষণত চুলতানাই কয়  অপুষ্টিৰ পৰা দেশক মুক্ত কৰাৰ অৰ্থে দেশৰ শিশু,কিশোৰ আৰু মহিলাসকলক পুষ্টিহীনতামুক্তা,সুস্থ আৰু সবল কৰিবলৈ বিগতবছৰসমুহৰ দৰে এইবেলিও পোষণ মাহ পালন কৰে।লগতে এই বিশষ বাছ পোষণৰ জৰিয়তে অসমত জন সজাগতা বৃদ্ধি পোষকতা কৰিছে বুলি সদৰী কৰে।অনুষ্ঠানত  প্ৰকল্পটোৰ অন্তৰ্গত ১৪৩ টা অংগৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, ছুপাৰভাইছাৰ ভাইজাৰ ক্ৰমে-ভানু দেৱী,বিনা মহন্ত,বিনীতা দেৱী,ৰোনুমি দেৱী,ভাৰতী মেধি,কাৰ্যালয়ৰ সহায়ক  দীপক চৌধুৰী , কাৰ্যালয় সহায়ক  চোহৰাৱ আলী, পোষণ অভিযানৰ খণ্ড প্ৰকল্প সহায়ক তপন ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰে।

১১ দিনৰ মূৰত উদ্ধাৰ ধুবুৰীৰ অপহৃত ছাত্ৰী।

 ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীত উপস্হিত হ’ল অপহৰণ হোৱা  এগৰাকী কনমানি কিশোৰী ,যোৱা ১০ ছেপ্টেম্বৰত ধুবুৰীৰ ভোগডহৰ চৰৰ পৰা  অপহৰণ হৈছিল ১৩ বছৰীয়া কিশোৰী তথা সপ্তম শ্ৰেণীৰ ছাত্ৰী মনোৱাৰা খাতুন । পৰিয়ালৰ লোকে উল্লেখ কৰা মতে যোৱা ১০ ছেপ্টেম্বৰত  ফকিৰগঞ্জ অঞ্চলৰ  বাসিন্দা  আব্দুৰ ৰশিদ ৰ পুত্ৰ ছফিকুল ইছলাম হৈতে বিয়াৰ বাবে প্ৰস্তাৱ দিছিল কিশোৰী গৰাকীক , ইফালে কিশোৰী গৰাকীৰ প্ৰাপ্য বয়স নোহোৱাৰ বাবে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উক্ত প্ৰস্তাৱ নাকচ কৰি দিয়ে , তাৰ পাছত লৰা জনৰ পৰিয়ালৰ পৰা অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰে , যদিও সেই দিনাই আবেলিৰ পৰা অপহৰন হোৱা বুলি কিশোৰী গৰাকীৰ পৰিয়ালে সন্দেহ কৰে , ইয়াৰ পিছত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উপায়হীন হৈ ধুবুৰী সদৰ থানাত ছফিকুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে এখন এজহাৰ দাখিল কৰে ,লগতে এই অপহৰণ ঘটনাত জড়িত হৈ থকা ক্ৰমে  ১/ ছফিকুল ইছলাম , ২/ আবু বক্কাৰ ছিদ্দিকি ৩/ৰহিমা খাতুন ৪/ আছমিনাৰা খাতুন ৫/ আব্দুৰ ৰশিদ  আসামি হিচাপে  এজহাৰত উল্লেখ কৰে ,ইয়াৰ উপৰিও আসামি সকলোৰ ভিতৰত ১নং আসামিৰ দেউতা আব্দুৰ ৰশিদ মাষ্টাৰক আটক কৰিছে   আৰক্ষীয়ে , বৰ্তমান এই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে ।

ধলপুৰ- ছিপাঝাৰত উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ সাব্যস্ত

সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক ,ধৰ্মীয় অনুষ্ঠানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ,উচ্ছেদিত পৰিয়ালক পুনৰ সংস্হাপন দিয়ক ,সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক,পুনৰ সংস্হাপন নকৰালৈকে উচ্ছেদ অভিযান বন্ধ কৰক ,অসম চৰকাৰ হায়! হায়! ৷, বিজেপি চৰকাৰ গ বেগ আদি বিভিন্ন লিখা প্লে কাৰ্ড হাতে হাতে লৈ আমছুৰ কৰ্মকৰ্তা সকলে বিভিন্ন ধ্বনি দি দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰঅন্তৰ্গত ধলপুৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে পশ্চিম কোকৰাঝাৰ জিলা আমছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷গোসাইগাঁৱৰ সাপকাটাত আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত জিলা আমছুৰ সভাপতি মাজাহুৰুল ইছলামে কয় যে বিজেপি চৰকাৰে বিশেষ ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰি অসমত যি ফেচিবাদী কাৰ্য চলাই গৈছে এয়া এক মূখে গৰিহণা দিছো ৷বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে যদি চৰকাৰৰ অসুবিধাৰ সৃষ্টি হৈছে তেন্তে ৰাজপথত গুলিয়াই মাৰি দিয়ক বুলি অতি ক্ষোভৰ সৈতে জিলা আমছুৰ সভাপতি ইছলামে ব্যক্ত কৰে ৷প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰেজাওন আহমেদ উপস্থিত আছিল ৷

নগাঁৱৰ ব্যবসায়ীৰ প্ৰসংশনীয় পদক্ষেপ।

 নগাঁও জিলাৰ এগৰাকী ব্যবসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ গছৰ তলত পেলাই থোৱা বিশ্বকৰ্মা , গনেশৰ মূৰ্ত্তি নিজা প্ৰচেষ্টাৰে উঠাই নি কলং নৈত বিসৰ্জন দি এক প্ৰসংশনীয় কাম কৰিছে। নগাঁও চহৰৰ হয়বৰগাও তেলীয়া পট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে কেবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ একে কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে হৈ যোৱা বিশ্বকৰ্মা আৰু গনেশ পূজাৰ পিছত বিভিন্ন পূজা সমিতি সমূহে গছৰ তলত বা আন ঠাইত মূৰ্ত্তি সমূহ পেলাই থৈ যায়। যাৰ বাবে চহৰখনৰ পৰিবেশ ম্লান হৈ পৰে। ব্যবসায়ী বিনোদ খেটাৱতে তেওঁৰ কৰ্মচাৰীৰ সহযোগত এই মূৰ্ত্তি সমূহ উঠাই আনি কলং নৈত বিসৰ্জন দিয়ে।

ওদালগুৰিত যুবক-যুবতী আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদ।

বিটিআৰ ৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ উল্টাপানীত অসম আৰক্ষী দ্বাৰা সংঘতিত এনকাউন্টাৰৰ ঘটনাৰ প্ৰতিবাদ অব্যহত থকাৰ সময়ত ওদালগুৰি চহৰ নলবাৰী খেলপথাৰত  ২‍১ ছেপ্টম্বৰ মঙ্গলবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ ন্যায়ৰ উচিত তদন্ত বিছাৰি  ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ যুবক-যুবতি তথা শিক্ষাৰ্থী সকলৰ উপস্থিতিত দিনৰ ১০ বজাৰ প্ৰতিবাদ  কাৰ্য্যসুচী ৰূপায়ন কৰে । প্ৰতিবাদী সকলে হাতে-হাতে প্লে-কাৰ্ড আমাক ন্যায় লাগে, ভুবা এনকাউন্টাৰ বন্ধ কৰক, অসম চৰকাৰ-বিটিআৰ চৰকাৰ হায়-হায়, অসম আৰক্ষী গ বেক আদি শ্লাগান দিয়ে। সাংবাদিকৰ  আগত কয় যে, এনকাউন্টৰৰ নামত অসম আৰক্ষীযে নিৰিহ লোকৰ ওপৰত অত্যাচাৰ কৰিছে। বিটিআৰ অঞ্চলত বড়ো লোক সকলৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য-বিটিআৰ চৰকাৰ ব্যবস্থা কৰিব লাগে। মাত্ৰ কেইদিন মান আগতে কোকৰাঝাৰ জিলাৰ দুই যুবকক ইবিএল  সংগঠনৰ নামত হত্যা কৰিছে।  সাধাৰণ গাড়ী দুৰ্ঘটনাৰ বাবে আটক কৰাৰ পিছত নিশা  উগ্ৰপন্থীৰ নামত হত্যা কৰাটো আমি মানি লব পৰা নাই। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তি উপযুক্ত শাস্ত ব্যবস্থা কৰিব লাগে বুলি তেওঁলোকে কয়। আনহাতে ভুবা এনকাউন্টাৰত নিহত যুবক জৌশ্ৰাং মোচাহাৰী আৰু জনক কুমাৰ বহ্ম ৰ পৰিয়ালাক উচিত ক্ষতিপুৰণ ব্যবস্থা কৰিবলৈ কয়। বড়ো যুবক-যুবতি সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰে। প্ৰতিবাদী স্থলীত আৰক্ষী লোক সষ্টম হৈ থাকে। প্ৰতিবাদী সকলে সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও প্ৰসাসনৰ অনুমতি অবিহনে সমদল কৰিবলৈ বাধা প্ৰদান কৰি খেল পথাৰ খনতে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰিবলৈ দিয়ে। প্ৰতিবাদী সকলে জিলা উপযুক্ত গৰাকীৰ জৰিয়তে দেশৰ গৃহ মন্ত্ৰি গৰাকী আৰু ৰাজ্যৰ মূখ্য-মন্ত্ৰিলৈ উপৰুক্ত দাবী সন্মিলিত এক স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।

মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত  আজি  বাক্সা জিলা গৰিয়া-মৰিয়া -দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে জিলা সদৰ মুছলপুৰত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গৰিয়া-মৰিয়া সকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীয় মৰ্যাদা প্ৰদান, সুকীয়া জৰীপ আৰু চিনাক্ত কৰণ প্ৰক্ৰিয়াৰে জনগোষ্ঠীৰ লোক সকলকৰ হৃত মৰ্যাদা ৰক্ষা কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক লাগিবই, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ, আমাক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক, ভূমিপুত্ৰ সকল এক হওক আদি শ্ল’গানৰে মুছলপুৰ চহৰ উত্তাল কৰি তোলে। ইয়াৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সংগঠনটোৰ কে’বাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ,বাক্সা জিলা সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক আতিকুৰ ৰহমানকে ধৰি সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

কলাইগাঁও শ্বহীদ ভৱনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা

কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কায্যালয় শ্বহীদ ভৱনত ২২ ছেপ্তেম্বৰত সন্থাৰ এখনি গুৰুত্বপূৰ্ণ কায্যনিবাহক সভা অনুষ্ঠিত হৈ যায়। সভাত শিক্ষা, স্বাস্থ‍্য ৰাস্তা ঘাট আৰু বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হয়। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মাধুৰ্য শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত নাথ আৰু সাধাৰণ সম্পাদক ৰাতুল বৰুৱাৰ উপস্থিতিত কলাইগাঁও আঞ্চলৰ কেইবাটাও সমস্যাৰ ওপৰত বিতং আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সভাত দীৰ্ঘদিন ধৰি ক’ডিভ কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহৃত কলাইগাঁৱৰ চিকিৎসাৰ একমাত্ৰ স্থল কলাইগাঁও আদৰ্শ চিকিৎসালয়খন পুণৰ ৰোগীসকলৰ বাবে মুকলি কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, লগতে কলাইগাঁও মহাবিদ্যালয়ৰ নামত থকা বেদখল হৈ থকা ৭৮ বিঘা মাটি, কলাইগাঁও সাপ্তাহিক বজাৰৰ বেদখল হৈ থকা মাটি আৰু নোৱা নৈ টি-ষ্টেটৰ মাটি বেদখনমুক্ত কৰাৰ দাবীত ২৪ ছেপ্তেম্বৰত আঞ্চলিক ছাত্ৰ সন্থাই বৃহৎ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একে সময়তে জিলা ছাত্ৰ সন্থাৰ আহ্বানত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিৰ দাবীত ৰূপায়ন হ’ব এই মানৱ শৃংখল কাৰ্যসূচী।সভাত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক দিশত কেতবোৰ আলোচনা কৰাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত আঞ্চলিক ছাত্ৰ সন্থাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি পৰ্যায়ক্ৰমে সেইবোৰ ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।