Home Blog Page 2831

স্বচ্ছ ভাৰত গঢ় দিয়াৰ দিশত Dr. JKSH Medical Collegeৰ ছাত্ৰ একতা সভাৰ সদস্যসকল

Dr. JKSH Medical College ছাত্ৰ একতা সভাৰ সদস্য সদস্যা সকলে স্বচ্ছতাৰ‌ দিশত মহাবিদ্যালয়ৰ সকলোকে অনুপ্ৰাণিত কৰিবৰ বাবে মহাবিদ্যালয়ৰ বহি চিকিৎসা বিভাগ অংশটো পৰিস্কাৰ কৰে । ছাত্ৰ একতা সভাৰ সদস্য সদস্যা সকলে ২ অক্টোবৰ “গান্ধী জয়ন্তী” প্ৰৰ্যন্ত ছাত্ৰ একতা সভাই স্বচ্ছ ভাৰত গঢ় দিয়াৰ দিশত হাতত লোৱা বিভিন্ন কাৰ্যসূচী সমূহত মহাবিদ্যালয়ৰ সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান‌ জনায় ।

নাজিৰাত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি বিৰোধী পদক্ষেপক বুঢ়া আঙুলি

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অব্যাহত থকা দূৰ্নীতি বিৰোধী অভিযানকো কেৰেপ নকৰি তথা মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই একাংশ চৰকাৰী বিভাগৰ বিষয়া – কৰ্মচাৰী আৰু ঠিকাদাৰে মিলি অবাধ দূৰ্নীতি – অনিয়মৰ জৰিয়তে লুণ্ঠন ৰাজ অব্যাহত ৰাখিছে । শেহতীয়াকৈ  ৰাজ‍্যিক লোক নিৰ্মাণ বিভাগৰ অধীনস্থ তথা নাজিৰা মহকুমাৰ অন‍্যতম গুৰুত্বপূৰ্ণ  ঐতিহাসিক মাদুৰি গোহাঁই আলি নিৰ্মাণত ব‍্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি ইয়াৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে স্থানীয় ৰাইজ । লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্ম‌চাৰীৰ চুড়ান্ত অৱহেলা,  অমনোযোগিতাত  ঠিকাদাৰ পক্ষই নিজ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাত পথটো নিৰ্মাণ কালতেই ফাট মেলাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন । বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই  ঠিকাদাৰে  এনেদৰে অনিযমৰ মাজেৰে চলাই যোৱা   পথটোৰ নিৰ্মাণ কাৰ্য্য আজি স্থানীয় ৰাইজে বন্ধ কৰি দিবলৈ বাধ‍্য হয় ।  স্থানীয় ৰাইজ তথা দল সংগঠনে কৰা অভিযোগ অনুসৰি  স্থানীয় ৰাইজৰ দীৰ্ঘ দিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত  নাজিৰা নগৰৰ বৰতলাৰ পৰা মেছাগড় তিনিআলি সংযোগী এই পথটো দুটা খণ্ডত বিভক্ত কৰি লোক নিৰ্মাণ বিভাগে বিভাগীয় ঠিকাদাৰৰ দ্বাৰা পুণৰ নিৰ্মাণ কাৰ্য্য   চলায় ।   ইয়াৰে মাদুৰি চাৰিআলি সমীপৰ পৰা মেছাগড়  তিনিআলি পৰ্য্যন্ত অংশটো  পেভাৰ ব্লকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে যদিও পথটো আৰম্ভণিৰে পৰাই অনিয়ম  আৰু  অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য্য চলাই আহিছে । বিগত ৰ্বষৰ অক্টোবৰ মাহতেই আৰম্ভ কৰা  পথটোৰ প্ৰায় ৪ কি: মি: অংশ আজি এবছৰেও নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাতো চৰম আশ্বৰ্য্যকৰ। তদুপৰি পথটো নিৰ্মাণতো ব‍্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । পথটো পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ পুৰ্বে যাৱতীয় নীতি নিয়মেৰে  ‘ ডব্লিউ বি এম ‘প্ৰস্তুতি সম্পূৰ্ণ নকৰাৰ  উপৰি নিৰ্মাণ কাৰ্য্যত  নিম্মমানদণ্ডৰ পেভাৰ ব্লক ব‍্যৱহাৰ কৰা, পথৰ দুয়ো কাষৰ সুৰক্ষামুলক কংক্ৰিটৰ গঠঁনীৰ আকাৰ ১২’/৮ ‘ পৰিবৰ্তে  ঠাই বিশেষে  ৮’/৬’ , ৮’ / ৫’  কৰাত পথটো ফাট মেলাৰ লগতে বহু ব্লক ভাগি যোৱা পৰিলক্ষিত হৈছে । ইফালে পথটোৰ নিৰ্মাণৰ সময়ছোৱাত বিভাগীয় কৰ্মচাৰী নিয়মীয়াকৈ উপস্থিত থকাৰ উপৰি বিভাগীয় অভিযন্তাই সময় সাপেক্ষে পৰ্য্যবেশন কৰিব লাগে যদিও আজি পৰ্য্যন্ত বিভাগীয় কোনো বিষয়া কৰ্মচাৰী উপস্থিত নথকা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে । এনে এক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি  ঠিকাদাৰ পক্ষই নিজ খুচিমতে অনিয়মৰ মাজেৰে  পথৰ নিৰ্মাণ কাৰ্য্য চলাই যোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু এনে অনিয়মৰে চলোৱা নিৰ্মাণ বন্ধ কৰি দিয়ে । ইফালে ৰাইজে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়াৰ পিছত আজি পথ নিৰ্মাণ স্থলীত উপস্থিত হয় ৰাজ‍্যিক লোক নিৰ্মাণ বিভাগৰ  এক বিষয়া – কৰ্মচাৰী দল। স্থানীয় ৰাইজ তথা দল সংগঠনৰ নেতৃবৰ্গ‌ই  বিভাগীয় দলটোক পথ নিৰ্মাণৰ অনিয়ম আঙুলিয়াই পথটো আঁচনি অনুসৰি নিৰ্মাণ কৰাৰ দাবী জনায় । সেই মৰ্মে বিভাগীয় বিষয়াই লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ইতিমধ্যে ক্ৰুতিপুৰ্ণ ভাবে নিৰ্মাণ কৰা অংশ পুণৰ নিৰ্মাণৰ ব‍্যৱস্থা গ্ৰহণ কৰাৰ লগতে পথটোৰ বাকী অংশ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ দিয়ে । 

ভাৰতৰ নিৰ্বাচন আয়োগৰ ‘গৰুড়া’ ম’বাইল এপ্

 নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কালি বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা, ২০২২ সন্দৰ্ভত এখনি  প্ৰশিক্ষণ সভা অনুষ্ঠিত হয়। উক্ত সভাত ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া সকলৰ লগতে  বুথ পৰ্য্যায়ৰ বিষয়া সকলক “গৰুড়া” এপ্ তথা “ভোটাৰ হেল্পলাইন”এপ্’ৰ বিষয়ে প্ৰশিক্ষণ দিয়ে কণিষ্ঠ অভিযন্তা, ভূমি সংৰক্ষণ বিভাগ নাজিৰা তথা বুথ পৰ্য্যায়ৰ তত্বাৱধায়ক বিশ্বজিৎ গগৈয়ে।প্ৰশিক্ষণত বিশ্বজিৎ গগৈয়ে  গৰুড়া এপ্ কিদৰে বি. এল. অ’ সকলে নিজৰ ম’বাইলত ডাউনলোড কৰিব পাৰিব সেই  বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। এই এপ্’ত বুথ পৰ্যায়ৰ বিষয়া সকলে ভোট কেন্দ্ৰ সমূহৰ জি. আই. এছ স্থানাংক (অক্ষাংশ/দ্ৰাঘিমাংশ), ভোটাৰৰ প্র-পত্ৰ দাখিল কৰা, ক্ষেত্ৰ প্ৰমাণীকৰণ, ভোট কেন্দ্ৰৰ ঠিকনা আৰু ফটো সমূহ সংযোগ কৰিব পাৰিব। তদুপৰি তেখেতে ফৰ্ম ৬, ৮  কি দৰে পূৰণ কৰিব পাৰি, তাৰ বিষয়ে প্ৰশিক্ষণ সভাত অৱগত কৰাই। অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে  উপস্থিত সংশ্লিষ্ট বিষয়া সকলক তেওঁলোকৰ অধীনস্থ বি.এল.অ’ সকলে যাতে ২৭ ছেপটেম্বৰৰ ভিতৰত গৰুড়া এপ্’ৰ এণ্ড্ৰইড ম’বাইলত ডাউনলোড কৰে, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।উক্ত প্ৰশিক্ষণ সভাত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত নাজিৰা নিৰ্বাচনী বিষয়া ৰুবী কুমাৰী ৰয়, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়া,তথ্য ও জনসংযোগ বিষয়া  ড° বৰ্ণালী দত্ত, মাষ্টাৰ ট্ৰেইনাৰ  কণিষ্ঠ অভিযন্তা তথা ভূমি সংৰক্ষণ আৰু বি এল অ’ ছুপাৰভাইজাৰ বিশ্বজিৎ গগৈৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলৰ লগতে কেইবাগৰাকী বি. এল. অ’  উপস্থিত থাকে।

ওদালগুৰিত Ajmal Foundationৰ ধন আত্মসাতৰ অভিযোগ

মৌলানা আবুবক্কৰ ছিদ্দিকক জিলা জমিয়তৰ পৰা বহিষ্কাৰ,ইমাম সমাজক কালিমা হানিলে মৌলানা আবুবক্কৰ ছিদ্দিকে,মৌলানা আবুবক্কৰ ছিদ্দিকৰ পৰিয়ালৰ ওচমান গণি,আমিনা বেগম ,ছাহিদা বেগম,আতিকা বেগমৰ মৌলানাৰ প্ৰমাণপত্ৰ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে   জিলা জমিয়তে ৷
আজমল ফাইণ্ডেচনৰ ধন আত্মহাৎ কৰি ইমাম সমাজক কালিমা হনা মৌলানা আবুবক্কৰ ছিদ্দিক ৰ কৰ্মকাণ্ডই লজ্জাজনক কৰিলে সমগ্ৰ জিলা ৷উল্লেখ্য যে ওদালগুৰি জিলা AIUDFৰ সভাপতি তথা জিলা জমিয়তৰ উপ সভাপতি আব্দুৰ ৰহিমে  মৌলানা আবুবক্কৰ ছিদ্দিকৰ পৰিয়ালৰ ১০জনৰো অধিক ভুৱা মৌলানা সজাই আজমল ফাউণ্ডেচনৰ ধন আত্মহাৎ কৰাৰ সকলো তথ্য সংবাদ মাধ্যমত ফাদিল কৰিছিল৷বাতৰি সম্প্ৰচাৰ হোৱাৰ এমাহ পিছত দুৰ্নীতি পৰায়ণ মৌলানা আবুবক্কৰ ছিদ্দিকে উক্ত অভিযোগটো  ছচিয়েল মিডিয়াযোগে ভিত্তিহীন বুলি কোৱাত জাঙুৰ খাই উঠে ওদালগুৰি জিলা জমিয়ত৷    ২২ছেপ্তেম্বৰত  ওদালগুৰি জিলাৰ ৰৌতাৰ আমিন পাৰা মাদ্ৰাছাত আয়োজিত সভাত ওদালগুৰি জিলা জমিয়তে কাৰ্যকৰী সভা অনুষ্টিত কৰি মৌলানা গৰাকীক  কয় যে  আমাৰ অভিযোগ ভিত্তিহীন  আছিল যদি আপোনাৰ সৎ সাহস আছে আমাৰ বিৰুদ্ধে মানহানি গোচৰ দিয়ক নাইবা ৰাজহুৱা বাবে তথ্যলৈ আলোচনাত বহিবলৈ আপোনাক প্ৰত্যাহ্বান জনাইছো৷লগতে কাৰ্যকৰী সভাৰ জৰিয়তে সমিতিৰ প্ৰস্তাৱমৰ্মে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত মৌলানা আবুবক্কৰ ছিদ্দিকক জমিয়তৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে৷

ওৰাং, মাজবাট, ৰৌতাত প্ৰতিদিনে ২০লাখ টকাৰ অবৈধ ব্যৱসায়

বছৰ বছৰ ধৰি দিনে নিশাই  জিলা  প্ৰশাসন আৰু আৰক্ষী আবকাৰী বিভাগৰ উদ্যোগত ওদালগুৰি জিলাৰ সমগ্ৰ ওৰাং ,মাজবাট, ৰৌতা আদি   অঞ্চল সমূহত বছৰ বছৰ ধৰি ব্যাপক হাৰত এণ্ডিং , চু লাই ,মদ ,জুৱা,ভাং ,তীৰ ফটিকা , চোৰাং কাৰবাৰ অবৈধ অসামাজিক কাম আদিৰ মুকলি বেহা বেপাৰৰ স্থানীয় পৰিবেশ ধ্বংস কৰিছে আৰু ইয়াৰ অৰ্থ সামাজিক শৈক্ষিক কলা  সাংস্কৃতিক  বাতাবৰণ প্ৰদূষিত  কৰাৰ লগতে অঞ্চল সমুহৰ নৱ প্ৰজন্মৰ জীৱন ওপৰত কু – প্ৰভাৱ  পৰিবলৈ  আৰু ভবিষ্যত অন্ধকাৰ হবলৈ ধৰিছে |  নানান ধৰণৰ কুটাঘটমূলক   কায্যকলাপ ৰ জৰিয়তে  সহজলভ্য জীৱন কটাই এণ্ডিং  তীৰ ,জুৱা, লটাৰী খেলৰ  ব্যৱসায়ী সকলক অধিকাংশ যুৱক যুৱতী , কিশোৰ কিশোৰী , শিশু , আনকি  একাংশ জাতীয় সংগঠনৰ নেতা ,  পালি  নেতা , যুৱ ছাত্ৰ , বিষয়ববীয়া আদি সকলে  এণ্ডিং , তীৰ , জুৱা, লটাৰী আদি  খেলৰ ব্যৱসায়ৰ  প্ৰতি যথেষ্ট আকৃষ্ট উৎসাহিত হোৱাৰ ফলস্বৰূপে  সামাজিক বিশৃংখলতাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে । বৰ্তমান এইবোৰ অবৈধ , অসামাজিক , কুটাঘাটমূলক  কায্যাকলাপে  চুড়ান্ত সীমাকো অতিক্ৰম কৰিবলৈ লৈছে । জিলা উপায়ুক্ত , মহকুমা, আৰক্ষী  প্ৰশাসন বিভাগ , বিভাগীয়  কতৃপক্ষই  সমুহৰ লগতে একাংশ দুষ্কীকাৰীয়ে জিলা খনৰ  সকলোবোৰ অঞ্চল সমূহৰ লগতে পাৰ্শ্ববৰ্তী গাঁও,নগৰ, চহৰ, এলেকা সমূহতো অবৈধ  কাৰ্য্য কলাপ অৰ্শনিশে প্ৰচলন যে অধিক ভয়াবহ ৰূপ লোৱাৰ উপৰিও ইয়াৰ জনমানসত  তীব্ৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি  হৈছে । উপায়ুক্ত আৰক্ষী অধীক্ষকক কমিচন দিয়াৰ নামত এণ্ণ্ডিং ,তীৰ ,জুৱা, লটাৰী , চোৰাং ব্যৱসায়- বাণিজ্য ৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ টকা দাবী , সংগ্ৰহ কৰি আহিছে । তৎসন্তেও উপায়ুক্ত , আৰক্ষী অধীক্ষকক , মহকুমা ধিপতি  , মহকুমা আৰক্ষী বিষয়া, জিলা মহকুমা আবকাৰী বিষয়া সকলে সম্প্ৰতি কুম্ভ কৰ্ণৰ নিদ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে।

ভুৱা এনকাউন্টাৰৰ সন্দৰ্ভত ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত জিলা এবচুৰ প্ৰতিবাদ

কোকৰাঝাৰ জিলাৰ উল্টাপানীত এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ।২২ছেপ্তেম্বৰত ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই।ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত অনুষ্ঠিত  এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ  কেবা শতাধিক প্ৰতিবাদকাৰী উপস্থিত আছিল।আমাক ন্যায় লাগে, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী গ’বেক আদি বিভিন্ন শ্লোগান প্ৰদানেৰে উত্তাল কৰি তোলে অৱস্থানস্থলী। প্ৰতিবাদকাৰীসকলেকোকৰাঝাৰৰ ঘটনাক ভুৱা এনকাউণ্টাৰ আখ্যা বুলি উল্লেখ কৰি নিহত দুই যুৱকৰ হত্যাকাণ্ডৰ ন্যায় দাবী কৰে। প্ৰতিবাদকাৰীসকলৰএনে ধৰণৰ ভুৱা এনকাউণ্টাৰ সহ্য নকৰাৰ হুংকাৰ দি  ন্যায়িক তদন্তৰ দাবী তোলে  সংগঠনটোৰ নেতৃবৃন্দই লগতেনিহত লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায় ।

গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে তামাৰহাট আৰক্ষীৰ অভিযান

 গো-মাতাৰ সুৰক্ষাৰ উদ্যেশে অসম চৰকাৰে শেহতীয়া কৈ গো-সুৰক্ষা আইন প্ৰণয়ন কৰি গৰুৰ অবৈধ ব্যাৱসায় বন্ধ কৰাৰ বাবে  অধিক তৎপৰ হৈ থকাৰ সময়তে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ আৰক্ষীয়ে গৰুৰ চোৰাং ব্যাৱসায়ৰ বিৰুদ্ধে অভিযান চলাই আজি দিনৰ পোহৰতে থানা খনৰ অন্তৰ্গত নমধৰ গাঁওত ৫ টা বহি:ৰাজ্যৰ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা গৰু কেইটা আনি বাংলাদেশলৈ চালান দিয়াৰ উদ্যেশেৰে অসম-বংগ সীমান্তৰ গংগাধৰ নদী সাঁতুৰি পাৰ কৰি তামাৰহাট থানাৰ অন্তৰ্গত নমধৰ গাঁও অভিমুখে আহি আছিল । তামাৰহাট থানাৰ আৰক্ষীয়ে উক্ত খবৰ পাই উক্ত স্থানৰ নদীৰ পাৰত গোপনে অভিযান চলায় । কিন্তু  আৰক্ষী অহাৰ সম্ভেদ পাই গৰু বেপাৰীয়ে গৰু কেইটা নদীৰ পানীত এৰি দি সাঁতুৰি পলাই যায় । পিছত আৰক্ষীৰ দলটোয়ে নদীৰ পৰাই পাঁচটা গৰু আটক কৰি ধুতুৰামাৰী গাঁওত থকা খোৱাৰত জমা দিয়ে । উল্লেখ্য যে অতি কৌশলেৰে প্ৰতিদিনে নিশা আৰু দিনৰ পোহৰতে এটা গৰুৰ চোৰাং চক্ৰই বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু চোৰাং ভাবে আনি নাৱেৰে বা সাঁতোৰাই গংগাধৰ নদী পাৰ কৰি বিটিচিৰ কুৰ্ষাকাটি হৈ ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্ত অঞ্চললৈ সৰবৰাহ কৰি আহিছে।

বঙাইগাঁৱত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ – আজান ফকীৰৰ যিখন অসম আৰু য’ত আমি ভাতৃত্ববোধেৰে জীয়াই আছো, এইখন অসমত এটা সাম্প্ৰদায়িক বিষবাস্প বিয়োপাবৰ কাৰণে নিজে দায়িত্ব লৈছে ৷ এই অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ দৰং জিলাৰ ছিপাঝাৰ ধলপুৰত অসম চৰকাৰে অমানৱীয় আৰু অসাংবিধানিকভাৱে দুখীয়া নাগৰিকসকলৰ ঘৰ উচ্ছেদ কৰাৰ লগতে৷মছজিদ আৰু মাদ্ৰাছা ভাঙি দি ধৰ্মীয় ভাৱনাত আঘাত কৰাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁৱতো আমছুৱে ৰূপায়ণ কৰা প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ বঙাইগাঁও জিলা আমছুৰ উদ্যোগত নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত ৰূপায়ণ কৰা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি ৰাজ্যজুৰি প্ৰতিখন জিলাতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ যোৱা ২০ ছেপ্টেম্বৰত অসম চৰকাৰ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দৰং জিলা প্ৰশাসনে ধৰ্মীয় মেৰুকৰণেৰে কেৱল মাত্ৰ সখ্যালঘু হোৱাৰ বাবেই অমানৱীয়ভাৱে প্ৰায় আঠশ পৰিয়ালক উচ্ছেদ কৰিলে ৷ ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু চৰকাৰৰ এনেকুৱা ধৰ্মীয় মেৰুকৰণেৰে সংখ্যালঘু ৰাইজক কৰা অন্যায় – অত্যাচাৰক আমি তীব্ৰ নিন্দা কৰিছো , গৰিহণা দিছো আৰু তাৰে প্ৰতিবাদত আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ সভাপতিগৰাকীয়ে কয়  যে আমি মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলো যে উচ্ছেদৰ আমি কেতিয়াও বিৰোধিতা কৰা নাই , প্ৰকল্প স্থাপনৰ ক্ষেত্ৰতো আমি কোনোদিনে বিৰোধিতা কৰা নাই আৰু যুৱক – যুৱতীক সংস্থাপনৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ বিৰোধিতা কৰা নাই ৷ আমি কৈছিলো যে তাত যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ বসৱাস কৰি আছে ,গতিকে তেওঁলোকক মাটিৰ পট্টা দি ভূমি প্ৰদান কৰি তাত উচ্ছেদ কৰি প্ৰকল্প স্থাপন কৰক আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব ৷ মুখ্যমন্ত্ৰীয়েও কৈছিল যে মানুহখিনিক সকলো ধৰণৰ সহায় সহযোগিতা কৰি প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব ৷ কিন্তু মুখ্যমন্ত্ৰী আৰু দৰং জিলা প্ৰশাসনৰ যি সিদ্ধান্ত তেওঁলোকে আক্ৰোশভাৱে ধৰ্মীয় মেৰুকৰণেৰে কেৱল সংখ্যালঘু হোৱাৰ কাৰণেই তেওঁলোকক কোনো ধৰণৰ সময় তথা ভূমি প্ৰদান নকৰাকৈ আৰু সংস্থাপিত নকৰাকৈয়ে উচ্ছেদ কৰিলে ৷ যাৰ বাবে আঠশ পৰিয়ালে যাযাবৰী জীৱন যাপন কৰিবলগীয়া হৈছে আৰু মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে ৷ চৰকাৰে তেওঁলোকৰ কাৰণে এটুপি খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া নাই ৷ নদীৰ পানী খাবলগীয়া হৈছে ৷ গতিকে এয়া এক হিটলাৰী কায়দাৰে আচলতে সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে কৰি আহিছে ৷ ইয়াৰ প্ৰতিবাদ আমি কৰি আহিছো ৷ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে  মুখ্যমন্ত্ৰীগৰাকী সকলো জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী হওক ৷ কেৱল ধৰ্মীয় সংখ্যালঘুসকলক বাদ দি মুখ্যমন্ত্ৰী নেকি ? তেওঁ ধৰ্মীয় সংখ্যালঘুসকলক জীয়াই থাকিবলৈ নিদিব নেকি স্পষ্ট কৰক ৷ ধৰ্মীয় সংখ্যালঘুসকল যদি ইমানেই এলাৰ্জী আৰু ধৰ্মীয় সংখ্যালঘুসকলক যদি সদায় লক্ষ্য কৰি লৈ এইদৰে অন্যায় অত্যাচাৰ কৰি থাকে তেতিয়াহলে মুকলিকৈ কৈ দিয়ক যে তোমালোকৰ বিৰুদ্ধে এনেকুৱা কামেই কৰা হ’ব ৷ কিন্তু প্ৰধানমন্ত্ৰী ,মুখ্যমন্ত্ৰীয়ে ক’ব যে সব কা সাথ সবকে বিকাশ সবকে বিশ্বাস আৰু এয়াই তেওঁলোকৰ শ্লোগান ৷ কিন্তু এই শ্লোগান দূৰত ৰাখি কেৱল সংখ্যালঘুসকলক এনেকুৱা নিৰ্মম অন্যায় – অত্যাচাৰ কৰা হয়তো ভাৰতবৰ্ষৰ বুকুত কোনো ৰাজ্যতে হোৱা নাই অসমতে হৈ আছে ৷  এয়া সংবিধান বিৰোধী আৰু ইয়াত সম্পূৰ্ণ মানৱ অধিকাৰ উলংঘন কৰা হৈছে ৷ ল’ৰা- ছোৱালীৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে, শিশু আৰু মহিলাৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে ৷ কল্যাণকামী ৰাষ্ট্ৰৰ এটা মূল মন্ত্ৰ হৈছে অন্ন- বস্ত্ৰ- বাসস্থান ৷ গতিকে বাসস্থান নিদিয়াকৈ চৰকাৰে কেনেকৈ তেওঁলোকে উচ্ছেদ কৰিলে ? আনকি মুখ্যমন্ত্ৰীয়ে যিধৰণে টুইট কৰিছে আমি দেখিছো ৷ সেয়ে আমি স্পষ্টকৈ অভিযোগ কৰিছো যে মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ – আজান ফকীৰৰ যিখন অসম আৰু য’ত আমি ভাতৃত্ববোধেৰে জীয়াই আছো এইখন অসমতে এটা সাম্প্ৰদায়িক বিষবাস্প বিয়োপাবৰ কাৰণে নিজে দায়িত্ব লৈছে ৷ তাৰ জলন্ত উদাহৰণ হ’ল তাতে তিনিটাকৈ মছজিদ ভাঙি দিয়া হ’ল ৷ কাজিৰঙাতো মছজিদ, নামঘৰ আছিল যদিও উচ্ছেদৰ সময়ত ভাঙি দিয়া নাছিল ৷ ধৰ্মীয় অনুষ্ঠানক অন্তত তেওঁলোকে সন্মান জনাইছিল ৷ ইয়াত কিন্তু ধৰ্মীয় অনুষ্ঠানক সন্মান জনোৱা নহ’ল ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰত যি ফটো ব্যৱহাৰ কৰিছে তাতো তেওঁ মছজিদৰ ফটোহে ব্যৱহাৰ কৰিছে ৷ য’ত মানুহৰ আবেগ অনুভূতি জড়িত হৈ থাকে ৷ আচলতে এই কাৰ্যটোৱে বা মুখ্যমন্ত্ৰীৰ টুইটটোৱে এইটোকে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীয়ে অসমখনত এটা সাম্প্ৰদায়িক বিষবাষ্প বিয়োপাই ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনৈতিক মুনাফা লুটিবলৈ বিচাৰিছে ৷ গণতান্ত্ৰিক চৰকাৰ এখনৰ মুখ্যমন্ত্ৰীৰ এনে কাৰ্য কেতিয়াও শোভা নাপায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি নিকৃষ্টতম পন্থা অৱলম্বন কৰি ধৰ্মীয় সংখ্যালঘুসকলক নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু সেইটো আমি কেতিয়াও মানি নলও ৷ বৃহস্পতিবাৰে এই উচ্ছেদ আৰু দুখীয়া লোকসকলৰ মানৱ অধিকাৰ উলংঘন কৰা সন্দৰ্ভত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰতিখন জিলাৰ পৰা পত্ৰ প্ৰেৰণ কৰিব বুলিও কয় ৷ ইয়াৰ পিছতো যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু মুখ্যমন্ত্ৰীয়ে যদি ধৰ্মীয় সংখ্যালঘুসকলক নিঃশেষ কৰিবলৈ  পৰিকল্পিতভাৱে অন্যায়- অত্যাতাৰ  চলায় তেতিয়াহলে অসমত এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হ’ব আৰু তাৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণভাৱে ড: হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ’ব ৷ উল্লেখ্য যে মানৱ শৃংখল কাৰ্যসূতীত অংশ গ্ৰহণ কৰা আমছুৰ সদস্যসকলে উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন কৰক ,সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক ,ধৰ্মীয় মেৰুকৰণ বন্ধ কৰক, ধৰ্মীয় ৰাজনীতি নচলিব , সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক ,ধৰ্মকলৈ ৰাজনীতি কৰা নচলিব , অসম চৰকাৰ হায় হায় , ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক, চৰ অঞ্চলৰ পৰিয়ালসমূহক মাটিৰ পট্টা দিব লাগিবই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ মানৱ শৃংখল কাৰ্যসূচীত জিলা আমছুৰ সভাপতিকে ধৰি বিষয়ববীয়া আৰু সদস্যসকলে অংশগ্ৰহণ কৰে ৷

আজি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ বোকাখাত ষ্টেডিয়ামত গঁড়ৰ খর্গ নিষ্পত্তিকৰণৰ কার্যসূচীত অংশগ্রহণ কৰে

আজি বিশ্ব গঁড় দিৱসত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ বোকাখাত ষ্টেডিয়াম গ্রাউণ্ডত অসমৰ গৌৰৱৰ প্রতীক ‘গঁড়’ সংৰক্ষণৰ দিশত এক বলিষ্ঠ পদক্ষেপ হিচাপে গঁড়ৰ খর্গ নিষ্পত্তিকৰণৰ কার্যসূচীত অংশগ্রহণ কৰে। গঁড়ৰ খর্গক লৈ বছৰ বছৰ ধৰি চলি অহা ভ্রান্ত ধাৰণাসমূহ দূৰ কৰি ইয়াৰ চোৰাং চিকাৰ ৰোধ কৰাত ই এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হ’ব। “গঁড়ৰ খর্গ ঔষধি গুণেৰে সমৃদ্ধ নহয়, বৰঞ্চ গৱেষণাই প্রমাণ কৰিছে যে মানুহৰ যেনেকৈ চুলি থাকে, তেনেকৈ গঁড়ৰ খর্গ হৈছে চুলিৰ এটা সমষ্টি মাথোঁ “ বুলি বক্তব্য আগবঢ়াই মুখ্যমন্ত্রীয়ে সকলোকে গঁড়ৰ খর্গ সম্পৰ্কীয় অলৌকিক কাহিনীক অগ্রাহ্য কৰি অসম গৌৰৱ ‘এশিঙীয়া গঁড়’ সংৰক্ষণত গুৰুত্ব দিবলৈ অনুৰোধ জনায়।

বিগত সময়ছোৱাত বিভিন্ন পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰা জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা কাজিৰঙাত এলিভেটেড পথ নিৰ্মাণ প্ৰকল্প সন্দৰ্ভত যো-জা চলাই থকা হৈছে বুলি জনোৱাৰ লগতে অসমবাসীৰ সহায়-সহযোগিতাত উক্ত প্ৰকল্প ৰূপায়ণত সফল হ’ব পাৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে ক’ভিডৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ অক্টোবৰৰ পৰা স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ সর্বতোপ্রকাৰৰ পদক্ষেপ লোৱাৰ লগতে হোটেলসমূহ নিয়মীয়াকৈ খোলা, যাত্ৰীসকলৰ বাবে কাজিৰঙা দৰ্শনৰ ব্যৱস্থা কৰা আৰু ছাফাৰীৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰা হ’ব বুলি বক্তব্য আগবঢ়ায়।

আজি বিশ্ব গঁড় দিৱসত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ বোকাখাত ষ্টেডিয়াম গ্রাউণ্ডত অসমৰ গৌৰৱৰ প্রতীক ‘গঁড়’ সংৰক্ষণৰ দিশত এক বলিষ্ঠ পদক্ষেপ হিচাপে গঁড়ৰ খর্গ নিষ্পত্তিকৰণৰ কার্যসূচীত অংশগ্রহণ কৰে। গঁড়ৰ খর্গক লৈ বছৰ বছৰ ধৰি চলি অহা ভ্রান্ত ধাৰণাসমূহ দূৰ কৰি ইয়াৰ চোৰাং চিকাৰ ৰোধ কৰাত ই এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হ’ব। “গঁড়ৰ খর্গ ঔষধি গুণেৰে সমৃদ্ধ নহয়, বৰঞ্চ গৱেষণাই প্রমাণ কৰিছে যে মানুহৰ যেনেকৈ চুলি থাকে, তেনেকৈ গঁড়ৰ খর্গ হৈছে চুলিৰ এটা সমষ্টি মাথোঁ “ বুলি বক্তব্য আগবঢ়াই মুখ্যমন্ত্রীয়ে সকলোকে গঁড়ৰ খর্গ সম্পৰ্কীয় অলৌকিক কাহিনীক অগ্রাহ্য কৰি অসম গৌৰৱ ‘এশিঙীয়া গঁড়’ সংৰক্ষণত গুৰুত্ব দিবলৈ অনুৰোধ জনায়।

বিগত সময়ছোৱাত বিভিন্ন পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰা জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা কাজিৰঙাত এলিভেটেড পথ নিৰ্মাণ প্ৰকল্প সন্দৰ্ভত যো-জা চলাই থকা হৈছে বুলি জনোৱাৰ লগতে অসমবাসীৰ সহায়-সহযোগিতাত উক্ত প্ৰকল্প ৰূপায়ণত সফল হ’ব পাৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে ক’ভিডৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ অক্টোবৰৰ পৰা স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ সর্বতোপ্রকাৰৰ পদক্ষেপ লোৱাৰ লগতে হোটেলসমূহ নিয়মীয়াকৈ খোলা, যাত্ৰীসকলৰ বাবে কাজিৰঙা দৰ্শনৰ ব্যৱস্থা কৰা আৰু ছাফাৰীৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰা হ’ব বুলি বক্তব্য আগবঢ়ায়।

আজি বিশ্ব গঁড় দিৱসত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ বোকাখাত ষ্টেডিয়াম গ্রাউণ্ডত অসমৰ গৌৰৱৰ প্রতীক ‘গঁড়’ সংৰক্ষণৰ দিশত এক বলিষ্ঠ পদক্ষেপ হিচাপে গঁড়ৰ খর্গ নিষ্পত্তিকৰণৰ কার্যসূচীত অংশগ্রহণ কৰে। গঁড়ৰ খর্গক লৈ বছৰ বছৰ ধৰি চলি অহা ভ্রান্ত ধাৰণাসমূহ দূৰ কৰি ইয়াৰ চোৰাং চিকাৰ ৰোধ কৰাত ই এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হ’ব। “গঁড়ৰ খর্গ ঔষধি গুণেৰে সমৃদ্ধ নহয়, বৰঞ্চ গৱেষণাই প্রমাণ কৰিছে যে মানুহৰ যেনেকৈ চুলি থাকে, তেনেকৈ গঁড়ৰ খর্গ হৈছে চুলিৰ এটা সমষ্টি মাথোঁ “ বুলি বক্তব্য আগবঢ়াই মুখ্যমন্ত্রীয়ে সকলোকে গঁড়ৰ খর্গ সম্পৰ্কীয় অলৌকিক কাহিনীক অগ্রাহ্য কৰি অসম গৌৰৱ ‘এশিঙীয়া গঁড়’ সংৰক্ষণত গুৰুত্ব দিবলৈ অনুৰোধ জনায়।

বিগত সময়ছোৱাত বিভিন্ন পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰা জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা কাজিৰঙাত এলিভেটেড পথ নিৰ্মাণ প্ৰকল্প সন্দৰ্ভত যো-জা চলাই থকা হৈছে বুলি জনোৱাৰ লগতে অসমবাসীৰ সহায়-সহযোগিতাত উক্ত প্ৰকল্প ৰূপায়ণত সফল হ’ব পাৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে ক’ভিডৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ অক্টোবৰৰ পৰা স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ সর্বতোপ্রকাৰৰ পদক্ষেপ লোৱাৰ লগতে হোটেলসমূহ নিয়মীয়াকৈ খোলা, যাত্ৰীসকলৰ বাবে কাজিৰঙা দৰ্শনৰ ব্যৱস্থা কৰা আৰু ছাফাৰীৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰা হ’ব বুলি বক্তব্য আগবঢ়ায়।

কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ “পাহাৰী মন” দৃশ্য-শ্ৰাব্য’ গীতৰ উন্মোচন

নৱৈ দশকত বিপ্লৱী গীত গাই খলকণি সৃষ্টি কৰা চাবুৱা দিনজয় গাঁৱৰ কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ সদ্য পাহাৰী মন নামৰ  দৃশ্য- শ্ৰাব্য গীতটি আজি আনুষ্ঠানিক ভাৱে চাবুৱাত উন্মোচন কৰা হয়। অজিত গগৈ আৰু বজ্ৰধৰ গগৈৰ কথা, ঝণা-ৰবীন,  ভাস্কৰ নীলিম গগৈ, অচিন্ত ফুকনৰ সুৰ, ভাস্কৰ নীলিম গগৈৰ শব্দ আৰু সংগীত পৰিচালনা কৰা  দৃশ্য শ্ৰাব্য’ গীতটি আজি  উন্মোচন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই।  চাবুৱা এন ই ই ইন্সটিটিউটৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা আৰু উক্ত ইন্সটিটিউটৰ অধ্যক্ষ প্ৰশান্ত নেওগ আৰু হিৰোজ দত্তই আঁতধৰা উক্ত উন্মোচনী সভাখনত সাহিত্যিক গুণেশ্বৰ সোণোৱালে প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে। উক্ত অনুষ্ঠানত  চাবুৱা শাখা সাহিত্য সভাৰ সভাপতি ভাগ্যেশ্বৰ গগৈ, শিশুবন্ধু কুলেন দাস, মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিমল বৰুৱা, চাবুৱা ডায়েটৰ প্ৰবক্তা ভূপেন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক লাচিত মাউত, গোলোক বৰপাত্ৰগোঁহাই,  শিক্ষক দিগন্ত বৰুৱা, বদন বৰুৱা, মনোজ দিহিঙ্গীয়াকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বক্তব্য আগবঢ়ায়। উল্লেখ্য যে পাহাৰী মন গীতত ঝৰ্ণা দিহিঙ্গীয়াৰ লগত সহশিল্পী হিচাপে কণ্ঠ নিগৰাইছে সুস্মিতা তৃষ্ণা দাসে। আনহাতে গীতটিৰ অভিনেতা-অভিনেত্ৰী সকল হ’ল গুঞ্জন ভৰদ্বাজ, নন্দিতা বৰশইকীয়া আৰু কাশ্মীৰি বৰুৱা দিহিঙ্গীয়া । অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা গীতটো ইউটিউবৰ পাৰ্থ মেচৰ চেনেলটোত উপলব্ধ হ’ব।