আছুৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস
ঐতিহাসিক দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ১৯৫১ চনৰ ২০ ছেপ্তেম্বৰত স্থাপিত মঙলদৈ মহাবিদ্যালয়ে সাফল্যৰ ৭০ টা বৰ্ষ অতিক্ৰম কৰিলে। ক’ভিডকালীন পৰিস্থিতিৰ বাবে মহাবিদ্যালয়ত পূৰ্ণাংগ ৰূপত পাঠদান স্থগিত হৈ থকা হেতুকে অনুষ্টুপীয়াকৈ মঙলদৈ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মহাবিদ্যালয়স্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত প্ৰথম গছি বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন কুমাৰ নাথে। লগতে তেওঁক সংগ দিয়ে মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীয়ে। অনুষ্ঠানৰ আঁত ধৰে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ ওজাই লগতে অনুষ্ঠানত সহযোগ কৰে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক অনুপম ভৰদ্বাজৰ লগতে কেইবাগৰাকীও সদস্য-সদস্যাই।
দিল্লীৰ যন্তৰ-মন্তৰত জাতীয় শ্ৰমিক শক্তিৰ ধৰ্ণা
অসমৰ চাহ জোনগোষ্ঠীয় লোকসকলৰ লগতে কয়লা খনিকে ধৰি অন্যান্য খণ্ডত নিয়োজিত শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীত আজি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তিয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ নেশ্যনেল ফ্ৰন্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনটোৰ সৈতে যুটীয়াভাৱে ৰূপায়ন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন চাহ বাগান এলেকাৰ পৰা যোৱা কেইবাশ জাতীয় সেৱকে অংশগ্ৰহণ কৰে৷জাতীয় শ্ৰমিক শক্তিৰ সভাপতি ইজৰাইল নন্দৰ নেতৃত্বত প্ৰতিবাদীসকলে ‘চাহ উদ্যোগ বচাওক, শ্ৰমিক বচাওক’, ‘কয়লা খনি লীজত দিয়া বন্ধ কৰক’, ‘কয়লা শ্ৰমিকৰ গ্ৰেচুইটিৰ ধন মোকলাই দিয়ক’, ‘কাছাৰ আৰু জাগীৰোড কাগজ কল পুনৰ আৰম্ভ কৰক’, ‘চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ বন্ধ কৰক’, ‘চাহৰ আমদানি নিষিদ্ধ কৰি ৰপ্তানিত জোৰ দিয়ক’, ‘চাহ শ্ৰমিকৰ মজুৰী কমেও ৩৫১ টকালৈ বৃদ্ধি কৰক’, ‘নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট সোনকালে নিৰ্মাণ কৰক’ আদি দাবীৰে শ্লোগান দিয়ে৷
দিল্লীত ৰূপায়িত হোৱা এই ধৰ্ণা কাৰ্যসূচী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি গুৱাহাটীত কয় যে চাহ জনগোষ্ঠীকে ধৰি অন্য সকলো খণ্ডৰ শ্ৰমিকসকল সদায়ে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈ আহিছে৷ নিজৰ দেহবল ক্ষয় কৰি দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াই অহা শ্ৰমিক শ্ৰেণীটোৰ সমাজৰ প্ৰতি অৱদান কৰ্পোৰেট গোষ্ঠীসমূহতকৈ কোনো গুণে কম নহয়৷ অথচ চৰকাৰে কৰ্পোৰেট গোষ্ঠীসমূহৰ স্বাৰ্থ সিদ্ধিক সদায় আগস্থান দি আহিছে, কিন্তু শ্ৰমিক শ্ৰেণীটোৰ ন্যায্য প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰতো হুঁহকা-পিচলা কৰি আহিছে৷ এনে প্ৰক্ষাপটত শ্ৰমিক শ্ৰেণীৰ দাবী চৰকাৰৰ ওচৰত উপস্থাপন কৰাৰ ক্ষেত্ৰত জাতীয় পৰিষদ শ্ৰমিক সংগঠনসমূহৰ সৈতে সদায় থাকিব৷অসমৰ পৰা গৈ দিল্লীৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শ্ৰমিক শ্ৰেণীৰ ন্যায্য দাবীসমূহ উত্থাপন কৰা জাতীয় শ্ৰমিক শক্তিৰ নেতা-কৰ্মীসকলক গগৈয়ে ধন্যবাদ জনায়৷
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ অৱস্থা সম্প্ৰতি সুস্থিৰ
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীৰ অৱস্থা সম্প্ৰতি কিছু সুস্থিৰ৷জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰিছে এই তথ্য৷ক’ভিডত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ডাঃ কাকতীক অত্যন্ত সংকটজনক অৱস্থাত দিল্লীলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰা হৈছিল৷কিন্তু স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত আৰু প্ৰতিকূল বতৰৰ বাবে এয়াৰ এম্বুলেন্স দিল্লীলৈ নিব নোৱৰাত তেওঁক জি এম চি এইচত চিকিৎসাধীন কৰা হয়৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি টুইটযোগে সদৰী কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷তেওঁৰ অক্সিজেন লেভেল ৯৫-৯৬ শতাংশ থকা বুলি সদৰী কৰি জি এম চি এইচৰ অধীক্ষকজনে কয় যে তেওঁ আধা জুলীয়া আহাৰ সেৱন কৰিবলৈও সক্ষম হৈছে৷তেওঁৰ শৰীৰত ঔষধে ক্ৰিয়া কৰা বুলি প্ৰকাশ কৰাৰ লগতে স্বাস্থ্য একপ্ৰকাৰ সুস্থিৰ হৈ থকা বুলি সদৰী কৰে৷তেওঁৰ ৰক্তচাপো আজি নিয়মীয়া হৈ আছে৷তেওঁ কিছু কথা পতাৰ লগতে পূৰ্বতকৈ আৰাম লাভ কৰা বুলিও কোৱা কথা ডাঃ শৰ্মাই সদৰী কৰে৷
অভাৰলোড বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব বাক্সা জিলা পৰিবহণ বিভাগ
ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পিচত যাৱতীয় কৰ কাটল সমূহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশ হিচাপে আজি বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলা সদৰ মুছলপুৰস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জিলাখনৰ বাণিজ্যিক বাহনৰ লগতে ব্যক্তিগত বাহন সমূহৰ অনাদায় হৈ থকা কৰ সমূহ অহা ৩০ ছেপ্টেম্বৰৰ আগতে আদায় দিবলৈ বাহনৰ গৰাকীক আহ্বান জনায়। অন্যথা জিলা পৰিবহণ বিভাগে জিলাখনত থকা তেনে বাহনৰ বিৰুদ্ধে অতিৰিক্ত জৰিমনা বা বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে । আনকি যিসকলে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ স্মাৰ্ট কাৰ্ড কৰা নাই তেওঁলোককো অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ অনুজ্ঞা পত্ৰ সমূহ স্মাৰ্ট কাৰ্ডলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। লগতে জিলাখনত অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অব্যাহত থাকিব বুলি মন্তব্য কৰি এনে বাহনসমূহৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে পৰিবহণ বিষয়াগৰাকীয়ে ৷ আনহাতে আগন্তুক উৎসৱৰ বতৰত আনন্দত মতলীয়া হৈ কোনোৱে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই যাতে দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে জিলা পৰিবহণ বিষয়া গৰাকীয়ে ৷ এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই কয়, উৎসৱৰ সময়ত একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ফলত বহু উঠি অহা নতুন প্ৰজন্মৰ যুৱক হেৰাই যাবলগীয়া হৈছে । ইয়ে সমাজত ব্যাপক ক্ষতি সাধন কৰিছে । যাৰ বাবে জিলা পৰিবহণ বিষয়া বৰাই পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে চালক সকলক মদ্যপান নকৰি, ছিটবেল্ট ব্যৱহাৰ কৰি, গাড়ী চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰি, সদায় হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাবলৈ কৈ অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷ উল্লেখ্য যে জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলাখনৰ ঠায়ে ঠায়ে “যান বাহন কৰ পৰিশোধ কৰক, পৰিবহণ ব্যৱস্থা সুচল কৰক” এই আহ্বান তথা বাণীৰে বেনাৰ, হৰ্ডিং আদি আঁৰি বাহনৰ গৰাকী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে জিলা পৰিবহণ বিষয়া গৰাকীয়ে কাৰ্যালয়টোৰ পৰা দালালৰাজ সমূলি উৎখাত কৰি সততে ৰাজ্যৰ ডিটিঅ’ অফিচসমূহত দালালৰ দপদপনি চলে বুলি থকা বদনাম আঁতৰোৱাৰ চেষ্টা কৰি জিলাবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷ ইপিনে বাক্সা জিলা পৰিবহণ বিভাগে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰী সকলে এতিয়াও বিভিন্ন সমস্যাৰ সম্মুখীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ কাৰ্যালয়টোত আজিলৈ নাই কোনো চৰকাৰী গাড়ী। কিয়নো বিভিন্ন সময়ত বৃহৎ জিলাখনত অবৈধ যান-বাহনৰ বিৰূদ্ধে অভিযান চলাবলৈ বা কোনো দুৰ্ঘটনা সংঘটিত হ’লে তদন্তৰ বাবে যাবলৈ বিভাগীয় বাহনৰ প্ৰয়োজন যদিও বিভাগীয়ভাৱে এখনো বাহন নাই বাক্সা জিলা পৰিবহণ বিভাগত । মালবাহী বাহন সমূহৰ ওজন পৰীক্ষণৰ বাবে জিলাখনত ৱেইটব্ৰীজ নথকাতো সময়ে সময়ে ভীষণ সমস্যাৰ সম্মুখীন হ’ব লগীয়া হৈছে কাৰ্যালয়টোৱে ৷ ইফালে বিষয়া-কৰ্মচাৰীৰ থকাৰ বাবে চৰকাৰী আৱাসৰ প্ৰয়োজন যদিও বাক্সা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত নাই তেনে কোনো ব্যৱস্থা
গো-পাল সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱে : জীয়া ভৰলীৰ পাৰৰ কঁহুৱা বনৰ মাজৰ পৰা বতাহত ভাঁহি আহে গৰখীয়াৰ বাঁহীৰ সুৰ
আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ’ল গো-পাল প্ৰথা।আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই বিৰাজমান আছিল এই প্ৰথা।প্ৰতিখন গাঁৱৰ প্ৰত্যকজন ব্যক্তিৰ ঘৰৰ সমুহ গৰু গাই সমুহীয়া ভাৱে চৰাবলৈ লৈ যোৱা হৈছিল। প্ৰতিদিনাই পাল পাতি গাঁওখনৰ ২ খন ঘৰৰ ২ জনকৈ ব্যক্তিয়ে চলাবলৈ লৈ যায় গৰু সমুহ।নৈ পাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰু সমুহ এৰি গৰু ৰখীয়াই গছৰ তলত বহি আপোনমনে জিৰণি লয়।কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ’ল।গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ’ল।যান্ত্ৰিকতাৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱৰ ৰাইজে।ককাদেউতাৰ দিনৰ শ-শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুন্ন ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ মৰণাকুৰি গাঁওৰ ৰাইজে।গাঁওখনৰ ৰাইজে সমুহিয়াভাৱে এতিয়াও চৰাবলৈ যায় গৰু।গাঁওখনৰ শ-শ গৰু পাল পাতি চৰাবলৈ লৈ যায় প্ৰত্যেকদিনাই।জীয়া ভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰু সমুহ গধূলী হোৱাৰ আগে আগে ৰখীয়াই লৈ আহে গাঁৱলৈ।পাল পাতি গৰু চৰাবলৈ গৈ নদীৰ পাৰত বাঁহীত সুমধুৰ গীত জোৰে গৰু ৰখীয়াই। ভৰলীৰ পাৰৰ কহুৱা বনৰ মাজত গৰু চৰাবলৈ গৈ গৰু চাই থকাৰ মাজতে লগত লৈ যোৱা বাঁহীত গীতৰ আপোনমনে সুঁৰ দিয়ে ৰখীয়াই ।কহুৱা বনৰ মাজৰ পৰা ৰিণি ৰিণি ভাঁহি অহা বাঁহীৰে সুৰে নিকটৱৰ্ত্তী গাঁৱৰ ৰাইজক এক সুকীয়া মাদকতা দিবলৈও সক্ষম হয়৷আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ মৰণাকুৰি গাৱে ধৰি ৰখাটো সঁচাই নান্দনিকতাপূৰ্ণ।
সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ বাবে কাৰ্যনিৰ্বাহক সভা
2020 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি কভিডমূলক পৰিস্থিতিৰ বাবে পিছুৱাব লগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অধিৱেশনৰ নতুন দিন নিৰ্ধাৰণৰ বাবে সোনোৱাল কছাৰী সাহিত্য সভাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি ইং 18/09/2021 তাৰিখে কছাৰীবাৰীস্থিত সোনোৱাল ভৱনত অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে সোনোৱাল কছাৰী জনগোষ্ঠীৰ ঈশ্বৰ খ্ৰীংৰাজাৰ শ্ৰীচৰণত আৰু বিগত সময়ত অয়লাসগত হোৱা সভাৰ সদস্যবৃন্দৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে কাৰ্যনিৰ্বাহক সদস্যা কুসুম সোনোৱাল শইকীয়া, নিৰ্মলা সোনোৱাল আৰু অনিমা বড়া সোনোৱালে। সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপসভাপতি মোহন সোনোৱাল, মুখ্য সম্পাদক শিৱনাথ সোনোৱাল, সম্পাদকত্ৰয় প্ৰশান্ত কুমৰাল, সুমন্ত বড়া আৰু মৃদুল সোনোৱাল, কোষাধ্যক্ষ অহিন্দ্ৰ শইকীয়া, পত্ৰিকা সম্পাদক দিগন্ত হাজৰিকাসহ সভাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ মতামতৰ ভিত্তিত অহা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিতং কাৰ্যসূচী নিৰ্ধাৰণৰ বাবে অহা ২ অক্টোবৰ তাৰিখে অভ্যৰ্থনা সমিতিৰ লগত এখনি যুটীয়া বৈঠকৰ আহ্বান কৰা হয়। তদুপৰি পূৰ্বৰ কাৰ্যালয় সম্পাদক জিতেন সোনোৱাল অয়লাসগামী হোৱাৰ বাবে এই সভাতে তোষেশ্বৰ সোনোৱালক সোনোৱাল কছাৰী সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়।
২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাৰ ভাৰত বন্ধ কাৰ্যসূচী : কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চৰ পূৰ্ণ সমৰ্থন
ভাৰতবৰ্ষৰ স্বাধীনতা পাছত গণতান্ত্ৰিক ভাবে গঠিত কংগ্ৰেছ তথা অন্যান্য দলৰ চৰকাৰে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বত ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিশেষ কোনো কমআচনি গ্ৰহণ কৰাটো বাদেই ছাত্ৰ,যুৱ, মহিলা, শ্ৰমিক, কৃষক তথা জনসাধাৰণৰ জৰুৰী মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে ইতিবাচক বাস্তৱ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে, পুঁজিপতি গোষ্ঠীৰ নিৰ্দেশনাত জনবিৰোধী কাৰ্যাৱলীয়ে ইতিহাস ৰচনা কৰিছে। ভাৰত চৰকাৰৰ এনে কাৰ্যাৱলীৰ প্ৰতিবাদত সমগ্ৰ দেশতে সংগঠিত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সমৰ্থন জনোৱাৰ উপৰিও, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ (আই এন টি ইউ চি) য়ে দেশৰ শ্ৰম সংগঠন সমূহৰ উমৈহতীয়া মঞ্চৰ যোগেদি ভাৰত চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বিভিন্ন পৰ্যায়ত প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত গঠিত জাতীয় গণতান্ত্ৰিক চৰকাৰৰ পৰিকল্পিত কমআচনিৰ ফলত প্ৰচলন কৰা,শিক্ষা,স্বাস্হ্য,জণস্ংযোগ, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমাৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আৰু বেংক-বীমা, ৰেল পৰিবহন, বিমান পৰিবহণৰ উপৰিও ৰাষ্ট্ৰীয় খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহত ব্যক্তিগতকৰণ কৰাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অতি সাম্প্ৰতিক দেশৰ সংবিধান প্ৰদত্ত আইনৰ বিশেষকৈ, শ্ৰমিক, কৃষক সকলৰ ন্যায আইন সংশোধন কৰিবলৈ লোৱা নেতৃবাচক কাৰ্যই সকলোকে আচম্বিত কৰিছে। এই জনবিৰোধী কাৰ্যাৱলীৰ প্ৰতিবাদত দেশজুৰি অব্যাহত থকা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক অলপো গুৰুত্ব প্ৰদান নকৰি, ইয়াক প্ৰতিৰোধ কৰিবলৈ লোৱা চৰকাৰৰ নিস্ফল প্ৰচেষ্টাক কঠোৰ ভাষাৰে গৰিহণা দিছে, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাই । দেওবাৰে এক প্ৰেছ বিবৃতি যোগে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁইয়ে নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বাধীন বিজেপি তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক কৃষক তথা জনবিৰোধী নীতিৰ প্ৰতিবাদত দেশজুৰি চলোৱা গণতান্ত্ৰিক আন্দোলনৰ অংশ স্বৰূপে অহা ২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাই জনোৱা ভাৰত বন্ধ কাৰ্যসূচীলৈ, কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চই পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁইয়ে এই ভাৰত বন্ধ কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ সকলো গণতান্ত্ৰিক ব্যক্তি, দ’ল, সংগঠনৰ প্ৰতি আহ্বান জনাইছে।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা
কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধিসূচনা মৰ্মে ২০১৯-‘২০ বর্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি । সমগ্ৰ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মনোনীত কৰা এই সন্মানৰ জৰিয়তে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । এনে এক বার্তা লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় খনৰ অধীনৰ মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ স্বেচ্ছাসেৱক , কাৰ্যসূচী বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালবৰ্গ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে । উল্লেখনীয় যে এনে সন্মান লাভ কৰাৰ মূলতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈৰ গঠনমূলক পৰামৰ্শ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ প্রচেষ্টা আৰু সবল নেতৃত্ব । লগতে স্বেচ্ছাসেৱক সকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু কৰ্ম দক্ষতাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আমন্ত্ৰণ মৰ্মে উপাচাৰ্য অধ্যাপক ডঃ সন্দিকৈ আৰু কাৰ্যসূচী সমন্বয়ক ডঃ কাকতিয়ে অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্টিতব্য এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰিব ।
ওদালগুৰিৰ খাউৰাঙত কোৰোনাৰ প্ৰতিষেধক প্ৰদান : প্ৰতিষেধক কোভাচিল্ড গ্ৰহণ কৰিবলৈ ৰাইজৰ ব্যাপক জনসমাগম
কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি থকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ বিৰুদ্ধে অপ প্ৰচাৰ চলাই থকা দেখাপোৱা গৈছে। উক্ত সমাজ বিৰোধী সকলে যিমানেই অপ প্ৰচাৰ কৰিলেও ৰাইজে তেওঁলোকৰ ষড়যন্ত্ৰক আওকাণ কৰি প্ৰতিষেধক কেন্দ্ৰলৈ ঢাপলি মেলা দেখা পোৱা গৈছে। ১৭ চেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো কোৰোনাৰ প্ৰতিষেধক “কোভাচিল্ড” বিভিন্ন কোভিড চেণ্টাৰলৈ প্ৰদান কৰা দেখাপোৱা গৈছে। ওদালগুৰিৰ উত্তৰে অৱস্থিত খাউৰাং বজাৰখলা উপ স্বাস্থ্য কেন্দ্ৰত ৰাতিপুৱা ৯:০০ বজাৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক “কোভাচিল্ড” গ্ৰহণ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগে। ওদালগুৰি স্বাস্থ্য বিভাগৰ মেলেৰিয়া নিয়ন্ত্ৰণত থকা স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃত্বত খাউৰাং বজাৰখলা উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম বিদুশ্ৰী ব্ৰহ্মৰ পৰিচালনাত স্থানীয় আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, শাবিত্ৰী দেৱী আৰু জানুকা দেৱীৰ সহযোগত ২৩০ জনক “কোভাচিল্ড”ৰ প্ৰথম পালিৰ লগতে ১৮৯ জনক দ্বিতীয় পালিৰ “কোভাচিল্ড° প্ৰতিষেধক প্ৰদান কৰা হয়। ৰাতিপুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান শিবিৰ সন্ধ্যা ৫ :০০ বজালৈ চলি থাকে।প্ৰথমে অনা প্ৰতিষেধক সম্পূৰ্ণ শেষ হোৱাৰ পিছত ৰাইজৰ দাবীত পুনৰ ওদাগুৰিৰ পৰা অতিৰিক্ত প্ৰতিষেধক”কোভাচিল্ড” আনিব লগীয়া হৈছিল। স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃ প্ৰদান কৰা প্ৰতিষেধক প্ৰদান শিবিৰত এ এন এম বিদুশ্ৰী ব্ৰহ্ম, আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, জানুকা দেৱী আৰু শাবিত্ৰী দেৱীৰ সেৱা কাৰ্য্যক স্থানীয় খাউৰাংবাসী ৰাইজে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কাৰ্য্যক ধন্যবাদ জনায়।










