Home Blog Page 2844

সংৰক্ষণৰ অভাৱত ধ্বংসৰ দিশে বহু পৌৰাণিক সম্পদ

পৌৰাণিক কীৰ্তিচিহ্ন আৰু বিভিন্ন ঐতিহাসিক  সম্পদৰ ক্ষেত্ৰত অন্যতম চহকী হৈছে   গোলাঘাট জিলাৰ ধনশিৰি মহকুমা। সমগ্ৰ ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত এতিয়াও সিচৰিত আছে এটা জাতিৰ  প্ৰাচীন ঐতিহ্য বহন কৰা বিভিন্ন পৌৰাণিক সমল।  তাৰেই ভিতৰত অন্যতম হৈছে মহকুমাটোৰ বৰপথাৰ মৌজাৰ  অন্তৰ্গত আলিচিঙা টেঙানি অঞ্চল।  1984 চনৰ পৰা বৰ্তমানলৈকে এই আলিচিঙা টেঙানি  অঞ্চলত উদ্ধাৰ হৈছে সপ্তম অষ্টম শতিকাৰ  বহু পৌৰাণিক সমল। তাৰেই ভিতৰত অন্যতম হৈছে প্ৰাচীন শিলালিপি,  স্তম্ভলিপি, পকী ঘৰ, পকী বেৰ, ৰাজহাউলি,   সূৰ্য্য মূৰ্তি,  বিষ্ণু মূৰ্তি,  শিৱ মূৰ্তি, শিৱ লিংগ, শিলৰ ভাস্কয্য,  সৰু-বৰ  পুখুৰী, গড়, খাৱৈ, পোৰা মাটিৰ লিপিযুক্ত মোহৰ, লো, তাম আৰু অন্যান্য ধাতুৰে নিৰ্মিত কাহী, বাতি, গিলাচ, হেতা আদি  অন্যতম । 1984 চনতে  অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ বিষয়া ড’ হেমেন্দ্ৰনাথ দত্তৰ নেতৃত্বত চলা খনন কাৰ্যত এই অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল এটি পোৰা মাটিৰ লিপিযুক্ত মোহৰ। উদ্ধাৰ  হোৱা পোৰা মাটিৰ লিপিযুক্ত মোহৰত  শ্ৰী ৰ্ব্বসুন্ধৰ বৰ্মণৰ  নাম খোদিত হৈ আছে আৰু এই লিপি সপ্তম অষ্টম শতিকাৰ বুলি গৱেষক সকলে ঠাৱৰ কৰিছে । উল্লেখ্য যে  আলিচিঙা টেঙাণী অঞ্চলত উদ্ধাৰ হোৱা পোৰা মাটিৰ লিপিযুক্ত মোহৰটোৱেই হৈছে সেই সময়ত  অসমৰ ভূখণ্ডত  উদ্ধাৰ হোৱা প্ৰথম আৰু একমাত্ৰ মাটিৰ মোহৰ। বৰ্তমানে এই মোহৰটি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।  এনে মাটিৰ মোহৰ প্ৰাচীন কালত স্বাধীন শাসনতন্ত্ৰ বা ৰাজতন্ত্ৰইহে ব্যৱহাৰ কৰিছিল আৰু  এই অঞ্চলটো ৰাজ শাসনতন্ত্ৰৰ কেন্দ্ৰস্হল বা ৰাজধানী আৰু শ্ৰী ৰ্ব্বসুন্ধৰ বৰ্মণ সেই সময়ৰ শাসন কৰ্তা বা ৰজা আছিল বুলি গৱেষণাৰ পৰা উদ্ধাৰ হৈছে। এই অঞ্চলত উদ্ধাৰ হোৱা পৌৰাণিক সমল সমূহৰ পৰা বৰ্মণ বংশৰ কছাৰী ৰজাই ৰাজত্ব কৰিছিল বুলি প্ৰমাণ পোৱা যায় । গৱেষকসকলৰ মতে শ্ৰী ৰ্ব্বসুন্ধৰ বৰ্মণ কছাৰী সকলৰ পূৰ্বৰ ৰজা আছিল । এই আলিচিঙা টেঙানি প্ৰত্নতাত্বিক স্থানতেই আছে মুখামুখিকৈ থকা দুটা বৃহৎ আকাৰৰ  পুখুৰী। পুখুৰী দুটা ইংৰাজী ইউ (U) আকৃতিৰ । শেষতীয়াভাৱে  এই পুখুৰী দুটাই আগুৰি থকা ঠাইডোখৰত 2018, 2019 আৰু 2020 বৰ্ষত অসম চৰকাৰৰ পুৰাতাত্বিক সঞ্চালকালয়ৰ সঞ্চালক ডঃ দীপি ৰেখা কৌলীৰ তত্বাৱধানত   ডেক্কান বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ইনষ্টিটিউট অব আৰ্কিঅ’লজি আৰু বিশ্ব ভাৰতীৰ  এদল গৱেষকে চলোৱা খনন কাৰ্যত এটি ৰাজহাউলি আৰু আন এটি গৃহ উদ্ধাৰ হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই অঞ্চলত কোৰ বা চিপৰাঙেৰে অকণমান মাটি খান্দিলেই বহল বহল আকাৰৰ ইটাৰ ভগ্নাৱশেষ  পোৱা যায় সকলোতে । আনহাতে 42 খনৰো অধিক গাঁও থকা বৃহত্তৰ টেঙানি অঞ্চলত এতিয়াও সিচৰিত হৈ আছে বহু পৌৰাণিক সম্পদ । কিন্তু পৰিতাপৰ কথা যে অৱহেলা আৰু সংৰক্ষণৰ অভাৱত  সেইবোৰৰ অধিকাংশই এতিয়া ধ্বংস স্তুপলৈ গতি কৰিছে । সেইসমূহৰ উপযুক্ত খনন আৰু পুনৰুদ্ধাৰৰ কৰি অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে অসমৰ ইতিহাসৰ বহু পৃষ্ঠা মুকলি হোৱাৰ থল আছে ।      অসম  চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ে ইতিমধ্যে এই ঠাইডোখৰ প্ৰত্নতাত্বিক স্থান হিচাপে ঘোষণা কৰিছে । কিন্তু পৰিতাপৰ কথা যে প্ৰত্নতাত্বিক স্থান হিচাপে ঘোষণা কৰাৰ বহু বছৰ  পাছতো কেৱল মাত্ৰ  সংৰক্ষণৰ নামত এখন  পকী বেৰহে নিৰ্মাণ কৰিছে। আনহাতে পকী বেৰৰ লগত স্হাপন কৰা দুখনকৈ লোহাৰ গেট নিৰ্মাণৰ এমাহৰ পিছতেই কোনো দুষ্কৃতিকাৰীয়ে চুৰ কৰি লৈ যায় । আজিকোপতি আৰক্ষীয়ে তদন্ত কৰি দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল । আনহাতে এই প্ৰত্নতাত্বিক স্থানৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীৰ পাৰত 2002 -2003 বৰ্ষত প্ৰায় 15 ফুট বহল আৰু প্ৰায় 12 ফুট ওখৰ মাটিৰ ভিতৰত থকা এখন ইটাৰ বেৰ ৰাইছে প্ৰত্যক্ষ কৰিছিল । পকী বেৰখনৰ অৱস্হিতিলৈ চাই বহুতেই সেইয়া ঘৰ বা মন্দিৰ বুলি বহুতেই  অনুমান কৰিছিল। আনহাতে  বিভিন্ন সংবাদ মাধ্যমতো এই বিষয়ে প্ৰকাশ পাইছিল। কিন্তু উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্হা গ্ৰহণ নকৰাত বাৰিষা  অহা বানপানীয়ে উটুৱাই লৈ যায়। এনেদৰেই বহু ৰজাদিনীয়া সম্পদ ধ্বংসস্তুপলৈ গতি কৰাৰ নিদাৰুণ অৱস্থালৈ  পৰিণত  হৈছে ।     

 আলিচিঙা টেঙানিত উদ্ধাৰ হোৱা ৰাজহাউলি

কছাৰী ৰজা দিনৰ ইংৰাজী ইউ (U) আকৃতিৰ মুখামুখিকৈ থকা  বৃহৎ পুখুৰী দুটা থকা ঠাইডোখৰ আছে  এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিবেশৰ মাজত । এই পুখুৰী দুটা স্হানীয় চৰাইৰ লগতে নানা ধৰণৰ পৰিভ্ৰমী চৰাইৰ বসতিস্থল । পৰ্যটন থলী হিচাপে গঢ় দিবলৈ প্ৰাকৃতিক ভাৱে সকলোবোৰ উপাদানেই আছে এই ঠাইডোখৰত । স্থানীয় ৰাইজৰ লগতে মহকুমাটোৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা ঠাইডোখৰক পৰ্যটন থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । চৰকাৰৰ অকণমান সদিচ্ছাত এই ঠাইডোখৰ হৈ পৰিব এক সুন্দৰ পৰ্যটন স্হলীলৈ । পৌৰাণিক কীৰ্তি চিহ্ন সমূহ সংৰক্ষণ হোৱাৰ লগতে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব এই ঠাইখিনি। লগতে অধ্যয়ন আৰু গৱেষণাৰ সমল হব এই সম্পদৰাজি । আনহাতে ধনশিৰি বাসীৰ আন এক দীৰ্ঘদিনৰ সমস্যা হৈছে এখন উদ্যানৰ । মহকুমাটোৰ ৰাইজৰ আজৰি সময় কটোৱাৰ বাবে  আজিলৈকে এখনো উদ্যান স্হাপন নহ’ল । পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিলে মহকুমাবাসীৰ উদ্যানৰ ক্ষেত্ৰত থকা পুৰণি সমস্যা সমাধান হোৱাৰ লগতে চৰকাৰী ৰাজহ আহৰণৰো এক উৎস হৈ উঠিব । অকল সেইয়াই নহয় ঐতিহাসিক পুখুৰী দুটাত মৎস পালন, হাঁহ পালন, নৌকা চালন  লগতে ৰেষ্টুৰেন্ট, হোটেল,  আদি ব্যৱসায়ৰ জৰিয়তে কেইবাজনো স্থানীয় নিৱনুবা যুৱক-যুৱতী  সংস্হাপন লাভ কৰিব পাৰিব । লগতে স্থানীয় উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰীৰ জৰিয়তে কৃষকসকল লাভান্বিত হ’ব পাৰিব । আনহাতে যুৱতী-মহিলা সকলেও  হাতে বোৱা পৰম্পৰাত  সাজ পোচাক বিক্ৰীৰ জৰিয়তে স্বাৱলম্বী হবলৈ সক্ষম হব। উল্লেখ্য যে কিছুদিনৰ আগেয়ে স্থানীয় বিধায়ক গৰাকীয়ে এই ঠাইডোখৰ  পৰিদৰ্শন কৰি উপযুক্ত সংৰক্ষণ আৰু পৰ্যটন স্হলী হিচাপে গঢ়ি তুলিবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল । এইক্ষেত্ৰত বিধায়ক গৰাকীয়ে পৰৱৰ্তী সময়ত  কিদৰে কায্য প্ৰণালী গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হব।

টংলা উপডাকঘৰত গ্ৰাহকৰ জমা ধন হৰলুকি

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা স্থিত টংলা চাটগাৰী উপডাকঘৰত গ্ৰাহকৰ ধন হৰলুকি কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে গকুল দাস নামৰ কৰ্মচাৰী জনে দীৰ্ঘদিনে টংলা চাটগাৰি উপ ডাকঘৰত জমা থোৱা গ্ৰহকৰ ধন  পাচবুকত জমা ৰখাৰ পৰিৱৰ্তে গ্ৰাহকৰ ধন আত্মসাৎ কৰি আহিছে । যাৰ পৰিপেক্ষিতত আজি ভুক্তভোগী গ্ৰহকৰ পৰা সংশ্লিষ্ট ঘটনাৰ বিবৰণ জানিব পোৱা যায়।”উল্লেখ যে যোৱা ২০১৭ চনৰ পৰা টংলা চাটগাৰি উপডাকঘৰত প্ৰবিন কুৱৰ নামৰ এজন ব্যক্তিয়ে প্ৰতিমাহে ডাকঘৰ কৰ্মচাৰী গকুল দাসৰ দ্বাৰাই ডাকঘৰ পাচবুকত ধন সংগ্ৰহ কৰি আহিছিল যেতিয়ালৈকে গকুল দাসক টংলা ডাকঘৰৰ পৰা অইন ঠাইলৈ স্থানান্তৰ কৰা নাছিল।
কিন্তু কৰ্মচাৰী গকুল দাস যেতিয়া টংলা ডাকঘৰৰ পৰা অইন ঠাইলৈ স্থানান্তৰ কৰা হ’ল, তেতিয়া জমা থোৱা সৰ্বমুঠ টকাৰ ভিতৰতে হঠাৎ গ্ৰাহক প্ৰবিন কুৱৰৰ সাত হাজাৰ জমা ধন হৰলুকি হোৱাত ডাকঘৰ কৃতপক্ষক জনোৱা হয় যদিও বৰ্তমান গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ ক্ষ্যত্ৰত কনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আৰু এতিমধ্যে টংলা চাটগাৰি উপডাকঘৰত এনেধৰণৰ ধন হৰলুকি হোৱা ঘটনা কেইবাৰো হৈছে বুলি গ্ৰাহক জনৰ মুখৰ পৰা জানিব পৰা যায়।।কিন্তু এক প্ৰশ্ন উত্থাপন হয় কি কাৰণত গ্ৰাহকৰ জমা থোৱা ধন  এনে ধৰণে হৰলুকি হ’ব পাৰে ।এনেহেন কৰ্মচাৰী তথা ডাকঘৰ কতৃপক্ষক চৰকাৰে খনে কি ব্যৱস্থা ল’ব পৰৱৰ্তি পৰ্যায়ত সেয়াহে লক্ষণীয় হ’ব।

প্ৰখ্যাত অধিবক্তা তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক নিলয় দত্তৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক নিলয় দত্তৰ আজি পুৱতি নিশা কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত মৃত্যু হয়। হঠাৎ হাৰ্ট এটেকৰ ফলত ৬৮ বছৰ বয়সত তেখেতৰ আজি মৃত্যু হয়। তেওঁ অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল, অসম আইন আয়োগৰ সদস্য, সদৃশ উকীল সন্থাৰ পৰামৰ্শদাতা আৰু ক্ৰিকেট আম্পায়াৰ, ৰেফাৰী আৰু এজন প্ৰশাসক আছিল।

তিনিচুকীয়াৰ শিশুগৃহত ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সদস্য সচিবৰ পৰ্যবেক্ষণ

কালি অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সদস্য সচিব পাৰ্থ প্ৰতীম মজুমদাৰে তিনিচুকীয়া জিলাৰ শিশুসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে জিলাখনৰ শিশুগৃহ সমূহো পৰ্যবেক্ষণ কৰে। ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত  গংগাবাৰীৰ কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ শিশু সকলে এটি সমবেত গীতেৰে সচিব গৰাকীক আদৰণি জনায়। কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ সম্পাদক অখিল চন্দ্ৰ বৰুৱা, অধীক্ষক প্ৰিয়ংকা শৰ্মা আৰু বৰষা বৰঠাকুৰে শৰাই, চেলেং আৰু জাপিৰে সচিব পাৰ্থ প্ৰতীম মজুমদাৰক সম্বৰ্ধনা ঞ্জাপন কৰে। জিলাখনৰ বিশেষ ভাবে সক্ষম শিশুসকলক লৈ যে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আৰু তেওলোকৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰে সচিব গৰাকীয়ে। শিশুসকলক সুন্দৰ কৈ কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহত সুৰক্ষা দিয়াৰ বাবে সচিব গৰাকীয়ে শিশুগৃহৰ কৰ্তৃপক্ষক  ধন্যবাদ জ্ঞাপন কৰে। জিলা শিশুসুৰক্ষা গোটৰ বিষয়া ৰিজুৱানা তাচমিন হাজৰিকাই ফুলাম গামোছাৰে শিশুগৃহতেই সচিব গৰাকীক আদৰণি জনায় । জিলাখনৰ পূৰ্বোত্তৰ আৰু আদৰ নামৰ শিশুগৃহ দুটিও সচিব গৰাকীয়ে পৰ্যবেক্ষণ কৰে।

বুঢ়ীদিহিং মৌজাত শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্ত্তি দাহ

 তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চল মাধৱপুৰ বৰডুমচা বজাৰ তিনিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে অসমৰ শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বৈদ্যুতিক নিয়মীয়াকৰণ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে কোনো ধৰণৰ উন্নয়ন কৰিব নাই পৰা সেইয়া কৰ্মৰ মাজতে প্ৰকাশ পাইছে। ২৪ ঘন্টাই বিজুলী বাতি যোগান ধৰাৰ শ্লোগান গোৱা এই বিজেপি  চৰকাৰে প্ৰায় দুই ঘণ্টাও হঠিক ভাৱে বিজুলী বাতি যোগান ধৰিবলৈ সক্ষম হোৱা নাই।ইয়াৰ বাবে ৰাতিক দিন কৰি,দিনক ৰাতি কৰি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বুঢ়ীদিহিংবাসীৰ বহুলোকে নিজৰ দৈনন্দিন জীৱনৰ কাৰ্য্যসূচী সলনি কৰি সমস্যা সমাধানৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰে। বিজেপী চৰকাৰ গ বেগ, বিমল বৰা মুণ্ডবাদ, বিদ্যুৎ নিয়মীয়াকৰণ কৰিব লাগিবৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্লোগানৰে অঞ্চলটোত এক মূহুৰ্তৰ বাবে যুকাৰণি সৃষ্টি কৰাৰ পৰিলক্ষিত হয়। তিনিচুকীয়া জিলাৰ অন্তৰ্গত দ্বিতীয় বৃহৎ বজাৰ মাধৱপুৰ বৰডুমচাৰ প্ৰায় পাঁচ শতাধিক লোকৰ ভিৰৰ মাজতে বিমল বৰাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বিদ্যুৎ যোগানৰ ক্ষেত্ৰত সহায় হোৱাকৈ বৈদ্যুতিক কণ্ট্ৰল চেণ্টাৰ স্থাপন, কেবুল লাইন প্ৰদান আৰু ২৪ ঘণ্টাই বিজুলী বাতি যোগান ধৰিবলৈ হুংকাৰ প্ৰদান কৰে।সংগঠনটোৰ আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱা, সম্পাদক মন্টুশ মৰাণৰ লগতে অন্যান্য সংগঠনটোৰ বিষয়ববীয়াসকলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্তিক  শ্ৰীঘেই উক্ত ব্যবস্থা গ্ৰহণ নকৰিলে সমূহ বুঢ়ীদিহিংবাসীক লগত লৈ  জংকী আন্দোলন কৰিবলৈ সাজু হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

পৰ্বতঝোৰাৰ দেবীতোলাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ

ধৰ্ম নিৰপেক্ষ দেশ এখনত গণতান্ত্ৰিক চৰকাৰৰ বৈষ্যম্মমুলক আচৰণে ক্ষুদ্ধ কৰি তুলিছে জনগনক । তেত্ৰিছ খন জিলাৰ ভিতৰত ২৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰে যদিও ৬খন জিলাক বাদ পেলোৱা ঘটনা বিজেপি চৰকাৰৰ বাবে তীব্ৰ নিন্দা জনক। উল্লেখ্য যে, ৰাজ্য খনৰ উপ – নিৰ্বাচনৰ ললীপপ হিচাপে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত জিলা সমূহক বাদ দি টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা কাৰ্য্যই অকল মুছলমানেই নহয় হিন্দু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলোও বঞ্চিত হব লগীয়া কাৰ্য্যৰ বিৰুদ্ধে পৰ্বতঝোৰা জিলা আমছুৱে আজি দেবীতোলাত অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰে । স্মৰ্তব্য যে, যি বিলাক জিলাত কভিডৰ ভয়াৱহতা যথেষ্ট বেছি সেই সমূহ জিলা বাদ দিয়া নাই । কিন্তু ৰাজ্য খনৰ মূখ্যমন্ত্ৰীৰ স্বভাৱ সুলভ মন্তব্যই বাৰু কৈ লজ্জানত কৰি পেলাইছে সমগ্ৰ অসম বাসীক।

আৰক্ষীৰ নামত দালালি ইছফাকুৰ ৰহমান নামৰ এজন যুৱকৰ

আৰক্ষীৰ নামত দালালি কৰা ইছফাকুৰ ৰহমান নামৰ এজন যুৱকক আজি গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ইছফাকুৰক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ইছফাকুৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত দালালি কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই ঘটনাৰ তদন্ত কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈ ইছফাকুৰক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডি এচ পি দিপ্তী মালিয়ে ইছফাকুৰক আটক কৰি তেঁওৰ ঘৰত তালাচী অভিযান চলাই। আৰক্ষীয়ে ইছফাকুৰৰ জুৰীয়াৰ গৰিয়া কাৱৈমাৰীস্থিত বাসভৱনত অভিযান চলাই ১৫০খন কেছ ডায়েৰী উদ্ধাৰ কৰে। এই বিষয়ে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিব পাৰি নগাঁও আৰক্ষীৰ অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰি কয়, “ইছফাকুৰৰ লগত জড়িত নগাঁও আৰক্ষীৰ বিষয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। আৰক্ষীৰ চাকৰি ধন ঘটাৰ বাবে নহয়। ধন ঘটিবলৈ মন থাকিলে ব্যৱসায় কৰক। আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।”উল্লেখযোগ্য যে ইছফাকুৰে নগাঁও আৰু হোজাইৰ বহু আৰক্ষী থানাত দালালি কৰাৰ অভিযোগ উঠিছিল।

আটছা ওৰাং উপশাখাৰ উদ্যোগত ওৰাঙত ৰাজহুৱা কৰম পৰৱৰ আয়োজন ৷

আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ওৰাং উপশাখাৰ উদ্যোগত অহা ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে ওৰাঙৰ নিছিলামাৰী গাঁওত ওৰাং আঞ্চলিক ভিত্তিত ৰাজহুৱা কৰম উৎসৱৰ আয়োজন কৰা হৈছে ৷ এই উপলক্ষে যোৱা ১৫ ছেপ্তেম্বৰত নিছিলামাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আটছা ওদালগুৰি জিলা সমিতিৰ উপসভাপতি মণিৰাম মাহাতোৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷উক্ত সভাতে বলৰাম মুণ্ডাক সভাপতি,মামলু তাঁতি,সুভাষ মাহাতো, আৰু হিৰণ্য মাহাতোক উপসভাপতি,বিষ্ণু মাহাতোক কাৰ্যকৰী সভাপতি,বিজু মাহাতোক সম্পাদক ,অজিত মাহাতো আৰু বাসন্তী মাহাতোক সহকাৰী সম্পাদক আৰু দিপেন মাহাতোক সাংস্কৃতিক সম্পাদক ৰূপে লৈ ৰাজহুৱা কৰম উৎসৱ উদযাপন সমিতি খন গঠণ কৰা হয় ৷উক্ত সভাতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অতি দুখীয়া ঘৰৰ ছাত্ৰী ৰীতা মাহাতোক ওৰাং আঞ্চলিক অবিচি ব’ৰ্ডৰ তৰফৰ পৰা আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে ৰমেশ মাহাতো আৰু হেমন্ত কুমাৰ মাহাতোৱে দুহেজাৰ টকা আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷আনহাতেভাদমাহৰ শুক্লাএকাদশী তিথি ৷এই তিথিতেই পালন কৰা হয় চাহজনগোষ্ঠী- আদিবাসী সমাজৰ অতিকে আদৰৰ কৰম উৎসৱ ৷ওদালগুৰি জিলাৰ ওৰাং অঞ্চলতো  ১৭ ছেপ্তেম্বৰৰ পৰা  কৰম পৰৱৰ উদযাপন হৈ যায় ৷যোৱা ১৩ ছেপ্তেম্বৰৰ পৰাই কুমাৰী ছোৱালী সকলে নদীৰ পৰা নতুন বাহৰ ডলাত বালি তুলি আনি ডলাত মাটি মাহ,কুৰথী,মাকৈ আদি শস্য সিঁচি জাৱা উঠাই পুৱা সন্ধিয়া  জাৱাজাগৰণ গীত মাতেৰে মূখৰিত কৰিছে ওৰাং অঞ্চল ৷এই উপলক্ষে ওৰাঙৰ নিছিলামাৰী,চমুৱাগাঁও,গৰুবান্ধা,ৰৌমাৰী,ভোগদল,২নং শইকীয়া চুবুৰী,ভেলুগুৰি,মোৱামাৰী,বেঙেনাবাৰী,ফুহুৰাবাৰী আদি ৰাজহ গাওঁত এই পৰৱৰ ব্যাপক কাৰ্যসুচীৰে অনুষ্ঠিত কৰাৰ  লগতে  ১৮ ছেপ্তেম্বৰত বিসৰ্জন  অনুষ্ঠান সমুহ কৰা হয় ৷যোৱা বছৰত কৰ’ণা কালীন পৰিবেশৰ বাবে এই উৎসৱ পালন কৰিব পৰা নগৈছিল যদিও এইবেলি পৰিবেশ কিছু ভাললৈ অহাত কৃষি উৎসৱ এই কৰম পৰৱৰ পালনৰ বাবে ৰাইজৰ মাজত উচাহ উদ্দীপনাৰ লগতি ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে ৷

ওদালগুৰিৰ খাউৰাঙত কৰোনাৰ প্ৰতিষেধক প্ৰদান

কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইথকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ বিৰুদ্ধে অপ প্ৰচাৰ চলাই থকা দেখাপোৱা গৈছে। উক্ত সমাজ বিৰোধী সকলে যিমানেই অপ প্ৰচাৰ কৰিলেও ৰাইজে তেওঁলোকৰ ষড়যন্ত্ৰক বুঢ়া আঙুলি দেখুৱাই প্ৰতিষেধক কেন্দ্ৰলৈ ঢাপলি মেলা দেখা পোৱা গৈছে।  ১৭ চেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো কোৰোনাৰ প্ৰতিষেধক “কোভাচিল্ড” বিভিন্ন কোভিড চেণ্টাৰলৈ প্ৰদান কৰা দেখাপোৱা গৈছে।  ওদালগুৰিৰ উত্তৰে অৱস্থিত খাউৰাং বজাৰখলা উপ স্বাস্থ্য কেন্দ্ৰত ৰাতিপুৱা ৯:০০ বজাৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক “কোভাচিল্ড” গ্ৰহণ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগে। ওদালগুৰি স্বাস্থ্য বিভাগৰ মেলেৰিয়া নিয়ন্ত্ৰণত থকা স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃত্বত খাউৰাং বজাৰখলা উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম বিদুশ্ৰী ব্ৰহ্মৰ পৰিচালনাত স্থানীয় আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, শাবিত্ৰী দেৱী আৰু জানুকা দেৱীৰ সহযোগত ২৩০ জনক “কোভাচিল্ড”ৰ প্ৰথম পালিৰ লগতে ১৮৯ জনক দ্বিতীয় পালিৰ “কোভাচিল্ড° প্ৰতিষেধক প্ৰদান কৰা হয়। ৰাতিপুৱা ৯:০০  বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান শিবিৰ সন্ধ্যা ৫ :০০ বজালৈ চলি থাকে।প্ৰথমে অনা প্ৰতিষেধক সম্পূৰ্ণ শেষ হোৱাৰ পিছত ৰাইজৰ দাবীত পুনৰ ওদাগুৰিৰ পৰা অতিৰিক্ত প্ৰতিষেধক”কোভাচিল্ড” আনিব লগীয়া হৈছিল।  স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃ প্ৰদান কৰা প্ৰতিষেধক প্ৰদান শিবিৰত এ এন এম বিদুশ্ৰী ব্ৰহ্ম, আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, জানুকা দেৱী আৰু শাবিত্ৰী দেৱীৰ সেৱা কাৰ্য্যক স্থানীয় খাউৰাংবাসী ৰাইজে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কাৰ্য্যক ধন্যবাদ জনা‌য়।

মাজবাটত সাংসদ দিলীপ শইকীয়াৰ চিলাই মেচিন বিতৰণ

মাজবাটত মঙ্গলদৈ লোকসভা সমষ্টিৰ  সাংসদ দিলীপ শইকীয়াই মহিলা সকলৰ মাজত ১৫০ চিলাই মেচিন বিতৰণ কৰে । মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁচনৈ চেৰফাং পৰিষদিয় সমষ্টিৰ প্ৰত্যেক ভিচিডিচিৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত প্ৰমাণ পত্ৰ থকা মহিলা সকলৰ ভিতৰত প্ৰথম অৱস্থাত ৫০০ মেচিন দিয়াৰ কথা সাংসদ দিলীপ শইকীয়াই জানিব দিয়ে । তাৰে পৰিপেক্ষিতত আজি ১৮ছেপ্তেম্বৰ  মাজবাটত এখনি চিলাই মেচিন বিতৰণ কৰাৰ বাবে সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল । প্ৰথম অৱস্থাত ৫০০ গৰাকী মহিলাৰ মাজত আধুনিক যুগৰ উষা কোম্পানীৰ চিলাই মেচিন বিতৰণৰ লক্ষ্য আছিল যদিও  ১৮ ছেপ্টেম্বৰ তাৰিখে মাজবাটত উপস্থিত হৈ সাংসদ দিলীপ শইকীয়াই ১৫০ গৰাকী মহিলাৰ মাজত চিলাই মেচিন নিজ হাতে বিতৰণ কৰে । আজি ১৮ তাৰিখে মাজবাটত অনুষ্ঠিত উক্ত চিলাই মেচিন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই তেওঁৰ ভাষণ প্ৰসংগত বিটিচিৰ অইন সমষ্টিৰ দৰেই মাজবাট অঞ্চলৰ বিজপি কাৰ্যকৰ্তাৰো দীৰ্ঘদিনীয়া সমস্যা সমাধান হৈছে । সমাজৰ SC , OBC ,আৰু  MOBC শ্ৰেণীৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত হিলা সকলে এটাকৈ চিলাই মেচিন পোৱাৰ উপৰিও যিসকলৰ চাৰ্টিফিকেট নাই তেওঁলোককো তেওঁলোকৰ প্ৰায়োজনৰ ওপৰত ভিক্তি কৰি দ্বিতীয় পৰ্য্যায়ত দিয়া হব বুলি আশ্বাস দিয়ে । সাংসদ শইকীয়াই মাজবাটৰ ৰাইজৰ ঘৰে ঘৰে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ আঁঠুৱা ,কম্বল ,  বিজেপি দলৰ  চৰকাৰ বিটিচিত অহাৰ   পিছত বিতৰণ কৰাৰ দৰেই কোনো হিতাধিকাৰীৰ পৰা এক পইছা নোলোৱাকৈ সাধাৰণ সভা পাতি বিতৰণ আজি ১৫০ গৰাকী মহিলাৰ মাজত বিতৰণ কৰা হৈছে বুলি মন্তব্য আগবঢ়াই । মাজবাট অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত হৈ আছে অতি শীঘ্ৰেই মাজবাট বিধানসভা সমষ্টিৰ সকলো দীৰ্ঘদিনিয়া সমস্যাৰ সমাধান কৰা হব বুলি কোৱাৰ লগতে শইকীয়াই এই অঞ্চলৰ ৰাইজে চৰকাৰৰ কিবা পাবলৈ হলে টকা পইচাৰ অংকৰ নকৰাকৈ একো সুবিধা পোৱা সম্ভৱ নাছিল তেনে অৱস্থাৰ পৰা আজি এক টকা নিদিয়াকৈ বিজেপি কাৰ্যকৰ্তা সকলে সেৱা আগবঢ়াই যাব আৰু ৰাইজেও কাকো আঁচনিৰ নামত টকা যাতে নিদিয়ে তাৰ বাবে আহ্বান জনায় । উক্ত সভাত উপস্থিত যোৱাকালি ১৭ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব ভাৰ লোৱা সুনীল  বাসুমতাৰীয়েও তেওঁৰ ভাষণ প্ৰসংগত মহিলা সকলৰ মাজত চিলাই মেচিন বিতৰণ কৰাৰ লক্ষ উদ্দেশ্য এই মেচিনৰ দ্বাৰা মহিলা সকলে ঘৰৰ কামত ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ দ্বাৰা চিলাই কাটিংৰ কাম কৰিও  স্বাৱলম্বী হব পাৰি উক্ত বিষয়ত বক্তব্য ৰাখে । আৰু লগতে ওদালগুৰি জিলা বিজেপিৰ সভাপতি হিচাপে যোৱা কালি ১৭ ছেপ্টেম্বৰ তাৰিখে দায়িত্ব ভাৰ গ্ৰহণ কৰা সুনীল বাসুমতাৰীয়ে সকলো নবীন প্ৰবীণ ,পুৰণা জেষ্ঠ দলীয় কৰ্মীক উৎসাহেৰে ওলাই আহি ওদালগুৰি জিলা বিজেপিৰ সংগঠনিক ভেটি সক্ৰিয় কৰাত সহায় সহযোগিতা কৰাৰ কামনা কৰিছে । উক্ত অনুষ্ঠানত নৱ নিযুক্ত ওদালগুৰি জিলা বিজেপি সভাপতি সুনীল বসুমতাৰী , ৰাজ্যিক সদস্য মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত যুৱ নেতা জিতু কিষান , বিটিচি ই এম দিগন্ত বৰুৱা , এম চি এল এ দ্বীপক মৌৰ , জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , কষ্ট বাগলাৰী , তপন চৰকাৰ , জীৱন ডেকা , মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাৰ লগতে মাজবাট  বিধানসভা সমষ্টিৰ বহু জেষ্ঠ বিজেপি কাৰ্যকৰ্তা , ভিচিডিচি চিয়াৰমেন ও বিভিন্ন দায়িত্বত থকা দলীয় কৰ্মী সকলৰ  লগতে চিলাই মেচিন প্ৰাপ্ত মহিলা সকলো উপস্থিত থাকে  ।