ধেমাজি জিলাৰ গোগামুখৰ অপেছাধাৰী নাট্য সংগঠন দুমৗৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত, টি এম পি কে, মিচিং দৃৰবৃ কৗবঙৰ সহযোগত মিচিং সমাজৰ পুৰুধা ব্যক্তি অই আপ্পুন শিল্পী গণেশ পেগুৰ সোঁৱৰণিত এমহীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ১৫ ছেপ্টেম্বৰৰ পৰা গোগামুখ আবতানি লত্তাত আৰম্ভ হ’বলগা উক্ত নাট কৰ্মশাতাল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিয়াা ব্যৱস্হা কৰা হৈছে ৷ দুমৗৰ নাট্যগোষ্ঠীৰ সভাপতি ৰাজু পেগু আৰু সম্পাদক ভৱেশ মেদকে জনোৱা মতে নাট কৰ্মশালাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট পৰিচালক, নাট্যকাৰ দয়াল কৃষ্ণ নাথ, পাটনাৰ সত্য প্ৰকাশ, ত্ৰিপুৰা, বিশ্বজিৎ চক্ৰৱৰ্তী, কুশল ডেকা, মানস প্ৰতীম নেওগ, বেণু পাটোৱাৰী, পাটনাৰ ৰবি বাৰ্মা, কলকাতাৰ বৰুণ কৌৰ আদিয়ে প্ৰশিক্ষণ দিব ৷ দুমৗৰ নাট্যগোষ্ঠীয়ে প্ৰশিক্ষাৰ্থী সকলৰ বাবে প্ৰ-পত্ৰ গোগামুখ চিলিমপুৰস্হিত দুমৗৰ নাট্যগোষ্ঠীৰ কাৰ্যালয়ত দি আছে ৷ প্ৰশিক্ষাৰ্থী সকলে আগতীয়া যোগাযোগৰ বাবে ৮০১১৩৭৩৭১৬, ৯৬৭৮৮৭১২৩৮, ৮৪৭৩০৩৯৫৬১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ দুমৗৰ নাট্যগোষ্ঠীৰ বিশেষ প্ৰতিনিধি জয়প্ৰকাশ পেগু আৰু অনুজ পাইতে জনোৱা মতে দূৰদূৰণিৰ প্ৰশিক্ষাৰ্থী সকলৰ বাবে থকা-খোৱাৰো সু-ব্যৱস্হা কৰাৰ লগতে কৰ্মশালাৰ অন্তত নাট মঞ্চস্থ কৰা হ’ব আৰু মঞ্চস্থ কৰিবলগা নাটৰ বাবে বহুকেইজন নাট্যকাৰৰ পৰা নাটৰ পাণ্ডুলিপি বিছৰা হৈছে ৷
মাজুলীত ভদীয়া বানে প্লাবিত কৰিলে নদী কাষৰীয়া প্ৰায় ৩০খনকৈ অধিক গাঁও
মাজুলীৰ মথাউৰীৰ বাহিৰৰ প্ৰায় ৩০ খনতকৈ অধিক গাওঁ ভদীয়া বানত কৱলত পৰিছে।কেইবাদিনো ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আহিছে যাৰ পৰিপ্ৰেক্ষিতত ন ন অঞ্চল প্লাৱিত হৈছে।পূব মাজুলীৰ অন্তৰ্গত নৈপৰীয়া শালমৰাৰ প্ৰায় ৬০০ টা পৰিয়াল বানৰ কৱলত পৰাৰ লগতে বৰবোকা, অফলামুখ,দক্ষিণপাটকৈৱৰ্ত গাঁও, দক্ষিণপাট কুমাৰ গাওঁ, দক্ষিণপাট কলিতা গাঁও, পুৰণি সত্ৰ, যোগীগাঁও, মেৰাগড়,কলনিবাৰী,গ্ৰেজিং,চিনাটলি,ৰতনপুৰ,নতুন বনৰীয়া চাপৰিত ভদীয়া বানে আক্ৰান্ত কৰাৰ লগতে এই গাঁও কেইখনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।বানাক্ৰান্তৰ মাজত খোৱা পানী, খোৱা খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য সামগ্ৰী ব্যাপক ভাৱে অভাৱ হৈছে।আনহাতে চুমৈমাৰী, পোহাৰদিয়া, খোৰাহোলা মাজগাও, আলিমূৰ, বামুণ গাওঁ, বৃহত্তৰ ভকতচাপৰি অঞ্চল,সোনাৰিবাৰী আদি গাঁও সমূহো বানত প্লাৱিত হৈছে। আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে কৰতিপাৰ, লাছন চাপৰি আদি মঠাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে।

নামনি মাজুলীৰো বৃহত্তৰ অঞ্চল বানপানীৰ কৱলত পৰাৰ খবৰ আহিছে।ইফালে কমলাবাৰী পাৰঘাট অংশত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।যাৰ পৰিপ্ৰেক্ষিতত আজি নিমাতী মাজুলী সংযোগী ফেৰী সেৱা বন্ধ হৈ পৰিছে। ক’ভিড সংক্ৰমন ৰোধৰ স্বাৰ্থতেই মাজুলী জিলা প্ৰশাসনে প্ৰায় তিনি মাহ ধৰি বন্ধ কৰি ৰখা নিমাতী- মাজুলী ফেৰী সেৱা আজি কেইটামান দিনৰ পূৰ্বে চলাচল কৰিছিল।ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাত পুনৰ বন্ধ হৈ পৰে এই ফেৰী সেৱা ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাত মাজুলী বিভিন্ন স্থানত মথাউৰী সমূহক লৈ গঞা ৰাইজ চিন্তিত হৈ পৰিছে । কিয়নো যোৱাবছৰ বানত মাজুলীৰ বহুকেইটা মথাউৰীত পানীৰ উঁহ পৰিলক্ষিত হৈছিল আৰু এই স্পৰ্শকাতৰ মথাউৰীয়ে বিপদ ঘটাব পাৰে মাজুলীবাসীক।বানপানীত আক্ৰান্ত ৰাইজক সম্পূৰ্ণ ভাৱে ৰ সহায় কৰিবৰ বাবে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কাকুমণি কলিতা আৰু পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা,সম্পাদক দীপাংকৰ ৰাজখোৱাই জিলা প্ৰশাসনক অনুৰোধ জনাইছে।এই ভদীয়া বানত মথাউৰী বাহিৰৰ কৃষকৰ বহু কৃষি ভূমি অনিষ্ট কৰিছে।

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত বৈঠক পশ্চিম গুৱাহাটী নাগৰিক সচেতন মঞ্চৰ
পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা দূষিত আৱৰ্জনা পেলাই দীপৰ বিলৰ পানী প্ৰদূষিত কৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ১৬ খনতকৈ অধিক গাঁওৰ পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বিষয়টোক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে । আনকি ইয়াক লৈ বিগত কেইদিনত দীপৰ বিলৰ দুয়োপাৰে ক্ৰমে পশ্চিম বৰগাঁও আৰু পামহীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ লগতে সভা অনুষ্ঠিত হৈছে । আনকি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ডাম্পিং গ্ৰাউণ্ড থলী পৰিদৰ্শন কৰি প্ৰতিবাদী ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এন জি টিৰ নিৰ্দেশ উলংঘা কৰি কোনো কাৰণতে ৰাইজ আৰু দীপৰ বিলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবলৈ দিয়া নহব বুলি সতৰ্ক কৰি দিছে । দৰকাৰ হলে জি এম চিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ১৬ খন ভুক্তভোগী গাঁওৰ ৰাইজক লৈ গঠন কৰা পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সৈতে বিষয়টো সমাধান সূত্ৰ উলিয়াব লাগে বুলি আহ্বান জনাইছে । অৱশেষত বিধায়কৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় জি এম চিয়ে মঞ্চক ২৬ আগষ্টত ডাম্পিং গ্ৰাউণ্ড সম্বন্ধে আলোচনাৰ বাবে নিমন্ত্ৰণ জনায় । মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাই , কার্যকৰী সভাপতি সুশীল টেৰণ , সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰ , সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাৰ নেতৃত্বত যোৱা আঠজনীয়া এটি সঁজাতি দলে জি এম চিৰ পানবজাৰস্থিত মুখ্য কাৰ্যালয়ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত অতিৰিক্ত আয়ুক্ত পুলক মহন্ত কে ধৰি কেবাজনো বিষয়া – অভিযন্তা উপস্থাপন থাকে । আনহাতে বৈঠকত জি এম চিৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মঞ্চৰ সঁজাতি দলটোক ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা বিষয়টো সমাধানৰ বাবে এক মাহৰ সময়সীমা বিচাৰে আৰু আগন্তুক দিনত বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা নিষ্কাশন কৰা হব বুলি বুলি সদৰি কৰে । কিন্ত ইয়াৰ বিপৰীতে মঞ্চৰ সজাতি দলটোৱে কোনো কাৰণতে পশ্চিম বৰাগাঁওৰ বেলৰতলত এন জি টিৰ নীতি নিৰ্দেশনা উলংঘা কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহব বুলি জি এম চি কৰ্তৃপক্ষক অৱগত কৰাত আলোচনা আধৰুৱা হৈ ৰয় । অৱশ্যে আগন্তক দিনত দুয়ো পক্ষই সহমতৰে বিষয়টো সমাধানৰ বাবে চেষ্টা চলাব বুলি মত ব্যক্ত কৰে । ইফালে দীপৰ বিলৰ সমীপত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত মঞ্চই ২৬ আগষ্টত এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত ডাম্পিং গ্ৰাউণ্ডটোৱে কৰিব পৰা ক্ষয় ক্ষতি আৰু এইক্ষেত্ৰত এন জি টিয়ে দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰ বাবে দিয়া নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰা হৈছে । আনহাতে উৎপল কুমাৰ দাস , বলেশ্বৰ ৰংপীকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকর্তাই সদৰি কৰা অনুসৰি ডাম্পিং গ্ৰাউণ্ডত পেলোৱা আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ চানি ধৰিছে । আনকি বিগত কেইদিনত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে বিয়লিৰ পাছত বিশেষকৈ বতাহ বলিলে দেউছটাল , পামহী , মইনাখোৰোং , আদি অঞ্চলৰ লোক নাকত ৰুমাল লৈহে ওলাব লগীয়া হৈছে ।
জৰাজীৰ্ণ বাট-পথে জীয়াতু ভূগাইছে মাৰ্ঘেৰিটাৰ মুলাং গাওঁবাসীক
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভাৰ শামুকজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুই নং মুলাং গাওঁবাসীয়ে জৰাৰ্জীণ বাট-পথৰ বাবে স্বাধীনতা লাভৰ অত বছৰৰ পিছতো যমৰ যাতনা ভুঞ্জিব লগা হৈছে। স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিছতো গাওঁখনত যাতায়তৰ বাবে নাই কোনো সুচল পথ। বুঢ়ীদিহিং আৰু মানমৌ জান নদীয়ে আগুৰি থকা গাওঁখনত পকী পথটো দুৰৰে কথা গাওঁখনৰ মূল পথটোতে আজিলৈকে এচপৰা শিলগুটিও নপৰিল বুলি ৰাইজে জানিবলৈ দিছে। গাওঁখন সৰ্ব দিশতে শোষিত অৱহেলিত হৈ আহিছে। গাওঁখনৰ লোকসকলে কাষতে লাগি থকা কেটেতং গাওঁ পঞ্চায়তৰ অধীনস্থ বজাৰ , স্কুল আদিলৈ আহিব লগা হোৱাৰ ওপৰিও চিকিৎসা আদি বাবেও বাৱে কেটেতঙলৈ আহিব লগা হয়| কিন্তু মুলাং -কেটেতং সংযোগি পথটো অৱস্থাও অতি পুতৌলগা। নেদেখিলে বিশ্বাস নহব যে স্বাধীনতা ৭৫ বছৰৰ পাছতো এনে এখন গাওঁ থাকিব পাৰে। যিখন গাঁৱৰ ৰাইজে পকী বাট-পথৰ কথাটো বাদেও শিল গুটি পৰা পথ এটা পাৱলৈও আজিলৈকে সক্ষম হোৱা নাই।বিগত কংগ্ৰেছ চৰকাৰে গাওঁখনৰ কোনো উন্নয়ন সাধন নকৰা পৰিপ্ৰেক্ষিতত তথা বিজেপিৰ পৰিৱৰ্তনৰ শ্লোগানৰ প্ৰতি ভূলগৈ বিজেপিৰ দলৰ সপক্ষে ভোটদান কৰিছিল। অঞ্চল বাসীয়ে বহু আশা কৰিছিল যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শোষণ আৰু বঞ্চনাৰ পৰা মুক্ত হ ব। বিজেপিৰ নেতৃত্বাধীন চৰকাৰে গ্ৰাম্য অঞ্চলসমূহলৈ আমূল পৰিৱৰ্তন আনিব। কিন্তু সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰিল। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পাঁচটা বছৰ অতিক্ৰম কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনৰ ভাৰ গ্ৰহণ কৰিলে যদিও গাঁৱৰ সমস্যা সমাধানৰ বাবে কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গাওঁবাসীৰ বহু আৱেদন নিৱেদনৰ পিছতো বিভাৰ্গীয় কৰ্তৃপক্ষ কিম্বা স্থানীয় জনপ্ৰতিনিধিয়েও গাওঁবাসীৰ আৱেদনক কোনো গুৰুতৰ প্ৰদান নকৰা অভিযোগ গাওঁবাসীৰ। ফলত গাওঁবাসীয়ে এক প্ৰকাৰৰ যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে| লিডু শামুকজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁখনে পঞ্চায়খনৰ পৰাও আজিলৈকে কোনোধৰণৰ উন্নয়ণমূলক আচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি গাওঁবাসীয়ে জানিবলৈ দিছে ।গাওঁবাসী কাতৰ আহ্বান স্থানীয় বিধায়ক জনপ্ৰতিনিধি ভাস্কৰ শৰ্মালৈ অতি শীৰ্ঘ্ৰে গাওঁখনৰ মূল পথটো পকীকৰণ কৰি গাওঁবাসীয়ে দীৰ্ঘদিনে ভোগ কৰি অহা যমৰ যাতনাৰ পৰা মুক্ত কৰাৰ। গাওঁবাসীৰ এই কাতৰ আহ্বানক বিধায়ক ভাস্কৰ শৰ্মাই কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেইয়া পৰৱৰ্ত্তী সময়তহে জানিব পৰা যাব।
মৰিগাঁৱত গ্ৰামীণ জীৱিকা মিছনে ৩২জন নিবনুৱাক প্ৰদান কৰে ড্রাইভিং লাইসেন্স
অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্ত অনুসৰি মৰিগাঁও জিলাৰ ৩২ জনকৈ নিবনুৱা যুৱকক পৰিবহন বিভাগে প্ৰদান কৰে ড্ৰাইভিং লাইচেঞ্চ ৷ উল্লেখ্য যে উক্ত যুবক সকলক যোৱা ১৩ আগষ্টৰ পৰা জিলা পৰিবহন বিভাগে গাড়ী চলোৱাৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ জিলা পৰিবহন বিষয়া বাপন কলিতাই উক্ত যুৱক সকলক ড্ৰাইভিং লাইচেঞ্চ সমুহ যোৱা কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ লগতে জানিব পৰা মতে আজিৰ পৰা পুনৰ এই যুবকসকলক কাৰিকৰী দিশ সম্পৰ্কেও প্ৰশিক্ষণ দিব।
বলীউডৰ দেহৰক্ষীৰ বিশাল দৰমহাই আপোনাৰ চকু কপালত উঠাব
বলীউডৰ তাৰকা সকলক কেতিয়াও মুখ্য মুখঅনুসৰণ কৰা দল অবিহনে দেখা নাযায়। যদি আপুনি যিকোনো B-Townৰ এজন উৎসাহী অনুৰাগী, আপুনি নিশ্চিতভাৱে এজন 6 ফুটৰ এজন ব্যক্তিক লক্ষ্য কৰিব যি সদায় অভিনেতাজনক পহৰা দিয়ে, নিশ্চিত কৰে যে কোনেও তেওঁলোকৰ কাষ চাপিব নোৱাৰে – হয় দেহৰক্ষীসকলে আমাৰ প্ৰিয় চেলিব্ৰেটীসকলৰ চাৰিওফালে এক সুৰক্ষিত বৃত্ত তৈয়াৰ কৰে আৰু তেওঁলোকক সুৰক্ষা দিয়ে।আহক আজি তেওঁলোকৰ বাৰ্ষিক উপাৰ্জনৰ ওপৰত এবাৰ চকু ফুৰাওঁ ।

জিতেন্দ্ৰ চিন্দে হৈছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ দেহৰক্ষী, প্ৰায়ে কাৰ্বাইন বন্দুক ধৰি থকা আৰু Big Bক সুৰক্ষা দিয়া অনুষ্ঠানত দেখা যায়। চিন্দেয়ে এটা সুৰক্ষা সংস্থা চলায় কিন্তু ব্যক্তিগতভাৱে বচ্চনক জ্যেষ্ঠভাৱে পৰিচালনা কৰে। তেওঁ বছৰি প্ৰায় ১.৫ কোটি টকা উপাৰ্জন কৰে।

King Khan (SRK)ক কেতিয়াও 6 ফুটৰ বিশাল ব্যক্তিৰ অবিহনে দেখা নাযায় যাতে ৰবিয়ে নিশ্চিত কৰে যে চুপাৰষ্টাৰজন ভিৰৰ পৰা সুৰক্ষিত। ১০ বছৰতকৈও অধিক সময় আৰু ৰবি সকলো পৰ্যায়তে অভিনেতাজনৰ সৈতে আছে। তেওঁ প্ৰতি বছৰে 2.7 কোটি টকা উপাৰ্জন কৰে । তেওঁ বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা দেহৰক্ষী।
একেদৰে, চলমান খানৰ শ্বেৰা, যি আনকি ‘Bodyguard’ শীৰ্ষক চুপাৰষ্টাৰৰ চলচ্চিত্ৰত কেমিঅ’ত অভিনয় কৰিছিল, তেওঁক প্ৰায় 2 কোটি টকা পৰিশোধ কৰা হয়। তেওঁ ভাইজানৰ ছাঁৰ দৰে খোজ দি দেহ ৰক্ষা কৰে।
মূখ্যমন্ত্ৰীলৈ ছয় দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান নদুৱাৰ শাখা আটছাৰ
চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাই ৰাজ্যৰ প্ৰত্যেক জিলাৰ পৰা মূখ্য মন্ত্ৰীলৈ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সামাধানৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কাৰ্যসূচী হাতত লোৱাৰ লগতে বিশ্বনাথ জিলাৰ আন আন শাখা আটছাৰ দৰে নদুৱাৰ শাখাইয়ো যোৱা কালি জিলা উপায়ুক্তৰ জৰিয়তে মূখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতী আৰু সম্পাদক গ্ৰীনন্দৰ কুৰ্মী স্বাক্ষৰীত চাহ জনগোষ্ঠীক জনজাতিকৰণ,চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি,ভূমি পট্টা প্ৰদান,শিক্ষিত যুৱক যুৱতীৰ সংস্থাপন,চাহ অধ্যুষিত অঞ্চলৰ বিদ্যালয় সমূহ চৰকাৰীকৰণ আৰু ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ মজুৰি অসম চাহ কোম্পানীৰ বাগিচা সমূহৰ সম পৰিমানে প্ৰদান;এই মুঠ ছয় দাবী শীঘ্ৰে ৰূপায়নৰ দাবীৰে মূখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে নদুৱাৰ শাখা আটছাই। উল্লেখ্য যে বিগত সময়ত চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে সংগঠনটোৱে । অনাগত দিনত সমস্যা সমূহ সমাধান নকৰিলে সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। উক্ত দিনাই জিলাখনৰ চাৰিটাকৈ শাখাই স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত উপস্থিত থকা জিলা সভাপতি ধীৰাজ তাঁতীয়ে কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগতে অসমৰ অৰ্থনীতিৰ বুনিয়াদ গঠন কৰা বৃহত্তৰ চাহ জনগোষ্ঠী সমাজখনৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ বৰ্তমানেও এক দাবী হৈয়ে থাকি যোৱাটো সমগ্ৰ জাতিটোৰ বাবে এক দুৰ্ভাগ্যজনক বিষয় বুলি মন্তব্য কৰে। সম্প্ৰতিক ৰাজ্যত ক’ভিড পৰিস্থিতিৰ কিছু শিথিলতাৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় আটছাই দিয়া নিৰ্দেশ অনুসৰি চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাৰ জিলা,শাখাই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা আটছাৰ উপ-সভাপতি বাবুল গোৱালা,শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ লগতে সহকাৰী সম্পাদক বিমল দ্বীপে।
‘দেশ কা মেন্টৰ’ৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব চনু সুদ
বলীউড অভিনেতা চনু সুদ দিল্লী চৰকাৰৰ উচ্চাকাংক্ষী ‘দেশ কা মেন্টৰ’ উদ্যোগৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব, শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে। চনু সুদে ৰাষ্ট্ৰীয় ৰাজধানীত কেজৰিৱালক সাক্ষাৎ কৰে, আম আদমী পাৰ্টিৰ (আপ) মুৰব্বীয়ে ঘোষণা কৰাৰ এদিন পিছতে যে তেওঁৰ চৰকাৰে শীঘ্ৰেই ভাৰতৰ “আটাইতকৈ প্ৰগতিশীল” চলচ্চিত্ৰ নীতি প্ৰস্তুত কৰিব যি মনোৰঞ্জন উদ্যোগক এক বৃহৎ উৎসাহ প্ৰদান কৰিব।তেওঁলোকৰ বৈঠকৰ পিছত যুটীয়া সংবাদমেলত কেজৰিৱালে কৰোনাভাইৰাছ ৰোগ (ক’ভিড-১৯) মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰব্ৰজনকাৰী স্থানান্তৰ সংকটৰ সময়ত চনু সুদে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ কাৰ্যৰ প্ৰশংসা কৰে। সংকটৰ পৰিপ্ৰেক্ষিতত ‘দেশ কে মেন্টৰ’ উদ্যোগ, এক পৰামৰ্শদাতা কাৰ্যসূচী ঘোষণা কৰি কেজৰিৱালে কয় যে ই এতিয়ালৈকে ভাৰতৰ সৰ্ববৃহৎ পৰামৰ্শদাতা কাৰ্যসূচী, য’ত প্ৰায় ৩ লাখ যুৱ পেছাদাৰীয়ে দিল্লী চৰকাৰী বিদ্যালয়ৰ ১০ লাখ শিক্ষাৰ্থীক এক উজ্জ্বল ভৱিষ্যতৰ বাবে পথ প্ৰদৰ্শন আৰু পৰামৰ্শ দিব। তেওঁ কয় , চনু সুদে এই কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হ’বলৈ সন্মত হৈছে।

ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ মাধাৱদেৱৰ তিৰোভাৱ তিথি উদযাপন
মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি ক’ভিডৰ নীতি নিয়মৰ মাজেৰে যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপুৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো সমগ্ৰ ৰাজ্যৰ লগতে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি।কভিডৰ আতংকৰ মাজতে পূৰ্বৰ দৰে উলহ মালহেৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিবলৈ পৰা নাই যদিও আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰে বান্ধি দিয়া কভিডৰ নীতি নিয়ম অৱলম্বন কৰি পুৱাই নাম প্ৰসংগ,দিহানামেৰে আৰম্ভ কৰিছে দিনযোৰা কাৰ্যসূচীৰ।ইপিনে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও নিজ নিজ মনকামনা পূৰণৰ অৰ্থে এগছি বন্তি,শৰাই,নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লৈছে।

পানেৰীত চিলাই মেচিন আৰু টিনপাত বিতৰণ
পানেৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত খালীংদুৱাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত গাওঁ সমূহত পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশ মৰ্মে ওদালগুৰি ব্লকৰ পৰা ৪০ বান টিন আৰু ৬০ টা চিলাই মেচিন বিতৰণ কৰে। খালীংদুৱাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত মেধিপাৰা, দক্ষিণ জংগলপাৰা, বতাবাৰী, ছাটিয়াপাৰা সহ কেইবাখনো গাঁৱত আৰ্থিক ভাৱে জুৰুলা বহুকেইটা পৰিয়ালক খালীংদুৱাৰ মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে বৃহস্পতিবাৰে ঘৰে ঘৰে গৈ টিন পাত আৰু চিলাই মেচিন সমূহ বিতৰণ কৰে। আৰ্থিকভাৱে জুৰুলা পৰিয়াল সমূহে চিলাই মেচিন আৰু টিন পাত লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে পানেৰী সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ধন্যবাদ জ্ঞাপন কৰে। আৰ্থিক অনাটনৰ বাবে বহু পৰিয়ালে ঘৰ মেৰামতি কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত টিন পাত আৰু চিলাই মেচিন বিতৰণ কৰাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ লগতে দলৰ কৰ্মকৰ্তা সকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।













