Home Blog Page 2872

লাহৰীঘাটৰ হুগলতলী গাঁৱত ১১ বছৰীয়া কিশোৰৰ চীপ লৈ আত্মহত্যা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হুগলতলী গাঁৱত এটি ১১ বছৰীয়া কিশোৰে  চীপ জৰীলৈ আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। । ঘটনা খবৰ পোৱাৰ লগে লগেই লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৱে সজাতী দল লৈ ঘটনা স্থলীত উপস্থিত হয়। ঘটনা স্থলীত আৰক্ষী অধীক্ষক মহোদয়াৰ লগতে লাহৰীঘাট ৰাজহ চক্র বিষয়াও উপস্থিত আছিল। আত্মহত্যা কৰা কিশোৰৰ মৃতদেহটি লাহৰীঘাট আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আত্মহত্যাৰ কোনো কাৰণ জানিব পৰা নাই। 

“বিজেপি চৰকাৰ গ’ বেক” ধ্বনিৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল মুকালমুৱা

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিত খাতিখোৱা জনসাধাৰণক কোঙা কৰাৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে আজি  মুকালমুৱাত ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰে মুকালমুৱা ৷ মুকালমুৱাস্থিত ৰাজহুৱা সভাগৃহৰ সন্মুখত অনুষ্ঠিত কৰা ধৰ্মঘট কাৰ্যসূচীত অসম চৰকাৰ হায়-হায়, যোগানমন্ত্ৰী মুৰ্দাবাদ, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ হায়-হায়, বিজেপি চৰকাৰ গ’বেক ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ সন্থাই ৷ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰবেন পাটোৱাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ভাষণত কয় যে কাল কোৰোনাৰ ভয়াবহ সময়ত নিত্য ব্যৱহাৰিত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যৰ যোগান বিভাগৰ অকৰ্মণ্যতাক উদঙাই দি খাতিখোৱা জনসাধাৰণক মাধমাৰ সোধাইছে ৷

বৰক্ষেত্ৰী আছুৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে চৰকাৰক ৰাজ্যৰ খাতিখোৱা জনসাধাৰণৰ কথা গভীৰভাৱে চিন্তা কৰি মূল্যবৃদ্ধি শিঘ্ৰেই নিয়ন্ত্ৰনলৈ আনিবলৈ কয় অন্যথা আগলৈ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ কাৰ্যসূচীত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানসজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, উপদেষ্টা ক্ৰমে সুৰজিৎ পাঠক, মজনুৰ আলী, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানস বৰ্মন, বিত্ত সম্পাদক হীৰকজ্যোতি শৰ্মাসহ দুই কুৰি ছাত্ৰ কৰ্মীয়ে উপস্থিত থাকি প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায় ৷

শ্যাম ষ্টীলৰ ব্ৰেণ্ড এম্বেচেডৰ লাভলিনা বৰগোহাঁই আৰু মনপ্ৰীত সিং

টিএমটি বাৰৰ অন্যতম আগশাৰীৰ প্ৰযোজক আৰু নিৰ্মাতা শ্যাম ষ্টীলে অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু মনপ্ৰীত সিঙক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে। “মাকচাদ তো ইণ্ডিয়া কো বানানা হে”ৰ অভিযানৰ সৈতে সংগতি ৰাখি, সামগ্ৰিক ক্ৰীড়া সংস্কৃতি আৰু আন্তঃগাঁথনিৰ বিকাশত সহায় কৰাৰ বাবে শ্যাম ষ্টীলৰ দৰ্শনৰ ওপৰত আলোকপাত কৰে, যি কোম্পানীৰ ভাৰত গঢ়াৰ বৃহত্তৰ লক্ষ্যৰ সৈতে প্ৰতিধ্বনিত হয়। সংগঠনটোৰ অংশ হিচাপে, লাভলিনা  আৰু মনপ্ৰীতক সমগ্ৰ ভাৰতত শ্যাম ষ্টীলৰ প্ৰিণ্ট আৰু ডিজিটেল প্ৰচাৰত অন্তৰ্ভুক্ত কৰা হ’ব।

সংগঠনটোৰ সন্দৰ্ভত মন্তব্য কৰি শ্যাম ষ্টীলৰ সঞ্চালক ললিত বেৰিৱালাই কয়, “আমাৰ শ্যাম ষ্টীল পৰিয়ালত লাভলিনা  আৰু মনপ্ৰীতক স্বাগতম জনাই আমি গৌৰৱান্বিত। তেওঁলোকৰ যাত্ৰা হৈছে অধ্যৱসায়,শক্তি আৰু সংকল্পৰ প্ৰতীক, যিবোৰ আমাৰ মূল ব্ৰেণ্ড দৰ্শনৰ সৈতেও জড়িত। আমি শ্যাম ষ্টীলত আশাবাদী যে তেওঁলোকৰ ব্যক্তিসকলে নিশ্চিতভাৱে ‘শ্যাম ষ্টীল’ ব্ৰেণ্ডটোৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাব, ব্ৰেণ্ডটোৱে বুজাই থকা মূল্যবোৰ শক্তিশালী কৰিব।”

লাভলিনা  আৰু মনপ্ৰীতে ২০২০ চনৰ টকিঅ’ অলিম্পিকত তেওঁলোকৰ প্ৰদৰ্শনৰ জৰিয়তে ১.৩ বিলিয়ন ভাৰতীয়ক আকৰ্ষিত কৰিছে। লাভলিনাই বক্সিং ৱেলটাৰৱেট বিভাগত ব্ৰঞ্জৰ পদক অৰ্জন কৰে, অলিম্পিকত পদক জয় কৰা কেৱল তৃতীয় ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। মনপ্ৰীতে ভাৰতীয় পুৰুষ হকী দলক টকিঅ’ অলিম্পিক ২০২০ত ঐতিহাসিক ব্ৰঞ্জৰ পদকলৈ লৈ গৈছিল। তেওঁৰ উদাহৰণ স্বৰূপে নেতৃত্ব আৰু প্ৰদৰ্শন ৪০ বছৰৰ দীঘলীয়া অপেক্ষাৰ পিছত ভাৰতে মঞ্চত শেষ কৰাৰ এটা মুখ্য কাৰণ আছিল।

শ্যাম ষ্টীলৰ সৈতে সম্পৰ্ক স্থাপন কৰি লাভলিনা বৰগোহাঁইয়ে কয়, “শ্যাম ষ্টীলৰ সৈতে হাত মিলাই মই সুখী। এই সংস্থাটো এক বিশেষ সংস্থা আৰু মই এক দীঘলীয়া আৰু পৰিপূৰ্ণ অংশীদাৰিত্বৰ বাবে অপেক্ষা কৰি আছো।”

শ্যাম ষ্টীলৰ সৈতে সম্পৰ্ক স্থাপন কৰি মনপ্ৰীত সিঙে কয়, “আপোনাৰ পৰিয়ালৰ অংশ হ’বলৈ মোক অনবৰ্ডিং কৰাৰ বাবে শ্যাম ষ্টীলক ধন্যবাদ। এই সংস্থাৰ জৰিয়তে মই ব্ৰেণ্ডৰ মূল্যবোৰ শক্তিশালী কৰাৰ বাবে অপেক্ষা কৰিআছোঁ, যিবোৰ ব্ৰেণ্ডে প্ৰতিনিধিত্বকৰে।”

ৰঙাপৰাত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ শিবিৰ

ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি ৰঙাপৰা মণ্ডল সমিতিৰ উদ্যোগত স্বাস্থ্য সয়ংসেৱক আভিযানৰ প্ৰশিক্ষণ কৰ্মশালা ৰঙাপৰা নগৰৰ বৰজুলি শ্ৰমিক কল্যাণ বিষয়াৰ কাৰ্যালয়ত কালি অনুষ্ঠিত হৈ যায় ।কৰনা মহামাৰীৰ সম্ভাৱিত তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক সকলে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ মাজত কৰনা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ তত্বাৱধানত ৰাষ্ট্ৰীয় স্বয়ম সেৱক অভিযানৰ আৰম্ভ কৰা হৈছে।এই কাৰ্যক্ৰমৰ অংশ স্বৰূপে ৰঙাপৰা গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত সকলো বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক একত্ৰিত হৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সভাপত্বিত্ব কৰে ভাৰতীয় জনতা পাৰ্টী ৰঙাপাৰা গ্ৰাম্য মণ্ডলৰ সভাপতি  দীপক তেলীয়ে। প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে বিজেপিৰ  ৰাষ্ট্ৰীয় স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্য কমল কলিতা আৰু জিলা স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্য দিব্যা সিনহা ।তাৰোপৰি সভাত ৰূপালী পাটোৱাৰী, ডেভিদ খৰা, ৰানা ভাটিয়া,প্ৰসেনজিত দেৱনাথৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

অন্ধকাৰৰ মাজতো জীৱনৰ চন্দ্ৰ বিচাৰি পোৱা জন্মান্ধ শিল্পী গৰাকী

দাইটিৰ দুচকুৰ সন্মুখত কেৱল নিৰন্ধ্ৰ অন্ধকাৰ ৷ সন্মুখত নাই ৰামধেনুৰ সাতোৰঙৰ খেলা অথৱা বিস্তীৰ্ণ পথাৰৰ সেউজীয়া মনোমোহা দৃশ্য ৷ নাই ডাৱৰৰ আৰে আৰে কৰা জোনবাইৰ লুকাভাকু অথৱা সুৰুযৰ চকু ছাট মাৰি ধৰা পোহৰ ৷ মানুহজনে কেৱল মাথো অনুভৱ কৰিব পাৰে জীৱনৰ অনুভৱ,ৰামধেনুৰ সাতোৰঙৰ অনুভৱ,পাৰে মাথো পৰমপিতা পৰমেশ্বৰৰ চৰণত নিজকে বিলিন কৰি দিয়াৰ অনুভৱ ৷ সেয়ে তেওঁৰ কণ্ঠৰ পৰা অনৰ্গল নিগৰি ওলাই ভাগৱতৰ পদ ৷ তেওঁ লগতে সলসলীয়াকৈ গাই যাব পাৰে ভাগৱতৰ প্ৰতিটো স্কন্ধ,বিভিন্ন টোকাৰী গীত,লোকগীত,বৰগীত আদি ৷ সময়ে সময়ে শুকুলা দাড়িৰে মুখমণ্ডল আৱৰা ক্ষীণকায় দাইটিৰ কণ্ঠৰ প্ৰতি আকৰ্ষিত হৈ ভিন্ন প্ৰান্তৰ পৰা শ্ৰুোতা আহে তেওঁৰ কাষলৈ বিভিন্ন লোকগীত,বৰগীত,টোকাৰী গীত শুনিবলৈ ৷ তাৰ মাজতে কোনোবে তেওঁক অনুৰোধ কৰে “দাইটি”_ৰামেশ্বৰ পাঠকৰ সেই লোকগীতটো গোৱাচোন ৷ লগে-লগে তেওঁ অলপো পলম নকৰি অলপো খোকোজা নলগাকৈ লোকগীতটো গাই শুনাই শ্ৰুোতা সকলক ৷ শুনোতা সকলেও তবধ মানে ইমান প্ৰখৰ স্মৃতিশক্তি তেওঁৰ ৷ মৰমতে সকলো শ্ৰুোতাই দাইটিক দহ-বিশ-ত্ৰিশ টকা দি যায় আৰু সেয়াই তেওঁৰ জীয়াই থকাৰ একমাত্ৰ সম্বল ৷ হয় কবলৈ লোবা হৈছে সেই দাইটিৰ কথাকে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ লগত নিবিড় ভাবে জড়িত সকলোৰে পৰিচিত এগৰাকী দিব্যাঙ্গ লোকগীতৰ শিল্পী। গোলাঘাট জিলাৰ জামুগুৰিৰ গাঁৱত জন্ম গ্ৰহণ কৰি পৰবৰ্তী সময়ত বটদ্ৰৱা থানেই একমাত্ৰ পৰিচয় হৈ পৰা গোপাল দেৱ কাকতি নামৰ এই লোকগীতৰ শিল্পী গৰাকীৰ কথা ৷ বৰ্তমান ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্রী সকলৰ দান বৰঙণি হৈছে তেওঁৰ জীবিকা নিৰ্বাহৰ মূল সম্বল। সুদীৰ্ঘ প্ৰায় ২২ বছৰ ধৰি বটদ্ৰৱা থানৰ মূল থানলৈ যোৱা পথৰ পৰা আকাশীগংগালৈ যোৱাৰ পথৰ সেই কেকুৰিটোত নিৰবে গায় গৈছে লোকগীতকে আদি কৰি গুৰুজনাৰ সৃষ্টিৰাজিৰ গীত মাত সমূহ । পথৰ দাঁতিত বহি  হাতত এখন দোতাৰা লৈ লোকগীত গাই থকা জন্মান্ধ দাইটি এতিয়া বৰদোৱা বাসীৰ লগতে আপোন হৈ পৰিছে দূৰ-দূৰনীৰ পৰা অহা তীৰ্থযাত্ৰীৰ লগতে পয্যৰ্তক সকলৰ ৷ জীৱনৰ তিনিকুৰি পাঁচটা বসন্ত গৰকা দাইটি অৰ্থাৎ গোপাল দেৱ কাকতি,যিজন লোকশিল্পীলৈ ২০১৩ বৰ্ষত নগাঁও নেহৰুৱালীত উদযাপিত হোবা বসন্ত উৎসৱত আগবঢ়োৱা হৈছিল “কলংপৰীয়া শিল্পী বঁটা” ৷ গোলাঘাট জিলাৰ জামগুৰিত জন্ম গ্ৰহণ কৰা দাইটিৰ শিল্পী জীৱনলৈ এয়াই প্ৰথম স্বীকৃতি ৷ মাত্ৰ সাত বছৰ বয়সতে খুড়াক হৰেণ বৰাৰ ওচৰত টোকাৰী গীত,লোকগীতৰ প্ৰশিক্ষণ লোবা দাইটিয়ে গোলাঘাটৰ গণকপুখুৰীৰ অজিত বৰাৰ ওচৰতো লোকগীত শিকিছিল ৷ আজিৰ পৰা প্ৰায় ২৫-২৬ বছৰমান আগতে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থানলৈ তীৰ্থ ভ্ৰমণ কৰিৱলৈ বুলি আহি বৰদোৱাৰ বাপাৰাম বৰাৰ ঘৰত প্ৰথমে থাকিবলৈ লয় ৷ তেতিয়াৰ পৰাই দাইটিৰ স্থায়ী ঠিকনা বটদ্ৰৱা থানৰ আকাশীগংগা লৈ যোবা পথৰ সেই কেকুঁৰিটো ৷ স্মন্তব্য যে,১৯৮৫ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত দোতাৰা বজাবলৈ সুযোগ পোবা শিল্পীগৰাকীয়ে ২০০৯ বৰ্ষতো আকাশবাণী নগাঁও কেন্দ্ৰত টোকাৰী গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছিল ৷ সুযোগ আৰু সুবিধা পালে আৰু অধিক লোকগীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মনত এক প্ৰৱল হেপাহ পুহি ৰাখিছে দাইটিয়ে ৷ তাৰোপৰি কোনো অনুষ্ঠান বা ব্যক্তিয়ে কিবা উপলক্ষে লোকগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনালে তেওঁ সেই আমন্ত্ৰণ ৰক্ষা কৰে আৰু মাজে সময়ে মন গলে নিজৰ উপাৰ্জিত অৰ্থৰে বটদ্ৰৱা থানত বন্তি জ্বলাই নৈৱেদ্য আগবঢ়ায় ৷তেওঁৰ কণ্ঠৰে নিৰ্গত হোবা লোকগীত শুনি মন্ত্ৰমুগ্ধ হৈ তীৰ্থযাত্রী-পয্যৰ্তক সকলে যি দান বৰঙনি আগবঢ়াই সেয়াই হৈছে তেওঁৰ উপাৰ্জনৰ মূল সম্বল। কিন্তু বৰ্তমান দেশজুৰি অব্যাহত থকা লকডাউনে শিল্পী জনৰ জীৱনলৈ নমাই আনিছে ঘুৰ অমানিশা। প্ৰায় দুমাহৰো অধিক দিন ধৰি বটদ্ৰৱা থানত নাই কোনো এজন তীৰ্থযাত্রী, নাই এজনো দেশী-বিদেশী পৰ্যটক। বৰ্তমান যাৰ বাবে তেওঁ দুবেলা দুমুঠি অন্নৰ বাবে কৰিব লগিয়া হৈছে হাহাকাৰ পৰিস্থিতি ৷ সেয়ে শিল্পী গৰাকীৰ স্থানীয় বটদ্ৰৱা সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ লগতে চৰকাৰলৈ কৰযোৰে আহ্বান। যাতে, এই দুৰ্যোগৰ সময়ত কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি তেওঁক যেন সহায় প্ৰদান কৰে । উল্লেখ্য যে, জীৱনৰ তিনিকুৰি পাঁচটা বসন্ত গৰকা শিল্পী গৰাকীয়ে বিগত প্ৰায় ২৩ বছৰ ধৰি বটদ্ৰৱা থানত সেই কেকুঁৰিটোত লোকগীত গাই জীৱন নিৰ্বাহ কৰা লোকগীতৰ শিল্পী গোপাল দেৱ কাকতিৰ কন্ঠক অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে প্ৰসংশা কৰা উপৰিও শিল্পী জুবিন গাৰ্গৰ এটি গীতৰ এলবামত কন্ঠদান সৌভাগ্য হৈছিল দিব্যাঙ্গ শিল্পী গৰাকীৰ । দাইটিৰ মনত এক ইচ্ছা আছে অসমৰ সমাজ-জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা সম্পূৰ্ণ টোকাৰীগীতৰ এটি এলবামত নিজৰ কণ্ঠ দানেৰে প্ৰস্তুত কৰি ৰাইজৰ মাজত মুকলি কৰা ৷ কিন্তু শিল্পী জনৰ মন থাকিলেও,ইচ্ছা থাকিলেও যে আগবাঢ়িব পৰা নাই ৷ হাতত নাই ধন-বিত ৷ লগতে কোনো ব্যক্তি-অনুষ্ঠান-প্ৰতিষ্ঠান এইক্ষেত্ৰত আগবাঢ়ি অহা নাই শিল্পী জনৰ কাষলৈ ৷ আশাকৰো তেওঁৰ এইযাত্ৰা অবিৰত হওঁক যি যাত্ৰাই পূৰণ কৰিব পাৰিব দাইটিৰ জীৱনৰ আধৰুৱা সপোন ৷ পৰিতাপৰ বিষয় এই যে,যি সময়ত ৰাজ্যৰ একাংশ তথাকথিত শিল্পী যি নিশাটোৰ ভিতৰতে শিল্পীৰ পৰিচয় দি,গ্লেমাৰৰ পিছত দৌৰি লাভ কৰি গৈছে ৰজাঘৰীয়া পৰা বিভিন্ন সা-সুবিধা ৷ লাভ কৰিছে নগদ ধনকে ধৰি আন আন বঁটা-সম্বৰ্দ্ধনা ৷ ঠিক তেনে সময়তে কিন্তু অসমৰ এই গৰাকী প্ৰচাৰ বিমুখ টোকাৰীগীত-লোকগীতৰ শিল্পীক বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰাৰ তৎপৰতাত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যাতে যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰি জীৱনৰ এই দূৰ্বিষহ তিনিকুৰি পাঁচটা বসন্ত গৰকা জন্মান্ধ শিল্পী গৰাকীক উপযুক্ত সন্মান প্ৰদান কৰে সেইলৈ সকলো সমাজ-সংস্কৃতি সচেতন লোকসকলে আহ্বান জনাইছে ৷

পাণ্ডু,ভঙাগড় আৱকাৰী বিভাগৰ অভিযান: বিদেশী সুৰা, বিয়েৰ জব্দ, মহিলাসহ দুজনক আটক

আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত  গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ  কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।  আনহাতে   ৰাজহুৱা অভিযোগৰ  ভিত্তিত আৱকাৰী ভিত্তিত  কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস  আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে  পাণ্ডুৰ শংকৰ নগৰ  আৰু ভঙাগড়ৰ   গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সমীপত কালি সন্ধিয়াৰ পৰা নিশালৈ  দুটা গৃহত  অভিযান চলায়   ।  অভিযানকালত ভঙাগড়ত ৩ কার্টুন  বিভিন্ন ব্ৰেণ্ডৰ  বিদেশী সুৰা আৰু ৫ কাৰ্টুন বিয়েৰ জব্দ কৰাৰ লগতে হাতে লোটে এজনী মহিলাক আটক কৰা হয় । তেনেদৰে পাণ্ডু শংকৰ নগৰত চলোৱা অভিযানত এক কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাসহ এজন লোকক আটক কৰা হয় । আনহাতে আটকাধীন দুয়ো জনৰ বিৰুদ্ধে অসম আৱকাৰী আইন ৫৩ ( ১ ) ক- ৰ অধীনত  গোচৰ ৰজু কৰি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

সৰ্বশিক্ষাৰ ৰাজ্যিক প্ৰতিনিধিৰ উপস্থিতিত গলিয়া প্ৰাথমিক বিদ্যালয়ত অভিভাৱক সন্মিলন

নলবাৰী জিলাৰ   বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত গলিয়া প্ৰাথমিক বিদ্যালয়ত ন-পুৰনি অভিভাৱক সকলক লৈ সম্পূৰ্ণ  ক’ভিড প্ৰট’কল মানি  কালি  এখন অভিভাৱক সন্মিলন অনুষ্ঠিত হয়। এটি  গুৰু বন্দনাৰে আৰম্ভ হোৱা সভাখন উদ্ভোধন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ইমৰান হুছেইনে। হুছেইনে ভাষনত ক’ভিডৰ মাজতো বিদ্যালয় খনে কৰি অহা ইতিবাচক কৰ্মৰাজীৰ শলাগ লয়। ছাত্ৰ সংসদৰ প্ৰধান সেৱক কাৰ্তিক তালুকদাৰে আঁত ধৰা আৰু প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপে সঞ্চালনা কৰা সভাখনৰ শেষৰ ফালে সৰ্বশিক্ষাৰ ৰাজ্যিক আঁচনি বিষয়া কন্দৰ্প কুমাৰ কলিতা উপস্থিত হৈ অভিভাৱক সকলৰ কথা মনযোগেৰে শুনে আৰু বিদ্যালয়খনে ভোগ কৰি থকা সমস্যাৰ বুজ লয়। তেওঁক সঙ্গ দিয়ে জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয় ববীয়া সকলে। অভিভাৱক সন্মিলনত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছ, ঘৰে ঘৰে গৈ শৈক্ষিক সহযোগিতা প্ৰদান, প্ৰকল্প কাৰ্য, শিক্ষক দিৱসৰ প্ৰস্তুতি আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বিদ্যালয়খনে কৰা এনেকুৱা কাৰ্যত বিদ্বৎ মহলে প্ৰশংসা কৰিছে।

চাপৰমুখত ৰেলৰ পৰা পৰি নিহত আৰক্ষী জোৱান

চাপৰমুখ ৰেল আৰক্ষী থানাৰ অন্তৰ্গত ঠেকেৰাগুৰি আৰু চাপৰমুখ ষ্টেচনৰ মাজৰ দীঘলিআটিত কালি নিশা ৰেলৰ পৰা পৰি শংকৰজ্যোতি নাথ (২৪) নামৰ এজন আৰক্ষী জোৱান নিহত হয় ৷জানিব পৰা মতে কৰিমগঞ্জত ১৫ আই আৰ বি এনত কৰ্মৰত আৰক্ষী জোৱান জনে নামনি মুৱা শিলচৰ- গুৱাহাটী এক্সপ্ৰেছ ৰেল খনৰে চাপৰমুখলৈ আহি আছিল ৷এক্সপ্ৰেছ ৰেল খন চাপৰমুখ ষ্টেচনত ষ্টপেজ নথকাৰ বাবে ৰেল খনে চাপৰমুখ ষ্টেচন অতিক্ৰম কৰাৰ পাছতে ৰেল খনৰ পৰা নামিবৰ বাবে  জাপ মাৰি দিয়ে আৰু তীব্ৰ বেগী ৰেল খনৰ পৰা পৰি আৰক্ষী জোৱান জনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷পাছত ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু  চিকিৎসালয়ত পৰিয়ালৰ লোকে মৃতদেহটো চমজি লয় ৷মৃত জোৱান জনৰ ঘৰ চামগুৰি খাটোৱাল বুলি জানিব পৰা গৈছে৷

দক্ষিণ কামৰূপৰ চিমিনা, ফুটুৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ চিমিনা আৰু ফুটুৰীত মহাবাহু ব্ৰহ্মপুত্ৰই পুনৰ তাণ্ডৱ চলাবলৈ ধৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দুটাকৈ শৈল বান্ধৰ বিস্তৃত অংশ উটুৱাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে। দেশে স্বাধীনতা লাভ কৰা সময়ৰে পৰা এতিয়ালৈকে সমগ্ৰ দক্ষিণ কামৰূপত মহাবাহু ব্ৰহ্মপুত্ৰই তীব্ৰ খহনীয়াৰে তিনি কুৰিতকৈও অধিক গাঁও নিজৰ বিশাল বুকুত সামৰি লোৱাৰ পিছত খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী, দখলা, গুইমাৰা, চিমিনা, ফুটুৰী আদিত স্থায়ী প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা কোটি টকীয়া অভিলাষী আঁচনি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়া যেন সকলো ফুটুকাৰ ফেনতহে পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। সত্ৰাপাৰাৰ পৰা চিমিনালৈ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘৰ ৩৩ কোটি টকা ব্যয় সাপক্ষে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে যদিও নৈপৰীয়া ৰাইজৰ বহু ওজৰ-আপত্তি থাকি গ’ল। নদীবান্ধৰ ঠিকা লাভ কৰা ব্ৰহ্মপুত্ৰ ইনফ্ৰাকষ্টাকচাৰ প্ৰাইভেট লিমিটেড নামৰ সুৰেশ পৃথানীৰ কোম্পানীয়ে আঁচনিৰ কাম সম্পূৰ্ণ কৰিছে যদিও ঠিকাদাৰ, বিষয়া, কৰ্মচাৰীৰ বিয়াগোম দুৰ্নীতিৰ বোজা সহিব নোৱাৰাৰ বাবেই পুনৰ বিপদাপন্ন হৈছে অঞ্চলবাসী ৰাইজ। এইবেলিও মহাবাহুৰ বাঢ়নী পানীয়ে চিমিনা, ফুটুৰীত তাণ্ডৱ সৃষ্টি কৰি কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰা দুটাকৈ শৈল বান্ধৰ অংশ বিশেষ উটুৱাই লৈ যোৱাৰ পিছত অঞ্চলটোলৈ ভাবুকি আহি পৰিছে। ৰাইজৰ অভিযোগ, আঁচনি ৰূপায়নত দুৰ্নীতি সংঘটিত হোৱাৰ ফলত কাম যিধৰণে হ’ব লাগিছিল সেইধৰণৰ হোৱা নাই। সেয়েহে পানী বাঢ়ি অহাৰ লগে লগেই উটুৱাই লৈ গল শৈল বান্ধৰ বিস্তৃত অংশ। অঞ্চলটোৰ ৰাইজে অতিশীঘ্ৰে এই খহনীয়া ৰোধৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আচনি ৰূপায়নত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ তদন্ত বিচাৰিছে।

ভাৰতীয় গো- সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতি গঠন

 গো- সুৰক্ষাৰ লগতে ৰাজ্যত চলি থকা অবৈধ চিণ্ডিকেট বন্ধ কৰাৰ লক্ষ্যৰে আজি বৰপেটাত গঠন কৰা হয় ভাৰতীয় গো- সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতি ৷ জিলা সমিতিখন গঠন কৰাৰ উদ্দেশ্যে উত্তৰ বৰপেটাস্থিত গো- সুৰক্ষা বাহিনীৰ অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বৰপেটা সদৰ থানাৰ সহকাৰী উপ পৰিদৰ্শক বিপুল দাসে ৷ জিলা সমিতি গঠন কৰা সভাখনত ভাৰতীয় গো- সুৰক্ষা বাহিনীৰ ৰাজ্যিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে দ্বিপেন শৰ্মা আৰু কুসুম শৰ্মা উপস্থিত থাকে লগতে তেওঁলোকে সংবাদ মাধ্যমৰ আগত ইয়াকো জনাই যে গো-মাতাৰ সুৰক্ষাৰ বাবে অসমৰ সমগ্ৰ জিলাতে তেওঁ লোকে কাম কৰি যাব। অবৈধ গৰুৰ সৰবৰাহ আৰু হত্যা বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰিব। লগতে ইয়াকো জনাই যে গো-সুৰক্ষাৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত তেওঁক সম্পূৰ্ণ সহযোগীতা আগবঢ়াব।