জীৱন চাগে এনেকুৱাই । কাৰোবাৰ বাবে বিলাসিতা আৰু আন কাৰোবাৰ বাবে কেৱল সংগ্ৰাম । তেনে এগৰাকী জীৱন সংগ্ৰামী মহিলা পৰিলক্ষিত হ’ল মৰাণ সমষ্টিৰ বগীবিল পঞ্চায়তৰ লেংগা পথাৰত । মহিলা গৰাকীৰ নাম প্ৰণিতা সিং । স্বামীহাৰা মহিলা গৰাকীয়ে তিনিগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ সমষ্ট দায়িত্ব অকলেই মুৰ পাতি লৈছে । আনৰ বাৰীৰ শাক পাছলি ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এখন ভগা চাইকেলেৰে বিক্ৰী কৰি ফুৰে মহিলা গৰাকীয়ে । শাক পাচলি বিক্ৰী কৰি যি দুই চাৰি টকা উপাৰ্জন কৰে তাৰেই পৰিয়াল পোহপাল দিয়ে মহিলা গৰাকীয়ে। কিছু বছৰৰ পূৰ্বে মৃত্যু হৈছে মহিলা গৰাকীৰ স্বামী । স্বামীৰ অবৰ্তমানত ৰ’দ বৰষুণ নেওচি ভোকে লঘোণে মহিলা গৰাকীয়ে এইদৰেই পুৱা চাইকেলৰ কেৰিয়াৰত শাকপাচলিৰ গধুৰ গধুৰ মোনা কঢ়িয়াই দুপইচা উপাৰ্জনৰ বাবে ওলাই যায়। প্ৰায় পোন্ধৰ কিলোমিটাৰ অঞ্চলত চাইকেল মাৰি ঘৰে ঘৰে গৈ শাক পাচলি বিক্ৰী কৰি ফুৰে মহিলা গৰাকীয়ে । কেতিয়াবা বিক্ৰী হয় কেতিয়া একেবাৰে বিক্ৰী নহয়। বিক্ৰী নোহোৱা দিনা মহিলা গৰাকীৰ চৌকাত সেইদিনা জুই নজ্বলে । ঘৰখনৰ ৫ টি প্ৰাণীয়ে নোখোৱাকৈয়ে নিশা পাৰ কৰিব লগা হয়। আজিলৈকে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোক। সন্তানৰ ভৱিষ্যতক লৈও চিন্তিত হৈ পৰিছে মহিলা গৰাকী। পুত্ৰ-কন্যাৰ ভৰণ পোষনৰ দায়িত্ব এইদৰে আৰু কিমান দিনলৈ পালন কৰাটো সম্ভৱপৰ হৈ উঠিব মহিলা গৰাকীৰ পক্ষে। উপায়ন্ত মহিলা গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক কিছু সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে ।
মৰিগাঁৱত স্বাধীনতা দিৱসৰ প্ৰাক মূহুর্তত জিলা উপায়ুক্তৰ সংবাদ মেল
আজি দিনৰ ১২.৩০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মৰিগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত শ্ৰীযুত প্ৰকাশ ৰঞ্জন ঘৰফলীয়ায়ে সাংবাদিকসকলৰ সৈতে চিনাকি পৰ্ব আৰু আগন্তুক স্বাধীনতা দিৱস উদযাপন উপলক্ষে এক সংবাদ মেল অনুষ্ঠিত কৰে। এই সংবাদ মেলত গৰিষ্ঠ সংখ্যক ই মিডিয়া আৰু প্ৰিন্ট মিডিয়াৰ সাংবাদিক সকলৰ উপস্হিতিত উপায়ুক্ত মহোদয়ে সকলোকে কভীড প্ৰটোকল বজাই ৰাখি আগন্তুক ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। অৱশ্যে জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলগীয়া ৭৫ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ আমন্ত্রণ পত্ৰও জিলা জন সংযোগ কাৰ্যালয়ৰ তৰফৰ পৰা সাংবাদিক সকলক প্ৰদান কৰা হয়।
বন্ধন বেংকৰ লোণলৈ স্বাৱলম্বী ৰেখা দাস
বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে । বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ এতিয়া বিভিন্ন জনে বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে ৷কিছুমানে যদি গাহৰি পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে ৷ এনে সময়তে উল্লেখনীয় কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷কিন্তু এই চৰ্ত মতে লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদন।বিভিন্নজনৰ দৰে গুৱাহাটীৰ বাসিন্দা ৰেখা দাস নামৰ মহিলাগৰাকীও বন্ধন বেংকৰ লোণ লৈ নিজে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰয়াস কৰিছে ৷প্ৰথমে ১২ হেজাৰ টকাৰে লোনটো আৰম্ভ কৰিছিল ৰেখা দাসে ৷ সেই লোনেৰে ৰেখাই ফুটফাটত এখন ক্ষুদ্ৰ দোকান আৰম্ভ কৰিছিল আৰু এই দোকানৰ পৰাই তেওঁলোকৰ ঘৰ চলিছিল ।এনেদৰেই তেওঁ লোন বৃদ্ধি কৰি পাছলৈ তেওঁৰ সেই ক্ষুদ্ৰ দোকান খন নিৰ্মাণ কৰি এখন ডাঙৰ দোকান বনাবলৈ সক্ষম হ’ল । বন্ধনৰ পৰা লোন লৈ ৰেখা দাসে প্ৰথমে দুচকীয়া গাড়ীৰ পৰা তিনিচকীয়া অ’টও কিনিবলৈও সক্ষম হৈছে ।কেইবাবছৰো লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে ৰখাই ৷ৰেখাই আমাৰ সাংবাদিকৰ আগত কয় যে ‘,বন্ধনৰ পৰা মই বহুত সহায় পাইছোঁ । সেই বাবে বন্ধন মই কেতিয়াও এৰিব নুখুজোঁ ।”মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মাইক্ৰফাইনেন্সৰ লোন লোৱা বন্ধ কৰি দিব কোৱাৰ সন্দৰ্ভত ৰেখাই কয়, “কিস্তি দি থাকিম আমাক লোন লাগিব কাৰণ এই লোনৰ জৰিয়তে আমি বহুত সহায় পাইছোঁ । বেলেগ বেংকত লোন এটা লব গলে আমাৰ বহুত অসুবিধা হয় ।কিন্তু বন্ধন বেংকত আমি অতি সহজে লোন পাও আৰু ইমান দিনে এনেদৰেই লোন লৈ আমি সফল হৈছোঁ।সেই কাৰণে মই ভাবো যে বন্ধনৰ পৰা আমি একো অপকাৰ নহয় উপকাৰ হে পাইছো ।”বৰ্তমানলৈকে ৰেখাই বন্ধনৰ কিস্তি চলাই আছে আৰু তেওঁৰ কিস্তি শেষ হোৱাত তেওঁ এতিয়া পুনৰ লোন লব বিচাৰে।
ইটাখোলাত ক’ভিড মহামাৰীৰ প্ৰথম শ্ৰেণীৰ যুজাৰুক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্দ্ধনা
বিশ্বনাথ জিলাৰ ইটাখোলাত ক’ভিড মহামাৰীৰ প্ৰথম শ্ৰেণীৰ যুজাৰু সকলক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু নদুৱাৰ আঞ্চলিক সমিতিৰ সহযোগত আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰে । ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ মাজ মজিয়াত অৱস্থিত স্বৰ্গীয় শিল্পী অপৰজিতা ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানটিত নদুৱাৰ অঞ্চলৰ জেষ্ঠ সাংবাদিক শিবু মজুমদাৰ,দূৰ্গা পৌড়েলৰ লগতে কনিষ্ঠ সাংবাদিক অবিনাশ ৰাজৱাৰ,তপন ডেকা,সৌৰৱ জ্যোতি নাথ,উৎপল নাথ,চন্দন শৰ্মা,প্ৰাঞ্জল বৰুৱা আৰু প্ৰেম তেৱাৰীৰ উপৰিও ইটাখোলা নতুন প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰঞ্জিত কুমাৰ ৰায়ৰ লগতে উপস্থিত স্বাস্থ্য কৰ্মী সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। ইয়াৰ উপৰিও ছাত্ৰ সংগঠনটিয়ে ইটাখোলা আৰক্ষী চকীত উপস্থিত হৈ কৰ্মৰত আৰক্ষী বিষয়াও জোৱান সকলক সম্বৰ্দ্ধনা জনায়।সম্বৰ্দ্ধনা অনুষ্ঠানৰ উদ্যোক্তা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাত জিলা সমিতিৰ উপ-সভাপতি পাপ্লু হুচেইনে নিজ ভাষনত ক’ভিড মহামাৰীৰ বিৰুদ্ধে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি নদুৱাৰ অঞ্চলৰ স্বাস্থ কৰ্মী,সাংবাদিক,আৰক্ষীৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সভাত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক উজিৰ চাহ,জিলা সদস্য পংকজ দে,দানিছ আনচাৰী,নদুৱাৰ আঞ্চলিক সমিতিৰ ভাৰ প্ৰাপ্ত সভাপতি হিৰণ্য তচা,ভাৰ প্ৰাপ্ত সম্পাদক ছাহিল আনচাৰী,উপ-সভাপতি দীপক মুণ্ডাকে ধৰি যুৱ ছাত্ৰ পৰিষদটোৰ কেইজনো সদস্য উপস্থিত থাকে।

ওৰাঙত অৰণ্য সুৰক্ষা সমিতি : একাধিক সংগঠনৰ সৰৱ পথ-সভা
অৰণ্য সুৰক্ষা সমিতি-অসমৰ আহ্বান তথা উদ্যোগত ১২ আগষ্টত বিয়লি ৪-৩০ বজাত মবচলীয় নগৰী ওৰাঙৰ মাজমজিয়াত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ আগত সংযোজিত ৰাজীৱ গান্ধীৰ নাম বাতিলৰ দাবীত ক’ভিড বিধি মানি এক সৰৱ পথ-সভা অনুষ্ঠিত হয়। তিনি দশকৰ অধিক কাল এই মূল দাবীৰে সংগ্ৰাম চলাই অহা প্ৰকৃতি প্ৰেমী সংগঠন অৰণ্য সুৰক্ষা সমিতি-অসম,বহু কেইটা ছাত্ৰ সংগঠন , সাংবাদিক ,দল আদিয়ে এই অন্ত:কৰণে বিশ্বাস কৰে যে অসমক প্ৰকৃতাৰ্থত ভালপোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আবেগ-অনুভূতিক গুৰুত্ব দি দীৰ্ঘদিনীয়া দাবীটো পূৰণৰ বাবে যথোচিত ব্যৱস্থা ল’ব । সেয়ে আজি সংগঠনটোৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানৈ সচিব প্ৰধানৰ দায়িত্বত ন্যস্ত থকা বিশিষ্ট লেখক ড: হৰিচৰণ দাসৰ নেতৃত্বত যোৱা এটি সজাতি দলে ইতিহাস গৰিমাময় আৰু জৈৱবৈচিত্ৰৰে ভৰপূৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ আগত অহেতুক আৰু অপ্ৰাসংগিকভাৱে সংলগ্ন কৰা ৰাজীৱ গান্ধীৰ নাম বাতিলৰ দাবী সম্বলিত এক স্মৰক পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে। ইপিনে ওৰাঙত আয়োজন কৰা পথ-সভাত পৌৰহিত্য কৰে সমিতিৰ কেন্দ্ৰীয় সভাপতি তথা ৰাষ্ট্ৰীয় আৰু গ্লোৱেল বটা প্ৰাপ্ত অৱসৰী কৃতি শিক্ষক কৃষ্ণ বৰাই । সমিতিৰ সম্পাদক সোমেশ মাহাতোই আত ধৰা আৰু উদ্দেশ্যে ব্যাখ্যা কৰা সভাত এটা জনগোষ্ঠীৰ নামৰ গৰিমাময় ইতিহাস বিজড়িত উদ্যোনখনৰ নাম ৰাজনৈতিক অভিসন্ধিৰে ৰাজীৱ গান্ধী কৰাত উষ্মতা ব্যক্ত কৰি এই নাম বাতিলৰ দাবীৰে সৰৱ বক্তব্য ৰাখে সভাপতি কৃষ্ণ বৰা, উপদেষ্টা শৰৎ বৰুৱা, আৰ টি আই কৰ্মী দিলীপ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ( ওৰাঙৰ) নয়নজ্যোতি ডেকা , অৰণ্য সুৰক্ষা সমিতিৰ কাৰ্যনিৰ্বাহক অতুল চন্দ্ৰ নাথ,অৰণ্য সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক উদ্যোক্তা ,ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি গোলোক বৰা, আৰু সমিতিৰ প্ৰতিষ্ঠাপক মুখ্য উদ্যোক্তা,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক নব কুমাৰ ডেকা প্ৰমুখ্যে একাধিকজনে । হাতে হাত মনস্পৰ্শী শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি বিভিন্ন দল-সংগঠৰ প্ৰতিবাদী সভাসদে ওৰাঙৰ ঐতিহ্য অটুট ৰাখক,ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰি – ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰক,ওৰাঙক উভটাই দিয়ক, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাজীৱ গান্ধীৰ নাম কিয় ? , অৰণ্য সুৰক্ষা সমিতি জিন্দাবাদ ইত্যাদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে ।
কাজিৰঙাত এশ কোটি লিটাৰ পানী সংৰক্ষণৰ সফল পৰিকল্পনা
বাৰিষা এই যাওঁ যাওঁ, কিন্তু বৰ্তমানলৈকে ৰাজ্যত নাই বানপানী প্ৰকোপ ৷ তাৰবাবে চিন্তিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী তথা পক্ষী কুল আৰু জলচৰ প্ৰাণীৰ বাবে বিশেষকৈ খৰালি কালত সুবিধা হোৱাকৈ এশ কোটি লিটাৰ পানী সংৰক্ষণৰ এক সফল পৰিকল্পনা ইতিমধ্যে সম্পন্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই । ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে যাতে বিশেষকৈ খৰালি কালত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব নালাগে তাৰ বাবে কেম্পা আঁচনি, কাজিৰঙা টাইগাৰ কনজাৰভেচন ফাউণ্ডেশ্যনৰ উপৰিও বলিউডৰ চিত্ৰ তাৰকা অক্ষয় কুমাৰে আগবঢ়ো ধনেৰে হাতত লোৱা হৈছিল পানী সংৰক্ষণৰ এই বিশেষ পৰিকল্পনা । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰু-বৰ মিলাই মুঠ ১৯২ খন জলাশয় আছে । এই জলাশয়বোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ লগতে পক্ষী তথা জলজ প্ৰাণীয়ে জীৱন নিৰ্বাহ কৰি আহিছে । অতি পৰিতাপৰ কথা যে পানীৰ আভাৱত দিনক দিনে এই জলাশয়বোৰ শুকাই যাব ধৰিছে । বাৰিষা কাল শেষ হোৱাৰ সময় সমাগত যদিও ৰাজ্যখনৰ লগতে কাজিৰঙাত বৰ্তমানলৈকে হোৱা নাই উল্লেখনীয় বানপানী ৷

বানপানীৰ ফলত বাৰিষা কালত উক্ত জলাশয়বোৰ পানীৰে পূৰ্ণ হৈ থকাত বন্যপ্ৰাণীৰ কাৰণে সমস্যাৰ সৃষ্টি নহয় যদিও খৰালি কালত ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, ম’হ, পহু আদি বন্যপ্ৰাণীয়ে এটুপি পানী বিচাৰি হাহাকাৰ কৰিব লগা হয় । এনে ধৰণৰ সমস্যা কিছু লাঘব কৰাৰ উদ্দেশ্যে উদ্যান কৰ্ত্তৃপক্ষই বিশেষ পানী যোগান আৰু সংৰক্ষণৰ আঁচনি হাতত লৈছিল । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়ে মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়বোৰ কেৱল বন্যপ্ৰাণীয়েই নহয় বিশেষকৈ পৰিভ্ৰমী পক্ষীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ । কাজিৰঙাৰ জলাশয়বোৰ পৰিভ্ৰমী পক্ষীৰ কাৰণে এক উত্তম স্থান হিচাপে পৰিগণিত হৈ আহিছে । খৰালি কালত পৃথিবীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা বহু হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি কাজিৰঙালৈ প্ৰতি বছৰে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে । বিগত তিনি বছৰৰ পৰা কাজিৰঙালৈ পৰিভ্ৰমী পক্ষীৰ আগমন বৃদ্ধি পাই আহিছে বুলিও সঞ্চালকে মত প্ৰকাশ কৰিছে । সঞ্চালকজনে আৰু জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হালধিবাৰী, বান্দৰডুবি, দেওচুৰ, পতাহী, কঠালচাঙকে ধৰি মুঠ ছটা স্থানত এই পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা জলাশয়বোৰৰ মুখত বিশেষকৈ খৰালি কালত পানী ওলাই যাব নোৱৰাকৈ বিজ্ঞানসন্মত ভাৱে বান্ধ আৰু কালভাৰ্ট নিৰ্মাণ কৰা হৈছে । আগন্তুক দিনত বন্যপ্ৰাণীৰ পানীৰ সমস্যা কিছু পৰিমাণে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্ত্তৃপক্ষই । উল্লেখ্য জলাশয়বোৰত পানী সংৰক্ষণ হৈ থাকিলে কাষৰীয়া অঞ্চল সমূহত ঘাঁহৰো উৎপাদন হৈ থাকে ।

ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ তৃণভোজী প্ৰাণীবোৰৰ আন এক সমস্যা কিছু দূৰ হ’ব । উল্লেখ্য যে, দুবছৰ পূৰ্বে প্ৰথমে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পানীজুৰিত পানী সংৰক্ষণৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ কুকুৰাকটা আৰু বাগচেৰ পাহাৰৰ পৰা হাতীকে ধৰি বন্যপ্ৰাণীবোৰে পানী খাবলৈ নামি আহি পানী নাপাই কাষৰীয়া গাৱঁলৈ গৈছিল । এই গাঁৱত ৰাইজে মীন পালন কৰাৰ বাবে খন্দা পুখুৰীত পানী খাবলৈ যাওঁতে ৰাইজৰ অনিষ্ট কৰে । ফলত সময়ে সময়ে হাতী মানুহৰ সংঘাত হৈ আছিল । মাজে মধ্যে বন্যপ্ৰাণীৰ আক্ৰমণত গঞা ৰাইজ আহত বা নিহতো হৈছিল । এটা ভাল খবৰ যে কাজিৰঙাত পানী সংৰক্ষণৰ ব্যৱস্থা কৰাৰ পিছৰে পৰা বিগত দুটা বছৰত উক্ত এলেকাত বন্যপ্ৰাণীৰ দ্বাৰা ৰাইজৰ অনিষ্ট হোৱা নাই বুলিও সঞ্চালকে জানিব দিয়ে ৷ তিনিখন বনাঞ্চলত পানী সংৰক্ষণৰ কাম সমাপ্ত হোৱাৰ পাছত শেহতীয়াকৈ উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ বৃহৎ চহলা বিলৰ পানী সংৰক্ষণৰ বাবে উদ্যান কতৃপক্ষই ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে ৷ চহলা বিলৰ চাৰিটা স্থানত পানী সংৰক্ষণৰ বাবে বান্ধ আৰু কালভাৰ্ট নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰিছে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ৷

সঞ্চালকগৰাকীয়ে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন শৰ্মা, বনাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰা আৰু আন বিষয়া-কৰ্মচাৰীক লৈ দ্ৰুোণ কেমেৰা আৰু ফিটাৰে জৰিয়তে জৰীপৰ কাম আৰম্ভ কৰে ৷ খৰালি দিন আৰম্ভ হোৱাৰ লগে লগে অগৰাতলী বনাঞ্চলৰ বৃহৎ চহলা বিলত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ কলৰৱ শুনিবলৈ পোৱা যায় ৷ চলিত বৰ্ষৰ বৰ্তমানলৈকে বানপানী নোহোৱাৰ বাবে চহলা বিলৰ পানী শুকাই যোৱাৰ উপক্ৰম হৈছে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই উদ্যান কতৃপক্ষই চহলা বিলৰ পানী সংৰক্ষণৰ বাবে জৰীপ আৰম্ভ কৰিছে ৷ অহা ছেপ্তেম্বৰ আৰু নৱেম্বৰ মাহত চহলা বিলৰ পানী সংৰক্ষণৰ কাম আৰম্ভ হ’ব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইফালে চলিত বৰ্ষত কাজিৰঙাত বানপানী নহ’লেও কোনো অনিষ্ট নহয় বুলি জনালে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন শৰ্মাই ৷ তাৰো বিভিন্ন কাৰণ দাঙি ধৰিলে দুয়োগৰাকী শীৰ্ষ বিষয়াই ৷ বিশেষকৈ বানপানীৰ ফলত কাজিৰঙা দল হৰিণৰ বহু ক্ষতি হয় ৷ দল হৰিণৰ পাল খোৱাৰ সময়তে বানপানী আহি ছেদেলি ভেদেলি কৰি পেলায় ৷ যাৰ ফলত দল হৰিণৰ বংশ বৃদ্ধিৰ হাৰ আন হৰিণতকৈ কম হয় ৷ কিন্তু বানপানী নাহিলে ইয়াৰ বংশ বৃদ্ধি হ’ব বুলি জানিবলৈ দিয়ে গৱেষণা বিষয়া ৰবীন শৰ্মাই ৷ বানপানী নাহিলেও কাজিৰঙাক আৱৰি থকা পূবে ধনশিৰি, পশ্চিমে ব্ৰহ্মপুত্ৰ লগতে দেওচোৰ, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে ডিফলু নদীৰ লগতে মৰা ধনশিৰি নদীয়ে কাজিৰঙাৰ বন্যজন্তুক পানীৰ যোগান ধৰি আহিছে ৷ এইসমূহ নদীৰ লগতে বৰ্তমান সংৰক্ষণ কৰা জলাশয় সমূহে কাজিৰঙাৰ বন্যপ্ৰাণীৰ পানীৰ অভাৱ পূৰণ কৰিব বুলি আশা কৰিব পাৰি ৷

বহলপুৰত বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ

চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰ বৰপাৰা দ্বিতীয় খণ্ড গাঁৱৰ এইগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তি হল গংগাধৰ ৰায়।সেহতীয়াভাৱে ৰায়ে নিজৰ প্ৰতিভাৰ দ্বাৰা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শুভেচ্ছা পত্ৰ লাভ কৰিছে।

ৰায়ে নিজৰ সুপ্ত প্ৰতিভাৰ দ্বাৰা ২০১৭ চনৰ পৰা বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰি ৰাইজ তথা অসম চৰকাৰৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে লগতে অসমখনক কুটিৰ শিল্পৰ ক্ষেত্ৰত প্ৰভাৱশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে।

ৰায়ে নিজৰ ঘৰটো আটক ধুনীয়া কৈ নিৰ্মাণ কৰাৰ লগতে ঘৰটোৰ চাৰিওফালে ঔষধি গছ লগাইছে। ৰায়ে নিজৰ ঘৰটোৰ নাম সপোন পঁজা আৰু কক্ষটোৰ নাম মাতৃ কোলা হিচাপে নামকৰণ কৰিছে।নামটো ৰখাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে ৰায়ে এনেদৰে।

ঘিলামৰাৰ দিঘলী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ
ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দিঘলী গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।এই হত্যাকাণ্ডত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ।এই খবৰে সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী মতে ঘিলামৰাৰ দিঘলী গাঁৱৰ জেষ্ঠ নাগৰিক মুক্তি নাথ গগৈ (৬৫) নামৰ ব্যক্তি জনক ঘৰত আন কোনো সদস্য নথকাৰ সময়তে তেওঁৰ পাষাণ পুত্ৰ চন্দন গগৈয়ে বৃহস্পতিবাৰে পূৱাৰ ভাগতে এডাল ফলা খৰিৰে মূৰত আঘাত কৰি হত্যা কৰি পলাই যায়।
হত্যাকাৰী চন্দন গৈ গোগামুখৰ তুলসীবাৰীত আত্মগোপন কৰি থকাৰ খবৰ পাই নিশা অভিযান চলাই আত্মগোপন কৰা ঠাইৰ পৰা ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিতৃহন্তা চন্দন গগৈক।
হত্যাকাণ্ড সংঘটিত কৰি বিবাহিত বায়েকক পিতৃৰ নিৰুদ্দেশ হোৱা বুলি আৰু পাছলৈ পিতৃৰ বেমাৰ হৈছে বুলি জানিবলৈ দি ঘৰতে আছে বুলি কোৱাত বায়েকৰ সন্দেহ হয় আৰু ফোন যোগে ঘৰৰ ওচৰৰে এজ আত্মীয়ক ঘটনাৰ বুজ ল’বলৈ কয় ।
অবশেষত চন্দন গগৈ য়ে পিতৃক হত্যা কৰা কথা সদৰি হোৱাত স্থানীয় ৰাইজৰ আৰু পৰিয়ালৰ অন্যান্য সকলে নিশা আঠ বজাত ঘিলামৰা আৰক্ষীক খবৰ দিয়াত নিশাই ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জোতি ভুঞাৰ সহযোগত ঘিলামৰা আৰক্ষী থানাৰ দুই বিষয়া ৰাহুল আমিন আৰু তৰুণ চেত্ৰীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে চন্দনক গোগামুখৰ তুলসী বাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ওদালগুৰি জিলা আগ্ছু, গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত বি টি আৰ প্ৰমুখ প্ৰমোদ বড়ো
বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ১০ আগষ্টত ওদালগুৰি জিলা সদৌ অসম ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু অসম নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত উপস্থিত হৈ সমিতিৰ বিষয়বীয়া সকলৰ লগত মিলিত হৈ গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। গোৰ্খাসকলৰ তিনিওটাই সংগঠন এক হৈ বি টি আৰ প্ৰমুখক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ গ্ৰহন কৰি প্ৰমোদ বড়োৱে যিমান পাৰি সোনকালে আৰু এটা এটাকৈ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। বি টি আৰ প্ৰমুখ প্ৰমোদ বড়োক অসম গোৰ্খা সন্মিলন, গোৰ্খা ছাত্র সন্থা আৰু নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে একোখনকৈ সম্বৰ্ধনা পত্ৰ, মোমেন্টো, খুকুৰী প্ৰদান কৰি সম্বৰ্ধনা জনায়। বি টি আৰ প্ৰমুখৰ লগত গোৰ্খা জনগোষ্ঠীৰ মনোনীত পাৰ্ষদ মাধৱ ছেত্ৰী, কাৰ্য্যবাহী সদস্য উইল্ছন হাজ্দা, পাৰ্ষদ সঞ্জয় স্বৰ্গীয়াৰী, ৰাকেশ ব্ৰহ্মও উপস্থিত থাকে। উক্ত অনুষ্ঠানত অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, উপদেষ্টা কুবেৰ ছেত্ৰী,সদস্য কৃষ্ণ মিজাৰ, ভীষ্ম উপাধ্যায়, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা,উপসভাপতি ঋষিৰাম পোখ্ৰেল, সদস্য কৃষ্ণ গিৰি, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, কাৰ্য্যকৰী সভাপতি ভূৱন ধমালা, উপ সভাপতি পৰ্শুৰাম ছেত্ৰী, ডিল্লিৰাম শৰ্মা, হোমনাথ পৌডেল, উপদেষ্টা ৰমেশ দাহাল, ওদালগুৰি জিলা গোৰ্খা মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী হীৰা মিশ্ৰ, কাৰ্য্যকৰী সভানেত্ৰী অঞ্জু দেৱী, উপ সভানেত্ৰী ইন্দিৰা কটুৱাল, সাধাৰণ সম্পাদিকা তমন্না শৰ্মা, প্ৰচাৰ সম্পাদিকা হীৰা দেৱী কটুৱাল, সাংস্কৃতিক সম্পাদিকা হিমা খড্কা, সদস্যা ৰঞ্জু দেৱী, ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়া, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ সভাপতি ৰোহিত দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, অসম নেপালী সাহিত্য সভা বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি গায়ত্ৰী ভট্টৰাই, ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ৰাউত, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা, বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়, বিদ্যাপতি দাহাল আদি উপস্থিত থাকে।
এছ এছ বিৰ অমৃত মহোৎসৱ উদযাপন উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন
ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১০আগষ্টৰ পৰা ১২ আগষ্টলৈ লালপুৰস্থিত এছ এছ বিৰ ২৩নম্বৰ বাহিনীয়ে তিনিদিনীয়াকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এই উপলক্ষে ফুটবল,যোগা আৰু ১২ কি:মি: দৌৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ভাৰতৰ সকলো নাগৰিক শাৰিৰীক চৰ্চাৰ জৰিয়তে যাতে এক সু-স্বাস্থ্যৰ অধিকাৰী হয় এই লক্ষ্যৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এছ এছ বিৰ কাৰ্যবাহী কমাণ্ডেন্ট কাইখ’ আঠিলোৱে সকলো বিষয়া-কৰ্মচাৰী সকলক উৎসাহ তথা অনুপ্ৰেৰণা প্ৰদান কৰাৰ লগতে নিজৰ স্বাস্থ্য আৰু শাৰিৰীক চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।উক্ত তিনিওদিনৰ কাৰ্যসূচীতে এছ এছ বিৰ লালপুলস্থিত অধিকাৰী সকল,বিষয়া-কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ পুৰুষ-মহিলা আৰু যুৱক-যুৱতী সকলে অংশ গ্ৰহন কৰে।












