Home Blog Page 2890

আচাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্‌চিএেছন আৰু পাৱাৰ ৱ’কাৰ্চ  ইউনিয়নৰ যৌথ মঞ্চৰ ডিব্ৰুগড়ত ধৰ্না কাৰ্যসুচী 

সমগ্ৰহ ভাৰতবৰ্ষ লগলে পাৱাৰ  ৱ’কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিএেছনে যৌথ ভাবে ডিব্ৰুগত বিদুৎ সংশোধনি বিল ২০২১বাতিলৰ দাবিত হাতে হাতে প্লেকাড্‌ লৈ ১০/০৮/২০২১ তাৰিখে একঘণ্টীয়া পতিবাদি  কায্যসূচি  ৰোপায়নণ কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ   কৰক, অসম চৰকাৰ সুচিয়াৰ , ৰাজহোৱা বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, পুৰনা পেঞ্চন নিধী বাহাল ৰাখক,থলোৱা লোকৰ নিযুক্তি বহাল ৰাখক  অসম চৰকাৰ হায় হায় । কেন্দিয় চৰকাৰ হায় হায়। অস্তায়ী কৰ্মচাৰি চাকৰি নিয়মীয়া কৰন কৰক। বিজেপি চৰকাৰ হায় হায় পাৱাৰ ৱ’কাৰ্চ্‌ ইউনিয়ন জিন্দাবাদ আদি শ্লগান দি প্ৰতিবাদ হাব্যষ্ট কৰে লগতে আনাগত দিনত এনে ৰাজহুৱা খণ্ডক ব্যক্তি গতকৰণ নকৰিবৈল চৰকাৰক আহ্বান জনায় আৰু আনাগত দিনত এনে বিলৰ পক্ষত থাকিলে জনসাধাৰনৰো অপকাৰ কৰিব বুলি জিনিবলৈ দিয়ে। চৰকাৰে  ব্যক্তিগতকৰন নিতি যদিহে বন্ধ নকৰে  তেতিয়া  হলে  ইয়াত অনাগত দিনত   আৰু জংগি অন্দোলনৰ কাৰ্যসূচি ৰূপায়নৰ কৰৰিব বুলি জানিবলৈ দিয়ে । কাৰ্যসুচিত উপস্তিত থাকে পাৱাৰ  ৱকাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিয়েচএে যৌথ ভাবে লোৱা কাৰ্যসুচিত পাৱাৰ  ইনঞ্জিনিয়াৰ  এচ্‌ছিএছনৰ হৈ শ্ৰীযুত ৰঞ্জন দত্ত ,শীযুত মনোজ ফুকন ,শ্ৰীযুত বিতুপন পাথৰিকে ধৰি  কেইবাজনো শিৰ্ষ পয্যায়ৰ বিষয়াৰ উপস্তিতিত লগতে বহুত সংক্ষ্যক কৰ্মচাৰি উপস্তিতি দেখাপোৱ যায়। পাৱাৰ ৱকাচ্‌ ইউনিয়নৰ  সংম্প্ৰাদক বিপ্লব গোঁহাই, অপূৰ্ব ফুকন ,গ্ৰিছ গোৱালা,উৎপল হাজৰিকা। লগতে বহু সংক্ষ্যক কৰ্মচাৰিয়ে হাতে হাতে প্লে কাৰ্দ লৈ  আজি ডিব্ৰুগড় জিলা মূক্ষ্য কাৰ্যবাহি  বিষয়াৰ কায্যালয়ৰ সন্মুখত পতিবাদ কায্যসুচী সাব্যস্ত কৰা দেখা পোৱা যায়। 

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লক ডাউনৰ প্ৰভাৱ : নিমাওমাও হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা

কথাতে কয় নহয়” একালৰ বৃন্দাবন একালত পৰে ছন-“–সেয়াই যেন হৈ পৰিছে এতিয়া তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা অঞ্চলৰ বাবে। দৰঙ্গামেলা হ’ল তামুলপুৰ মহকুমাৰ ভাৰত -ভূটান সীমান্তৰ এসময়ৰ ব্যৱসায়, বাণিজ্যত সদা ব্যস্ত  এখন ঠাই। ভাৰতৰ চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ সতে এসময়ত ব্যৱসায়ৰ বাবে আছিল অবাধ অহা যোৱা। ফলত সীমান্তৱৰ্তী ঠাইখন হৈ পৰিছিল ব্যৱসায় -বাণিজ্যৰ এক প্ৰাণ কেন্দ্ৰ। কিন্তু সেই সীমান্তৱৰ্তী অঞ্চলটোত পৰিল চুবুৰীয়া ৰাষ্ট্ৰৰ লকডাউনৰ ব্যাপক প্ৰভাৱ। ২০২০ চনৰ পৰা কৰণা অতিমাৰীৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অনিৰ্দিষ্ট কাললৈ সকলো প্ৰৱেশ পথ বন্ধ কৰাত ব্যাপক প্ৰভাৱ পৰিল স্থানীয় লোকৰ ওপৰত, ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰি তুলিলে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত । বন্ধ হৈ পৰিল প্ৰায় সকলো সৰু বৰ  ব্যৱসায়িক প্ৰতিষ্ঠান। এইখিনিতে উল্লেখ্য যে ভাৰত- ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ নিৰ্ভৰ কৰে ভূটান ৰাষ্ট্ৰৰ নাগৰিক সকলৰ ওপৰত। ২০২০ চনৰ মাৰ্চ মাহৰ পৰা কৰণা অতিমাৰীৰ বাবে ভূটান ৰাষ্ট্ৰৰ প্ৰবেশ পথ সমূহ বন্ধ কৰা হয় আনিৰ্দিষ্ট কালৰ বাবে। ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰাৰ লগে লগে ভাৰত- ভূটান সীমান্তৰ  দৰঙ্গামেলাত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় । ভূটানী লোক সকল ভাৰতত প্ৰবেশ কৰিব নোৱাৰাত  ভূটানী লোক সকলৰ ওপৰত ব্যৱসায় বাণিজ্য চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ প্ৰায় বন্ধ হৈ পৰে। লক ডাউনৰ সময়ছোৱাত প্ৰায় দুৱছৰ ধৰি ভূটানী লোক সকলে ভাৰতত প্ৰবেশ কৰিব নোৱাৰাত পূৰ্বত্তৰ ভূটানৰ চামদ্ৰুপ জংখাৰৰ গাতে লাগি থকা দৰঙ্গামেলা অঞ্চলৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান, সৰু বৰ দোকান পোহাৰ বন্ধ হৈ পৰিছে। এই দোকান সমূহত কাম কৰা শ্ৰমিক সকল কৰ্মহীন হৈ পৰা দেখা গৈছে। খাদ্য-বস্ত্ৰৰ অভাৱত বহু শ্ৰমিকে কৰ্ম সংস্থাপন বিচাৰি গুজৰাট, কেৰেলা, মুম্বাই, দিল্লী আদিলৈ যাবলৈ বাধ্য হৈছে। আনকি শ্ৰমিক পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ সোণালী শৈশৱক বিসৰ্জন দি বিদ্যালয় এৰি নিজৰ পিতৃ- মাতৃৰ লগত কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিছে। এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে  ভাৰত ভূটান সীমান্তৰ লোক সকল। অঞ্চলটো পৰিদৰ্শন কৰি জানিব পৰা মতে ইতিমধ্যে হতাশ হৈ কেইবাজনো লোকে আত্মহত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে অঞ্চলটোত। ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা অঞ্চলৰ শশীপুৰ, এন কে দৰঙ্গা, দৰঙ্গামেলা, পাটকীজুলি, হৰতোলা, পাহাৰপুৰ, খৈৰানী, চেচাপানী, কুমাৰীকাট, পানীটেংকী, বগাজুলি, নাগাপুৰ আদি অঞ্চলৰ শ শ শ্ৰমিকে ভূটান ৰাষ্ট্ৰ চামদ্ৰুপ জংখাৰত বিভিন্ন কোম্পানীত দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰিছিল যদিও ভূটানৰ প্ৰবেশ দ্বাৰ বন্ধ হৈ পৰাত দৈনিক মজুৰি কৰি পৰিয়াল পোহপাল দিয়া শ্ৰমিক পৰিয়াল সকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। কেতিয়া খুলিব ভূটানৰ প্ৰবেশ দ্বাৰ , তাকে লৈ এতিয়া চিন্তিত ভাৰত- ভূটান সীমান্তবাসী ৰাইজ। ####

৫ বিঘাতকৈ অধিক অমিতা খেতি পঠাৰতে নষ্ট হ’ব ধৰিছে

বিটিআৰ ওদালগুৰি জিলাৰ খৌৰাং বড়ি গাঁ‌ৱৰ এগৰাকী উদ্যোমী খেতিয়ক নাম দেৱ প্ৰসাদ ৰাভা। প্ৰায় ৫ বিঘাঁ‌তকৈ অধিক অমিতা খেতি কৰি বৃহৎ লোকচানৰ সন্মোখিন হ’ব লগিয়া হৈছে।কিয়নো কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত বৰ্তমানেও অব্যাহত আছে লক’ডাউন পক্ৰিয়া যাৰ বাবে উৎপাদন হোৱা গছৰ ফল গছতে সৰি যোৱাৰ কথা জানিবলৈ দিয়ে খেতিয়কজনে।””কিন্তু অতি দুখৰ বিষয় হস্তীৰ দৰে এটা বিভাগ, কৃষি বিভাগ থকাৰ তৎস্বত্তেও আজিলৈ কোনো এজন বিভাগীয় বিষয়াই খেতিয়ক গৰাকীৰ সমস্যা বাৰম্বাৰ অৱগত কৰোৱাৰ পাছতো আজিলৈ খেতি দৰা পৰ্যবেক্ষণ কৰিবলৈ নযোৱাত খেতিয়ক গৰাকীয়ে দুখ প্ৰকাশ কৰে।”””তেওঁ কয় যে কৰো’না কালছোৱাত দেশত পেট্ৰ’ল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশ লংঘিব ধৰিছে কিন্তু খেতিয়ক সকলৰ কস্তৰে উৎপাদন কৰা অমিতাৰ দৰে ফলবোৰৰ দাম প্ৰয়োজনতকৈ নগণ্য বুলি কোৱাৰ লগতেযদি খেতিয়ক সকলে মহামাৰী কৰো’না ফলত প্ৰতিবছৰে এনেদৰে বৃহৎ লোকচানৰ সন্মোখিন হ’ব লগিয়া হয় তেনেহ’লে কৃষক সকল খেতিকৰা বন্ধ কৰাতো নিশ্বিত হৈ পৰিব।আৰু এনেদৰে কৃষি প্ৰদান দেশখনত আৰু অধিক নিবনুৱা সমস্যাৰ সন্মোখিন হোৱাৰ সঙ্কা প্ৰকাশ কৰে খেতিয়ক জনে।সেয়েহে খেতিয়ক জনে কয় যে আজি কৰো’না মহামাৰীৰ ফলত খেতিয়ক সকলে উৎপাদন কৰা কেঁ‌চা সামগ্ৰী বজাৰত মুকলি ভাৱে বিক্ৰী কৰিব পৰা নাই যদিও ওদালগুৰি জিলাত যদি খেতিয়ক সকলে উৎপাদন কৰা  কেঁ‌চা সামগ্ৰী জমা ৰাখিব পৰাকৈ  (cool stores) থাকিল হৈ আজি আমাৰ দৰে খেতিয়ক সকলে লোকচানৰ সন্মোখিন হ’ব লগিয়া ন’হল হেতেন।সেইকাৰণে চৰকাৰলৈ কৃষক সকলক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় খেতিয়ক দেৱ প্ৰসাদ ৰাভাই।

পদ্মশ্ৰী বঁটাপ্ৰাপক ৰংবং তেৰাঙৰ স্বাস্থ্যৰ বুজ ল’লে নদী আৰু নাৰীৰ সঁজাতি দলে

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ৰং বং তেৰাংৰ স্বাস্থ্যৰ বুজে ললে  জনপ্ৰিয় কাব্যিক, বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান নদী আৰু নাৰীৰ এটা সঁজাতি দলে।অসম সাহিত্য সভাৰ ২০১১ চনৰ দেৰগাঁৱ অধিবেশনৰ সন্মানীয় সভাপতি তথা বিশিষ্ট লেখক ৰং বং তেৰাং দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল। সেয়েহে নদী আৰু নাৰীৰ এটা সঁজাতি দলে ৮৪ বছৰ বয়সীয়া বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।  উল্লেখযোগ্য যে এই গৰাকী সাহিত্যিকে ১৯৮১ চনত  “ৰংমিলিৰ হাঁহি”ৰ গ্ৰন্থৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তাৰোপৰি তেওঁ অসম সাহিত্য সভাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভা বঁটা, অসম চৰকাৰৰ পৰা অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। আজি নদী আৰু নাৰীৰ মুখ্য উপদেষ্টা তথা ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত  উৎপল দলেৰ লগত, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা  নৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় কবি ৰুনাল্ডো টাইদ, নদী আৰু নাৰীৰ  গোলাঘাট জিলাৰ উপদেষ্টা তথা কবি হৰেন শইকীয়া, গোলাঘাট জিলা সম্পাদিকা ঊষাৰাণী দেৱী, সহকাৰী সম্পাদক বিতোপন শইকীয়া ,নদী আৰু নাৰীৰ কাব্য সম্পাদিকা দীপিকা ফুকন, নদী আৰু নাৰীৰ ডিফুৰ আহ্বায়িকা মণিকা তেৰণপিৰ উপস্থিতিতনদী আৰু নাৰীৰ তৰফৰ পৰা প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি গৰাকীক সম্বৰ্ধনা পত্ৰ,মিচিং গামোচা দুমেৰ, ফলমূল আৰু গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰে। নদী আৰু নাৰীৰ এনে কাৰ্যত পৰম সন্তুষ্টি প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে৷

লাহৰীঘাট ভূৱা বিদ্যুৎ বিল প্ৰস্তুত কৰি গ্ৰাহকক লুণ্ঠন একাংশ মিটাৰ ৰিডাৰৰ

যি সময়ত ৰাজ্যৰ শক্তি মন্ত্ৰী গৰাকীয়ে বিভাগটোক ন-ৰূপত এখোজ আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে তেন্তে সময়তে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ একাংশ মিটাৰ ৰিডাৰে গ্ৰাহক সকলৰ মাজত চলাইছে লুণ্ঠন ৰাজ। একাংশ মিটাৰ ৰিডাৰে ঘৰতে বহি প্ৰস্তুত কৰে মনে সজা ধৰণেৰে বিদ্যুৎৰ বিল। এই দৃশ্য ভূৰাগাঁৱৰ বটালীমাৰি গাঁৱৰ। বিদ্যুতৰ বিল হাতত পোৱাৰ পিছতেই গাওঁ খনৰ গ্ৰাহকৰ মাজত সৃষ্টি হয় উত্তেজনাৰ। উল্লেখ্য যে নায়েব আলী নামত গ্ৰাহক জনে জুলাই মাহলৈকে পৰিশোধ কৰিছে বিল। আগষ্টত মাহত আকৌ বিল আহিল ৫৯৯৭ টকা। গ্ৰাহকৰ সন্দেহত উপজাত APDCL ৱেব চাইডত চাই যি দেখিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। ২৮৩ টকাৰ বিপৰীতে প্ৰস্তুত কৰা হৈছিল ৫৯৯৭ টকাৰ বিল। ইয়াৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ। মিটাৰ ৰিডাৰ এইজন সুজীত ঠাকুৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত এনেদৰেই অতিৰিক্ত হাৰত ভূৱা বিল প্ৰস্তুত কৰি হাৰাশাস্তি কৰি আহিছে গ্ৰাহকক। সুজীত ঠাকুৰৰ চক্ৰবেহুত পৰি কোনোবাই যদি বন্ধকত দিছে ৰেচন কাৰ্ড, কোনোবাই বিক্ৰী কৰিছে গৰু-ছাগলী আন কোনোবাই আকৌ মাটি বন্ধকত দি পৰিশোধ কৰিছে বিদ্যুতৰ বিল। সংবাদ মাধ্যমৰ কেমেৰা দেখি সুৰজিতৰ মন্তব্য এয়া হেনো ভূলতে হৈছিল তেওঁ ঠিক কৰি দিব। ভূৰাগাঁও অঞ্চলত ভূৱা বিল প্ৰস্তুতৰে এনেদৰেই একাংশই চলাইছে লুণ্ঠন ৰাজ। সুৰজিতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী গ্ৰাহকৰ। বিভাগটোৱে এনে লুণ্ঠনৰূপী মিটাৰ ৰিডাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষ্যণীয়।

শাওন মাহত পশ্চিম নলবাৰীৰ কুলবিল শিৱালয়, বিল্বেশ্বৰ দেৱালয়ত অজস্ৰ শিৱ ভক্তৰ পূজা অৰ্চনা

 অসমৰ ঐতিহ্যমণ্ডিত,তথা  পশ্চিম নলবাৰী অঞ্চলৰ  বেলশৰস্হ শ্ৰীশ্ৰী বিল্বেশৰ দেৱালয় আৰু চামতাৰ কুলবিলস্হ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত পবিত্ৰ শাওন মাহ উপলক্ষে  অজস্ৰ শিৱভক্তৰ সমাগম ঘটে ৷  পুৱাৰে পৰা নলবাৰী জিলা আৰু চবুৰীয়া জিলাৰ অজস্ৰ শিৱভক্ত পুৰুষ মহিলা আহি শৈৱানুষ্ঠান দুখন দৰ্শন কৰি নৈবেদ্য শৰাই, ফুল বেলপাত ,এৱাগাখীৰ আদিৰে মহাপ্ৰভু শিৱক পূজা অৰ্চনা কৰে ৷ ভক্ত সকলে মনোকামনা পুৰৰ্নাৰ্থে প্ৰতি গৰাকী ভক্তই পাঁচ, দহ গচিকৈ বন্তি প্ৰজ্বলনো কৰে ৷ এইফালে কালি নিশাৰ পৰা অজস্ৰ পুৰুষ শিৱভক্তই বিভিন্ন বাহনেৰে শৈৱানুষ্ঠান দুখনলৈগৈ ব’ল ব’ম পৰ্ব পালন কৰি বুঢ়াদিয়া নৈৰ পৰা পানীলৈ কুলবিলৰ শিৱালয়, বিল্বেশ্বৰ দেৱালয়, আমনি শংকৰ আশ্ৰমৰ শিৱ মন্দিৰৰ শিৱলিংগত পানী ঢালি পূজা অৰ্চনা কৰে ৷ কুলবিল শিৱালয়ত অহা ৰবিবাৰে নিশা ব’ল ব’ম উৎসৱৰ সামৰনিৰ অনুষ্ঠান কৰিব বুলি উদ্যোক্তা সকলে জানিব দিছে ৷

ভাদ মাহত পালনামৰ বাবে সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

সমাগত পবিত্ৰ ভাদ মাহ।পালনামৰ বাবে সাজু হৈছে ঐতিহাসিক মাধৱদেৱে প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।পবিত্ৰ ভাদ মাহ সোমাবলৈ মাত্ৰ মাজত ৫ দিনহে বাকী।পূৰ্বৰ পৰম্পৰা অনুসৰি মাহজোৰা পালনামৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে উজনি অসমৰ পিঠ স্থান স্বৰুপ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ।ৰাজ্যত ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌ এই পৰ্য্যন্ত অব্যাহত আছে যদিও অনিচ্ছয়তাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ।বৰনামঘৰ চৌহদ চুণ তেল দি উজলাই তোলাৰ লগতে চাফ চিকুন কৰি ৰখা হৈছে চাৰিওদিশ। ধৰ্মানুস্থান ভাগিত প্ৰতি বছৰেই ভক্তৰ সমাগমে সমগ্ৰ ভাদমাহতোতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে হৰি নামৰ অপূৰ্ব ধ্বনিৰে মুখৰিত কৰে আকাশ বতাহ।প্ৰতিজন ভক্তই নাম হৃদয়ংগম কৰাৰ উপৰিও শৰাই বন্তি আগবঢাই মনোবাঞ্চা পূ্ৰণাৰ্থে আৰ্শীবাদ গ্ৰহণ কৰে।কিন্তু কৰ’ণাৰ বাবে এই বৰ্ষতো পালনাম আয়োজন কৰাত আহি পৰিছে চৰম অনিচ্ছয়তা।ততঃস্বতেও ক’ভিডৰ চৰকাৰী নিৰ্দেশনা মাজেৰেই  ৫০০ বছৰীয়া পৰম্পৰা তিনিজন ভকতক লৈ হলেও পালন কৰা হ’ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে, আৰু জিলা প্ৰশাসনৰ লগত যোগাযোগ অব্যাহত ৰাখিছে জানিবলৈ দিয়ে ।

নদুৱাৰত আন্তৰ্জাতিক আদিবাসী দিৱস পালন

সমগ্ৰ পৃথিৱীতে ৯ আগষ্ট দিনটোত আন্তর্জাতিক আদিবাসী দিৱস পালনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰাৰ দৰে নদুৱাৰতো চাহ জনগোষ্ঠীৰ আদিবাসী সকলে আন্তৰ্জাতিক আদিবাসী দিৱস পালন কৰে । বিগত বৰ্ষত নদুৱাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত ৯ আগষ্টৰ দিনটোত আদিবাসী জনগোষ্ঠীটোৰ দল,সংগঠনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে যদিও সম্প্ৰ্তি ক’ভিড সৃষ্ট পৰিস্থিতিত নদুৱাৰ অঞ্চলত এই বেলি তেনে কোনো অনুষ্ঠানিক আয়োজনৰ পৰিলক্ষিত নহল। উল্লেখ্য যে আদিবাসী জনগোষ্ঠীৰ লোকে ১৯৯৪ চনৰ পৰাই বিশ্বব্যাপী পালন কৰি আহিছে আন্তৰ্জাতিক আদিবাসী দিৱসটি। ৫ টাকৈ মহাদেশ ৪০ টাতকৈ অধিক দেশত বসবাস কৰা  আদিবাসী জনগোষ্ঠীটোৰ  ৩০-৩৫ কোটি জনসংখ্যা। এইদৰে বিভিন্ন দেশত বিভিন্ন নামেৰে পৰিচিত প্রথম জাতি, উপ-জাতি, আদিবাসী, ক্ষুদ্র-নৃ-গোষ্ঠি, ক্ষুদ্র-জাতিসত্ত্বা পৰিচয় পোৱা যায়।আদিবাসী জাতিসত্ত্বাৰ আত্ম-পৰিচয়, সামাজিক,সাংস্কৃতিক ও অর্থনৈতিকভাবে অধিকাৰ সংৰক্ষণৰ বাবে আদিবাসী ও ট্রাইবেল জনগোষ্ঠী কনভেঞ্চন-১৯৫৭(১০৭) আৰু আদিবাসী ও ট্রাইবেল জনগোষ্ঠী কনভেঞ্চন-১৯৮৯(১৬৯) দুটা ধাৰা গৃহীত হয়। আন্তৰ্জাতিক আদিবাসী দিৱস উপলক্ষে বিশেষ ভাবে জনগোষ্ঠীটোৰ ৰাজ্যখনৰ এক মাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি অনন্ত কুজুৰে সকলোলৈকে দিবসৰ দিনা শুভেচ্ছা জ্ঞাপন কৰি সাংবাদিকৰ আগত কয় যে বিশ্বব্যাপী আদিবাসী জনগণই নিজস্ব সাংস্কৃতিক পৰিচয়, ভূমি অধিকাৰ,অঞ্চল বা ঠাইৰ অধিকাৰ প্রাকৃতিক সম্পদৰ অধিকাৰও নাগৰিকৰ মর্যদাৰ স্বীকৃতিৰ দাবীত দিৱসটি পালন কৰি আহিছে। বিশেষকৈ বিভিন্ন দেশৰ সংখ্যাত ক্ষুদ্র জাতিসত্ত্বাও আদিবাসীসকলৰ স্বতন্ত্র সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ গুৰুত্ব প্ৰদান কৰি পালন কৰা হয় এই আন্তর্জাতিক দিৱসটি। সাধাৰণতে কোনো এটি নির্দিষ্ট অঞ্চলত অণুপ্রবেশকাৰী বা দখলকাৰী জনগোষ্ঠীৰ আগমনৰ পূৰ্বে বসবাস কৰা অৰ্থাৎ বৰ্তমাণলৈকে যি সকল নিজস্ব সুকীয়া সংস্কৃতি,ৰীতি-নীতি ও মূল্যবোধ আছে যি সকল নিজৰ সুকীয়া জনসমষ্টিৰ সমাজ-সংস্কৃতিৰ অংশ হিচাপে চিহ্নিত কৰা হয়,সেইসকলেই আদিবাসী। লগতে ইয়াকো কয় যে আজিৰ দিনটোত আদিবাসী জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ দিন হিচাপে অসমত আছাই বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যদিও এই বেলি ক’ৰণা পৰিস্থিতিত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনা পালন কৰি কোনো ধৰণৰ অনুষ্ঠান আয়োজনৰ পৰা বিৰত আছে। ইয়াৰ উপৰিও জনগোষ্ঠীটোৰ ছাত্ৰ নেতা গৰাকীয়ে কয় যে ভাৰতবৰ্ষত প্রায় ১০.৫ কোটি আদিবাসী জনসাধাৰণ বসবাস কৰে যি ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ৮.৮ %। মূলসূতিৰ জনগোষ্ঠী হিচাপে থাকিও আদিবাসীসকলৰ পৃথক জীৱন,ঐতিহ্য, সংস্কৃতি ও ইতিহাস আছে।ভাৰতীয় সংবিধান অনুসৰি শিক্ষা, চাকৰি ও নির্বাচনৰ ক্ষেত্রত ৬% আসন আদিবাসী জনগোষ্ঠী তথা ‘Schedule Tribe (ST) বা তপশীল উপজাতিৰ কাৰণে সংৰক্ষিত। প্রতিটো চৰকাৰী প্রকল্প ৰূপায়ণৰ ক্ষেত্রত আদিবাসী জনগোষ্ঠী তথা ‘Schedule Tribe (ST) বা তপশীল উপজাতিৰ অগ্রাধিকাৰ দিয়াৰ কথা চৰকাৰী নিয়মাৱলীত স্পষ্টভাবে উল্লেখ আছে যদিও দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৱে নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ হকে আন্দোলন কৰি আহিছে যদিও চৰকাৰী পক্ষই কোনো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।

১২ ফুট উচ্চতাৰ ছবি অংকনৰে লাভলীনাক উস্ম আদৰনী

টকিঅ’ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক জয়ৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ এখন ছবি অংকন কৰিছে নগাঁৱৰ ননৈৰ এজন প্ৰতিভাসম্পন্ন ছাত্ৰই । ছাত্ৰ জনে অংকন কৰা ছবিখনৰ উচ্চতা প্ৰায় ১২ ফুট । নগাঁও জিলাৰ ননৈ পানীগাঁৱৰ কুকিল শইকীয়া নামৰ প্ৰতিভাসম্পন্ন এই ছাত্ৰ গৰাকীয়ে অংকন কৰিছে ছবিখন । লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ কুকিল শইকীয়াই লাভলীনাক লৈ গৌৰৱ অনুভৱ কৰে । কুকিলে তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি শইকীয়াৰ সহযোগত ৩৬ নং চাৰিলেন যুক্ত পথৰ ননৈ বাদল গাঁৱৰ উৰনীয়া সেতুৰ দেৱালত লাভলীনাৰ ছবি অংকন কৰিছে । লাভলীনাৰ এই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কুকিলে কয় যে- লাভলীনাক আদৰণী জনোৱাৰ লগতে তেওঁৰ প্ৰতি শুভ কামনা জনাবলৈ ছবিখন অংকন কৰা হৈছে । তদুপৰি লাভলীনাই যাতে ভবিষ্যতে উন্নত প্ৰদৰ্শন কৰিব পাৰে , অসমৰ ল’ৰা- ছোৱালী সকল যাতে লাভলীনাৰ দৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়াসৰে ছবিখন অংকন কৰা হৈছে । এই ছবিখন অংকন কৰোতে তেওঁৰ বন্ধু বিদ্যুৎ , শংকৰ আৰু সৌভিকে সহায় কৰে । উল্লেখ্য যে ,কুকিলে ইতিমধ্যে এ পি জে আব্দুল কালাম , জুবিন গাৰ্গ , পাপন , বিষ্ণু প্ৰসাদ ৰাভা , কে কে , মোহনকে ধৰি বিভিন্ন জনৰ ফটো অংকন কৰিছে ।

ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পিতৃ-মাতৃ : দোষিক উপযুক্ত শাস্তি প্ৰদানৰ অনুৰোধ

ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত শ্ৰী গ্ৰাম ষষ্ঠ খণ্ড( খেৰডুবী ) ত যোৱা ১৬/৮/২০১৩ ইং তাৰিখত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘঠিত হৈছিল। উক্ত ঘটনাটোত ছয় জনীয়া দল এটাই শ্ৰী গ্ৰাম ষষ্ঠ খণ্ডৰ নিবাসী ছামছুল হকৰ ডাঙৰ পুত্র ৰুনজুন হকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে দ্বিতীয় পুত্র মুনমুন হককো আঘাত প্ৰাপ্ত কৰিছিল। কিন্তু দূৰ্ভাগ্যক্ৰমে ছামছুল হকৰ ডাঙৰ পুত্ৰ ৰুণজুন হকে মৃত্যুক সাৱটি লব লগা হৈছিল।             উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত দাখিল কৰা ১০৯/১৫ নম্বৰৰ গোচৰটো ইতিমধ্যে সুদীর্ঘ ৮ বছৰ ধৰি ন্যায়ালয়ত বিচাৰ প্ৰক্ৰিয়া চলি আছে । অতি কম দিনৰ ভিতৰত ৰায় ঘোষণা হোৱাৰ সময়লৈ ন্যায়বিচাৰৰ অপেক্ষাত দুৰ্ভোগীয়া পিতৃ-মাতৃয়ে ন্যায়ালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস বুকত বান্ধি লৈ পুত্র হত্যা কাৰী কালপ্ৰীত সকলোৰ উচিত শাস্তি প্ৰদানৰ বাবে ন্যায়ালয়ৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে কয় যে ন্যায়ালয়ৰ ওচৰত তেখেতসকলৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে।
  এতিয়া ন্যায়ালয়ে উভয় পক্ষৰ স্বাক্ষী প্ৰমাণৰ ভিত্তিত কি ৰায় প্ৰদান কৰে সেয়া হব লক্ষনীয়