Home Blog Page 2893

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হাঁহচৰাৰ এলিভা বুঢ়াগোঁহাইৰ

শিৱসাগৰৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে চাৰিটাকৈ আহোম যুগৰ অসমৰ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ পিতৃ শৰৎ বুঢ়াগোঁহাই আৰু মাতৃ সুনীমা বুঢ়াগোঁহাইৰ কন্যা এলিভা বুঢ়াগোঁহাইয়ে এটা শিলতে আহোম যুগৰ অসমৰ চাৰিটা প্ৰাচীন কীতিচিহ্ন ৰংঘৰ,কাৰেংঘৰ,তলাতল ঘৰ ,শিৱদৌল অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।

সৰুতে যদিও এলিভাই চিত্ৰ অংকণৰ প্ৰশিক্ষণ লৈছিল যদিও ভালদৰে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে একমাত্ৰ ইউটিউব,ইনষ্ট্ৰাগ্ৰামৰ পৰা কিছু আয়ত্ব কৰি বৰ্তমান বিভিন্ন খেলুৱৈ,ৰাজনৈতিক,গায়কৰ চিত্ৰও অংকণ কৰিছে এলিভাই।কোনো প্ৰশিক্ষণ নোলোৱাকৈ অসমৰ আহোম যুগৰ চাৰিটাকৈ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেৰ্কডছত নাম অন্তভুক্ত কৰি গৌৰান্বিত এলিভা বুঢ়াগোঁহাই।এলিভা বুঢ়াগোঁহাই এগৰাকী ফেশ্বন ডিজাইনাৰ।ভৱিষ্যতে এগৰাকী সফল ফেশ্বন ডিজাইনাৰ হোৱাৰ আশা মনত পুহি ৰাখিছে এই গৰাকী ইণ্ডিয়া বুক অফ ৰেৰ্কডছত নাম অন্তৰ্ভুক্ত কৰা হাঁহচৰাৰ লংকাক গোঁহাই গাঁৱৰ যুৱতী এলিভা বুঢ়াগোঁহাইয়ে।

এইবাৰ ধৰ্ষণৰ বলি হ’ল মানসিক ভাৱে বাধাগ্ৰস্ত বোৱাৰী

ভূৰাগাঁৱৰ পঠাৰ জঘণ্য ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুণৰ লাহৰীঘাটত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলী এগৰাকী মানসিক বাধাগ্ৰস্ত যুৱতী। বৃহস্পতিবাৰে নিশা লাহৰীঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ধৰ্ষণকাৰী নৰপিষাচ লম্পট আলী হুছেইন।তাৰ পাছৰ দৃশ্য এয়া। লম্পট আলী হুছেইনৰ ফাচীৰ দাবীত উত্তাল লাহৰীঘাট থানাৰ সন্মুখ। লাহৰীঘাট থানাৰ তিতাতলা বিলপাৰ গাঁৱত ১ আগষ্টৰ নিশা সংঘটিত হৈছিল এই জঘণ্য ঘটনা। মানসিক বাধাগ্ৰস্ত মহিলা গৰাকীক হাত ভৰি বান্ধি ধৰ্ষণ কৰা অভিযোগ লম্পট আলী হুছেইনৰ বিৰুদ্ধে। এই  জঘণ্য ঘটনাৰ পাছতেই আলী হুছেইনে পলায়ন কৰিছিল তিতাতলাৰ গৃহৰ পৰা।*অৱশেষত গ্ৰেপ্তাৰ হ’ল আলী হুছেইন । আলী হুছেইনক আদালতত হাজিৰ কৰাৰ প্ৰাক ক্ষণত তিতাতলাৰ ৰাইজ  ওলাই আহি  আলী হুছেইনৰ ফাচীৰ দাবীত এনেদৰে প্ৰতিবাদ কৰে।এনে জঘণ্য ঘটনাই সমগ্ৰ জিলা খনতে পুণৰ সৃষ্টি কৰিছে চাঞ্চল্য।

বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ অভিনৱ পদক্ষেপ

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত বাতিকুৰিহা অঞ্চলত এখন ক্ৰপ কেফেটেৰিয়া বা ধানৰ বিভিন্ন প্ৰজাতিৰ সমাহাৰ কালি  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত বৰপেটা মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়ন, কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ মূৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° অৰূপ কুমাৰ ডেকা আৰু এপাৰ্ট প্ৰকল্পৰ অন্যান্য কৰ্মকৰ্তা সকল উপস্থিত থাকে। উদ্ধোধনী ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে দহটা ভিন্ন জাতৰ ধানেৰে সমৃদ্ধ ক্ৰপ কেফেটেৰিয়া খন কৃষক ৰাইজৰ বাবে উৎসৰ্গা কৰে। তেওঁ আধুনিক কৃষি পদ্ধতি তথা উন্নত প্ৰজাতিৰ ধানৰ জাত সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এপাৰ্ট প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰই লোৱা এই পদক্ষেপৰ শলাগ লয়। কেফেটেৰিয়া খনত তিনিটা বানপানী সহনশীল ধানৰ জাত ক্ৰমে ৰণজিৎ-চাব ১, স্বৰ্ণ-চাব ১, বাহাদুৰ-চাব ১, দুটা খৰাং সহনশীল তথা জিংক পৰিপুষ্ট জাত চি আৰ ধান-৮০১ আৰু ৮০২ , দুটা সুগন্ধিযুক্ত জাত ক’লা জহা আৰু বকুল জহা, তিনিটা থলুৱা জাত ক্ৰমে বংগবন্ধু, টাঙাগুৰি আৰু হাৱাই ৰোপণ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, ইয়াৰ জৰিয়তে পৰৱৰ্তী সময়ত উল্লেখিত জাত সমূহৰ গুণাগুণ, চাপ সহনশীলতা, ৰোগ তথা কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধ ক্ষমতা ইত্যাদি দিশ সমূহৰ অধ্যয়নৰ জৰিয়তে উৎকৃষ্ট জাত সমূহৰ নিৰ্বাচনৰ যোগেদি কৃষক সকলক সজাগ কৰিব পৰা যাব। কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড° অৰূপ কুমাৰ ডেকাই এপাৰ্ট প্ৰকল্পৰ অধীনত বৰপেটা জিলাত চলি থকা বিভিন্ন ধৰণৰ কাম সমূহৰ ওপৰত আলোকপাত কৰে আৰু কেফেটেৰিয়াত থকা ধানৰ জাত সমূহৰ ইতিবাচক দিশ সমূহ কৃষক সকলক অৱগত কৰি সেই জাত সমূহৰ ব্যৱহাৰৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি দোহাৰে।

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চৰম অৱহেলা

মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়পুৰ লং টং স্থিত ঐতিহাসিক ষ্টীলৱেল পথৰ কাষতেই অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ সমাধি ক্ষেত্ৰ। অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই ধ্বংসৰ দিশে গতি কৰিছে ইতিহাস প্ৰসিদ্ধ এই সমাধিক্ষেত্ৰখন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰোৱা সৈনিক সকলক সমাধিস্থ কৰা এই সমাধিক্ষেত্ৰ খনৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত ২০১৭ চনত উদয়পুৰৰ লং টং স্থিত ঐতিহাসিক ষ্টীল ৱেল পথ আৰু বৰ্তমানৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এক বিশাল ভূমিত নতুনকৈ ন ৰূপ দি সমাধিক্ষেত্ৰখন পুনঃ নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছিল।মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ক’ল ইণ্ডিয়া লিমিটেডৰ সহযোগত নিৰ্মান কৰা সমাধিক্ষেত্ৰ খনৰ আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা দেৱে।

মাৰ্ঘেৰিটাৰ কল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰায় সোতৰ লাখ (১৭,০০০০০.০০) টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সমাধিক্ষেত্ৰ খনৰ নিৰ্মাণকাৰ্য প্ৰায় শেষ হোৱাৰ পাছতো চোৱাচিতাৰ দায়িত্বত থকা কৰ্ত্তৃপক্ষ আৰু অসম পৰ্যটন বিভাগৰ দায়িত্বহীনতাৰ বাবেই মৃত্যুৰ দিশলৈ গতি কৰিছে এই সমাধিক্ষেত্ৰ। সৌন্দৰ্য্য আৰু শোভা বৰ্ধনৰ বিপৰীতে দেখা গৈছে হাবি-জংঘলেৰে আগুৰি ধৰা এক বিপৰীত দৃশ্য। বিভিন্ন সময়ত বহিঃ ৰাষ্ট্ৰৰ পৰা শ্বহীদ সকলৰ বংশীয় বা আত্মীয় সকল এই স্থানত আহি তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰি ধৰ্মীয় পূজা অৰ্চনা কৰি স্মৰণ কৰা দেখা যায়।সমাধিক্ষেত্ৰ খনৰ বৰ্তমানৰ এনেবোৰ দৃশ্য যদি সেই সকল লোকে প্ৰত্যক্ষ কৰে তেন্তে তেওঁলোকে অসমৰ পৰা কেনে ধৰণৰ বাৰ্তা বহন কৰিব সেইয়া সহজেই অনুমেয়। পৰ্য্যটনৰ আকৰ্ষণৰ থলী হিচাপে চিহ্নিত এই সমাধিক্ষেত্ৰৰ জৰাজীৰ্ণ অৱস্থা দেখি বুদ্ধিজীৱী তথা সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা স্থানীয় যুৱক ৰাহুল ছেত্ৰী। ছাত্র নেতাজনে অসম চৰকাৰ তথা অসম পৰ্যটন বিভাগক অতি সোনকালে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি সমাধিক্ষেত্ৰ খনৰ সৌন্দৰ্য বৰ্ধন কৰি দেশী বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ থলী হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ ঘটনা

পুনৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত এই গৰাকী ড্ৰাগছ আসক্ত পিতৃয়ে বিক্ৰী কৰিলে নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰক। আমিনুল ইছলাম নামৰ ড্ৰাগছ আসক্তটোৱে নিজৰ পুত্ৰক অঞ্চলটোৰ গৰৈমাৰীৰ ছাজিদা খাতুন নামৰ এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰিছিল।ইফালে এই সন্দৰ্ভত শুকুৰবাৰে আমিনুল ইছলামৰ পত্নী তথা বিক্ৰী কৰা শিশুটিৰ মাতৃ ৰুকমিনা বেগমে।ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ আসক্ত আমিনুল ইছলাম আৰু ছাজিদা খাতুনক দুয়োকে আটক কৰিছে।আনহাতে আৰক্ষীয়ে শিশুটি মহিলাগৰাকীৰ কবলৰ পৰা উদ্ধাৰ কৰি মাতৃ ৰুকমিনাৰ হাতত চমজাই দিয়ে।এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিশুটিৰ মাতৃ ৰুকমিনা বেগমৰ লগতে আত্মীয়ই ক’লে এনেদৰে l

বেকী নৈ’ত বিলীন হল শ শ বিঘা কৃষি ভূমি, সপোনৰ ঘৰ

নামনি অসমৰ অধিকাংশ ঠাইৰ মূল সমস্যা হৈছে গৰাখহনীয়া। নামনি অসমৰ বৰপেটা জিলাৰ মাজেৰে মাজেৰে বৈ যোৱা বেকি নৈৰ গৰাখহনীয়া সমস্যা আজি নতুন নহয়। কিন্তু এই জলন্ত সমস্যাৰ প্ৰতি কান সাৰ নাই কাৰো। বৰপেটা জিলাৰ ৪৩ নং বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চতলা গাওঁ পঞ্চায়তখন সম্পূৰ্ণ ৰূপে নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। ভূতৰ ওপৰত দানহ পৰা দি বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত ইতিমধ্যে নিজৰ ঘৰ-বাৰী,ভেটি-মাটি সৰ্বস্ব হেৰুৱাই দিশাহাৰা হৈ পৰিছে বহুকেইটা পৰিয়াল। চতলা গাওঁ পঞ্চায়তত দীর্ঘদিন দিন ধৰি প্ৰবল গৰাখহনীয়া অব্যাহত থকাৰ সময়তে এই অঞ্চলত ইতিমধ্যে প্রায় অৰ্ধ শতাধিক পৰিয়াল নদীৰ খহনীয়াৰ কৱলত পৰাৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান তথা শতাধিক পৰিয়াল লৈ ভাবুকি কঢ়িয়াই আনিছে।
দীৰ্ঘ দিন ধৰি গৰাখহনীয়াৰ সমস্যাত পৰা দুৰ্ভগীয়া পৰিয়ালৰ খবৰ লবলৈ আহৰি নাই অসম চৰকাৰ, জল-সম্পদ বিভাগ তথা সাংসদ, বিধায়ক আৰু স্হানীয় জনপ্ৰতিনিধি সকলৰ । যাৰ বাবে চৰকাৰ আৰু জিলা প্রশাসনক অতি শীঘ্রেই বিজ্ঞান সন্মত ভাৱে নদীৰ বান্ধ দি গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ দাবী জনায় বৰপেটা জিলা কমিটিৰ অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ উপ- সভাপতি মিজানুৰ ৰহমানৰ লগতে স্হানীয় ৰাইজে। চৰকাৰে ইচ্ছা কৰিলে সকলো কৰিব পাৰে কিন্তু গৰাখহনীয়া ৰোধৰ বাবে বলিষ্ঠ পদক্ষেপ নোলোৱাৰ কাৰণ বিচাৰিছে গহনীয়া গ্ৰস্ত জনতাই। এফালে মহামাৰী কৰোণা, লকডাউন আনফালে গৰাখহনীয়াৰ তাণ্ডৱ।যাৰ বাবে দিশহাৰা হৈ পৰিছে নৈ পৰীয়া গঞা। চৰকাৰে যদি অনতিপলমে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা নকৰে তেনেহঁলে একাংশ পৰিয়ালে আত্মহত্যাৰ বাহিৰে কোনো উপায় নাথাকিব বুলি জানিব দিয়ে। চৰকাৰে ইয়াৰ বিহীত ব্যৱস্থা লবলৈ স্থানীয় ৰাইজে বিনম্ৰ নিবেদন জনাইছে।

বিনজপাছ নামেৰে এটি অনন্য প্ৰচেষ্টা আৰম্ভ কৰিছে লায়নছগেট প্লেই

অফাৰৰ বৰষুণ হৈছে আৰু ভাৰতৰ ষ্টাৰজ ও. টি. টি. ষ্ট্ৰিম সেৱা গ্লোবেল কণ্টেন্ত লীডাৰ লায়নছগেট প্লেই আটাইতকৈ অতুলনীয় চুক্তি বিনজপাছ” ৰ আনুষ্ঠানিক ঘোষণা কৰি এক অভিনৱ প্ৰচেষ্টা কৰিছে। এই অভিনৱ অফাৰিংটোৱে লায়নছগেট প্লেৰ কিউৰেটেড লাইব্ৰেৰীটোৰ অপৰিসীম অনুমতি অবিশ্বাস্যভাৱে মাত্ৰ ৯ টকাত প্ৰদান কৰিছে। উপভোক্তাসকলে ৫ আগষ্ট, বৃহস্পতিবাৰৰ পৰা ৮ আগষ্ট দেওবাৰলৈ এই সীমিত সময়সীমাৰ বোনাঞ্জা উপলদ্ধি কৰিব পাৰে। ব্ৰেণ্ডটোৱে এই অসাধাৰণ সীমিত সময়সীমাৰ অফাৰটো প্ৰচাৰ কৰিবলৈ এটা বিচিত্ৰ টি. ভি. চি. ৰ বাবে অনন্যা পাণ্ডেক সন্মত কৰাইছে। অভিনেত্ৰীগৰাকীয়ে নৱপ্ৰজন্মক লায়নছগেট প্লে এপটো অন্বেষণ কৰিবলৈ আহ্বান জনাব।

লায়নছগেট প্লেই নিয়মীয়াকৈ তেওঁলোকৰ লাইব্ৰেৰীটো চহৰীয় আৰু চকুজোৰা শ্ব’ আৰু দৰ্শকসকলৰ বাবে সুকীয়াকৈ নিৰ্বাচিত কৰা চিনেমাৰে শক্তিশালী কৰি গৈছে। বিনজপাছ অফাৰটো উপভোক্তাসকলৰ বাবে এই সেৱাটো চেষ্টা কৰাৰ এক সুন্দৰ সুবিধা যদিহে তেওঁলোকে এতিয়ালৈকে চেষ্টা কৰা নাই! এই অফাৰটো উপলদ্ধ কৰিবলৈ www.lionsgateplay.com লৈ গৈ (বা এণ্ড্ৰইড/ আই. ও. এছ. এপটো ডাউনলোড কৰিব লাগিব) ই-মেইল আইডি/ নাম/ ফোন নম্বৰেৰে নিজকে পঞ্জীকৃত কৰিব লাগিব আৰু ৫ ৰপৰা ৮ আগষ্ট ২০২১ ৰ ভিতৰত ৯ টকা পৰিশোধ কৰিব লাগিব। উপভোক্তাগৰাকীয়ে এণ্ড্ৰইড এপ বা ব্ৰাউজাৰৰ সহায়ত লগ ইন কৰাৰ পিছত তেওঁলোকে স্মাৰ্ট টি. ভি., আই. ও. এছ. ডিভাইছৰ লগতে আন যিকোনো ডিভাইছ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰে।

সংগৃহীত সমলৰ বাবে বিখ্যাত লায়নছগেট প্লেই অলপতে সমালোচকৰদ্বাৰা সমাদৃত শীৰ্ষক যেনে নৰ্মেল পিপল, দা পেক্ট, ৰেথ অৱ মেন, দা গ’জ ৰং শ্ব’, চিডিউছড: ইনচাইড এন. আই. এক্স. এম. কালট, দা গাৰ্লফ্ৰেণ্ড এক্সপিৰিয়েঞ্চ, হোম ইক’ন’ম ক্স আদিৰ প্ৰীমিয়াৰ কৰিছিল। উপভোক্তাসকলে সংগৃহীত চিনেমাৰ প্লেলিষ্টখনৰ জৰিয়তে ইণ্ডিয়াজ টপ 10, হোৱাট মিলেনিয়েলছ আৰ ৱাটচিং, বিনজ ৱৰ্থি বক্স ছেট, লায়নছগেট প্লে অৰিজিনেলছ, ফানি চাইড আপ, ডেট নাইট, বলিউড বিনজ এণ্ড থ্ৰীলাৰ, কুইনডম, টলিউড ব্লকবাষ্টাৰ আদি নিচা লগাকৈ চাব পাৰে। লায়নছগেটে প্ৰতি শুক্ৰবাৰে মুক্তি পোৱা শীৰ্ষকৰ জৰিয়তে আৰু দৰ্শকৰ পছন্দ অনুসৰি স্থানীয় কণ্টেন্তৰে ইয়াৰ কণ্টেন্ত লাইব্ৰেৰী বঢ়াই আছে। বৰ্তমান, প্লেটফৰ্মটোত ৬ টা স্থানীয় ভাষা যেনে হিন্দী, মাৰাঠী, তামিল, তেলেগু, কানাড়া আৰু ভোজপুৰীত কণ্টেন্ত উপলদ্ধ আছে।

দক্ষিণ এছিয়াৰ এমডিৰোহিত জৈনে এই মুকলিৰ ওপৰত মন্তব্য কৰি কয় যে, ” আমি আমাৰ দৰ্শকসকললৈ এই অসাধাৰণ সীমিত সময়ৰ অফাৰটো এক অতুলনীয় মূল্যত আগবঢ়াবলৈ পাই সুখী বিনজপাছৰ সহায়ত আমি দেশৰ মিলিয়ন নতুন উপভোক্তাৰ ওচৰ পাবলৈ আৰু তেওঁলোকক লায়নছগেট প্লেৰ কিউৰেটড লাইব্ৰেৰীৰ জৰিয়তে উত্তম চিনেমাটিক অভিজ্ঞতা দিয়াৰ উদ্দেশ্যে লৈছোঁ এই সীমিত সময়ৰ বিশেষ মূল্যৰ অফাৰটোৱে বহুতো নতুন আৰু নৱপ্ৰজন্মৰ দৰ্শকক আগতে নোপোৱা অতুলনীয় প্ৰীমিয়াম কণ্টেন্ত লাভ কৰিবলৈ সক্ষম কৰিব লায়নছগেট প্লে হৈছে গোটেই বিশ্বৰ বিভিন্ন প্ৰকাৰ যেনে ড্ৰামাএক্সনহৰৰৰোমাঞ্চকমেডি আৰু বহুতো উত্তমনিৰ্ভক আৰু অত্যাধুনিক কণ্টেন্তৰ স্থল সেৱাটোৰ বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমা আৰু অতি সোনকালে আহিব লগীয়া কিছুমান অৰিজিনেল ভাৰতীয় প্ৰীমিয়ামৰ এক অভূতপূৰ্ব সংগ্ৰহ আছে আমি আশাবাদী যে এই অফাৰটোৱে গোটেই ভাৰতৰ দৰ্শকৰ পৰা অভূত পূৰ্ব সহাঁৰি লাভ কৰিব

মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক

চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে।  মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈ‌দেখা গৈছে। কিন্তু পানীৰ অভাৱত কৃষকসকলে মৰাপাট বিলাকক জাক বা গতি লগাব পৰা নাই ইফালে পথাৰতে মৰাপাটবিলাক জ্বলি শেষ হব ধৰিছে। পানীৰ দৰত বিক্ৰি হৈছে দৰিদ্ৰ কৃষকৰ মৰাপাট৷ কপালৰ ঘাম মাটিত পেলাই মৰাপাটৰ খেতি কৰা কৃষক সকলে উচিত মূল্য নাপায় মুৰে কপালে হাত দিছে কৃষকসকলে৷ কৃষকে ২৫০০ টকাৰ পৰা ২৬০০ টকাত বেপাৰীক যাচি দিব লগা হৈছে মৰাপাট৷ প্ৰতি বিঘা মৰাপাট উৎপাদন কৰোতে কৃষকৰ ব্যয় হয় ৩৫০০ টকাৰ পৰা ৪০০০ টকালৈ৷গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা মৰাপাট এতিয়া পানীৰ দৰত বিক্ৰি কৰি মুৰে কপালে হাত দিছে কৃষকে৷ লোকচান কৰি মৰাপাট বিক্ৰি কৰিব লগা হোৱাত চাপৰ‌ অঞ্চলত কৃষকৰ মাজত হাহাকাৰ লাগিছে। কৃষকসকলো খেতি কৰিয়ে লৰা-ছোৱালীক পোহপাল দিয়ে৷ ঘৰ খনৰ সমস্ত খৰছ খেতিৰ ওপৰত্ নিৰ্ভৰশীল৷থীৰেৰচৰ তাৰাংগাপুৰ আদি‌ বহু অঞ্চলৰ কৃষকে মৰাপাটৰ খেতি কৰি হতাশাত ভূগিছে। কৃষক সকলোৱে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছে।         আৰু লগতে কয় যে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক আৰু ধুবুৰী সাংসদৰ ওচৰত কৃষকসকলৰ কোনো মূল্য নাই। তেখেতসক অকল ৰাস্তাই দি আহে আৰু যায় কিন্তু কৃষক সকলৰ খবৰ লবলৈ অকনো সময় নহয়।                           আৰু কয় যে নিৰ্বাচনৰ সময়ত ভোটৰ সময়ত আহি দেখা দি যাব আৰু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কোনো খা খবৰ নাই। 

অসমৰ অন্যতম বন্যপ্ৰাণী সুৰক্ষাকৰ্মী ‘মনোজ গগৈ’

অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল – কাজিৰঙাৰ বোকাগাঁৱ অঞ্চলৰ মনোজ গগৈ । ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছে। মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱজন্তুৰ উদ্ধাৰ কৰি সেইসমূহক সুৰক্ষা প্ৰদান কৰে আৰু সময় সাপেক্ষে যেতিয়া সেই সমূহ সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়া প্ৰকৃতিৰ বুকুত এৰি দিয়ে । তেওঁ এই যাত্ৰাৰ আৰম্ভণি কৰে প্ৰায় ১০বছৰ পূৰ্বেই । ঘটনাটো আছিল এইধৰণৰ -দেওবৰীয়া দুপৰীয়া এটাত ৰাস্তাৰ মাজত মানুহৰ জুম এটা দেখি মনোজ গগৈ আগবাঢ়ি যায় আৰু দেখে যে মানুহ কিছুমানে এডাল অজগৰ সাপক চীপজৰী দি নিজৰ ভয়ৰ পৰা সাৰিবলৈ আঘাতপ্ৰাপ্ত কৰিছিল  তেতিয়া সেই অজগৰক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ মানুহৰ জুমটোক অজগৰডাল নামাৰিবলৈ অনুৰোধ কৰে আৰু ঘৰলৈ গৈ প্ৰয়োজনীয় সঁজুলি পাতি আনি সাপডালক ৰক্ষা কৰে আৰু তেনেকৈয়ে সাপডাল সুস্থ হৈ উঠাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষৰ অনুমতি সন্মতে হাবিৰ মাজত এৰি দিয়ে ।
২০০৭ চনৰ আগলৈকে এনেদৰে উদ্ধাৰ কৰা বন্যপ্ৰাণীৰ সংখ্যা প্ৰায় ৫,০০০ৰো অধিক। এই বন্যপ্ৰাণী সমূহক তেওঁ সন্তানৰ দৰে লালন পালন কৰে আৰু সিহঁতৰ লগত বাৰ্তালাপো কৰিব পাৰে শগুণ, কাউৰী, ফেঁচা , কাছ, বিভিন্ন প্ৰজাতিৰ সাপ ইয়াত ভিতৰত উল্লেখযোগ্য । ইয়াৰোপৰি ৪জনী মাছৰোকা (kingfisher) ডাঙৰ কৰাটো তেওঁৰ জীৱনৰ এক ডাঙৰ সাফল্য বুলি তেওঁ ভাবে আৰু সচাকৈয়ে এইটো এক প্ৰশংসনীয় কাৰ্য।
মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণত আগ্ৰহী কিছুমান ব্যক্তিৰ লগত লগলাগি ২০০৭ চনত ” The naturalist to Rehabilitation of Snakes and Birds (NRSB)” নামৰ সংগঠন গঠন কৰে । বৰ্তমান এই সংগঠনটোত ১০০ জনৰো অধিকলোকে ইচ্ছাকৃতভাবে কাম কৰিছে। মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ কথা চুবুৰীয়া বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা কৰে লগতে বিভিন্ন ঠাইত সজাগতা প্ৰচাৰো চলাই।
২০১৪ চনত Corbett foundation য়ে মনোজ গগৈক  ” wildlife warrior ” বঁটাৰে সন্মানিত কৰে। ইয়াৰ পিছতে ধৃতিমান কাকতি নামৰ এজন অসমীয়া পৰিচালকে ” ‍The man who speaks Nature ” নামৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে য’ত তেওঁ মনোজ গগৈৰ কৰ্মৰাজিক উপস্থাপন কৰে। বন্যপ্ৰাণীৰ প্ৰতি থকা তেওঁৰ অগাধ  মৰম , স্নেহ আৰু দায়িত্ববোধ সঁচাকৈয়ে প্ৰশংসনীয় । আমি প্ৰত্যেকেই  বন্যপ্ৰাণীৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে এনেধৰণৰ কাম কৰিব লাগে আৰু বন্যপ্ৰাণীবোৰৰ বিলুপ্তিকৰণত বাধাৰ হেঙাৰ হৈ থিয় দিব লাগে।

ডবকাত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ  অন্তৰ্গত ডবকা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই আজি সন্ধিয়া দুই ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি ডবকাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিং ৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ডবকাৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া অভিযান চলায় ৷ অভিযান কালত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সৰবৰাহ কাৰীকেইটাৰ নাম হল চাদ্দাম হুছেইন আৰু ময়নুল হক ৷ সৰবৰাহ কাৰী কেইটাৰ কৱলৰ পৰা তিনিটা হেৰইনৰ কন্টেনাৰ জব্দ কৰে ৷ বৰ্তমান অৱ্যাহত আছে আৰক্ষীৰ তদন্ত ৷