ওদালগুৰি জিলাৰ ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক গৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি দুগৰাকী বেংক মিএৰ জৰিয়তে পৰিচালক গৰাকীয়ে কোৰোণাৰে ধন চপাই নিজৰ জেপ গধুৰ কৰি মাছে মঙহে খাইছিল বেংকটোৰ ভিতৰত ।এনেদৰে অভিযোগ উত্থাপন কৰিছে আত্মসহায়ক গোটৰ মহিলা সকলে । এই সন্দৰ্ভত আত্মসহায়ক গোটৰ মহিলা সকলে ওদালগুৰি জিলা উপায়ুক্তক পৰিচালক গৰাকীক বেংকটোৰ পৰা বদলি কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে । পৰিচালক গৰাকীয়ে আত্মসহায়ক গোটৰ মহিলা সকলৰ পৰা উৎকোচ লোৱাৰ কথা উল্লেখ কৰি উপাযুক দিযা স্মাৰক পত্ৰ খনত উল্লেখ কৰা মতে আত্মসহায়ক গোটৰ মহিলা সকলক চৰকাৰে আগবঢ়োৱা ঋণ, এককালীন সাহাৰ্য্য মোকোলাই দিয়াৰ নামত বেংকটোত নিয়োজিত হৈ থকা দুগৰাকী বেংক মিএৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোটৰ পৰা ২ হাজাৰ পৰা ৩ হাজাৰ টকা উৎকোচ লয়। এই টকা নিদিলে পৰিচালক গৰাকীয়ে বেংক মিএৰ জৰিয়তে গোটৰ মহিলা সকলৰ ঋন অৰ্থবা এককালীন সাহাৰ্য্য পলম হব বুলি জনাই দিযে । উপায়ন্তৰ হৈ মহিলা সকলে পৰিচালক গৰাকীক এই ধন দিবলৈ বাধ্য হয় । অবশ্যে বেংক মিএ দুগৰাকীৰ উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত মাজবাট উন্নয়ন খণ্ডৰ বি পি এম গৰাকীয়ে তাৎক্ষণিক ভাৱে বেংক মিএ দুগৰাকীক ওৰাং গ্ৰামীণ বিকাশ বেংকৰ পৰা উলিয়াই দিযা বুলি জানিব পৰা গৈছে ।কিন্তু বেংক মিএ দুগৰাকীক বিভাৰ্গীয কৰ্তৃপক্ষই উলিয়াই দিয়াত নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ বাবে মহিলা সকলৰ ওপৰত পুনৰ খৰ্গহস্ত হৈ পৰিছে এই গৰাকী ঘোচ খোৰ বেংক পৰিচালকে। নোম টেঙৰ এই গৰাকী পৰিচালকৰ স্বেচ্ছাচাৰী অপশাসনৰ বাবে আত্মসহায়ক গোটৰ মহিলা সকলে অতিষ্ঠ হৈ পৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে ওৰাং গ্ৰামীণ বিকাশ বেংক পৰিচালক গৰাকী বদলি কৰিবলৈ অনুৰোধ জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।
লাহৰীঘাটত লাট মণ্ডলক উৎকোচ দিব গৈ আটক হ’ল আমছুৰ নেতা সহ দুজন
লাহৰীঘাট ৰাজহ চক্ৰত লাট মণ্ডলক উৎকোচ দিব গৈ যোৱা কালি ৪ আগষ্টত আমছুৰ নেতাসহ দুজন আটক হবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৃত আমছু নেতা জনৰ নাম আনাৰুল ইছলাম আৰু আনজন হৈছে গিয়াছউদ্দিন আহমেদ ।উল্লেখযোগ্য যে ৰাজহ চক্ৰটোৰ অন্তৰ্গত ফজিলা খাতুন নামৰ এগৰাকী মহিলাই বাৰ্ষিক আয় প্ৰমাণ পত্ৰ বাবে লাহৰীঘাটৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছিল।অভিযোগ মতে, লাট মণ্ডল গৰাকীক ব্লেকমেইলিং কৰাৰ বাবে আমছুৰ নেতা আনাৰুলে মহিলা গৰাকীৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰখনৰ বাবে লাট মণ্ডল গৰাকীক কাগজৰ মাজত ভৰাই দিছিল ধন।আমছু নেতাজনৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি লাট মণ্ডল গৰাকীয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীক অৱগত কৰাত আমছু নেতাজৰ লগতে আনজনকো চক্ৰ বিষয়া গৰাকীয়ে লাহৰীঘাট আৰক্ষীৰ হাতত গতাই দিয়ে।উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ দাতিয়ালবড়ি আঞ্চলিকৰ এইজন আমছু নেতাই স্থানীয় এগৰাকী শিক্ষককো ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।জানিব পৰা মতে এইজন আমছু নেতাৰ বিৰুদ্ধে লাহৰীঘাট থানাত আছে ব্লেক মেইলিঙৰ গোচৰ।
ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত জিন্টু মনি ডেকাক আৰ্থিক সাহাৰ্য বাবে আহ্বান
২৩ বছৰীয়া এগৰাকী মেধাবী যুৱক, যুৱক জনৰ নাম জিন্টু মনি ডেকা। ওদালগুৰি জিলাৰ ৰৌতাৰ ঝাৰগাঁৱত ঘৰ জিন্টু মনি ডেকাৰ। ব্ৰেইন টিউমাৰৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুচকুৰে নেদেখা হ’ল জিন্টু মনিয়ে। দুয়ো চকুৰ দৃষ্টি শক্তি হেৰুৱালে জিন্টুমনিয়ে। মেধাবী যুৱক জিন্টুমনিক প্ৰয়োজন এতিয়া উন্নত চিকিৎসাৰ। তিনি বছৰ পূৰ্বে জিন্টুমনিৰ পিতৃৰ মৃত্যু হৈছে। পিতৃহাৰা জিন্টুমনিক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ সমৰ্থ নাই এতিয়া জিন্টুমনিৰ অকলশৰীয়া মাতৃৰ। জিন্টুমনিৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ যোগাৰ কৰিব নোৱাৰে দৰিদ্ৰ অকলশৰীয়া দুৰ্ভগীয়া পৰিয়াটিয়ে। পিতৃৰ মৃত্যুৰ পিছত জিন্টুমনিয়েই ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে কষ্টৰে ঘৰখনৰ দায়িত্ব পালন কৰিছিল। গাড়ী চলায়, ফাৰ্মাচীত থাকি, হোটেলত কাম কৰি, টিউচন কৰি কোনোমতে ঘৰখন চলোৱাৰ লগতে একমাত্ৰ ভগ্নীৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল জিন্টু মনিয়ে। জিন্টুমনি সৰুৰে পৰাই অতি মেধাবী আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতক পৰ্যায়লৈ প্ৰথম বিভাগতে উত্তীৰ্ণ হৈ আহিছে জিন্টু মনিয়ে। লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালৰ পৰা ২০১৯ চনত বিজ্ঞান শাখাত B.Sc পাছ কৰিছে জিন্টু মনিয়ে। মেধাবী যুৱক জিন্টুমনিৰ সপোন আছিল ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ। জিন্টুমনিৰ সেই সপোনক বাধা দিলে দুৰাৰোগ্য ৰোগে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দুচকুৰ দৃষ্টি শক্তি হেৰুৱাত জিন্টুৰ ক্ৰমাৎ বাঢ়ি আহিছে স্বাস্থ্য জনিত সমস্যা। ক্ৰমাৎ প্ৰতিদিনে নেদেখা হৈছে জিন্টুৱে। জিন্টুৰ মনত দুৰ্বাৰ হেঁপাহ সুস্থ হৈ ভাল মানুহ হৈ নিজৰ লগতে গাঁৱৰ নাম উজ্জ্বল কৰিবলৈ পিছে জিন্টুক চকুৰ উন্নত চিকিৎসা কৰিবলৈ সমৰ্থ নাই এতিয়া স্বামী হাৰা মাতৃ ৰুনু ডেকাৰ। ফলত এতিয়া এই দৰিদ্ৰ পহিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। সেয়ে পৰিয়ালটোৰ দৰিদ্ৰ অৱস্থা আৰু মেধাবী যুৱক জিন্টুমনিৰ মুখলৈ চাই আৰ্থিক সহায়ৰ বাবে অসমবাসীৰ ওচৰত অনুৰোধ জিন্টু আৰু জিন্টুৰ অকলশৰীয়া মাতৃৰ। যিকোনো প্ৰকাৰে জিন্টুক সুস্থ কৰি পুনৰ আগৰ দৰেই এবাৰ চাব বিচৰাৰ দুৰ্বাৰ হেঁপাহ জিন্টুৰ অকলশৰীয়া দুৰ্ভগীয়া মাতৃৰ। সেয়ে মেধাবী যুৱক জিন্টুক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত হৃদয়বান লোকৰ পৰা সহায় বিচাৰি চকুলো টুকিছে জিন্টুৰ মাতৃয়ে। গুৱাহাটীত উন্নত চিকিৎসা কৰিবলৈ হাতত এতিয়া ধন নাই পৰিয়ালটোৰ৷ জিন্টুৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰিবলৈ অসম ৰাইজক অনুৰোধ জনাইছে জিন্টুৰ মাতৃয়ে ৷ জিন্টুমনি ডেকাৰ চকুৰ উন্নত চিকিৎসাৰ বাবে A/C :- 36144187635, Name- Jintu Moni Deka, IFCS CODE- SBIN0003378, State Bank Of India (Rawta Chariali Branch) শাখাত আৰ্থিক সহায় কৰিবলৈ আহ্বান জনাইছে জিন্টুৰ দুৰ্ভগীয়া পৰিয়ালটিয়ে। 8724992246,9854684011, নম্বৰত ফোন কৰিও জিন্টুৰ পৰিয়ালটিক সহায় কৰিব পাৰিব। জিন্টুৰ চকুৰ উন্নত চিকিৎসাৰ বাবে আপোনাৰ মোৰ আৰু হৃদয়বান লোকৰ কিছু আৰ্থিক সহায় লাভ কৰিলেই হ’য়তো পুনৰ দৃষ্টি শক্তি ঘুৰি আহিব মেধাবী যুৱক জিন্টুমনি ডেকাৰ।এই যুবক গৰাকী চিকিৎসা কৰাৰ বাবে প্ৰায় ১০লাখ প্ৰয়োজন ৷ যদিও এতিয়ালৈকে কোনো বিশেষ ভাবে আৰ্থিক সাহাৰ্য আদি একোৱেই পোৱা নাই ৷ অধিকাংশই আৰ্থিক সাহাৰ্য,অনুদান দিয়াৰ পৰিবৰ্তেকেবল আশ্বাস,দুখ প্ৰকাশ কৰি সমভাগী হোৱাহে দেখিবলৈ পোৱা গৈছে ৷ এই শিক্ষিত যুবক গৰাকী সুস্থ কৰাৰ বাবে জিন্টু মনি ডেকাৰ বেংক একাউন্টত দান বৰঙনি,সাহাৰ্য আদি আগবঢ়াবলৈ ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷
“ জীৱন ডিঙা ” ছুটি ছবিৰ মহুৰত সম্পন্ন
পশ্চিম নলবাৰীৰ কৈহাটীত কালি “জীৱন ডিঙা” নামৰ এখন ছুটি ছবিৰ শুভ মহুৰত সম্পন্ন হয় ৷ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ লগত জড়িত লোক শিল্পী সকলৰ জীৱনলৈ নামি অহা অমানিশাৰ এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মান হব লগা “জীৱন ডিঙা” শীৰ্ষক ছুটি ছবি খনৰ শুভ মহুৰত অনুষ্ঠান বৰকৈহাটী সত্ৰৰ মদন মোহন গোসাইঘৰ প্ৰঙ্গনত দিনৰ ১১ বজাত বন্তি প্ৰজ্বলন, কেমেৰাত মাল্যাৰ্পণ, নাৰিকল ভঙা আৰু কেমেৰাৰ চুইচ অ’ন কৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুনাকান্ত ভৰালীয়ে ৷ কেমেৰাত মল্যাৰ্পন , নাৰিকল ভঙা আৰু কেমেৰাৰ চুইচ অ’ন কৰে কৈহাটীৰ প্ৰবীন কামৰূপীয়া ঢুলীয়া শিল্পী ৰমনী দাস ভাইৰাই ৷ ২৫ মিনিট দৈৰ্ঘৰ ছুটি ছবি খনৰ কাহিনী সাংবাদিক ৰজেন বৈশ্যৰ ৷ চিত্ৰনাট্য লিখিছে শিল্পী গৌতম বৰ্মনে ৷ ছুটি ছবি খনৰ পৰিচালনাৰ কৰিব নাট্যকাৰ,পৰিচালক, চিত্ৰ শিল্পী বিনয় শৰ্মাই ৷ ছবিখনৰ অভিন কৰিছে ৰাজেন বৈশ্য, গৌতম বৰ্মন, হিৰন্য ৰাজ বৰ্মন, দীপা মিশ্ৰ, প্ৰজ্ঞা তালুকদাৰ, নিশামনি বৰ্মন, টুটু দাস, তাৰিনী দাস, বিনয় শৰ্মা, জিতেন দাস, শিশু শিল্পী মানস দাস, অকুৰ বৰ্মন আদি শিল্পী সকলে ৷ মহুৰত অনুষ্ঠানৰ পিছতে আজি দক্ষিন পখুৰাৰ খেতি পথাৰৰ লোকেচন আৰু কৈহাটীৰ ৰমনি ভাইৰাৰ ঘৰৰ লোকেচনত দৃশ্যগ্ৰহন কৰা হয় ৷
ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন আৰু বিষয় বাছনি সভা সম্পন্ন
নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ আজি বাৰ্ষিক অধিৱেশন আৰু বিষয় বাচনিসভা খন কালি ঘগ্ৰাপাৰ হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হৈ যায়। ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি অমুল্য কলিতাৰ সভাপতিত্বত অনুস্থিত হোৱা বাৰ্ষিক অধিৱেশন খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। প্ৰেছ ক্লাৱৰ ভৱিষ্যত কাৰ্যপন্থা , বিগত দিনৰ কাম কাজ আৰু সাংগঠনিক দিশৰ ওপৰত আলোচনা হোৱা সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নলবাৰী জিলা প্ৰেছ ক্লাৱৰ মুখ্য সম্পাদক ব্ৰজেন তালুকদাৰ আৰু সাংবাদিক শ্বাহ আলম আহমেদে।এই সভা খনতেই পুৰনি সমিতিখনে পদত্যাগ কৰাৰ পিছত এখন নতুন পূৰ্নাংগ সমিতি গঠন কৰা হয়।সমিতিখনত মুখ্য উপদেষ্টাত,ব্ৰজেন তালুকদাৰ, ( নিউজ লাইফ),সভাপতি-ফাইজুৰ ৰহমান,( দৈনিক জনমভূমি)কাৰ্যকৰী সভাপতি-বীৰেন কলিতা(নিয়মীয়া বাৰ্তা),,প্ৰধান সম্পাদক-ৰাতুল চন্দ্ৰ ডেকা(আমাৰ অসম ),যুটীয়া সম্পাদক-দ্বিজেন ডেকা(অগ্ৰদূত),ৰবীন্দ্ৰ নাথ কলিতা(বাতৰি কাকত ),সহকাৰী সম্পাদক-ত্ৰিদীপ কলিতা(এন কে টিভি ),,পত্ৰিকা সম্পাদক-শ্বাহ আলম আহমেদ, (নিয়মীয়া বাৰ্তা),উপসভাপতি হামিদ আলী,জগত তালুকদাৰ,পংকজ লহকৰ লৈ এখন ২১ জনীয়াপুৰ্নাংগ সমিতি গঠন কৰা হয়।নতুন সমিতিখনে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱক জাকত জিলিকা কৰি তুলিব বুলি আশা কৰাৰ উপৰিও সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনায়।
ওৰাঙত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিন উচ্ছেদ কৰাৰ দাবী ৰাইজৰ
ওদালগুৰি জিলাৰ ওৰাং গৰুবন্ধাত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিনটো জব্দ কৰিবলৈ দাবী উত্থাপন কৰিছে ওৰাঙৰ ৰাইজে। উল্লেখ যোগ্য যে বিগত তিনি বছৰ ধৰি M/S H.M. এন্টাৰপ্ৰাইজ (screening plant ) নামৰ উদ্যোগটোৰ জৰিয়তে নদীৰ পৰা কঢ়িয়াই অনা শিল বালি সমুহ মেচিনেৰে পৰিস্কাৰ কৰা হয় । বিটিচি প্ৰশাসন আৰু ওদালগুৰি জিলা বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধভাবে গঢ়ি তোলা এই এন্টাৰপ্ৰাইজটোৰ স্বতাধিকাৰী জনে লাখ লাখ টকাৰ চালান বিহীনভাবে শিল বালি বিক্ৰী কৰি আহিছে যদিও বিটিচি প্ৰশাসনৰ ৰাজকোষত ফুটা কঢ়ি এটাও পৰা নাই।অভিযোগ উঠিছে স্বচ্ছ নিকা, দুৰ্নীতি মুক্ত এখন পৰিবৰ্তনশীল বিটিচি গঢ়াৰ প্ৰয়াস চলাই থকা প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ চৰকাৰ খনৰ বন বিভাগৰ বিভাগীয় ইম এম,গৰাকীও এই এন্টাৰপ্ৰাইজটোৰ স্বতাধিকাৰী জনক পিছ দুৱাৰেদি সহায় কৰি বিভাৰ্গীয় কৰ্তৃপক্ষৰ জৰিয়তে কমিচন খোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । এই অভিযোগ ৰাইজৰ । সেয়া যিয়েই নহওঁক তিনি বছৰ ধৰি বিটিচি ৰাজহ বিভাগক ফাঁকি দি অবৈধভাবে চলাই থকা এই (স্ক্ৰিনিং প্ৰান্ট ) শিল বালি পৰিস্কাৰ কৰা মেচিনটো অতি শীঘ্ৰে বন্ধ কৰিবলৈ ওদালগুৰি জিলা উপায়ুক্তক অনুৰোধ জনোৱাৰ লগতে বিটিআৰ চৰকাৰৰ মূৰব্বীৰ স্বচ্ছ নিকা আৰু দুৰ্নীতি মুক্ত এখন বিটিআৰ চৰকাৰৰ দৃষ্টান্ত ধাঙি ধৰিবলৈ ওৰাঙৰ ৰাইজে অনুৰোধ জনাইছে ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত একপ্ৰকাৰ দলটো নিশেষ হোৱাৰ পথত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ ভূপেন বৰাৰ। কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত শ-শ নেতা কৰ্মীৰ সমাগম ঘটাই শক্তি প্ৰদৰ্শনৰো চেষ্টা চলালে কংগ্ৰেছে। সভাত বিদায়ী সভাপতি ৰিপুন বৰাই আক্ষেপ প্ৰকাশ কৰি ক’লে, যি সময়ত তেঁও বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিছিল, সেই সময়খিনি তেঁও নিজৰ গাদী ৰক্ষা কৰিবলৈ যুঁজোতেই গ’ল।কোভিড পৰিস্থিতি আৰু কিছু উন্নত হলেই ৰাজ্যত উপ নিৰ্বাচনৰ দিন ঘোষণা হ’ব। এতিয়ালৈ ৫ টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাতো নিশ্চিত হৈছে। কিন্তু এতিয়ালৈ ৰণকৌশলেই প্ৰস্তুত কৰিব পৰা নাই বিৰোধীয়ে।ভূপেন বৰা দলটোৰ সভাপতিৰ দায়িত্ব লোৱাৰ লগে লগে অসমৰ ৰাজনৈতিক মহলত চলিছে চৰ্চা।ভূপেন বৰাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব দলৰ কৰ্মকৰ্তাৰ লগতে ৰাইজৰ।একপ্ৰকাৰ কবলৈ গলে এতিয়া ভূপেন বৰাৰ দায়িত্ব গধুৰ।কেনেকৈ এই দুৰ্দিনৰ সময়ত সন্মুখৰ পৰা দলটোক নেতৃত্ব দি আগুৱাই নিব।এইলৈও বিশেষ চৰ্চা চলিছে।
যমুনাগাওঁ পঞ্চায়তত এম,জি,এন,ৰেগা আঁচনিৰ ধন আত্মসাৎ
হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তে পঞ্চায়তে চলিছে অবাধ দুৰ্নীতি৷ খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদৰ নেতৃত্বত বিভিন্ন আঁচনি ৰূপায়নত পঞ্চায়ত প্ৰতিনিধি সকলে লুঠি-পুঠি খাইছে লাখ-লাখ টকা৷ উপায়ন্তৰ হৈ দৈনিক শ শ ৰাইজে ৰাজপথত উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ যমুনা গাওঁ পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ জৰিয়তে ২০১৭-১৮ বৰ্ষত গনিপুৰ-আমবাৰী গড়কপ্তানী পথৰ পৰা আকমল আলী হাউচ লৈকে বাৰ লাখ সাতত্ৰিচ হাজাৰ টকা আৱন্টন হৈছিল, যদিও যমুনাগাওঁ পঞ্চায়তৰ সভাপতি মইনুল হক, পঞ্চায়ত সচিব, জি,আৰ,এচ অভিযন্তাৰ সৈতে মিতিৰালি কৰি নাম মাত্ৰ কেই ট্ৰেক্টৰ মান মাটি পেলাই সম্পূর্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ তদুপৰি আঁচনিৰ প্ৰাক কলন মতে এটা কালভাৰ্টৰ নামত এক লাখ বিছ হাজাৰ টকা আৱন্টন হৈছিল৷ কিন্তু উক্ত স্থানত কোনো কালভাৰ্ট নিৰ্মাণ নকৰাকৈ ভূৱা বিল বনাই মইনুল হক বাহিনীয়ে চৰকাৰী ধন সম্পূর্ণৰূপে আত্মসাৎ কৰিছে বুলি অভিযোগ নামাত উল্লেখ কৰে স্থানীয় ৰাইজে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে হোজাই জিলা মুখ্য কাৰ্য্যবাহী বিষয়াৰ জৰিয়তে এক উচিৎ তদন্তৰ দাবী উত্থাপন কৰিছে৷ উল্লেখ যোগ্য যে যোৱা কেইদিনমান পূৰ্বে দুৰ্নীতিত জড়িত থকা জয়নগৰ পঞ্চায়তৰ সচিব জাকিৰ আহমেদ বৰভূঞাক বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ মৰ্মে তৎকালীন ভাৱে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছে৷ কেৱল জাকিৰক চাকৰিৰ পৰা নিলম্বন কৰি বিভাগীয় কতৃপক্ষই দায়িত্ব সামৰি থাকিব নে? এই সকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত স্পষ্ট হব৷
কৃষি বিভাগৰ আদৰণিয় পদক্ষেপ
বজাৰ মুল্য নোপোৱা কৃষকৰ সামগ্ৰী বিক্ৰীৰ বাবে আগুৱাই আহিল কৃষি বিভাগ।এফালে মহামৰি ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ আৰু আনফালে জীৱন গঢ়াৰ সোনোৱালি স্বপ্নত ব্ৰতী নলবাৰীৰ পাগলদিয়াপাৰৰ জাবেৰ আলী নামৰ কৃষক জন । ৫ বিঘা মাটিত আৰম্ভ কৰা উন্নত জাতৰ অমিতা খেতি কৰি পৰিয়াল পোহপাল দিয়া জাবেৰ আলী নামৰ কৃষক জনে ৰাজ্যত চলি থকা আৰ্ধ লকডাউনৰ বাবে উচিত মূল্য লাভ কৰা নাছিল । কৃষক জনে পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যদিও কৃষি বিভাগৰ সহযোগত কৃষক জনৰ ৭কুইন্টল অমিতা বিক্ৰী ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হৈছে । কৃষি বিভাগৰ “এপাৰ্ট” আঁচনিৰ জৰিয়তে কৃষক জনৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে সকলো ফালৰ পৰাই সহায় কৰিবলৈ আগবাঢ়ি অহিব বুলি নলবাৰী জিলা কৃষি বিষয়া মধুৰাম পাটিৰিয়ে আশ্বাস প্ৰদান কৰে।

লাহৰীঘাট আৰক্ষী থানাৰ বৃহৎ সাফল্য
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ বৃহৎ সাফল্য। যোৱা কালি লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধিঙৰআটি গাঁৱৰ পৰা ৪০ বটল নিচা জাতীয় দ্ৰব্য সহ হিফজুৰ ৰহমানক আটক কৰে। আনহাতে একে দিনাই নিশা হাঁহচৰা পৰা জাল নোট বনোৱা সামগ্রী সহ ইক্ৰামুল ইছলাম , বাবুল ইছলাম, আৰু মাজহাৰুল ইছলাম নামৰ তিনি গৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এওঁ লোক আটাই কেইজনকে হিফজুৰ ৰহমানৰ বিপক্ষে 490/21 , 21(C ) NDP’S Act ৰ অধীনত আৰু জাল নোট বনোৱা তিনি জন অপৰাধীৰ বিপক্ষে 493/21 , U / S ,420 /489(A) 489(B) 489(C) 489(D) 34 IPC ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।











