ন ন কৌশল অৱলম্বন কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষীৰ লগতে দৰং আৰক্ষীও । তেনে চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান । জানিব পৰা মতে মঙ্গলবাৰৰ নিশাৰ এক অভিযানত ধূলাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । দৰঙৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত ধূলা আৰক্ষীৰ সহযোগত নিশা নাকা তালাচী চলায় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। তালাচীত ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৰ। মালবাহী টেম্পো গাড়ী এখনত ধানৰ বস্তাৰ মাজত ভৰাই লৈ গৈ থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা খিনি । ছয়টা ধানৰ বস্তাৰ মাজৰ পৰা ৬টা টোপোলাত সৰ্বমুঠ ৩১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গৌতম সিনহা নামৰ লোক এজনক আটক কৰে অভিযানকাৰী দলটোৱে। ঘটনা সন্দৰ্ভত ধূলা থানাত ২২৮/২১ নম্বৰত এন ডি পি এছ আইনৰ ২০(b)(ii)(c) ধাৰাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনক মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ইটাখোলাত চোৰাং কাঠৰ সৈতে এখন ট্ৰাক জব্দ
বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত কালি চোৰাং কাঠৰ সৈতে এখন ৪০৭ ট্ৰাক এখন আৰক্ষীয়ে জব্দ কৰে ।জানিব পৰা মতে যোৱা নিশা বিশ্বনাথ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত তহল দি থকা অৱস্থাত এখন ৪০৭ ট্ৰাক নম্বৰ AS 12-E 1631 প্ৰত্যক্ষ কৰে । পিছত গাড়ী খন আৰক্ষীয়ে খেদি যোৱাত ট্ৰাক খন অলপ দুৰ গৈ ৰাষ্টাতে গাড়ী খন এৰি থৈ চালক জন পলাই পত্ৰং দিয়ে । ট্ৰাক খনৰ ওচৰ চপাত আৰক্ষীয়ে চোৰাং কাঠ প্ৰত্যক্ষ কৰি লগে লগে অধীক্ষক গৰাকীয়ে ট্ৰাক খন ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগক জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে ।আৰু ইয়াৰ পিছতেই ইটাখোলা আৰক্ষীয়ে উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত ইটাখোলাস্থিত ডিপলোঙা বন বিষয়া সংমণ্ডল কাৰ্যালয়ৰ ৰেঞ্জৰ ধনেশ্বৰ দলেক মাতি আনি চমজাই দিয়ে ।
চুলাই মদৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ অভিযান
বিশ্বনাথ আৰক্ষীয়ে আজি কিছুদিন ধৰি চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰি আহিছে । সেই দৰে আজি ইটাখোলা অঞ্চলৰ বিভিন্ন প্ৰান্তত ইটাখোলা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ কথা জানিব পৰা গৈছে ।জানিব পৰামতে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে ইটাখোলা অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই অনুমানিক পঞ্চাশ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰে । লগতে চুলাই মদ বেপাৰ কৰি নিজ পৰিয়ালৰ লোকৰ পোহপাল দি অহা বেপাৰী সকলক অন্য কৰ্ম কৰিবলৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সকিয়াই দিয়ে ।
মাজবাট পৌৰসভা গঠন সম্পৰ্কে ৰাজহুৱা সভা
ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত থকা সভা গৃহত ১৪জুলাইত স্থানীয় প্ৰশাসনৰ উদ্যোগত মাজবাট পৌৰসভা গঠন সম্পৰ্কে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজহ চক্ৰ কাৰ্যালয়ৰ সহায়ক শৰৎ বড়াই। সভাত মাজবাট পৌৰসভা গঠনৰ বাবে কিমান দূৰ এলেকা আৰু কিমান ভোটাৰৰ প্ৰয়োজন হ’ব এই লৈ বিতংভাৱে আলোচনা কৰাৰ লগতে মাজবাট নগৰখনৰ কাষতে থকা কোনকেইটা অঞ্চলক সামৰি লোৱা হ’ব সেই বিষয়েও আলোচনা কৰা হয়। সভাৰ শেষত অক্ষয় কুমাৰ কলিতা , পূৰ্ণৰাম ডেকা , সুভাষ চন্দ্ৰ বিশ্বাস , অৰবিন্দ ডেকা , মুনীন্দ্ৰ কলিতা , কৃষ্ণকমল শৰ্মা, কৃপাল গোস্বামী , ৰিমিশ লিণ্ডা , চেৰু মোছাহাৰী , জীৱন ডেকা , লোহিত ৰাভা , জনাৰ্দন কলিতা , ৰবীন্দ্ৰ বসুমতাৰী , দীপেন বড়া , জ্যোতিশ কলিতাক লৈ মাজবাট পৌৰসভাৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে এখন পোন্ধৰজনীয়া সমিতি গঠন কৰে। উক্ত সমিতিখনক এলেকাৰ লাট মণ্ডল সকলক লগত লৈ অহা ২০ জুলাইৰ ভিতৰত ৰাইজৰ লগত আলোচনা মৰ্মে সুবিধা -অসুবিধা সমূহ আতৰাই নতুনকৈ গঠন হ’বলগীয়া মাজবাট পৌৰসভাৰ সীমা নিৰ্ধাৰণ কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত খচৰা দাখিল কৰিবলৈ সভাই দায়িত্ব অৰ্পণ কৰে। সভাত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰৰ লগতে শ্ৰম পৰিদৰ্শক ডেইটী ৰয় চৌধুৰী , মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ শৰ্মা , সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক যতীন নাথ, শিক্ষক ৰামকৰন গোঁড় অবসৰ প্রাপ্ত শিক্ষক মথোৰ চন্দ্র পাঠক আৰু অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ বিষয় ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
ওৰাঙৰ বগৰীবাৰী গাওঁত আকৃতি ফাউণ্ডেচনৰ উদ্যোগত : ঋতুস্ৰাৱ আৰু ক’ভিড সজাগতা সভা
ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাঙৰ গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ত ১১ জুলাই তাৰিখৰ দিনা আকৃতি ফাউণ্ডেচন নামৰ এন জিও টোৰ উদ্যোগত এখনি ঋতুস্ৰাৱ আৰু কভিডৰ সম্পৰ্কত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় । এই এন জিও টোৱে উক্ত সভাত উপস্থিত থকা ৰাইজৰ মাজত মাস্ক ,চেনিটাইজাৰ আদিৰ লগতে মহিলা সকলৰ মাজত মহিলাই সাধাৰণতে মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰা পেড সমুহ বিতৰণ কৰে । সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি নীতা দেৱীয়ে মাহেকীয়াৰ সময়ত মহিলাসকলে লব লগীয়া সাৱধানতাৰ সম্পৰ্কত বক্তব্য দাঙি ধৰে ৷ওৰাঙৰ স্বাস্থ্য বিভাগৰ লগত জড়িত এগৰাকী নিষ্ঠাবান স্বাস্থ্য কৰ্মী,কভিড যোদ্ধা হিচাপে পৰিচিত নীতা দেৱীয়ে সভাত উপস্থিত মহিলা সকলক উদ্দেশ্যি মহিলা সকলে সাধাৰণতে ভুগি অহা নানান ধৰণৰ অসুবিধা সমূহৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো ব্যখ্যা কৰে ৷ নীতা দেৱীয়ে ভাষণ প্ৰসংগত মহিলা সকলে ঋতুস্ৰাৱৰ সময়ত লব লগীয়া সকলো ধৰণৰ সজাগতা অৱলম্বন কৰিবলৈ বিতং ভাবে উল্লেখ কৰি কয় যে মহিলা সকলে মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰা ভালকৈ চাবোনেৰে ধুই ৰ’দ পৰা ঠাইত শুকাবলৈ দিয়াৰ পৰিবৰ্তে ঘৰৰ বেৰৰ কোণত ঘৰৰ পুৰুষ সকলে দেখা পাব বুলি লাজতে দেখা নোপোৱা ঠাইত শুকাবলৈ দিয়াৰ ফলত মহিলা সকলে মাহেকীয়া হোৱা সময়ত ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰাটোৰ পৰা বহু ভয়াবহ বীজানো সংক্ৰমণ হৈ যৌনাঙ্গলৈ প্রবেশ কৰাৰ ফলত নানান ধৰণৰ ৰোগে দেখা দিয়ে । এইদৰে যতে ততে ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰা ৰদত শুকাবলৈ মেলি দিয়াৰ ফলত আমাৰ গুপ্তঙ্গৰ চাৰিওফালে খজুটি আদিৰ দৰেও সমস্যাই দেখা দিয়ে । আৰু মহিলা সকলে পেড ব্যৱহাৰ কৰিলেও কি দৰে ব্যৱহাৰ কৰিব লাগে আদি বোৰ বিষয়ত সজাগ কৰা লগতে সভাত উপস্থিত সকলো ৰাইজক কৰোণাৰ লগতে এইবোৰ বিষয়তো সাজাগ থাকিবলৈ বিশেষভাবে আহ্বান জনায় । সভাত অতিথি হিচাপে উপস্থিত থকা ওৰাং খণ্ড প্ৰাথমিক কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতে তেওঁৰ ভাষণ প্ৰসংগতসন্মানীয় আই মাতৃ বাই ভন্টি উপস্থিত হোৱা এটা সভাত মহিলাৰ গোপনীয়তা, বা পুৰুষৰ আগত প্ৰকাশ কৰিব নোৱাৰাৰ দৰে বিষয় হলেও মহিলা সকলে তেওঁলোকে তেওঁলোকৰ শৰীৰত দেখা দিয়া সমস্যাৰ সম্পৰ্ক থকা বিষয়বোৰত বাৰুকৈয়ে অধিক গুৰুত্ব প্ৰদান কৰা হাইজিন মেন্টেইট কৰা ইত্যাদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বিপিএম সভাপণ্ডিত তেওঁৰ গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে ।সভাত ৰক্তিম দেব নাথে সভাত উপস্থিত ৰাইজৰ ও অতিথি সকলক ছা – চিনাকী পৰ্বৰ আঁত ধৰি সমাজৰ মাজত এক নতুন চিনাকি হোৱাৰ লগতে ৰাইজৰ সুবিদাৰ্থে নতুনকৈ নামাকৰণ কৰা এই এন জিও টোৱে কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নৰখাকৈ ৰাইজৰ কাম কৰি যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে । এই এন জিও টোৰ বেছিভাগ সদস্যই নতুন আৰু এতিয়াও আমাৰ মাজত দুই এজনৰ বাদে চাকৰিয়াল লোক নাই । এই এন জিও টো বৰ্তমান কিছু লোকৰ পৰা সহায় লৈ পৰিচালনা কৰা হৈছে বুলি জানিবলৈ দিয়ে । গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এই আকৃতি পাউণ্ডেশ্যন নামৰ এন জিও ৰ উদ্যগত আযোজন কৰা সজাগতা সভাত উপস্থিত থাকেআকৃতি ফাউণ্ডেচনৰসভাপতি ৰক্তিম দেবনাথ,সম্পাদিকা স্মিতা প্ৰধান, সদস্য – ভাস্কৰ জ্যোতি দেব নাথ,প্ৰগতি প্ৰধান,প্ৰমোদ তাঁতি,অনুৰনন দেব নাথ,ৰাহুল তালুকদাৰ ,বিপুল তাঁতি,নম্ৰৰিতা বৰা,যুগল কিশোৰ দেব নাথ ,উপদেষ্টা নব কুমাৰ নাথ,সবিতা প্ৰধান,আদিয়ে ৷
নগাঁৱত গুলীচালনাৰ ঘটনা : টাটা ডি আই গাড়ীৰে অহা পাঁচ যুৱকক আটক : অভিযান অব্যাহত
আজি সন্ধ্যা নগাঁও ৰূপহী পথাৰৰ ম’হখুলি-পলাশনিৰ মাজত আৰক্ষীয়ে এখন বাহনলৈ লক্ষ্য কৰি গুলি চালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এ এছ ০৭ বি চি ২২৪৬ নম্বৰৰ টাটা ডি আই বাহন খনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰে। এই গুলি চালনাৰ ঘটনাত কোনো লোকে আহত হোৱা নাই যদিও আৰক্ষীয়ে ৫ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মৰিগাঁৱৰ পৰা অহা এই গাড়ীখন মৰিগাঁৱৰ আৰক্ষীয়ে পিছা কৰি আহি নগাঁও আৰক্ষীৰ সহযোগত ম’হখুলি আৰু পলাশনিৰ মাজত গাড়ীখনলৈ গুলি চালনা কৰি ৰখাবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহনখনত অহা ৫ জন যুৱকক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। ইয়াৰে এজনক লৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ একো কব বিচৰা নাই যদিও এক সূত্ৰই জনোৱা মতে বাহন খনত শাক-পাচলিৰ মাজত বুজন পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে।শাক-পাচলিৰ ব্যৱসায়ৰ চলেৰে কৰিছিল ড্ৰাগছৰ সৰবৰাহ সন্দেহত আটকাধীন যুৱককেইজন ক্ৰমে- ছাইদুল হক, ছফিকুল আলী, নুৰুল হক চৌধুৰী, চাইদুল আলী আৰু চাদ্দাম হুছেইন ।যুৱককেইজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ শিয়ালমাৰীত বুলি জানিব পৰা গৈছে।
তামুলপুৰ আৰু বাগানপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অক্সিমিটাৰ , পিপিকিট আদি বিতৰণ এক্সন এইড এচোচিয়েচন ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চৰ
বাক্সা জিলা আৱৰ্তভৱন প্ৰাঙ্গনত অলপতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান এক্সন এইড এচোচিয়েচন ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চই বৰ্তমান সময়ত গ্ৰামাঞ্চল সমূহলৈ কোভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলা স্বাস্থ্য বিভাগৰ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাগানপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অক্সিমিটাৰ ৮ টা , পিপি কিট ২৫ টা , ফেচ চাইল্ডচ ৫০ টা , ক্লিনিকেল মাক্স ২৫০ খন, হেড কেপ ২৫০ টা , হেণ্ড গ্লোভচ ২৫০ খন ,, ডিজিটেল থাৰ্মমিটাৰ ৫ টাকৈ প্ৰদান কৰাৰ উপৰি বাক্সা জিলা অসামৰিক চিকিৎসালয়ৰ বাবে অক্সিজেন কনচেনটেটৰ ৯ টা , আৰু তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৯ টা অক্সিজেন কনচেনটেটৰ আগবঢ়োৱা হয় । সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো ,বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মবিদুৰ ৰহমান , এন এইচ এমৰ জিলা প্ৰকল্প সঞ্চালক কৰুনা ব্ৰহ্ম , গ্ৰাম্য বিকাশ মঞ্চৰ উপ-সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী , সম্পাদক দিবাকৰ ডেকা ,তামুলপুৰৰ ক্ষেত্ৰ সমন্বয়ক চক্ৰ তালুকদাৰ আৰু মনোজ তালুকদাৰ । অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োই এনে পদক্ষেপৰ বাবে এক্সন এইড ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চক ধন্যবাদ জনায় । ইপিনে গ্ৰাম্য বিকাশ মঞ্চৰ তামুলপুৰৰ ক্ষেত্ৰ সমন্বয়ক চক্ৰ তালুকদাৰে জনোৱা মতে যোৱা ২৪ জুলাইৰ পৰা ধাৰাবাহিকভাৱে বাক্সা আৰু নলবাৰী জিলাৰ বিভিন্ন গাওত কোভিড – ১৯ ৰ ওপৰত মাইক ,বেনাৰ , আৰু গোহাৰি পত্ৰৰে সজাগতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় আৰু অভিযানৰ কালছোৱাত গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত বিনামূলীয়া মাক্স আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয় ।
বঙাইগাঁৱৰ চাপৰাকাটাত আৰক্ষীৰ অভিযান:দুজন যুৱকসহ জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ পাঞ্জাৱী ধাবাৰ গাতে লাগি থকা দাস ষ্টোৰ নামৰ এখন দোকানত মঙলবাৰে নিশা ৭ঃ৩০ মান বজাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে ৷ জানিব পৰা মতে এক গোপন খবৰৰ ভিত্তিত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাৰ নেতৃত্বত তথা উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত আৰক্ষীৰ এটা দলে চাপৰাকাটাৰ মণিকান্ত দাসৰ ‘দাস ষ্টোৰ’ত অভিযান চলায় ৷ এই অভিযানকালত দোকানখনৰ পৰা আৰক্ষীয়ে ২০ কাৰ্টনৰ অধিক বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ লগতে কিছু নগদ ধন জব্দ কৰে ৷ লগতে পোপৰাগাঁও নিবাসী দোকানখনৰ গৰাকী মণিকান্ত দাসৰ পুত্ৰ তথা দোকানখনত সুৰা বিক্ৰী কৰি থকা উজ্বল দাস( ২৫) আৰু সম্বাৰু অধিকাৰী ( ১৮) নামৰ আন এজন যুৱকক আটক কৰে ৷ সম্বাৰু অধিকাৰীৰ ঘৰ বঙাইগাঁও জিলাৰ মেৰেৰচৰ থানাৰ অন্তুৰ্গত ৰাঙাপানীত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে পিছত জব্দকৃত সুৰাৰৰ লগতে আটকাধীন যুৱক দুজনক বঙাইগাঁও সদৰ থানালৈ লৈ আহে ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপনে কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে দোকানখনত সুৰাৰ বিপনীৰ দৰে অবৈধভাৱে সুৰাৰ বেহা চলাই আহিছিল ৷ আৰক্ষীয়ে অবৈধ সুৰাৰ বেহাৰ লগত জড়িতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷
উত্তৰ গুৱাহাটীত কামৰূপ আৰক্ষীয়ে চীল কৰা চুপাৰী ন্যায়লয়ে দিলে মুকলি।
কৌটি কৌটি টকাৰ চুপাৰী জব্দ কৰাৰ নাটক কৰাৰ অভিযোগ উঠিছে কামৰূপ আৰক্ষীৰ বিৰুদ্ধে । বহুমুলীয়া চুপাৰীক লৈ খেল খেলাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে কামৰূপ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে । চিণ্ডিকেট চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ল বিৰুদ্ধে । অভিযোগ উঠিছে যে কামৰূপ আৰক্ষীৰ চিণ্ডিকেট চক্ৰৰ প্ৰতি থকা দৰদৰ বাবে ন্যায়ালয়ত মুখথেকেচা খালে কামৰূপ আৰক্ষীয়ে। যাৰ বাবে অবশেষত চীল কৰা চুপাৰীৰ গুদামৰ তলা খোলাৰ নিৰ্দেশ দিলে কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে ।উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ চীল কৰা চুপাৰী গুডাম দণ্ডাধীশ কৌস্তভ ৰয়ৰ উপস্থিতিত তলা খুলিলে আৰক্ষীয়ে । উল্লেখ্য যে ৭ জুনত জি এছ টি কৰ পৰিশোধ নকৰা তথা বে আইনী ভাবে চুপাৰী মজুত কৰাৰ অভিযোগ তুলি কামৰূপ জিলা আৰক্ষী প্ৰশাসনে চীল কৰিছিল চুপাৰী গুডাম কেইটা । বৃহৎ পৰিমাণৰ চুপাৰী খিনি বাৰ্মিছ ছুপাৰী বুলিও সন্দেহ কৰিছিল আৰক্ষীয়ে। এঘাৰটাকৈ গুডামত ৪৮ হাজাৰ বেগ চুপাৰী ৰখা হৈছিল বুলি সদৰি কৰে দণ্ডাধীশে । চুপাৰীৰ আনুমানিক মুল্য কেবা কোটি টকা হব যদিও আৰক্ষীৰ চিণ্ডিকেট চক্ৰৰ সৈতে থকা গোপন বুজাবুজিৰ বাবে আদালতত উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰাৰ পৰা কামৰূপ আৰক্ষীয়ে বিৰত থাকে বুলি অভিযোগ উত্থাপিত হৈছে । যাৰ পৰিণতিত চুপাৰীৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত সকলে আদালতৰ পৰা চুপাৰী গুডাম মুকলি কৰি দিয়াৰ নিৰ্দেশ লাভ কৰে ।যাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে গোচৰ নিষ্পত্তি নোহোৱাকৈয়ে আদালতে চুপাৰী গুডাম খুলিবলৈ দিয়া বুলিও দণ্ডাধীশ কৌস্তভ ৰয়ে তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়ায় । উল্লেখ্য যে দুবছৰ পুৰ্বে জি এছ টি কৰ ফাঁকি দিয়াৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্ৰক্ষ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত মজুত ৰখা চুপাৰী চীল কৰাৰ নিৰ্দেশ দিছিল । গোছৰৰ শুনানী নিষ্পত্তি নোহোৱাকৈ জব্দকৃত শ শ কৌটিৰ চুপাৰী মুকলিৰ অন্তৰালত থকা ৰহস্য উদঘাটন হবনে তাকে লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে ।











