কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে আদানী গ্রুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমান বন্দৰৰ ৰানৱেত কাম কৰি অহা গ্ৰাউণ্ড ষ্টাফ হিচাপে কাম কৰি অহা প্ৰায় ২৫০ জন খিলঞ্জীয়া কৰ্মচাৰীক ছাটাই কৰি কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্রণালয়ে এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপোৰ্ট ছাৰ্ভিছ লিমিটেডক ( এ আই এ টি এছ এল ) এই সেৱা হস্তান্তৰ কৰিব বুলি খবৰ ওলোৱাৰ পাছত বৰঝাৰ বিমান বন্দৰ চৌহদত ভিতৰি ভিতৰি উত্তেজনাৰ সৃষ্টি হৈছে । আনকি গ্ৰাউণ্ড ষ্টাফ হিচাপে কেবাটাও বিমান পৰিবহন সেৱা ক্ৰমে এয়াৰ এছিয়া , ভিষ্টাৰা , গো এয়াৰ , দ্রুক এয়াৰ , স্পাইছ জেট আদিত জেনাছ এভিয়েছন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানৰ অধীনত প্ৰায় ১৪ বছৰ ধৰি কৰ্মৰত হৈ আছে ২৫০ জন গ্ৰাউণ্ড কৰ্মচাৰী । তেওঁলোকক ১৫ জুলাইত ছাটাই কৰিব বুলি খবৰ প্ৰচাৰ হোৱাৰ পাছতেই বিমান বন্দৰ চৌহদত উত্তেজনা মূলক পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰবাবে যোৱাকালি সন্ধিয়াৰ পৰা নিশালৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত বৰঝাৰ বিমান বন্দৰৰ সভাগৃহত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । বৈঠকত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , বিমান বন্দৰ পৰিচালনা কমিটিৰ সদস্য প্ৰশান্ত মহন্ত , এ আই এ টি এছ এলৰ উত্তৰ পূৱৰ মুৰব্বী সুনীল চাংগলে , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলা নিৰীক্ষণ কমিটিৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , জেনাছ এভিয়েছন প্ৰাইভেট লিমিটেড কর্মী সংঘৰ ৰাজেশ দাসকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰঝাৰ বিমান বন্দৰত জেনাছৰ সলনি নতুনকৈ দায়িত্ব লাভ কৰা এ আই এ টি এছ এলক কোনোপধ্যেই বৰ্তমান কাম কৰি থকা ২৫০ জন কৰ্মচাৰীক ছাটাই নকৰিবলৈ আৰু এজনো কৰ্মচাৰীক ছাটাই কৰিলে পৰিস্থিতি বিষম হব বুলি সকীয়াই দিয়ে । বৈঠকত এ আই এ টি এছ এলৰ উত্তৰ পূৱৰ মুৰব্বী সুনীল চাংগলেই তেওঁলোকে প্ৰথম পৰ্যায়ত বিমান বন্দৰত বিভিন্ন বিমান পৰিবহন সংস্থাত কাম কৰি অহা ১৫০ জন কৰ্মচাৰীক নিযুক্তি দিব বুলি ঘোষণা কৰে । বাকী স্পাইছজেটৰ অধীনত থকা প্ৰায় ১০০ জন কৰ্মচাৰীক তেওঁলোকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি সদৰি কৰে । এইখিনিতে উল্লেখযোগ্য যে কর্মী সংঘই তেওঁলোকৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত যাতে অনিশ্চয়তাৰ সৃষ্টি নহয় তাৰ বাবে হস্তক্ষেপ কামনা কৰি ৩ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ উপদেষ্টা কমিটিৰ অধ্যক্ষ কুইন ওজাক পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছিল ।
ছিপাঝাৰৰ খলিহৈত মদৰ ঘাটি উচ্ছেদ আৰক্ষীৰ
ছিপাঝাৰৰ খলিহৈত যোৱা নিশা এক অভিযান চলাই ছিপাঝাৰ আৰক্ষী থানাৰ এটা দলে সমুলঞ্চে উচ্ছেদ কৰে এটা মদৰ ঘাটি । ছিপাঝাৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে খলিহৈৰ কুৱৰীগাঁৱত দীৰ্ঘদিন ধৰি চুলাই নিৰ্মান কৰি থকা এটা পৰিয়ালৰ গৃহত অভিযান চলাই । চুলাই ব্যৱসায়ীৰূপে খ্যাত পৰিয়ালটিয়ে ঘৰতে প্ৰস্তুত কৰি গোপনে মজুত কৰি ৰখা প্ৰায় ১০০০ লিটাৰতকৈও অধিক চুলাই জব্দ কৰি পৰিয়ালটিৰ চোতালতে নষ্ট কৰি পেলায় । মদৰ বিৰুদ্ধে এই অভিযান আৰম্ভণিহে বুলি মন্তব্য কৰি থানা এলেকাৰ পৰা মদ , জুৱাকে ধৰি সকলোধৰণৰ অসামাজিক কাৰ্য নি:শেষ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নৱনিযুক্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তই ।
অনথাই বাৰীত আৰক্ষীৰ গুলীত নিহত NLFBৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী
অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অতি দুৰ্গম এলেকা অনথাইবাৰীত আৰক্ষীৰ গুলীত নিহত হৈছে এজন এন এল এফ বি(NLFB) সদস্য। নিহত সদস্য জন ওদালগুৰি জিলাৰ ১ নং গৰাইবাৰীৰ দাউদ নাৰ্জাৰী পুএ জিপ্ৰিয়ুছ নাৰ্জাৰী (৩০) বুলি জানিব পৰা গৈছে। নিহত দুৰ্ধৰ্ষ উগ্ৰপন্থী জনৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু কেবাজাই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষী সুত্ৰে জানিব পৰা মতে অসম অৰুনাচল সীমান্তৱৰ্তী অতি দুৰ্গম পাহাৰ অঞ্চলত এক গোপন সুত্ৰৰ পম খেদি ওদালগুৰি জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে অনথাইবাৰী এলেকাত নতুনকৈ জন্মলাভ কৰা এন এল এফ বি নামৰ উগ্ৰপন্থী সংগঠনটোৰ ওদালগুৰি জিলা কামাণ্ডাৰ দায়িত্বত থকা জিপিযুছ নাৰ্জাৰীযে আত্মগোপন কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰিছিল ।এই গোপন খবৰৰ ভিত্তিতেই ১৩ জুলাই নিশা ২ বজাৰ পৰা অনথাইবাৰী এলেকাটো ঘেৰাও কৰি ৰাখিছিল ।আৰু আজি পুৱতি নিশা উগ্ৰপন্থী সংগঠনৰ সদস্য জন আৰক্ষীৰ এনকাউন্টাৰ মৃত্যু হয় । যদিও লগত থকা আন এজন সংগঠনটোৰ সদস্য পলাই যাবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।
যোৰহাটত সামাজিক সংস্থা ‘একাঁজলী সহায়’ৰ মানৱদৰদী পদক্ষেপ
সম্প্ৰতি ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে ।জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈছে । খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি গৃহহীন,শাৰীৰিক ভাৱে অক্ষম লোক সকলো এসাঁজ খাদ্যৰ কাৰণে জীয়াতু ভূগিবলগীয়া হৈছে । যিহেতু তেওঁলোকৰ খোৱা বোৱা নিৰ্ভৰ কৰে কোনো হৃদয়ৱান লোকৰ ওপৰত বা হোটেল আদিয়ে দিয়া খাদ্যৰ ওপৰতে ।যোৰহাট নগৰতো জনজীৱন সম্পূৰ্ণ ভাৱে অচল হৈ পৰিছে।হোটেল, দোকান-পোহাৰ সকলো বন্ধ। গতিকে এই সময়ছোৱাত এই যন্ত্ৰণাগ্ৰস্ত লোকসকলৰ খোৱা বোৱাত অসুবিধা হোৱাটো স্বাভাৱিক। জীয়াই থাকিবৰ বাবে আতুৰ এই বিষাদগ্রস্থ লোকসকলৰ কাষত থিয় দিছে সামাজিক সংস্থা “একাঁজলি সহায়” । আজি তিনি দিন ধৰি পৰ্যায়ক্ৰমে যোৰহাট নগৰৰ বিভিন্ন ঠাই যেনে- তৰাজান,অজন্তা বাইপাছ, মালৌ আলি, মাছৰ হাট, গড় আলি, দেৱাল ৰোড, লাহতি, যোৰহাট ৰে’লৱে ষ্টেচন, কে.বি. ৰোড, বৰুৱা চাৰিআলি আদি ঠাইত থকা গৃহহীন আৰু মানসিক ভাবে বিকাৰগ্রস্থ লোক সকলক এসাঁজ খাদ্যৰ লগতে মাস্কৰ যোগান ধৰে এই সামাজিক সংস্থাটোৱে । ক’ভিড সৃষ্ট আতংকই জোকাৰি পেলোৱা এই জটিল বিপদৰ সময়ত একাঁজলী সহায়’ৰ এই পদক্ষেপে পদপথৰ লোক সকলক উপকৃত কৰিব। ৰাজ্যৰ জটিল সময়ৰ প্ৰেক্ষাপটত ‘একাঁজলী সহায়’ৰ এই পদক্ষেপ মানৱতা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অলপমান হ’লেও সহায়ক হ’ব।অসহায় সকলক সহায় কৰাৰ স্বাৰ্থত একাঁজলী সহায়ে যি পদক্ষেপ লৈছে তাক যোৰহাটৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
বিশ্বনাথ প্ৰশাসনৰ কঠোৰ পদক্ষেপ: ভিন্ন প্ৰান্তত চক্ৰ বিষয়াৰ অভিযান
বিশ্বনাথত ক’ভিড-১৯ ৰ অতিমাৰী সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে লকডাউন তৃতীয় সপ্তাহলৈ বৃদ্ধি কৰে। ৰাজ্য চৰকাৰে জিলাখনৰ ক’ভিড পৰিস্থিতি ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি জিলাখনৰ প্ৰশাসনক কঠোৰ হবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশ অনুযায়ী জিলাখনৰ প্ৰান্তে প্ৰান্তে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ চৰকাৰে আহ্বান জনাইছে। সেইদৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কালি নদুৱাৰ চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীৰ নেতৃত্বত এদল আৰক্ষীৰ দলে ইটাখোলাৰ বিভিন্ন স্থানত ক’ভিড বিধি উলংঘা কৰা লোকৰ ওপৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ইটাখোলা অঞ্চলৰ একমাত্ৰ বিত্তীয় অনুষ্ঠান ইটাখোলা গ্ৰামীণ বিকাশ বেংকত ৰাতিপুৱাৰে পৰা হোৱা ভিৰ প্ৰত্যক্ষ কৰি চক্ৰ বিষয়া গৰাকীয়ে বেংকটোৰ গ্ৰাহক ৰাইজক ক’ভিড প্ৰসংগত সজাগতা আনি এই দৰে ক’ভিড বিধি অৰ্থাৎ সামাজিক দূৰত্ব উলংঘন কৰিলে শাস্তি দিয়া হ’ব বুলি সকীয়াই দিয়ে। লগতে তেওঁ বেংক পৰিচালক গৰাকীক বেংকটোৰ গ্ৰাহক ৰাইজৰ মাজত টুকেন দিয়াৰ ব্যৱস্থা কৰি কাম সম্পাদনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি গ্ৰাহক ৰাইজে এইদৰে সামাজিক দূৰত্ব উলাংঘা কৰি ভিৰ কৰে তেন্তে ইটাখোলা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়াক জনাবলৈ পৰিচালক গৰাকীক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত চক্ৰ বিষয়া গৰাকী ইটাখোলাৰ ৯নংত টিঘিল ঘিলাই ঘুৰি ফুৰা মটৰ চাইকেল আৰোহীক ধৰি জৰিমনা বিহে। চক্ৰ বিষয়া গৰাকীয়ে পিছলৈ অসম অৰুনাচল সীমান্তৰ চিজুচাৰ বনভোজ স্থলীত উপস্থিত হৈ জোম পাতি পাতি ভোজ খাই থকা একাংশ যুৱক-যুৱতীক পহু খেদা দিয়াৰ উপৰিও তাতো কিছু লোকৰ পৰা জৰিমনা আদায় লয়। আনহাতে দি বালিজুৰিত অবৈধ ভাবে ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰখা দুখন দোকান চক্ৰ বিষয়া গৰাকীয়ে চীল কৰি দিয়ে। আজি তাৎক্ষণিক ভাৱে চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীয়ে ইটাখোলা অঞ্চলত চলোৱা অভিযানৰ ফলত ইটাখোলা অঞ্চলত ক’ভিড বিধি উলাংঘা কৰা লোকসকলে একশিকনী পায়। চক্ৰ বিষয়া গৰাকীৰ এই অভিযানত ইটাখোলাৰ সচেতন ৰাইজে প্ৰশংসা কৰে।
মাজবাটত অমৃত মহোৎসৱ আঁচনিৰ জৰিয়তে বৃক্ষ ৰোপন
ওদালগুৰি জিলাৰ মাজবাটৰ বৈগাপাৰা ফূলুগুৰি পথত অমৃত মহোৎসৱ আচঁনি জৰিয়তে প্রায় দুই কিলোমিটাৰ পথচোৱাৰ দুয়ো কাখে গছ পুলি ৰোপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ১২জুলাইত দিনৰ ১২:০০ মান বজাত ফিটা কাটি কাৰ্যসূচী শুভাৰম্ভ কৰে মাজবাট গ্রাম্য পথ ও গড় কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা ৰঞ্জিত কুমাৰ শৰ্মাই৷ কাৰ্য্যসূচী অনুসৰি গড়কাপ্তানী বিভাগৰ অভিযন্তা গনেশ ডেকাই উক্ত পথচোৱাৰ দুয়ো কাষে দুডাল মুল্যবান গছৰ পুলি ৰোপন কৰি কয় যে যি সময়ত বন ধ্বংস কৰা হৈছে সেই সময়তে কেন্দ্রীয় চৰকাৰে প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰিবলৈ গ্রাম্য অঞ্চল সমুহত স্বাধীনতাৰ অমৃত মহোৎসবৰ নিচিনা আচঁনি যুগুত কৰি তুলিছে বুলি কয় অভিযন্তা গৰাকীয়ে। এই কাৰ্য্যসূচীত খনত উপস্থিত থাকে বি টি চিৰ ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দিপক মৌৰ, সমাজ সেৱক ও ব্যবসায়ী ধৰ্মেশ্বৰ গয়াৰী, আটছাৰ কেন্দ্রীয় কমিটিৰ উপ সভাপতি কৈলাশ গোঁড় , ঠিকাদাৰ বিচিত্র বসুমাতাৰী,মাজবাট ভি চি ডি চি ৰ প্রাক্তন সভাপতি আদিল ৰহমান,ভবানী থাপা , আটছাৰ মাজবাট আঞ্চলিক সমিতিৰ সভাপতি শুকলাল ওৰাং আদি উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ৷
জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বলাকুছি গাওঁবাসীৰ হৈ আজি নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে নলবাৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । স্মাৰক পত্ৰ খনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক প্ৰকাশ কৰে যে, যোৱা ২০১১ চনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নাৰায়নপুৰৰ উত্তৰ দিশে ভাৰত পেট্ৰলিয়ামৰ এটা তেল ডিপো আৰু তাৰ পিছত গঢ় লৈ উঠা ক্ৰমে বিষ্ণু ধাবা আৰু প্ৰভাতি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান তিনিখনৰ ভুলৰ বাবে প্ৰাকৃতিক নলা এটাৰ বোৱতী পানীৰ ধাৰ বন্ধ হৈ পৰিছিল । সেই সময়তে উদ্ভৱ হোৱা দুৰ্যোগৰ বিষয়ে ৰাইজে তথা উক্ত প্ৰতিষ্ঠান কেইখনৰ ভুমিৰ স্বত্ত্বাধিকাৰী সকলক বহুবাৰ মৌখিকভাৱে অৱগত কৰাইছিল যদিও আজিলৈ ৰাইজে কোনো সুফল নাপালে । যাৰ ফলস্বৰূপে পানীৰ সোঁত সলনি হৈ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ পিছফালেৰে ব’বলৈ লয় । কিন্তু বিগত ২০২০ চনত ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ পিছফালে আন এগৰাকী ব্যক্তিয়ে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত পানীৰ আংশিক সোঁতৰ পথটোও বন্ধ হৈ পৰে । ইয়াৰ ফলত ৰাইজে দীৰ্ঘ সময় ধৰি ভুগি থকা সমস্যাটো এইবেলি অধিক জটিল হৈ পৰিছে । গাওঁবাসীৰ প্ৰতিঘৰৰ ভিতৰত এক আঠু পৰ্যন্ত পানীয়ে জীৱন বিপৰ্যস্ত কৰি তুলিছে । তদুপৰি পশুধন আৰু খেতি বাতিৰো বিস্তৰ ক্ষতিসাধন কৰিছে । ক’ভিড মহামাৰীৰ সময়ত এনে দুৰ্যোগে ৰাইজক অধিক সংকটতত পেলাইছে বুলি স্মাৰক পত্ৰ খনত মন্তব্য প্ৰকাশ কৰে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সেইবাবে এই স্মাৰক পত্ৰৰ জৰিয়তে বিগত বছৰ বছৰ ধৰি ৰাইজে ভুগি থকা এই দুৰ্যোগৰ স্থায়ী সমাধান কৰিত দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে নলবাৰী জিলা উপায়ুক্তক আহ্বান জনায় ।
কুসুমটোলাত যুৱ ব্যৱসায়ীৰ মৃত্যু
জামুগুৰিহাটৰ কুসুমটোলাৰ যুৱ ব্যৱসায়ী নিৰ্মল মিশ্ৰৰ আজি উচ্চ ৰক্তপাত জনিত কাৰণত মৃত্যু হয়।পুৱা প্ৰায় ৯ মান বজাত নিজ গৃহত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা যুৱ ব্যৱসায়ী গৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে উত্তৰ জামুগুৰি চিকিংসালয়ত ভৰ্তি কৰাই যদিও চিকিংসকে ইতিমধ্যে যুৱ ব্যৱসায়ী গৰাকীক মৃত বুলি ঘোষনা কৰে।যুৱ ব্যৱসায়ী গৰাকীৰ মৃত্যুত কুসুমটোলা ব্যৱসায়িক সন্হা,কুসুমটোলা যুৱক সংঘকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত যুৱ ব্যৱসায়ী গৰাকীয়ে মাতৃ পত্নী সহ একমাত্ৰ জীয়ৰী ইহসংসাৰত এৰি থৈ যায়।
বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ উদ্দেশ্যে ভিডিঅ’ প্ৰস্তুতৰ অনলাইন প্ৰশিক্ষণ
সমগ্ৰ শিক্ষা, বৰপেটাৰ উদ্যোগত আৰু বৰপেটা জিলাৰ শিক্ষক নয়ন কুমাৰ দাস, প্ৰসেনজিত শৰ্মা আৰু চন্দন কুমাৰ দাসৰ নেতৃত্বত অলপতে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ভিডিঅ’ প্রস্তুতকৰণ সম্পর্কীয় এখন অনলাইন প্রশিক্ষণ গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হয়। বৰপেটা মহকুমাৰ বিদ্যালয়সমৃহৰ উপপৰিদৰ্শক হৰেন্দ্ৰনাথ দাসে ভার্চুৱেল প্রশিক্ষণটি উদ্ধোধন কৰে আৰু তেওঁ
সকলো শিক্ষক শিক্ষয়ত্ৰীকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাৱি অনলাইন পাঠ দান কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) চিতাংগ ডেকাই ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বৰ্তমানৰ এই জটিল পৰিস্থিতিত ছাত্র ছাত্রীসকলৰ শৈক্ষিক ক্ষতিপূৰণ কেনেকৈ পূৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু বিকল্প ব্যৱস্থাৰ অন্যতম এক আহিলা হিচাপে শিক্ষক সকলক পাঠদানৰ ভিডিঅ’ প্রস্তুত কৰিবলৈ আহ্বান জনায়।
বৰপেটা জিলাৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰা এই প্রশিক্ষণটিত সমল ব্যক্তিৰূপে ১৯৪৮ নং মধ্য ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক চন্দন কুমাৰ দাস, ১১২২ নং নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰসেনজিত শৰ্মা, ৪৩৫ নং বৰকাপলা প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী নিবেদিতা হাজৰিকা, ১৯৬৮ নং মৈঠাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষক নয়ন কুমাৰ দাস, ৪৩ নং বনিয়াকুছী প্ৰা বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী ধীৰামনি ডেকা, পশ্চিম ডালৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ আব্দুল মুটালিব আৰু আব্দুল জলিল উপস্থিত থাকে। প্রশিক্ষণকালত সমল ব্যক্তিসকলে ক’ভিড মহামাৰীৰ পৰিস্থিতিত ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলৰ উপকাৰ হোৱাকৈ কিদৰে পাঠদানৰ ভিডিঅ’ প্ৰস্তুত কৰিব পাৰি তাক হাতে কামে কৰি দেখুৱায়। প্রাথমিক বিদ্যালয়ৰ ভিডিও প্ৰস্তুতকৰণ ক্ষেত্ৰত পাঠসমূহ কণ কণ ছাত্র-ছাত্রীৰ মনোগ্রাহী আৰু সহজে বোধগম্য হোৱাৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰে। ভিডিও প্ৰস্তুতকৰণৰ এই প্ৰশিক্ষণত তেওঁ লোকে X-Recorder, WPS, Kinemaster, Print and screen Recording ইত্যাদিৰ ব্যৱহাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। প্ৰায় ৩ ঘণ্টাৰ এই প্ৰশিক্ষণৰ পিছত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, বৰপেটাৰ প্ৰবক্তা শ্ৰদ্ধাৰ ভানু ডেকাই বিভিন্ন ভিডিও প্ৰস্তুতকৰণৰ ‘এপ’ সম্পৰ্কে শিক্ষক সকলৰ আগত এক বৰ্ণনা দি ভিডিও এদিটিংৰ সকলো প্ৰয়োজনীয় কথা খুব কম সময়ৰ ভিতৰতে মনোগ্ৰাহীকৈ আগবঢ়ায়। তেওঁৰ পিছতে ডায়েট বৰপেটা আন এজন প্ৰবক্তা ৰঞ্জিত কুমাৰ কলিতা মহোদয়ে ভিডিও বনাওতে মন কৰিবলগীয়া গুণগত দিশৰ সকলো কথা মূলত ব্যাকৰণ, উচ্চাৰণ আদিৰ বিষয়ে সকলো শিক্ষক প্ৰশিক্ষাৰ্থীৰ আগত বৰ্ণনা কৰে। তেওঁ অনলাইন শিক্ষাৰ প্রয়োজনীয়তা আৰূ ইয়াৰ মনোবৈজ্ঞানিক তথা কাৰিকৰী দিশৰ ওপৰতো কম সময়তে বহলভাৱে আলোকপাত কৰে। ভার্চুৱেল এই প্রশিক্ষণটিত উপস্থিত থাকি বৰপেটা শিক্ষাখণ্ডৰ সহ-পৰিদৰ্শক নিয়তি পাঠকে
খুবেই আনন্দিত হৈ কয় যে প্রশিক্ষণটিয়ে শিক্ষক সমাজৰ যথেষ্ট উপকাৰ সাধন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষতিপূৰণ পূৰোৱাত সহায় কৰিব। শেষত সকলোৱে সমগ্ৰ শিক্ষা বৰপেটাক এই মহান কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু এনেকুৱা কাৰ্যসূচী পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।
ক’ভিডৰ বিৰুদ্ধে কঠোৰ যোৰহাট জিলা প্ৰশাসন দ্ৰোণ কেমেৰাৰে পৰিবেশ নিৰীক্ষণ।
ৰাজ্যৰ ভিতৰত যোৰহাট জিলাত এক ভয়াবহ ৰূপ ধাৰন কৰিছে মহামাৰী ক’ভিডে। ইতিমধ্যে ৰাজ্য প্ৰশাসনে যোৰহাটকে ধৰি মুঠ সাত খন জিলাত কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷ এই ক্ষেত্ৰত বিশেষকৈ যোৰহাট জিলা প্ৰশাসন নিয়ম ভংগকাৰী সকলৰ বিৰূদ্ধে অধিক কঠোৰ হোৱা দেখা পোৱা গৈছে ৷ আজি পুৱাৰে পৰা টীয়কটো তৎপৰ হোৱা দেখা গৈছে প্ৰশাসনক । পুৱা টীয়ক আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়ত কৰা প্ৰত্যেকখন বাহনৰ নথি পত্ৰ পৰীক্ষা কৰে। ইফালে টীয়ক, লাহদৈগড়, কাকজান আদিৰ নগৰৰ লগতে গ্ৰাম্যঞ্চলত সেনাই ফুট মাৰ্চ কৰি ক’ভিড নিয়ম ভংগকাৰী সকলক আতক কৰে ৷ অসম আৰক্ষী, সেনা অৰ্ধ সামৰিক বাহিনী, এন ডি আৰ এফৰ বিশাল বাহিনীয়ে ফুটমাৰ্চ কৰি বিভিন্ন কন্টেনমেন্ট জ’ন সমূহ পৰ্য্যবেক্ষন কৰে৷ ইয়াৰ পূৰ্বেও জিলা উপাযুক্ত, জিলা আৰক্ষী অধিক্ষকে আহি টীয়কৰ বিভিন্ন গ্ৰাম্যঞ্চল বিশেষকৈ যোৰহাটৰ ভিতৰত সৰ্বাধিক ক’ভিড ৰোগী থকা চিন্তামণি গড় অঞ্চলত উপস্থিত হৈ দ্ৰোণ কেমেৰাৰ সহায়েৰে কন্টেইনমেন্ট জ’নৰ ভিতৰৰ পৰিবেশ পৰ্য্যবেক্ষন কৰে ৷











