Home Blog Page 2925

ধৰ্ম অনেক কিন্তু ভগৱান এক। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ বৃক্ষৰোপণ

বিভিন্ন জাতি- জনগোষ্ঠী , ভিন্ন ভাষা, ধৰ্মাৱলম্বীৰ মিলন তীৰ্থভূমি অসম। বৰ্তমান সময়ত ৰাজ্যখনত সমন্বয়ৰ যেন অভাৱ ঘটিছে। দক্ষিণ কামৰূপ সচেতন মঞ্চই সমগ্র দক্ষিণ কামৰূপ অঞ্চলত এক সমন্বয়-সংহতি স্থাপনৰ বাবে এলানি কাৰ্যসূচী লৈছে। আজি সচেতন মঞ্চই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র পীঠস্থান গীৰ্জাই – গীৰ্জাই  বৃক্ষৰোপণ কৰি ভাৱৰ আদান প্ৰদান কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক-লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য সীমান্ত দাস, ধৰ্মেন্দ্ৰ দাস, বিমল নাথৰ নেতৃত্বত গীৰ্জাবোৰত গৈ সমাজ আগবাঢ়ি যোৱাত সমন্বয়ৰ, ঐক্যতাৰ প্ৰয়োজনীয়তা, বৃক্ষৰোপণৰ দায়িত্বৰ ওপৰত আলোচনা কৰে। পলাশবাৰী সমষ্টিৰ ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ৰোমান কেথলিক চাৰ্চ, পশ্চিম গুৱাহাটী সমষ্টিৰ বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চ, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চ, ৰাণী- মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চ, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত বকুল, আমলখি, ভোমোৰা, শিলিখা, মহানিম, জলফাই আদি গছৰ পুলি ৰোপন কৰে। এই কাৰ্যসূচীত ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চত লাচিত ৰাভা, বিৰাজ ৰাভা, কোহিমা ৰাভা, মিনতি ৰাভা, বৰজুলি ব্যপ্তিষ্ট চাৰ্চত লিন মাৰাক, সঞ্জীব মাৰাক, বৰজুলি ৰোমান কেথলিক চাৰ্চত প্ৰদীপ চাংমা, মলিনা চংমা, মনিল চাংমা, বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চত ইয়ুব ৰাভা, অনিল ৰাভা, দিগন ৰাভা, মুনীন্দ্ৰ ৰাভা, কল্যাণী ৰাভা, অনুপ ৰাভা, মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চত মীনা চাংমা, এবলুন চাংমা, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত পিতৰ মাৰাক, নৰমিচ চাংমা, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চত প্ৰদীপ চাংমা  প্ৰমুখ্যে ভালেমান  বিশিষ্ট লোকে প্ৰতি গীৰ্জাত অংশ লয়। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- ধৰ্ম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ভগৱান এক। ঈশ্বৰক উপাসনা কৰা মাধ্যম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু উদ্দেশ্য এটাই। গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছেহে মানুহক জীয়াই ৰাখিছে। প্ৰতিজন মানুহে গছক সন্মান কৰাৰ লগতে আদৰ সাদৰ কৰা উচিত। মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- সচেতন মঞ্চৰ পৰা গছ ৰুই পৰিৱেশ নিকা কৰি সমগ্র দক্ষিণ কামৰূপ অঞ্চলত মিলনভূমি হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে।

জাগীৰোডত জুৱাৰ ঘাটি উৎখাত, মহিলা সহ গ্ৰেপ্তাৰ চাৰি গৰাকী জুৱাৰী

মৰিগাঁও জিলাৰ জাগীৰোড থানৰ আৰক্ষীয়ে ১১ জুলাইৰ নিশা এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে এগৰাকী মহিলা সহ তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু জুৱাৰৰ কিছু সামগ্ৰী জব্দ কৰিছে।উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত কালি নিশা জাগীৰোড থানাৰ উপ পৰিদৰ্শক সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জাগীৰোডৰ ন খোলা গ্ৰাণ্টত এটা বৃহৎ জুৱাৰৰ ঘাটি উৎখাত কৰাৰ লগতে নিশাই খেদি খেদি তিনিটা জুৱাৰীক আৰু জুৱাৰ ঘাটি বঢ়াবলৈ সুযোগ দিয়া গৃহস্থৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হৈছে ন খোলা গ্ৰাণ্টৰ ছাইফুল ইছলাম, হিল্লাল আলী, আবুল কালাম আৰু হিল্লাল আলীৰ পত্নী জুৰেনা খাতুন।জানিব পৰা মতে, ন খোলা গ্ৰাণ্টৰ জুৰেনা খাতুনৰ ঘৰত মাহে ২০ হাজাৰ টকাৰ বাবদ জুৱাৰ খেল পাতিবলৈ এটা কোঠা ভাড়াত চলাই আহিছিল। কোভিড প্ৰট’কল ভংগ কৰি স্থানীয় এই মহিলা গৰাকীৰ ঘৰত দীৰ্ঘদিনৰ পৰা এই জুৱাৰ আদ্দা চলি আছিল ।ইফালে নিশা আৰক্ষীৰ যোৱাৰ উমান পাই জুৱাৰীৰ দলটো পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰে তিনি জুৱাৰীৰ লগতে  মহিলা গৰাকীক । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ আন কেইবাটাও জুৱাৰী পলাই যায় । আৰক্ষীয়ে জুৱাৰীৰ কৱলৰ পৰা টাচ পাত , নগদ ৩,০৭০ টকা , কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। 

মৃত্যুঞ্জয় বাহন কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰা আৰু দৰমহা বৃদ্ধিৰ বাবে আহ্বান

জৰুৰী কালীন এম্বুলেঞ্চ সেৱা ১০৮ ৰ লগত জড়িত কৰ্মচাৰীৰ চাকৰীৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজ। ২০০৮ চনৰ পৰা ২০২১ চন অৰ্থাৎ আজি প্ৰায় ১২ বছৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চৰকাৰি কৰ্মচাৰীসকলৰ লগত খোজত-খোজ মিলাই প্ৰায় ৩ হাজাৰ ই.এম.টি.ই.আৰ.অ আৰু চালকে জনসাধাৰণক যি কোনো বিপদ শংকুল জৰুৰী কালীন সময়ত দিনে-ৰাতিয়ে মৃত্যুঞ্জয় সেৱা আগবঢ়াই চৰকাৰৰ স্বাস্থ্য বিভাগৰ হৈ অগ্ৰগণী ভুমিকা পালন কৰি আহিছে। একেদৰে জামুগুৰি স্বাস্থ্যকেন্দ্ৰৰ ১০৮ এম্বোলেঞ্চৰ সহকৰ্মি নৱজ্যোতি ভূঞা আৰু সমৰজ্যোতি হাজৰিকাই অঞ্চলটোত প্ৰতিটো মূহূৰ্তত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছে। দুইয়োগৰাকীয়ে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে খৱৰ পোৱা মাত্ৰেই ৰোগীৰ কাষত উপস্থিত হয় আৰু প্ৰয়োজন সাপেক্ষে ৰোগীক নিজে তুলি আনি চিকিৎসালয়লৈ অনাৰ দৃশ্য দেখিবলৈ পোৱা যায়।যোৱাকালি জামুগুৰিহাটস্থিত সংগীয়া মাজৰ চুক গাঁৱৰ এগৰাকী বৃদ্ধ কলিয়া কলিতা (৮৫) নামৰ ৰোগী গৰাকীৰ পৰিয়ালত কোনো নথকাত দুইয়ো গৰাকী কৰ্মচাৰীয়ে নিজে ১০৮ ত তুলি চিকিৎসালয়লৈ আনি দ্বায়িত্ব আৰু কৰ্তব্যৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। আনকি বৰ্তমান ক’ভিড পৰিস্থিতিৰ মাজতো এই সকল কৰ্মচাৰীয়ে অসমৰ জনসাধাৰণৰ কাষত অহৰহ থিয় হৈ বিনা দিধাই অক্লান্ত পৰিশ্ৰমৰে ক’ভিড ৰোগীক সৰ্ব প্ৰথমে আৰু প্ৰত্যক্ষ ভাবে এই সেৱা আজিও প্ৰদান কৰি আছে। অতি পৰিতাপৰ বিষয়টো হল এই সকল কৰ্মচাৰী এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা নিয়োজিত হোৱা হেতুকে অসমৰ শ্ৰম বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি নিম্নতম হাৰতেই দা-দৰমহা লাভ কৰি নিজ পৰিয়ালক বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পোহ-পাল দিবলগীয়া হৈছে। এই দৰমহাৰ ধনৰাশিৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰী সকলক বেংক আদিৰ তৰফৰ পৰা লোন দিয়াতো নহয়েই লগতে চাকৰি কৰাৰ বাবেই অসম চৰকাৰৰ আচনি সমুহৰ পৰাও বঞ্চিত কৰি ৰখা হৈছে।  

কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চৰ সূৰ্যোদয় পুথিভঁৰাললৈ গ্ৰন্থ আৰু বাকচ দান

কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ অসমৰ এক জনপ্ৰিয় ফেচবুক গোট। নতুন নতুন শিতানেৰে দৈনিক জীপাল হৈ থকা ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ গোটৰ উদ্দেশ্য আৰু কৰ্ম সদায়ে চকুত লগা। বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই গোটটোৱে সমাদৰ বুটলিবলৈ সক্ষম হৈছে। আৰ্থিক অনুদান,গ্ৰন্থদান আদি তেওঁলোকে মাজে-সময়ে কৰি আহিছে। ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ সূৰ্যোদয় পুথিভঁৰাললৈ আজি গোটৰ পৰা গোটৰ হৈ কিৰণ দাসে এটি বাকচ আৰু ৩৫ খন গ্ৰন্থ সূৰ্যোদয় পুথিভঁৰালৰ মুখ্য পৰিচালক পৰেশ দাসৰ হাতত অৰ্পণ কৰে। বৈষ্ণৱ প্ৰাণ ভকত লক্ষীৰাম দুৱৰা দাসে ২৩খন, তুলসী প্ৰভা দাসে ৩খন, নয়নমণি দাসে ২খন,কিৰণ দাসে ৫খন গ্ৰন্থ আৰু এটি বাকচ অৰ্পণ কৰে। পৰেশ দাসে আঁত ধৰা কাৰ্যসূচীত  সূৰ্যোদয় পুথিভঁৰালৰ হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই পুথিভঁৰালৰ পৰিচালক বিনোদ দাসে। অনাগত সময়তো সূৰ্যোদয় পুথিভঁৰালৰ লগত থাকি দিহা-পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগিতা কৰি থাকিব বুলি গোটৰ হৈ কিৰণ দাসে জানিবলৈ দিয়ে। গ্ৰন্থ, বাকচ অৰ্পণ কৰা সময়ত উপস্থিত থাকে সূৰ্যোদয় পৰিয়ালৰ সদানন্দ দাস, দেচডিমনা দাস,কৰিশ্মা দাস,বনশ্ৰী দাস,সাগৰমনি দাস আদি। অনুষ্ঠানৰ শেষত সূৰ্যোদয় পুথিভঁৰালে ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ৰ দীৰ্ঘায়ু কামনা কৰে।

ড্ৰেগন খেতিৰে স্বাৱলম্বী ওদালগুৰিৰ জোনাকী আৰু পৰিমল

ওদালগুৰি জিলাত সেউজ বিপ্লৱৰ সূচনা কৰিছে যদিও বিশ্বজুৰি ক’ভিড-১৯ অতিমাৰীৰ ফলত সৃষ্ট লকডাউনে প্ৰচণ্ড  মাধমাৰ শোধাইছে।বহু আশা  শ্ৰম ঘামৰ বিনিময়ত  আৰ্জিত সামান্য মূলধনেৰে নিজৰ খেতি মাটিত খেতিয়ক সকলে খেতি পথাৰ সেউজীয়া কৰি অনাই  বনাই ঘূৰি ফুৰা নিবনুৱা যুৱক বা যুৱতীসকলক খেতিৰ প্ৰতি মন মেলিবলৈ বাধ্য কৰাইছে যদিও কোৰোকালীন সময়ছোৱাত মূৰত প্ৰচণ্ড ৰাম টাঙোন শোধাইছে।ওদালগুৰি জিলাৰ স্বপনগাঁও, কালাঝাৰ,ৰৌতা ,বটা বাৰী  আদিত উন্নত জাতৰ ষ্ট’বেৰী,তৰমুজ, চাহ ,ৰবৰ খেতিৰে পথাৰ ভৰি পৰিছে কিন্তু  চৰকাৰৰ বহু প্ৰত্যাশিত পথাৰো আমাৰ বজাৰো আমাৰ আঁচনি ধোঁৱা চাঙত উঠিছে।যাৰফলত খেতিয়ক সকলে মূৰে কপালে হাত সাৱটি বহি থকাৰ বাদে অন্য উপায় নোহোৱা হৈছে।তথাপিও হাত সাৱটি বহি নাথাকি ওদালগুৰি চহৰৰ বাসিন্দা ওদালগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা জোনাকী দৈমাৰীয়ে কালাঝাৰ অঞ্চলত সাত বিঘা মাটিত উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি সুন্দৰ নিদৰ্শন দেখুৱাই সেউজ বিপ্লৱ গঢ়ি তুলি আন দহ গৰাকী উচ্চ শিক্ষাৰে শিক্ষিত যুৱক তথা যুৱতীৰ দৃষ্টি আকৰ্ষণ কৰিছে।আনহাতে ভৈৰৱকুণ্ডৰ  স্বপন গাঁৱত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হৈয়ো পৰিমল দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ খেতি পথাৰত উন্নত জাতৰ  ড্ৰেগনৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ যুৱক -যুৱতীসকলক বাট কাটি দি মহৎ আদৰ্শ দেখুৱাই সুনাম কঢ়িয়াই আনিছে।বিশ্বব্যাপী কোৰোনা সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।কাৰণ খেতি আছে ফলো আছে নাই উৎকৃষ্ট বজাৰ।যাৰফলত ড্ৰেগন ফল পকি সৰি আলাই আথানি হৈছে।বিটিআৰ বা অসম চৰকাৰ কৃষি বিভাগে খেতিয়ক সকলক সকাহ দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেইটোহে লাখ টকীয়া  প্ৰশ্ন হৈ পৰিছে।

ক’ভিডৰ সহায়কাৰী ঔষধৰ গবেষণাত জিলিকিছে সোণাৰিৰ যুৱক

সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক’ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICAL 9, শীৰ্ষক ইন্দো-জাৰ্মান কোম্পানী Vedicinals India pvt ltd ৰ NUTRACITICALS MEDICINE য়ে। যিয়ে COVID19 ৰ সহযোগী চিকিৎসাৰ ঔষধ ৰূপে প্ৰয়োগ কৰিব পাৰিব বুলি গৱেষণাত আশা প্ৰকাশ কৰা হৈছে । বিশেষকৈ দীর্ঘদিনীয়া ক’ভিড১৯ ৰ লগতে ক’ভিডৰ পিছৰ সময়ছোৱাৰ ব্যাধি এই NUTRACITICALS MEDICINE য়ে নাইকিয়া কৰিব বুলি নিৰ্ধাৰণ কৰা হৈছে। প্ৰাকৃতিক বনৌষধি যুক্ত উদ্ভিদৰ পৰা লোৱা ৯ টা বিশেষ সক্ৰিয় অণু (MOLECULE)ৰে তৈয়াৰ কৰা হৈছে এই NUTRACITICALS MEDICINE । উল্লেখযোগ্য এই ঔষধৰ গৱেষণা আৰু সম্পূৰ্ণ গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুতত জাৰ্মানী,পুনে আৰু হাইদৰাবাদৰ তিনিটা কোম্পানীৰ লগতে অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ যুৱক অমৃত প্ৰীতম ভূঞাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অমৃত প্ৰীতম ভূঞা আৰু তেওঁৰ সতীৰ্থ ড° বেভৱ চাবলে VEDICLINICAL-19 ঔষধৰ COMPUTIONAL BIOLOGY & INSILICO DRUG DISCOVERY ৰ সম্পূৰ্ণ গৱেষণাৰ লগতে ঔষধৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ শৰীৰৰ ৭১ টা বিশেষ ভূমিকাক সামৰি শ্বেতপত্ৰ প্ৰস্তুত কৰিছে।বিদেশত  উচ্চ শিক্ষা গ্ৰহণ কৰা অমৃত প্ৰীতম ভূঞা ষ্টাৰ্ট আপ কোম্পানী “Mr. Biologist”ৰ স্বত্বাধিকাৰী। কোম্পানীটোৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি অনুসৰি অসম সন্তান অমৃত প্ৰীতম ভূঞাই তেওঁলোকৰ DIRECTOR OF BOARD তো স্থান লাভ কৰিছে। FSSI চৰ্টিফিকেটৰ সৈতে এই Nutraceuticals ইতিমধ্যে গ্ৰাহকৰ বাবে অনলাইনত উপলব্ধ হৈছে ঔষধবিধ। এই সন্দৰ্ভত সবিশেষ তথ্য http://www.vedicinals.com ত বৰ্ণনা কৰা হৈছে। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ডিজিটেল আলোচনীত প্ৰকাশ পোৱা তথ্য অনুসৰি  আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱা  HUMAN CLINICAL  TRIAL ৰ সফলতাই প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে মহামাৰী COVID19 আৰু ইয়াৰ পাৰ্শব্বিক ক্ৰিয়াৰ  ৰ সৈতে যুঁজিবলৈ।

সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সুৰক্ষা সমন্বয়ৰক্ষী সমিতিয়ে কেবিনেট মন্ত্ৰী ড° ৰনোজ পেগুক সাক্ষাৎ

সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিৰ ৩০ জনীয়া এটা সজাতিদলে অসম চৰকাৰৰ শিক্ষা তথা ভৈয়াম জনজাতি মন্ত্ৰী ডা° ৰণোজ পেগুক জনতা ভৱনত সাক্ষাত কৰি ৯দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অৰ্পন কৰে। তেওঁলোকৰ দাবী সমূহ হ’ল….

১/ অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ৰ অধীনত গঠিত ট্ৰাইবেল বেল্ট ব্লকত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰে জনজাতি সকলৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ দাবী জনোৱা হয়।

২/ সংৰক্ষণ আইন অনুযায়ী ১২১৫৫ টা জনজাতিৰ বাবে সংৰক্ষিত বেকলগ পদ পূৰণৰ বাবে বিশেষ নিয়োগ আচনি প্ৰস্তুত কৰা,
৩/ ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা,
৪/ বন অধিকাৰ আইনমতে জনজাতি বনবাসী সকলক ভূমি স্বত্ব প্ৰদান কৰা,
৫/ মহকুমা ভূমি উপদেষ্টা সমিতিত জনজাতি সদস্য অন্তর্ভুক্ত কৰা

পাঞ্জাবাৰীত সীমান্ত চেতনা মঞ্চৰ কনকলতা নগৰ সমিতি গঠন

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ অন্তৰ্গত কনকলতা নগৰ সমিতিৰ এখন বিশেষ সদস্য সন্মিলন আজি পাঞ্জাবাৰীৰ বিষ্ণুনগৰস্থিত অভিনন্দন বিবাহ ভৱনত অনুষ্ঠিত হয়। মঞ্চৰ গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সন্মিলনত সমাজ সংগঠক পৱন ঠাকুৰীয়াক সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী উপ অধীক্ষক প্ৰফুল্ল বৰ্মনক উপ সভাপতি আৰু বেচৰকাৰী সংগঠন নিউ হ’ৰাইজনৰ কাৰ্যকৰ্তা মঞ্জু বৰঠাকুৰক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি কনকলতা নগৰ সমিতিৰ এঘাৰজনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰৰ সাধাৰণ সম্পাদক বিশ্বজিৎ কলিতাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত কনকলতা নগৰ সমিতি আৰু ইয়াৰ অন্তৰ্গত ৱাৰ্ড সমিতিসমূহৰ প্ৰস্তাৱ দাখিল কৰে মহানগৰ সমিতিৰ কাৰ্যবাহী সদস্য ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে। মঞ্চৰ ৰাজ্যিক সভাপতি ড০ বিনীতা ভাগৱতী, মহানগৰ সমিতিৰ সম্পাদক জ্যোতি কলিতা, স্বেচ্ছাসেৱী অনুষ্ঠান জনকল্যাণ মিছনৰ সচিব ৰুমী দেৱী, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া বৈকুণ্ঠ চেতীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰবীণ কাৰ্যকৰ্তা মৃণাল বৰ্মন, শ্ৰীনিবাস মেধি, বিশিষ্ট কবি-অভিনেত্ৰী শিখা বেজবৰুৱা গোস্বামী প্ৰমুখ্যে বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি উপস্হিত থকা বৈঠকত খানাপাৰা, সাতগাওঁ, বতাহঘূলী আৰু বাঘৰবড়ী ৱাৰ্ড সমিতি চাৰিখনো গঠন কৰা হয়।

অপৰাধ নিয়ন্ত্ৰনৰ লগতে জনসম্পৰ্ক ৰক্ষাত গুৰুত্ব দিয়া এখন আৰক্ষী থানা :কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানা সঁজাই তোলা হৈছে সুন্দৰ ৰূপত

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীক জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবে নিৰ্দেশ দিছিল। সেয়ে বৰ্তমান অসম আৰক্ষীয়েও এই দিশটোত গুৰুত্ব আৰোপ কৰিছে। কিন্তু অসমৰ এখন আৰক্ষী থানাই বহু  আগৰে পৰা এই দিশটোত গুৰুত্ব আৰোপ কৰিছে। কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ডিলাই আৰক্ষী থানাই এইক্ষেত্ৰত দেখুৱাইছে আদৰ্শ। প্ৰতিদিনেই বহু কুখ্যাত অপৰাধীৰ বিৰুদ্ধে সাফল্য অৰ্জন কৰা ডিলাই আৰক্ষী থানাৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰনৰ সমান্তৰাল ভাৱে জনসম্পৰ্ক ৰক্ষাটো গুৰুত্ব আৰোপ কৰিছে। ডিলাই অঞ্চলৰ ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে থানাখন। থানাখনৰ চৌহদটো সুন্দৰকৈ গঢ়ি তোলাৰ লগতে থানাখনৰ ভিতৰটোও গঢ়ি তোলা হৈছে সুশৃংখলিত ৰূপত। এই সন্দৰ্ভত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই কয়, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত ডিলাই আৰক্ষীয়ে জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে ডিলাই আৰক্ষীয়ে গাড়ী চুৰি চক্ৰক কৰায়ত্ত কৰাটো লাভ কৰিছে বৃহৎ সাফল্য। মাত্ৰ ২মাহৰ ভিতৰতে কুৰিখনৰো অধিক চুৰি গাড়ী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে ২মাহৰ ভিতৰতে প্ৰায় ৪৫কোটি টকাৰ ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডিলাই আৰক্ষীয়ে।     উল্লেখযোগ্য যে, আজিৰ পৰা কেইদিনমান পূৰ্বে ডিলাই আৰক্ষী থানাত কৰ্মৰত গৃহৰক্ষীৰ জোৱান বৰছিং বেক ড্ৰাগছৰ বিৰুদ্ধে সফলতা অৰ্জন কৰাৰ বাবেই আৰক্ষী বিভাগৰ কণিষ্টবল পদত নিযুক্তি দিছিল অসম চৰকাৰে।

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন।

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন। দেওবাৰে সৰুসজাই ষ্টেডিয়ামৰ কনফাৰেন্স হ’লত সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সুজল বৰদলৈ, সভাপতি ড° বিনীতা ভাগৱতী আৰু প্ৰকাশন সচিব প্ৰিয়ংকা পালিতে এখন সংবাদমেল সম্বোধন কৰে। এই ক্ৰীড়া মহোৎসৱত সীমান্ত অঞ্চলৰ ৯খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলা অৰ্থাৎ ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, চিৰাং, ওদালগুৰি, তামুলপুৰ, বাকসা, কোকৰাঝাৰ, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা সৰ্বমুঠ ৩৫০গৰাকী খেলুৱেৈয়ে অংশগ্ৰহণ কৰিব।

ইতিমধ্যে এই ৯খন জিলাতে ৪মাৰ্চৰ পৰা ১১মাৰ্চলৈ কোৱালিফায়িং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল। ৪এপ্ৰিলৰ পৰা ৬এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাখন ৪এপ্ৰিল তাৰিখে বিয়লি ৪.৩০বজাত উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱত ১০০/২০০/৮০০/১৫০০ মিটাৰ দৌৰ, ৪×১০০মিটাৰ ৰিলে দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰ’, দিচকাচ থ্ৰ’, ভলীবল আৰু কাবাডী খেল অনুষ্ঠিত কৰা হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱৰ খেল সমূহ ৰাতিপুৱা ৯বজাৰ পৰা বিয়লি ৫বজালৈকে চলিব। অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অহা-যোৱা, থকা-খোৱাৰ লগতে খেলত ব্যৱহৃত হোৱা জাৰ্চীকে ধৰি সকলোবোৰ সা-সামগ্ৰী সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ তৰফৰ পৰা যোগান ধৰা হ’ব। সমান্তৰালভাৱে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমে সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ৰ সুচল ৰূপায়ণৰ বাবে তেওঁলোকৰ তৰফৰ পৰা ৰেফাৰী আৰু কাৰিকৰী দলৰ সহযোগিতা প্ৰদান কৰিব। খেল অনুসৰি থকা পুৰস্কাৰ সমূহৰ উপৰিও ক্ৰীড়া মহোৎসৱৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাখনক নগদ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। এই ক্ৰীড়া অনুষ্ঠানটো নতুন দিল্লীৰ হন্স ফাউণ্ডেশ্যন আৰু অইল ইণ্ডিয়াৰ সহ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত/শূন্য ৰেখাৰ ১৫কিলোমিটাৰৰ ভিতৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা এইটো হৈছে প্ৰথম ক্ৰীড়া প্ৰতিযোগিতা। এই ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ সংযোজক শ্ৰী প্ৰদীপন উপদেষ্টা আৰু ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰা সভাপতি হিচাপে আছে। এই খেৱ সমাৰোহ ৬এপ্ৰিল তাৰিখে বিয়লি ৫বজাত সামৰণি পৰিব। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ আৰু ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব।