Home Blog Page 2926

ক’ভিড প্রট’কল উলংঘাঃ২৪খন বাহন জব্দ ; ২.৩১ লাখ টকা জৰিমনা সংগ্রহ আৰক্ষীৰ

গুৱাহাটী মহানগৰীত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্রান্তৰ সংখ্যা৷ বিগত ১০ দিনত দুই হাজাৰৰো অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ গুৱাহাটী মহানগৰীত ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ বাবে ক’ভিড প্রট’কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী প্রশাসন৷

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াসকলে কালি কেইবাটাও স্থানত অভিযান চলায়৷ ক’ভিড প্রট’কল উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই কালিৰ দিনটোতে ২.৩১ লাখ টকা জৰিমনা সংগ্রহ কৰে৷ ক’ভিড প্রট’কল উলংঘা কৰাৰ অপৰাধত মহানগৰ যান–বাহন শাখাৰ আৰক্ষীয়ে ২৪খন বাহন জব্দ কৰাৰ লগতে ৪৭৬টা নন–এফ আই আৰ গোচৰ ৰুজু কৰে৷

৪০ বিঘা ভূমিত উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী নিবনুৱা যুৱক

বিগত ১৫ বছৰ ধৰি বহি:ৰাজ্য বাংগালোৰত ছফ্টৱেৰ কোম্পানীত কৰ্মৰত অৱস্থাত থকা ধেমাজি জিলাৰ চিলাপথাৰৰ যুৱক ঘন জিমেৰ ল’কডাউনে সলনি কৰি দিলে জীৱন গতিপথ । ল’কডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই চিলাপথাৰৰ নিজা গাওঁ ৰেখা চাপৰিলৈ ঘুৰি আহি আত্মনিৰ্ভৰশীলৰ কাম আৰম্ভ কৰে যুৱকজনে৷ বানে ধোঁৱা অঞ্চলত ঘুৰি আহি কি কৰিব পৰা যায় বুলি কেইবা মাহ অধ্যয়ন কৰাৰ পিছত গুজৰাটৰ পৰা আমদানি কৃত গৰু, ছাগলীৰ উৎকৃষ্ট দানা নেপেৰিয়ান ঘাঁহৰ খেতি আৰম্ভ কৰিলে। উন্নত প্ৰজাতিৰ ছাগলী, গৰুৰ কাৰণে দানা হিচাপে ব্যৱহাৰ কৰা নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ সপোন আজি বাস্তৱ দিশত ৰূপ লৈছে। প্ৰায় ৪০ বিঘা মাটি উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি আৰ্থিক বাবে স্বাৱলম্বী হৈছে। মাকৈ আৰু নেপেৰিয়ান ঘাঁহৰ কেইবাটাও প্ৰজাতিৰ সৈতে সংমিশ্ৰণ কৰি মাছৰ দানা উৎপাদনৰ কাম হাতত লৈছে। এনেকৈয়ে জীৱ জন্তুৰ দানা প্ৰস্তুত কৰি বৰ্তমান তেওঁ সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হৈছে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লোকে ঘন জিমেৰ ঘাঁহ ক্ৰয় কৰিব আহে। নিজৰ লগতে গাঁৱৰ ৰাইজে উৎপাদন কৰা গোমধান গাঁৱতে ক্ৰয় কৰি জীৱ জন্তুৰ দানা উৎপাদনত ব্যৱহাৰ কৰি গাঁৱৰ ৰাইজক সকাহ দিছে। বহি: ৰাজ্যত কৰ্ম সংস্থাপন হেৰুৱাই গাঁৱত ঘুৰি আহি আত্ম নিৰ্ভৰশীল হৈছে।নেপেৰিয়ান ঘাঁহৰ খেতি পৰিদৰ্শন কৰি স্থানীয় বিধায়ক ভূৱন পেগুৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সহায় আগবঢ়াব বুলি সদৰী কৰে।

মুকালমুৱাত নিচাজাতীয় ঔষধসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰিছে এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ মুকালমুৱা আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগা গাঁওত অভিযান চলায় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইনুল হ’কক নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰে ৷ ধৃত মইনুল হ’কৰ পৰা আৰক্ষীয়ে নগদ পঞ্চাছ হেজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধৃত মইনুল হ’কৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে গোচৰ কৰি এনডিপিএছ আইনৰ অধীনত ধৃত মইনুল হকক গ্ৰেপ্তাৰ কৰি আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷

চাপৰৰ সীমা মণ্ডলৰ হস্ত শিল্পৰ সুন্দৰ নিদৰ্শন

ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত নাগপট্টিৰ ভাড়া ঘৰত থাকি সীমা মণ্ডলে এতিয়া দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন। হয় যি সময়ত লকডাউনৰ বাবে বহু মানুহ কৰ্মহীন হৈ পৰিছে। ঠিক তেনে সময়তে চাপৰৰ এগৰাকী মহিলাই ঘৰতে গঢ়ি তুলিছে এটা লঘু উদ্যোগ।কাল ক’ৰোনাই মানুহক ঘৰৰ মাজত আবদ্ধ কৰি ৰখাৰ সময়তে সীমাই পূৰ্বতে শিক্ষা লোৱা হস্ত শিল্পৰ শিক্ষাক মূল হিচাপে লৈ আৰম্ভ কৰিলে গণেশৰ প্ৰতিমূৰ্তি, ঝুমৰ, মবাইল ৰখা ঝুলনা আদিৰ লগতে বহুত সামগ্ৰী বনোৱাৰ কাম হাতত ললে।ইতিমধ্যে গনেশৰ প্ৰতিমূৰ্তি,ঝুমৰ, মবাইল ৰখা ঝুলনা আদি বিক্ৰী কৰি স্বাৱলম্বীতাৰ পৰিচয় দাঙি ধৰিছিল। কাল ক’ৰোনাৰ সময়ত বজাৰত মাক্সৰ প্ৰচলন দেখি কাপোৰেৰে মাক্স বনাবলৈ আৰম্ভ কৰিলে সীমাই। কালক্ৰমত মাক্সবোৰ বজাৰত জনপ্ৰিয় হৈ পৰিল। পিছত সেই সমূহ মাক্স বজাৰৰ বিভিন্ন দোকানত বিক্ৰি কৰাৰ উপৰি হস্ত শিল্পৰ কুশল কাৰিকৰিৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী বিক্ৰি কৰি মাহত ৮ ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকী। সীমাৰ কাপোৰৰ মাক্সসমূহ বজাৰত দিনক দিনে চাহিদা বৃদ্ধি হোৱাত এতিয়া বিভিন্ন জিলালৈ ও ৰপ্তানি কৰিবলৈ লৈছে। সীমাই মাক্স আৰু হস্তশিল্পৰ বিভিন্ন সামগ্ৰী সমূহে এতিয়া ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ইচ্ছা থাকিলে উপায় ওলায়। উক্ত কথাফাঁকি সঁচা প্ৰমাণ কৰি দেখুৱালে সীমা মণ্ডলে। প্ৰতি গৰাকী মহিলাক নিজৰ দৰে স্বনিৰ্ভৰশীল হবলৈ আহ্বান জনাইছে সীমা মণ্ডলে লগতে চৰকাৰে সহায় কৰিলে ইয়াক বৃহৎ ৰূপত গঢ় দিয়া আশা সীমাৰ।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ সৰ্বানন্দ সোনোৱালৰ

 বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোনোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷আজি সর্বানন্দ সোনোৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷দায়িত্ব লোৱাৰ দিনা সোনোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোনোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷আজি সর্বানন্দ সোনোৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷দায়িত্ব লোৱাৰ দিনা সোনোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

ক’ভিড কালত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিষয়াক ‘ৱাৰিয়ৰছ’ৰ শলাগ আৰু সম্ভাষণ

সমাজ আৰু সামাজিক ব্যৱস্থাত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণ কৰাৰ লগতে সাম্প্ৰতিক কালৰ ক’ৰোণা আতংকৰ পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰা বাবে শলাগ আৰু সম্ভাষণ জনোৱা কাৰ্য্যসূচী ৰূপায়ণ কৰে ‘ৱাৰিয়ৰছ’ নামৰ সামাজিক সংগঠনটোৱে। উল্লেখ্য যে ; Warriors – এক জাগৰণ নাৰীত্বৰ নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু বেলতলা আঞ্চলিক সমিতিৰ যৌথ সহযোগত আজি দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি ; হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাক নিজৰ কৰ্তব্যৰ লগতে দায়িত্ব পালনত নিষ্ঠা আৰু সততাৰ বাবে এখন ফুলাম গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্ভাষন জনায়। ইফালে আৰক্ষী বিষয়াক সন্মানিত কৰাৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ পৰা সংগঠনটোৰ দুগৰাকী সদস্যই ৰক্তদান কৰা বাবে তেওঁলোকক উৎসাহিত কৰি অভিনন্দন জ্ঞাপন কৰে l সদস্য দুগৰাকী হল কামৰূপ মহানগৰ জিলাৰ সম্পাদক দিগন্ত নাথ আৰু বেলতলা আঞ্চলিক সমিতিৰ সম্পাদিকা গায়ত্ৰী বড়া লহকৰ l এই কাৰ্য্যৰ বাবে তেওঁলোকক সম্বোৰ্ধনা জনাই দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে। দুয়ো গৰাকী সদস্যক এখন ফুলাম গামোচা আৰু এখন অভিনন্দন পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে Warriors কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণমণি বায়ণ ; সাধাৰণ সম্পাদক দিগন্ত নাথ ; জন সংযোগ সম্পাদিকা নিজৰা চেতিয়া ; বেলতলা আঞ্চলিক সমিতিৰ সভাপতি হেমন্ত গগৈ ; সম্পাদিকা গায়ত্ৰী বড়া লহকৰ আৰু বিত্ত সম্পাদিকা হিমাদ্ৰী ভৰদ্বাজৰ লগতে সহযোগ কৰে বেলতলা আঞ্চলিক সমিতিৰ জন সংযোগ সম্পাদিকা মুন গগৈ ; কাৰ্য্যবাহী সদস্য নীহাৰ দাস আৰু অনামিকাই। ইয়াৰ ওপৰিও আৰক্ষী বিষয়া আটাই কেইগৰাকীৰ আগত Warriors – এক জাগৰণ নাৰীত্বৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণমণি বায়ণে। আৰক্ষী বিষয়া কেইগৰাকীয়ে আগলৈ ৱাৰিয়ৰ্চৰ কামত সহায় সহযোগ কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।

হৃদ ৰোগ অস্ত্ৰোপ্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান

ওদালগুৰি জিলাৰ ৭০ নং মাজবাট সমষ্টিৰ অন্তৰ্গত ১ নং খামটুবাৰী গাওঁৰ মুকুল শৰ্মাক ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে । আৰ্থিক দৈন্যতাৰ বাবে দীৰ্ঘদিন ধৰি হাৰ্টৰ অসুখত ভুগি থকা দুৰ্ভগীয়া মুকুল শৰ্মাক হাৰ্টৰ অপাৰেচনৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ  পৰা ১ লাখ টকা পাচনৈ চেৰফাং সমষ্টিৰ এম চি এলএ দিপক মৌৰে ১০জুলাইতচেক যোগে প্ৰদান কৰে বিটিএডিৰ পাঁচনৈ চেৰফাং সমষ্টি এম চি এল এ দীপক মৌৰে। প্ৰধানযোগ্য যে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ  শইকীয়াক বিগত সময়চোৱাত পৰিয়ালটোৱে আৰ্থিক সাহাৰ্য্যৰ বাবে আবেদন কৰিছিল । পৰিয়ালটোৰ অনুৰোধ ৰক্ষা কৰি সাংসদ শইকীয়াই  ১ লাখ টকা সাহাৰ্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়াত মাজবাটৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ গৰাকীক ।

গেলেকীত জ্যোতিমাৰ্গ বেচকাৰী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ

 নাজিৰাৰ গেলেকীত এখন মহিলা বজাৰ। নাজিৰাৰ গেলেকী চাৰিআলিত বেচকাৰী সংস্থা ” জ্যোতিমাৰ্গ ” ৰ প্ৰশংসনীয় পদক্ষেপ।নাৰী সবলীকৰণৰ এক বাস্তৱিক পদক্ষেপ দাঙি ধৰিলে জ্যোতিমাৰ্গ নামৰ এক বেচৰকাৰী সংস্থাই।বৃহত্তৰ গেলেকী অঞ্চলৰ মহিলাসকলৰ সহযোগত গঠিত বেচকাৰী সংস্থা “জ্যোতিমাৰ্গ” ৰ মহিলা সকল ৰাজপথলৈ ওলাই আহি থলুৱা ভাৱে উৎপাদিত শাক-পাচলিৰ লগতে বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী আৰু ব্যৱহাৰ্য সামগ্ৰীৰে এখন বজাৰৰ ব্যৱস্থা কৰে নাজিৰাৰ গেলেকী চাৰিআলিত। বিগত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখে কেৱল মহিলা সকলক লৈ নাজিৰাৰ গেলেকীত গঢ় লৈ উঠিছিল এই জ্যোতিমাৰ্গ নামৰ বেচকাৰী সংস্থাটি।এই সংস্থাটিৰ লক্ষ্যই হ’ল গ্ৰাম্য অঞ্চলৰ যি সকল মহিলা তেওঁলোকৰ প্ৰতিভা দাঙি ধৰাৰ লগতে স্বনিৰ্ভৰশীল কৰি তোলা।ক’ৰণা মহামাৰীৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজৰ অসুবিধা হোৱাৰ বাবেই জ্যোতিমাৰ্গ নামৰ এই বেচৰকাৰী সংস্থাটিয়ে সাধাৰণ ৰাইজৰ বাৰীৰ যি সমূহ শাক-পাচলি সেইসমূহ লৈ বজাৰত বিক্ৰী কৰি সাধাৰণ ৰাইজক উপকৃত কৰি তুলিছে।দৈনিক পুৱা ৯-৩০বজাৰ পৰা ১২বজালৈকে নাজিৰা গেলেকীত এই দৰে বজাৰত থলুৱা ভাৱে উৎপাদিত শাক-পাচলি বিক্ৰী কৰে জ্যোতিমাৰ্গে।বিভিন্ন সময়ত নাজিৰা নগৰত,গেলেকীত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে কেৱল মহিলা সকলক লৈ গঠিত এই জ্যোতিমাৰ্গ নামৰ বেচৰকাৰী সংস্থাটিয়ে।

বালিচাং আৰক্ষীৰ অভিযানত সহস্ৰাধিক লিটাৰ মদ জব্দ

ক’ভিড-১৯ৰ  পৰিস্থিতি  মুকাবিলা কৰা বিশ্বনাথ জিলা প্ৰশাসনে সৰ্বোতভাৱে ব্যৱস্থা গ্ৰহন কৰা স্বত্তেও পৰিস্থিতি   অনুকুল নোহোৱাত সমগ্ৰ বিশ্বনাথ জিলা খনতে সম্পূৰ্ণ  লকডাউনৰ ঘোষনা কৰিছে  ৷  ক’ভিডৰ শোচনীয় পৰিস্থিতিৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী পিযুষ  হাজৰিকাৰ নিৰ্দেশ ক্ৰমে বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা  এক পৰ্যালোচনা সভাত ক’ভিড-১৯  পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও গুৰুত্বপুৰ্ন  সিদ্ধান্ত গ্ৰহন  কৰে ৷ বিশেষকৈ মদৰ  প্ৰচলন থকা স্থান সমুহত ক’ভিড-১৯ ৰ গণ সংক্ৰমনৰ আশংকা প্ৰকাশ কৰা  মন্ত্ৰী পিযুষ হাজৰিকাই মদৰ ঘাটি সমুহ উৎখাত  কৰাৰ কাঢ়া নিৰ্দেশ দিয়ে ৷ মন্ত্ৰীৰ নিৰ্দেশৰ  পাছতেই বিশ্বনাথ জিলা প্ৰশাসনে মুখ্যতঃ মদৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈ পৰে ৷ ইতিমধ্যে আৰক্ষীয়ে  জিলাখনৰ বিভিন্ন স্থানত মদৰ সাম্ভাৱ্য ঘাটি সমুহ চিনাক্ত কৰি  অভিযান তীব্ৰতৰ কৰি তুলিছে ৷  জানিব পৰা মতে  অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিভিন্ন অঞ্চলকে ধৰি মদৰ ঘাটি হিচাবে  খ্যাত  মহজুলি বস্তি আৰু মহজুলি পথাৰত  বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্বাছ আলিৰ নেতৃত্বত C.R.P.F , আবকাৰী বিভাগ আৰু মহিলা আৰক্ষীৰ দলে  আকস্মিক ভাবে  সুৰা উৎখাত কৰাৰ  অভিযান চলাই ৷ অভিযানৰ সময়ছোৱাত মিনা কিলিংপীৰ গৃহত ২০০ লিটাৰ , সিং বে’ৰ গৃহত ১০০ লিটাৰ ,মিলী বেপীৰ গৃহত ১৫০ লিটাৰৰ উপৰিও , মানিক বে , দিলীপ তিমুং আৰু মাইসিং তিমুঙৰ গৃহৰ পৰা ৬৫০ লিটাৰকে  ধৰি সৰ্বমুঠ  ১১০০ লিটাৰ  মদ জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আৰক্ষী অহাৰ গম পায়েই  মদ বেপাৰী  সকলে পলাই সাৰিবলৈ সক্ষম হোৱাত এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷  কৰ্তব্যৰত অৱস্থাত থকা বালিচাং আৰক্ষী বিষয়াক সোধা এক প্ৰশ্নৰ উত্তৰত ক’ভিড -১৯ পৰিস্থিতি সুস্থিৰ অবস্থালৈ নহা আৰু  মদৰ ঘাটি সম্পুৰ্ন ৰূপে উৎখাত নকৰা পৰ্যন্ত এই অভিযান ধাৰাবাহিক ভাবে চলি থাকিব বুলি জানিব দিয়ে ৷ অভিযানৰ এই কাৰ্যত বিশেষ ভাবে সহযোগ দিয়ে বালিচাং , লচমনবস্তি আৰু মহজুলি বস্তিৰ গাওঁৰক্ষী বাহিনী সম্পাদক  সকল ক্ৰমে বালিৰাম ৰংপী , জগন্নাথ কুৰ্মী আৰু ৰেৱন শৰ্মাই ৷ আৰক্ষীৰ এই কাৰ্যত সচেতন লোক সকলে  সন্তুষ্টি প্ৰকাশ কৰে ৷

লাহৰীঘাটত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ বিদ্যুৎ বঞ্চিত গ্ৰাহকৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তৰাবৰীত চাৰিমাহ ধৰি বিদ্যুৎৰ পৰা বঞ্চিত হৈ আছে লাহৰিঘাট বিদ্যুৎ উপ সংমণ্ডৰ অধীনস্ত কাঠনিৰ  তৰাবৰীবাসী।গাঁওখনত বিদ্যুৎৰ যোগান দিয়া ট্ৰেন্সফৰ্মাৰটো হঠাৎ বিকল হৈ পৰাত এতিয়া বিপদত পৰিছে গাওঁখনৰ ৰাইজে। কিয়নো বিদ্যুৎ বিভাগে ট্ৰেন্সফৰ্মৰত বাকী থকা সম্পূৰ্ণ বিল আদায় নিদিয়ালৈকে বিদ্যুৎৰ সংযোগ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীক।গড়খহনীয়াৰ কবলত পৰা গাঁওখনৰ বিদ্যুৎৰ কিছু  গ্ৰাহক  অন্য ঠাইলৈ ঢাপলিমেলাত এতিয়া সম্পূৰ্ণ বিল আদায় দিয়াত অসম্ভব হৈ পৰিছে গাঁওবাসীৰ।যাৰ কাৰণে বিল আদায় দিয়া গ্ৰাহকো এতিয়া বিদ্যুৎৰ মুখ নেদেখা হৈছে।সম্প্ৰতি প্ৰচণ্ড ৰ’দ আৰু নিশাৰ ভাগতো উৎকট গৰমত চৰম অস্বস্তিত ভুগিছে কাঠনিৰ তৰাবৰীৰ বাসিন্দাসকলে ।উপায়ন্তৰ হৈ এতিয়া  বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বিদ্যুৎৰ পৰা বঞ্চিত লোক সকলে ।এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জড়িয়তে শক্তি মন্ত্ৰী  বিমল বৰাৰ সহায় বিচাৰিছে তৰাবৰীৰ বাসিন্দাসকলে।