Home Blog Page 2927

ক’ভিড SOP ভংগকাৰীৰ জৰিমনা ৮০ হাজাৰ টকা সংগ্ৰহ ওৰাং আৰক্ষীৰ

ওদালগুৰি জিলাৰ ধনশ্ৰীঘাট, ওৰাং , ৰৌতা মাজবাট  আদি অঞ্চলত ওৰাং আৰক্ষীয়ে ইতিমধ্যে ক’ভিড প্ৰ’টকল ভংগ কৰা সকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ ৰাজ্যৰ ৭ খন জিলাত লক ডাউন চলি থকা সময়ত কিছু লোকে ক’ৰোণা নীতি নিৰ্দেশনা একেবাৰেই অৱজ্ঞা কৰি অহাৰ কৰ্ম কাণ্ড বোৰে জিলাখনৰ সচেতন মহলক বাৰুকৈ  চিন্তিত  কৰি তুলিছে । ওদালগুৰি জিলাত  ক’ৰোণাৰ  সংক্ৰমন বৃদ্ধি হোৱাত ডিমাকুছি,ধনশ্ৰী,বেটালী,বাহিপুখুৰী চাহ বাগিছা  হট স্পট  হিচাপে চিহ্নিত হৈ অহা পিছতো ওদালগুৰি জিলাৰ  ওৰাং,ৰৌতা,মাজবাট আদি  অঞ্চলৰ বজাৰ হাটত ক’ৰোণাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক একাংশ ৰাইজে বুঢ়া আঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে । জিলাখনৰ বেছিভাগ অঞ্চলৰ বজাৰ হাট, দোকান পোহৰ আদিত  সঠিক ভাবে মাস্ক পৰিধান নকৰাকৈ বহু লোক ঘূৰি ফুৰাত  প্ৰশাসনৰ নীতি নিৰ্দেশনাক অৱজ্ঞা কৰি সমাজৰ বাবে বিপদ মাতি আনিছে । ক’ভিড ১৯ সংক্ৰমনে দিনক দিনে জিলাখনত  ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাঁচ মহীয়া শিশু পর্যন্ত এই ৰোগৰ কবলত পৰি মৃত্যুৰ মুখত পাৰি অহা ঘটনা পোহৰলৈ অহা স্বত্বেও এতিয়াও সজাগ সচেতন হোৱা নাই বহু লোক । ফলত চিন্তিত হৈছে স্বাস্থ্য কৰ্মী তথা জিলাৰ সচেতন মহল । ৰাজ্যৰ লোকে ক্ৰমান্বয়ে লক ডাউন হ্ৰাস পাব , কিছু পৰিমানে ক’ৰোণা মহামাৰীৰ  সংক্ৰমণ ৰোধ কৰা সম্ভৱ হব  বুলি প্ৰথম অৱস্থাত  আশা কৰা হৈছিল যদিও এইসকল অসচেতন লোকৰ বাবে পৰিস্হিতি অধিক বেয়ালৈ গতি কৰিছে । এইসকল অসচেতন লোকে বাইক,চাৰিচকীয়া যান বাহন আদি  লৈ  যধে মধে ঘূৰি থকাত ওৰাং আৰক্ষী থানাই শ শ লোকক জৰিমনা বিহিব বাধ্য হৈছে ৷স্বাস্থ্য বিভাগ আৰক্ষী প্ৰশাসন , বিভিন্ন দল সংগঠনে ক’ভিড নীতি নিৰ্দেশনা অৱলম্বন কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো  সকলো নীতি নিৰ্দেশনা উলঙ্ঘন কৰি বাইক লৈ হেলমেট , লাইচেন্স ,গাড়ীৰ কাগজ পত্ৰ আদি লগত নোলোৱাকৈ অনাই বনাই ঘূৰি ফুৰা লোকৰ উৎপাত প্ৰতিদিনে বৃদ্ধি হোৱাত ওৰাং আৰক্ষীয়ে ক’ভিড আইন,SOP আদি  উলঙ্ঘন কৰি বাইক ,গাড়ীত  ঘূৰি ফুৰা লোক সকলক জৰিমনা বিহিবলৈ অৱশেষত বাধ্য হৈছে ৷  ক’ৰোণা দ্বিতীয় পৰ্য্যায় আৰাম্ভ হোৱাৰে পৰা  ৯ জুলাইলৈকৈ ওৰাং আৰক্ষীয়ে ৮০ হাজাৰ টকা ক’ভিড নীতি নমনা লোকৰ পৰা জৰিমনা বিহিবলৈ সক্ষম হয় । ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপক দাসৰ নেতৃত্বত ক’ভিড প্ৰট’কল আৰু যান বাহন আইন ভংগ কৰা সকলক জৰিমনা কৰা কাৰ্যক ওৰাং সাংবাদিক সংস্থা ,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে প্ৰশংসা কৰাৰ  লগতে  শলাগ হৈছে ৷তদুপৰি ওৰাং আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ প্ৰতিটো কাৰ্য্যসূচীত প্ৰত্যক্ষ ভাবে সহায় সহযোগিতা কৰি থকা দেখিবলৈ পোবা গৈছে ৷কনটেইণ্টমেট জ’নত,ক’ভিড আক্ৰান্ত সকলে ক’ভিড আইন ভংগ কৰি উৎপাত কৰা সকলকো নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে ৷

৯বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যা : গুলীবিদ্ধ ধৰ্ষণকাৰী ‘পঠা’ই আৰক্ষীক দিলে জঘন্য কাণ্ডৰ বৰ্ণনা

চৰাই পোৱালিক খোৱাবলৈ জামুক বুটলিবলৈ গৈছিল কণমানি গৰাকী

▶ভূৰাগাঁৱৰ শিশু ধৰ্ষণ তথা হত্যাকাণ্ডৰ তদন্ত অব্যাহত৷

▶চৈয়দ আলী ওৰফে ‘পঠা”ক আজি পুৱতি নিশা ঘটনাস্থলীলৈ নিলে আৰক্ষীয়ে৷

▶দণ্ডাধীশৰ উপস্থিতিত বিশাল আৰক্ষী বাহিনীৰ উপস্থিতিত ঘটনাস্থলীলৈ নিলে চৈয়দক৷

▶আৰক্ষীৰ ওচৰত গুলীবিদ্ধ ‘পঠা’ৰ সমগ্ৰ জঘন্য কাণ্ডৰ বৰ্ণনা।

▶পুৱা ৫ বজাতে চৰাই পোৱালিক খোৱাবলৈ জামুক বুটলিবলৈ গৈছিল কণমানি গৰাকী।

▶মৰাপাটৰ খেতিৰ মাজত ‘পঠা’ই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল।

▶নিশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কণমানি জনীক।

▶হত্যাৰ পাছতো যৌন উৎপীড়ন কৰা হৈছিল।

▶মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰিছিল।

▶কিছুদিন পূৰ্বে ‘পঠা’ক ভৰিত গুলীয়াইছিল আৰক্ষীয়ে৷

এইবাৰ অখিল গগৈক উভতি ধৰিলে নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই

▶শিৱসাগৰৰ বিধায়ক অখিল গগৈ, সাংসদ ৰিপুণ বৰাই ইতিহাস নাজানি কথা কৈছে।

▶গ্ৰুপিঙক লৈ বুৰঞ্জীয়ে কি কৈছে, সেয়া অনুধাৱন কৰক।

▶গ্ৰুপিঙৰ ভয়াৱহতাৰ সময়ত শৰৎ চন্দ্ৰ বসু,শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৰিহনাৰ কথা বুৰঞ্জীয়ে কৈ থৈছে।

▶পুষ্পলতা দাসৰ গোপীনাথ বৰদলৈ শীৰ্ষক গ্ৰন্থতো দুয়োৰে অৰিহনাৰ বাবে অসম গ্ৰুপিঙৰ পৰা বাচিছিল বুলি স্পষ্ট কৰি থৈ গৈছে।

▶দেৱেশ্বৰ শৰ্মাই ‘হেৰাই যোৱা দিনবোৰ’ শীৰ্ষক আত্মজীৱনীতো একে কথা কৈ গৈছে।

▶গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘জৱাহৰলাল নেহৰু এণ্ড আছামছ্ প্ৰব্লেম’ গ্ৰন্থতো একে কথা লিখিছে।

▶বিজেপিয়ে আদৰ্শ হিচাপে যাক লৈছে সেয়া অৰিহনাৰ ভিত্তিতহে লৈছে।

▶অসমীয়া ভাষাক লৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ‘অসমীয়া ভাষা’ক আধুনিক স্নাতকোত্তৰত অন্তৰ্ভূক্ত কৰিছিল৷

▶যি কথা বিৰিঞ্চি কুমাৰ বৰুৱাই অঙ্কীয়া নাট গ্ৰন্থত উল্লেখ কৰি গৈছে৷

আকৌ আৰক্ষীৰ এনকাউনণ্টাৰ : ধৰ্ষণকাৰীৰ পাছত এইবাৰ নাৰী অপহৰণকাৰীক গুলীয়ালে আৰক্ষীয়ে

বাক্সাৰ তামুলপুৰত আৰক্ষীৰ এনকাউনণ্টাৰ।

▶নাৰী অপহৰণকাৰী তথা নাৰী ব্যৱসায়ী জেহিৰুল ইছলামক গুলীয়ালে আৰক্ষীয়ে।

▶প্ৰেমৰ চলনাৰে জেহিৰুলে শিশু সহ মহিলাক অপহৰণ কৰি বিক্ৰী কৰিছিল বিহাৰৰ কিষাণগঞ্জ জিলাৰ প্ৰেমনগৰৰ নিষিদ্ধ এলেকাত।

▶আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলীচালনা কৰে।

▶জেহিৰুলৰ ঘৰ ধুবুৰীৰ দক্ষিণ শালমাৰা অঞ্চলত।

▶বৃহস্পতিবাৰে আৰক্ষীৰ এটি দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলক।

▶আৰক্ষীয়ে তদন্তৰ বাবে ৰামেচুবৰী গাঁওলৈ লৈ যোৱা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল জেহিৰুলে।

▶আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলি চালনা কৰাত ভৰিত গুলি লাগি আহত হয়।

১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব ভাৰতৰ প্রথমটো অলিম্পিক দল

টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতৰ বৃহৎ দল এটাই অংশগ্রহণ কৰিব৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ ৯০জনীয়া দল এটা অহা ১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব বুলি ভাৰতীয় অলিম্পিক সংস্থাৰ এজন বিষয়ববীয়াই সদৰী কৰিছে৷ খেলুৱৈৰ লগতে ছাপ’ট ষ্টাফৰ সদস্যসকলে এয়াৰ ইণ্ডিয়াৰ চার্টার্ড বিমানেৰে টকিঅ’লৈ ৰাওনা হ’ব৷ প্রথম অৱস্থাত এই দলটো ১৪ জুলাইত টকি’লৈ ৰাওনা হোৱাৰ কথা আছিল যদি ওটকিঅ’ অলিম্পিকৰ আয়োজকে ভাৰতৰ দলটো প্রেৰণত বাধা আৰোপ কৰিছিল৷ টকিঅ’ত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় দলটোৰ খেলুৱৈ আৰু ছাপ’ট ষ্টাফসকলে অতিকমেও তিনি দিন কোৱাৰেণ্টাইনত থাকিব লাগিব৷

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসুস্থ সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা।ইপিনে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ চিকিৎসাৰ বাবে সহায় হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে অমোঘ যুদ্ধ ঘোষণাৰে সমাজক সচেতন কৰাৰ বাবে পদ্মশ্ৰী বীৰুৱালা ৰাভাই নিৰলসভাৱে এক শক্তিশালী অভিযান চলাই আহিছে৷ ‘মিশ্যন বীৰুৱালাৰ’ জৰিয়তে তেখেতে বহু জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ মই আজি তেখেতৰ স্বাস্থ্যৰ বুজ ল’বলৈ গোৱালপাৰাস্থিত তেখেতৰ বাসগৃহত উপস্থিত হওঁ৷ আজি কিছুদিন ধৰি তেখেতৰ স্বাস্থ্য ভাল নহয়৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেখেতৰ উন্নত চিকিৎসাত সহায়ক হোৱাকৈ ১ লাখ টকাৰ এখন চেক প্ৰদান কৰোঁ৷ তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ, যাতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে তেখেতে পুনৰ অমোঘ সংগ্ৰাম চলাই যাবলৈ সক্ষম হয়৷“

মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে মন্ত্ৰী বিমল বৰা, ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলাৰ বিধায়কসকলে।

বকো বন বিভাগৰ চোৰাং কাঠৰ বিৰুদ্ধে অবিৰত অভিযান

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহৰ মূ্ল্যৱান গছ- গছনিৰ ধ্বংসযজ্ঞ ৰুধিবলৈ  বনকৰ্মীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ এই  ক্ষেত্ৰত চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে বকোৰ বন বিভাগে বিশেষ তৎপৰতাৰে অসম- মেঘালয়ৰ সীমান্তলৈকে অব্যাহত ৰাখিছে অভিযান ৷ বৃহস্পতি বাৰে সন্ধিয়া অসম- মেঘালয় সীমান্তত বকো বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক সফল অভিযান ৷ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত বকোৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ অসম- মেঘালয়ৰ সীমান্তৰ দূৰ্গম অঞ্চল পিচলেংত বনৰক্ষী বাহিনীয়ে চলায় এই অভিযান ৷  উল্লেখ্য, মেঘালয়ৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে  মূল্যৱান চোৰাং কাঠৰ কুণ্ডা বিভিন্ন ঠাইলৈ চোৰাংকৈ সৰবৰাহৰ উদ্দেশ্য সীমান্তৰ পিচলেংত জমা কৰি ৰখা বুলি নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানটোত  বন বিভাগে বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । মেঘালয়ৰ পৰা আনি জমা কৰি ৰখা চোৰাং খোকন কাঠৰ এই প্ৰকাণ্ড প্ৰাক্ণ্ড কুণ্ডাসমূহ পিচত  বকোৰ বনৰক্ষী বাহিনীয়ে জব্দ কৰি বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ আহে ৷ ইফালে, বনাঞ্চলিক বিষয়াই জনোৱা মতে, মেঘালয়ৰ এই চোৰাং খোকন কাঠৰ কুণ্ডাসমূহ  কামৰূপ পাৰ হৈ ব্ৰক্ষ্মপুত্ৰৰ নদী পথেৰে  হৈ বৰপেটা জিলাৰ বিভিন্ন ঠাইলৈকে চোৰাং ব্যৱসায়ীয়ে  সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । বনৰক্ষী বাহিনীৰ হাতত জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্রায় ৬০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে।

চিৰাং আৰক্ষীৰ বৃহৎ সাফল্য

মটৰচাইকেল চুৰি চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান । ৰাজ্যত নতুন চৰকাৰ গঠনৰ কিছু দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডʼ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে তৎপৰ হৈ উঠে অসম আৰক্ষী আৰু ২০ জুনৰ পৰা ৩০ জুনলৈ মাত্ৰ ১০ দিনৰ ভিতৰতে চিৰাং আৰক্ষীয়ে তীব্ৰ অভিযান চলাই জিলা খনৰ বিভিন্ন থানা এলেকাৰ পৰা মুঠ ৩০ খন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰে ।ইয়াৰ পিছৰ পৰ্যায়ত যোৱা ৩০ জুন তাৰিখৰ পৰা ৯ জুলাই লৈকে চিৰাং আৰক্ষীয়ে ৩৬ খন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে ইতিমধ্যে ৪ জনকৈ মটৰচাইকেল চুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।যোৱা ১৮ দিনত চিৰাং আৰক্ষীয়ে জিলা খনৰ পৃথকে পৃথকে স্থানত অভিযান চলাই মুঠ ৬৬ খন চুৰি যোৱা মটৰচাইকেল উদ্ধাৰ কৰি এক নজীৰ স্থাপন কৰিছে ।উল্লেখযোগ্য যে বাইক চুৰিৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এয়া এক বৃহৎ সাফল্য। এই বাইক চুৰিৰ সমগ্ৰ চক্ৰৰ তথ্য অতি সোনকালেই পোহৰলৈ আহিব বুলি চিৰাং আৰক্ষীয়ে সদৰী কৰে।

গোলাঘাটত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে লকডাউনৰ সময় বৃদ্ধিৰ সম্ভাৱনা

গোলাঘাটত লকডাউনৰ সময় সীমা বৃদ্ধিৰ ইংগিত দিলে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। যিহেতু ৭ জুলাইৰ পৰা সম্পূৰ্ণ কন্টেইমেন্ট জ’ন ঘোষণা কৰা গোলাঘাট জিলাত হ্ৰাস পোৱা নাই ক’ভিডৰ সংক্ৰমণ। দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লকডাউনৰ সময়ছোৱাত  আজি জিলা খনৰ সমগ্র পৰিস্থিতি বুজ লবলৈ উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।  উপস্থিত হৈ মন্ত্ৰী জনে  জিলা প্ৰশাসন আৰু  স্বাস্থ্য বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত  মিলিত হ’য়। আলোচনাৰ অন্তত মন্ত্ৰী জনে   সংবাদ মাধ্যমৰ আগত অতি পৰিতাপেৰে জিলাখনত বৰ্তমানৰ পৰিস্থিতিৰ বাবে উদ্ৰেক প্ৰকাশ কৰে।   লগতে  এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ  গোলাঘাট জিলা প্ৰশাসন অধিক  কঠোৰ হোৱাৰো  নিৰ্দেশ প্ৰদান কৰে। যদিহে এই সাত দিনীয়া লকডাউনত  জিলাখন নিয়ন্ত্ৰণলৈ নাহে তেন্তে পুনৰ লকডাউনৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও উল্লেখ কৰে মন্ত্ৰী জনে  ।  অনাগত দিনত পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে কঠোৰ লক ডাউন দিয়াৰো  সম্ভাৱনা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে। আজি এই অভিযানত মন্ত্ৰী জনৰ  লগত উপস্থিত থাকে কৃষি ও পশুপালন মন্ত্ৰী অতুল বৰা  আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।

স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনে নিৰ্মাণ কৰি দিলে বেচৰকাৰী জৰাজীৰ্ণ বিদ্যালয় গৃহ

হোজাই জিলাৰ ডবকাৰ স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনৰ সামাজিক কাম কাজে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে ।উল্লেখ্য যে ডবকা নগৰৰ পাৰ্শ্বৱৰ্তী নাহৰ গাঁওস্থিত  জ্ঞানদ্বীপ একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখন পকীৰে নিৰ্মাণ কৰি দিয়াৰ বাবে আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংস্থাটো।বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নাহৰ গাঁৱত ২০১৯ তে জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে স্হাপন কৰা হৈছিল জ্ঞানদ্বীপ একাডেমী নামৰ শিক্ষানুষ্ঠানখন।প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা শিক্ষানুষ্ঠান খনএটা জৰাজীৰ্ণ গৃহত পাঠ দান চলি আছিল। শিক্ষানুষ্ঠানখনত বৰ্তমান আঠ জনশিক্ষক শিক্ষয়ত্ৰীৰ বিপৰীতে দুশৰো অধিক ছাত্ৰ ছাত্ৰী আছে। চৰকাৰী ভাবে স্বীকৃতি নোপোৱাৰ বাবে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকা শিক্ষানুষ্ঠান খন এটা জৰাজীৰ্ণ গৃহতে ৰদ বৰষুণৰ মাজতে পাঠদান আগবঢ়াই আহিছে ইয়াৰ  শিক্ষক শিক্ষয়িত্ৰী সকলে।শিক্ষানুষ্ঠান খনৰ সমস্যাৰাজিৰ বিষয়ে ইয়াৰ পৰিচালনা সমিতিয়ে স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনেৰ সভাপতি মহাম্মদ আলহাজ আব্দুল জলিলৰ দৃষ্টি গোচৰ কৰাত শিক্ষানুষ্ঠানখন ফাউণ্ডেচনৰ তৰফৰ পৰা পকী কৈ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি ইতি পূৰ্বে বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে বিদ্যালয়খনৰ  ন’টা কোঠালীৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বাকী থকা কোঠালীৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। বিদ্যালয় খনৰ চৌপাশৰ  ওৱাল নিৰ্মাণৰ লগতে শৌচাগাৰ,প্ৰশ্ৰাৱগাৰ আদিও নিৰ্মাণ কৰি দিয়া হ’ব বুলি স্বেচ্ছাসেৱী সংস্থাটোৱে জানিব দিয়ে ।এই নিৰ্মাণ কাৰ্যত প্ৰায় ১৫ লাখ টকা ব্যয় হ’ব বুলি ফাউণ্ডেচনৰ সভাপতি মহাম্মদ আলহাজ আব্দুল জলিলে সদৰী কৰিছে । শিক্ষা ক্ষেত্ৰত পিছপৰি থকা অঞ্চল সমূহত শিক্ষিতৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ডবকা নগৰৰ  মাজমজিয়াত থকা ডবকা এম ই বিদ্যালয়খনতো অনুৰূপ ভাৱে শ্ৰেণী কোঠা নিৰ্মাণ কৰি দিছে স্বেচ্ছাসেৱী সংস্থাটোৱে ।সামাজিক কামত সদায় নিজকে নিয়োজিত কৰি ৰখা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনে দৰিদ্ৰ জনগণক খাদ্য বিতৰণ, প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰাখিবলৈ গছপুলি ৰোপণ, দৰিদ্ৰক প্ৰয়োজন অনুসৰি আৰ্থিক সহায় আদিৰ দৰে ৰাজহুৱা কাম কৰি আহিছে । স্বেচ্ছাসেৱী সংস্থাটোৰ এনে সামাজিক কাম কাজক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।Attachments area