১৩ জুলাইত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিছা গাঁও সমূহত দেখা দিয়া ক’ভিড ১৯ ৰ বৰ্দ্ধিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু সহঃ আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে মাজবাট নগৰৰ মাজমাজিয়াত কৰোণা সংক্ৰান্ত সজাগতা অনাৰ লগতে বাটৰুৱা সকলক কভিড পৰীক্ষা কৰাই থকা পৰিলক্ষিত হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা টিমে মাজবাট টাউনত বাটৰুৱা সকলক ধৰি ,মাতি আনি ক’ভিড পৰীক্ষা চলোৱা স্বাস্থ্য কৰ্মী সকলৰ সতে ওদালগুৰি জিলা সহঃ আয়ুক্ত আৰু মাজবাটৰ চক্ৰ বিষয়াই ৰাজপথত বজাৰ হাট কৰিবলৈ ওলাই অহা লোক সকলৰ মাজত ক’ভিড সংক্ৰান্তত সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে বাটৰুৱা সকলক মাতি আনি কৰোণা টেষ্ট কৰাই থকা পৰিলক্ষিত হৈছে । প্ৰশাসনৰ লোকক এইদৰে সজাগতা অনাত ব্যস্ত হোৱা দেখি মাজবাটৰ সচেতন মহলেও শলাগিছে । মাজবাটৰ অন্যতম সক্ৰিয় বিজেপি যুৱ নেতা বৰ্তমান ওদালগুৰি জিলা কৰোণাৰ সংক্ৰান্তত জিলা বিজেপিৰ ফালৰ পৰা দায়িত্বত থকা যুৱ নেতা কিশোৰ শৰ্মাই কয় যে মাজবাটৰ দৰে দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকা সময়ত ওদালগুৰি জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা পদক্ষেপ প্ৰশংসনীয় হৈ পৰিছে ৷আনহাতে ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩ জুলাইত ওদালগুৰিত ২৭ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৩জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৪১১৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ১৩জুলাইত ১৭৩৩গৰাকীক পৰীক্ষা কৰাৰ পিছত ২৭গৰাকীৰ দেহত কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪১১৫ কভিড আক্ৰান্তৰ ভিতৰৰ ৩৮১৪ জনক কভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ২২০ আইচিলেচনত, ২৩৬ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ১৩ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৪৪৮৪০গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ৪৭১ গৰাকীক ৰেট পৰীক্ষাত ১১ গৰাকী কভিড চিনাক্ত কৰা হৈছে ৷
বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি
ভাৰতীয় ক্ৰিকেটৰ ৰূপ ৰেখা সলনি কৰা গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব ছবি, কিন্তু দাদাৰ চৰিত্ৰত থাকিব কোন?
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি। প্ৰায় দুবছৰ ধৰি এই চৰ্চা চলি আছিল যদিও শেহতীয়াকৈহে এই কথা নিশ্চিত হয়।
অৱশ্যে সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ছবিখন কোনে পৰিচালনা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু কিছুমান নাম নিশ্চিতভাৱে সংবাদ মাধ্যমত চলি আছে।
উল্লেখ্য যে চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰক এবাৰ-দুবাৰ বিচিচিআইৰ কাৰ্যালয়লৈ যোৱা দেখা গৈছিল। কিন্তু এইটো তেতিয়াৰ ঘটনা আছিল যেতিয়া কৰ’ণা ভাইৰাছ নাছিল।
এতিয়া প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে নিজেই স্পষ্ট কৰি দিছে যে তেওঁৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হ’ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ ১৮ৰ সৈতে বাৰ্তালাপ কৰি সৌৰভ গাংগুলীয়ে বায়োপিকৰ বাবে সাজু বুলি কয়।
তেওঁ লগতে ছবিখন হিন্দীত নিৰ্মাণ কৰা হ’ব কিন্তু পৰিচালকৰ নাম কোৱাটো সম্ভৱ নহয় বুলিও কয়।
এই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে গাংগুলীৰ চৰিত্ৰত কোনে অভিনয় কৰিব। গাংগুলীয়ে ইংগিত দিছে যে ৰণবীৰ কাপুৰে তেওঁৰ চৰিত্ৰত অভিনয় কৰিব পাৰে। অৱশ্যে ঋত্তিক ৰোশনৰ নামটোও চৰ্চাত আছে।
ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণতৰ দিশত বাগিচা অঞ্চল : বিধি সন্মত ভাবে অনুষ্টুপীয়াকৈ বাগিচাৰ পূজা অৰ্চনা
সম্প্ৰতি বিশ্বনাথ জিলাত ক’ৰণা অতিমাৰীৰ ফলত জিলা প্ৰশাসনে কালিৰে পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। কিছু দিনলৈ জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিপনী সমূহ খোলা ৰাখিছিল যদিও ক’ৰণা সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাত নতুন বিধি অনুসৰি সম্পূৰ্ণকৈ লকডাউনৰ ঘোষণা কৰিছে। ইপিনে ৰাজ্যত ক’ভিড পৰিস্থিতি সৃষ্টি হোৱাৰ পৰাই ৰাজ্যখনৰ চাহ বাগিচাসমুহ নিয়মীত ভাবে কাম চলি থকাৰ মাজতে বিশ্বনাথ জিলাৰ নদুৱাৰ অন্তৰ্গত বৃহত্তৰ দিকৰাই চাহ বাগিচাত যোৱা সোমবাৰে বাৰ্ষিক ‘বুড়া বাবা’পূজা অনুষ্ঠিত হৈ যায়।অৱশ্যে বাগিচাখনত পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি অহা বুড়া বাবা পূজা ভাগ বিগত দিনৰ যাক-যমকতাৰ পৰিবৰ্তে এই বেলি পূজা ভাগ অনুষ্টুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে দিকৰাই চাহ বাগিচাৰ মাজমজিয়াত ঊনৈশ শ শতিকাতে স্থাপন হোৱা বুড়া বাবা থানত বিশেষকৈ শিৱ ৰাত্ৰি,বল বোমৰ লগতে বাগিচা খনৰ বাৰ্ষিক বুড়া বাবা পূজা ভাগ অনুষ্ঠিত হৈ অহাৰ লগতে প্ৰায়েই অঞ্চলটোৰ ৰাইজে পূজা অৰ্চনাও শৰাই আদি আগবঢ়াই অহা পৰিলক্ষিত হয়। লোক বিশ্বাস অনুযায়ী বুড়া বাবা থানত পূজা অৰ্চনাৰে মনোবাঞ্চা পূৰন হোৱাৰ উপৰিও বিশেষকৈ দিকৰাই চাহ বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ অপায়-অমংগল দূৰ হোৱা আৰু বাগিচাখনৰ শ্ৰীবৃদ্ধি হোৱাত সহায় কৰি আহিছে বুলি ৰাইজে বিশ্বাস কৰি আহিছে। ইপিনে পূজা ভাগত বিশ্বনাথ মণ্ডলৰ চাহ মজদুৰ সংঘৰ সম্পাদক নগেন গোৱালা আৰু দিকৰাই চাহ বাগিচা গোটৰ সভাপতি সুনিল নায়কৰ লগত হোৱা আচুতীয়া সাক্ষাৎকাৰত বৰ্তমাণ জিলাখনৰ অন্তৰ্গত বাগিচা সমুহত ক’ৰণা সংক্ৰমণ নিয়ন্ত্ৰণৰ দিশত আছে বুলি কোৱাৰ লগতে স্বাস্থ্য বিভাগে প্ৰদান কৰা ক’ভিড ভেকচিন প্ৰায় ৭০ শতাংশ লোকে গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
অসমত শীঘ্ৰেই উপলব্ধ হ’ব পাৰে সুৰাৰ হোম ডেলিভাৰী সেৱা
নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা৷
বুধবাৰে প্ৰকাশ পাব পাৰে নতুন SOP
প্ৰথমে গুৱাহাটীত আৰু তাৰ পাছত ৰাজ্যজুৰি উপলব্ধ হ’ব পাৰে এই সেৱা৷
সুৰাৰ বিপণী তথা চুলাই মদৰ ঘাটিত ভিৰ কমাবলৈ এই সিদ্ধান্ত ল’ব পাৰে অসম চৰকাৰে৷
ইয়াৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে৷
নাজিৰা পঞ্চায়তত লুণ্ঠনৰাজ : নাজিৰা ব্লক কংগ্ৰেছে সম্বোধন কৰিলে সংবাদ মেল : প্ৰতিজন দুৰ্নীতিকাৰীক নিৰপেক্ষ তদন্তৰে শাস্তিৰ দাবী
যোৱা ১১ জুলাইত নাজিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এটি পথ-প্ৰকল্পৰ কৰ্মৰত ঠিকাদাৰৰ পৰা কমিচন বিচৰাৰ ভি ডি অ’ ভাইৰেল হোৱাৰ লগতে বি জে পিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক তথা বিগত সাধাৰণ নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী ময়ুৰ বৰগোহাঁয়ে সেই ভি ডি অ’ সংবাদ মেলত প্ৰদৰ্শন কৰি লগতে নিপা বৰুৱা সহ দুৰ্নীতিত লিপ্ত সকলৰ গ্ৰেপ্তাৰৰ দাবী তোলে । ইয়াৰ পাছতে ১২ জুলাইত মেকীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৈৰীক আন এটি পথ প্ৰকল্পৰপৰা কমিচন লোৱাৰ উদ্দেশ্য সংক্ৰান্তত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰাৰ ঘটনা সংঘটিত হয় । পঞ্চায়তৰ আৱণ্টিত ধনৰ পৰা কমিচন ৰাজ গঢি় উঠাৰ এই ঘটনাক্ৰমৰ মাজতে ১৩ জুলাইৰ বিয়লি নাজিৰাৰ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত নাজিৰা ব্লক কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু বি জে পি দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি ক্ৰমে নিপা বৰুৱা আৰু প্ৰতিভা ভূমিজ কৈৰীৰ নিৰপেক্ষ তদন্ত দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ বিধান কৰাৰ দাবী তোলে । কাৰ্য্যকৰী সভাপতি মৃদুল বৰগোহাঁই, সাধাৰণ সম্পাদক দিগন্ত সন্দিকৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সম্পাদক তথা নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আব্দৰ ৰহমানে যিকোনো দূৰ্নীতিগ্ৰস্তক কংগ্ৰেছ দলে ক্ষমা নকৰে বুলি উল্লেখ কৰি দলৰ নাজিৰা পঞ্চায়তৰ সভানেত্ৰী গৰাকী প্ৰসংগত দলৰ মজিয়াত অনুশাসনিক ব্যৱস্থাৰে বিচাৰ কৰিব বুলি কয় । আনহাতে বি জে পিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক তথা যোৱা বিধান সভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী ময়ুৰ বৰগোহাঁয়ে নাজিৰাৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মৌনতাৰে এনে দুৰ্নীতি চলি যাবলৈ দিয়া বুলি তোলা অভিযোগ খণ্ডন কৰি কয় যে ময়ুৰ বৰগোহাঁয়ে তোলা এই অভিযোগৰ ভিত্তি নাই । তেওঁ এই বক্তব্য উঠাই লোৱা উচিত বুলি কোৱাৰ লগতে এতিয়া “গোসাঁই ঘৰত কোন, মই কল খোৱা নাই” প্ৰবচনৰ লগতহে তেওঁ নিমজ্জিত হৈছে । কংগ্ৰেছ বিষয়ববীয়া সকলে ময়ুৰ বৰগোহাঁয়ে কংগ্ৰেছ বিজয়ী কোন কেইখন পঞ্চায়তত দুৰ্নীতিৰ তথ্য হাতত থকা বুলি দাবী কৰিছে সেই কেউখনকে সংবাদ মাধ্যমৰ আগত জাহিৰ কৰিবলৈও আহ্বান জনায় । সংবাদ মেলত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক যোছেফ সিং , শৰৎ গগৈকে ধৰি ভালেকেইজন বিষয় – ববীয়া উপস্থিত থাকে ।
ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম
ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম
ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ৰাজ্যত যোৱা ৫ মে’ৰ পৰা প্ৰযোজ্য হৈ থকা নীতি-নিয়মত ৰাজ্যৰ জনসাধাৰণে পুনৰ কিছু শিথিলতা লাভৰ সম্ভাৱনা আছে।
যোৱা শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত প্ৰদান কৰিছিল। তেওঁ এখন সংবাদমেলত কৈছিল যে অহা ১৪ জুলাইৰ পৰা ক’ভিড পৰিস্থিতি উন্নত হোৱা জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব।
অৱশ্যে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত থকা ৭ খন জিলাত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নহয় বুলিও স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰী শৰ্মাই।
এই সাতখন জিলা হ’ল গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁও।
শৰ্মাই সংবাদমেলত কৈছিল, ‘গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁৱত এতিয়াও পৰিস্থিতি চিন্তনীয়। এই জিলা কেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলা ৩ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হ’ব আৰু এই জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব’।
তেওঁ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে কঠোৰ দৃষ্টি ৰখা বুলিও উল্লেখ কৰিছিল।
আনহাতে গুৱাহাটী মহানগৰত সান্ধ্য আইন ৫ বজাৰ পৰাই চলি থকাৰ সম্ভাৱনা আছে।
এই সকলোবোৰ নীতি-নিয়ম চূড়ান্ত নহয় যদিও মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা স্পষ্ট হ’ব পাৰি যে আজি বিয়লি প্ৰকাশ পাবলগীয়া ক’ভিড এছ অ’ পি এনেবোৰ সিদ্ধান্তই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে যোৱা ৬ জুলাইত ৰাজ্য চৰকাৰে ক’ভিড প্ৰতিৰোধৰ বাবে ৰাজ্যৰ সাতখন জিলাত সম্পূৰ্ণ কনটেইমেণ্ট ঘোষণা কৰিছিল।
ৰঙিয়াত ভূল চিকিৎসাৰ বলি হৈ সন্তানক হেৰুৱাবলগীয়া হোৱাৰ দৰে গুৰুতৰ অভিযোগ
ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ গৌৰাঙ্গ মেধীৰ বিৰুদ্ধে ভূল চিকিৎসা কৰাৰ দৰে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে ৰঙিয়াৰ নিকটৱৰ্তী হেমদোল গাৱৰ হাইনাশ্ৰী কলিতা নামৰ প্ৰসুতিগৰাকী পূৰ্বৰে পৰা ডাঃ মেধীৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল ।যোৱা ৩० জুনত প্ৰসুতিগৰাকীৰ হঠাৎ পেটৰ বিষ অহাত ডাঃ মেধীৰ লগত যোগাযোগ কৰাত ডাঃ মেধীয়ে চিকিৎসালয়খনত সেইদিনা দায়িত্বত থকা অন্য এগৰাকী চিকিৎসকক দেখুৱাবৰ পৰামৰ্শ দিয়ে। পিছদিনা ডাঃমেধীৰ লগত যোগাযোগ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্চিংহোমত DEXASONE নামৰ বেজী এটা দিয়ে আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যলয়লৈ যাবলৈ পৰামৰ্শ দিয়ে কিন্তু প্ৰসুতিগৰাকীয়ে কিছু সুস্থ অনুভৱ কৰি ঘৰলৈ ঘুৰি আহে যদিও পুনৰ বিষ অনুভৱ কৰে আৰু সেইসময়ত ডাঃ মেধীৰ লগত যোগাযোগ কৰি বিফল হোৱাত আদবাটতে বাইহাটা চাৰিআলীৰ এজন চিকিৎসকক দেখুৱাই যদিও চিকিৎসকে প্ৰসুতিগৰাকীৰ সন্তানটো গৰ্ভতে মৃত্যু হোৱা বুলি জনাই । এই কথা জানিবপাৰি হতচকিত হৈ পৰে প্ৰসুতিগৰাকী আৰু তেওঁৰ স্বামী, ইয়াৰ পিছত গুৱাহাটীৰ মহেন্দ্ৰমোহন চৌধুৰী হস্পিতালত মৃত সন্তানটি প্ৰসৱ কৰাই। ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ন্যায় পোৱাৰ আশাৰে যোৱা ०৮ জুন তাৰিখে ৰঙিয়া থানাত দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছে । আনহাতে চিকিৎসক গৰাকীয়ে সাংবাদিকৰ আগত সম্পূৰ্ণ দায়িত্ব সহকাৰে প্ৰসুতিগৰাকীৰ চিকিৎসা কৰা বুলি দাবী কৰাৰ ওপৰিও এজন দায়িত্বশীল চিকিৎসক হিচাপে যি ধৰণৰ ঔষধ পাতি ,পৰামৰ্শ দিব লাগে এই সকলোখিনি দিয়া হৈছে বুলি দাবী কৰে। চৰকাৰী চাকৰি থকাৰ পিচতো কিয় ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসা কৰে বুলি প্ৰশ্ন উত্থাপন হোৱাৰ বিষয়ে উত্তৰ দি কয় যে তেওঁ যিহেতু চৰকাৰৰ পৰা এন পি এছ নলয় সেয়েহে আজৰি সময়ত তেওঁ ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসা আগবঢ়াব পাৰে বুলি জনাই।এইক্ষেত্ৰত আদালাতত সমস্ত তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰা হʼব । তেওক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে এইধৰণৰ অভিযোগ কৰা বুলিও আক্ষেপ প্ৰকাশ কৰে । লক্ষণীয়ভাবে জিন্তু কলিতাই ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পলমকৈ ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিল,এয়াও এক প্ৰকাৰ ৰহস্যৰ বিষয়। তদন্তৰ অন্তত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব কোন সচাঁ কোন মিছা ।
কাজিৰঙাত গঁড় হত্যা কৰা চিকাৰী উগ্ৰপন্থী গ্ৰেপ্তাৰ মনিপুৰত
মনিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এচ চি এন (আই এম) আৰু নৱ গঠিত জেমী ৰিভলোচনেৰী আৰ্মী চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে ৷ গোলাঘাট আৰু মনিপুৰ আৰক্ষীৰ যুটীয়া আভিযানত সংগঠনটোৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে ৷ আজি বোকাখাত আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে ৷ ক’ভিড ১৯ ৰ ভয়াৱহ গণ সংক্ৰমণৰ মাজতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা মনিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ৷ এনে গঁড় হত্যাকাৰীৰ বিপক্ষে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ সোমবাৰে ২৪ ঘন্টা ধৰি মণিপুৰত গঁড় হত্যাকাৰীৰ বিৰুদ্ধে চলা অভিযানত এটা গঁড় হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মনিপুৰৰ চূড়াচান্দপুৰ জিলাৰ একে আৰক্ষী থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা চিকাৰীটো থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠান ৷ বোকাখাত আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাৰ নেতৃত্বত দহজনীয়া এটা দলে চলোৱা অভিযানত সহযোগ কৰে মণিপুৰ আৰক্ষীয়েও ৷ ২০২০ চনত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে ওৰফে নেংজাথাম ভাল্টে আৰু নগাঁৱৰ চাইমন লাক্ৰা নামৰ দুটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই চিকাৰী দুটাৰ স্বীকাৰোক্তি ভিত্তিত থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত গোচৰ নং ১৯৫/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/১২১(এ)/৩৭৯/৪১১, আৰ/ডব্লিউ আইনৰ ১৭/১৮ইউ এ(পি)/৫১(১৮) আৰু বন সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিতেই
থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানক বোকাখাত আৰক্ষী থানাৰ অভিযানকাৰী দলে মনিপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি আজি বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ অধিক সোধপোচৰ বাবে আডালতে পাঠানক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাৎ দিয়ে ৷ এই অভিযানৰ পোনপটীয়াকৈ নেতৃত্ব দিছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি,পি,সিঙে বুলিও সংবাদমেলত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে জানিবলৈ দিয়ে ৷ ধৃত চিকাৰীটোৱে বানৰ সময়ত কাজিৰঙাৰ বিশ্বনাথ সংমণ্ডলত স্থানীয় চোৰাং চিকাৰীৰ সৈতে মিলি গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ৷
আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাৰ ৬তম্ মৃত্যু বাৰ্ষিকী
আজি ১৩ জুলাই। আজিৰ দিনটোতে ইহ:লীলা ত্যাগ কৰিছিল সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাতীয় পিতা স্বৰূপ জাষ্টিন লাক্ৰা। আজি তেখেতৰ ৬তম্ মৃত্যু বাৰ্ষিকী। সমগ্র ৰাজ্যৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিয়ে চাপৰ’ৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ক’ভিডৰ নীতি-নিয়ম মানি অনুস্থুপিয়াকৈ পালন কৰে নেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী। উক্ত অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় উপ-সভাপতি জনে অসমৰ আদিবাসীসকলোৰ সমস্যা তথা দাবীসমূহ শাসনাধীষ্ঠ চৰকাৰৰ ওচৰত দাবী জনায় যে আদিবাসী সকলৰ জনজাতীকৰণ অতি শীঘ্ৰে কৰিব লাগে,চাহ শ্ৰমিকৰ মজদুৰি ৩৫১ টকালৈ বৃদ্ধি,আদিবাসী সকলক ভূমি পাট্টা প্ৰদান, অসম চৰকাৰৰ ১ লাখ নিযুক্তিত আদিবাসীসকলৰ বাবে সংৰক্ষণ কৰিব লাগে।
টিংখাঙত বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া অব্যাহত
ৰাজ্যখনত কেইবাখনো জিলাত বানপানী আৰু খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে।প্ৰতিবছৰে হোৱাৰ দৰে চলিত বৰ্ষত বানপানী আৰু খহনীয়াৰ বাবে বহুলোক সৰ্বস্বান্ত হ’ৱ লগা হৈছে।খেতি মাটিৰ লগতে ঘৰ দুৱাৰ পৰ্যন্ত বানপানী আৰু খহনীয়াত জাহ যোৱাত পৰিয়ালসমূহৰ মাজত হাহাকাৰময় পৰিবেশ সৃষ্টি হৈছে।তদুপৰি বহুতো পৰিয়ালৰ মাটি ভেটি নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।শেহতীয়াভাৱে ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজহ চক্ৰৰ অন্তৰ্গত ধমন অঞ্চলৰ এক বিস্তৃৰ্ণ কৃষি ভূমি বুঢ়ীদিহিং নদীৰ কৱলত পৰিছে।অঞ্চলটোৰ আঘোণীবাৰী,চেচাঁ নেপালী,কেন্দুগুৰি আদি কেবাখনো গাঁৱত বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা খহনীয়াই ভয়াবহৰূপ ধাৰণ কৰিছে।বিগত কেবাবছৰ ধৰি অঞ্চলটোত অব্যাহত থকা খহনীয়াত বৃহৎ পৰিমাণৰ খেতি পথাৰ জাহ গৈছে।তদুপৰি বহুকেইটা পৰিয়ালৰ মাটি ভেটি নৈখনৰ বুকুত বিলীন হৈছে।জানিব পৰা মতে মূল্যবান গছ গছনিৰ লগতে তামোল পাণ,কল কুঁহিয়াসহ আন আন ফল মূলেৰে ভৰা বাৰী মাটি নৈয়ে গ্ৰাস কৰাত কৃষিজীৱী পৰিয়ালকেইটাই দুৰ্বিহ জীৱন কটাব লগা হৈছে।খহনীয়াৰ লগতে অঞ্চলটোত প্ৰতিবছৰে নৈখনৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰি আহিছে।নৈখনৰ বাঢ়নী পানীয়ে অঞ্চলটোত বিস্তৃৰ ক্ষতি সাধন কৰি অহাৰ বাবে বাৰিষাৰ সময়ছোৱাত জনসাধাৰণে জীয়াতু ভূগিব লগা হয়।বানাক্ৰান্ত অঞ্চলটোৰ সৰ্বসাধাৰণলোকৰ লগতে পশু খাদ্যৰ অভাৱনীয় সংকটে দেখা দিয়ে।বাৰিষাৰ সময়ছোৱাত অঞ্চলটোৰ সকলোবিলাক শিক্ষানুষ্ঠান বন্ধ ৰাখিব লগা হয়।বাট পথৰ অৱস্থা শোচনীয় হৈ পৰা বাবে অঞ্চলটোত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।উল্লেখ্যে যে বিগত সময়ছোৱাত বানাক্ৰান্ত অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ ক্ষোভিত কৃষিজীৱী জনসাধাৰণে বানপানীৰ লগতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী কৰিছে।বিশেষকৈ এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা টিংখাং বিধান সভা সমষ্টিৰ পৰা ৰাজ্য বিধান সভালৈ দুবাৰকৈ নিৰ্বাচিত হোৱা বিমল বড়াৰ যাৱতীয় পদক্ষেপ কামনা কৰিছে।এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত টিংখাং বিধান সভা সমষ্টিৰ ধমন অঞ্চলৰ লগতে দিচাং নদীয়ে দিল্লীবাৰী,মাহমৰা আদি কেবাঠাইত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিল্লীবাৰী অঞ্চলত দিচাং নৈৰ খহনীয়াই ঐতিহাসিক মাহমৰা গড়কাপ্তানী বিভাগৰ পথটোৰ এটা অংশ গ্ৰাস কৰাত যাতায়তৰ বাবে বিপদজনক হৈ পৰিছে।তদুপৰি অঞ্চলত দীৰ্ঘকাল বসতি কৰা বহুকেইটা পৰিয়ালে নৈখনৰ খহনীয়াৰ বাবে নিৰাপদ ঠাইলৈ ঘৰ ভঁৰাল স্থানান্তৰ কৰিব লগা হৈছে।











