Home Blog Page 2922

মুদৈজানত ৰাতি ৰাতি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ: মামৰে ধৰা ৰডৰ ওপৰতে ঢালাই দিয়াৰ চেষ্টা: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰনৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ স্থানীয় ৰাইজৰ

যোৱা ২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল কিন্তু আজিও যোৰহাটৰ পৰা জাঁজী দলঙলৈ চাৰিলেণ্ডৰ কামৰ যেন শেষ নাই । সমগ্ৰ জিলা খনতে ক্ৰুটিপূৰ্ণ ভাবে কাম কৰাৰ বাবে বিভিন্ন সময়ত ৰাইজ তথা বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে । শেহতীয়াকৈ টীয়ক মুদৈজান নদীৰ ওপৰত ঠিকাদাৰী প্ৰতিষ্ঠানটিয়ে ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মাণ কৰাৰ বাবে চাৰিলেণ্ড ক্ষতিগ্ৰস্ত দাবী সমিতিয়ে ৰাইজৰ  সহযোগত ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । যোৱা ২৫জুনত প্ৰায় অৰ্ধ শতাধিক ৰাইজৰ স্বাক্ষৰিত স্মাৰক পত্ৰ খনি প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ত PMOPG /E/2021/0425331 আৰু PMOG/E/2021/0439468 নম্বৰত পঞ্জীয়ন হোৱাৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ Under Secretary (public) ৰ দ্বাৰা বিষয়টি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে  বুলি জানিব পৰা গৈছে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা মূল দাবী সমূহৰ ভিতৰতকাষৰ পথটি যাতে নদীৰ পানীয়ে উটুৱাই নিব নোৱাৰে তাৰ বাবে  দলঙৰ সংলগ্ন কৰি এখন Retaining Wall নিৰ্মাণ কৰি এখন সত্ৰৰ মুখ্য তোৰণ, দুখন শিক্ষানুষ্ঠান আৰু কৃষিভূমি সমূহ বানপানীৰ পৰা যাতে মুক্ত হয় তাৰ ব্যৱস্থা কৰা, জলসম্পদ বিভাগৰ লগত আলোচনা কৰি নদীখনৰ পূৰ্বৰ গতিপথ অক্ষুন্ন ৰখাৰ লগতে নিৰ্মান কৰি থকা দলঙৰ আসোঁৱাহ সমূহ দূৰ কৰা, চাৰিলেণ্ড যুক্ত ৰাস্তা নিৰ্মান কৰাৰ সমান্তৰালকৈ উপপথ(Service Road) আৰু বিদ্যুতৰ খুটা সমূহ বিভাগীয় নীতি মতে হৈছেনে নাই তাৰ তদন্ত কৰা আদি । ৰাইজৰ অভিযোগ যে যোৱা মাৰ্চ মাহতে আসোঁৱাহ পূৰ্ণ ভাবে দলঙৰ জালি প্ৰস্তুত কৰিলে যত ফাৰ্মা হিচাবে ব্যৱহাৰ কৰিলে প্লাইউড। হৈ যোৱা প্ৰথমটো বানত উক্ত কাঠৰ ফাৰ্মা সমূহ নষ্ট হৈ পৰে। এতিয়া মামৰে ধৰা ৰড ৰ ওপৰতে কালি ৰাতি মবাইলৰ পোহৰত গুটি ঢালিবলৈ অহা কাৰ্য্যত স্থানীয় ৰাইজে বাধা প্ৰদান কৰে । সমগ্ৰ টীয়ক তথা যোৰহাট জিলাখন কভিড ৰ বাবে ৰেড জন এলেকা হিচাবে কাৰফিউ জাৰি কৰাৰ পিছতো এনেদৰে জনসমাগম কৰি ৰাতি ৰাতি এই আসোঁৱাহ পূৰ্ণ দলং খনৰ নিৰ্মাণ কৰিবলৈ অহাটোত ৰাইজে আচৰ্য প্ৰকাশ কৰিছে। ৰাইজে ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ উপৰিও ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সচিব, অসমৰ মুখ্য সচিব ,জিলা উপায়ুক্ত আৰু NHIDCL ৰ মুখ্য বিষয়া লৈও পত্ৰ প্ৰেৰণ কৰিছে। দলঙৰ আসোঁৱাহ দূৰ নকৰাকৈ আৰু গাইড ৱাল নিদিয়াকৈ দলং নিৰ্মাণ কৰিলে ৰাইজে আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিছে ।পৰৱৰ্তী সময়ত চৰকাৰ তথা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়াহে লক্ষণীয় হব।

৪৮ কোটি টকীয়া দুই লেনযুক্ত ৰাজ্যিক ঘাইপথ নিৰ্মাণত ঠিকাদাৰ গোষ্ঠী নাহাতাৰ অনিয়ম

ঢকুৱাখনাৰ খজুৱা তিনিআলিৰ পৰা মাতমৰা সংযোগী ৰাজ্যিক ঘাইপথটো দুইলেনযুক্ত কৰি নিৰ্মাণৰ বাবে চি,আৰ,এফ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত  ৪৮ কোটি ৮৫ লাখ ৩৭ হেজাৰ টকাৰ আবন্টন দিয়া হৈছিল পথ নিৰ্মাণকাৰী ঠিকাদাৰ গোষ্ঠী নাহাতাক।এই বৃহৎ পৰিমাণৰ পূঁজিৰে খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা নগৰ হৈ মাতমৰা সংযোগী পথচোৱা দুইলেনযুক্ত কৰি নিৰ্মানৰ নামত ঠিকাদাৰগোষ্ঠী নহাতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে।নিৰ্মীয়মান অৱস্থাত থকা উল্লেখিত ৰাজ্যিক ঘাইপথটোৰ খামন বিৰিণা অংশত থকা এটা অতি পুৰণি কালভাৰ্ট ভাঙি নতুনকৈ তাত কালভাৰ্ট সজাৰ বিপৰীতে ঠিকাদাৰ গোষ্ঠী নাহাতাই আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ সৈতে মিলি পথটোৰ নামত আবন্টিত টকাৰ লুণ্ঠনৰ অংকৰে পূৰ্বৰ দূৰ্বল কালভাৰ্টৰ দুইমূৰ সামান্য ভাঙি ৰ’দ জোৰা দি বহলকৈ নিৰ্মাণ কৰিবলৈ লৈছে।দুইলেনযুক্ত এটা ৰাজ্যিক ঘাইপথত এনেদৰে জোৰা-টাপলি মাৰি নিৰ্মাণ কৰা পকী কালভাৰ্টে কিমান দিন লাচটিংকৰিব তাক লৈও ৰাইজৰ সন্দেহ উপজিছে ! কিয়নো যিটো পূৰণি কালভাৰ্ট মাজত ৰাখি তাৰ দুইমূৰত ৰ’দ সংযোগ কৰি বহল কৰিবলৈ বিচাৰিছে তাৰ বহন ক্ষমতা এটা দুইলেনযুক্ত পথত চলিব লগা গধুৰ যান-বাহন পাৰাপাৰ হ’ব পৰাকৈ নাই।সেইয়ে এই কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে ঢকুৱাখনা প্ৰশাসনক তদন্তৰ ব্যৱস্থা কৰি উচিত প্ৰদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।

ডবকা পাহাৰত বনজ সম্পদ ধ্বংস যজ্ঞক লৈ সৰৱ সচেতন মহল: সামাজিক মাধ্যমত তুলপাৰ


মিত্ৰজোঁটে দ্বিতীয় বাৰ চৰকাৰ গঠন কৰাৰ সুযোগ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছত অসমত চলি থকা বিভিন্ন ছেণ্ডিকেট ৰাজ বন্ধ কৰাৰ কাৰণে সক্ৰিয় বাবে কাম কৰি থকাৰ সময়ত হোজাই জিলাৰ বনজ সম্পদৰ ওপৰত ব্যাপক ৰূপত চেণ্ডিকেট চলি থকা পৰিলক্ষিত হৈছে । এই বন চেণ্ডিকেটক লৈ সংবাদ মাধ্যম দ্বিখণ্ডিত হোৱা পৰিলক্ষিত হৈছে। কেতিয়াবা যদি কোনোবাই বালি চেণ্ডিকেটৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰে আন কিছুমানে ৰাজ পথত নামি শিলৰ ছেণ্ডিকেটৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়। হোজাইত  বনমাফিয়াই বন বিভাগক মেনেইজ কৰি শিল আৰু বালিৰ অবৈধ বেহা চলাই থকা দেখা পাই স্থানীয় সচেতন ব্যক্তি সকলে সামাজিক মাধ্যমত এই অবৈধ বনজ সম্পদ ধ্বংস যজ্ঞৰ ছবি ভায়ৰেল কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। এই বনজ সম্পদ ধ্বংস যজ্ঞৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ নোপোৱাত কিছুমানে আক্ষেপ প্ৰকাশ কৰিছে। কিছুমানৰ মতে  শিল আৰু বালিৰ অবৈধ বেহাৰ লগত সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তি জড়িত হৈ আছে। হোজাই জিলাৰ কাকী আৰু ডবকা ৰেঞ্জৰ এলেকাত বিভিন্ন গাঁৱত অবৈধ কাঠ ফলা মেইল চলি আছে , যমুনা নৈৰ পাৰা মেচিন লগাই অবৈধ বাবে বালি খনন কৰা হয়, ডবকা পাহাৰৰ পৰা অবৈধ বাবে শিল আনি  ডবকাৰ পৰা সৰুপথাৰলৈকে চাৰি লাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে অবৈধ শিলৰ ৰমৰমীযা় ব্যৱসায় চলাই আছে। এখন চালানে তিনিবাৰ শিল বা বালিৰ খৰবৰাহ কৰাৰৰ অভিযোগ উত্থাপন হৈছে। কিন্তু হোজাই বন বিভাগে দেখিওঁ নেদেখাৰ ভাও জুৰি কুম্ভনিদ্ৰাত বহি থকাৰো অভিযোগ উত্থাপিত হৈছে ।

অলিম্পিকগামী লাভলীনাক লৈ উচাহৰ ঢল বোকাখাত জে ডি এছ জি মহাবিদ্যালয়তঃ

অহা ২৩ জুলাইত আৰম্ভ হব টকিঅ’ অলিম্পিক গেমছ ২০২০। ভাৰতীয় দলৰ স’তে যাব অসমৰ একমাত্ৰ খেলুৱৈ, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী তথা অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে। ইয়াকে লৈ সমগ্ৰ গোলাঘাট জিলাৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ত উচাহৰ এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে। উল্লেখযোগ্য যে অসমৰ সুযোগ্য সন্তানগৰাকী বৰ্তমান বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয় অধ্যয়নকেন্দ্ৰৰ এগৰাকী শিক্ষাৰ্থী আৰু তেওঁৰ অধ্যয়নৰ সমস্ত দায়িত্ব মহাবিদ্যালয়ৰ কতৃপক্ষই কান্ধ পাতি লৈছে। সেয়ে খেলুৱৈ গৰাকীৰ সফলতা কামনা কৰি অধ্যক্ষ ড° জয়ন্ত গগৈ, অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড° অৰুণ কুমাৰ বৰা, লাভলীনা বৰগোঁহাইৰ পৰিয়ালৰ লগত যোগাযোগ কৰি মহাবিদ্যালয়ত অধ্যয়নৰ সুবিধা কৰি দিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰা সহযোগী অধ্যাপক আৰু অধ্যয়ন কেন্দ্ৰটোৰ তদানীন্তন সমন্বয়ক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সদস্য, ক্ৰীড়া নিৱন্ধকাৰ, প্ৰবীণ ক্ৰীড়াবিদ, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি সুবোধ বৰাকে আদি কৰি মহাবিদ্যালয় পৰিয়ালৰ সমূহ সদস্যই শুভেচ্ছা জ্ঞাপন কৰিছে। বিশ্ব ক্ৰীড়াৰ এই সৰ্বোচ্চ প্ৰতিযোগিতাখনিতো লাভলীনা বৰগোঁহায়ে পদক অৰ্জন কৰিবলৈ সক্ষম হব বুলি সকলোৱেই আশাবাদী। তদুপৰি অহা ৯ আগষ্টৰ পৰা পোলেণ্ডত অনুষ্ঠিত হব লগা বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা বোকাখাতৰ সন্তান বিশাল চাংমাইকো মহাবিদ্যালয় পৰিয়ালৰ পৰা অভিনন্দন জ্ঞাপন কৰে।

বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাইঃ

 আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ গোলাঘাটৰ একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসম বাসীৰ বাবে সুখৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে । প’লেণ্ডত অনুষ্ঠিত হব লগীয়া বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ  নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাই গোলাঘাটৰ একমাত্ৰ আৰ্চাৰী খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপ লৈ নিৰ্বাচিত হৈছে। বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ পুত্ৰ বিশাল বোকাখাত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। উল্লেখ্য যে, ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প’লেণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। সৰুৰে পৰা আৰ্চাৰীৰ প্ৰতি আকৰ্ষিত বিশালে প্ৰাথমিক পৰ্যায়ত কোনো আনুষ্ঠানিক প্ৰশিক্ষক নোলোৱাকৈয়ে নিজেই আৰ্চাৰীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে বিশালৰ পিতৃ শান্তনু চাংমাইয়ে। সম্প্ৰতি হাৰিয়ানাত প্ৰশিক্ষণৰত বিশালৰ এই সাফল্যত অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষক, ছাত্র ছাত্ৰী উৎফুল্লিত হৈ পৰিছে। বিশালে ২০১৩ চনৰ  পৰা আন্তঃজিলাৰ প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০১৬/১৭ বৰ্ষত কোকৰাঝাৰৰ গোঁসাই গাঁৱত অনুষ্ঠিত হোৱা আন্তঃজিলা প্ৰতিযোগিতাত ২০ মিটাৰ আৰু অলিম্পিক শাখাত সোণ বুটলিবলৈ সক্ষম হৈছিল। আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৬/১৭ চনতো মধ্য প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত হোৱা নেচনেল স্কুল গেমছত চিলভাৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশৰ ঢাকাত ২০১৯ত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাত  আৰু দলীয় ভাবেও ব্ৰঞ্জ লাভ কৰিছিল। ২০১৯ ত স্পেইনৰ মাড্ৰিদত হোৱা বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নচীপত ভাৰতীয় দলত অংশগ্ৰহণ কৰিছিল। বোকাখাতৰ লগতে সমগ্ৰ অসমবাসীয়ে ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প’লেণ্ডত অনুষ্ঠিত হ’বলগীয়া  বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপত বিশালে ভাৰতৰ তথা ৰাজখনলৈ পদক কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।

১৯৪১ চনত নিৰ্মিত ডবকাৰ যমুনা নৈৰ দলং জাহ যোৱাৰ উপক্ৰম

১৯৪১ চন ৷ সমগ্ৰ দেশ বৃটিচৰাজৰ অধীন ৷ সেই সময়ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডবকাস্থিত যমুনা নদীৰ ওপৰত ডবকা-হোজাই সংযোগী পথৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা হৈছিল ৷ বৰ্তমান দলংখন ডবকা গড়কাপ্টানী পথ সংমণ্ডলৰ অধীন ৷ সম্প্ৰতি দলংখন নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ ফৰলেনযুক্ত পথ ডবকা চহৰৰ বাহিৰেদি যোৱাত পুৰণি দলংখন অৱহেলিত হৈ পৰিছে ৷ পথৰ গতি সলোৱাত ডবকা চহৰৰ মাজেদি যোৱা দলংখনৰ পুনৰ নিৰ্মাণ বা মেৰামতি আদি নোহোৱাত ক্ৰমাৎ দলংখন নৈৰ খহনীয়াৰ কৱলত পৰাৰ লগতে ব্যাপক অংশ জহি গৈছে ৷ বহু ঠাইত দলংখনৰ চাইড ৰেলিং খহি যোৱাত বাঁহ দি ৰেলিং দিয়া হৈছে ৷ যমুনা নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে জলসম্পদ বিভাগকে ধৰি ডবকা পৌৰসভা, লোক নিৰ্মাণ বিভাগক বাৰম্বাৰ অভিযোগ দি অহাৰ পিছতো কোনো এটা বিভাগে কানসাৰ নিদিয়াত দলংখনৰ ওপৰেদি যাতায়াত ব্যৱস্থা বিপদ সংকুল হৈ পৰিছে ৷ দলংখনৰ ওপৰেদি গধুৰ যান-বাহনৰ চলাচল নকৰিবলৈ হোজাই জিলা প্ৰশাসনে দলঙৰ দুয়োফালে লোহাৰ খুঁটা পুতি থৈ দায়িত্ব সামৰিছে ৷  এই দলংখনৰ মেৰামতি আৰু আনুষংগিক কামৰ বাবে ৰাইজে গড়কাপ্তানী বিভাগক বহুবাৰ আবেদন কৰিও বিফল হৈছে ৷ ডবকা গড়কাপ্তানী পথ সংমণ্ডলৰ অন্তৰ্গত বৃটিচ আমোলত নিৰ্মিত এই পকী দলংখন যমুনা নদীত খহি যোৱাৰ উপক্ৰম হোৱাত নগৰীয়া ৰাইজৰ লগতে ডবকা চহৰৰ সৈতে সংলগ্ন দুয়োপাৰৰ ৰাইজক চিন্তিত কৰি তুলিছে ৷ তাৰ সমানে দলংখনৰ দুয়োপাৰে ব্যাপক অংশ যমুনা নৈৰ খহনীয়াত পৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ডবকা-হোজাই (গড়কাপ্তানী পথ) সংযোগী যমুনা নদীৰ ওপৰত বৃটিচ আমোলত অৰ্থাৎ ১৯৪১ চনত দলংখন নিৰ্মাণ কৰা হৈছিল ৷ ফৰলেনযুক্ত পথ নিৰ্মাণৰ পিছত দলংখনৰ উপযুক্ত মেৰামতি আৰু পুনৰ নিৰ্মাণ নোহোৱাত ক্ৰমাৎ দলংখনৰ যাতায়াত বিপদ সংকুল হৈ পৰে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে ফৰলেনযুক্ত পথ নিৰ্মাণৰ সময়ত গধুৰ যান-বাহনৰ আহ যাহে দলংখনক ব্যাপক ক্ষতি কৰে ৷ ডবকা গড়কাপ্তানী পথ সংমণ্ডলৰ অকৰ্মণ্যতা আৰু জলসম্পদ বিভাগৰ অনীহাৰ বাবে বৃটিচ আমোলত নিৰ্মিত এখন দলং এনেকৈয়ে খহি যোৱাৰ উপক্ৰম হোৱাত ৰাইজে বিভাগ দুটাক গৰিহণা দিয়ে ৷

কাৰ দোষত মৃতপ্ৰায় অসম চৰকাৰৰ এসময়ৰ সোণৰ কণী পৰা হাঁহ

২০১৫ চনত চাৰি কোটি টকা ব‍্যয়ৰে নিৰ্মিত অত‍্যাধুনিক হাঁহ পালন গৃহত এতিয়া জংঘলী লতা
কলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম ও গৱেষণা কেন্দ্ৰৰ আজিৰ বিধস্ত ৰূপৰ বাবে দায়ী কোন?
দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ১৪ জুলাই : প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটোৱে। ৬৫ বিঘা মাটি জুৰি থকা পাম তথা গৱেষণা কেন্দ্ৰটোৰ অধিকাংশ এতিয়া ঢাক খাইছে হাবি-জংঘলৰে। প্ৰয়োজনীয় ২৭ জন কৰ্মচাৰীৰ বিপৰীতে মাত্ৰ ৬-৭ জন কৰ্মচাৰীৰে পামখন পৰিচালনা কৰিব লগা হোৱাত ক্ৰমাৎ উৱলি যোৱাৰ উপক্ৰম হৈছে উৎপাদনমুখী এই পামখনৰ বহু সম্পত্তি।১০৭৯ চনতে স্থাপিত ধ্বংসৰ গৰাহত কলিয়াবৰৰ ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ। কৰ্মচাৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম উৎপাদনমুখী পামখন। নাম মাত্ৰ হাঁহ-কুকুৰা উৎপাদনৰে চলিছে এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম শ্ৰেণীত থকা হাঁহ-কুকুৰা প্ৰজনন আৰু উৎপাদন কেন্দ্ৰটো। বিশাল চৌহদৰ অধিকাংশই ভৰিছে হাবি-জংঘলৰে।
কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰৰ বৰ্তমানৰ অৱস্থাই ৰাজ‍্যৰ পশুপালন বিভাগৰ যোৱা পাঁচবছৰীয়া কাৰ্য‍্যকালৰ এক দুখজনক ছবি দাঙি ধৰিব। কিয়নো, হাঁহ প্ৰজনন কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰটো সৱলীকৰণৰ নামত ২০১৫ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খনৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্যত নিৰ্মিত চাৰিটাকৈ অত্যাধুনিক হাঁহ পালন গৃহ মুকলি কৰা হৈছিল যদিও আজিলৈকে এটাও হাঁহ নোসোমাল সেই গৃহসমূহত। ৰাজ্যজুৰি পামখনত উৎপাদিত হাঁহ-কুকুৰাৰ যথেষ্ট চাহিদা আছে যদিও কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই এতিয়া ধ্বংসৰ গৰাহত পৰিছে এসময়ৰ নদন-বদন অৱস্থাৰ পাম তথা গৱেষণা কেন্দ্ৰটো। ২০১৫ চনৰ ১ জুনতে তদানীন্তন কৃষি মন্ত্ৰী ৰকিবুল হুছেইন আৰু পশুপালন মন্ত্ৰী খৰছিং ইংতিয়ে উদ্বোধন কৰিছিল কেন্দ্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰায় চাৰি কোটি টকাৰ ব্যয়ৰে নিৰ্মিত হাঁহ পালনৰ অত্যাধুনিক গৃহসমূহ। পিছে ৬ বছৰৰ পাছতো একমাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অসনযোগিতাৰ ফলতেই হাঁহ পালনৰ ব্যৱস্থা হৈ নুঠিল এই গৃহসমূহত। বৰঞ্চ বৰ্তমান হাবি-জংঘলৰে ঢাক খাই ফেঁটীসাপ, অজগৰৰ বিচৰণ কেন্দ্ৰতহে পৰিণত হৈছে এই গৃহসমূহ। 
হাঁহ-কুকুৰাৰ কণী আৰু পোৱালি উৎপাদনৰ ব্যৱস্থা থকা পাম তথা গৱেষণা কেন্দ্ৰটো নামতহে গৱেষণা কেন্দ্ৰ। পিছে এজনো নাই গৱেষক অথবা সহকাৰী গৱেষক। নাই স্থায়ী পৰিচালকো। প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত বৰ্তমান কৰ্মৰত পৰিচালকৰ পৰা কৰ্মচাৰীলৈকে প্ৰতিজনে চোৱা-চিতা কৰিবলগা হয় হাঁহ-কুকুৰা উৎপাদনৰ সমগ্ৰ ব্যৱস্থা। পৰ্যাপ্ত সঁজুলিৰ অভাৱৰ ফলতো হাঁহ-কুকুৰাৰ উৎপাদন কৰিব পৰা নাই। কেৱল কুকুৰাৰ কণী উমনিযিটো সময়ত এই কেন্দ্ৰটোৰ পৰা এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হ’ব লাগিছিল সেই সময়ত এই ৰাজহৰ পৰিমাণ মুঠেই ৬০,০০০ টকা। তাৎপৰ্য‍্যপূৰ্ণভাৱে, এই ৰাজহৰ পৰিমাণ কিছুদিনৰ আগলৈকে মাত্ৰ ৬-৭ হাজাৰ টকাহে আছিল বুলি বৰ্তমানৰ ভাৰপ্ৰাপ্ত পৰিচালকজনে জনাই।
শেহতীয়াকৈ এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম এই পাম খনৰ দুৰৱস্থাৰ ৰূপ দেখি আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি।
পামখন ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা আৰু কাৰ্য্যালয়ত খালীহৈ থকা পদ সমূহ পুৰণৰ বাবে মহকুমাধিপতি পবিত্র কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পশুপালন মন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে প্ৰেৰণ কৰে স্মাৰক পত্ৰ।
এতিয়া প্ৰশ্ন হ’ল – এনেদৰে মৃত‍্যুৰ মুখলৈ গতি কৰা যোৱা কলিয়াবৰৰ এসময়ৰ উৎপাদনমুখী পাম আৰু গৱেষণা কেন্দ্ৰটোৰ দুৰৱস্থা দূৰীকৰণত ৰাজ‍্যৰ কৃষি আৰু পশুপালন মন্ত্ৰীৰ সু-দৃষ্টি পৰিবনে?

মাজবাটৰ ১নং মনাই গাৱত ডাইনী হত্যাৰ সম্পৰ্কে সজাগতা সভা

ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাৰ উদ্যোগত  ১৩ জুলাইত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মনাই গাৱত ডাইনী সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । শিক্ষা দীক্ষা স্বাস্থ্য আদি সকলো দিশতেই বাৰুকৈ পিছ পৰি যায় । এই খন গাওঁতেও যোৱা ২৫  জুনত সংগঠিত হৈছিল ডাইনী হত্যাৰ দৰে এক ভয়াবহ ঘটনা । ফুলমতী গোড নামৰ এগৰাকী সন্তানহীন মহিলাক গাঁওখনৰ একাংশ লোকে ডাইনী অতি সজাই নৃশংস ভাবে মৰিয়াই মৰিয়াই হত্যা কৰি বস্তাত ভৰাই ধনশ্ৰী নদীত উটুৱাই দিছিল । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন কৈ অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । অন্ধ বিশ্বাস , কুসংস্কাৰ আদিৰ সম্পৰ্কত  গাঁওখনত এক সজাগতা আনিবলৈ ক’ভিড প্ৰটকল মানি আয়োজন কৰা সভাত চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সম্পাদক হেমন্ত কুমাৰ মহাতোৱে ডাইনী , অন্ধ বিশ্বাসৰ ওপৰত আলোকপাত কৰি এই বিজ্ঞানৰ যুগত এনে কৰ্মৰ পৰা আঁতৰি থাকিবলৈ  আহ্বান জনায় । জিলা সভাপতি ৰামকৰণ গৌড় ডাইনী সজাই নিৰীহ লোক হত্যা কৰা অমানৱীয় ঘটনাত গাঁওৰ ওচৰ পাজৰৰ ওজা ,বেজ বেজালি কৰা লোকেই দায়ী বুলি মত প্ৰকাশ কৰি বেমাৰ আজাৰ হলে ওজা বেজৰ ওচৰত যোৱাৰ সলনি চিকিৎসালয়তে যাবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে ছয় শতাধিক লোকে বসবাস কৰা গাঁওখনত এজন মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ যুৱক আছে ।ছোৱালী সকলেও প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণহে অষ্টম ,নৱম মানত স্কুলীয়া শিক্ষা সামৰণি মাৰে । গাঁওখনত আজিলৈকে কৰোণা টেষ্ট নোহোৱাত কোনো ভেকচিন নোলোৱাৰ ক্ষেত্ৰত সভাই আশ্চৰ্য প্ৰকাশ কৰে । জিলা সভাপতি ৰামকৰণ গৌড়ে  কৰোণানাৰ বাবে লব লগীয়া সম্পৰ্কেও সভাত বহলাই বাখ্যা ৰাখে । এই সজাগতা সভাত ৰাইজৰ মাজত মাস্ক,চেনিজাইজৰ বিতৰণ কৰা হয় ।উক্ত সভাত জিলা সমিতিৰ সভাপতি ৰামকৰণ গৌড় ,মাজবাট আঞ্চলিক সম্পাদক ভিকেছ গৌড় ,শিক্ষক লক্ষণ গৌড় , ৰঞ্জিত গৌড় ,বন্ধন গৌড় ,ডাইনী সজাই হত্যা কৰা ফুলমতীয়া গৌড় দেৱৰ চহনলাল গৌড় ,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক  নব কুমাৰ ডেকা, গাঁও প্ৰধান যোগেন্দ্ৰ কিষান প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে ৷

ডিঙিত মিঠাতেল,বিলাহী,বেঙেনা,জিকাৰ মালাপিন্ধি নাজিৰাৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

 অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাম্প্ৰতিক সময়ত বি জে পি নেতৃত্বাধীন চৰকাৰে সাধাৰণ জনতাক  নিঃশেষ কৰাৰ মানসেৰে যিদৰে পেট্ৰ’ল- ডিজেল- ৰন্ধন গেছ তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দৈনন্দিন বৃদ্ধি কৰাৰ প্ৰতিবাদত এক ধৰ্না কাৰ্যসূচী সমগ্ৰ অসমত গ্ৰহণ কৰিছে৷  নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সহযোগত  নাজিৰাৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিঙিত মিঠাতেল , জিকা , বিলাহী , বেঙেনাৰ মালাপিন্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । আজি পুৱা ১০ বজাৰ পৰা ১২ বজালৈ সমষ্টিটোৰ অন্তৰ্গত আঠখেল জিলা পৰিষদ এলেকাৰ  গেলেকী চাৰিআলিত  মমী শইকীয়া; ইনামুল হুছেইন  ; আৰফান আজম , জোকতলি জিলা পৰিষদ এলেকাৰ মেকীপুৰত   সুভাষ বৰগোহাই; যোচেফ সিং; আইনু গগৈ;    নাজিৰা জিলা পৰিষদ এলেকাৰ  শিমলুগুৰি নগৰত  হেমন্ত শইকীয়া ; স্বপ্না শইকীয়া ; গোপাল গোহাঁই , প্ৰমীলা বড়া; উৎপল গোহাঁই ,   চুকাফা জিলাপৰিষদ এলেকাৰ বিহুবৰত অতুল হৰ; মায়া বাউৰী ; মঞ্জু বড়া ; অনুপল বৰুৱা ; ফাইজুল ৰহমান; জাকীৰ হুছেইন আৰু  নাজিৰা নগৰৰ লাহটী পেট্ৰ’ল পাম্পৰ সন্মুখত  মৃদুল বৰগোঁহাই , আব্দুল ৰহমান , মদন ৰয় , পৰশমণি কলিতা , অৰ্পূব বৰুৱাৰ নেৰ্তৃত্বত পুৰুষ – মহিলা , যুৱ , এন এছ ইউ আইৰ বিষয় – ববীয়া , কৰ্মী সকলে সমবেত হৈ ডিজেল – পেট্ৰ’ল , ৰন্ধন গেছ , নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক , নৰেন্দ্ৰ মোদী – হিমন্ত বিশ্ব শৰ্মা হায় হায় , বি জে পি গ’বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ আকাশ – বতাহ । পিছত ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা পেট্ৰ’ল – ডিজেল , ৰন্ধন গেছ , নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।                  

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী অখিল গগৈৰ

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা প্ৰত্যেকটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত হ’ব লাগে। শিৱসাগৰৰ স্থানীয় সাংবাদিককো গুলীয়াম বুলি ভাবুকি দিছে আৰক্ষীয়ে। সেইটো দুৰ্ভাগ্যজনক।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত একনায়কত্ববাদ চলোৱাৰ অভিযোগ অখিল গগৈৰ। একেজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী, ন্যায়াধীশ, বিধায়ক সকলো হ’ব বিচাৰে বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

অখিল গগৈয়ে কয়, ‘‘মই অপৰাধ আৰু অপৰাধীৰ পক্ষত নাই। মই সদায়েই সাৰদা, লুই বাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি আহিছো। যিসকল আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হব লাগে, প্ৰয়োজনত গ্ৰেপ্তাৰ কৰিব লাগে।’’

আনহাতে, পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান জনালে অখিল গগৈয়ে। অধিক গগৈয়ে কয়, ‘‘পৰেশ ককাইদেউ আপুনি চৰকাৰৰ লগত আলোচনা কৰক। অসমলৈ শান্তি ঘূৰি আহিব লাগে।’’

উচ্চ ন্যায়ালয়ত NIA ই কৰা আৱেদনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। বিধায়কগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে মই মুক্ত হোৱাটো বিচৰা নাছিল। মোক পুনৰ NIA ই গ্ৰেপ্তাৰ কৰিবলৈ অভিসন্ধি কৰিছে। মোৰ বিৰুদ্ধে ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হৈছে।