Home Blog Page 2921

নগাঁৱত গুলীচালনাৰ ঘটনা : টাটা ডি আই গাড়ীৰে অহা পাঁচ যুৱকক আটক : অভিযান অব্যাহত

আজি সন্ধ্যা নগাঁও ৰূপহী পথাৰৰ ম’হখুলি-পলাশনিৰ মাজত আৰক্ষীয়ে এখন বাহনলৈ লক্ষ্য কৰি গুলি চালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এ এছ ০৭ বি চি ২২৪৬ নম্বৰৰ টাটা ডি আই বাহন খনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰে। এই গুলি চালনাৰ ঘটনাত কোনো লোকে আহত হোৱা নাই যদিও আৰক্ষীয়ে ৫ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মৰিগাঁৱৰ পৰা অহা এই গাড়ীখন মৰিগাঁৱৰ আৰক্ষীয়ে পিছা কৰি আহি নগাঁও আৰক্ষীৰ সহযোগত ম’হখুলি আৰু পলাশনিৰ মাজত গাড়ীখনলৈ গুলি চালনা কৰি ৰখাবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহনখনত অহা ৫ জন যুৱকক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। ইয়াৰে এজনক লৈ আৰক্ষীয়ে  অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ একো কব বিচৰা নাই যদিও এক সূত্ৰই জনোৱা মতে বাহন খনত শাক-পাচলিৰ মাজত বুজন পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে।শাক-পাচলিৰ ব্যৱসায়ৰ চলেৰে কৰিছিল ড্ৰাগছৰ সৰবৰাহ সন্দেহত আটকাধীন  যুৱককেইজন ক্ৰমে- ছাইদুল হক, ছফিকুল আলী, নুৰুল হক চৌধুৰী, চাইদুল আলী আৰু চাদ্দাম হুছেইন ।যুৱককেইজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ শিয়ালমাৰীত বুলি জানিব পৰা গৈছে।

তামুলপুৰ আৰু বাগানপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অক্সিমিটাৰ , পিপিকিট আদি বিতৰণ এক্সন এইড এচোচিয়েচন ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চৰ

 বাক্সা জিলা আৱৰ্তভৱন প্ৰাঙ্গনত অলপতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান এক্সন এইড   এচোচিয়েচন ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চই  বৰ্তমান সময়ত গ্ৰামাঞ্চল সমূহলৈ  কোভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলা স্বাস্থ্য বিভাগৰ  তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাগানপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ  অক্সিমিটাৰ  ৮ টা , পিপি কিট ২৫ টা , ফেচ চাইল্ডচ ৫০ টা , ক্লিনিকেল মাক্স ২৫০ খন, হেড কেপ ২৫০ টা , হেণ্ড গ্লোভচ  ২৫০ খন ,, ডিজিটেল  থাৰ্মমিটাৰ ৫ টাকৈ প্ৰদান কৰাৰ  উপৰি বাক্সা জিলা অসামৰিক  চিকিৎসালয়ৰ বাবে অক্সিজেন কনচেনটেটৰ ৯ টা , আৰু তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৯ টা অক্সিজেন কনচেনটেটৰ আগবঢ়োৱা হয় । সামগ্ৰী বিতৰণ  অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো ,বাক্সা জিলা স্বাস্থ্য বিভাগৰ   যুটীয়া সঞ্চালক ডাঃ মবিদুৰ ৰহমান , এন এইচ এমৰ  জিলা প্ৰকল্প  সঞ্চালক কৰুনা ব্ৰহ্ম , গ্ৰাম্য বিকাশ মঞ্চৰ উপ-সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী ,  সম্পাদক দিবাকৰ ডেকা ,তামুলপুৰৰ ক্ষেত্ৰ সমন্বয়ক চক্ৰ তালুকদাৰ আৰু মনোজ তালুকদাৰ  । অনুষ্ঠানত উপস্থিত থাকি  বিটিআৰৰ  অধ্যক্ষ কাতিৰাম বড়োই  এনে পদক্ষেপৰ বাবে এক্সন এইড ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চক ধন্যবাদ জনায় । ইপিনে গ্ৰাম্য বিকাশ মঞ্চৰ তামুলপুৰৰ ক্ষেত্ৰ সমন্বয়ক চক্ৰ তালুকদাৰে  জনোৱা মতে যোৱা ২৪ জুলাইৰ পৰা  ধাৰাবাহিকভাৱে  বাক্সা আৰু নলবাৰী জিলাৰ  বিভিন্ন গাওত  কোভিড – ১৯ ৰ ওপৰত  মাইক ,বেনাৰ , আৰু গোহাৰি পত্ৰৰে   সজাগতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়  আৰু  অভিযানৰ কালছোৱাত গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত বিনামূলীয়া মাক্স আৰু ছেনিটাইজাৰ  বিতৰণ কৰা হয় ।

চিলাপথাৰত পথ নিৰ্মাণত অনিয়ম: জৰাজীৰ্ণ জোনাকী নগৰ – চিলাবৰঘুলী সংযোগী পথ: নৱনিৰ্মীত কালভাৰ্টৰ ছিৰাল ফাট:

বঙাইগাঁৱৰ চাপৰাকাটাত আৰক্ষীৰ অভিযান:দুজন যুৱকসহ জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

 বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ পাঞ্জাৱী ধাবাৰ গাতে লাগি থকা দাস ষ্টোৰ নামৰ এখন দোকানত মঙলবাৰে নিশা ৭ঃ৩০ মান বজাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে ৷ জানিব পৰা মতে এক গোপন খবৰৰ ভিত্তিত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাৰ নেতৃত্বত তথা উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত আৰক্ষীৰ এটা দলে  চাপৰাকাটাৰ  মণিকান্ত দাসৰ ‘দাস ষ্টোৰ’ত অভিযান চলায় ৷ এই অভিযানকালত দোকানখনৰ পৰা আৰক্ষীয়ে ২০ কাৰ্টনৰ অধিক বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ লগতে কিছু নগদ ধন জব্দ কৰে ৷ লগতে পোপৰাগাঁও নিবাসী দোকানখনৰ গৰাকী মণিকান্ত দাসৰ পুত্ৰ তথা দোকানখনত সুৰা বিক্ৰী কৰি থকা উজ্বল দাস( ২৫) আৰু সম্বাৰু অধিকাৰী ( ১৮) নামৰ  আন এজন যুৱকক আটক কৰে ৷ সম্বাৰু অধিকাৰীৰ ঘৰ বঙাইগাঁও জিলাৰ মেৰেৰচৰ থানাৰ অন্তুৰ্গত ৰাঙাপানীত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে পিছত জব্দকৃত সুৰাৰৰ লগতে আটকাধীন যুৱক দুজনক বঙাইগাঁও সদৰ থানালৈ লৈ আহে ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপনে কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে দোকানখনত সুৰাৰ বিপনীৰ দৰে অবৈধভাৱে সুৰাৰ বেহা চলাই  আহিছিল ৷ আৰক্ষীয়ে অবৈধ সুৰাৰ বেহাৰ লগত জড়িতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷ 

উত্তৰ গুৱাহাটীত কামৰূপ আৰক্ষীয়ে চীল কৰা চুপাৰী ন্যায়লয়ে দিলে মুকলি।

কৌটি কৌটি টকাৰ চুপাৰী জব্দ কৰাৰ নাটক কৰাৰ অভিযোগ উঠিছে কামৰূপ আৰক্ষীৰ বিৰুদ্ধে । বহুমুলীয়া চুপাৰীক লৈ খেল খেলাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে কামৰূপ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে । চিণ্ডিকেট চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ল বিৰুদ্ধে । অভিযোগ উঠিছে যে কামৰূপ আৰক্ষীৰ চিণ্ডিকেট চক্ৰৰ  প্ৰতি থকা দৰদৰ বাবে ন্যায়ালয়ত মুখথেকেচা খালে কামৰূপ আৰক্ষীয়ে। যাৰ বাবে  অবশেষত চীল কৰা চুপাৰীৰ গুদামৰ  তলা খোলাৰ নিৰ্দেশ  দিলে কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে ।উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ চীল কৰা চুপাৰী গুডাম দণ্ডাধীশ কৌস্তভ ৰয়ৰ উপস্থিতিত তলা  খুলিলে আৰক্ষীয়ে । উল্লেখ্য যে ৭ জুনত জি এছ টি কৰ পৰিশোধ নকৰা তথা বে আইনী ভাবে চুপাৰী মজুত কৰাৰ অভিযোগ তুলি কামৰূপ জিলা আৰক্ষী প্ৰশাসনে চীল কৰিছিল চুপাৰী গুডাম কেইটা । বৃহৎ পৰিমাণৰ চুপাৰী খিনি বাৰ্মিছ ছুপাৰী বুলিও সন্দেহ কৰিছিল আৰক্ষীয়ে। এঘাৰটাকৈ গুডামত ৪৮ হাজাৰ বেগ চুপাৰী ৰখা হৈছিল বুলি সদৰি কৰে দণ্ডাধীশে । চুপাৰীৰ আনুমানিক মুল্য কেবা  কোটি টকা হব যদিও আৰক্ষীৰ চিণ্ডিকেট চক্ৰৰ সৈতে থকা  গোপন বুজাবুজিৰ বাবে আদালতত উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰাৰ পৰা কামৰূপ আৰক্ষীয়ে বিৰত থাকে বুলি অভিযোগ উত্থাপিত হৈছে । যাৰ পৰিণতিত চুপাৰীৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত সকলে আদালতৰ পৰা  চুপাৰী গুডাম মুকলি কৰি দিয়াৰ নিৰ্দেশ লাভ কৰে ।যাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে গোচৰ নিষ্পত্তি নোহোৱাকৈয়ে আদালতে চুপাৰী গুডাম খুলিবলৈ দিয়া বুলিও  দণ্ডাধীশ কৌস্তভ ৰয়ে তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়ায় । উল্লেখ্য যে দুবছৰ পুৰ্বে জি এছ টি কৰ ফাঁকি দিয়াৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্ৰক্ষ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত মজুত ৰখা চুপাৰী চীল কৰাৰ নিৰ্দেশ দিছিল । গোছৰৰ শুনানী নিষ্পত্তি নোহোৱাকৈ জব্দকৃত শ শ কৌটিৰ চুপাৰী মুকলিৰ অন্তৰালত থকা ৰহস্য উদঘাটন হবনে তাকে লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে ।

ৰহাৰ এখন কালিকা লগা দলঙৰ; ১৮ বছৰতো সম্পূৰ্ণ নহল কপিলীৰদলংখন: তিনিবাৰ আধাৰ শিলা , দুবাৰ দলঙৰ কামৰ আৰম্ভণি , সমাপ্ত কেতিয়া ?

 ৰহা সমষ্টিৰ এখন পকী দলঙৰ নিৰ্মানত লাগিছে কালিকা । তিনিবাৰ হ’ল  আধাৰ শিলা , দুবাৰকৈ নিৰ্মানৰ শুভাৰম্ভ হ’ল  কিন্ত আজিও শেষ নহল । এই কালিকালগা দলং খন আছে চাপৰমুখ কচুৱাত । ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বতে শ্বিলঙত ৰাজধানী   থকাৰে পৰা  হৈ অহা দাবীৰ উপৰিও চাপৰমুখ-কচুৱা পাঘাটত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত নিৰ্মাণ কৰিব লোৱা কপিলী নদীৰ ওপৰৰ পকী দলং খন আজি ১৮ বছৰেও সম্পূৰ্ণ নোহোৱাত এক অবুজ সাথঁৰৰ সৃষ্টি হৈছে ৷২০০৩ চনত তদানিন্তন ৰহা সমষ্টিৰ বিধায়ক তথা   মন্ত্ৰী ডা. আনন্দ ৰাম বৰুৱাৰ কাৰ্যকালত তেতিয়াৰ গড় কাপ্তানি মন্ত্ৰী শৰৎ বৰকটকীয়ে  আধাৰশিলা স্থাপন কৰি ৰাইজৰ মাজত প্ৰসংশিত হৈছিল ৷আধাৰশিলা স্থাপন অনুস্থানত সেই সময়ৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী শৰৎ বৰকটকীয়ে অতি দাম্ভিকতাৰে আগন্তুক ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত এই দলঙৰ ওপৰৰে ভোট বিচাৰি যাব বুলি ৰাজহুৱা সভাত ঘোষনা কৰিছিল ৷আধাৰশিলা স্থাপনৰ দুবছৰৰ পাছত সমষ্টিৰ বিধায়ক গৰাকীয়ে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা বুলি পুনৰ এখন ৰাজহুৱা সভা পাতি ত্ৰিশ মাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সমাপ্ত হব বুলি পুনৰ বিধায়ক গৰাকীয়ে ঘোষনা কৰে ৷১২/১ নম্বৰৰ বিশ্ব বেংকৰ আই আৰ ডি পি আঁচনিৰ অধীনৰ নাবাৰ্ডৰ ধনৰে প্ৰায় ৫ কোটি টকীয়া ১৪০ মিটাৰ দৈঘ্যৰ দলঙ খন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ নেফচ্ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণ কোম্পানীয়ে ৷এক বিয়াগোম প্ৰস্তুতিৰে দলঙ খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত অঞ্চলৰ ৰাইজৰ বহু বছৰীয়া আশাৰ এক বাস্তৱ ৰূপ পাব বুলি সকলোৱে সপোন দেখিছিল ৷কিন্ত কিছু দিনৰ পাছতে নেফছ ইণ্ডিয়াৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হব ধৰিলে ৷কোম্পানীটোৱে ২০০৮ বৰ্ষলৈকে মাত্ৰ নদীৰ গভীৰতাৰ দুটা খুটাৰ প্ৰায় ৬ মিটাৰ আৰু আন তিনিটা খুটাৰ ভিতৰত দুটা খুটাৰ সামান্য পৰিমাণৰ কাম কৰিয়েই নিৰ্মাণ কাৰ্য  বন্ধ কৰাত দলঙৰ কাম বন্ধ হয় ৷ ইফালে দলঙ নিৰ্মাণ কোম্পানীটোৰ পূৰ্বতে ধৰা নিৰিখ অনুযায়ী কাম কৰাৰ অপৰাগতা প্ৰকাশ কৰি কাম কৰাৰ পৰিবৰ্তে যন্ত্ৰপাতি সমূহৰ লগতে শিবিৰ সহ উঠাই লৈ যায় ৷দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ গোষ্ঠীৰ ভেকো ভাওনাত ৰাইজৰ অসন্তুষ্ট আৰু ক্ষুব্ধ হৈ পৰে ৷   ২০০৬ চনত ৰহাত ৰাজনৈতিক পট পৰিবৰ্তন ঘটি ৰহা সমষ্টিৰ বিধায়ক হয় এ উই ডি এফৰ গুনেশ্বৰ দাস ।  ৫ বছৰ দলঙখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ পাছত ২০১১ চনত পুনৰ ৰহা সমষ্টিৰ বিধায়ক হয়  পীয়ুষ হাজৰিকা । সেই সময়ৰ ৰহা সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই তেওঁৰ প্ৰচেষ্টাত ২০১৩-১৪ বৰ্ষৰ আনটাইড এচ চি এ -৩ আচঁনিৰ অধীনত ২০১৩ চনৰ ৩০ ডিছেম্বৰত  তেতিয়াৰ গড়কাপ্তানি আৰু নগৰ উন্নয়ন মন্ত্ৰী অজন্তা নেওগে দলঙ খনৰ পুনৰ বাৰ আধাৰশিলা স্থাপন কৰে ৷আনটাইড ফাণ্ডৰ ৯ কোটি টকা ব্যয়সাপেক্ষে দলঙখনৰ নিৰ্মাণৰ বাবে গুৱাহাটীৰ মডাৰ্ন কনষ্ট্ৰাকশ্বন নামৰ এটা কোম্পানীক দায়িত্ব অৰ্পন কৰে ৷ মন্ত্ৰী গৰাকীয়ে দলঙখনৰ নিৰ্মাণৰ কাম দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও ২০১৩ ৰ পৰা ২০২১ বৰ্ষলৈকে প্ৰায় ৮ বছৰতো দলঙ খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই ৷  ২০১৬ চনত ৰহাৰ বিধায়ক হল ডিম্বেশ্বৰ দাস ।  বিধায়ক দাসৰ কাৰ্য্যকালত  আগ নাবাহিল দলঙৰ কাম ।দলঙ খনৰ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ অমনোযোগিতাৰ  আৰু হেমাহিৰ বিৰুদ্ধে অঞ্চলৰ ৰাইজে আনকি গনতান্ত্ৰিক প্ৰতিবাদ সাব্যস্তও কৰিছিল ৷ৰাইজৰ প্ৰতিবাদক সন্মান জনাই জিলা উপায়ুক্তৰ লগতে বিভাগৰ ফালৰ পৰাও তৎপৰ হোৱা দেখা গৈছিল ৷ আনকি গড়কাপ্তানি বিভাগৰ সচিব আৰু সঞ্চালক গৰাকীয়েও পৃথকে – পৃথকে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ৷উচ্চপদষ্ট বিষয়া সকলক মডাৰ্ন কনষ্ট্ৰাকশ্বনৰ সত্বাধিকাৰী ৰাজ কুমাৰ আগৰৱালাই অতি চলাহী কথা কৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত দলংখন নিৰ্মাণ কাম সমাপ্ত কৰিব বুলি কয় ৷পৰবৰ্তী সময়ত এই চতুৰ ঠিকাদাৰ গৰিকীয়ে আনকি গড়কাপ্তানি বিভাগক মেনেজ কৰি দলঙ খনৰ ডিজাইন সলনি কৰি পেলাইছিল ৷পকী দলঙ খন আইৰণ(বি অ জি)লৈ পৰিবৰ্তন কৰিছিল একমাত্ৰ ঠিকাদাৰ গৰাকীৰ স্বাৰ্থত ৷কিয়নো ঠিকাদাৰ ৰাজ কুমাৰ আগৰৱালা (ৰাজু)ৰ নিজা বি অ জি ৰ কাৰখানা আছে ৷ তৎচৰ্তেও ঠিকাদাৰ গৰাকীয়ে গড়কাপ্তানি বিভাগক অংগুস্ত দেখুৱাই নিজৰ খেয়াল খুচি মতেই কাম কৰি আছে ৷শেহতীয়াকৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হোৱাৰ পাছত মন্ত্ৰী গৰাকীয়ে দলঙ খনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ৷বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰ গৰাকীক ১৫ আগষ্ট ভিতৰত দলঙৰ নিৰ্মাণ সমাপ্ত কৰিবৰ বাবে নিৰ্দেশ দিয়ে ৷ঠিকাদাৰ গৰাকীয়ে মন্ত্ৰীৰ কথাকো কেৰেপ নকৰি নিৰ্দেশ পোৱাৰ প্ৰায় এমাহ মান পাছত ৫-৬ টা মান লেবাৰৰ জৰিয়তে পুনৰ কাম আৰম্ভ কৰিছে যদিও মিস্ত্ৰীয়ে সামগ্ৰীৰ অভাৱত কাম বন্ধ কৰি ৰাখিব লগা হৈছে ৷ইফালে দলঙ খনৰ সংযোগী দুই মুৰৰ পথ চোৱা একাংশ নিৰ্মাণ কৰিয়ে টকা নিদিয়াৰ বাবে পথৰ মাটি যোগান ধৰা সকলে বন্ধ কৰি ৰাখিছে ৷ খৰালিৰ সময়ত মাটিৰ কাম নকৰি এই ভৰ বাৰিষা কি দৰে পথচোৱা নিৰ্মাণৰ কাম সমাপ্ত কৰি মন্ত্ৰীৰ নিৰ্দেশ মানিব সেয়া সময়েহে কব ৷উল্লেখ যোগ্য যে বৰ্তমানও দলঙ খনৰ প্ৰায় চল্লিশ শতাংশ কাম কৰিবলৈ বাকী আছে ৷ মন্ত্ৰীয়ে নিৰ্ধাৰিত কৰি দিয়া সময়ত দলঙ খন নিৰ্মাণৰ কাম সমাপ্ত নকৰিলে ঠিকাদাৰ ৰাজু আগৱালাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া সময়েহে কব ৷ প্ৰথমখন অগপ চৰকাৰৰ দিনত তেতিয়াৰ গড় কাপ্তানি মন্ত্ৰী অতুল বৰাৰ  আঁচনি  নোহোৱাকৈ কৰা আধাৰ শিলাকে ধৰি তিনিবাৰ আধাৰ শিলা ,  ডা. আনন্দ ৰাম বৰুৱা ,পীয়ুষ হাজৰিকাৰ দিনত দুবাৰকৈ কামৰ শুভাৰম্ভ কৰা দলংখন কাম কেতিয়া শেষ হব সেইতো বহুলাখটকীয়া প্ৰশ্ন হৈ পৰিছে ।দলঙৰ কথা কৈ ভোটপোৱা এতিয়া ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে  কথা ৰাখিব পাৰিবনে সেইটোহে লক্ষনীয় হৈ পৰিছে ।প্ৰেৰক , বুলন চন্দ্ৰ নাথ ।ৰহা ।ছবি বাতৰিৰ লগত ।

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত আজি একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।নলবাৰী কলেজৰ সন্মুখত কলেজ খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ  । ৰাজ্য চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ হৈ ছাত্ৰ ছাত্ৰী সকলে  কৰিলে এই প্ৰতিবাদ । ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীলৈ অনুৰোধ জনাই কয় যে ” ৰাজ্য চৰকাৰে জাৰি কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ যি মূল্যাংকন কৰিছে তাৰ ওপৰত যেন আকৌ এবাৰ বিবেচনা কৰি শিক্ষাৰ্থী সকলৰ ওপৰত কৃপা কৰে । উচ্চতৰ মাধ্যমিকৰ   Reappearence ,  Betterment আৰু  compartmental দিব খোজা ছাত্ৰ ছাত্ৰী সকলৰ মুল্যাংকণ পদ্ধতিটো একেবাৰে গ্ৰহণ যোগ্য হোৱা নাই বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলে কয়, ২০২০ বৰ্ষত পৰীক্ষা দি আশা কৰা ধৰনে ফলাফল নাপায় আকৌ এটা ভাল ফলাফলৰ বাবে  পৰীক্ষা দিয়াৰ কথা ভবা 10% , 7% , 5% বঢ়াই দিম বুলি কৈছে ? চৰকাৰে লোৱা এনে কাৰ্যত মুঠেই সন্তুষ্ট নহয় ছাত্ৰ ছাত্ৰী সকল । এই ছাত্ৰ ছাত্ৰী সকলৰ সৰহসংখ্যকে 50 % / 60 % ৰ অধিক নম্বৰ পোৱা  ছাত্র ছাত্ৰী । গতিকে এই মুল্যাংকণৰ ভিত্তিত  ফলাফল  ঘোষনা  কৰিলে এইসকল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যত অন্ধকাৰাচন্ন হব বুলিও মত ব্যক্ত কৰে ছাত্ৰ ছাত্ৰী সকলে ।

হোজাইত ট্ৰাক ড্ৰাইভাৰ সন্থাৰ প্ৰতিবাদ

 হোজাই এফ চি আই ৰোডৰ দূৰাবস্তাৰ বাবে প্ৰতিবাদত উলাই আহিল ট্ৰাক ড্ৰাইভাৰ সন্থাৰ লোকসকল। হোজাই চহৰৰ গাতে লাগি থকা উক্ত পথছোৱাত থকা বৃহত বৃহত গাত বোৰত এজাক বৰষুণ দিলেই ভৰিপৰে পানী। সদা ব্যস্ত উক্ত পথেৰে দৈনিক চলে বানিজ্যিক তথা ব্যক্তিগত বহু বাহন। আনকি উক্ত পথৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বহুজন, গাড়ী পাৰহৈ যাওঁতে পথত থকা গাতৰ পানী চিটিকাৰ ফলত পথচাৰীৰ গালী খাব লগা হৈছে চালক। অতি শোচনীয় উক্ত পথেৰে চলাচল কৰা গধুৰ বাহন সমূহ দূৰ্ঘটনা হোৱাৰো আশংকা ব্যক্ত কৰিছে চাকল সকল, ইয়াৰ বিষয়ে পূৰ্বেও বহুবাৰ বিভাগীয় কতৃপক্ষক আবেদন জনোৱা হৈছিল। অন্যহাতে এফ চি আই ৱেলফেয়াৰ ডেব্লভমেন্ট চ’ছাইটি নামৰ সন্থাৰ ড্ৰাইভাৰ কেইজনে মিলি ৰাইজৰ দান বৰঙনিৰে কিছু মেৰামতিও কৰি লৈছিল। অৱহেলিত উক্ত পথছোৱাৰ মেৰামতি দাবীত এইবাৰ প্ৰতিবাদত উলাই আহিল হোজাই জিলা অগ্ৰগামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়ণৰ লোক সকল। প্ৰতিবাদৰ পিছত সন্থাৰ সম্পাদক মো. নিজাম উদ্দিনৰ স্বাক্ষৰিত এখনি দৰ্শাস্ত হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষৰ দৃষ্টি আকৰ্শন বিচাৰি আৰু পথটি শীঘ্ৰে পকীকৰণ কৰি দিয়াৰ বাবে আবেদন জনায়।

ব্ৰহ্মপুত্ৰ নদীত নৌকা দুৰ্ঘটনা মাজ নদীত ডুবিল চিমেণ্ট ভৰ্তি যন্ত্ৰচালিত নাওঁ

বৰপেটা জিলাৰ অন্তৰ্গত খোলাবান্ধাচৰ-দংৰা সংযোগী ব্ৰহ্মপুত্ৰ নদীত আজি এখন চিমেণ্ট ভৰ্তি নাও এখন দুৰ্ঘটনাত পতিত হয়।  জানিব পৰা নদীখনৰ উত্তৰ পাৰৰ দংৰা ঘাটৰ  পৰা ভেলেঙীচৰৰ হানু আলী নামৰ এজন নাৱৰীয়াই তেওৰ যন্ত্ৰচালিত নাঁৱৰে চিমেন্ট ভৰ্তি কৰি দক্ষিণ পাৰৰ খোলাবান্ধাচৰ নদী ঘাটলৈ আহি থকা অৱস্থাত নৈখনৰ চাংবান্ধাচৰ সমীপত হঠাৎ চাপৰিত নাওঁখন খুন্দা খাই পানীত ডুব যায়। ফলত নাও খনত থকা বৰপেটাৰ এগৰাকী ঠিকাদাৰৰ প্ৰায় দুইশ বেগ চিমেন্ট নষ্ট হয়। তদুপৰি এই দুৰ্ঘটনাত নাওখনত থকা নাৱৰীয়াসহ পাঁচজনকৈ লোক সাতুৰি কোনো মতে পাৰলৈ উঠি কথপমি নিজকে ৰক্ষা কৰে। ইতিমধ্য দুৰ্ঘটনাত পতিত নাওখনো স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছে।

গোলাঘাটত কপিকুল আৰু মানুহৰ তয়াময়া ৰণ

বন ধ্বংস যজ্ঞই মানুহৰ জীৱনলৈ চৰম সংঘাত কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত  গোলাঘাট আজি এখন অগতানুগতিক  ছবি প্ৰতিফলিত হ’ল । বাসস্থান আৰু খাদ্যৰ  অভাৱত  জনসমাবেশলৈ ওলাই অহা কপিকুলে এইবাৰ প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হ’ল   গোলাঘাট চহৰত। ক্ৰমে হিংস্ৰ হৈ পৰা   কপিকুলে এইবাৰ   মানুহলৈ লক্ষ্য কৰি  আক্ৰমণ আৰম্ভ কৰিলে  । গোলাঘাট নগৰৰ মাজমজিয়াত প্ৰায় চাৰি ঘন্টা ধৰি মানুহ আৰু কপিকুলৰ মাজত চলিল এই তয়াময়া ৰণ।  মূলতে  বিপদত পৰা বান্দৰৰ দলটোৰ এজন সতীৰ্থক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল এই কপিকুলৰ দলটোৱে । ঘটনাৰ সবিশেষ অনুসৰি ,  গোলাঘাট নগৰৰ শ্যাম ফেঞ্চি ষ্ট’ৰৰ চাটৰ ওপৰত এটা বান্দৰ খাদ্যৰ সন্ধানত আহি  টিনপাতত লাগি থকা ৰছীত এখন ভৰি লাগি  যোৱাত  লৰচৰ কৰিব নোৱাৰা হ’ল বান্দৰটো।সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি থকা একাংশ মানুহে  বিপদত পৰা কপিকুলক উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও   মানুহক বিশ্বাসত লব নোৱাৰি বাৰে বাৰে খেদি আহিছিল  বান্দৰ দলটোৱে। অধিক  হিংসুক হৈ পৰা কপিকুলে এবাৰ মানুহলৈ চোঁচা লয় আকৌ মানুহৰ দলটোৱে কপিকুলৰ দলটোলৈ চোঁচা লয়।  এইদৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলিল বান্দৰ আৰু মানুহৰ এই বিৰল যুঁজখন।  অৱশেষত বনবিভাগৰ দল আহি উপস্থিত হোৱাৰ পিছতহে দুয়োপক্ষৰ মাজৰ হোৱা সংঘাতৰ যেন  অন্ত পৰিল । আৰু শেষত অতি  কৌশলেৰে বনবিভাগৰ লোকে উদ্ধাৰ কৰে ৰচীত লাগি থকা আঘাতপ্ৰাপ্ত  বান্দৰটোক। আৰু  প্ৰায়   চাৰি ঘন্টাজুৰি চলি থকা কপিকুল আৰু মানুহৰ যুজঁ খনৰ তেতিয়াহে অন্ত পৰে। গোলাঘাট চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা কপিকুলৰ লগত মানুহৰ সহৱস্থান এক সাধাৰণ কথা হৈ পৰিছিল যদিও আজি দুয়োপক্ষৰ মাজত হোৱা এই ৰণখনে এক ৰোমাঞ্চকৰ পৰিবেশৰ সৃষ্টি কৰে।