Home Blog Page 2920

চুলাই ঘাটি উৎখাত ওৰাং আৰক্ষীৰ

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই  চুলাই ঘাটিৰ পৰাই ক’ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত  ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই জৰুৰী বাৰ্তা পোৱাৰ পাছতে ওদালগুৰি জিলা আবকাৰী বিভাগে স্থানীয় প্ৰশাসনৰ সহযোগত ভিন্ন অঞ্চলত  ইটোৰ পিছত সিটো চুলাই মদৰ  ঘাটি উৎখাত কৰিছে । ওৰাং আৰক্ষীয়ে একেৰাহে  আজি কেবাদিন ধৰি এই চুলাই মদৰ বিৰুদ্ধে তীব্ৰতৰ  অভিযান চলাই  চমুৱা গাওঁ,ভোগদল  আন কেইবাঠাইতো  অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰি শ ,শ লিটাৰ চুলাই মদ নষ্ট কৰি পেলোৱাৰ  লগতে বিশাক্ত চুলাই মদ তৈয়াৰ কৰা বহু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে । ওৰাং আৰক্ষীৰ এই চুলাই মদৰ ঘাটি উচ্ছেদ অভিযান  নিতান্তই প্ৰসংশনীয়  পদক্ষেপ যদিও ওৰাং আৰক্ষী থানা এলেকা ধনশ্ৰীঘাট, দফলাপোট, পাউৰীপোট,ওৰাং চাহ বাগিছাৰ ১ নং গেট আৰু হাবিগাওঁতো অবাধে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা । ইফালে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত  মেৰাবিল,মণ্ডল চক,ফুলগুৰি, মহলীযাপাৰা,নাহৰঝাৰ,লামাবাৰী চেন্টাৰ  ইত্যাদি অঞ্চলত চুলাই মদৰ অবাদ বেহা চলি থকাৰ উপৰিও মাজবাট, লামাবাৰী,বাহিপুখুৰী ,বেটেৰি, বেটিবাৰী, ধনশ্ৰী আৰু ওৰাং চাহ বাগিছা সমুহতো চাহ বাগিছাৰ পৰিচালকৰ সহযোগতে  একাংশ লোকে  চুলাই মদৰ ঘাটি স্থাপন কৰি অঞ্চল সমুহত সমাজিক, শৈক্ষিক, অৰ্থনৈতিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।অতি শীঘ্ৰে এই চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ আবকাৰী তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে মাজবাট বাসী ৰাইজে ।

ভৰাশিঙৰীত মহাবাহুৰ খহনীয়া অব্যাহতঃ ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ

সমাগত বাৰিষা আজিও উন্মুক্ত অৱস্থাতে পৰি আছে ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে মহাবাহু  ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ব্ৰহ্মপুত্ৰ নদীৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰাত শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ গৰুডোবাৰ তেলীয়াগাওঁ আৰু ভৰাশিঙৰীত ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে  নৈৰ বুকুত জাহ গৈছে৷ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক হৰ’গৌৰী দেৱালয়লৈ তীব্ৰ ভাবুকি আহি পৰিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয়৷উক্ত খহনীয়াগ্ৰস্ত স্থান পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় গৰা-খহনীয়া ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, ৰাজ্যৰ জলসম্পদ বিভাগ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৱে বিগত দিনবোৰত কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷চৰকাৰৰ নীৰৱতা আৰু জলসম্পদ বিভাগৰ দায়িত্বহীনতা ফলত বৰ্তমান ৰাইজে দিকবিদিক হেৰুৱাই এক দুৰ্বিষহ জীৱন কটাইছে৷আনকি বিগত দিনবোৰৰ পৰাই ৰাইজে নিজৰ গাঠিৰ ধন খৰচ কৰি বাহ,গছ আদিৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰা-খহনীয়া ৰোধ কৰাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলৰ লগতে ঐতিহাসিক হৰ’গৌৰী দেৱালয়ৰ চৌপাশ এনেদৰে বাহ,গছ আদিৰে বচোৱাটো সম্ভৱপৰ নহয় বুলি কৃষক শ্ৰমিক নেতা বৈশ্যই কয় ৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় উক্ত ভৰাশিঙৰী অঞ্চলৰ গৰা-খহনীয়া প্ৰতিৰোধৰ বাবে সংগঠনটোৱে দীৰ্ঘদিনৰে পৰা চৰকাৰক প্ৰবল দাবী জনাই আহিছে৷সংগঠনৰ দাবীৰ প্ৰতি সহাৰী জনাই ৰাজ্যৰ জলসম্পদ বিভাগ তথা জলসম্পদৰ মন্ত্ৰী পিয়ুষ হাজৰিকা নিজে উপস্থিত হৈ কিছুদিন পূৰ্বে প্ৰায় ৫০ লাখ টকা মোকলাই দিছিল যদিও কামৰ ঠিকা লাভকৰা ঠিকাদাৰগৰাকীয়ে কিছু কাম কৰিয়েই বাকী সমুদায় ধন কৌশলেৰে আত্মহাৎ কৰাৰ ফান্দ পাতিছে৷সেয়েহে এই ক্ষেত্ৰত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে৷লগতে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে ততকাল ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনাইছে৷অন্যথা আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে৷

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতালৈ ‘ওদালগুৰি ৰত্ন’ ২০২০বঁটা

সুস্থ প্ৰগতিশীল আৰু এখন নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত  বিভিন্ন জনে একনিষ্ঠভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে।তেখেত সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্মৰাজিক সন্মান প্ৰদৰ্শন কৰিবলৈ ওদালগুৰি জিলা সাহিত্য সভাই প্ৰতি দুবছৰত জিলাখনৰ এগৰাকী মহান বিশিষ্ট ব্যক্তিক “ওদালগুৰি ৰত্ন বঁটা”ৰে সন্মানিত  কৰি আহিছে।এইবেলি ২০২০বৰ্ষৰ  এই বঁটাৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰৰ  একনিষ্ঠ সাধক ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ,শৰণাচাৰ্য তথা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতালৈ প্ৰদান কৰা হব বুলি ওদালগুৰি জিলা সাহিত্য সভাই ঘোষনা কৰিছে।আজি ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই জনোৱা মতে- অহা ১৮ জুলাইত  দিনৰ ১১ বজাত ডিমাকুছিস্থ বৰঙাজুলি সত্ৰত ওদালগুৰি জিলা সাহিত্য সভাই দ্বিবাৰ্ষিক ভাবে প্ৰদান কৰা ‘ওদালগুৰি ৰত্ন বঁটা২০২০’ সন্মানটি আনুষ্ঠানিকভাবে  এইবেলি এই সন্মান আগবঢ়োৱা হ’ব বৰঙাজুলি সত্ৰৰ প্ৰতিস্থাপক সত্ৰাধিকাৰ, ‘সত্ৰভূষণ’, ‘ভকত শিৰোমণি’  হৰেকৃষ্ণ মহন্ত আতাক৷ তেখেতৰ শেহতীয়া শাৰিৰীক অসুস্থতা আৰু ক’ৰনা মহামাৰীৰ চৰকাৰী বিধিৰ প্ৰতি লক্ষ্য ৰাখি অতি অনুষ্ঠুপীয়াকৈ(মাত্ৰ এঘণ্টা) কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷তেওঁ লগতে উল্লেখ কৰি কয়-  সময়ৰ নাটনিৰ বাবে অনুষ্ঠানলৈ সকলোকে  আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিব পৰা নগ’ল যদিও উক্ত দিনা নিৰ্দিষ্ট সময়ত ভক্তপ্ৰাণ ৰাইজক  উপস্থিতি থাকি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।উক্ত বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক শৰ্মা, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ,জিলা উপায়ুক্ত ডা: পি উদয় প্ৰবীন উপস্থিত থাকিব। ষাঠিৰ দশকতে বৰঙাজুলি সত্ৰৰ দায়িত্ব গ্ৰহন কৰি অবিভক্ত দৰং জিলাত(বৰ্তমান ওদালগুৰি জিলা)ধৰ্মীয় ৰীতি-নীতি,সামাজিক,শৈক্ষিক অৰ্থনৈতিক সকলো দিশৰ উন্নয়নৰ বাবে আত্মনিয়োগ কৰা আতা হৰেকৃষ্ণ মহন্তদেৱক ওদালগুৰি জিলা সাহিত্য সভাই এই বঁটাৰ বাবে মনোনীত কৰাত  সমূহ ভক্তপ্ৰাণ ৰাইজে উৎফুল্লিত হৈ উঠিছে।অসম চৰকাৰে ২০০৬ৰ ২৬ জানুৱাৰীত মহন্ত বাপক শিল্পী পেন্সন আগবঢ়াইছিল।ইয়াৰ উপৰিও ২০০৬ত “ভকত শিৰোমণি”,২০০৯ত “আতা পুৰুষ”, “সত্ৰ ৰত্ন”, ২০১৩ত “সত্ৰ ভূষণ” আৰু “শংকৰজ্যোতি”আদি বিভিন্ন উপাধি লাভ কৰা মহন্ত আতাই ২০১১ত নতুন দিল্লীৰ পৰা “ভগৱান বুদ্ধ নেশ্যনেল ফেল’শ্বিপ এৱাৰ্ড,২০১২ত “অপূৰ্ব প্ৰেৰণা বঁটা”, গড়মূৰীয়া পীতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটাৰ উপৰিও ২০২০ত অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।  উল্লেখ্যে যে,ওদালগুৰি জিলা সাহিত্য সভাই আগবঢ়োৱা ওদালগুৰি ৰত্ন’২০১৮ৰ বঁটাৰ এই সন্মান লাভ কৰিছিল ওদালগুৰি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক,বিশিষ্ট সাহিত্যিক তথা ,কৃতী শিক্ষক ক্ষীতেশ্বৰ শৰ্মাই ৷

আজি ৰাজ্যত প্ৰথমবাৰলৈ বাজেট দাখিল কৰিব মহিলা বিত্তমন্ত্ৰীয়ে, অজন্তা নেওগে ৰচিব ইতিহাস।

আজি অসম বিধানসভাত দাখিল কৰা হ’ব ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট (Assam Budget 2021-22)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Cm Himanta Biswa Sarma) চৰকাৰৰ এইখন প্ৰথম বাজেট। কিন্তু এই ববাজেটখনৰ সবাটোকৈ আকৰ্ষণীয় দিশটো হ’ল ৰাজ্যত প্ৰথমবাৰৰ বাবে আজি বাজেট দাখিল কৰিব এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে। এই অভিলেখৰ গৰাকী হৈছে  বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog)।  ৰাজ্যৰ প্ৰথম

ইতিমধ্যে দিন-ৰাতি একাকাৰ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰস্তুত কৰিছে বাজেট। আজি বিয়লি ৩ বজাত সদনৰ মজিয়াত অজন্তা নেওগে বাজেট দাখিল কৰিব।

এইবাৰ বাজেটত মূলত কোৰোণা প্ৰতিৰোধেই হ’ব চৰকাৰৰ মূল বিষয়। কোৰোণা প্ৰতিৰোধৰ বাবে হাস্পতালৰ উন্নয়ন, ভেকচিন সংগ্ৰহ আৰু প্ৰদান, কোৰোণা সৃষ্ট লকডাউন, সান্ধ্য আইন আদিয়ে ভাঙি পেলোৱা অৰ্থনীতিৰ পুনৰুত্থান, আক্ৰান্ত আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে বিশেষ পেকেজৰ ঘোষণাৰ সম্ভাৱনা আছে।

একে সময়তে কৃষি, পশুপালন, দুগ্ধ, মীন পালন আদিকে ধৰি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক খণ্ড আৰু উৎপাদনমুখী উদ্যোগ ক্ষেত্ৰক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে।

গো সুৰক্ষাৰ বিষয়টোৱে ৰাজ্য চৰাকৰৰ সকলো কাম কাজতে অগ্ৰাধিকাৰ পোৱালৈ চাই গো সুৰক্ষাৰ বাবে বিশেয আঁচনি ঘোষণাৰ আশা আছে এই বাজেটত।

আৰক্ষীৰ আধুনিকীকৰণ এইবাৰৰ বাজেটত বিশেষ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। মািক্ৰ’ফািনেন্সৰ ঋণ ৰেহইৰ প্ৰসংগ নিশ্চিতভাবে থাকিব এইবাৰৰ বাজেটত।

আনহাতে শিক্ষাক্ষেত্ৰত ডিজিটেল আৰু অনলাইন ব্।ৱস্থাৰ ব্যাপক পৰয়োজনীয়তা আহি পৰাৰ বাবে শিক্ষা বিভাগৰ বাবে বিশে, চিন্তা চৰ্চা কৰিব পাৰে বাজেটত। ইকিমধ্যে চৰকাৰী বিদ্যালয়ৰ দৰিদ্ৰ শিক্ষাৰ্থীক স্মাৰ্টফোন দিব পৰা যায় নেকি তেনে এক প্ৰস্তাব প্ৰেণ কৰিছিল শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

সদনত নিজৰ মুখ বন্ধ কৰা নাই অখিল গগৈয়ে, সদনৰ পৰা বহিস্কাৰৰ হুমকি অধ্যক্ষৰ

বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিনটো অখিল গগৈয়ে সদনত নিজৰ মুখ বন্ধ কৰা নাই।

◾️অখিল গগৈক সদনৰ পৰা বহিস্কাৰৰ হুমকি দিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

◾️অখিল গগৈয়ে বাৰে বাৰে সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ অধ্যক্ষ দৈমাৰীৰ।

◾️ম্যানমাৰৰ ছুপাৰী সন্দৰ্ভত সদনত মাত মাতিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

◾️ম্যানমাৰৰ পৰা ছুপাৰী হাউলীলৈ আহে বুলি সদনত উল্লেখ কৰিছিল আব্দুৰ ৰহিম আহমেদ।

◾️সেই সময়তে ম্যানমাৰৰ ছুপাৰী প্ৰসংগত মাজতে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে।

◾️বিধায়ক অখিলৰ এই কাৰ্যতে ক্ষুব্ধ হৈ উঠি অধ্যক্ষ দৈমাৰীয়ে বহিষ্কাৰৰ ধমকি দিয়ে।

◾️অখিল গগৈয়ে প্ৰশ্ন কৰোঁতেই অখিল গগৈক অধ্যক্ষৰ ধমক।

◾️এনেকৈ সদন নচলে৷যিকোনো সময়তে সদনত কিয় মাত মাতে?

◾️এনেকৈ সদনত মাত মাতিলে মই সদন চলোৱাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ’ম।

ধানৰ বস্তাত উদ্ধাৰ ৩১ কেজি গাঞ্জা : এজনক আটক:

ন ন কৌশল অৱলম্বন কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰা চক্ৰৰ  বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে অসম  আৰক্ষীৰ লগতে দৰং আৰক্ষীও । তেনে চক্ৰৰ বিৰুদ্ধে  অব্যাহত  আছে  দৰং  আৰক্ষীৰ অভিযান । জানিব পৰা মতে মঙ্গলবাৰৰ  নিশাৰ এক  অভিযানত  ধূলাত উদ্ধাৰ হয়  বৃহৎ পৰিমাণৰ গাঞ্জা । দৰঙৰ আৰক্ষী অধীক্ষকৰ  নিৰ্দেশ মৰ্মে  উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত  ধূলা আৰক্ষীৰ সহযোগত নিশা নাকা তালাচী  চলায় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। তালাচীত  ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত  এখন  গাড়ীৰ পৰা  বৃহৎ পৰিমাণৰ গাঞ্জা  সহ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৰ। মালবাহী  টেম্পো গাড়ী এখনত ধানৰ বস্তাৰ মাজত ভৰাই লৈ গৈ থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ  গাঞ্জা খিনি ।  ছয়টা  ধানৰ  বস্তাৰ মাজৰ   পৰা  ৬টা টোপোলাত সৰ্বমুঠ ৩১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ  লগতে গৌতম সিনহা নামৰ লোক এজনক আটক কৰে অভিযানকাৰী দলটোৱে। ঘটনা সন্দৰ্ভত ধূলা  থানাত  ২২৮/২১ নম্বৰত এন ডি পি এছ আইনৰ ২০(b)(ii)(c) ধাৰাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনক মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইটাখোলাত চোৰাং কাঠৰ সৈতে এখন ট্ৰাক জব্দ

বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত কালি  চোৰাং কাঠৰ সৈতে এখন ৪০৭ ট্ৰাক এখন আৰক্ষীয়ে জব্দ  কৰে ।জানিব পৰা মতে যোৱা নিশা বিশ্বনাথ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত তহল দি থকা অৱস্থাত এখন ৪০৭ ট্ৰাক নম্বৰ AS 12-E 1631 প্ৰত্যক্ষ কৰে । পিছত গাড়ী খন আৰক্ষীয়ে খেদি যোৱাত ট্ৰাক খন অলপ দুৰ গৈ ৰাষ্টাতে গাড়ী খন এৰি থৈ চালক জন পলাই পত্ৰং দিয়ে । ট্ৰাক খনৰ ওচৰ চপাত   আৰক্ষীয়ে চোৰাং কাঠ প্ৰত্যক্ষ  কৰি লগে লগে অধীক্ষক গৰাকীয়ে ট্ৰাক খন ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগক  জব্দ  কৰিবলৈ নিৰ্দেশ  দিয়ে ।আৰু ইয়াৰ পিছতেই ইটাখোলা আৰক্ষীয়ে উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত ইটাখোলাস্থিত ডিপলোঙা বন বিষয়া সংমণ্ডল কাৰ্যালয়ৰ ৰেঞ্জৰ ধনেশ্বৰ দলেক মাতি আনি চমজাই  দিয়ে ।

চুলাই মদৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ অভিযান

বিশ্বনাথ আৰক্ষীয়ে আজি কিছুদিন ধৰি চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই  হাজাৰ হাজাৰ লিটাৰ চুলাই  মদ নষ্ট কৰি আহিছে । সেই দৰে আজি ইটাখোলা অঞ্চলৰ বিভিন্ন প্ৰান্তত ইটাখোলা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ কথা জানিব পৰা গৈছে ।জানিব পৰামতে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে ইটাখোলা অঞ্চলৰ বিভিন্ন  স্থানত অভিযান চলাই  অনুমানিক পঞ্চাশ লিটাৰৰো অধিক   চুলাই মদ নষ্ট কৰে । লগতে চুলাই মদ বেপাৰ কৰি নিজ পৰিয়ালৰ লোকৰ পোহপাল দি অহা বেপাৰী সকলক অন্য কৰ্ম কৰিবলৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে  সকিয়াই দিয়ে ।

মাজবাট পৌৰসভা গঠন সম্পৰ্কে ৰাজহুৱা সভা

ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত থকা সভা গৃহত  ১৪জুলাইত  স্থানীয় প্ৰশাসনৰ উদ্যোগত মাজবাট পৌৰসভা গঠন সম্পৰ্কে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।  মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজহ চক্ৰ কাৰ্যালয়ৰ সহায়ক শৰৎ বড়াই। সভাত মাজবাট পৌৰসভা গঠনৰ বাবে কিমান দূৰ এলেকা আৰু কিমান  ভোটাৰৰ প্ৰয়োজন হ’ব এই লৈ বিতংভাৱে আলোচনা কৰাৰ লগতে  মাজবাট নগৰখনৰ কাষতে থকা কোনকেইটা অঞ্চলক সামৰি লোৱা হ’ব সেই বিষয়েও আলোচনা কৰা হয়। সভাৰ শেষত অক্ষয় কুমাৰ কলিতা , পূৰ্ণৰাম ডেকা , সুভাষ চন্দ্ৰ বিশ্বাস , অৰবিন্দ ডেকা , মুনীন্দ্ৰ কলিতা , কৃষ্ণকমল শৰ্মা, কৃপাল গোস্বামী , ৰিমিশ লিণ্ডা , চেৰু মোছাহাৰী , জীৱন ডেকা , লোহিত ৰাভা , জনাৰ্দন কলিতা , ৰবীন্দ্ৰ বসুমতাৰী , দীপেন বড়া , জ্যোতিশ কলিতাক লৈ  মাজবাট পৌৰসভাৰ  সীমা নিৰ্ধাৰণ কৰাৰ বাবে এখন পোন্ধৰজনীয়া সমিতি গঠন কৰে। উক্ত সমিতিখনক এলেকাৰ লাট মণ্ডল সকলক লগত লৈ অহা ২০ জুলাইৰ ভিতৰত ৰাইজৰ লগত আলোচনা মৰ্মে সুবিধা -অসুবিধা সমূহ আতৰাই নতুনকৈ গঠন হ’বলগীয়া মাজবাট পৌৰসভাৰ সীমা নিৰ্ধাৰণ কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত খচৰা দাখিল কৰিবলৈ সভাই দায়িত্ব অৰ্পণ কৰে। সভাত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰৰ লগতে শ্ৰম পৰিদৰ্শক ডেইটী   ৰয় চৌধুৰী , মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ শৰ্মা , সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক যতীন নাথ, শিক্ষক ৰামকৰন গোঁড় অবসৰ প্রাপ্ত শিক্ষক মথোৰ চন্দ্র পাঠক আৰু অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ বিষয় ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

ওৰাঙৰ বগৰীবাৰী গাওঁত আকৃতি ফাউণ্ডেচনৰ উদ্যোগত : ঋতুস্ৰাৱ আৰু ক’ভিড সজাগতা সভা

 ওদালগুৰি জিলাৰ অন্তৰ্গত  ওৰাঙৰ গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ত   ১১  জুলাই তাৰিখৰ দিনা আকৃতি ফাউণ্ডেচন নামৰ  এন জিও টোৰ উদ্যোগত এখনি ঋতুস্ৰাৱ আৰু কভিডৰ সম্পৰ্কত এখনি সজাগতা  সভা অনুষ্ঠিত হৈ যায় ।  এই  এন জিও টোৱে উক্ত  সভাত উপস্থিত থকা ৰাইজৰ মাজত  মাস্ক ,চেনিটাইজাৰ আদিৰ লগতে মহিলা সকলৰ মাজত মহিলাই সাধাৰণতে মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰা পেড  সমুহ বিতৰণ কৰে ।  সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি  নীতা দেৱীয়ে মাহেকীয়াৰ সময়ত  মহিলাসকলে লব লগীয়া সাৱধানতাৰ সম্পৰ্কত  বক্তব্য দাঙি ধৰে ৷ওৰাঙৰ স্বাস্থ্য বিভাগৰ লগত জড়িত এগৰাকী নিষ্ঠাবান স্বাস্থ্য কৰ্মী,কভিড যোদ্ধা  হিচাপে পৰিচিত  নীতা দেৱীয়ে  সভাত উপস্থিত মহিলা সকলক উদ্দেশ্যি মহিলা  সকলে  সাধাৰণতে ভুগি অহা নানান ধৰণৰ অসুবিধা সমূহৰ দৰে  গুৰুত্বপূৰ্ণ বিষয়তো ব্যখ্যা কৰে ৷  নীতা দেৱীয়ে   ভাষণ  প্ৰসংগত মহিলা সকলে ঋতুস্ৰাৱৰ সময়ত লব লগীয়া সকলো ধৰণৰ সজাগতা অৱলম্বন কৰিবলৈ বিতং ভাবে উল্লেখ কৰি কয় যে  মহিলা সকলে মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰা ভালকৈ চাবোনেৰে ধুই ৰ’দ পৰা ঠাইত শুকাবলৈ দিয়াৰ পৰিবৰ্তে ঘৰৰ বেৰৰ কোণত ঘৰৰ পুৰুষ সকলে দেখা পাব বুলি লাজতে দেখা নোপোৱা ঠাইত শুকাবলৈ দিয়াৰ ফলত মহিলা সকলে মাহেকীয়া হোৱা সময়ত ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰাটোৰ পৰা বহু ভয়াবহ বীজানো সংক্ৰমণ হৈ যৌনাঙ্গলৈ প্রবেশ কৰাৰ ফলত নানান ধৰণৰ  ৰোগে দেখা দিয়ে । এইদৰে যতে ততে ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰা ৰদত শুকাবলৈ মেলি দিয়াৰ ফলত আমাৰ গুপ্তঙ্গৰ চাৰিওফালে খজুটি আদিৰ দৰেও সমস্যাই দেখা দিয়ে । আৰু মহিলা সকলে পেড ব্যৱহাৰ কৰিলেও কি দৰে ব্যৱহাৰ কৰিব লাগে আদি  বোৰ বিষয়ত সজাগ কৰা লগতে সভাত উপস্থিত  সকলো ৰাইজক  কৰোণাৰ লগতে এইবোৰ বিষয়তো সাজাগ থাকিবলৈ বিশেষভাবে আহ্বান জনায় । সভাত অতিথি হিচাপে  উপস্থিত থকা ওৰাং খণ্ড প্ৰাথমিক কেন্দ্ৰৰ বিপিএম  পংকজ সভাপণ্ডিতে তেওঁৰ ভাষণ প্ৰসংগতসন্মানীয় আই মাতৃ বাই ভন্টি উপস্থিত হোৱা এটা সভাত মহিলাৰ গোপনীয়তা, বা পুৰুষৰ আগত প্ৰকাশ কৰিব নোৱাৰাৰ দৰে বিষয় হলেও মহিলা সকলে তেওঁলোকে তেওঁলোকৰ শৰীৰত দেখা দিয়া সমস্যাৰ  সম্পৰ্ক থকা বিষয়বোৰত বাৰুকৈয়ে অধিক গুৰুত্ব প্ৰদান কৰা হাইজিন মেন্টেইট কৰা ইত্যাদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বিপিএম সভাপণ্ডিত তেওঁৰ গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে ।সভাত ৰক্তিম দেব নাথে সভাত উপস্থিত ৰাইজৰ ও অতিথি সকলক ছা – চিনাকী পৰ্বৰ আঁত ধৰি সমাজৰ মাজত এক নতুন চিনাকি হোৱাৰ লগতে ৰাইজৰ সুবিদাৰ্থে নতুনকৈ নামাকৰণ কৰা এই এন জিও টোৱে কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নৰখাকৈ ৰাইজৰ কাম কৰি যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে । এই এন জিও টোৰ বেছিভাগ সদস্যই নতুন আৰু এতিয়াও আমাৰ মাজত দুই এজনৰ বাদে চাকৰিয়াল লোক নাই । এই এন জিও টো বৰ্তমান কিছু লোকৰ পৰা সহায় লৈ পৰিচালনা কৰা হৈছে বুলি জানিবলৈ দিয়ে । গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এই আকৃতি পাউণ্ডেশ্যন নামৰ এন জিও ৰ উদ্যগত আযোজন কৰা সজাগতা  সভাত উপস্থিত থাকেআকৃতি ফাউণ্ডেচনৰসভাপতি ৰক্তিম দেবনাথ,সম্পাদিকা স্মিতা প্ৰধান, সদস্য – ভাস্কৰ জ্যোতি দেব নাথ,প্ৰগতি প্ৰধান,প্ৰমোদ  তাঁতি,অনুৰনন দেব নাথ,ৰাহুল তালুকদাৰ ,বিপুল তাঁতি,নম্ৰৰিতা বৰা,যুগল কিশোৰ দেব নাথ ,উপদেষ্টা  নব কুমাৰ নাথ,সবিতা প্ৰধান,আদিয়ে ৷