Home Blog Page 2919

ছয়গাঁৱৰ গৰৈমাৰীত দিব্যাংগ লোকৰ মাজত এন ই এ আই ডি সংস্থাৰ খাদ্য সামগ্ৰী বিতৰণ

ক’ৰণাকালীন পৰিস্থিতিৰ বাবে সৰ্বসাধাৰণ লোকৰ জন জীৱন বিপৰ্যস্থ হৈ পৰা মূুহুৰ্তত আজি দক্ষিণ কামৰূপৰ   গৰৈমাৰীত দিব্যাংগ লোকৰ কাষত সহায়ৰ হাতলৈ থিয় দিয়ে ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এটাই ৷  ক’ৰণা মহামাৰীৰ বাবে সমাজৰ আটাইতকৈ অৱহেলিত তথা বিশেষভাৱে সক্ষম লোক সকল বেচিকৈ জুৰুলা হৈ পৰাৰ প্ৰতি লক্ষ ৰাখি “নৰ্থইষ্ট চেন্টাৰ ফৰ ইকুইটি একশ্যন অন ইন্ট্ৰিগ্ৰেটেড ডেভেলপমেন্ট” চমুকৈ এন ই এ আই ডি নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে এই লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰে  ৷ ছয়গাঁৱৰ সমষ্টিৰ গৰৈমাৰীৰ টুক্ৰাপাৰাস্থিত “জিলা বিকলাংগ কল্যাণ পৰিষদৰ কাৰ্যাল”য় প্ৰাংগণত ক’ভিড প্ৰ’টকল মানি  খাদ্য সামগ্ৰী বিতৰণ কৰে শিক্ষা সম্পৰ্কীয় বে-চৰকাৰী সংস্থাটোৱে । সংস্থাটোৱে জিলা বিকলাংগ কল্যাণ পৰিষদৰ সচিব আৰফান খানৰ  সহযোগত ষাঠি গৰাকী বিশেষভাৱে সক্ষম লোকক সাময়িক সকাহ প্ৰদানৰ উদ্দেশ্যে প্ৰদান কৰে এই সাহাৰ্য ৷  উল্লেখ্য, কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া আৰু জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাৰ বিশেষ অৰিহনাত ৰূপায়ণ কৰা এই সাহাৰ্য বিতৰণ অভিযান জিলাখনৰ আন আন অঞ্চললৈয়ো অব্যাহত ৰাখিব বুলি এন ই এ আই ডিৰ সহযোগী সংগঠক মেৰাজ আহমেদে সাংবাদিকক জানিবলৈ দিয়ে ৷ এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সেচ্ছাসেৱী সংস্থাটোৰ কামৰূপ জিলাৰ সমন্বয়ক খয়বৰ হুছেইনৰ লগতে সংস্থাটোৰ কৰ্মকৰ্তা আৰু জিলা বিকলাংগ কল্যাণ পৰিষদৰ কেবাগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷

প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰিৰ মৃত্যু

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সুৰেখা চিক্ৰিৰ ৭৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু হৈছে। অভিনেত্ৰী গৰাকী দীৰ্ঘদিন ধৰি অসুস্থ আছিল আৰু ২০১৮ আৰু ২০২০ চনত দুটা মগজুৰ ষ্ট্ৰোকত ভুগিছিল। অভিনেত্ৰী গৰাকীৰ মেনেজাৰে বাতৰিটো নিশ্চিত কৰি কয় যে , “তিনিবাৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সুৰেখা চিক্ৰিৰ আজি ৰাতিপুৱা ৭৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।অভিনেত্ৰী গৰাকী দ্বিতীয় ব্ৰেইন ষ্ট্ৰোকৰ পৰা উদ্ভৱ হোৱা জটিলতাত ভুগি আছিল।”

মৰিগাঁৱত জিলা গড়কাপ্তানি বিভাগৰ বৃক্ষ ৰোপণ অনুষ্ঠান

ভাৰতৰ স্বাধীনতা ৭৫ বছৰৰ উপলক্ষে সপ্তাহযোৰি চলাই স্বাধীনতা অমৃত মহোৎসৱ।ভাৰত চৰকাৰ নিৰ্দেশ মৰ্মে চলা এই মহোৎসৱ মৰিগাঁৱটো যোৱা ১৪ জুলাই পৰা ২১ জুলাইলৈকে আৰম্ভ কৰে।এই সময়চোৱাত মৰিগাঁও জিলাত চাৰিটা পথত দুয়োকাষে গছপুলি ৰোপণৰ ব্যবস্হা কৰে।সেই মৰ্মে শুক্ৰবাৰে মৰিগাঁও ভূৰবন্ধাত ভূৰবন্ধা খাটৰবৰি পৰা কালিকাজাৰি হৈ বৰচলালৈ যোৱা পথটিত প্ৰায় সোতৰ শ মিটাৰ পথত গছপুলি ৰোপনৰ ব্যবস্হা কৰে।উক্ত গছপুলি ৰোপন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা গড়কপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি,সহকাৰি কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,কনিষ্ঠ অভিযন্তা প্ৰদিপ ৰাজখোৱা,শাখা সহায়ক কৃষ্ণ ডেকা, সাংবাদিক পুলিন কাকতি,তুলেন মেধি,ৱাচিম খান সহ বহু কেইজন লোক।অনুষ্ঠানত উপস্থিত থাকি কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি লগতে সহকাৰী কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই কয় যে এই আচনি জড়িয়তে অসমৰ ১৫৪ টা পথত গছপুলি ৰোপন কৰা ব্যবস্হা কৰিছে তাৰে ভিতৰত মৰিগাঁও জিলা চাৰিটা পথ ক্ৰমে ভূৰবন্ধা,বাৰপূজিয়া,শলমাৰি আৰু লাহৰিঘাটৰ এই কেইটা পথত গছপুলি ৰোপণ কৰে।লগতে এই গছপুলি ৰোপন কৰা অঞ্চলৰ সাধাৰণ ৰাইজকো এই কামত সহযোগ কৰায়।ইফালে সেই অনুষ্ঠানতে উপস্থিত থাকি জিলা সহকাৰি কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই  এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা  সকলোকে ধন্যবাদ জ্ঞাপন কৰা লগতে এই গছপুলি সমুহৰ সুৰক্ষা দিব বাবে ৰাইজক অনুৰুধ জনায়।

নলবাৰীৰ পিপলিবাৰীত আঠদিনে সন্ধানহীন এজন ছাত্ৰ

নলবাৰী জিলাৰ এগৰাকী ছাত্ৰ আজি আঠদিনে  সন্ধানহীন হৈ থকা  ঘটনাই তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ATM ত  পইছা উলিয়াবলৈ গৈ সন্ধানহীন চামতা ইডেন ভেলি একাডেমীৰ ছাত্ৰ কৰ্নব তালুকদাৰ। নলবাৰী জিলাৰ  পিপলিবাৰী গাৱঁৰ সন্ধানহীন ছাত্ৰ জনৰ  পৰিয়ালে ইতিমধ্যে   আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে বেলশৰ থানাৰ অন্তৰ্গত পিপলিবাৰী গাৱঁৰ অনিল তালুকদাৰৰ ১৯ বছৰীয়া পুত্ৰ তথা চামতাৰ ইডেন ভেলি একাডেমীৰ দ্বাদশ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ কৰ্নব তালুকদাৰে যোৱা ৮ জুলাইৰ দিনৰ ১১ বজাত ঘৰৰ পৰা চামতাৰ ষ্টেট বেংকৰ ATM লৈ টকা  উলিয়াবলৈ বুলি  যোৱাৰে পিছৰে  পৰা সন্ধানহীন  হৈ পৰে।ক’লৈ গ’ল কৰ্নব তালুকদাৰ ? তাকে লৈ এতিয়া উৎকন্ঠাত আছে পৰিয়ালটো । পৰিয়ালৰ লোকে আত্মীয় কুটুম্ব,  বন্ধু- বান্ধবৰ ঘৰ আদি সকলোতে বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই কৰ্ণবৰ । পৰিয়ালৰ লোকে বেলশৰ থানা আৰু চামতা পহৰা চকীত ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সম্ভেদ উলিয়াব পৰা নাই কৰ্নবৰ ।  কৰ্ণবক ঘৰলৈ উভতিবৰ বাবে কান্দি-কান্দি কাতৰ আহ্বান কৰ্নবৰ মাতৃৰ ।

পানেৰীত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত টিনপাট বিতৰণ

বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি দিন হাজিৰা কৰি খোৱা লোকক অসম বিধানসভাৰ অধ্যক্ষ, পানেৰীৰ বিধায়ক বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে খালিংদুৱাৰ মণ্ডল কমিটিৰ অধীনত পানেৰী বিধানসভা সমষ্টিৰ লগতে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলে  আৰ্থিকভাৱে জুৰুলাপ্ৰায় অৰ্ধ শতাধিক লোকক টিন-পাট বিতৰন কৰে।  বাৰিষাৰ সময়ছোৱাত দুখীয়া দৰিদ্ৰ লোকসকলে আৰ্থিক ভাবে দুৰ্বলতাৰ বাবে থকা নিজৰ ঘৰটোৰ মেৰামতি কৰিব নোৱাৰা সময়ত বিজেপি দলৰ কাৰ্যকৰ্তা সকলে ঘৰে -ঘৰে পদূলিৰ সন্মূখত গৈ ১ বানকৈ টিনপাট দিয়াত  সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে, পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ অসম বিধানসভাৰ অধ‍্যক্ষ বিশ্বজিত দৈমাৰী, অসম বিধানসভা অধিবেশন চলি থকা হেতুকে নিজে সমষ্টিত উপস্থিত থাকিব নোৱাৰা সত্বেও, বৰ্তমান ক’ৰনা মহামাৰীৰ ফলত সাধাৰণ তথা দুখীয়া-দৰিদ্ৰ লোকসকলৰ মাজত আৰ্থিক দুৰ্যোগ সৃষ্টি হোৱা সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ লগতে দলৰ কাৰ্যকৰ্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, ট্ৰাক সহ চালক আটক

শুক্ৰবাৰে পূৱতি নিশা অৰুণাচল  বান্দৰদোৱাৰ পৰা গুৱাহাটী অভিমুখী এখন আলু ভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগ। জানিব পৰা মতে,পূৱতি নিশা প্ৰায় ১ মান বজাত বান্দৰদোৱাৰ পৰা অহা ডি আৰ ০১ জি কে৫০৮১ নম্বৰৰ আলু ভৰ্ত্তি ট্ৰাক খন বিশ্বনাথ চাৰিআলিত আবকাৰী বিভাগে ৰখাইছিল, যদিও ট্ৰকাখন নাৰাখি পাৰ হৈ যায়। পিছত ট্ৰাকখন আবকাৰী আৰু আৰক্ষীয়ে খেদি খেদি কুসুমটোলাত ধৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ চালক মহম্মদ হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গাড়ীখনত আলু বস্তাৰ ভিতৰত ১৬৯ কেচ অৰুণাচলী সুৰা আৰু ৪০বস্তা আলু উদ্ধাৰ কৰে বিভাগটোৱে। ট্ৰাকখন বিহাৰলৈ গৈ থকা  বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা আৰু বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাই ।

বিশ্ব হিন্দু পৰিষদ :মাজবাট প্ৰখণ্ডৰ নতুন সমিতি গঠন

ওদালগুৰি জিলাৰ মাজবাটস্থ হনুমান মন্দিৰ প্রাংগনত ১৫জুলাইত  দিনৰ ১১:০০ বজাত বিশ্ব হিন্দু পৰিষদ মাজবাট প্ৰখণ্ডৰ  এখন সভা অনুষ্ঠিত  হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি  নিপেন শৰ্মায়। সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিত বিশ্ব হিন্দু পৰিষদ মাজবাট প্রখণ্ডৰ  সভাপতি হিচাপে  প্রদীপ শৰ্মা , উপ সভাপতি হিচাপে দুৰ্গা ভট্টৰায়, সম্পাদক ফনি শৰ্মা , প্রচাৰ সম্পাদক সন্তোষ  পাটোৱাৰী, সৎ সংঘ প্রমোখ উমেশ দাস, গো ৰক্ষা প্রমুখ ৰঞ্জন বসুমাতাৰী আদিক লৈ এক শক্তিশালী সমিতি গঠন কৰে। আজিৰ সভাত ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা পুলকেশ ৰাভা, সুভাষ চন্দ্র বিশ্বাস, বিৰেন নাৰ্জাৰী, মাজবাট প্রখণ্ড বজৰং দলৰ দিপেন বসুমতাৰী, ফনিন্দ্র উপাধ্যায়  আদি উপস্থিত থাকে।

চেঙাৰ কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত। খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। কাছুমাৰা-কাশিমপুৰ গাওঁৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা ভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীত বিলীন হৈছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়। দুই তিনিশ বছৰীয়া বসতি প্ৰধান গাওঁ খন বছৰে বছৰে খহাই গৃহহীন কৰিলে বহু পৰিয়াল। গৰাখহনীয়াৰ কবলত পৰি নিজৰ সপোনৰ ঘৰ দুৱাৰ ভাঙি নাৱেৰে লৈ যাবলগীয়া হয় নিৰাপদ স্থানলৈ। চৰকাৰ তথা স্থানীয় বিধায়িকৰ কোনো গুৰুত্ব নেদেখাত উপায়ান্তৰহৈ বৃহস্পতিবাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নদীৰ পাৰত কেইবা শতাধিক লোক একগোট হৈ নেদেখা জনৰ ওচৰত সমূহীয়াভাৱে মোনাজাত-প্ৰাৰ্থনা কৰিলে। গোৱালপাৰা জিলাৰ পৰা মুফতি আবুল হাসেমক মাতি আনি কৰিলে দোৱা প্ৰাৰ্থনা। নেদেখা জনৰ ওচৰত মুফতি আবুল হাসেমৰ লগতে কণ কণ শিশু, অঞ্চলবাসীয়ে কান্দি কান্দি কৰিলে প্ৰাৰ্থনা। নদীৰ পাৰত তিনিটা স্থানত ইটাৰ সৈতে কোৰাণৰ কালিমা লিখি নদীৰ গৰাত ইটা স্থাপন কৰি বান্ধি দিলে কেইবাটাও নীতি। গৰাখহনীয়াত সৰ্বস্বান্ত পৰিয়ালে নেদেখা জনক প্ৰাৰ্থনা জনোৱাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰকো ব্যৱস্থা গ্ৰহণৰ দাবী জনালে।

মৰিগাঁও কৃষি বিভাগৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকক সকাহ দিয়াৰ চেষ্টা।

মৰিগাঁও জিলা খন প্ৰতি বছৰে বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হয় বানত। বছৰি বানত বুৰ গৈ কৃষি পথাৰ সমূহৰ কৃষি সমূহ বাৰে বাৰে বিধ্বস্ত কৰে বানে। ফলত জিলা খনৰ কৃষক সকল প্ৰতি বছৰে মুখামুখী হয় ধানৰ কঠিয়াৰ সমস্যাত। এনে সমস্যাৰ বাবে অৱশেষত  চন পৰি থাকে পথাৰ। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা কৃষি বিভাগৰ তত্বাৱধানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে নিজ গেৰুৱা কৃষি খণ্ড এলেকাৰো  তাপতলা, বানমুৰী, হাতীমুৰীয়া আদি অঞ্চলত পথাৰ পৰিচালনা সমিতি, বিভিন্ন আত্মসহায়ক গোট বা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ধানৰ কঠিয়া পেলোৱাৰ পাছত আজি কৃষিখণ্ড টোৰ এলেকাৰ জামাদাৰী গাঁৱৰ পথাৰতো প্ৰায় চাৰি বিঘা মাটিত বাহাদুৰ স্বাৱ – ১ সঁচৰ ধানৰ কঠিয়া পাৰা হয়। যোৱা কালি সমূহীয়া কঠিয়া পাৰা কাৰ্যসূচীত ADO নীলকমল বৰা, নিজগেৰুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ, সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালি, এ ই এ পংকজ বৰদলৈকে প্ৰমোখ্য কৰি বহু কেইজন আদৰ্শ কৃষক উপস্হিত থাকি কঠিয়া পাৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালিয়ে জানিব দিয়া মতে বৰ্তমানলৈ গেৰুৱা কৃষি চক্ৰটোত সৰ্বমুঠ পাঁচ হেক্টৰ মাটিত বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া সিচা হৈছে আৰু ইয়াৰ দ্বাৰা অঞ্চলটোৰ বহু কৃষক উপকৃত হব। তদুপৰি বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া বা ধান গছ বাৰিষাৰ পানীত ১৫ দিন পৰ্যন্ত বুৰ গৈ থাকিলেও নষ্ট নহয়। ফলত এনে জাতৰ ধানৰ সচে বানাক্ৰান্ত অঞ্চলৰ কৃষকক যথেষ্ট লাভাম্বিত কৰিব বুলিও ভৰালিয়ে জানিব দিয়ে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ বিফলতা

ওদালগুৰি জিলাৰ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ অধীনত  থকা ওৰাং বিশুদ্ধ খোৱা  পানী যোগান আঁচনিৰ জড়িয়তে দীৰ্ঘ দিন ধৰি ওৰাং অঞ্চলবাসী ৰাইজক ঘৰে ঘৰে পাইপৰ মাধ্যমেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছিল ৷ যদিও কেইবা বছৰ  ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত জ্বলা কলা খাব লগা হৈছে অঞ্চলবাসী ৰাইজে । জানিব পৰা মতে ওৰাং স্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিৰ ৮০ দশকত গ্ৰাউণ্ড ৱাটাৰ উঠাবলৈ ৬  ইঞ্চি মানৰ চম্বাৰৰ্চেবল পাম্প বহুওৱা  হৈছিল । ওৰাং অঞ্চলৰ ৰাইজক সেই  ৪০ বছৰ আগতে বহুওৱা পাম্পৰ জৰিয়তে  আজিলৈ খোৱা পানী যোগান ধৰি অহা হৈছিল  ।  এতিয়া সেই ৪০ বছৰ পুৰণি পাম্পৰ সতে সম্পূৰ্ণ পানীৰ বৰিং টো  অচল হৈ পৰাত ওৰাং অঞ্চলৰ ৰাইজ  লাগতিয়ালও প্ৰতি মুহূৰ্ততেই প্ৰয়োজন হোৱা পানীৰ সমস্যাক লৈ চিন্তিত হোৱা পৰিলক্ষিত হৈছে । জানিব পৰা মতে এতিয়া নতুনকৈ আগৰ দৰে চাম্বাৰচেবল পাম্পৰ সলনি সৰু আৰু বহু কম পানী উঠাব পৰা  কেপাচিটিৰ পাম্প বহুৱাই  ৪০ বছৰৰ আগতে বহুওৱা বৰিংৰ জড়িয়তে কোনো মতে ঠেকাৰ কাম চলাই অহাটো দেখিবলৈ পোৱা গৈছে  । বিশেষ সূত্ৰে জানিব পৰা মতে যিটো বৰিংৰ দ্বাৰা পানী উঠাই থকা হৈছে সেই বৰিং টোৰ মাটিৰ তলত বহুওৱা ফিল্টাৰ পুৰণি হোৱাৰ বাবে একেবাৰে বিকল হোৱা সত্ত্বেও কোনো মতে দিনৰ দিনটো পানী উঠোৱাৰ পিছতো ৰাইজৰ ঘৰে ঘৰে উপযুক্ত পৰিমাণে পানী দিয়াত ব্যৰ্থ হৈছে ওৰাং পানী যোগান আঁচনি ।ওৰাং অঞ্চলৰ ৰাইজে অভিযোগ দিয়া মতে পানী যোগান আঁচনিয়ে নিয়মিত আৰু সময় মতে পানী দি আহিছে কিন্তু আগৰ তুলনাত নানান সমস্যাৰ বাবে বহু কম পৰিমাণে পানী দিয়াত বহু কষ্টৰ সন্মুখীন হব লগা হৈছে ওৰাং বাসী ৰাইজৰ । ৰাইজে জানিব দিয়া মতে চাকৰিয়াল , ঠিকাদাৰ , ধনী ধনী লোকৰ ঘৰত পানী ষ্ট’ক কৰা পানী টেংকী সমূহ নিজ নিজ ঘৰত লগোৱা পানী মটৰৰ জৰিয়তে ৰাইজৰ সুবিধাৰ্থে পাইপত অহা পানীখিনি  টানি টেংকী ভৰাই  আহিছে৷ যিসকলৰ ঘৰত মটৰ নাই তেওঁলোকৰ ঘৰত পানী পাইপেৰে যোৱাত বাধা পোৱাৰ ফলত  পানী নোপোৱা বা অতি কমকৈ পানী ওলোৱা আদি ন ন ধৰণৰ সমস্যাই দেখা দিছে ।   ঘৰে ঘৰে দিয়া পানীৰ পাইপৰ পৰাই মটৰ লগাই টেংকী ভৰোৱা আৰম্ভ কৰাত অঞ্চলৰ অইন অইন ঘৰত পানী প্ৰেচাৰ নোহোৱাত  পানী নোপোবাটো পৰিলক্ষিত হৈছে । ওৰাং অঞ্চলৰ সচেতন মহলে অতি সোনকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবী তুলিছে । এই সংক্ৰান্তত মাজবাটৰ অন্যতম বিজেপি যুৱ নেতা কিশোৰ শৰ্মাই মন্তব্য কৰি কয় যে ৰাইজৰ ৰাইজে কেইবছৰ মান  ধৰি যি ধৰণৰ কিছু অসুবিধাৰ সন্মুখীন হব লগা হৈছে বুলি আক্ষেপ কৰিছে ৷ অনতিপলমে ওৰাং পানী যোগান আচঁনিটোত এটা বৃহৎ অভাৰ হেড টেংকী নিৰ্মাণ কৰি বিশুদ্ধ খোৱো পানীৰ পৰা বঞ্চিত গাওঁ অঞ্চল,এলেকাৰ সমুহত পানী যোগান ধৰাৰ সুব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ কতৃপক্ষক  ৰাইজে আহ্বান জনাইছে ৷ এই আচনিটো সংশ্লিষ্ট বিভাগে  আজিলৈ কোটি  কোটি টকা খৰচ কৰাৰ পিছতো সমগ্ৰ ওৰাং  অঞ্চল বাসীক আবশ্যক অনুসৰি বিশুদ্ধ খোবা পানী যোগান ধৰিব পৰা নাই ৷এই আচঁনিটোৰ অধীনত ১৯৯৯ চনতে স্থাপিত ওৰাং গৃহ সংযোগ পানী যোগান  উপদেষ্টা  সমিতি নামেৰে এটা অকৰ্মণ্য ,অপদাৰ্থ  এখন  সমিতি   আছে ৷যদিও এই সমিতিৰ সভাপতি আৰু সম্পাদকৰ  স্বেচ্ছাচাৰীতা,অৰাজকতা , চুড়ান্ত হেমাহি গাফিলতি আদিৰ  বছৰ বছৰ ধৰি কোনো এখন সভা আহ্বান নকৰি কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত সম্প্ৰতি নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷গতিকে ঘৰে ঘৰে   পানী যোগান  সমিতিখন অতি  সোনকালে  ভংগ কৰি এখন নতুন  কাৰ্যকৰী সমিতি গঠন কৰিবলৈ ৰাইজে দাবী জনাইছে ৷