Home Blog Page 2926

কাজিৰঙাত গঁড় হত্যা কৰা চিকাৰী উগ্ৰপন্থী গ্ৰেপ্তাৰ মনিপুৰত

মনিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এচ চি এন (আই এম) আৰু নৱ গঠিত জেমী ৰিভলোচনেৰী আৰ্মী চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে ৷ গোলাঘাট আৰু মনিপুৰ আৰক্ষীৰ যুটীয়া আভিযানত সংগঠনটোৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে ৷ আজি বোকাখাত আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে ৷ ক’ভিড ১৯ ৰ ভয়াৱহ গণ সংক্ৰমণৰ মাজতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা মনিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ৷ এনে গঁড় হত্যাকাৰীৰ বিপক্ষে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ সোমবাৰে ২৪ ঘন্টা ধৰি মণিপুৰত গঁড় হত্যাকাৰীৰ বিৰুদ্ধে চলা অভিযানত এটা গঁড় হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মনিপুৰৰ চূড়াচান্দপুৰ জিলাৰ একে আৰক্ষী থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা চিকাৰীটো থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠান ৷ বোকাখাত আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাৰ নেতৃত্বত দহজনীয়া এটা দলে চলোৱা অভিযানত সহযোগ কৰে মণিপুৰ আৰক্ষীয়েও ৷ ২০২০ চনত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে ওৰফে নেংজাথাম ভাল্টে আৰু নগাঁৱৰ চাইমন লাক্ৰা নামৰ দুটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই চিকাৰী দুটাৰ স্বীকাৰোক্তি ভিত্তিত থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত গোচৰ নং ১৯৫/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/১২১(এ)/৩৭৯/৪১১, আৰ/ডব্লিউ আইনৰ ১৭/১৮ইউ এ(পি)/৫১(১৮) আৰু বন সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিতেই
থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানক বোকাখাত আৰক্ষী থানাৰ অভিযানকাৰী দলে মনিপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি আজি বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ অধিক সোধপোচৰ বাবে আডালতে পাঠানক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাৎ দিয়ে ৷ এই অভিযানৰ পোনপটীয়াকৈ নেতৃত্ব দিছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি,পি,সিঙে বুলিও সংবাদমেলত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে জানিবলৈ দিয়ে  ৷ ধৃত চিকাৰীটোৱে বানৰ সময়ত কাজিৰঙাৰ বিশ্বনাথ সংমণ্ডলত স্থানীয় চোৰাং চিকাৰীৰ সৈতে মিলি গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ৷

আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাৰ ৬তম্ মৃত্যু বাৰ্ষিকী

 আজি ১৩ জুলাই। আজিৰ দিনটোতে ইহ:লীলা ত্যাগ কৰিছিল সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাতীয় পিতা স্বৰূপ জাষ্টিন লাক্ৰা। আজি তেখেতৰ ৬তম্ মৃত্যু বাৰ্ষিকী। সমগ্র ৰাজ্যৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিয়ে চাপৰ’ৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ক’ভিডৰ নীতি-নিয়ম মানি অনুস্থুপিয়াকৈ পালন কৰে  নেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী। উক্ত অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় উপ-সভাপতি জনে অসমৰ আদিবাসীসকলোৰ সমস্যা তথা দাবীসমূহ শাসনাধীষ্ঠ চৰকাৰৰ ওচৰত দাবী জনায় যে আদিবাসী সকলৰ জনজাতীকৰণ অতি শীঘ্ৰে কৰিব লাগে,চাহ শ্ৰমিকৰ মজদুৰি ৩৫১ টকালৈ বৃদ্ধি,আদিবাসী সকলক ভূমি পাট্টা প্ৰদান, অসম চৰকাৰৰ ১ লাখ নিযুক্তিত আদিবাসীসকলৰ বাবে সংৰক্ষণ কৰিব লাগে।

টিংখাঙত বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া অব্যাহত

ৰাজ্যখনত কেইবাখনো জিলাত বানপানী আৰু খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে।প্ৰতিবছৰে হোৱাৰ দৰে চলিত বৰ্ষত বানপানী আৰু খহনীয়াৰ বাবে বহুলোক সৰ্বস্বান্ত হ’ৱ লগা হৈছে।খেতি মাটিৰ লগতে ঘৰ দুৱাৰ পৰ্যন্ত বানপানী আৰু খহনীয়াত জাহ যোৱাত পৰিয়ালসমূহৰ মাজত হাহাকাৰময় পৰিবেশ সৃষ্টি হৈছে।তদুপৰি বহুতো পৰিয়ালৰ মাটি ভেটি নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।শেহতীয়াভাৱে ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজহ চক্ৰৰ অন্তৰ্গত ধমন অঞ্চলৰ এক বিস্তৃৰ্ণ কৃষি ভূমি বুঢ়ীদিহিং নদীৰ কৱলত পৰিছে।অঞ্চলটোৰ আঘোণীবাৰী,চেচাঁ নেপালী,কেন্দুগুৰি আদি কেবাখনো গাঁৱত বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা খহনীয়াই ভয়াবহৰূপ ধাৰণ কৰিছে।বিগত কেবাবছৰ ধৰি অঞ্চলটোত অব্যাহত থকা খহনীয়াত বৃহৎ পৰিমাণৰ খেতি পথাৰ জাহ গৈছে।তদুপৰি বহুকেইটা পৰিয়ালৰ মাটি ভেটি নৈখনৰ বুকুত বিলীন হৈছে।জানিব পৰা মতে মূল্যবান গছ গছনিৰ লগতে তামোল পাণ,কল কুঁহিয়াসহ আন আন ফল মূলেৰে ভৰা বাৰী মাটি নৈয়ে গ্ৰাস কৰাত কৃষিজীৱী পৰিয়ালকেইটাই দুৰ্বিহ জীৱন কটাব লগা হৈছে।খহনীয়াৰ লগতে অঞ্চলটোত প্ৰতিবছৰে নৈখনৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰি আহিছে।নৈখনৰ বাঢ়নী পানীয়ে অঞ্চলটোত বিস্তৃৰ ক্ষতি সাধন কৰি অহাৰ বাবে বাৰিষাৰ সময়ছোৱাত জনসাধাৰণে জীয়াতু ভূগিব লগা হয়।বানাক্ৰান্ত অঞ্চলটোৰ সৰ্বসাধাৰণলোকৰ লগতে পশু খাদ্যৰ অভাৱনীয় সংকটে দেখা দিয়ে।বাৰিষাৰ সময়ছোৱাত অঞ্চলটোৰ সকলোবিলাক শিক্ষানুষ্ঠান বন্ধ ৰাখিব লগা হয়।বাট পথৰ  অৱস্থা শোচনীয় হৈ পৰা বাবে অঞ্চলটোত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।উল্লেখ্যে যে বিগত সময়ছোৱাত বানাক্ৰান্ত অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ ক্ষোভিত কৃষিজীৱী জনসাধাৰণে বানপানীৰ লগতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী কৰিছে।বিশেষকৈ এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা টিংখাং বিধান সভা সমষ্টিৰ পৰা ৰাজ্য বিধান সভালৈ দুবাৰকৈ নিৰ্বাচিত হোৱা বিমল বড়াৰ যাৱতীয় পদক্ষেপ কামনা কৰিছে।এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত টিংখাং বিধান সভা সমষ্টিৰ ধমন অঞ্চলৰ লগতে দিচাং নদীয়ে দিল্লীবাৰী,মাহমৰা আদি কেবাঠাইত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিল্লীবাৰী অঞ্চলত দিচাং নৈৰ খহনীয়াই ঐতিহাসিক মাহমৰা গড়কাপ্তানী বিভাগৰ পথটোৰ এটা অংশ গ্ৰাস কৰাত যাতায়তৰ বাবে বিপদজনক হৈ পৰিছে।তদুপৰি অঞ্চলত দীৰ্ঘকাল বসতি কৰা বহুকেইটা পৰিয়ালে নৈখনৰ খহনীয়াৰ বাবে নিৰাপদ ঠাইলৈ ঘৰ ভঁৰাল স্থানান্তৰ কৰিব লগা হৈছে।

বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কর্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে  আদানী গ্রুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমান বন্দৰৰ ৰানৱেত কাম কৰি অহা গ্ৰাউণ্ড ষ্টাফ হিচাপে কাম কৰি অহা  প্ৰায় ২৫০ জন খিলঞ্জীয়া কৰ্মচাৰীক ছাটাই কৰি কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্রণালয়ে  এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপোৰ্ট  ছাৰ্ভিছ লিমিটেডক  ( এ আই এ টি এছ এল ) এই সেৱা হস্তান্তৰ কৰিব বুলি খবৰ ওলোৱাৰ পাছত  বৰঝাৰ বিমান বন্দৰ চৌহদত ভিতৰি ভিতৰি উত্তেজনাৰ সৃষ্টি হৈছে । আনকি গ্ৰাউণ্ড ষ্টাফ হিচাপে কেবাটাও বিমান পৰিবহন সেৱা ক্ৰমে এয়াৰ এছিয়া , ভিষ্টাৰা , গো এয়াৰ , দ্রুক এয়াৰ , স্পাইছ জেট আদিত জেনাছ এভিয়েছন প্ৰাইভেট লিমিটেড নামৰ  প্ৰতিষ্ঠানৰ অধীনত  প্ৰায় ১৪ বছৰ ধৰি  কৰ্মৰত হৈ আছে  ২৫০ জন  গ্ৰাউণ্ড কৰ্মচাৰী ।  তেওঁলোকক ১৫ জুলাইত ছাটাই  কৰিব বুলি খবৰ প্ৰচাৰ হোৱাৰ পাছতেই বিমান বন্দৰ চৌহদত উত্তেজনা মূলক পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰবাবে যোৱাকালি সন্ধিয়াৰ  পৰা নিশালৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত বৰঝাৰ বিমান বন্দৰৰ সভাগৃহত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় ।  বৈঠকত বৰঝাৰ বিমান বন্দৰৰ  সঞ্চালক ৰমেশ কুমাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , বিমান বন্দৰ পৰিচালনা কমিটিৰ সদস্য প্ৰশান্ত মহন্ত , এ আই এ টি এছ এলৰ উত্তৰ পূৱৰ মুৰব্বী সুনীল চাংগলে , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলা নিৰীক্ষণ কমিটিৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , জেনাছ এভিয়েছন প্ৰাইভেট লিমিটেড কর্মী সংঘৰ ৰাজেশ দাসকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে ।  সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰঝাৰ বিমান বন্দৰত জেনাছৰ সলনি নতুনকৈ দায়িত্ব লাভ কৰা এ আই এ টি এছ এলক কোনোপধ্যেই বৰ্তমান কাম কৰি থকা ২৫০ জন কৰ্মচাৰীক ছাটাই নকৰিবলৈ আৰু  এজনো কৰ্মচাৰীক ছাটাই কৰিলে পৰিস্থিতি বিষম হব বুলি সকীয়াই দিয়ে । বৈঠকত এ আই এ টি এছ এলৰ উত্তৰ পূৱৰ মুৰব্বী সুনীল চাংগলেই তেওঁলোকে প্ৰথম পৰ্যায়ত বিমান বন্দৰত বিভিন্ন বিমান পৰিবহন সংস্থাত কাম কৰি অহা ১৫০ জন কৰ্মচাৰীক নিযুক্তি দিব বুলি ঘোষণা কৰে । বাকী স্পাইছজেটৰ অধীনত থকা প্ৰায় ১০০ জন কৰ্মচাৰীক তেওঁলোকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি সদৰি কৰে । এইখিনিতে উল্লেখযোগ্য যে কর্মী সংঘই  তেওঁলোকৰ  জীৱন জীৱিকাৰ ক্ষেত্ৰত যাতে অনিশ্চয়তাৰ সৃষ্টি নহয় তাৰ বাবে হস্তক্ষেপ কামনা কৰি ৩ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ উপদেষ্টা কমিটিৰ অধ্যক্ষ কুইন ওজাক পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছিল ।

ছিপাঝাৰৰ খলিহৈত মদৰ ঘাটি উচ্ছেদ আৰক্ষীৰ

ছিপাঝাৰৰ খলিহৈত যোৱা নিশা এক অভিযান চলাই ছিপাঝাৰ আৰক্ষী থানাৰ এটা দলে সমুলঞ্চে উচ্ছেদ কৰে এটা মদৰ ঘাটি । ছিপাঝাৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে খলিহৈৰ কুৱৰীগাঁৱত দীৰ্ঘদিন ধৰি চুলাই নিৰ্মান কৰি থকা এটা পৰিয়ালৰ গৃহত অভিযান চলাই ।  চুলাই ব্যৱসায়ীৰূপে খ্যাত পৰিয়ালটিয়ে ঘৰতে প্ৰস্তুত কৰি গোপনে মজুত কৰি ৰখা প্ৰায় ১০০০ লিটাৰতকৈও অধিক চুলাই জব্দ কৰি পৰিয়ালটিৰ চোতালতে নষ্ট কৰি পেলায় । মদৰ বিৰুদ্ধে এই অভিযান আৰম্ভণিহে বুলি মন্তব্য কৰি থানা এলেকাৰ পৰা মদ , জুৱাকে ধৰি সকলোধৰণৰ অসামাজিক কাৰ্য নি:শেষ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নৱনিযুক্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তই ।

অনথাই বাৰীত আৰক্ষীৰ গুলীত নিহত NLFBৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী

অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অতি দুৰ্গম এলেকা অনথাইবাৰীত আৰক্ষীৰ গুলীত নিহত হৈছে এজন এন এল এফ বি(NLFB) সদস্য। নিহত সদস্য জন ওদালগুৰি জিলাৰ  ১ নং গৰাইবাৰীৰ দাউদ নাৰ্জাৰী পুএ জিপ্ৰিয়ুছ নাৰ্জাৰী (৩০) বুলি জানিব পৰা গৈছে। নিহত দুৰ্ধৰ্ষ উগ্ৰপন্থী জনৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু কেবাজাই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষী সুত্ৰে জানিব পৰা মতে অসম অৰুনাচল সীমান্তৱৰ্তী অতি দুৰ্গম পাহাৰ অঞ্চলত এক গোপন সুত্ৰৰ পম খেদি ওদালগুৰি জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে অনথাইবাৰী এলেকাত নতুনকৈ জন্মলাভ কৰা এন এল এফ বি নামৰ উগ্ৰপন্থী সংগঠনটোৰ   ওদালগুৰি জিলা কামাণ্ডাৰ দায়িত্বত থকা জিপিযুছ নাৰ্জাৰীযে আত্মগোপন কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰিছিল ।এই গোপন খবৰৰ ভিত্তিতেই ১৩ জুলাই  নিশা ২ বজাৰ পৰা অনথাইবাৰী এলেকাটো ঘেৰাও কৰি ৰাখিছিল ।আৰু  আজি পুৱতি নিশা উগ্ৰপন্থী সংগঠনৰ সদস্য জন আৰক্ষীৰ এনকাউন্টাৰ মৃত্যু হয় । যদিও লগত থকা আন এজন সংগঠনটোৰ সদস্য পলাই যাবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

যোৰহাটত সামাজিক সংস্থা ‘একাঁজলী সহায়’ৰ মানৱদৰদী পদক্ষেপ

সম্প্ৰতি ক’ৰণা মহামাৰীয়ে  ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে ।জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈছে । খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি গৃহহীন,শাৰীৰিক ভাৱে অক্ষম লোক সকলো এসাঁজ খাদ্যৰ কাৰণে  জীয়াতু ভূগিবলগীয়া হৈছে । যিহেতু তেওঁলোকৰ খোৱা বোৱা নিৰ্ভৰ কৰে কোনো হৃদয়ৱান লোকৰ ওপৰত বা  হোটেল আদিয়ে দিয়া খাদ্যৰ ওপৰতে ।যোৰহাট নগৰতো জনজীৱন সম্পূৰ্ণ ভাৱে অচল হৈ পৰিছে।হোটেল, দোকান-পোহাৰ সকলো বন্ধ। গতিকে এই সময়ছোৱাত এই যন্ত্ৰণাগ্ৰস্ত লোকসকলৰ খোৱা বোৱাত অসুবিধা হোৱাটো স্বাভাৱিক। জীয়াই থাকিবৰ বাবে আতুৰ এই বিষাদগ্রস্থ লোকসকলৰ কাষত থিয় দিছে সামাজিক সংস্থা “একাঁজলি সহায়” । আজি তিনি দিন ধৰি পৰ্যায়ক্ৰমে যোৰহাট নগৰৰ বিভিন্ন ঠাই যেনে- তৰাজান,অজন্তা বাইপাছ, মালৌ আলি, মাছৰ হাট, গড় আলি, দেৱাল ৰোড, লাহতি, যোৰহাট ৰে’লৱে ষ্টেচন, কে.বি. ৰোড, বৰুৱা চাৰিআলি আদি ঠাইত থকা গৃহহীন আৰু মানসিক ভাবে বিকাৰগ্রস্থ লোক সকলক এসাঁজ খাদ্যৰ লগতে মাস্কৰ যোগান ধৰে এই সামাজিক সংস্থাটোৱে । ক’ভিড সৃষ্ট আতংকই জোকাৰি পেলোৱা এই জটিল  বিপদৰ সময়ত একাঁজলী সহায়’ৰ  এই পদক্ষেপে পদপথৰ লোক সকলক  উপকৃত কৰিব। ৰাজ্যৰ জটিল সময়ৰ প্ৰেক্ষাপটত ‘একাঁজলী সহায়’ৰ এই পদক্ষেপ  মানৱতা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অলপমান হ’লেও সহায়ক হ’ব।অসহায় সকলক সহায় কৰাৰ স্বাৰ্থত একাঁজলী সহায়ে যি পদক্ষেপ লৈছে তাক যোৰহাটৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

বিশ্বনাথ প্ৰশাসনৰ কঠোৰ পদক্ষেপ: ভিন্ন প্ৰান্তত চক্ৰ বিষয়াৰ অভিযান

বিশ্বনাথত ক’ভিড-১৯ ৰ অতিমাৰী সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে লকডাউন তৃতীয় সপ্তাহলৈ বৃদ্ধি কৰে। ৰাজ্য চৰকাৰে জিলাখনৰ ক’ভিড পৰিস্থিতি ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি জিলাখনৰ প্ৰশাসনক কঠোৰ হবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশ অনুযায়ী জিলাখনৰ প্ৰান্তে প্ৰান্তে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ চৰকাৰে আহ্বান জনাইছে। সেইদৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কালি নদুৱাৰ চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীৰ নেতৃত্বত এদল আৰক্ষীৰ দলে ইটাখোলাৰ বিভিন্ন স্থানত ক’ভিড বিধি উলংঘা কৰা লোকৰ ওপৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ইটাখোলা অঞ্চলৰ একমাত্ৰ বিত্তীয় অনুষ্ঠান ইটাখোলা গ্ৰামীণ বিকাশ বেংকত ৰাতিপুৱাৰে পৰা হোৱা ভিৰ প্ৰত্যক্ষ কৰি চক্ৰ বিষয়া গৰাকীয়ে বেংকটোৰ গ্ৰাহক ৰাইজক ক’ভিড প্ৰসংগত সজাগতা আনি এই দৰে ক’ভিড বিধি অৰ্থাৎ সামাজিক দূৰত্ব উলংঘন কৰিলে শাস্তি দিয়া হ’ব বুলি সকীয়াই দিয়ে। লগতে তেওঁ বেংক পৰিচালক গৰাকীক বেংকটোৰ গ্ৰাহক ৰাইজৰ মাজত টুকেন দিয়াৰ ব্যৱস্থা কৰি কাম সম্পাদনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি গ্ৰাহক ৰাইজে এইদৰে সামাজিক দূৰত্ব উলাংঘা কৰি ভিৰ কৰে তেন্তে ইটাখোলা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়াক জনাবলৈ পৰিচালক গৰাকীক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত চক্ৰ বিষয়া গৰাকী ইটাখোলাৰ ৯নংত টিঘিল ঘিলাই ঘুৰি ফুৰা মটৰ চাইকেল আৰোহীক ধৰি জৰিমনা বিহে। চক্ৰ বিষয়া গৰাকীয়ে পিছলৈ অসম অৰুনাচল সীমান্তৰ চিজুচাৰ বনভোজ স্থলীত উপস্থিত হৈ জোম পাতি পাতি ভোজ খাই থকা একাংশ যুৱক-যুৱতীক পহু খেদা দিয়াৰ উপৰিও তাতো কিছু লোকৰ পৰা জৰিমনা আদায় লয়। আনহাতে দি বালিজুৰিত অবৈধ ভাবে ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰখা দুখন দোকান চক্ৰ বিষয়া গৰাকীয়ে চীল কৰি দিয়ে। আজি তাৎক্ষণিক ভাৱে চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীয়ে ইটাখোলা অঞ্চলত চলোৱা অভিযানৰ ফলত ইটাখোলা অঞ্চলত ক’ভিড বিধি উলাংঘা কৰা লোকসকলে একশিকনী পায়। চক্ৰ বিষয়া গৰাকীৰ এই অভিযানত ইটাখোলাৰ সচেতন ৰাইজে প্ৰশংসা কৰে।

মাজবাটত অমৃত মহোৎসৱ আঁচনিৰ জৰিয়তে বৃক্ষ ৰোপন

ওদালগুৰি জিলাৰ মাজবাটৰ  বৈগাপাৰা ফূলুগুৰি পথত অমৃত মহোৎসৱ আচঁনি জৰিয়তে প্রায় দুই কিলোমিটাৰ পথচোৱাৰ দুয়ো কাখে  গছ পুলি ৰোপনৰ কাৰ্যসূচীৰ  শুভাৰম্ভ কৰে। ১২জুলাইত দিনৰ ১২:০০ মান বজাত ফিটা  কাটি কাৰ্যসূচী শুভাৰম্ভ কৰে মাজবাট গ্রাম্য পথ ও গড় কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা ৰঞ্জিত কুমাৰ শৰ্মাই৷ কাৰ্য্যসূচী অনুসৰি গড়কাপ্তানী বিভাগৰ অভিযন্তা গনেশ ডেকাই উক্ত পথচোৱাৰ দুয়ো কাষে দুডাল মুল্যবান গছৰ পুলি ৰোপন কৰি কয় যে যি সময়ত বন ধ্বংস কৰা হৈছে সেই সময়তে কেন্দ্রীয় চৰকাৰে প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰিবলৈ  গ্রাম্য অঞ্চল সমুহত স্বাধীনতাৰ অমৃত মহোৎসবৰ নিচিনা আচঁনি যুগুত  কৰি তুলিছে বুলি কয়  অভিযন্তা গৰাকীয়ে।  এই কাৰ্য্যসূচীত খনত উপস্থিত থাকে বি টি চিৰ ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দিপক মৌৰ, সমাজ সেৱক ও ব্যবসায়ী ধৰ্মেশ্বৰ গয়াৰী, আটছাৰ কেন্দ্রীয় কমিটিৰ উপ সভাপতি কৈলাশ গোঁড় , ঠিকাদাৰ বিচিত্র বসুমাতাৰী,মাজবাট ভি চি ডি চি ৰ প্রাক্তন সভাপতি  আদিল   ৰহমান,ভবানী থাপা , আটছাৰ মাজবাট আঞ্চলিক সমিতিৰ সভাপতি শুকলাল ওৰাং আদি উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ৷

জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বলাকুছি গাওঁবাসীৰ হৈ আজি নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে নলবাৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  । স্মাৰক পত্ৰ খনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক প্ৰকাশ কৰে যে, যোৱা ২০১১ চনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নাৰায়নপুৰৰ উত্তৰ দিশে ভাৰত পেট্ৰলিয়ামৰ এটা তেল ডিপো আৰু তাৰ পিছত গঢ় লৈ উঠা ক্ৰমে বিষ্ণু ধাবা আৰু প্ৰভাতি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান তিনিখনৰ ভুলৰ বাবে প্ৰাকৃতিক নলা এটাৰ বোৱতী পানীৰ ধাৰ বন্ধ হৈ পৰিছিল  ।  সেই সময়তে উদ্ভৱ হোৱা দুৰ্যোগৰ বিষয়ে ৰাইজে তথা উক্ত প্ৰতিষ্ঠান কেইখনৰ ভুমিৰ স্বত্ত্বাধিকাৰী সকলক বহুবাৰ মৌখিকভাৱে অৱগত কৰাইছিল যদিও আজিলৈ ৰাইজে কোনো সুফল নাপালে  । যাৰ ফলস্বৰূপে পানীৰ সোঁত সলনি হৈ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ পিছফালেৰে ব’বলৈ লয়  । কিন্তু বিগত ২০২০ চনত ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ পিছফালে আন এগৰাকী ব্যক্তিয়ে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত পানীৰ আংশিক সোঁতৰ পথটোও বন্ধ হৈ পৰে  । ইয়াৰ ফলত ৰাইজে দীৰ্ঘ সময় ধৰি ভুগি থকা সমস্যাটো এইবেলি অধিক জটিল হৈ পৰিছে  । গাওঁবাসীৰ প্ৰতিঘৰৰ ভিতৰত এক আঠু পৰ্যন্ত পানীয়ে জীৱন বিপৰ্যস্ত কৰি তুলিছে  । তদুপৰি পশুধন আৰু খেতি বাতিৰো বিস্তৰ ক্ষতিসাধন কৰিছে  । ক’ভিড মহামাৰীৰ সময়ত এনে দুৰ্যোগে ৰাইজক অধিক সংকটতত পেলাইছে বুলি স্মাৰক পত্ৰ খনত মন্তব্য প্ৰকাশ কৰে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সেইবাবে এই স্মাৰক পত্ৰৰ জৰিয়তে বিগত বছৰ বছৰ ধৰি ৰাইজে ভুগি থকা এই দুৰ্যোগৰ স্থায়ী সমাধান কৰিত দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে নলবাৰী জিলা উপায়ুক্তক আহ্বান জনায়  ।