অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীক জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবে নিৰ্দেশ দিছিল। সেয়ে বৰ্তমান অসম আৰক্ষীয়েও এই দিশটোত গুৰুত্ব আৰোপ কৰিছে। কিন্তু অসমৰ এখন আৰক্ষী থানাই বহু আগৰে পৰা এই দিশটোত গুৰুত্ব আৰোপ কৰিছে। কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ডিলাই আৰক্ষী থানাই এইক্ষেত্ৰত দেখুৱাইছে আদৰ্শ। প্ৰতিদিনেই বহু কুখ্যাত অপৰাধীৰ বিৰুদ্ধে সাফল্য অৰ্জন কৰা ডিলাই আৰক্ষী থানাৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰনৰ সমান্তৰাল ভাৱে জনসম্পৰ্ক ৰক্ষাটো গুৰুত্ব আৰোপ কৰিছে। ডিলাই অঞ্চলৰ ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে থানাখন। থানাখনৰ চৌহদটো সুন্দৰকৈ গঢ়ি তোলাৰ লগতে থানাখনৰ ভিতৰটোও গঢ়ি তোলা হৈছে সুশৃংখলিত ৰূপত। এই সন্দৰ্ভত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই কয়, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত ডিলাই আৰক্ষীয়ে জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে ডিলাই আৰক্ষীয়ে গাড়ী চুৰি চক্ৰক কৰায়ত্ত কৰাটো লাভ কৰিছে বৃহৎ সাফল্য। মাত্ৰ ২মাহৰ ভিতৰতে কুৰিখনৰো অধিক চুৰি গাড়ী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে ২মাহৰ ভিতৰতে প্ৰায় ৪৫কোটি টকাৰ ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডিলাই আৰক্ষীয়ে। উল্লেখযোগ্য যে, আজিৰ পৰা কেইদিনমান পূৰ্বে ডিলাই আৰক্ষী থানাত কৰ্মৰত গৃহৰক্ষীৰ জোৱান বৰছিং বেক ড্ৰাগছৰ বিৰুদ্ধে সফলতা অৰ্জন কৰাৰ বাবেই আৰক্ষী বিভাগৰ কণিষ্টবল পদত নিযুক্তি দিছিল অসম চৰকাৰে।
সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন।

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন। দেওবাৰে সৰুসজাই ষ্টেডিয়ামৰ কনফাৰেন্স হ’লত সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সুজল বৰদলৈ, সভাপতি ড° বিনীতা ভাগৱতী আৰু প্ৰকাশন সচিব প্ৰিয়ংকা পালিতে এখন সংবাদমেল সম্বোধন কৰে। এই ক্ৰীড়া মহোৎসৱত সীমান্ত অঞ্চলৰ ৯খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলা অৰ্থাৎ ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, চিৰাং, ওদালগুৰি, তামুলপুৰ, বাকসা, কোকৰাঝাৰ, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা সৰ্বমুঠ ৩৫০গৰাকী খেলুৱেৈয়ে অংশগ্ৰহণ কৰিব।

ইতিমধ্যে এই ৯খন জিলাতে ৪মাৰ্চৰ পৰা ১১মাৰ্চলৈ কোৱালিফায়িং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল। ৪এপ্ৰিলৰ পৰা ৬এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাখন ৪এপ্ৰিল তাৰিখে বিয়লি ৪.৩০বজাত উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱত ১০০/২০০/৮০০/১৫০০ মিটাৰ দৌৰ, ৪×১০০মিটাৰ ৰিলে দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰ’, দিচকাচ থ্ৰ’, ভলীবল আৰু কাবাডী খেল অনুষ্ঠিত কৰা হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱৰ খেল সমূহ ৰাতিপুৱা ৯বজাৰ পৰা বিয়লি ৫বজালৈকে চলিব। অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অহা-যোৱা, থকা-খোৱাৰ লগতে খেলত ব্যৱহৃত হোৱা জাৰ্চীকে ধৰি সকলোবোৰ সা-সামগ্ৰী সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ তৰফৰ পৰা যোগান ধৰা হ’ব। সমান্তৰালভাৱে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমে সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ৰ সুচল ৰূপায়ণৰ বাবে তেওঁলোকৰ তৰফৰ পৰা ৰেফাৰী আৰু কাৰিকৰী দলৰ সহযোগিতা প্ৰদান কৰিব। খেল অনুসৰি থকা পুৰস্কাৰ সমূহৰ উপৰিও ক্ৰীড়া মহোৎসৱৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাখনক নগদ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। এই ক্ৰীড়া অনুষ্ঠানটো নতুন দিল্লীৰ হন্স ফাউণ্ডেশ্যন আৰু অইল ইণ্ডিয়াৰ সহ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত/শূন্য ৰেখাৰ ১৫কিলোমিটাৰৰ ভিতৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা এইটো হৈছে প্ৰথম ক্ৰীড়া প্ৰতিযোগিতা। এই ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ সংযোজক শ্ৰী প্ৰদীপন উপদেষ্টা আৰু ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰা সভাপতি হিচাপে আছে। এই খেৱ সমাৰোহ ৬এপ্ৰিল তাৰিখে বিয়লি ৫বজাত সামৰণি পৰিব। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ আৰু ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব।
ক’ভিড প্রট’কল উলংঘাঃ২৪খন বাহন জব্দ ; ২.৩১ লাখ টকা জৰিমনা সংগ্রহ আৰক্ষীৰ
গুৱাহাটী মহানগৰীত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্রান্তৰ সংখ্যা৷ বিগত ১০ দিনত দুই হাজাৰৰো অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ গুৱাহাটী মহানগৰীত ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ বাবে ক’ভিড প্রট’কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী প্রশাসন৷
কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াসকলে কালি কেইবাটাও স্থানত অভিযান চলায়৷ ক’ভিড প্রট’কল উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই কালিৰ দিনটোতে ২.৩১ লাখ টকা জৰিমনা সংগ্রহ কৰে৷ ক’ভিড প্রট’কল উলংঘা কৰাৰ অপৰাধত মহানগৰ যান–বাহন শাখাৰ আৰক্ষীয়ে ২৪খন বাহন জব্দ কৰাৰ লগতে ৪৭৬টা নন–এফ আই আৰ গোচৰ ৰুজু কৰে৷
৪০ বিঘা ভূমিত উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী নিবনুৱা যুৱক
বিগত ১৫ বছৰ ধৰি বহি:ৰাজ্য বাংগালোৰত ছফ্টৱেৰ কোম্পানীত কৰ্মৰত অৱস্থাত থকা ধেমাজি জিলাৰ চিলাপথাৰৰ যুৱক ঘন জিমেৰ ল’কডাউনে সলনি কৰি দিলে জীৱন গতিপথ । ল’কডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই চিলাপথাৰৰ নিজা গাওঁ ৰেখা চাপৰিলৈ ঘুৰি আহি আত্মনিৰ্ভৰশীলৰ কাম আৰম্ভ কৰে যুৱকজনে৷ বানে ধোঁৱা অঞ্চলত ঘুৰি আহি কি কৰিব পৰা যায় বুলি কেইবা মাহ অধ্যয়ন কৰাৰ পিছত গুজৰাটৰ পৰা আমদানি কৃত গৰু, ছাগলীৰ উৎকৃষ্ট দানা নেপেৰিয়ান ঘাঁহৰ খেতি আৰম্ভ কৰিলে। উন্নত প্ৰজাতিৰ ছাগলী, গৰুৰ কাৰণে দানা হিচাপে ব্যৱহাৰ কৰা নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ সপোন আজি বাস্তৱ দিশত ৰূপ লৈছে। প্ৰায় ৪০ বিঘা মাটি উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি আৰ্থিক বাবে স্বাৱলম্বী হৈছে। মাকৈ আৰু নেপেৰিয়ান ঘাঁহৰ কেইবাটাও প্ৰজাতিৰ সৈতে সংমিশ্ৰণ কৰি মাছৰ দানা উৎপাদনৰ কাম হাতত লৈছে। এনেকৈয়ে জীৱ জন্তুৰ দানা প্ৰস্তুত কৰি বৰ্তমান তেওঁ সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হৈছে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লোকে ঘন জিমেৰ ঘাঁহ ক্ৰয় কৰিব আহে। নিজৰ লগতে গাঁৱৰ ৰাইজে উৎপাদন কৰা গোমধান গাঁৱতে ক্ৰয় কৰি জীৱ জন্তুৰ দানা উৎপাদনত ব্যৱহাৰ কৰি গাঁৱৰ ৰাইজক সকাহ দিছে। বহি: ৰাজ্যত কৰ্ম সংস্থাপন হেৰুৱাই গাঁৱত ঘুৰি আহি আত্ম নিৰ্ভৰশীল হৈছে।নেপেৰিয়ান ঘাঁহৰ খেতি পৰিদৰ্শন কৰি স্থানীয় বিধায়ক ভূৱন পেগুৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সহায় আগবঢ়াব বুলি সদৰী কৰে।
মুকালমুৱাত নিচাজাতীয় ঔষধসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ
নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰিছে এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ মুকালমুৱা আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগা গাঁওত অভিযান চলায় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইনুল হ’কক নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰে ৷ ধৃত মইনুল হ’কৰ পৰা আৰক্ষীয়ে নগদ পঞ্চাছ হেজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধৃত মইনুল হ’কৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে গোচৰ কৰি এনডিপিএছ আইনৰ অধীনত ধৃত মইনুল হকক গ্ৰেপ্তাৰ কৰি আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷
চাপৰৰ সীমা মণ্ডলৰ হস্ত শিল্পৰ সুন্দৰ নিদৰ্শন
ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত নাগপট্টিৰ ভাড়া ঘৰত থাকি সীমা মণ্ডলে এতিয়া দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন। হয় যি সময়ত লকডাউনৰ বাবে বহু মানুহ কৰ্মহীন হৈ পৰিছে। ঠিক তেনে সময়তে চাপৰৰ এগৰাকী মহিলাই ঘৰতে গঢ়ি তুলিছে এটা লঘু উদ্যোগ।কাল ক’ৰোনাই মানুহক ঘৰৰ মাজত আবদ্ধ কৰি ৰখাৰ সময়তে সীমাই পূৰ্বতে শিক্ষা লোৱা হস্ত শিল্পৰ শিক্ষাক মূল হিচাপে লৈ আৰম্ভ কৰিলে গণেশৰ প্ৰতিমূৰ্তি, ঝুমৰ, মবাইল ৰখা ঝুলনা আদিৰ লগতে বহুত সামগ্ৰী বনোৱাৰ কাম হাতত ললে।ইতিমধ্যে গনেশৰ প্ৰতিমূৰ্তি,ঝুমৰ, মবাইল ৰখা ঝুলনা আদি বিক্ৰী কৰি স্বাৱলম্বীতাৰ পৰিচয় দাঙি ধৰিছিল। কাল ক’ৰোনাৰ সময়ত বজাৰত মাক্সৰ প্ৰচলন দেখি কাপোৰেৰে মাক্স বনাবলৈ আৰম্ভ কৰিলে সীমাই। কালক্ৰমত মাক্সবোৰ বজাৰত জনপ্ৰিয় হৈ পৰিল। পিছত সেই সমূহ মাক্স বজাৰৰ বিভিন্ন দোকানত বিক্ৰি কৰাৰ উপৰি হস্ত শিল্পৰ কুশল কাৰিকৰিৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী বিক্ৰি কৰি মাহত ৮ ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকী। সীমাৰ কাপোৰৰ মাক্সসমূহ বজাৰত দিনক দিনে চাহিদা বৃদ্ধি হোৱাত এতিয়া বিভিন্ন জিলালৈ ও ৰপ্তানি কৰিবলৈ লৈছে। সীমাই মাক্স আৰু হস্তশিল্পৰ বিভিন্ন সামগ্ৰী সমূহে এতিয়া ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ইচ্ছা থাকিলে উপায় ওলায়। উক্ত কথাফাঁকি সঁচা প্ৰমাণ কৰি দেখুৱালে সীমা মণ্ডলে। প্ৰতি গৰাকী মহিলাক নিজৰ দৰে স্বনিৰ্ভৰশীল হবলৈ আহ্বান জনাইছে সীমা মণ্ডলে লগতে চৰকাৰে সহায় কৰিলে ইয়াক বৃহৎ ৰূপত গঢ় দিয়া আশা সীমাৰ।
কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ সৰ্বানন্দ সোনোৱালৰ
বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোনোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷আজি সর্বানন্দ সোনোৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷দায়িত্ব লোৱাৰ দিনা সোনোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোনোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷আজি সর্বানন্দ সোনোৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷দায়িত্ব লোৱাৰ দিনা সোনোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
ক’ভিড কালত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিষয়াক ‘ৱাৰিয়ৰছ’ৰ শলাগ আৰু সম্ভাষণ
সমাজ আৰু সামাজিক ব্যৱস্থাত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণ কৰাৰ লগতে সাম্প্ৰতিক কালৰ ক’ৰোণা আতংকৰ পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰা বাবে শলাগ আৰু সম্ভাষণ জনোৱা কাৰ্য্যসূচী ৰূপায়ণ কৰে ‘ৱাৰিয়ৰছ’ নামৰ সামাজিক সংগঠনটোৱে। উল্লেখ্য যে ; Warriors – এক জাগৰণ নাৰীত্বৰ নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু বেলতলা আঞ্চলিক সমিতিৰ যৌথ সহযোগত আজি দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি ; হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাক নিজৰ কৰ্তব্যৰ লগতে দায়িত্ব পালনত নিষ্ঠা আৰু সততাৰ বাবে এখন ফুলাম গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্ভাষন জনায়। ইফালে আৰক্ষী বিষয়াক সন্মানিত কৰাৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ পৰা সংগঠনটোৰ দুগৰাকী সদস্যই ৰক্তদান কৰা বাবে তেওঁলোকক উৎসাহিত কৰি অভিনন্দন জ্ঞাপন কৰে l সদস্য দুগৰাকী হল কামৰূপ মহানগৰ জিলাৰ সম্পাদক দিগন্ত নাথ আৰু বেলতলা আঞ্চলিক সমিতিৰ সম্পাদিকা গায়ত্ৰী বড়া লহকৰ l এই কাৰ্য্যৰ বাবে তেওঁলোকক সম্বোৰ্ধনা জনাই দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে। দুয়ো গৰাকী সদস্যক এখন ফুলাম গামোচা আৰু এখন অভিনন্দন পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে Warriors কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণমণি বায়ণ ; সাধাৰণ সম্পাদক দিগন্ত নাথ ; জন সংযোগ সম্পাদিকা নিজৰা চেতিয়া ; বেলতলা আঞ্চলিক সমিতিৰ সভাপতি হেমন্ত গগৈ ; সম্পাদিকা গায়ত্ৰী বড়া লহকৰ আৰু বিত্ত সম্পাদিকা হিমাদ্ৰী ভৰদ্বাজৰ লগতে সহযোগ কৰে বেলতলা আঞ্চলিক সমিতিৰ জন সংযোগ সম্পাদিকা মুন গগৈ ; কাৰ্য্যবাহী সদস্য নীহাৰ দাস আৰু অনামিকাই। ইয়াৰ ওপৰিও আৰক্ষী বিষয়া আটাই কেইগৰাকীৰ আগত Warriors – এক জাগৰণ নাৰীত্বৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণমণি বায়ণে। আৰক্ষী বিষয়া কেইগৰাকীয়ে আগলৈ ৱাৰিয়ৰ্চৰ কামত সহায় সহযোগ কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।
হৃদ ৰোগ অস্ত্ৰোপ্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান
ওদালগুৰি জিলাৰ ৭০ নং মাজবাট সমষ্টিৰ অন্তৰ্গত ১ নং খামটুবাৰী গাওঁৰ মুকুল শৰ্মাক ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে । আৰ্থিক দৈন্যতাৰ বাবে দীৰ্ঘদিন ধৰি হাৰ্টৰ অসুখত ভুগি থকা দুৰ্ভগীয়া মুকুল শৰ্মাক হাৰ্টৰ অপাৰেচনৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা ১ লাখ টকা পাচনৈ চেৰফাং সমষ্টিৰ এম চি এলএ দিপক মৌৰে ১০জুলাইতচেক যোগে প্ৰদান কৰে বিটিএডিৰ পাঁচনৈ চেৰফাং সমষ্টি এম চি এল এ দীপক মৌৰে। প্ৰধানযোগ্য যে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক বিগত সময়চোৱাত পৰিয়ালটোৱে আৰ্থিক সাহাৰ্য্যৰ বাবে আবেদন কৰিছিল । পৰিয়ালটোৰ অনুৰোধ ৰক্ষা কৰি সাংসদ শইকীয়াই ১ লাখ টকা সাহাৰ্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়াত মাজবাটৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ গৰাকীক ।
গেলেকীত জ্যোতিমাৰ্গ বেচকাৰী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ
নাজিৰাৰ গেলেকীত এখন মহিলা বজাৰ। নাজিৰাৰ গেলেকী চাৰিআলিত বেচকাৰী সংস্থা ” জ্যোতিমাৰ্গ ” ৰ প্ৰশংসনীয় পদক্ষেপ।নাৰী সবলীকৰণৰ এক বাস্তৱিক পদক্ষেপ দাঙি ধৰিলে জ্যোতিমাৰ্গ নামৰ এক বেচৰকাৰী সংস্থাই।বৃহত্তৰ গেলেকী অঞ্চলৰ মহিলাসকলৰ সহযোগত গঠিত বেচকাৰী সংস্থা “জ্যোতিমাৰ্গ” ৰ মহিলা সকল ৰাজপথলৈ ওলাই আহি থলুৱা ভাৱে উৎপাদিত শাক-পাচলিৰ লগতে বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী আৰু ব্যৱহাৰ্য সামগ্ৰীৰে এখন বজাৰৰ ব্যৱস্থা কৰে নাজিৰাৰ গেলেকী চাৰিআলিত। বিগত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখে কেৱল মহিলা সকলক লৈ নাজিৰাৰ গেলেকীত গঢ় লৈ উঠিছিল এই জ্যোতিমাৰ্গ নামৰ বেচকাৰী সংস্থাটি।এই সংস্থাটিৰ লক্ষ্যই হ’ল গ্ৰাম্য অঞ্চলৰ যি সকল মহিলা তেওঁলোকৰ প্ৰতিভা দাঙি ধৰাৰ লগতে স্বনিৰ্ভৰশীল কৰি তোলা।ক’ৰণা মহামাৰীৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজৰ অসুবিধা হোৱাৰ বাবেই জ্যোতিমাৰ্গ নামৰ এই বেচৰকাৰী সংস্থাটিয়ে সাধাৰণ ৰাইজৰ বাৰীৰ যি সমূহ শাক-পাচলি সেইসমূহ লৈ বজাৰত বিক্ৰী কৰি সাধাৰণ ৰাইজক উপকৃত কৰি তুলিছে।দৈনিক পুৱা ৯-৩০বজাৰ পৰা ১২বজালৈকে নাজিৰা গেলেকীত এই দৰে বজাৰত থলুৱা ভাৱে উৎপাদিত শাক-পাচলি বিক্ৰী কৰে জ্যোতিমাৰ্গে।বিভিন্ন সময়ত নাজিৰা নগৰত,গেলেকীত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে কেৱল মহিলা সকলক লৈ গঠিত এই জ্যোতিমাৰ্গ নামৰ বেচৰকাৰী সংস্থাটিয়ে।











