Home Blog Page 2944

গোৱালপাৰাৰ জাহাঙ্গীৰ আলমৰ ঘৰত অসম আৰক্ষীৰ অভিযান

আজি ৰাতিপুৱা গোৱালপাৰাৰ ভালুকডুবিবাসী জাহাঙ্গীৰ আলমৰ ঘৰত অসম আৰক্ষীয়ে এক অভিযান চলায়।এই অভিযানত এক বৃহৎ পৰিমাণৰ ড্ৰাগচ, কাফ চিৰাপ, কাফ চিৰাপ বনোৱা সামগ্ৰী জব্দ কৰা হয়। এইবোৰৰ বজাৰ মূল্য ১০ কৌটি টকা হ’ব বুলি অনুমান কৰা হৈছে।উল্লেখযোগ্য যে, জাহাঙ্গীৰ আলমে ঘৰতে কফ চিৰাপ বনোৱাৰ বাবে এটা কাৰখানা তৈয়াৰ কৰি লৈছিল যিটো আছিল এটা ভুগৰ্ভস্থ কোঠাত।অভিযানটোত নিচাজাতীয় সামগ্ৰীৰ লগতে ১খন JCB, 1 খন বলেৰ’ পিকআপ ভেন, ১ খন অল্ট’ কাৰ আৰু ১ খন ই ৰিক্সাও জব্দ কৰা হয়।

BREAKING :মুকলি আকাশৰ তললৈ অখিল গগৈ

অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতৰ৷ এই মুহূৰ্তত অখিল গগৈ সকলো গোচৰৰ পৰা মুক্ত। নতুন গোচৰত গ্ৰেপ্তাৰ নহ’লে আজিয়েই কাৰাগাৰৰ পৰা ওলাব অখিল গগৈ।

জিএমচিএইচৰ পৰাই মুক্ত হ’ব অখিল গগৈ। কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিলেই মুকলি হ’ব শিৱসাগৰৰ বিধায়কগৰাকী। আজি পুৱাই অখিল গগৈক হাজিৰ কৰোৱা হৈছিল এন আই এৰ আদালতত।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত হৈছিল অখিল গগৈ। NIA আদালতে অভিযোগ মুক্ত কৰিছিল অখিল গগৈসহ আন দুজনক।

২০১৩ বর্ষৰ এপিএছচি কেলেংকাৰিঃ ১৪ জুলাই ডেডলাইন ১০ বিষয়াক

স্বজন–তোষণ, দুর্নীতি–নিয়মেৰে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ক কলংকিত কৰা নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা আন একাংশ ৰাজপত্রিত বিষয়াৰ বিপদ নিশ্চিত হৈ পৰিছে৷ পাল বাহিনীক ধনৰ টোপোলা দি চাকৰি লোৱা এইসকল ৰাজপত্রিত বিষয়াক শীঘ্রে গ্রেপ্তাৰৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কিয়নো ২০১৩ চনত অনুষ্ঠিত আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অনিয়মেৰে উত্তীর্ণ হোৱা একাংশ ৰাজপত্রিত বিষয়ালৈ কাৰণ দর্শোৱাৰ জাননী কৰিছে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন এজনীয়া ন্যায়িক তদন্ত আয়োগে৷

প্রাপ্ত তথ্য অনুসৰি অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ণ সেৱাত কর্মৰত মুঠ ১০গৰাকীলৈ জাননী জাৰি কৰিছে আয়োগে৷ তদন্ত আয়োগখনৰ সচিবে এ চি এছ, এ পি এছ আৰু আন সেৱাৰ অভিযুক্ত বিষয়ালৈ জাননী জাৰি কৰিছে৷ ১৫ দিনৰ ভিতৰত আয়োগৰ কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ প্রদান কৰিব লাগিব অভিযুক্ত বিষয়াসকলে৷ অর্থাৎ অহা ১৪ জুলাইৰ ভিতৰত কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ অভিযুক্ত বিষয়াসকলে প্রদান কৰিব লাগিব৷

উল্লেখ্য যে ৰাকেশ পালৰ নেতৃত্বত এ পি এছ চিত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰি৷ শকত ধনৰ টোপোলাৰ বিনিময়ত একাংশ মন পছন্দৰ প্রার্থীক পালে সংস্থাপন কৰিছিল ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত৷ ভাতৃ ৰাজীৱ পালৰ ছপাশালত ছপা কৰা উত্তৰবহীত একাংশ প্রার্থীক প্রশ্ণোত্তৰ লিখাৰ সুযোগ প্রদান কৰি পালে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ কৰোৱাইছিল৷ আনকি বহু প্রার্থীৰে টেবুলেচন শ্বীটত নম্বৰ যোগ কৰি চূড়ান্ত পৰীক্ষাত মন পছন্দৰ প্রার্থীসকলক উত্তীর্ণ কৰোৱাইছিল পাল বাহিনীয়ে৷ এই সন্দর্ভত ডিব্রুগড় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ পাছতে বক্র পথেৰে চাকৰি লোৱা অর্ধশতাধিক ৰাজপত্রিত বিষয়া আৰক্ষীৰ জালত পৰে৷ সমান্তৰালভাৱে ২০১৩ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ন্যায়িক তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হয় এটা গোচৰ৷ সকলো দিশ চালি–জাৰি চাই উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ কার্যকালত সংঘটিত দুর্নীতিৰ ন্যায়িক তদন্তৰ নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰে৷

এই আয়োগে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ উত্তৰবহীৰ লগতে টেবুলেচন শ্বীট আদি পৰীক্ষা কৰে৷ ২০১৩ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত প্রায় ৩০০খন উত্তৰবহী পৰীক্ষা কৰে৷ য’ত আয়োগে যথেষ্ট খেলিমেলি প্রত্যক্ষ কৰিছে৷ ইয়াৰ ভিত্তিতে আয়োগে একাংশ ৰাজপত্রিত বিষয়ালৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ অভিযুক্ত বিষয়াসকলৰ ভাষ্য লাভ কৰাৰ পাছতে এজনীয়া তদন্ত আয়োগে চৰকাৰক প্রতিবেদন দাখিল কৰিব৷ এই প্রতিবেদনৰ ভিত্তিত চৰকাৰে অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ন্যায়িক তদন্ত আয়োগে জাননী প্রেৰণ কৰা দুজন বিষয়াৰ ভাতৃয়েও একেটা বর্ষতে এ চি এছৰ পদ লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰে এজন বিষয়া আৰক্ষীৰ প্রাক্তন শীর্ষ বিষয়াৰ পুত্র৷

খালী আছে ৮০ হাজাৰ নতুনকৈ সৃষ্টি কৰিব ২০ হাজাৰ পদ সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে

এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ বাবে ৰাজ্যৰ ৫৭টা বিভাগত খালী হৈ আছে ৮০ হাজাৰ পদ৷ বুধবাৰে এই কথা সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ৰাজ্যিক কেবিনেটে ইতিপূর্বে গঠন কৰি দিয়া কমিটীয়ে সকলো বিভাগৰ পৰা খালী হৈ থকা পদ আৰু নতুন পদ সৃষ্টি সন্দর্ভত প্রতিবেদন লাভ কৰাৰ পাছত নিযুক্তি সন্দর্ভত বহুখিনি কাম সম্পূর্ণ কৰি তুলিছে৷

হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা বাজেট পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি সাংবাদিকৰ আগত এই কথা প্রকাশ কৰাৰ লগতে বিত্তমন্ত্রীগৰাকীয়ে কয়– ৰাজ্যৰ ৫৭টা বিভাগলৈ কমিটীয়ে পত্র প্রেৰণ কৰি কিমান পদ খালী আছে আৰু নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, সেই সম্পর্কত তথ্য বিচাৰিছিল৷ ইতিমধ্যে সৰহসংখ্যকে এই সন্দর্ভত সবিশেষ প্রতিবেদন দাখিল কৰিছে৷ সেই অনুসৰি ৮০ হাজাৰ পদ খালী হৈ থকাৰ বিপৰীতে ২০ হাজাৰ পদ সৃষ্টিৰ পথ মুকলি আছে৷ অচিৰেই এই সন্দর্ভত বিস্তৃত প্রতিবেদন প্রস্তুত কৰা হ’ব৷ উল্লেখ্য যে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত হয় বাজেট সম্পর্কীয় পর্যালোচনা৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, সাধাৰণ সম্পাদক তপন গগৈ, পল্লৱলোচন দাসৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা আৰু বিষয়ববীয়া উপস্থিত থকা বৈঠকখনত আগন্তুক বাজেট সম্পর্কত বিভিন্ন পৰামর্শ গ্রহণ কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ এই বৈঠকৰ পাছতেই মন্ত্রী নেওগে কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ চৰকাৰখনে ৰাজ্যৰ প্রতিটো স্তৰৰ প্রতিজন নাগৰিকক স্পর্শ কৰিব পৰা এখন বাজেট ৰাইজক উপহাৰ দিব৷ বাজেট সন্দর্ভত ইতিমধ্যে ৰাজ্যৰ বিভিন্নজনৰ পৰামর্শ গ্রহণৰ বাবে মুকলি কৰা ই–মেইল আৰু হোৱাট্ছএপযোগে ৮ হাজাৰতকৈ অধিক পৰামর্শ বিত্ত বিভাগে লাভ কৰিছে৷ এই পৰামর্শসমূহ আগত লৈ বাজেট প্রস্তুত কৰা হ’ব৷ উল্লেখ্য যে অহা ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশন৷ অহা ১৬ জুলাইত বিত্তমন্ত্রী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰিব চলিত বর্ষৰ বাজেট৷ মুখ্যতঃ এই বাজেটক লৈয়ে আজি ৰাজ্যিক বিজেপিৰ কার্যালয়ত অনুষ্ঠিত পর্যালোচনা বৈঠকত দলৰ নির্বাচনী ভিজন ডকুমেণ্টত উল্লেখ থকা বিষয়সমূহ সাঙুৰি বাজেট প্রস্তুত কৰাৰ বাবে বিত্তমন্ত্রীগৰাকীক দলৰ তৰফৰ পৰা পৰামর্শ প্রদান কৰা হয়৷

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! ২৫.৫০ টকাকৈ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

 জুলাই মাহৰ প্ৰথমটো দিনতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। প্ৰতিদিনে বৃদ্ধি পাই থকা পেট্ৰ’ল–ডিজেলৰ দামৰ পিছত আজি এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে। চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫.৫০ টকা দাম বৃদ্ধি কৰিছে। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৪ টকাকৈ বৃদ্ধি কৰা হৈছে।এই বৃদ্ধিৰ পিছত দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম ৮৪৩টকা হ’লগৈ। ইয়াৰ উপৰি কলকাতাত ৮৬১ টকা, মুম্বাইত ৮৩৪.৫ টকা আৰু চেন্নাইত ৮৫০ টকা হয়গৈ ৰন্ধন গেছৰ দাম।
১৯ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম ৮৪ টকা বৃদ্ধি কৰা হৈছে। দিল্লীত এতিয়া ইয়াৰ দাম ১৫৫০ টকা। ইয়াৰ উপৰি কলকাতাত ১৬৫১.৫ টকা, মুম্বাইত ১৫০৭ টকা আৰু চেন্নাইত ১৬৮৭.৫ টকা।উল্লেখযোগ্য যে জুন মাহত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি হোৱা নাছিল। অৱশ্যে ১৯.২ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১২৩ টকা বৃদ্ধি হৈছিল। মে’ আৰু জুন মাহত ঘৰুৱা চিলিণ্ডাৰৰ দাম একেই আছিল। এপ্ৰিল মাহত ১০ টকা হ্ৰাস কৰিছিল।

শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিষদৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

দেশৰ জনগনে যাতে ক’ভিড প্ৰট’কল মানি চলিব পাৰে ৷তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ মন্ত্ৰীসকলক আহ্বান মোডীৰ ,কৰ’নাৰ তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ভেকচিন ল’বলৈ আহ্বান মোডীৰ ,লগতে মোডীয়ে কয় কৰ’নাৰ বিৰুদ্ধে হোৱা যুদ্ধখন এতিয়াও শেষ হোৱা নাই ।সেয়ে ভেকচিনেশ্যন অত্যন্ত প্ৰয়োজনীয়।

গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতা :এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে

গোলাঘাটত স্বাস্থ্য বিভাগত বিতৰ্কই  লগ এৰা নাই । পুনৰ অন্য এক বিতৰ্ক ঘেৰি ধৰিলে বিভাগটোক।  গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতাৰ বাবে হাৰাশাস্তি মুমূৰ্ষ ৰোগী। এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। চৰকাৰী সেৱাৰ পৰা বঞ্চিত সাধাৰণ দৰিদ্ৰ পৰিয়াল। এম্বুলেন্সৰ অভাৱে জ্বলাকলা খোৱাইছে সাধাৰণ ৰাইজক ।  নতুন চৰকাৰৰ নেতৃত্বত  স্বাস্থ্য বিভাগৰ এনে কাৰ্যত  বিপাঙত পৰিছে এতিয়া  সাধাৰণ ৰাইজ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ  মূমূৰ্ষ ৰোগী। বহু সময় ধৰি এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিছিল  ৰোগীৰ আত্মীয়ই ।  অৱশ্যে এই অভিযোগ আজিৰ নহ’য়। পূৰ্বতেও  এম্বুলেঞ্চৰ অভাৱত ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা ঘটনা সংঘটিত হৈছিল গোলাঘাটৰ এই স্বাস্থ্য বিভাগত । পুনৰ বুধবাৰে নিশা এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিব লগা হ’ল এজন ৰোগী। শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত জীতেন মেধি নামৰ ৰোগীজনৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ। কিন্তু এম্বুলেন্সৰ অভাৱত দৰিদ্ৰ পৰিয়ালটো উপায়হীন হৈ পৰে। ১০৮ সেৱাত  ফোন কৰি কোনো ধৰণৰ উত্তৰ লাভ নকৰিলে। অৱশেষত  সাংবাদিকৰ প্ৰচেষ্টাত খুমটাইৰ বিধায়ক  মৃনাল শইকীয়াৰ ভ্ৰাম্যমাণ এম্বুলেন্স সেৱাৰ যোগেদিহে ৰোগীজনক   যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হ’ল।  পুনৰ বাৰ মৃনাল শইকীয়াৰ এই এম্বুলেন্সে সহায় কৰিলে উপায়হীন এজন ৰোগীক। মৃনাল শইকীয়াৰ লগতে গোলাঘাটৰ ব্যৱসায়ী সংবিদি বিক্ষোপন চলিহা ,সাগৰ গোহাঁয়ে ৰোগীজনক যোৰহাটলৈ লৈ যায়।  বিধায়কজনৰ লগতে ব্যৱসায়ী দুজনৰ এনে পদক্ষেপক শলাগ লৈছে সকলোৱে । বিপৰীতে চৰকাৰৰ স্বাস্থ্য বিভাগৰ অকমণ্যতাক সহজভাৱে ল’ব পৰা নাই গোলাঘাট বাসীয়ে।

দিল্লী ফেৰৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টিংখাঙত,অচিৰেই কেন্দ্ৰী‌‌য় কেবিনেটৰ গুৰুত্বপূৰ্ণ দপ্তৰত অন্তৰ্ভুক্তৰ সম্ভাৱনা

পাঁচ দিনীয়া দিল্লী ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি কালি ডিব্ৰুগড়স্থ বাসভৱনত ৰাত্ৰি যাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে টিংখাঙত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতা, বিশিষ্ট সমাজ কৰ্মী,শিক্ষক তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৰাকীৰ ঘনিষ্ঠ সদ্য প্ৰয়াত টংকেশ্বৰ নেওগৰ  মাহমৰা কেৰেংচুক গাঁৱৰ বাসগৃহলৈ গৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। প্ৰয়াত নেওগৰ বাসগৃহত উপস্থিত হৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নেওগৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।ইয়াৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ বৃদ্ধা মাতৃ,পত্নী, পুত্ৰ-কন্যা আৰু আত্মীয়-স্বজনক এক শোকাকূল পৰিবেশত গভীৰ সমবেদনা জ্ঞাপন কৰে।প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক টিংখাং ভ্ৰমণৰ সময়ছোৱাত অসম পেট্ৰকেমিকেল লিমিটেডৰ  অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা,লাহোৱালৰ প্লাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, আসাম হাউছিং ডেভেলেপমেন্ট বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ দীপুৰঞ্জন মাৰ্কাৰী, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণ ৰ অধ্যক্ষ অসীম হাজৰিকা, টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, নিৰ্জন শইকীয়া আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সংগ দিয়া দেখা যায়। আনহাতে সৰ্বানন্দ সোণোৱালৰ শেহতীয়া পাঁচদিনীয়া দিল্লীৰ ভ্ৰমণে ৰাজ্যখনৰ বাবে যথেষ্ট আশাব্যঞ্জক বতৰা কঢ়িয়াই অনা বুলি সোণোৱালৰ সমৰ্থক সকলে উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ দপ্তৰত অন্তৰ্ভুক্ত হোৱাতো প্ৰায় নিশ্চিত বুলি উল্লেখ কৰে।উল্লেখ যে, দিল্লী ভ্ৰমণৰ সময়ছোৱাত সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগত সুকীয়া সুকীয়া কৈ সাক্ষাত কৰি সৌহাদ্যাপূৰ্ণ আলোচনাত মিলিত হৈছিল।এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি সকলো ঠিকে থাকে থাকিলে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অচিৰেই  সবানন্দ সোণোৱালে শপত গ্ৰহণ কৰিব বুলিও ঘনিষ্ঠ মহলে দাবী কৰে।ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক মহলত সৰৱ চৰ্চা অব্যাহত থকাৰ লগতে সংবাদ মাধ্যমত যথেষ্ট গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।

BREAKING টকিঅ’অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ

দেশবাসীলৈ সন্মান, টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ, চান্দেই বিশ্ব ৰেংকিং কোটাৰ জৰিয়তে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন

BREAKING কংগ্ৰেছ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি

কোনো অজ্ঞাত লোকৰ ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি,৮৬৩৮৮৭৩৫২০ নম্বৰৰ পৰা হত্যাৰ ভাবুকি ৰকিবুল হুছেইনক