Home Blog Page 2945

অখিলৰ গগৈৰ বিৰুদ্ধে ছিণ্ডিকেট,হানি ট্ৰেপিঙৰ লগত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান

পুনৰ কাৰাগাৰৰ পৰা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুকলি পত্ৰ প্ৰেৰণ কৰে৷ অখিলক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰাৰ অভিযোগ উত্থাপিত কৰি কয় যে, ‘মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে৷’

চানমাৰি থানাৰ গোচৰৰ শুনানি পলমৰ চেষ্টা কৰিছে ‘নিয়া’ই! লগতে অখিলৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰাৰ লগতে অভিযোগনামাত পুনৰ এজনে গোপনে সাক্ষী দিয়ে৷ গোপন সাক্ষীৰ বিবৃতি মতে ছিণ্ডিকেটত জড়িত আছে অখিল গগৈ৷

ছুপাৰি ছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান কৰি অখিলক ‘সন্ত্ৰাসবাদী অভিযোগৰ পৰা গৰুচোৰ সজালে গোপন সাক্ষীয়ে’ বুলিও উল্লেখ কৰে৷

ডিব্ৰুগড় কোটোহাত গড়ৰ মুক্ত বিচৰণ

গড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গড় । কিছুদিনৰ পৰা এটা গড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । আজিও মৰাণৰ কোটোহা ভগামুৰত গড়টোৱে মুক্ত ভাৱে ঘূৰি ফুৰা দৃশ্য প্ৰত্যক্ষ কৰে ৰাইজে । গড় দেখি আতংকিত হয় গাঁওবাসী । গাঁওখনৰ এটা নামঘৰৰ সমীপত গড়টো প্ৰত্যক্ষ কৰে স্থানীয় কেইজনমান লোকে । পিছত বহু লোকে গড়টো চাবলৈ অহা দেখি সেই ঠাই এৰি পলায়ন কৰে গড়টোৱে । বন বিভাগৰ লোকে গড়টোৰ সন্ধানত নামি পৰিছে যদিও কোনো শূংসূত্ৰ উলিয়াব পৰা নাই । খোৱাং আঞ্চলিক বন বিষয়া  কে হানচে জানিবলৈ দিয়া অনুসৰি গড়টো ওচৰৰে মধুপুৰ বনাঞ্চলত আশ্চয় লৈ থাকে আৰু মানুহ দেখিলেই পলায়ন কৰে বুলি তেওঁ জনায় । ডিব্ৰুগড় বন সংমণ্ডলৰ এটা দল আৰু খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দলে যুটীয়া ভাৱে গড়টো বিচাৰি অভিযান চলাইছে বুলি জানিব পৰা গৈছে ।

লাহৰীঘাটতো প্লাষ্টিকৰ চাউল

লাহৰীঘাটত সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল।এই ঘটনা সংঘটিত হৈছে লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত।সমবায় সমিতি খনৰ অন্তৰ্গত মাহদলা গাঁৱৰ সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ পৰা গাঁওখনৰে ৰমেশ দেওৰজা সহ কেইবাগৰাকীও লোকে আনিছিল সুলভ মূল্যৰ চাউল।এই চাউলৰ মাজতে এতিয়া উদ্ধাৰ হৈছে প্লাষ্টিকৰ চাউল।ইয়াকে লৈ সমগ্ৰ অঞ্চলটোতে লাগিছে হাহাকাৰ।ইফালে এই ঘটনা খবৰ পাই গাঁওখনত উপস্থিত হ’ল স্থানীয় গাঁওবুঢ়া দিপাংকৰ বৰদলৈ।গাঁওবুঢ়া গৰাকীৰ উপস্থিতিতে চাউলখিনি প্ৰমাণ কৰিবলৈ এনেদৰে জুই আৰু পানীত পৰীক্ষা কৰা হ’ল।ইফালে গাঁবুঢ়া গৰাকীয়ে এই সন্দৰ্ভত সমবায় খনৰ সভাপতি দুৰ্লভ চন্দ্ৰ নাথ আৰু সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ লগত যোগাযোগ কৰে যদিও বিষয়টোত কোনো গুৰুত্ব নিদিয়া অভিযোগ উঠিছে।আনহাতে এই সমগ্ৰ ঘটনাটো তদন্তৰ দাবী জনাইছে স্থানীয় গাঁওবুঢ়া দিপাংকৰ বৰদলৈয়ে।

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷ লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা হয়৷ চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হয় নিৰীক্ষকৰ৷

আজি কেবিনেট বৈঠকত আৰক্ষী কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শকলৈকে সকলোকে বাধ্যতামূলক এমাহৰ ছুটী দিয়াৰ লগতে পৰিয়ালৰ লগত থকাসকলৰ বাবে ১০ দিনৰ ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ ইয়াৰ উপৰি সমবায় সমিতিলৈ বছৰি ৫ লাখকৈ মঞ্জুৰি দিয়া হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

পৰিবহণৰ ঠিকাৰ বাবে সমবায় সমিতিসমূহক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়৷ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ বহুওৱাৰ নিৰ্দেশ দিয়ে কেবিনেটে৷ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷

কলা,বিজ্ঞান আৰু প্ৰযুক্তিৰ অপূৰ্ব সমাহাৰ। এণ্ড্ৰিয়াছ বেনেষ্টেডেডৰ ‘স্লাইডিং জিউছ’ এনিমেছন বিক্ৰী হ’ল ২,৭৫০ ডলাৰত।

পশ্চিম নলবাৰীত কৃত্ৰিম বানৰ কবলত বহুকেইটা চৰকাৰী কার্য্যালয়

যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুনৰ ফলত পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কার্য্যলয় ,চামতা আৰক্ষী চকী ,চামতা বিএচ এন এলৰ কার্য্যালয়কে ধৰি চামতা পল্লাপথৰ পৰা চক্র বিষয়াৰ কার্য্যালয়লৈ অহা যোৱা পথটো সম্পূর্ন পানীৰ তলত বুৰ গৈ আছে ৷উল্লেখ যে কিছু বছৰ আগলৈকে পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কাৰ্যলয়ৰ  সন্মুখেৰে পানী ওলাই যোৱা এটি  ডাঙৰ কালভার্ট আছিল।এই কালভাৰ্ট টোৰে বৃহত্তৰ অঞ্চলটোৰ  বিহামপুৰ ,শিমলীয়া অঞ্চলৰ পানীসমুহ খাটাৰূপীয়া বাথান,কুলবিল হৈ বুঢ়াদিয়া নৈত পানীসমুহ পৰিছিল।বর্তমান  এচাম মানুহৰ  দায়িত্বহীনতাৰ বাবে  যতে ততে ঘৰ  সজাৰ ফলত   পানী    যোৱা নলাসমুহ সম্পূর্ণ ৰূপে বন্ধ হৈ পৰাত  এতিয়া সাধাৰন বৰষুন হলেও কার্য্যালয় সমূহ পানীৰ তলত বুৰযোৱাত কার্য্যালয়ৰ কর্মচাৰী সকলৰ  এই অনাহূত পৰিস্হিতিৰ  সৃষ্টি হৈছে ৷বর্তমান চামতা আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকলৰ থকা কোঠা সমুহ পানীৰ তলত বুৰ যোৱাত  বিছনা এৰি ৰাস্তাত থিয়হৈ থাকিব লগা হৈছে ৷আজি নিশাৰ ভিতৰত বৰষুন হলে আৰু ভয়ানক ৰূপ লব বুলিও আশংকা কৰা হৈছে ৷ইফালে পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কার্য্যালয়ৰ সন্মুখেৰে যোৱা তিনিবছৰ আগতে ২৫ নং ৰূপীয়াবাথান গাওঁ পঞ্চায়তৰ জৰিয়তে বহু লক্ষ্য  টকা খৰচ কৰি এটি নলা বনাইছিল যদিও  দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাবৰ বাবে নলাতোৰে পানী ওলাই যোৱাৰ উপৰি পানী সমুহ আবদ্ধহে হয়।৷ইয়াৰ উপৰিও  নলবাৰী চামতা পল্লা পথতো ঠায়ে ঠায়ে কৃত্রিম পানীয়ে সম্পূর্ণ ৰূপে বুৰাই পেলোৱাত পথচাৰীৰ লগতে গাড়ী মটৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে ৷নলবাৰী চামতা সর্থেবাৰী পল্লা পথৰ চামতা মটৰষ্টেন্ড ,জামৰতল পেট্রল  ডিপোৰ সন্মুখ ভাগ  প্ৰায়ে পানীৰ তলতে বুৰ গৈ থাকে।

টুপামাৰীত নিজ গৃহৰ পৰা নিৰুদ্দেশ ছাত্ৰ

কামৰূপৰ বকো সমষ্টিৰ  টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীৰ নতুন বদলা গাওঁৰ স্বাজাহান আলীৰ ১৪ বছৰীয়া পুত্ৰ মোস্তাফিজুৰ ৰহমান ওৰফে ছানিদুল যোৱা ২২/০৬/২০২১ ইং তাৰিখে নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ উপৰিও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈকে লৰা জনৰ কোনো অনুসন্ধান পোৱা নাই। নিৰুদ্দিষ্ট লৰা জন জাহেৰপুৰ দাৰুল উলুম হাফিজীয়া মাদ্ৰাছাৰ ছাত্ৰ। লৰা জন নিৰুদ্দেশ হোৱা খৱৰে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উপায়বিহীন হৈ আজি পৰিয়ালৰ লোকে টুপামাৰী আৰক্ষী চকীত বিষয়টো লিখিতভাৱে অৱগত কৰে। লৰা জনৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষী নতুবা ৮৬৩৮৩৩৭৬০৯ এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

“কৰ’নাচে বাজতে হ’লে দূৰে দূৰে ৰহ’না” ঝুমুৰ গীতৰ লহৰে শ্ৰমিকক কভিড জয় কৰাৰ আহ্বান

চাহ-বাগিছাৰ শ্ৰমিক সমাজত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰাৰ সময়তে নাজিৰা মহকুমা প্ৰশাসনে সকলো শ্ৰমিকে উপলব্ধি কৰিব পৰাকৈ এটি গীতৰ এলবাম নাজিৰাৰ চিনাকি চাহ-বাগিচা সমূহৰ দৃশ্যায়নৰ মাজেদি দুদিন পূৰ্বে মুকলি কৰে । অঁনাতাৰ শিল্পী ভদ্ৰ ৰাজোৱাৰৰ কণ্ঠত চাহ-বনুৱাৰ ভাষাৰে নিগৰি বোৱা এই ঝুমুৰৰ সুৰে ইতিমধ্যে বাগিচাই বাগিচাই সুপ্ৰচাৰ লাভ কৰা দেখা গৈছে । ” কি যে হ’ল এক দুনীয়া, বেমাৰ আল’ক কৰ’না, কৰ’নাচে বাজতে হ’লে, দূৰে দূৰে থাক’না” শীৰ্ষ গীতৰ ধ্বনিৰ লগত মাদলৰ ছেৱে নাজিৰাৰ চাহ-বাগিচা ধ্বনিত কৰিছে । হোৱাটচ এপ, ইউ টিউব, ফেচবুকৰ মাজেদি সম্প্ৰসাৰণ হোৱা এই গীতে শ্ৰমিকৰ মাজৰ চৰ্দাৰ আৰু দুই এক এনড্ৰইড মোবাইল লোৱা শ্ৰমিকে সহজে শুনাৰ সুবিধাত উৎফুল্ল হৈ পৰিছে । নাজিৰা মহকুমা প্ৰশাসনৰ হৈ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে  অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সভাগৃহত সকলোৰে উদ্দেশ্যি মুকলি কৰা গীতৰ এলবামটিৰ জড়িয়তে সান্ধ্য আইন সজাগতাৰে মানি চলা, ঘৰৰ ভিতৰত সোমাই ৰোৱা, মুখত মাস্ক পিন্ধি ৰোৱা, সঘনাই হাত ধোৱা, ভিৰৰ পৰা দূৰত থকা, বীজানু নাশক প্ৰয়োগ কৰা, প্ৰতিৰোধী টীকা গ্ৰহণ কৰা আদি বিষয় সমূহ চাহ শ্ৰমিকৰ নিজা ভাষাত তুলি ধৰা বুলি প্ৰকাশ কৰে । বৰ্ণালী দত্ত  , বসন্ত ৰাজোৱাৰ আৰু বৰুণ ৰাজোৱাৰৰ পৰিচালনাৰে অৰূপ, বাবুল আৰু বধুৱাৰ সংগীত সংযোজনত সম্পাদনা কৰিছে জুলফিকুৰ ৰহমানে । নাজিৰা জনসংযোগ বিভাগ, চাহ জনগোষ্ঠীয় সাহিত্য সভা, অসম চাহ মজদুৰ সংঘৰ সহযোগত প্ৰস্ত্তত হোৱা এলবামটিৰ উন্মোচনী সভাত সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল,  নাজিৰা অসম চাহ মজদুৰ সংঘৰ সম্পাদক উপেন চাহু, সভাপতি ভদ্ৰ ৰাজোৱাৰ, অসম চাহ কৰ্মচাৰী সংঘৰ নাজিৰাৰ সম্পাদক চিন্ময় বৰা আদি বিশিষ্ট লোক সকল উপস্থিত থাকে । চাহ শ্ৰমিক সমাজত মাইকযোগে সজাগতা প্ৰসাৰৰ বাবে এই গীতে এক যোগাত্মক ভূমিকা লোৱাৰ সম্ভাৱনা আছে । 

মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৬ জুনৰ পৰা ৩০ জুনলৈ চিপিআইএমৰ পোষেকজোৰা আন্দোলনৰ অংশ হিচাপে আজি নলবাৰীৰ মুকালমুৱাত চিপিআইএমৰ কৰ্মী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মুকালমুৱাৰ বৰলিয়াপাৰত চিপিআইএম বৰক্ষেত্ৰী শাখাৰ কৰ্মী সকলে প্ৰতিকুল বতৰকো নেওচি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ,পোষ্টাৰ, লাল পতাকা লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায় ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায়-হায়, কৃষি আইন বাতিল কৰক, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰক, মোডী চৰকাৰ হায়-হায় শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসুচীত চিপিআইএম নেতা ভুৱনেশ্বৰ বৰ্মনে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখন হৈছে পুজিপতিৰ আটাইতকৈ বহতীয়া চৰকাৰ, যোৱা ডেৰ মাহত প্ৰেট্ৰল ডিজেলৰ মুল্য বৃদ্ধি ২৮ বাৰকৈ বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ লোকৰ পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ প্ৰতিবাদী কাৰ্যসূচীত বাওঁপন্থী ছাত্ৰ নেতা গাজিউৰ ৰহমান চৌধুৰীয়ে অংশগ্ৰহণ কৰি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত দেশৰ গণতন্ত্ৰ ব্যৱস্থা তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে ৷ প্ৰতিবাদী কাৰ্য্যসূচীত শ্ৰমিক নেতা নুৰু হুছেইন আলী, ইছমাইল আলী, মায়াৰাম বৰ্মন, ৰেকিবুল হক, মনোজ তালুকদাৰ, হবিবৰ আলীসহ কেইবাজনো কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

চৰাইদেউৰ সাপেখাতীত চাওঁতালী ছাত্ৰ সন্থাৰ উদ্যোগত ১৬৬ তম হুল দিৱস উদযাপন

সদৌ অসম চাওঁতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু টিমন বৰটানি গাওঁৰ চাওঁতালী সকলৰ সহযোগত ১৬৬ তম হুল দিৱসটি কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুস্থুপীয়াকৈ দিনযোৰা কাৰ্য্যসূচীৰে আটাল বনুৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰে ৷ প্ৰথম কাৰ্য্যসূচী অনূসৰি পুৱা চাওঁতালী সমাজৰ জাতীয় পতাকা উত্তোলন কৰে ৰামেশ্বৰ চৰেনে ৷ চাওঁতাল ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চাওঁতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি পুনেশ্বৰ বাস্কেয়ে ৷ স্মৃতি তৰ্পণ কৰে চৰাইদেউ জিলা সমিতিৰ সহকাৰী সম্পাদক অমৰ হেমৰম ৷ উক্ত অনুস্থানত উপস্থিত থাকে দেবানন্দ টুডু , নয়নমণি বাস্কে আৰু প্ৰবীন টুডুকে আদি কৰি বহু গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷