Home Blog Page 2946

নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত বালিৰ চিণ্ডিকেট

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় সম্প্ৰতি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) ভূপেন চন্দ্ৰ দাসৰ বিভিন্ন দুৰ্নীতি-অনিয়ম আৰু লুণ্ঠনৰাজৰ অঘোষিত কাহিনী এটাৰ পিছত এটাকৈ ফাদিল হোৱাত সচেতন মহলৰ চকু কপালত উঠিছে।  দুৰ্নীতিগ্ৰস্ত বন বিষয়া গৰাকীৰ পৃষ্ঠপোষকতাত কাৰ্যালয়ৰ এলেকাধীন  বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা অবৈধ শিল,বালি, চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। অভিযোগ মতে  বিতৰ্কিত বন বিষয়া ভূপেন চন্দ্ৰ দাসক ধনৰে মেনেজ কৰি একাংশ চোৰাং বালি মাফিয়াই কলহী নৈৰ পৰা বালি খনন কৰি দৈনিক লাখ লাখ টকাৰ বালি বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে ,আনহাতে বিষয়টোক লৈ বন বিভাগৰ উৰ্দ্ধতম কতৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছে। জানিব পৰা মতে কলহী নদী আৰু জলজলী নদীত দীৰ্ঘদিনৰে পৰা অবৈধ ভাৱে বালি খনন চলি থকাৰ পিছতো বন বিষয়া ভূপেন চন্দ্ৰ দাসে ৰহস্যজনক ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰা নাই। ছমৰীয়া, মালিবাৰী, জাওকাটাদিয়া, ৰাঙ্গাপানী, ৰঙ্গেশ্বৰী আদি অঞ্চলত এই গৰাকী বন বিষয়াৰ ছত্ৰছায়াত নৈৰ পৰা বালি খনন কৰি  নাওঁৰে উঠাই দৈনিক শ শ টেক্টৰ বালি চালান বিহীনভাৱে সৰবৰাহ হোৱাত চৰকাৰে প্ৰতিমাহে লাখ লাখ টকাৰ ৰাজহ পৰ্যন্ত হেৰুৱাব লগা হৈছে বুলিও অভিযোগ একাংশৰ। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বহু বিতৰ্কিত ঘোচখোৰ বন বিষয়া ভূপেন চন্দ্ৰ দাসে সংশ্লিষ্ট এলেকা সমুহৰ বালি মাফিয়া সকলৰ পৰা মাহিলী কমিছন পোৱাৰ বাবেই মুকলিকৈ এনে ব্যৱসায় নিৰ্বিঘ্নে চলাই যাবলৈ সক্ষম হোৱা বুলিও একাংশই মন্তব্য কৰিছে। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত এনে অবৈধ ব্যৱসায় মুক্তভাৱে চলি থকাৰ অন্তৰালত বন বিষয়া গৰাকীৰ জেপলৈ প্ৰতিমাহে সোমোৱা লাখ-লাখ টকা বুলিও অভিযোগ । চৰকাৰৰ লাখ-লাখ টকাৰ ৰাজহ ফাঁকিৰে বিষয়া গৰাকীয়ে উঠিৰজা-বহিৰজা হৈ বিলাসী জীৱন কটাবলৈ সক্ষম হোৱা বুলিও অভিযোগত প্ৰকাশ। শেহতীয়াকৈ বন বিষয়া গৰাকীৰ ছত্ৰছায়াত দীৰ্ঘদিন ধৰি কলহী নদীত অবৈধ বালি খনন অব্যাহত  থকাত স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চলি থকা এনে অবৈধ বালি, চোৰাং কাঠ আদিৰ  ব্যৱসায় কঠোৰ হাতেৰে দমন কৰি দুৰ্নীতিগ্ৰস্ত বন বিষয়া গৰাকীৰ বিৰুদ্ধে তদন্ত সাপেক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে চৰকাৰক দাবী জনাইছে।

লাহোৱাল সমষ্টিৰ বিধায়কৰ উদ্যোগত খনিকৰত বানাক্ৰান্তৰ বাবে সমূহীয়া কঠীয়া সিচাঁৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ কৃষি  বিভাগৰ মানকটা কৃষিচক্ৰৰ এলেকাস্থিত নিজ খনিকৰ গাৱঁৰ ৮হেক্টৰ মাটিত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত,ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত তথা প্ৰাগ নিউজৰ ডিব্ৰুগড় সাংবাদিক হোমেন ফুকন আৰু সাংবাদিক ধনটি শইকীয়াৰ  একনিষ্ঠ প্ৰচেষ্টাত  বানাক্ৰান্তক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ উদেশ্যে সমূহীয়াভাৱে কঠীয়া সিচাঁ কাৰ্যসূচী হৈ যায়।লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি বনশংকৰ প্ৰজাতিৰ বাহাদুৰ চাব-১ ধানৰ কঠীয়া সিচিঁ  শুভাৰম্ভ কৰি অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে সমূহীয়াভাৱে সিচাঁ কঠীয়া বানাক্ৰান্ত কৃষকৰ মাজত যোগান ধৰি ধান খেতি কৰিৱ পৰাকৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা হৈছে বুলি উল্লেখ কৰে আৰু  বানাক্ৰান্ত কৃষক সকলে এই কঠীয়া যোগাৰ পালে উপকৃত হব বুলি প্ৰকাশ কৰে।সমূহীয়াভাৱে কঠীয়া সিচাঁ কাৰ্যসূচীত অসম ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক ৰাহুল দেৱ সোনোৱাল,ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এচ ডি অ সুৰেণ কুৰ্মি ‘মানকটা কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া শ্ৰীলেখা হাজৰিকা ‘কৃষি বিভাগৰ অভিযন্তা ভুপেন দাস আৰু কৃষি বিভাগৰ সম্প্ৰসাৰণ সহায়ক ৰাজীৱ গগৈ ‘এন এফ এচ এম প্ৰেৰণা প্ৰৱৰ গগৈ ‘খনিকৰ মণ্ডল বিজেপিৰ সম্পাদক দেৱৰাজ তাতী ‘ডিব্ৰুগড় জিলা বিজেপি যুৱমৰ্চাৰ সম্পাদক মনোজ কুমাৰ গগৈ ‘বিজেপি যুৱমৰ্চাৰ সামাজিক মাধ্যমৰ আহবায়ক শ্যামকানু গগৈ আৰু খনিকৰ গাওঁ পঞ্চায়তৰ সভাপতি বিনয় মাঝি আদিয়ে সহযোগিতাৰে সেৱা আগবঢ়ায় ।

ছবছৰেও নিৰ্মাণ অসম্পূৰ্ণ,টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা

স্বাধীনতাৰ দহ বছৰৰ পাছতেই জাঁজীমুখৰ বিভিন্ন এলেকা আৰু বৃহত্তৰ ৰজাবাৰী অঞ্চল সামৰি স্থাপন হৈছিল এখন ৰাজ্যিক পশু চিকিৎসালয় ।পৰবৰ্তী সময়ত টীয়কৰ সুসন্তান তথা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাই ইয়াৰ আন্তঃ গাঁথনি উন্নীত কৰিলে । চিকিৎসক সহায়কৰ আবাসগৃহ নিৰ্মান কৰি পশুপালক সকলে যাতে সকলো সময়তে উন্নত চিকিৎসা পাব পাৰে তাৰ সুব্যৱস্থা আছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয় খনক কৰ্মচাৰী আৰু  চৰকাৰেও অৱহেলা কৰিলে যাৰ ফলত ইয়াৰ বহু গৃহ ভাগি ছিগি গল। ৰাইজৰ অভাৱ অভিযোগ আৰু আবেদনৰ প্ৰতি সন্মান জনাই তদানীন্তন বিধায়ক মেম্বৰ গৈয়ে চিকিৎসালয় খনৰ উৱলি যোৱা ঘৰ সমূহ মেৰামতি কৰিবলৈ পুঁজি আবণ্টন দিয়াৰ লগতে আধাৰশিলা স্থাপন কৰে । কিন্তু পৰিতাপৰ বিষয় যে যোৱা   ছৱছৰেও সম্পূৰ্ণ নহল টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয় খন । ২০১৪ চনতে সেই সময়ৰ বিধায়ক প্ৰয়াত মেম্বৰ গগৈ দেৱৰ তৎপৰতাত আধাশিলা  কৰা এই চিকিৎসালয় খনৰ দুটা ভৱন আজিও অৰ্ধনির্মিত হৈ পৰি আছে । বৃহত্তৰ জাঁজীমুখৰ লগতে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনৰ বানাক্ৰান্ত অঞ্চলৰ এইখন একমাত্ৰ পশু চিকিৎসালয়। ১৯৫৭ চনতে প্ৰতিষ্ঠা হোৱা এই চিকিৎসালয় খনৰ দুৰৱস্থাই ৰাইজক বাৰু কৈয়ে  অসুবিধাত পেলাইছিল৷ এটা ভগ্নপ্ৰায় ঘৰত বহু বছৰ বহু কষ্টৰে পশুধনক চিকিৎসা সেৱা আগবঢ়াই অহাৰ বাবেই  নতুনকৈ ডাক্তৰ, কৰ্মচাৰীৰ আবাসগৃহ সংযুক্ত  ৬৫ লাখ টকৰে নিৰ্মাণ কৰা হৈছিল এই চিকিৎলয় গৃহটো ।প্ৰায় ৮০% কাম সম্পূৰ্ণ হোৱাৰ পাছতো ছবছৰে এনেদৰে পৰি থাকিল ঘৰ কেইটা। 
স্থানীয় পশুপালক সকলৰ এটাই প্ৰশ্ন  কিয় সম্পূৰ্ণ হৈ নুঠিল এই ৬৫ লাখ টকীয়া টীয়ক ৰজাবাৰীৰ পশু চিকিৎসালয় খন ? কিয় পলায়ন কৰিলে নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ  জন ?  কোন কোন বিষয়া কৰ্মচাৰী এই চিকিৎসালয় খনৰ লগত জড়িত আছে ৰাইজে দিনৰ পোহৰত দেখা নাপায় । অসম চৰকাৰৰ পশুপালন মন্ত্ৰীৰ চকু পাৰিবনে এই চিকিৎসালয় খনত ।

ওৰাঙৰ ধনশ্ৰী চাহ বাগিচাত ২০ কিলো গাঞ্জা সহ এজনক গ্ৰেপ্তাৰ মাজবাট আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং মৌজা এলেকাৰ  ধনশ্ৰী চাহ বাগিছাত ২৯জুনত ৰাতিপুৱা ৫ মান বজাত ২০ কিলোগ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰিছে মাজবাট আৰক্ষীয়ে । মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জনোৱা মতে ওৰাং মৌজা এলেকাৰ মাজবাট থানাৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিচাত  ২৯জুনত  ৰাতিপুৱা ৫ মান বজাত  বিষয়া গৰাকীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অৰুনাচল সীমান্তৱৰ্তী  অঞ্চল পৰা  বাগিছা খনৰ অৰুনাচল  ৰূপা পথেৰে আহি থকা এজন বাইক আৰহীক দেখা পাই ।প্ৰথমে  নম্বৰবিহীন  বাইকত অহা যুবক জনক দেখা পাই আৰক্ষী দলটোৱে ৰবলৈ কৈছিল ।যদিও  যুবক জনে ৰবলৈ অমান্তি হৈছিল । পাছত  বাইকৰ পিচফালে থকা বেগটো তালাচী চলোৱাত যুবক জনৰ উৰহী গছৰ ওৰ ওলাই পৰে আৰু  আৰক্ষীয়ে ২০ কিলো গাঞ্জা সহ নাহেৰুবা গাওঁৰ অজিত দৈমাৰীৰ পুএ ফিৰোজ দৈমাৰী (২২)ক আটক কৰিবলৈ সক্ষম হয় ।মাজবাট আৰক্ষীয়ে যুবক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি আজি ওদালগুৰি  দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰন কৰে ।মাজবাট অৰুনাচল সীমান্তৱৰ্তী এলেকাত  চলি থকা নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে বুলি মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জানিবলৈ দিছে ।

বজাৰৰ মাজতে এগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্মমভাৱে প্ৰহাৰ: নীৰৱ দৰ্শক ৰাইজ, ভিডিঅ’ ভাইৰেল।

অভয়াপুৰীত মাতব্বৰ এটাই এগৰাকী মহিলাক সকলোৰে সন্মুখত সম্পূৰ্ণ বিবস্ত্ৰ কৰি গুৰলা গুৰুলকৈ প্ৰহাৰ কৰে। মহিলাক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে এজন মাতব্বৰে ৷

এগৰাকী মহিলাক বিবস্ত্ৰ (Woman Stripped Off) কৰি বজাৰৰ মাজত বৰ্ববৰভাৱে প্ৰহাৰ কৰা জঘন্য ঘটনা সংঘটিত হৈছে এইখন অসমত। বজাৰৰ মাজত বহু লোকৰ সন্মুখতে মহিলাগৰাকীক এডাল লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ (Woman Brutally Beaten) কৰি থকা এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ অভয়াপুৰীত। এজন মাতব্বৰে (Matabbar) সকলোৰে সন্মুখত নিষ্ঠু ৰভাৱে মহিলাগৰাকীক প্ৰহাৰ ঘটনাৰ পাছতে ভাইৰেল হৈ পৰে ভিডিঅ’ (Video Viral)।

অভয়াপুৰী (Abhayapuri) আমবাৰী বজাৰত সংঘটিত হয় এই জঘন্য অপৰাধৰ ঘটনা। ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় মাতব্বৰটোৱে মহিলাগৰাকীক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে গুৰলা গুৰুলকৈ প্ৰহাৰ কৰাৰ নিৰ্মম দৃশ্য। লজ্জাজনক কথাটো হ’ল,  এই জঘন্য কাণ্ড বজাৰত থকা বহু লোকে দেখিও বাধা দিয়াৰ সাহস নকৰিলে।

চুৰিৰ অভিযোগত মহিলাগৰাকীক খেদি খেদি আনি মাজ বজাৰত বিবস্ত্ৰ কৰি এনেদৰে নৃশংসভাৱে প্ৰহাৰ কৰিলে অভয়াপুৰীৰ কাছাৰিপেটিৰ মুখিয়াল তথা মাতব্বৰ ইছমাইল হুছেইনে। মাতব্বৰটোৰ ঘৰৰ পৰা কিবা সামগ্ৰী চুৰ কৰি অনা বুলি অভিযোগ তুলি খেদি আনি বজাৰৰ মাজত নাঙঠ কৰি নিৰ্মমভাৱে মাৰপিট কৰিলে মহিলাগৰাকীক।

ৰাজহুৱা স্থানতে বিবস্ত্ৰ কৰি মহিলাগৰাকীক প্ৰহাৰ কৰা চাঞ্চল্যকৰ ঘটনায়োৱে সভ্য সমাজক লজ্জানত কৰাই নহয়, এই ঘটনাই জোকাৰি গ’ল সমগ্ৰ অভয়াপুৰী।

এই video viral হোৱাত  অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে। আটকাধীন দুজন কাছাৰপেটিৰ ইছমাইল হুছেইন আৰু আমবাৰীৰ জাহানুদ্দিন প্ৰামাণিক ।

বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। চৰকাৰৰ চকুমুদা কুলিৰ চৰম ভূমিকা

বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। এনে এক পৰিবেশত বসতি কৰাতো দৈনন্দিন জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে ভাৱিলে নোম শিয়ৰি উঠিব। মাহৰ পিছত মাহ ধৰি পুনঃস্থাপনৰ আশাত তিৰপালৰ তলত মাটিৰ সতে মিতিৰালিৰ সত্বেও প্ৰকৃতিয়ে ৰেহাই দিয়া নাই লাইকা-দধীয়াবাসীক৷ অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় মিচিং জনগোষ্ঠীৰ এই লোকসকলে এনেদৰে জ্বলন্ত সমস্যাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া বিষয়টো লজ্জাজনক৷ নিৰ্বাচনৰ বতৰত ধুমকেতুৰ দৰে দেখা দিয়া অসম চৰকাৰৰ জনপ্ৰতিনিধি তথা প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষ সকল ক’ত হেৰাল এই দুৰ্বিষহ সময়চোৱাত।এনে এক পৰিস্থিতি বিৰাজ কৰাৰ পিছতো বৰ্তমানলৈকে নাই কোনো খোৱা সামগ্ৰীৰ ব্যৱস্থা, নাই কোনো খোৱা পানীৰ ব্যৱস্থা।খোৱা সামগ্ৰীৰ কথা বাধেই দিয়ক পৰিস্থিতিৰ বুজ লোৱাও পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে পিড়িত ৰাইজে৷ ল’ক ডাউনৰ মাধমাৰ মাৰ নৌযাওঁতেই আৰু এইয়া আন এক প্ৰত্যাৱহান পিড়িত ভূমিপুত্ৰ লাইকা-দধীয়াবাসীৰ বাবে। এই মূহূৰ্তত ডাঙৰ প্ৰশ্ন উদয় হৈছে যে, লাইকা-দধীয়াবাসীয়ে কাৰ হতে যুঁজ দিব ? মহামাৰী কৰ’ণাৰ লগত, বান সমস্যাৰ লগত, গঢ়াঁখহনীয়াৰ লগত, নিজৰ জীৱনটোৰ লগত নে আকৌ নিজৰ প্ৰাপ্য অধিকাৰৰ লগত। সেয়ে পিড়িত ৰাইজে কাৰ হতে প্ৰকৃতাৰ্থত যুঁজ দিব লাগিব তাৰ সমাধানৰ সূত্ৰ বিচাৰিছে অসম চৰকাৰ তথা প্ৰশাসনৰ পৰা। সাতখন উপ-গাঁৱক লৈ গঠিত লাইকা-দধীয়া বন গাঁৱৰ হাজাৰ হাজাৰ জনসাধাৰণ এইক্ষেত্ৰত অসহায় তথা নিৰুপায় হৈ পৰিছে৷ সেয়ে পিড়িত ৰাইজে একমাত্ৰ পুনৰ সংস্থাপনহে এই গোটেই সমস্যাৰ সমাধানৰ সূত্ৰ বুলি ভাৱি লৈছে আৰু এইমৰ্মে তেওঁলোকে পৰিত্ৰাণ পাবৰ বাবে প্ৰতিবাদ তথা সংগ্ৰামো কৰি আহিছে। কিন্তু আজিও অসম চৰকাৰ তথা প্ৰশাসন এইক্ষেত্ৰত নিমাত। সচাকৈয়ে বছৰৰ তৃতীয়টো বানতো ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালকৈ গঢ়াখহনীয়াইও গাওবাসীৰ বসতিস্থল তথা আপোন ঘৰসমূহক উটুৱাই নিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ১৯৫০ চনৰ প্ৰৱল ভূমিকম্পত বিধ্বস্ত হোৱা বহু পৰিয়ালক চৰকাৰে ডিব্ৰু-ছৈখােৱা অভয়াৰণ্যৰ আভ্যন্তৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ দাঁতিত লাইকা আৰু দধীয়া নামে দুখন বৃহৎ বনগাঁও সংস্থাপিত কৰে। লাইকাৰ পমুৱা, ফাঁচিদিয়া, ৰিগবি, দধীয়াৰ কুলিগাঁও, মহমৰা, চাৰিসূতী আৰু টেঙাবাৰী এই সাতখন উপ-গাঁৱক লৈ গঠিত লাইকা আৰু দধীয়া বনগাঁও। কিন্তু চাৰিটা দশক ধৰি সুখেৰে জীৱন নিৰ্বাহৰ অন্তত ১৯৯৯ চনত চৰকাৰে বনগাঁওবাসীৰ অজ্ঞাতে একমাত্রআন্তর্জাতিক মুনাফা লুটাৰ স্বাৰ্থত ডিব্ৰু-ছৈখােৱা অভয়াৰণ্যক অসাংবিধানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ মর্যাদা প্রদান কৰে কেইজনমান দুর্নীতিপৰায়ণ বনবিষয়াৰ তৎপৰতাত। যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানুহ থাকিব নােৱাৰে সেয়ে ৰাষ্ট্ৰীয় উদ্যান ঘােষণাৰ পূর্বে বনগাঁও বাসীসকলক প্রথমে অন্যউপযুক্ত ঠাইত স্থানান্তৰ কৰিব লাগিছিল। কিন্তু সেয়া নকৰি বনগাঁও বাসীসকলৰ প্রতি চৰম অন্যায় কৰাৰ বাবেই আজি যুগ যুগ ধৰি বনগাঁও দুখনৰ দৰিদ্র মিচিং সম্প্ৰদায়ৰ পৰিয়ালবোৰে জীয়াতু ভুগি জীৱন নির্বাহ কৰি আছে। ৰাষ্ট্ৰীয় উদ্যানৰ দোহাই দি চৰকাৰী উন্নয়নমূলক সকলােবােৰ আঁচনি সম্পূৰ্ণৰূপত বন্ধকৰি পেলালে। মাজে সময়ে উক্ত বনগাঁৱৰ লােকসকলক উচ্চেদৰ ভাবুকি দি জীৱনৰ প্রতি চৰম অনিশ্চয়তা নমাই আনিলে। বছৰ বছৰ ধৰি অন্য উপযুক্ত ঠাইত পুণৰ সংস্থাপনৰ বাবে সংগ্রাম কৰা স্বত্ত্বেও কেৱল ভেকুভাওনা কৰি নিৰ্বাচনৰ ভােটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে উক্ত বনগাঁৱৰ জনজাতিৰাইজক।

বকোৰ বৰুৱা বালিঝাৰ বজাৰৰ আধুনিক গৃহ শুভ উদ্বোধন।

মজবুত হ’ব গ্ৰাম্য অৰ্থনীতিৰ ভেটি ।

গ্ৰামাঞ্চলৰ কৃষক জনসাধাৰণৰ জীৱন জীৱিকাৰ অৰ্থনীতি গঠিত হয় স্থানীয় বজাৰ ঘাটত। এনে বজাৰ হৈছে কামৰূপ জিলাৰ ভিতৰুৱা অঞ্চল বৰুৱা বালিঝাৰ বজাৰ। ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বকো আৰক্ষী থানাৰ অধিনৰ এলেকা বালিঝাৰ অঞ্চলত এই বজাৰ খন স্থাপন হৈছিল ইং ১৯৬৮ চনত। প্ৰাপ্ত তথ্য অনুসৰি সেই সময়তেই এক সমাজ সংগঠকৰ ভুমিকা পালন কৰা বিশিষ্ট সমাজকৰ্মী ক্ৰমে স্বৰ্গীয় নুৰ আলী গাওবুঢ়া, চহৰ দেৱানী, মাধৱ,খিনাৰুদ্দিন, হানি মাহমুদ,বাতাসু সেখ, আব্দুল হাই, বক্তাৰ আলী,কাসেম দেৱানীৰ দৰে বহু কেইজন ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন কৰি শুভাৰম্ভ কৰা হৈছিল বৰুৱা বালিঝাৰ বজাৰ খন। সেই সময়তে ৰাজহুৱা সভাত প্ৰতিষ্ঠাপক সভাপতি হিচাপে নুৰ আলীক আৰু সম্পাদক হিচাপে কাছেৰ আলীক মনোনীত কৰি গঠন কৰা হৈছিল বৰুৱা বালিঝাৰ বজাৰ পৰিচালনা সমিতি খন। উল্লেখ্য যে ; বৃহত্তৰ বৰুৱা বালিঝাৰ অঞ্চলৰ প্ৰায় ২২ খন গাঁওৰ একমাত্ৰ বানিজ্যিক কেন্দ্ৰ বালিঝাৰ বজাৰ খন। আজি বজাৰৰ মাজমজিয়াত নৱ নিৰ্মিত বিল্ডিং গৃহৰ শুভ উদ্ধোধনী অনুষ্ঠানত আয়োজন কৰে। বহু সংখ্যক ব্যৱসায়ী আৰু ৰাইজৰ সহযোগত আনুষ্ঠানিক ভাৱে গৃহটো উদ্ধোধন কৰে বৰ্তমানৰ বজাৰ পৰিচালনা সমিতিৰ সভাপতি ছামাদ আলী আৰু অৱসৰ প্ৰাপ্ত শিক্ষক চুৰত আলীয়ে। বজাৰ গৃহটো উদ্ধোধন কৰি সভাপতিয়ে ভাষণ প্ৰসংগত কয় যে ; পৰবৰ্তী সময়ত এই বজাৰ গৃহটো অঞ্চলটোৰ কৃষক জনসাধাৰণৰ অৰ্থনৈতিক বিকাশত এক বিশেষ অৰিহণা যোগাব আৰু গ্ৰামাঞ্চলৰ স্থানীয় বজাৰ সমুহ গ্ৰাম্য অৰ্থনীতিৰ ভেটি। বজাৰ গৃহ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে নিৰ্মাণ কমিটিৰ সভাপতি ৰমজান আলী ; সম্পাদক নুৰুল হক গাওঁবুঢ়া ; বজাৰ পৰিচালনা সমিতিৰ সম্পাদক ইমাৰ আলী ; সদস্য ক্ৰমে ফজল আলী ; মমিন আলী ; মছমুল হক ; আব্দুল আজিদ ; কৰম আলী ; স্বাহ জালাল আদিৰ উপৰিও বয়োজ্যেষ্ঠ্য ব্যক্তি ইজুতুল্ল্যাহ আৰু ছেখাৰুদ্দিন আদিকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী।

মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হল PCV কেন্দ্ৰ ।

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ উদ্যোগত মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হল PCV কেন্দ্ৰ । জন্মৰ ডেৰ মাহৰ পৰা ন মাহলৈ সকলো শিশুকে আজিৰে পৰা প্ৰদান কৰা হব এই ভেকচিন । বিশেষকৈ জন্মৰ পিছতে শিশু সকলৰ নিমুনিয়া ৰোগত আক্ৰান্ত হৈ বহু শিশু মৃত্যু মুখত পৰে । আৰু সেই ৰোগৰ পৰা যাতে শিশু সকলক ৰক্ষা কৰিব পাৰি তাৰবাবে আজি সমগ্ৰ অসমতে এই টিকাকৰণ ব্যৱস্থা কৰা হৈছে । মৰিগাঁওত আজি টিকাকৰণ কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে । উপস্থিত থাকে জিলা উপায়ুক্ত সীমাৰেখা ভূঞা , মৰিগাঁও স্বাস্থ্য বিভাগৰ বিষয়াসকল ।

গৰ্ভৱতী মহিলাই ভেকচিন লোৱাত নাই কোনো বাধা : ভেকচিনক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

ভেকচিনক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা, গৰ্ভৱতী মহিলাই ভেকচিন লোৱাত নাই কোনো বাধা, স্তনপাণ কৰোৱা মাতৃৰ বাবেও নাই কোনো শংকা, ভেকচিন ল’ব পাৰে গৰ্ভৱতী, স্তনপান কৰোৱা মহিলাই, যাৱতীয় নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অমান্য কৰা চাৰিটা সমবায় বেংকলৈ জৰিমনা ! RBIএ জাৰি কৰিছে এইসমূহ নতুন নিৰ্দেশনা

চাৰিটাকৈ সমবায় বেংকৰ ওপৰত ক্ষুন্ন ভাৰতীয় ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবেই দেশৰ এইকেইটা সমবায় বেংকৰ ওপৰত আৰোপ কৰিছে জৰিমনা। মঙলবাৰে হায়দৰাবাদস্থিত অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ১১২.৫০ লাখ টকাৰ জৰিমনাৰ লগতে নিয়ামক নিয়ম উলংঘা কৰাৰ বাবে মুঠ চাৰিটা সমবায় বেংকক বিহা হৈছে জৰিমনা।

ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰাৰ বাবে আহমেদাবাদ মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংকৰ ওপৰত ৬২.৫০ লাখ টকা, মুম্বাইৰ এছভিচি সমবায় বেংকৰ ওপৰত ৩৭.৫০ লাখ টকা আৰু মুম্বাইৰ সৰস্বত সমবায় বেংকৰ ওপৰত ২৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে।

‘জমাৰ ওপৰত সুতৰ হাৰ’ সন্দৰ্ভত নিৰ্দেশনা উলংঘন-

কেন্দ্ৰীয় বেংকৰ মতে, অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ‘জমাৰ ওপৰত সুতৰ হাৰ’ আৰু ‘আপোনাৰ গ্ৰাহকক জানক’ সম্পৰ্কীয় আৰবিআইৰ নিৰ্দেশনা পালন নকৰাৰ বাবে জৰিমনা বিহা হৈছে। আনহাতে আহমেদাবাদ মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংকক ‘জমাৰ ওপৰত সুতৰ হাৰ’ সন্দৰ্ভত মাষ্টাৰ নিৰ্দেশনাৰ নিয়ম উলংঘা কৰাৰ বাবে বিহা হৈছে এই শাস্তি।

ৰিজাৰ্ভ বেংকে কৈছিল যে তেওঁলোকে এছভিচি সমবায় বেংকৰ ওপৰত ‘জমাৰ ওপৰত সুতৰ হাৰ’ আৰু ‘জালিয়াতি নিৰীক্ষণ আৰু প্ৰতিবেদন প্ৰণালী’ৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে জৰিমনা আৰোপ কৰিছিল। আনহাতে, ‘জমাৰ ওপৰত সপতৰ হাৰ’ আৰু ‘জমা একাউণ্ট ৰক্ষণাবেক্ষণ’ৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে সৰস্বত সমবায় বেংকক বিহা হৈছে শাস্তি।

ৰিজাৰ্ভ বেংকে কৈছিল যে জৰিমনা নিয়ামক অনুপালনৰ অভাৱৰ ভিত্তিত বেংকৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছে। এই বেংকবোৰক ভৱিষ্যতৰ বাবে সতৰ্ক কৰি দিয়া হৈছে।
MD বা হোলটাইম ডাইৰেক্টৰ (WTD) পদত নিযুক্তিৰ বিষয়ে নতুন নিৰ্দেশনা

এদিন পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে নগৰ সমবায় বেংকৰ পৰিচালন সঞ্চালক (MD) বা হোলটাইম ডাইৰেক্টৰ (WTD) পদত নিযুক্তিৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি সাংসদ, বিধায়ক, স্থানীয় সংস্থাৰ সদস্যসকলে প্ৰাথমিক নগৰীয় সমবায় বেংকত MD/WTD হ’ব নোৱাৰিব।

ৰিজাৰ্ভ বেংকে এই পদসমূহত নিযুক্তিৰ যোগ্যতা নিৰ্ধাৰণ কৰিছে। ইয়াত কোৱা হৈছে যে প্ৰাৰ্থীসকলৰ এমডি বা হোলটাইম ডাইৰেক্টৰ পদত নিযুক্তিৰ বাবে স্নাতক বা বিত্তীয় ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্হতা থাকিব লাগিব। এই সম্বন্ধেও ভাৰতীয় ৰিজাৰ্ভ বেংকে জাননী জাৰি কৰিছে।