Home Blog Page 2947

অভিনেতা দিলীপ কুমাৰ অসুস্থ, হিন্দুজা হাস্পতালৰ ICUত ভৰ্তি অভিনেতাগৰাকীক

বলীউদৰ যশস্বী অভিনেতা দিলীপ কুমাৰ (Dilip Kumar) অসুস্থ। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। শ্বাস–প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। মঙলবাৰে দিনত উশাহ–নিশাহত কষ্ট অনুভৱ কৰাৰ পিছত পৰিয়ালৰলোকে হাস্পতালত ভৰ্তি কৰোৱায়।

উল্লেখযোগ্য যে ১০ দিন পূৰ্বে তেওঁক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছিল। ৯৮ বছৰীয়া দিলীপ কুমাৰক উশাহ লোৱাত কষ্ট পোৱাৰ ফলত ৬ জুনত মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

দিলীপ কুমাৰ হাস্পতালত ভৰ্তি হোৱাৰ পিছতে অনুৰাগীসকলে তেওঁৰ সুস্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত দিলীপ কুমাৰৰ পৰিয়াল বা চিকিৎসকে কোনো ধৰণৰ মন্তব্য কৰা নাই।

মডার্না ক’ভিড ভেকচিন আমদানিত অনুমোদন কেন্দ্রৰ

ভাৰতত চতুর্থটো ক’ৰোনা ভেকচিন

ভাৰতত চতুর্থটো ক’ভিড ভেকচিন জৰুৰীকালীনভাৱে ব্যৱহাৰ হ’ব৷ দেশৰ প্রসিদ্ধ ফার্মাচিটিকেল কোম্পানী চিপ্লাক মডার্না ক’ভিড ভেকচিন আমদানিত অনুমোদন জনাইছে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া, চমুকৈ ডিচিজিআয়ে৷ সম্প্রতি ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিশ্বিল্ড, ভাৰত বায়’টেকৰ ক’ভাক্সিন আৰু ৰাছিয়াৰ স্পুটনিক–ভি দেশজুৰি ব্যৱহাৰ হৈ থকাৰ পিছত চতুর্থটো ভেকচিন মডার্নাৰ ক’ভিড ভেকচিন শীঘ্রেই দেশত প্রয়োগ হ’ব৷ চিপ্লাই প্রকাশ কৰা মতে মডার্নাৰ ক’ভিড ভেকচিন আমেৰিকা যুক্তৰাষ্ট্রৰ খাদ্য আৰু ঔষধ প্রশাসনে জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱাৰ পিছতেই এই ভেকচিনটো ভাৰতত প্রয়োগ কৰাৰ বাবে আবেদন জনায়৷

যোৱা ১৫ এপ্রিল আৰু ১ জুনত চিপ্লাই ডি চি জি আইক অনুমোদনৰ বাবে জনোৱা আবেদনৰ পিছত আজি এই ভেকচিনটোত অনুমোদন জনায় ডি চি জি আয়ে৷ মডার্নাৰ ক’ভিড–১৯ ভেকচিন এম আৰ এন এ–১২৭৩ত ডি চি জি আয়ে অনুমোদন জনাইছে৷

ইপিনে, ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা দ্রুতগতিত হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৩৭,৫৫৬জন৷ এদিনত এই আক্রান্তৰ সংখ্যা বিগত ১০২ দিনৰ ভিতৰত সর্বনিম্ন৷ এনেদৰে মৃতকৰ সংখ্যাও হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৯০৭জনৰ৷ এই সংখ্যা হৈছে বিগত ৭৭ দিনৰ ভিতৰত এদিনত সর্বনিম্ন৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে দেশত আক্রান্তৰ সংখ্যা ৩,০৩,১৬,৮৯৭জন আৰু সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,৯৩,৬৬,৬০১জন৷ সুস্থতাৰ হাৰ ৯৬.৮৭ শতাংশ৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটা ৯০৭জনক লৈ দেশত মৃতকৰ সংখ্যা ৩,৯৭,৬৩৭জনলৈ বৃদ্ধি পাইছে৷ মৃত্যুৰ হাৰ ১.৩১ শতাংশ৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৫,৫২,৬৫৯জন৷ মুঠ আক্রান্তৰ ১.৮২ শতাংশ৷ দৈনিক পজিটিভিটীৰ হাৰ ২.১২ শতাংশ৷ আনপিনে, আজি পুৱা ৭ বজালৈকে দেশজুৰি এতিয়ালৈ মুঠ ৩২.৯৪ কোটি ভেকচিন ড’জ প্রদান কৰা হৈছে৷

ভূৰাগাঁৱৰ ধৰ্ষণ-হত্যাকাণ্ডৰ অভিযুক্ত চৈয়দ আলী আৰক্ষীৰ জিম্মাত।ছাত্ৰ অৱস্হাৰ পৰাই ছৈয়দ আলীৰ আছে বহু কলংকিত অধ্যায়

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডোংগা গাঁৱত যোৱা ২০  জুনত সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ধৰ্ষণ -হত্যাকাণ্ডৰ ঘটনা ।সেইদিনা ৰাতিপুৱা ৯ বছৰীয়া এটি কণমানি কন্যা শিশু নিজৰ পোহনীয়া চৰাইৰ বাবে জামুন গুটি বুটলিবলৈ ঘৰৰ পৰা ওলাই আহিছিল ।সেই সময়ত পৰিবেশৰ পূৰ্ণ সুযোগ লৈ ৬৫ বছৰীয়া নৰপিশাচ চৈয়দ আলীয়ে শিশুটিক উপৰ্যুপুৰি ধৰ্ষণ কৰি হত্যা কৰিছিল ।হত্যাৰ পিছতো দানৱ চৈয়দ আলীয়ে শিশুটিক পুনৰ ধৰ্ষণ কৰিছিল ।নিজৰ কুকৰ্ম ঢাকিবলৈ নৰখাদক চৈয়দ আলীয়ে বস্তাত ভৰাই মৃত শিশুটিক ঘৰৰ ওচৰৰে মৰাপাট খেতিত পেলাই দিছিল ।এই নাৰকীয় ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল ।মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ভূৰাগাঁৱত উপস্হিত হৈ জঘন্য ঘটনাৰ মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছিল ।আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি সেই নাৰকীয় ঘটনাৰ মূল অভিযুক্ত ৬৫ বছৰীয়া নৰপিশাচ চৈয়দ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।সম্প্ৰতি নৰপিশাচ চৈয়দ মৰিগাঁও আৰক্ষীৰ জিম্মাত আছে ।৬৫ বছৰীয়া নৰখাদকজনৰ আছে অতীতৰ বহু কলংকিত অধ্যায় ।চৈয়দ আলী আছিল মাদ্ৰাছাৰ ছাত্ৰ ।মাদ্ৰাছাত অধ্যয়ন কৰাৰ সময়ত কিশোৰ ছাত্ৰ তেঁওৰ কামনাৰ বলি হৈছিল ।যাৰ বাবে  কেবাখনো মাদ্ৰাছাৰ পৰা বহিস্কাৰ হব লগা হৈছিল ।মাদ্ৰাছাৰ শিক্ষা সমাপ্ত কৰি চৈয়দ আলী  হৈ পৰিছিল মাদ্ৰাছাৰ শিক্ষক আৰু মছজিদৰ ইমাম ।ইয়াৰ উপৰি তবলীগ জামাতৰ আমিৰৰ দাজিত্ব পালন কৰিছিল নৰখাদক চৈয়দে ।তবলীগ জামাতত যোৱা যুৱকৰ লগতো কুকৰ্ম সংঘটিত কৰিছিল ।আনহাতে নৰপিশাতটোৰ পৰা জীৱ জন্ত্তও সাৰি যোৱা নাছিল ।এবাৰ নৰখাদক চৈয়দে ছাগলীৰ লগত কুকৰ্ম কৰি ৰাইজৰ আগত ধৰা পৰিছিল ।তেতিয়া স্হানীয় ৰাইজে ৰাউজমেল পাতি চুলি কাটি মূখত -মূৰত চূণ তেল সানি ডিঙিত টিন বান্ধি ৰাস্তাই ৰাস্তাই ঘূৰাই বিচাৰ কৰিছিল ।তেতিয়াৰ চৈয়দ আলীৰ নাম হয় পাঠা ।স্হানীয় অঞ্চলত চৈয়দ আলী বুলি চিনি নাপায় পাঠা বুলি কলেহে চিনি পায় । চৈয়দৰ এনে কুকৰ্মৰ বাবে স্হানীয় ৰাইজে ৰাজহুৱা ভাৱে ধৰ্মীয় সকলো কামৰ পৰা আতঁৰাই ৰাখিছিল । লম্পট চৈয়দ  কেবাবাৰো ৰাইজৰ কঠোৰ বিচাৰৰ সন্মূখীন হব লগা হৈছিল । চৰিত্ৰহীন চৈয়দৰ বৃদ্ধ বসয়তো পৰিৱৰ্তন নহল চৰিত্ৰ ।নিজৰ নাতিনীৰ বয়সতকৈয়ো কম বসয়ৰ শিশুটিক নিৰ্দয়ভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক স্হানীয় ৰাইজে সহজভাৱে  লব পৰা নাই ।  ইমানেই নহয় নৰখাদকটোৱে কণমানিৰ জানাজাৰ লগতে সকামতো অংশগ্ৰহন কৰিছিল ।স্হানীয় ৰাইজৰ এটাই দাবী এই নৰপিশাচটোক ফাঁচি দিব লাগে ।স্হানীয় ৰাইজৰ এটাই দাবী আইনৰ সুৰুঙাৰে যাতে পাঠা সাৰি যাব নোৱাৰে ।

গৰাকীৰ সৈতে সমানে নাচিলে এটি পোহনীয়া কুকুৰে। ৩লাখ ভিউজ,৬হাজাৰ লাইকছ।

ওদালগুৰি জিলাত ভেকচিনৰ অভাৱত হাহাকাৰ কৰিছে হাজাৰ হাজাৰ জনতাই

দৈনিক ভেকচিন লবলৈ আহি  উভতি যাব লগীয়া হৈছে হাজাৰ হাজাৰ পুৰুষ মহিলা ।

সমগ্ৰ দেশতেই কাৰোনাই শলঠেকত পেলোৱাৰ সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ জনগণক ক’ভিডৰ পৰা ৰক্ষা পাবলৈ  ভেকচিন প্ৰদান কৰি অহা সময়ত ওদালগুৰি জিলাৰ ৰাইজ ভেকচিনৰ অভাৱত হাৱাথুৰী খাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ওদালগুৰি জিলাৰ ভেকচিনেশ্যচনৰ স্বাস্থ্য কেন্দ্ৰ সমূহত এতিয়া দৈনিক হাজাৰ হাজাৰ ৰাইজে দিনৰ দিনটো ভিৰ কৰা পৰিলক্ষিত হৈছে । যিসময়ত ৰাজ্য চৰকাৰে দৈনিক তিনি লাখতকৈ অধিক ভেকচিন প্ৰদান কৰা হব বুলি প্ৰকাশ কৰি  অহাৰ সময়তে ওদালগুৰি জিলাৰ এই ধৰণৰ ভেকচিনৰ নাটনিয়ে চিন্তিত কৰিছে জিলাখনৰ সকলো শ্ৰেণীৰ জনতাক । ওদালগুৰি জিলাৰ ওৰাং খন্ড প্ৰাথমিক  স্বাস্থ্য খণ্ডতো দেখিবলৈ পোৱা গৈছে সেই একেই দৃশ্য । মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰৌতা,মাজবাট ,ওৰাং অঞ্চলৰ গাঁও সমূহৰ পৰা দৈনিক ঘৰৰ কাম বন এৰি চৰকাৰে জনোৱা আহ্বান মৰ্মে ৰাইজ স্বাস্থ্য কেন্দ্ৰলৈ ভেকচিন লোৱাৰ বাবে ওলাই আহিছে ঠিকেই কিন্তু দিনৰ দিনটো অপেক্ষা কৰি হাৱাথুৰী খাব লগীয়া হৈছে  সাধাৰণ  জনতাই । দৈনিক এখন ভেকচিন চেণ্টাৰত ১০০/ ২০০ জনক ভেকচিন প্ৰদান কৰা হয় যদিও এটা চেণ্টাৰত দৈনিক লানি নিছিঙা ভিৰ হোৱা পৰিলক্ষিত হৈছে । দিনত এটা ভেকচিনেশ্যচন  চেণ্টাৰৰ পৰা ৩০০/৪০০ত কৈ অধিক লোক উভতি যোৱাটো সাধাৰণ কথা হৈ পৰিছে ৷ভেকচিনেশ্যচন কেন্দ্ৰ সমুহত সময়তে এতিয়া এটাও ভেকচিন নথকাৰ ফলত ঘৰৰ পৰা ৰাতিপুৱাই সকলো কাম বন কণ কণ লৰা ছোৱালীক ঘৰত থৈ  ভিতৰুৱা গাঁও অঞ্চলৰ পৰা  ওলাই অহা হাজাৰ হাজাৰ লোকে জিলা খনত এটাও  ভেকচিন নথকা কথা জানিবলৈ পাই ঘূৰি যাব লগীয়া হৈছে । ঘৰৰ পৰা এটা ভেকচিন লবলৈ ওলাই অহা সকলে অতিকামেও তিনি চাৰি দিন ধৰি স্বাস্থ্য কেন্দ্ৰ সমূহত আহিও ভেকচিন  লাভ নকৰাত চিন্তিত হৈছে গাঁও অঞ্চলৰ ৰাইজ ।যোৱা ২৯ তাৰিখৰ পৰা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভেকচিনৰ নাটনি হোৱাত ঘূৰি যাব লগীয়া হৈছে ৰাতিপুৱা পাঁচ বজাৰ পৰা ভেকচিন লবলৈ শাৰী পাতি থকা পুৰুষ মহিলা সকল বঞ্চিত হৈ তীব্ৰ ক্ষোভ  প্ৰকাশ কৰি আহিছে ৷
অসম চৰকাৰে সাধাৰণ জনতাক ভেকচিন লাবলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ  সময়ত ওদালগুৰি জিলাৰ স্বাস্থ্য কেন্দ্ৰ সমূহত ভেকচিনৰ অভাৱ হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে । এখন স্বাস্থ্য কেন্দ্ৰত অতিকমেও চাৰি ,পাঁচ শ লোকে ভেকচিন লবলৈ ৰাতিপুৱা পাছ বজাৰ পৰাই শাৰী পাতি থকা সময়ত  ভেকচিনেশ্যচন স্বাস্থ্য কেন্দ্ৰত মাত্ৰ ১০০/২০০ গৰাকী লোকক ভেকচিন প্ৰদান কৰি বাকী থকা সকলক উভতি যাবলৈ বাধ্য কৰোৱা ঘটনাই চিন্তিত কৰিছে জিলাখনৰ সচেতন মহলক । যিখন  ভেকচিনেশ্যচন স্বাস্থ্য কেন্দ্ৰত  প্ৰায় ৫০০  জন লোক ভেকচিনৰ সন্ধানত ওলাই আহে সেই  ভেকচিনেশ্যচন চেণ্টাৰত মাত্ৰ ১০০/২০০ টা ভেকচিন মজুত থাকিলে চৰকাৰে জনোৱা আহ্বান কি দৰে পালন কৰিব তাক লৈয়ো চিন্তিত হৈছে গাঁও সমূহৰ সাধাৰণ ৰাইজ । আৰু আনফালে চৰকাৰে সদৰী কৰা অনুযায়ী চৰকাৰী চাকৰি কৰা লোকে ভেকচিন গ্ৰহণ নকৰিলে  দৰমহা বন্ধ আদি কিছু চৰ্ত ৰখাটো কিমান যুক্তি যুক্ততা আছে তাক লৈয়ো চিন্তিত বহু লোক ।তদুপৰি  কভিশ্বিল দ্বিতীয় পালি লবলৈ শ শ লোক সকলৰ মাজত হাহাঁকাৰ  সৃষ্টি হৈ থকাটো এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷অনতিপলমে পৰ্য্যপ্ত পৰিমানে ভেকচিন প্ৰদান কৰিবলৈ চৰকাৰ,সংশ্লিষ্ট বিভাগক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷

পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে NIA য়ে

পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনাম দাখিল কৰিছে NIA য়ে ৷ মঙলবাৰে অখিল গগৈৰ বিৰুদ্ধে নিয়াই দাখিল কৰিছে এক অতিৰিক্ত অভিযোগ নামা। নিয়াই দাখিল কৰা এই অভিযোগ নামাৰ পাছতে এতিয়া চৰকাৰ আৰু নিয়াক সমালোচনা কৰিছে ৰাইজৰ দলে। দলটোৰ নেতা ভাস্কো ডি শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, এয়া চৰকাৰৰ ষড়যন্ত্ৰ। নিয়াই দাখিল কৰা এই অভিযোগনামা পূৰ্বৰ দৰেই নাম-ঠিকনা গোপনে ৰাখি বেনামীভাবে দাখিল কৰা হৈছে।

হিমা দাসৰ টকিঅ’অলিম্পিকৰ সপোন চূৰমাৰ: আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ

টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা৷ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত ব্যৰ্থ হয় ধিং এক্সপ্ৰেছ হিমা৷ পঞ্চম স্থানতহে দৌৰ সম্পূৰ্ণ কৰে হিমাই৷ টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷ ২৫.০৩ ছেকেণ্ডতহে দৌৰ সম্পূৰ্ণ হিমাৰ৷ আঘাতৰ বাবে ৪x১০০ মিটাৰ ৰীলেত অংশ নল’লে হিমাই৷

উল্লেখ্য যে, পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-৪ত অনুষ্ঠিত ২০০ মিটাৰ মহিলাৰ ফাইনেলত অসমৰ হিমা দাসে তামিলনাডুৰ এছ ধনলক্ষ্মীক পৰাস্ত কৰিছিল। অৱশ্যে, তেওঁ তেতিয়াও টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল। দাসে ২২.৮৮ ছেকেণ্ডত সীমা অতিক্ৰম কৰে, মাত্ৰ ০.০৬ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ হেৰুৱায়।

পৰবৰ্তি সময়ত হিমা দাসে খেলৰ বাবে ব্যৰ্থ হোৱাৰ পাছত পৰিৱৰ্তিত সংমিশ্ৰণেৰে দৌৰিবলৈ ভাৰতীয় মহিলাৰ এ কে দানেশ্বৰী, অৰ্চনা সুচেন্দ্ৰন, এছ ধনলক্ষ্মী আৰু দুতি চান্দৰ ৰিলে কোৱাৰ্টেট ৪৪.১৫ ছেকেণ্ডৰ সময় আছিল যিটো এটা মিট ৰেকৰ্ড আছিল কিন্তু ইয়াৰ লক্ষ্যতকৈ যথেষ্ট কম (৪৩.০৩ ছেকেণ্ড) যি দলটোক অলিম্পিক গেমছত স্থান দিব পাৰিলেহেঁতেন।

অভিজ্ঞ ডিচকাছ থ্ৰ’য়াৰ সীমা পুনিয়াই মঙলবাৰে চেম্পিয়নশ্বিপৰ অন্তিম দিনা ৬৩.৭২ মিটাৰ সোণৰ জয়ৰ প্ৰচেষ্টাৰে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।

ৰাজ্যত আক্রান্তৰ হাৰ ২.৬%লৈ পুনৰ বৃদ্ধি

বিগত কেইবাদিনৰ তুলনাত মঙলবাৰে পুনৰ কিছু পৰিমাণে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ মঙলবাৰে ২.৬৪ শতাংশলৈ বৃদ্ধি পাইছে এই হাৰ৷ আজি ৰাজ্যত মুঠ ২,৬৭২জন লোক আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,০১,২২২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৩২জন গোলাঘাট জিলাৰ৷ তদুপৰি নগাঁৱৰ ১৯৯জন, শোণিতপুৰৰ ১৭৫জন, বিশ্বনাথৰ ১৭২জন আৰু কামৰূপ মহানগৰ জিলাৰ ১৪৯জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷

ইপিনে  ক’ভিডত মৃত্যু হৈছে ২৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক চাৰিজন তিনিচুকীয়া জিলাৰ৷ সমান্তৰালভাৱে বিশ্বনাথ আৰু যোৰহাটৰ তিনিজনকৈ লোকে প্রাণ হেৰুৱাইছে ক’ভিডত৷ একে সময়তে ডিব্রুগড়–কোকৰাঝাৰ দুজনকৈ, বৰপেটা–দৰং–ধেমাজী হাছাও–গোৱালপাৰা– গোলাঘাট–কামৰূপ মহানগৰ–কামৰূপ– আংলং–কৰিমগঞ্জ–ম এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ১,৯৯৬জন লোক৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ২৫,৬৯২জন লোক৷

বিপিএফৰ সৈতে বিজেপি দলৰ মিত্ৰতাৰ নৱীকৰণকলৈ কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ (Bodoland People’s Front)ৰ শীৰ্ষ নেতা সকলে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন মিত্রজোঁট পুনৰ একত্ৰিত হ’ব বিচাৰে বুলি প্ৰকাশ হোৱা বাতৰিটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্তব্য প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানলৈ তেওঁ এনেধৰণৰ যিকোনো প্ৰস্তাৱৰ বিষয়ে “অৱগত নহয়” যাৰ বাবে বিপিএফৰ সৈতে শাসকীয় দলৰ মিত্ৰতাৰ নৱীকৰণৰ ওপৰত মন্তব্য কৰাটো অপৰিপক্ক হ’ব। ইয়াৰ লগতে তেওঁ কয় “অৱশ্যে, আমি অসমৰ সকলোকে লৈ এখন সবল চৰকাৰ চলাবলৈ চেষ্টা কৰি আছো। আমি আমাক সমৰ্থন কৰা ৰাজনৈতিক দলবোৰক সন্মান কৰিম। অৱশ্যে, ৰাজনৈতিক মিত্ৰতা সম্পূৰ্ণৰূপে আন এটা বিষয় আৰু আমি প্ৰস্তাৱ এটা পোৱাৰ পিছতহে এনে বিষয়বোৰ আলোচনা কৰিব পাৰো।

ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচ্যুতানন্দা দাসক সীমান্ত শাখাৰ পৰিদৰ্শকত বদলি কৰাত আপত্তি

ৰাজ্যখনৰ ‌ বিটিআৰৰ  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ এলেকাস্হ   ৰৌতা চক্ৰ আৰক্ষী বিষয়া  অচ্যুতানন্দা দাসে  যোৱা ২০২০ চনৰ ১০ জুনৰ দিনা ৰৌতা আৰক্ষী  চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পাছত আজি ১ বছৰ ২০ দিনহে  হোৱাত পুনৰ চক্ৰ আৰক্ষী বিষয়া গৰাকীক সীমান্ত শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ বদলি কৰাত বৃহত্তৰ ৰৌতাবাসী ৰাইজে আপত্তি কৰিছে । কাৰণ ৰৌতা আৰক্ষী থানা আৰু মাজবাট আৰক্ষী থানাৰ লগতে ওৰাং আৰক্ষী থানা তিনিখনক সামৰিলৈ তেওঁ  ৰৌতা  চক্ৰ আৰক্ষী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰি  আহিছিল । এই তিনিখন আৰক্ষী থানাৰ প্ৰায় ৪০০খন গাঁৱৰ এগৰাকী চক্ৰ আৰক্ষী বিষয়াৰ দায়িত্ব আৰু গুৰুত্ব নিষ্ঠা সহকাৰে পালন কৰাত ৰৌতা, মাজবাট ,  ওৰাং ,আদি অঞ্চলৰ ৰাইজৰ মাজত  বহুকম দিনৰ ভিতৰতে সু -সম্পৰ্ক  স্থাপন কৰিবলৈ ৰৌতা আৰক্ষী চক্ৰ বিষয়াগৰাকীয়ে  সক্ষম হৈছিল । এগৰাকী  চক্ৰ  আৰক্ষী বিষয়াৰ দায়িত্ব পালন কৰাৰ উপৰিও থানা তিনিওখনৰ অন্তৰ্গত গাওঁবোৰ  ড্ৰাগছমুক্ত আৰু অসামাজিক কাৰ্য – কলাপবোৰ বিশেষ পদক্ষেপেৰে বন্ধ কৰিবলৈ গোপনে অভিযান চলাই থকা আৰু ক’ভিড  সৈনিক হিচাপেও সুচাৰুভাৱে কৰ্তব্য পালন কৰা আৰক্ষী বিষয়া গৰাকীয়ে দেশৰ লগতে ৰাজ্যখনক আতংকিত কৰা ক’ভিডৰ দৰে ভয়ানক পৰিস্থিতিতো ওদালগুৰি জিলাত মোকাবিলা কৰা  চক্ৰ আৰক্ষী  বিষয়াৰ অধীনস্থ  প্ৰায়বোৰ গাঁও ,বস্তি , বজাৰ ,চহৰ  ,চ’ক আদিবোৰত দৈনিক নিজে  গৈ প্ৰশাসনীক বিষয়া হিচাপে উপস্থিত হৈ ক’ভিডত  আক্ৰান্ত হোৱা লোকসকলৰ  খবৰ লোৱাৰ লগতে পহৰাৰে  তদাৰক কৰিছিল আৰু দুৰ্বৃত্ত তথা উগ্ৰপন্থী কৰায়ত্ত কৰাৰ সন্ধানকাৰী আছিল । তদুপৰি  সমগ্ৰ তিনিওখন থানা অঞ্চলৰ ৰাইজৰ মাজত ক’ভিডৰ ব্যাপক সজাগতা,সচেতনতা অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা গৈছিল । সেয়েহে ৰাজ্য চৰকাৰে ২৬ জুনত আৰক্ষী- প্ৰশাসনত ১৯৩ গৰাকী পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক বদলি কৰাৰ সময়ত ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচুতানন্দা দাসকো সীমান্ত  শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ  বদলি কৰাৰ খবৰ পাই তেওঁৰ শুভাকাংখীসকলৰ মাজত ব্যাপক হাৰত   ৰৌতাত চৰ্চা হোৱা পৰিলক্ষিত হৈছে । সেয়েহে আজি ৰৌতা  চক্ৰ আৰক্ষী বিষয়াৰ বদলিৰ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাত ৰাইজে  জনায় যে-  সুদক্ষ আৰু অতি সক্ৰিয় চক্ৰ আৰক্ষী বিষয়া গৰাকীয়ে কমদিনৰ ভিতৰতে  এই অঞ্চলবোৰৰ ৰাইজৰ মাজত সোমাই ক’ভিড যোদ্ধাৰ লগতে ক’ভিডৰ অগ্ৰগতি আদিৰ সম্পৰ্কত আলোচনা পৰ্য্যালোচনা কৰি প্ৰতিটো কনটেইণ্টমেন্ট জ’নত নিজেই উপস্থিত হৈ পৰিৱেশ আৰু পৰিস্থিতি আদিবোৰ পৰ্য্যবেক্ষণ কৰিছিল । গতিকে তেনে দক্ষ চক্ৰ আৰক্ষী বিষয়া এগৰাকীক ৰৌতাৰ পৰা সীমান্ত শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ বদলি কৰাত সৰ্ব -সাধাৰণ ৰাইজে আশ্বৰ্য প্ৰকাশ কৰি  চৰকাৰক তেওঁৰ  বদলিকৰণ  বাতিল কৰিবলৈ ৰাইজে  দাবী জনাইছে  ।