Home Blog Page 2948

ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচ্যুতানন্দা দাসক সীমান্ত শাখাৰ পৰিদৰ্শকত বদলি কৰাত আপত্তি

ৰাজ্যখনৰ ‌ বিটিআৰৰ  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ এলেকাস্হ   ৰৌতা চক্ৰ আৰক্ষী বিষয়া  অচ্যুতানন্দা দাসে  যোৱা ২০২০ চনৰ ১০ জুনৰ দিনা ৰৌতা আৰক্ষী  চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পাছত আজি ১ বছৰ ২০ দিনহে  হোৱাত পুনৰ চক্ৰ আৰক্ষী বিষয়া গৰাকীক সীমান্ত শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ বদলি কৰাত বৃহত্তৰ ৰৌতাবাসী ৰাইজে আপত্তি কৰিছে । কাৰণ ৰৌতা আৰক্ষী থানা আৰু মাজবাট আৰক্ষী থানাৰ লগতে ওৰাং আৰক্ষী থানা তিনিখনক সামৰিলৈ তেওঁ  ৰৌতা  চক্ৰ আৰক্ষী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰি  আহিছিল । এই তিনিখন আৰক্ষী থানাৰ প্ৰায় ৪০০খন গাঁৱৰ এগৰাকী চক্ৰ আৰক্ষী বিষয়াৰ দায়িত্ব আৰু গুৰুত্ব নিষ্ঠা সহকাৰে পালন কৰাত ৰৌতা, মাজবাট ,  ওৰাং ,আদি অঞ্চলৰ ৰাইজৰ মাজত  বহুকম দিনৰ ভিতৰতে সু -সম্পৰ্ক  স্থাপন কৰিবলৈ ৰৌতা আৰক্ষী চক্ৰ বিষয়াগৰাকীয়ে  সক্ষম হৈছিল । এগৰাকী  চক্ৰ  আৰক্ষী বিষয়াৰ দায়িত্ব পালন কৰাৰ উপৰিও থানা তিনিওখনৰ অন্তৰ্গত গাওঁবোৰ  ড্ৰাগছমুক্ত আৰু অসামাজিক কাৰ্য – কলাপবোৰ বিশেষ পদক্ষেপেৰে বন্ধ কৰিবলৈ গোপনে অভিযান চলাই থকা আৰু ক’ভিড  সৈনিক হিচাপেও সুচাৰুভাৱে কৰ্তব্য পালন কৰা আৰক্ষী বিষয়া গৰাকীয়ে দেশৰ লগতে ৰাজ্যখনক আতংকিত কৰা ক’ভিডৰ দৰে ভয়ানক পৰিস্থিতিতো ওদালগুৰি জিলাত মোকাবিলা কৰা  চক্ৰ আৰক্ষী  বিষয়াৰ অধীনস্থ  প্ৰায়বোৰ গাঁও ,বস্তি , বজাৰ ,চহৰ  ,চ’ক আদিবোৰত দৈনিক নিজে  গৈ প্ৰশাসনীক বিষয়া হিচাপে উপস্থিত হৈ ক’ভিডত  আক্ৰান্ত হোৱা লোকসকলৰ  খবৰ লোৱাৰ লগতে পহৰাৰে  তদাৰক কৰিছিল আৰু দুৰ্বৃত্ত তথা উগ্ৰপন্থী কৰায়ত্ত কৰাৰ সন্ধানকাৰী আছিল । তদুপৰি  সমগ্ৰ তিনিওখন থানা অঞ্চলৰ ৰাইজৰ মাজত ক’ভিডৰ ব্যাপক সজাগতা,সচেতনতা অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা গৈছিল । সেয়েহে ৰাজ্য চৰকাৰে ২৬ জুনত আৰক্ষী- প্ৰশাসনত ১৯৩ গৰাকী পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক বদলি কৰাৰ সময়ত ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচুতানন্দা দাসকো সীমান্ত  শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ  বদলি কৰাৰ খবৰ পাই তেওঁৰ শুভাকাংখীসকলৰ মাজত ব্যাপক হাৰত   ৰৌতাত চৰ্চা হোৱা পৰিলক্ষিত হৈছে । সেয়েহে আজি ৰৌতা  চক্ৰ আৰক্ষী বিষয়াৰ বদলিৰ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাত ৰাইজে  জনায় যে-  সুদক্ষ আৰু অতি সক্ৰিয় চক্ৰ আৰক্ষী বিষয়া গৰাকীয়ে কমদিনৰ ভিতৰতে  এই অঞ্চলবোৰৰ ৰাইজৰ মাজত সোমাই ক’ভিড যোদ্ধাৰ লগতে ক’ভিডৰ অগ্ৰগতি আদিৰ সম্পৰ্কত আলোচনা পৰ্য্যালোচনা কৰি প্ৰতিটো কনটেইণ্টমেন্ট জ’নত নিজেই উপস্থিত হৈ পৰিৱেশ আৰু পৰিস্থিতি আদিবোৰ পৰ্য্যবেক্ষণ কৰিছিল । গতিকে তেনে দক্ষ চক্ৰ আৰক্ষী বিষয়া এগৰাকীক ৰৌতাৰ পৰা সীমান্ত শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ বদলি কৰাত সৰ্ব -সাধাৰণ ৰাইজে আশ্বৰ্য প্ৰকাশ কৰি  চৰকাৰক তেওঁৰ  বদলিকৰণ  বাতিল কৰিবলৈ ৰাইজে  দাবী জনাইছে  । 

মৰাণত বাঘৰ আক্ৰমণত দুগৰাকী মহিলা শ্ৰমিক গুৰুতৰ ভাৱে আহত

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত তথা চেপন আৰক্ষী চকী অধীনন্থ মৰাণৰ ডোমৰ দলং চাহ বাগিচাৰ ১৩ নং শাখাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বাগিচাখনৰ দুগৰাকী মহিলা শ্ৰমিক ৷ আজি পুৱাৰ ভাগত বাগিচাখনত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে অতৰ্কিতে আক্ৰমণ কৰে মহিলা শ্ৰমিক কেইগৰাকীক ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডোমৰ দলং চাহ বাগিচাৰ ৩ নম্বৰ লাইনৰ  মেঘালী পাটৰ (২৯) আৰু তাৰা গড় (২৬) ৷ দুয়ো মূৰ, ডিঙি, হাত, মুখত গুৰুতৰভাৱে আঘাত পাইছে ৷ আহত দুয়োগৰাকী মহিলাক বাগিচাখনৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালতলৈ প্ৰেৰণ কৰা হৈছে ৷ বাগিচাখনত বিগত প্ৰায় চাৰি মাহ ধৰি বাঘটোৱে আতংকৰ সৃষ্টি কৰি আহিছে বুলি জানিবলৈ দিছে শ্ৰমিকসকলে ৷

মন্দিয়াৰ বৰদলনীত পথৰ দাঁতিত অচিনাক্ত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত ২নং বৰদলনীত এটি নৱজাতক কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱাত বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কালি আবেলি ৩ বজাত মন্দিয়া আৰক্ষী চকীৰ আৰক্ষীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উক্ত নৱজাতক শিশুটি উদ্ধাৰ কৰি লৈ যায়। সম্প্ৰতি উক্ত নৱজাতক কন্যা শিশুটিৰ মৃতদেহটো কোনে কিয়  পেলাই থৈ গ’ল সেয়া আৰক্ষীয়ে অনুসন্ধান অৱ্যাহত ৰাখিছে যদিও কোনোবাই নিজৰ কলংক ঢাকিবলৈ এইদৰে পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে।

বৰপেটাৰ ভেল্লাৰ বনবৰীয়া এম ই মাদ্ৰাছাত চুৰি কাৰ্য।

বৰপেটাৰ ভেল্লাৰ বনবৰীয়া এম ই মাদ্ৰাছাত চুৰি কাৰ্য।
কালি নিশা সংঘটিত হয় এই চুৰিকাৰ্য।
চোৰে তলা ভাঙি নিলে কম্পিউটাৰৰ বেটাৰীসহ অন্যান্য সামগ্ৰী।
বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল প্ৰধান শিক্ষকৰ।
কেইবামাহ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এটি আঁচনিৰ অধীনত বিদ্যালয়খনে লাভ কৰিছিল ১৬ টা কম্পিউটাৰ।
কিন্তু কৰ্তৃপক্ষৰ পৰা অনুমতি নোপোৱা বাবে অব্যৱহৃত হৈ আছিল এই কম্পিউটাৰ সমুহ।
বিদ্যালয়ৰ এটি কোঠাত মজুত কৰি ৰাখিছিল এই কম্পিউটাৰসমূহ।
ইপিনে ক’ৰোনাৰ প্ৰভাৱৰ ফলত বিদ্যালয় বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰিছে চোৰে।
কালি নিশা চোৰে তলা ভাঙি লুটিলে কম্পিউটাৰৰ ছয়টা মূল্যবান বেটাৰী সহ অন্যান্য সামগ্ৰী।
এই চুৰিকাৰ্যক গৰিহণা দিয়ে স্থানীয় ৰাইজে।
চুৰিচক্ৰক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজে।

বিজ্ঞানৰ দূৰন্ত গতিত ম’বাইল,ইন্টাৰনেটৰ প্ৰভাৱত নাইকীয়া হৈ পৰিল ডাকঘৰৰ পোষ্ট বক্স

দেশৰ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ দূৰন্ত গতিত সকলোৰে চিনাকি বয়-বস্তু তথা সা-সামগ্ৰীবোৰ এপদ এপদকৈ সমাজখনৰ পৰা যেন নাইকীয়া যাবলৈ ধৰিছে।একেসময়তে সকলোৰে চিনাকি কান্ধত দীঘল মোনা এখন ওলোমাই ঘৰে ঘৰে চিঠি বিলাই ফুৰা  ডাকঘৰৰ ডাকোৱাল ,ডাকঘৰৰ আগত খুঁটা- বেৰত ওলোমাই থোৱা ৰঙা ৰঙৰ চিঠি সোমাই থোৱা পোষ্ট বাকচ আদিও দেখিবলৈ নাইকীয়া হৈ পৰিছে।আগতে মানুহে আত্মীয় স্বজন, বন্ধু-বান্ধৱ আদিলৈ ডেকাৰ পৰা বুঢ়ালৈ ডাকঘৰত চিঠি পঠিয়াই খা-খবৰ লৈছিল।যাৰ বাবে সেইসময়ত ডাকঘৰটোৰ লগত মানুহৰ আত্মীয়তা গঢ়ি উঠিছিল।আনহাতে আজিৰ পৰা প্ৰায় এক-ডেৰদশক আগতে সমাজখনত বহুল ভাবে প্ৰচলন আছিল পোষ্টকাৰ্ড,ইনলেণ্ড কাৰ্ড,লেফাফা আদিৰ। কিন্তু আশ্বৰ্যজনক ভাবে খা-খবৰ লিখি ডাকঘৰলৈ গৈ চিঠিৰ বাকচত সোমাই থৈ অহা পৰিৱেশ আজিৰ সময়ত কতোই দেখা পোৱা নাযায়।এই সমূহ চিনাকি ছবিক যেন আধুনিক বিজ্ঞানৰ প্ৰভাৱে নাইকীয়া কৰি পেলালে।ডাকঘৰত আজি পোষ্টকাৰ্ড, ইনলেণ্ড কাৰ্ড, ডাক টিকট পাবলৈ নাই।চিঠি সোমাই থৈ আহিবলৈ চিঠিৰ বাকচো নাইকীয়া হৈ পৰিল।আজি দেশৰ ভিতৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জনৰ লগতো এক চেকেণ্ড, এক মিনিটতে প্ৰতিচ্ছবি সন্মুখত লৈ কথা-বতৰা পাতিব পাৰি।  স্পীড পোষ্টৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ, সা-সামগ্ৰীও অতি কম সময়ৰ ভিতৰতে ঘৰতে পাব পাৰি। য’ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান ইন্টাৰনেটৰ বাবে সম্ভৱ হৈ পৰিছে।আগতে ডাকঘৰলৈ গৈ বাৰাণ্ডাত পাৰি থৈ দিয়া ডেক্সত বহি ডাকঘৰৰ পৰা ৫০ পইচা মূল্যৰ পোষ্টকাৰ্ড, ৭৫ পইচা মূল্যৰ ইনলেণ্ড কাৰ্ড কিনি ডেক্সত বহি মুকলি ভাবে প্ৰিয়জনলৈ চিঠি লিখা পৰিৱেশ আজি নাই।যিবোৰ আজি ম’বাইলৰ জৰিয়তে সকলো কৰিব পৰা হ’ল।যাৰ বাবে সকলোৰে এক চিনাকি চৰিত্ৰ ডাকোৱালে কান্ধত ৰঙা মোনা ওলোমাই ঘৰে ঘৰে খবৰ চিঠি বিলাই ফুৰা চৰিত্ৰও নষ্টালজিয়া হৈ পৰিল।ঘৰৰ পাট গাভৰু সকলে প্ৰিয় জনৰ চিঠিৰ আশাত নঙলামুখত থিয় হৈ চিনাকি ডাকোৱালৰ অপেক্ষাত ৰৈ থকা দৃশ্যও আজি দেখিবলৈ নাই।যিবোৰ চিনাকি নান্দনিক দৃশ্যক যেন আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই  গিলি পেলালে।

ফুৰিবলৈ গৈ নিলম্বিত শ্রীলংকান ক্রিকেটাৰ

ডাৰহামৰ ৰাজপথত নিশা অনাই–বনাই ঘূৰি ফুৰি শ্রীলংকা ক্রিকেট দলৰ পৰা নিলম্বিত হ’ল তিনিগৰাকীকৈ ক্রিকেটাৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰে নিশা অন্তিম টি–২০ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পিছতে দলৰ জৈৱ সুৰক্ষিত বলয় ভংগ কৰি ৰাজপথলৈ ওলাই যোৱা এই ক্রিকেটাৰকেইগৰাকী হ’ল কুশল মেণ্ডিছ, নিৰ’ছান ডিকৱেলা আৰু ডানুষ্কা গুণাথিলকা৷ শ্রীলংকা ক্রিকেট ব’র্ডে ক্রিকেটাৰকেইগৰাকীৰ এই আচৰণত ক্ষুব্ধ হৈ তেওঁলোকক ইংলেণ্ড ভ্রমণৰ পৰা নিলম্বিত কৰিছে আৰু তাৎক্ষণিকভাৱে দেশলৈ উভতি যোৱাৰ নির্দেশ দিছে৷ উল্লেখ্য যে শ্রীলংকা অন্তিম টি–২০ত ৮৯ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত মেণ্ডিছ, ডিকৱেলা আৰু গুণাথিলকাই ডাৰহামৰ ৰাজপথত অনাই–বনাই ঘূৰি ফুৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ইয়াৰ পিছতে শ্রীলংকা ক্রিকেট ব’র্ডে বিষয়টো অনুসন্ধান কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰে৷ নিলম্বিত তিনিওগৰাকী ক্রিকেটাৰ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম টি–২০ত খেলপথাৰত নামিছিল৷

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন। পৰিশোধ কৰা নাছিল ৩৬ লাখ ২১ হাজাৰ ৮৭০ টকাৰ বিল।

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন। পৰিশোধ কৰা নাছিল ৩৬ লাখ ২১ হাজাৰ ৮৭০ টকাৰ বিল।

জনসংখ্যা নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ল’ব বিশেষ নীতি : মুখ্যমন্ত্রী শর্মাৰ ঘোষণা

পমুৱা মুছলমানে বেদখল কৰিছে অসমৰ মাটি–সংস্কৃতিদিল্লীত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিস্ফোৰণ

পমুৱা মূলৰ মুছলমানসকলেই অসমৰ ভূমি বেদখল কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে বংগীয় মূলৰ মুছলমানসকলৰ পৰা অসমৰ মাটি বেদখলমুক্ত কৰিব৷ অতি তাৎপর্যপূর্ণ এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা অসমৰ সাংসদ দিলীপ শইকীয়াৰ৷ শইকীয়াৰ মতে, অসমৰ সকলো সমস্যাৰ মূল কাৰণেই হৈছে এই পমুৱা মুছলমানসকল৷ চুৰি, ডকাইতি, ধর্ষণৰ নিচিনা অসামাজিক তথা ৰাষ্ট্রবিৰোধী কার্যত লিপ্ত অসমৰ সংখ্যালঘু লোকসকল৷ নতুন দিল্লীত দলীয় তথা সংসদীয় কার্যসূচীত অংশগ্রহণ কৰিবলৈ অহা শইকীয়াই সাংবাদিকৰ আগত দাবী কৰা মতে, অসমত অপৰাধমূলক যিমান কার্য সংঘটিত হয় তাৰ ৯৫ শতাংশৰ পৰা ৯৮ শতাংশত ধর্মীয় সংখ্যালঘু লোকসকলেই জড়িত থাকে৷

আনকি শিশুৰ ওপৰতো যৌন নির্যাতন চলাবলৈ মুছলমানসকলে কুণ্ঠাবোধ নকৰে৷ শেহতীয়াকৈ এনেধৰণৰ ঘটনা অসমৰ ৰাইজে প্রত্যক্ষ কৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে অসমৰ ৰাইজে ধর্মীয় সংখ্যালঘু লোকসকলক ইতিমধ্যে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে৷ অসমৰ পৰিৱেশ দূষিত কৰা এই সংখ্যালঘু লোকসকলক তেওঁলোকৰ মৌলবী–মোল্লাসকলে নিয়ন্ত্রণ কৰিব নোৱাৰিলে পৰিস্থিতি অত্যন্ত ভয়াৱহ হ’ব বুলি শইকীয়াই সকীয়নি দিয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্যৰ আঁত ধৰি শইকীয়াৰ দাবী– এইবাৰ অসমৰ চৰকাৰখন হৈছে এখন ৰাজনৈতিক চৰকাৰ৷ এই ৰাজনৈতিক চৰকাৰখনে মাত্র ৪৫ দিনৰ ভিতৰতেই এনেকুৱা বহুত কাম কৰিছে যে অসমত এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ধর্মীয় সংখ্যালঘুসকলৰ দুষ্কার্যক নাকী লগাবলৈ ইতিমধ্যে সফলতা অর্জন কৰিছে৷ ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত অপৰাধীসকলক অসমত কৰায়ত্ত কৰা হৈছে৷

আনহাতে অসমৰ ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা ৰোধৰ ওপৰতো গুৰুত্ব আৰোপ কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰে বলৱৎ কৰিবলৈ যোৱা আইনৰ শলাগ লৈ বিজেপিৰ ৰাষ্ট্রীয় সম্পাদকজনে অসমত সমষ্টি পুনর্গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ ৰাজনৈতিকভাৱে সংখ্যালঘুসকলক প্রতিহত কৰিবলৈ অসমত সমষ্টি পুনর্গঠনৰ প্রয়োজনীয়তাৰ কথা সাংবাদিকৰ আগত দোহাৰে সাংসদজনে৷ শইকীয়াই আশংকা ব্যক্ত কৰা মতে, অসমত ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা ৰোধ কৰিব নোৱাৰিলে অসমৰ খিলঞ্জীয়া তথা অসমীয়া এদিন ৰাজ্যত সংখ্যালঘুত পৰিণত হ’ব, দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিগণিত হ’ব৷ আনহাতে অনাগত দিনত অসম চৰকাৰে এখন শুদ্ধ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰিবলৈ বদ্ধপৰিকৰ বুলিও শইকীয়াই মন্তব্য কৰি কয় যে ৰাজ্যৰ সীমান্তৱর্তী জিলাসমূহত ইতিমধ্যে প্রস্তুত কৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ২০ শতাংশ আৰু আন জিলাসমূহৰ ১০ শতাংশ নমুনা পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামত লক্ষাধিক টকা মাচুল আদায়ক লৈ বিমোৰত ছাত্ৰ-ছাত্ৰী। ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকে ৫০ শতাংশ মাচুল হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনাৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ বি টেক শিক্ষাৰ্থীসকলে। ইয়াকে লৈ আজি প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট।