Home Blog Page 2949

পমুৱা মুছলমানে বেদখল কৰিছে অসমৰ মাটি–সংস্কৃতিদিল্লীত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিস্ফোৰণ

পমুৱা মূলৰ মুছলমানসকলেই অসমৰ ভূমি বেদখল কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে বংগীয় মূলৰ মুছলমানসকলৰ পৰা অসমৰ মাটি বেদখলমুক্ত কৰিব৷ অতি তাৎপর্যপূর্ণ এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা অসমৰ সাংসদ দিলীপ শইকীয়াৰ৷ শইকীয়াৰ মতে, অসমৰ সকলো সমস্যাৰ মূল কাৰণেই হৈছে এই পমুৱা মুছলমানসকল৷ চুৰি, ডকাইতি, ধর্ষণৰ নিচিনা অসামাজিক তথা ৰাষ্ট্রবিৰোধী কার্যত লিপ্ত অসমৰ সংখ্যালঘু লোকসকল৷ নতুন দিল্লীত দলীয় তথা সংসদীয় কার্যসূচীত অংশগ্রহণ কৰিবলৈ অহা শইকীয়াই সাংবাদিকৰ আগত দাবী কৰা মতে, অসমত অপৰাধমূলক যিমান কার্য সংঘটিত হয় তাৰ ৯৫ শতাংশৰ পৰা ৯৮ শতাংশত ধর্মীয় সংখ্যালঘু লোকসকলেই জড়িত থাকে৷

আনকি শিশুৰ ওপৰতো যৌন নির্যাতন চলাবলৈ মুছলমানসকলে কুণ্ঠাবোধ নকৰে৷ শেহতীয়াকৈ এনেধৰণৰ ঘটনা অসমৰ ৰাইজে প্রত্যক্ষ কৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে অসমৰ ৰাইজে ধর্মীয় সংখ্যালঘু লোকসকলক ইতিমধ্যে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে৷ অসমৰ পৰিৱেশ দূষিত কৰা এই সংখ্যালঘু লোকসকলক তেওঁলোকৰ মৌলবী–মোল্লাসকলে নিয়ন্ত্রণ কৰিব নোৱাৰিলে পৰিস্থিতি অত্যন্ত ভয়াৱহ হ’ব বুলি শইকীয়াই সকীয়নি দিয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্যৰ আঁত ধৰি শইকীয়াৰ দাবী– এইবাৰ অসমৰ চৰকাৰখন হৈছে এখন ৰাজনৈতিক চৰকাৰ৷ এই ৰাজনৈতিক চৰকাৰখনে মাত্র ৪৫ দিনৰ ভিতৰতেই এনেকুৱা বহুত কাম কৰিছে যে অসমত এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ধর্মীয় সংখ্যালঘুসকলৰ দুষ্কার্যক নাকী লগাবলৈ ইতিমধ্যে সফলতা অর্জন কৰিছে৷ ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত অপৰাধীসকলক অসমত কৰায়ত্ত কৰা হৈছে৷

আনহাতে অসমৰ ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা ৰোধৰ ওপৰতো গুৰুত্ব আৰোপ কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰে বলৱৎ কৰিবলৈ যোৱা আইনৰ শলাগ লৈ বিজেপিৰ ৰাষ্ট্রীয় সম্পাদকজনে অসমত সমষ্টি পুনর্গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ ৰাজনৈতিকভাৱে সংখ্যালঘুসকলক প্রতিহত কৰিবলৈ অসমত সমষ্টি পুনর্গঠনৰ প্রয়োজনীয়তাৰ কথা সাংবাদিকৰ আগত দোহাৰে সাংসদজনে৷ শইকীয়াই আশংকা ব্যক্ত কৰা মতে, অসমত ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা ৰোধ কৰিব নোৱাৰিলে অসমৰ খিলঞ্জীয়া তথা অসমীয়া এদিন ৰাজ্যত সংখ্যালঘুত পৰিণত হ’ব, দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিগণিত হ’ব৷ আনহাতে অনাগত দিনত অসম চৰকাৰে এখন শুদ্ধ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰিবলৈ বদ্ধপৰিকৰ বুলিও শইকীয়াই মন্তব্য কৰি কয় যে ৰাজ্যৰ সীমান্তৱর্তী জিলাসমূহত ইতিমধ্যে প্রস্তুত কৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ২০ শতাংশ আৰু আন জিলাসমূহৰ ১০ শতাংশ নমুনা পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামত লক্ষাধিক টকা মাচুল আদায়ক লৈ বিমোৰত ছাত্ৰ-ছাত্ৰী। ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকে ৫০ শতাংশ মাচুল হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনাৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ বি টেক শিক্ষাৰ্থীসকলে। ইয়াকে লৈ আজি প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট।

দলগাঁৱত বাটতে কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষোভিত ৰাইজে। চৰকাৰ য’ত অসাৰ।

‘ডাক্তৰেও সতীৰ্থক ধৰ্ষণ কৰে?’ প্ৰাক্তন প্ৰেমিকাই ধৰ্ষণৰ অভিযোগ তুলিলে এএমচিৰ ডাক্তৰৰ বিৰুদ্ধে।

কৃত্ৰিম বানত বুৰ গ’ল পুৰণিগুদাম জনবহুল পথ

এজাক মাত্ৰ বৰষুণ! সেই বৰষুণ জাকতেই কৃত্ৰিম বানত বুৰ যায় নগাঁও জিলাৰ পুৰণিগুদামৰ এটা জনবহুল পথ৷নগাঁঁও জিলাৰ পুৰণিগুদাম আৰু ৰূপহীহাটকে ধৰি কে’বাখনো গাঁও সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ পুৰণিগুদাম ৰূপহীহাট সংযোগী গড়কাপ্তানী পথটোৰ কৃত্ৰিম বান বুৰ যোৱাৰ লগতে পথটো জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে৷  এই জনবহুল পথটোৰে প্ৰতিদিনে শিশু-মহিলা,বৃদ্ধ,বেহা-বেপাৰ কৰা লোককে ধৰি নিকটৱৰ্তী গাঁও সমূহৰ বহু সংখ্যক লোকে বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে৷ অতি গুৰুত্বপূৰ্ণ পথটোৰ এনে দুৰৱস্থাই এতিয়া সকলোকে জীয়াতু ভোগাইছে৷ বিশেষকৈ পুৰণিগুদাম কেঞাপটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেঞাপট্টী দলঙলৈকে পথচোৱা বিগত প্ৰায় পাঁচ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰাৰ বাবে এতিয়া এজাক মাত্ৰ বৰষুণতে একাঁঠু পৰ্যন্ত পানী হোৱাৰ ফলত পথচাৰীসকলৰ লগতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচোৱাৰ দুয়োকাষে থকা ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ বৰষুণ হোৱাৰ পিছত কোনো নলা-নৰ্দমা নথকা পথচোৱা নিমিষতে পানীৰে উপচি পৰাৰ বাবে গ্ৰাহক সকলে দোকান সমূহত প্ৰৱেশ কৰিব নোৱাৰা হয়। ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত দোকান খুলিও লোকচানৰ সন্মুখীন হয় ব্যৱসায়ীসকল। উপায়ন্তৰ হৈ শীঘ্ৰেই উক্ত পথচোৱা মেৰামতি কৰাৰ লগতে পথৰ দাঁতিত উপযুক্তভাৱে নলা-নৰ্দমাৰ নিৰ্মাণ কৰি সংশ্লিষ্ট গড়কাপ্তানী বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ক্ষুদ্ধ একাংশ স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকলে সজোৰে দাবী উত্থাপন কৰিছে৷

একেটা পথৰ নামত লাখ লাখ টকা আচনি আবন্টন দি লুণ্ঠন ওজাগাও গাওঁ পঞ্চায়তত ,পথৰ মাজত কঠিয়া ৰুই ৰাইজৰ প্ৰতিবাদ

দৰঙৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। পথ নিৰ্মাণৰ নামত বছৰে বছৰে লাখ লাখ টকা আবন্টন দি চলাই আছে লুণ্ঠন। গ্ৰামাঞ্চলৰ উন্নীতকৰণৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই  বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়ে যদি তাৰে অধিকাংশ ধন পঞ্চায়ত প্ৰতিনিধিকে আদি কৰি  বিভাগীয় কৰ্মচাৰীৰ পকেটত সোমাৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তৰ ১০নং ওৱাৰ্ড আৰু ৯নং ওৱাৰ্ডৰ মাজেৰে যোৱা পথৰ নামত সংঘটিত হৈছে অনিয়ম। গাঁৱৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে বিভাগীয় কৰ্তৃপক্ষই ২০২০-২১ বৰ্ষৰ এমজিএনৰেগা আচনিৰ অধিনত Earthen Bundh From Jholoman Ali House to Majibar Rahman Via Abul Hussain at Ozagaon Under MGNREGA 2020-21 বৰ্ষৰ এমজিএনৰেগা আচনিৰ নামত সাত লাখ একানব্বৈ হাজাৰ টকা আবন্টন দিছে যদিও চৰকাৰী প্ৰাক-কলনৰ নিয়ম নীতি উলংঘা কৰি নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।যাৰ ফলত বৰষুণৰ পানী জমা হৈ বোকাময় সৃষ্টি হোৱাত যমৰ যাতনাত ভুগাইছে ৰাইজক।আনহাতে যোৱা বৰ্ষতো উক্ত পথৰ নামত লাখ লাখ টকা আবন্টন দি আত্মসাত কৰিছিল পঞ্চায়ত প্ৰতিনিধিয়ে। যমৰ যাতনাত ভুগা স্থানীয় ৰাইজে অসম চৰকাৰ হায় হায়,আমাৰ ৰাস্তা ভাল কৰি দিয়ক,আচনিৰ নামত দুৰ্নীতি বন্ধ কৰক,দুৰ্নীতি গ্ৰস্থ কৰ্মচাৰী মুৰ্দাবাদ আদি ধ্বনি দি পথটোৰ মাজত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। এক গোপনসুত্ৰে জানিব পৰা মতে গাওঁ পঞ্চায়তখনৰ জি আৰ এছ,এগ্ৰীকেটেড ইঞ্জিনীয়াৰ, কণিষ্ঠ অভিযন্তা আদি বিষয়া কৰ্মচাৰী সকলে প্ৰতিটো আচনিৰ বাবদ মোটা অংকৰ কমিচন লৈ ৰূপায়িত হোৱা আচনি সমূহ পৰিদৰ্শন নকৰাকৈয়ে বিল পাছ কৰি দিয়াৰ অভিযোগ। যাৰ ফলত ঠিকাদাৰৰূপি জনপ্ৰতিনিধিয়ে আচনিৰ নামত লাখ লাখ টকা লুণ্ঠন কৰিবলৈ সক্ষম হৈছে। ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰূদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ।

টঙনাত পুত্ৰই হত্যা কৰিলে পিতৃক

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা চাহ বাগিছাৰ ১৮নং লাইনত কালি এক লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হয় ৷ বাগিছাখনৰ ১৮ নং লাইনৰ জিতেন প্ৰজাক পুত্ৰই নিজ গৃহতে দাহেৰে ঘপিয়াই হত্যা কৰে ৷ পাৰিবাৰিক সংক্ৰান্তীয় কাৰণতে পুত্ৰ জগনাথ প্ৰজাই (২০) চাহগছ কলম দিয়া দাহেৰে ঘপিয়াই, ৰেপি ৰেপি লোমৰ্হষক ভাবে হত্যা কৰে পিতৃ জিতেন প্ৰজাক (৪৫) ৷কালি দিনৰ ভাগতে শুই থকা অৱস্থাতে সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাতো বহু পলমকৈ টঙনা আৰক্ষীক খবৰ দিয়াত নিজ গৃহৰ পৰা মৃতদেহ চমজি লোৱাৰ লগতে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী জগনাথ প্ৰজাক ৷ পৰিয়ালত পত্নী, কণ্যা, পুত্ৰক পিতৃ জিতেন প্ৰজাই মানসিক, শাৰীৰিক ভাবে অত্যাচাৰ কৰি আহিছিল বাবে হত্যা কাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

বকো বন বিভাগৰ বৃহৎ সফলতা: বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন ট্ৰাক জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ বনাঞ্চল ধ্বংস কাৰ্য অব্যাহত থকাৰ মাজতে এই বনধ্বংস ৰুধিবলৈ বনকৰ্মীয়েও অব্যাহত ৰাখিছে দিনে নিশাই অভিযান ৷ বিশেষকৈ বকোস্থিত শিংৰা বনাঞ্চলিকৰ বনৰক্ষী বাহিনীয়ে নিদ্ৰাহৰণ কৰিছে দক্ষিণ- পশ্চিম কামৰূপৰ লগতে মেঘালয় ৰাজ্যৰো চোৰাং কাঠ ব্যৱসায়ীৰ ৷ সোমবাৰে পুৱতি নিশাও বকোৰ বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে  এক অভিযান চলাই লাভ কৰে বৃহৎ সফলতা ৷ জব্দ কৰিবলৈ সক্ষম হয় মেঘালয়ৰ পৰা অহা বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন এখন ট্ৰাক ৷ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত  বকোৰ বনৰক্ষী বাহিনীয়ে বন্দাপাৰা বনাঞ্চলিকৰ বনকৰ্মীৰ সহযোগত পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত চলায় এই সফল  অভিযান । এক বিশেষ গোপন সূত্ৰৰ পম খেদি বনৰক্ষী বাহিনীৰ নিয়মীয়া টহলদাৰী এই দলটোৱে যৌথভাৱে চলোৱা অভিযানত  মেঘালয়ৰ পৰা অহা চোৰাং কাঠভৰ্তি ট্ৰাকখনৰ শুংসূত্ৰ বিচাৰি বকোৰ পশ্চিম প্ৰান্তৰ হেকৰাৰ পৰা ট্ৰাকখন জব্দ কৰাবলৈ সক্ষম হয় ৷ ইফালে,বনৰক্ষী বাহিনীৰ আগমন দেখা পাইয়ে ট্ৰাকখনৰ চালকজন এন্ধাৰৰ সুযোগ লৈ পলাই সাৰে ৷  ইফালে, বকো বনাঞ্চলিক বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, চোৰাং কাঠ খিনি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আনি চোৰাং ব্যৱসায়ীয়ে মালিবাৰী পৰা  ব্ৰক্ষ্মপুত্ৰ হৈ বৰপেটালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল। জব্দ হোৱা চোৰাং কাঠখিনিৰ মূল্য প্রায় লক্ষ্যাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।

বকোত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়তে কোভিড প্ৰ’টকল ভংগ

চৰকাৰী দণ্ডাধিকাৰীয়ে প্ৰ’টকল গঢ়ে আৰু ভাঙে।

ক’ৰোণা মহামাৰীৰ আতংকৰ বাবে চৰকাৰে ঘোষণা কৰিছে কোভিড প্ৰ’টকল।চৰকাৰী কোভিড প্ৰ’টকল অনুসৰি নিৰ্দিষ্ট জিলাত ১২ বজালৈ দোকান পোহাৰ তথা বজাৰ খুলা আৰু ১ বজাৰ পৰা সান্ধ্য আইন বলবৎ। ইফালে প্ৰশাসনৰ কাঢ়া নিৰ্দেশ মতে ৰাজহুৱা স্থানত একাধিক ব্যক্তিয়ে জুম কৰিব নোৱাৰিব ; সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব।মহামাৰী বিধৰ অধিক সংক্ৰমণ নহ’বলৈ বজাৰ ঘাট বন্ধ কৰা হৈছে। কিন্তু কামৰূপ জিলাৰ বকোত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ভাঙিছে মহামাৰী কোভিড প্ৰ’টকল।

উল্লেখ্য যে ; প্ৰধান মন্ত্ৰী কিষাণ আঁচনি খনৰ চৰকাৰী ধন লাভ কৰিবলৈ জমা দিব লগা নথি পত্ৰ সমুহ ঠিক ঠাক কৰিবলৈ গাওঁৰ ৰাইজ হিল দোল ভাঙি ওলাই আহিছে দলে দলে। এই দৃশ্য কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ। আজি কেৱাদিনো ধৰি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ৰাজহ আদায় লোৱা মৌজাদাৰ কাৰ্য্যালয়ত এনেদৰে ভিৰ হৈছে যে পান জাপা দি জাপ খাই ভিৰ কৰিছে কাৰ্য্যালয় দুয়োটাতে। ইয়াৰ পিছতে নথি পত্ৰ সমুহ ফটোষ্টেট উলিয়াবলৈ ফটোষ্টেট দোকান অথবা চেন্টাৰ বোৰত ভিৰৰ দৃশ্য দেখিলে অনুমান হয় কোভিড পজিটিভ ৰোগীৰ সংখ্যা বঢ়াবলৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ঠিকা লৈছে।

ক’ৰোণা কালৰ এই মহা আতংকৰ সময়ত চৰকাৰে কিয় এই আচঁনিৰ ধন মোকলাৱ বিছাৰিছে। ইয়াৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি নেকি বুলি বকোৰ সমাজ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে এফালে চৰকাৰৰ মুখ্যমন্ত্ৰী ; স্বাস্থ্য মন্ত্ৰী আৰু বৰমুৰীয়া সকলেই কোভিড প্ৰ’টকল নমনাৰ বাবে সাধাৰণ জনতাক শাস্তি প্ৰদান কৰে আৰু এফালে চৰকাৰৰ বৰমুৰীয়াৰ কাৰ্য্যালয়তেই নিয়ম ভংগ কৰি জনতাৰ থেলা হেছাৰ ভিৰ কৰাৰ ব্যৱস্থা কৰে। এয়া বাৰু কেনেকুৱা চৰকাৰৰ কোভিড প্ৰ’টকল নীতি। এই লৈ শংকিত হৈ পৰিছে বকোৰ জনসাধাৰণ।

বাক্সাত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যবাহী সদস্য ঘনশ্যম দাসৰ

কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আজি বিটিচি প্ৰশাসনৰ কৃষি বিভাগে বাক্সা জিলাৰ মুছলপুৰত ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে আজি জিলাখনৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সভাত পাৱাৰ টিলাৰসমূহ বিতৰণ কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷ জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা অমল দত্তই আঁত ধৰা সভাখনত অংশ লৈ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় যে আগন্তুক সময়ত বিটিআৰ অঞ্চলৰ কৃষকসকলে যাতে বছৰত তিনিটা খেতি কৰিব স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে কৃষক সকলক বিটিচি চৰকাৰে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াবলৈ সদায় সাজু আছে ৷ ইয়াৰ অংশ হিচাপে আজি বাক্সা কৃষি সংমণ্ডলৰ অন্তৰ্গত বাক্সা আৰু ওডালগুৰি জিলাৰ কৃষক সকলৰ মাজত ৫২ খনকৈ পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ তেওঁ লগতে কয় যে বিটিআৰ অঞ্চলৰ কৃষক সকলে আজি মৰণা মৰা যন্ত্ৰ, ধান কঁটা যন্ত্ৰ আদিৰ অভাৱৰ বাবে কৃষকসকলে প্ৰয়োজনীয় ফচল উৎপাদনৰ পৰা বঞ্চিত হৈ আছে ৷ পূৰ্বৰ বিপিএফ চৰকাৰৰ শাসন কালত বিটিআৰ অঞ্চলৰ প্ৰকৃত কৃষক সকলে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ৷ কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত এনেধৰণৰ দুৰ্নীতিক এতিয়া প্ৰশ্ৰয় দিয়া নহব ৷ এতিয়া সেই সকল কৃষকৰ বাবে বৰ্তমানৰ বিটিচি চৰকাৰে বিটিআৰ অঞ্চলত কৃষি খণ্ডত নতুনকৈ কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ ওলাইছে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে এই বছৰৰ বাবে জিলাখনৰ কোকিলবাৰী কৃষি পামৰ কৃষিৰ উপযোগী ৩৬৩০ বিঘা মাটি লীজত দিয়া হৈছে  বুলিও মন্তব্য কৰে ৷ আনহাতে জিলাখনত এক দুষ্ট চক্ৰই চৰকাৰী বিভিন্ন সা-সুবিধা লাভ কৰিব বুলি প্ৰলোভন দি ভুৱা কিষাণ কাৰ্ডৰ নামত কৃষকসকলৰ পৰা ধন সংগ্ৰহ কৰি থকা কাৰ্যক কঠোৰ সকীয়নি দি তেনে দুষ্ট চক্ৰৰ পৰা দূৰৈত  থাকিবলৈ আহ্বান জনায় কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ আজিৰ পাৱাৰ টিলাৰ বিতৰণী অনুষ্ঠানত জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী, কৃষি মহকুমা বিষয়া দুলাল দাস, জ্যেষ্ঠ কৃষি বিষয়া মুনিন শৰ্মা, কনিষ্ঠ অভিযন্তা কৃষাণ পাটৰকে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷