Home Blog Page 2950

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত৷ এইবাৰ ডবকাৰ দীঘল জাৰুণী গাঁৱত সংঘটিত হৈছে এই জঘণ্য ঘটনা।নিজ দেওৰেকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ এগৰাকী মহিলাৰ।মহিলা গৰাকী হৈছে তিনি সন্তানৰ মাতৃ।জনামতে বিগত ১০ বছৰ পূৰ্বে দীঘল জাৰুণীৰ আলা উদ্দিনৰ লগত বিবাহ হৈছিল মহিলা গৰাকীৰ।মহিলা গৰাকীয়ে দেওৰেক আলতাব উদ্দিনৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ  অভিযোগ।নিশা ঘৰত নিজ  ভাতৃ নথকাৰ সুযোগ গ্ৰহণ কৰি কোঠালিৰ ভিতৰত প্ৰৱেশ কৰাৰ অভিযোগ দেওৰেকৰ বিৰুদ্ধে।কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি অসৎ কাৰ্য কৰিবলৈ চেষ্ঠা চলোৱাৰ অভিযোগ দেওৰেকৰ বিৰুদ্ধে।মহিলা গৰাকীয়ে সেই সময়ত চিঞৰ-বাখৰ কৰি কোনোমতে নিজকে ৰক্ষা কৰে।যদিও মহিলা গৰাকীয়ে স্বামী ঘৰলৈ উভতি অহাৰ পাছত স্বামী আৰু পৰিয়ালৰ লোকক সকলো ঘটনাৰ বিৱৰণ ভাঙি কয়।সেই কথা স্বামীয়ে বিশ্বাস নকৰি মহিলা গৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।মহিলা গৰাকীয়ে অকথ্য নিৰ্যাতনৰ বলি হৈ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ডবকা থানাত এজাহাৰ দাখিল কৰে।অৱশ্যে ডবকা আৰক্ষীয়ে কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষ্যণীয় হব।

বিশ্বনাথ জিলাৰ চাহ বাগিছাত লকডাউন উলংঘা : অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিক্ৰিয়া

বিশ্বনাথ জিলাত কভিড অতিমাৰীৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে কালিৰে পৰা  জিলাখনত এসপ্তাহ সম্পূৰ্ণ লক ডাউন দিয়া হৈছে যদিও চাহ  বাগিচাসমুহ খুলিব দিয়াক লৈ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সভাপতি বিবেক দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংগ্ৰামী নেতা দাসে ক্ষোভ প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰে যে, সম্পূৰ্ণ লক ডাউনত বাগিছা সমূহক কিয় বাদ দিয়া হ’ল, বাগিচা শ্ৰমিকৰ জীৱনৰ মুল্য নাই নে চৰকাৰে কিবা প্ৰতিষেধক দি থৈছে? ডাক্তৰ সত্যকাম ফুকনে কোৱাৰ দৰে কবিড১৯  নিজৰ সুবিধামতে ব্যৱহাৰ কৰিব পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেমাৰ নহয়। এইটো এটা বিপদজনক বেমাৰ আৰু সুবিধা পালে চাহ শ্ৰমিক-অনা শ্ৰমিক সকলোৰে গাত হ’ব। কিয়নো বাগিচা খোলা থাকিলে ফেক্টৰী খোলা থাকিবই। ফেক্টৰীত শতাধিক শ্ৰমিকে কাম কৰে  আৰু ফেক্টৰী খোলা থাকিলে গাঁৱৰ পৰা কেচাপাত দিবলৈ মানুহ ফেক্টৰী যাবই।অৰ্থাৎ গাও বাগানৰ সংযোগ হবই ।তেনে ক্ষেত্ৰত সম্পূৰ্ণ লক ডাউন অৰ্থহীন হৈ পৰিব। কিয়নো কোভিড সংক্ৰমণো হ্ৰাস নহ’ব আৰু একাংশ জনসাধাৰণ অদৰকাৰী হাৰাশাস্তিৰ সন্মুখীন হ’ব। যদি কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস কৰাৰ বাবে সম্পূৰ্ণ লক ডাউন কৰা হৈছে তেন্তে বাগিচাসমুহকো তাৰ আওতালৈ আনিবলৈ দাসে আহ্বান জনায়।

ইন্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ল পশ্চিম নলবাৰী চামতাৰ ৰাজদ্বীপ কাশ্যপ

এটি কনমানি শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  সাফল্যত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ পশ্চিম  নলবাৰীত।শিক্ষাৰ্থী গৰাকী হ’ল ৰাজদ্বীপ কাশ্যপ। পশ্চিম নলবাৰী অঞ্চলৰ খাটা-ৰূপীয়াবাথান গাঁও নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন আৰু বগুৰিহাটী মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুনু মেধি বৰ্মনৰ কণমানি পুত্ৰ সন্তান ৰাজদীপ কাশ্যপে নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ্ত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য চামতাৰ ইডেনভেলী একাডেমীৰ সপ্তম শ্ৰেণীৰ মেধাৱী ছাত্ৰ ৰাজদীপে অলপতে মাত্ৰ ৪ মিলিমিটাৰ দৈৰ্ঘৰ অতি সূক্ষ্ম আকৃতিৰ এটি কাগজৰ চৰাই(Origami Bird) প্ৰস্তুত কৰি নিৰ্দ্দিষ্ট নীতি-নিৰ্দেশনা অনুসৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কতৃপক্ষলৈ প্ৰেৰণ কৰে । পিছত ৰাজদীপৰ এই অনবদ্য সৃষ্টি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কতৃপক্ষই অনুমোদন কৰি তেওঁলৈ অলপতে এটি সোণৰ মেডেল, এখন প্ৰমাণ পত্ৰ, এটি কলম, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ্- ২০২১ শীৰ্ষক গ্ৰন্থসহ বিভিন্ন সা-সামগ্ৰী প্ৰেৰণ কৰিছে । স্মৰ্তব্য যে ইয়াৰ পূৰ্বে পঞ্জাৱৰ অমৃতসৰৰ জচকিৰট সিঙে ৫ মিলিমিটাৰ দৈৰ্ঘৰ এটি কাগজৰ চৰাই প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ্ত নিজৰ নাম সন্নিবিষ্ট কৰিছিল যদিও এই শিতানত এতিয়া জচকিৰট সিঙৰ সেই সময়ৰ অভিলেখক চেৰ পেলাই অসমৰ ৰাজদীপ কাশ্যপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ ৰাজদীপৰ এনে বিৰল কৃতিত্বত তেওঁৰ পিতৃ-মাতৃ, আত্মীয়ৰ লগতে তেওঁ অধ্যয়ন কৰা চামতাৰ ইডেনভেলী একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিস্হানে সন্তোষ প্ৰকাশ কৰিছে । 

মহাগৰীত পুনৰ ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰঃ আটক অভিযুক্ত

 গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনাৰ । এইবাৰ মহানগৰীৰ সাতগাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলি হয় নিৰ্যাতনৰ ৷ নিৰ্যাতিতাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত যুৱকজনক। ধৃত যুৱকজন সাতগাঁৱৰ নবাপাৰাৰ মিলিজুলি পথৰ বাঁহৰতলৰ আমিনুল হক (২১) বুলি জানিবলৈ পোৱা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা ১২ বজাত শৌচালয়ৰ পৰা যুৱতীগৰাকীক মুখত সোপা দি নিজৰ ঘৰলৈ কিশোৰীগৰাকীক আনি উপৰ্যুপৰি বলাৎকাৰ কৰে ধৃত আমিনুলে। কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত সাতগাঁও থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিতে সাতগাঁও আৰক্ষীয়ে নিশা সাতগাঁৱৰ মিলিজুলি পথৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট যুৱকজনক। ধৃত যুৱকজনৰ বিৰুদ্ধে সাতগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৬ আৰু শিশু সুৰক্ষা আইনৰ ২০১২ এক্টৰ ৪নং ধাৰাৰ অধীনত থানাত ১৮০/২১ নম্বৰত ৰুজু কৰা হৈছে গোচৰ।

চাপৰ আৰক্ষীৰ জালত তিনি বাইক চোৰ আটক

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰী গাওঁৰ পৰা যোৱাকালি এখন পালচাৰ বাইক চুৰি হয়। পিছত বাইকৰ গৰাকীয়ে চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত যোৱা নিশা চাপৰ আৰক্ষীয়ে বাইকসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয়।
জানিব দিয়া মতে চোৰ কেইজন ক্ৰমে চাপৰ থানাৰ অন্তৰ্গত ঘুনিমাৰী গাওঁৰ বাসিন্দা ছমেজুদ্দিনৰ পুত্ৰ হাৰুণ ৰাসিদ চাপৰ থানাৰ অন্তৰ্গত হালদিয়াপাৰা গাওঁৰ বাসিন্দা আখেৰ আলি মণ্ডলৰ পুত্ৰ মিজানুৰ মণ্ডল, যোগীঘোপা থানাৰ অন্তৰ্গত বৌলীমাৰী গাওঁৰ বাসিন্দা নুৰ ইছলামৰ পুত্ৰ সাইদুল ইছলাম আৰু

আমচাং অভয়াৰণ্য–শিলসাঁকো বিল বেদখলমুক্ত কৰাৰ সিদ্ধান্ত

 কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত সোমবাৰে বন আৰু পৰিৱেশ, মীন, আবকাৰী আদি বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জিলা প্রশাসন আৰু বিভাগীয় বিষয়ববীয়াসকলৰ লগত সংশ্লিষ্ট বিভাগৰ কাম–কাজৰ অগ্রগতি সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত হয়৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, আবকাৰী বিভাগৰ প্রধান সচিব ৰাজেশ প্রসাদ উপস্থিত থকা সভাত আবকাৰী বিভাগক জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণ উচ্ছেদ কৰিবলৈ আৰু কোনেও যাতে অৰুণাচলী মদ বিক্রী কৰিব নোৱাৰে তাৰ উপযুক্ত ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ লালীগুৰ বেচা–কিনাৰ ক্ষেত্রত পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ উপযুক্ত প্রমাণ নাপালে, সেই ক্ষেত্রতো উপযুক্ত ব্যৱস্থা ল’বলৈ নির্দেশ দি মন্ত্রীগৰাকীয়ে কয় যে লালীগুৰযুক্ত চুলাই মদ সেৱনে এচাম মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷

যোৱা বছৰতকৈ চলিত বছৰত এপ্রিল–মে’ মাহত ৬০ শতাংশ আবকাৰী ৰাজহ বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰি চলিত বর্ষৰ এপ্রিল–মে’ মাহত ৬৯ কোটি টকা আবকাৰী ৰাজহ আহৰণ হৈছে বুলি তেওঁ সন্তুষ্টি প্রকাশ কৰে৷ আনহাতে, দীপৰ বিলৰ কথা প্রসংগত মন্ত্রীজনে উল্লেখ কৰে যে দীপৰ বিলক নতুন ৰূপত সজাই–পৰাই উত্তৰ–পূবৰ পর্যটনস্থলী হিচাপে গঢ়ি তোলাতো তেওঁৰ সপোন৷ এইক্ষেত্রত দীপৰ বিলৰ অন্তর্গত থকা জলাহ ভূমিৰ সঠিক মাপ কৰি সৌন্দর্যবর্ধনৰ কাম আৰম্ভ কৰিবলৈ তেওঁ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক নির্দেশ দিয়ে৷

সেইদৰে আমচাং, শিলসাঁকো আদিৰ দৰে যিবোৰ ৰাজহ ভূমি অথবা বনভূমি বেদখলকাৰীৰ কবলত, অথচ সেই ভূমিখণ্ড বনভূমি নে ৰাজহ ভূমি সেয়া স্পষ্ট নহয়, সেই স্থানসমূহৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্রত জ’নেল মাষ্টাৰ প্লেন প্রস্তুত কৰি বন বিভাগক ৰাজহ বিষয়াৰ লগত সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে৷ বনাঞ্চলৰ পৰা মানুহৰ বসতিস্থানলৈ হাতী ওলাই অহা বিষয়টোও সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিবলৈ বন বিভাগক নির্দেশ দি তাৰ ফলপ্রসূ সমাধানৰ নির্দেশ দিয়ে মন্ত্রীজনে৷ আনহাতে, মুখ্যমন্ত্রীৰ গুৱাহাটী মহানগৰ সেউজকৰণ লক্ষ্যত উপনীত হোৱাৰ বাবে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি এলানি গছপুলি ৰোপণৰ কার্যসূচী সম্পাদন কৰিবলৈ তেওঁ সামাজিক বনানীকৰণ বিভাগক নির্দেশ দিয়ে৷

ধ্বংসৰ গৰাহত জকাই উদ্ভিদ উদ্যান

ডিব্ৰুগড় জিলা বনসংমণ্ডলৰ অন্তৰ্গত ডিব্ৰুগড় চহৰৰ পৰা ১২ কিমি নিলগত অৱস্থিত জকাই সংৰক্ষিত বনাঞ্চলৰ মাজত ৩৩হেক্টৰ মাটিত স্থাপিত জকাই উদ্ভিদ উদ্যান বনবিভাগৰ তত্বাৱধান তথা সুৰক্ষাৰ অভাৱতেই ধ্বংসৰ গৰাহলৈ যোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে। উদ্ভিদৰ বিলুপ্তিৰ পৰা সংৰক্ষণৰ উদেশ্যে স্থাপিত জকাই উদ্ভিদ উদ্যান খন প্ৰথমবাৰ তদানীন্তন ডিব্ৰুগড় লোকসভাৰ সাংসদ পৱন সিং ঘাটোৱাৰে ২০০১চনৰ ৫অক্টোবৰ শুভাৰম্ভ কৰিছিল ।২০০২চনৰ ২০মে’ত ডিব্ৰুগড় সাংসদ পৱন সিং ঘাটোৱাৰ আৰু প্ৰাক্তন লাহোৱালৰ বিধায়ক তথা  অসম বিধান সভাৰ অধ্যক্ষ পৃথিৱী মাঝিয়ে দুৱাৰ মুকলি কৰিছিল ।প্ৰথম অৱস্থাত ১.২ হেক্টৰ মাটিত ৰোপন কৰা জকাই উদ্ভিদ উদ্যান খন পৰৰ্ৱতী সময়ত ৪.২হেক্টৰলৈ বৃদ্ধি কৰি সজোৱা হৈছিল আৰু পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূজিঁৰে ৩৩ হেক্টৰ মাটিকালিৰ বৃহৎ আকাৰত জকাই উদ্ভিদ উদ্যান খন স্থাপন কৰা হৈছিল।৪০বিধ ভিন্ন প্ৰজাতিৰ দেশ বিদেশৰ পৰা অনা অৰ্কিড ২০০বিধ সুকাঠী উদ্ভিদ ২০০বিধ ঔষধি তৰু-তৃণ ,সুগন্ধি তেল আৰু বায়’ডিজেল উৎপাদন কাৰী উদ্ভিদ প্ৰাকৃতিক ৰং নিষ্কাষণকাৰী উদ্ভিদ ‘বাহঁ বেত ,পাটিদৈ ,লঘু উদ্ভিদ নেচাৰ্চ অৱ ইনটাৰপ্ৰিটেচন চেন্টাৰ ,কৃত্ৰিম পুখুৰী,পৰ্যটন নিৰ্বাস স্থাপন কৰা হৈছিল।কিন্তু ডিব্ৰুগড় জিলাৰ বনসংমণ্ডলৰ চুড়ান্ত অকমন্যতা অৱহেলা আৰু তত্বাৱধানৰ অভাৱত জকাই উদ্ভিদ উদ্যান খন ধ্বংসৰ গৰাহলৈ পৰিণত হৈছে।  উদ্ভিদ উদ্যানখনত ৰোপন কৰা অৰ্কিডকে ধৰি সকলো ধৰণৰ দুষ্প্ৰাপ্য  উদ্ভিদ বিলুপ্তি হল বুলি জকাই বাসীৰ অভিযোগ।বিগত অসমৰ কং(ই) চৰকাৰৰ দিনত স্থাপিত জকাই উদ্ভিদ উদ্যান ও সচঁ উৎপাদন কেন্দ্ৰটো ২০১৫-২০১৭বৰ্ষত সম্পূৰ্ণ ধ্বংস প্ৰাপ্ত হৈ পৰিছিল ।আনকি জকাই উদ্ভিদ উদ্যান খনৰ ফেঞ্চিংৰ লগতে পাৱাৰ জেনেৰেটৰ আদি বহু চৰকাৰী ধনেৰে কিনা সম্পদ কি হল আজিকোপতি কোনো উৱাদিহ নোলাল।হয়তো ডিব্ৰুগড় বনবিভাগৰ হাততো ইয়াৰ তথ্য নাই।এসময়ত দেশী বিদেশী পৰ্যটক ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ,গৱেষক ছাত্ৰ-ছাত্ৰী,উদ্ভিদ বিজ্ঞানৰ অধ্যাপক আদিয়ে উদ্ভিদ বিজ্ঞানৰ ওপৰত অধ্যয়নৰ বাবে অহা জকাই উদ্ভিদ উদ্যান খন কেৱল অসম চৰকাৰৰ বনবিভাগৰ অৱহেলাৰ বাবেই ধ্বংস মুখী হৈছে।২০১৮বৰ্ষৰ ৫এপ্ৰিলত বিগত অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত পুণৰ জকাই উদ্ভিদ উদ্যান খন পুণৰোজ্জীৱিত কৰাৰ উদেশ্যে নতুন ৰূপত স্থাপন কৰা পদক্ষেপ গ্ৰহন কৰা হৈছিল যদিও আজি পৰ্যন্ত জকাই উদ্ভিদ উদ্যান খনৰ উন্নয়ন নহল।যোৱা ৫বছৰত অসমৰ বিজেপি চৰকাৰে কিয় জকাই উদ্ভিদ উদ্যান খন পুণৰ স্থাপন কৰিৱ নোৱাৰিলে ।আনকি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়েও জকাই উদ্ভিদ উদ্যান খনৰ উত্তৰণত বিন্দুমাত্ৰও পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।বৰ্তনানেও মৰাণ সমষ্টিৰ বিধায়ক গৰাকীক জকাই উদ্ভিদ উদ্যান খনৰ ৰক্ষণাবেক্ষণ আৰু তত্বাৱধান কৰাৰ সন্দৰ্ভত উদাসীন হৈ পৰিছে বুলি জকাই বাসীৰ অভিযোগ।জকাই উদ্ভিদ উদ্যান ও সচঁ উৎপাদন কেন্দ্ৰ স্থাপনৰ নামত কেৱল লাখ লাখ টকাৰ অপচয় আৰু চৰকাৰী ধনৰ শৰাধ হোৱাৰ বাদে উদ্ভিদ উদ্যান খনৰ কোনো উন্নয়ন হোৱা নাই।বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ বনবিভাগ তথা জকাই খণ্ড বনবিষয়া গৰাকীয়েও জকাই উদ্ভিদ উদ্যান খনৰ উন্নয়নত কোনো গুৰুত্ব নিদিয়াৰো  ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।জকাই বাসীয়ে প্ৰকাশ কৰা মতে জকাই সাহিত্য মনীষি উপবন আৰু আপোৰোগীয়া উদ্ভিদ উদ্যানৰ নামত আভূৱা ভাৰি চৰকাৰী ধনৰ অবাধ শৰাধ কৰা আচঁনিহে অসম চৰকাৰ বনবিভাগে গ্ৰহন কৰিছে বুলিও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।জকাই উদ্ভিদ উদ্যান স্থাপনৰ নামত আবণ্টিত চৰকাৰী ধনৰ অপচয় কৰি একাংশ বিষয়াৰ পকেট গৰম কৰিবলৈ অকল আচঁনি গ্ৰহন কৰি থকাৰ কাৰ্যক জকাইবাসীয়ে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে। পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ন বৰুৱাৰ দিনটো উদ্যানখন উন্নয়নৰ বাবে কিয় গুৰুত্ব আৰোপ নকৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত। বৰ্তমানৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হব।

নাজিৰাত মুল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ

কৰ’না অতিমাৰীৰ সমান্তৰালভাৱে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰাদামে সৰ্বসাধাৰণ জনগণক জুৰুলা কৰি তোলিছে । মূল্যবৃদ্ধি ৰোধ কৰাত চৰম ব্যৰ্থ হোৱা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসমতে বিভিন্ন দল – সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে । আজি নাজিৰাত চি পি আই দলে নিজ কাৰ্যালয় সন্মুখত বয় – বস্তুৰ চৰা দামৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ক’ভিড প্ৰট’কল ৰক্ষা কৰি সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা শিৱসাগৰ জিলা পৰিসদৰ সম্পাদক কনক গগৈয়ে মূল্যবৃদ্ধি ৰোধ কৰাত চৰম ভাৱে ব্যৰ্থ হোৱা অসম চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীক কঠোৰ সমালোচনা কৰে । চি পি আইৰ নাজিৰা মহকুমা পৰিষদৰ ভালেসংখ্যক বিষয় – ববীয়াই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

নখত থকা এটা সাধাৰণ চিহ্নই ভয়ংকৰ বিপদ মাতিলে এগৰাকী মহিলাৰ জীৱনলৈ

ব্ৰিটেইনৰ এগৰাকী মহিলাৰ জীৱনত সংঘটিত হৈছে এই ঘটনা। নখত দেখা পোৱা এই সামান্য যেন লগা চিহ্নক প্ৰথমে অৱজ্ঞা কৰিছিল এলেনা চেবেৰ্স নামৰ মহিলাগৰাকীয়ে। পাছলৈ কেন্সাৰ সন্দৰ্ভত এটি স্বাস্থ্যসম্বন্ধীয় প্ৰৱন্ধৰ জৰিয়তে জ্ঞাত হয় মহিলাগৰাকী। লগে লগে চিকিৎসকৰ কাষ চাপে এলেনা চেবেৰ্স। মহিলাগৰাকীৰ নখত চিকিৎসকে চিনাক্ত কৰে দুৰ্লভ কেন্সাৰৰ প্ৰজাতি। এলেনা চেবেৰ্স মেলানোমা নামৰ এক চৰ্মকেন্সাৰত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে। পাছত চিকিৎসকৰ উপযুক্ত পৰামৰ্শ জৰিয়তে সুস্থ হয় মহিলাগৰাকী। সম্প্ৰতি কেন্সাৰমুক্ত এলেনা চেবেৰ্স। দেখাত সাধাৰণ যেন লগা এনেধৰণৰ চিহ্নই ভয়ংকৰ বিপদ মাতিব পাৰে ব্যক্তিৰ জীৱনলৈ। অৱজ্ঞা নকৰি প্ৰথম অৱস্থাতেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

চৰকাৰী বিভাগে দিবলৈ বাকী আছে ১০৬ কোটি টকাৰ বিদ্যুৎ মাচুল

একাংশ উপভোক্তা আৰু প্রতিষ্ঠানৰ অনাদায় মাচুলৰ বাবেই নহয়, কেইবাটাও চৰকাৰী বিভাগে সময় মতে বিদ্যুতৰ বিল আদায় নিদিয়াৰ ফলতেই অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে শক্তি বিভাগ৷ স্বয়ং শক্তিমন্ত্রীয়ে সোমবাৰে উদঙাই দিলে চৰকাৰী বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা৷ বিজুলী ভৱনত সোমবাৰে এখন সংবাদ মেল আয়োজন কৰি  শক্তিমন্ত্রী বিমল বৰাই প্রকাশ কৰা মতে, চৰকাৰী বিভাগৰ পৰাই শক্তি বিভাগে পাবলৈ আছে ১০৬ কোটি টকা৷ ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগে বিল আদায় নিদিয়াৰ ফলত প্রতিমাহে শক্তি বিভাগে লোকচানৰ সন্মুখীন হোৱাই নহয়, বিল আদায় দি অহা উপভোক্তাসকলক নিয়মিতভাৱে যোগান ধৰিব পৰা নাই বিদ্যুৎ৷ চৰকাৰী বিভাগসমূহৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে সর্বাধিক বিদ্যুৎ মাচুল আদায় দিবলৈ বাকী আছে৷

সংবাদ মেলত মন্ত্রীগৰাকী কয়– চৰকাৰী বিভাগসমূহে বিল নির্দিষ্ট সময়ত আদায় নিদিলে শক্তি বিভাগে কেতিয়াও মূৰ দাঙিব নোৱাৰে৷ এনে পৰিস্থিতিত বিভাগে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা লোকচানৰ জোৰা মাৰিবলৈ অনাদায় হৈ থকা বিদ্যুৎ মাচুল সংগ্রহ কৰাত সর্বাধিক গুৰুত্ব দিছে৷ এই লক্ষ্যৰে এক সংস্কাৰমূলক পদক্ষেপ গ্রহণ কৰা হৈছে৷ শক্তিমন্ত্রীগৰাকীয়ে কয়– যিসকল উপভোক্তা আৰু প্রতিষ্ঠানে বিল আদায় দিয়া নাই, সেইসকলক বিল আদায় দিয়াৰ বাবে বিভাগে বিষয়টো বুজাবুজিৰে সমাধান কৰিব বিচাৰিছে৷

সেইমর্মে ৩০ হাজাৰ টকালৈ যিসকলে বিল দিয়া নাই, সেই উপভোক্তা বা প্রতিষ্ঠানে বিদ্যুৎ বিভাগৰ সহকাৰী প্রবন্ধকৰ সৈতে আলোচনা কৰি ১০টা কিস্তিত মাচুল আদায় দিব পাৰিব৷ আনহাতে যিসকলৰ অনাদায় মাচুল ৫০ হাজাৰ টকা বা তাতকৈ বেছি, সেইসকল উপভোক্তা বা প্রতিষ্ঠানে উপ–প্রবন্ধকৰ সৈতে আলোচনা কৰি ১৫টা কিস্তিত আদায় দিব পাৰিব৷ সংস্কাৰমূলক অভিযানৰ দ্বাৰা কেৱল মাচুল আদায় কৰাই মূল লক্ষ্য নহয়, উপভোক্তাসকলে যাতে প্রতিমাহৰ ১০ তাৰিখে বিল পায়, সেই দিশতো পদক্ষেপ গ্রহণ কৰা হৈছে৷

মন কৰিবলগীয়া যে শক্তি বিভাগে সন্মুখীন হোৱা লোকচানৰ জোৰা মাৰিবলৈ বিদ্যুৎ চুৰি ঘটনা ৰোধত সর্বাধিক গুৰুত্ব দিছে৷ ইয়াৰ পৰিণতিত বিভাগে বিদ্যুৎ চুৰিত লিপ্তসকলৰ পৰা ১১.৬৫ কোটি টকা জৰিমনা হিচাপে আদায় কৰিছে৷ শক্তিমন্ত্রী বিমল বৰাই প্রকাশ কৰা মতে, যোৱা ফেব্রুৱাৰী মাহত শক্তি বিভাগে ৩৩৯ কোটি টকাৰ মাচুল আদায় কৰাৰ বিপৰীতে মার্চ মাহত ২৮৬ কোটি, এপ্রিল মাহত ২৭৪ কোটি আৰু ২৯ জুনলৈকে ৪১৬.৬৬ কোটি টকা আদায় কৰিবলৈ সক্ষম হৈছে৷ শক্তি বিভাগে বিদ্যুৎ চুৰি ৰোধৰ বাবে উপভোক্তা তথা ৰাইজৰ সহযোগৰ যথেষ্ট প্রয়োজন হ’ব বুলি মন্তব্য কৰি শক্তিমন্ত্রীগৰাকীয়ে ইয়াৰ বাবে দুটাকৈ নম্বৰ মুকলি কৰা বুলি জানিবলৈ দিয়ে৷ চুৰি সংক্রান্তীয় যিকোনো খবৰ ১৯১২ নম্বৰত ফোন কৰি আৰু ৭৫৭৫৯৯৯৬৬৬ নম্বৰত হোৱাটছএপযোগে জনাব পাৰিব বুলি তেওঁ প্রকাশ কৰে৷