Breaking

ধ্বংসৰ গৰাহত জকাই উদ্ভিদ উদ্যান

0 1,690

ডিব্ৰুগড় জিলা বনসংমণ্ডলৰ অন্তৰ্গত ডিব্ৰুগড় চহৰৰ পৰা ১২ কিমি নিলগত অৱস্থিত জকাই সংৰক্ষিত বনাঞ্চলৰ মাজত ৩৩হেক্টৰ মাটিত স্থাপিত জকাই উদ্ভিদ উদ্যান বনবিভাগৰ তত্বাৱধান তথা সুৰক্ষাৰ অভাৱতেই ধ্বংসৰ গৰাহলৈ যোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে। উদ্ভিদৰ বিলুপ্তিৰ পৰা সংৰক্ষণৰ উদেশ্যে স্থাপিত জকাই উদ্ভিদ উদ্যান খন প্ৰথমবাৰ তদানীন্তন ডিব্ৰুগড় লোকসভাৰ সাংসদ পৱন সিং ঘাটোৱাৰে ২০০১চনৰ ৫অক্টোবৰ শুভাৰম্ভ কৰিছিল ।২০০২চনৰ ২০মে’ত ডিব্ৰুগড় সাংসদ পৱন সিং ঘাটোৱাৰ আৰু প্ৰাক্তন লাহোৱালৰ বিধায়ক তথা  অসম বিধান সভাৰ অধ্যক্ষ পৃথিৱী মাঝিয়ে দুৱাৰ মুকলি কৰিছিল ।প্ৰথম অৱস্থাত ১.২ হেক্টৰ মাটিত ৰোপন কৰা জকাই উদ্ভিদ উদ্যান খন পৰৰ্ৱতী সময়ত ৪.২হেক্টৰলৈ বৃদ্ধি কৰি সজোৱা হৈছিল আৰু পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূজিঁৰে ৩৩ হেক্টৰ মাটিকালিৰ বৃহৎ আকাৰত জকাই উদ্ভিদ উদ্যান খন স্থাপন কৰা হৈছিল।৪০বিধ ভিন্ন প্ৰজাতিৰ দেশ বিদেশৰ পৰা অনা অৰ্কিড ২০০বিধ সুকাঠী উদ্ভিদ ২০০বিধ ঔষধি তৰু-তৃণ ,সুগন্ধি তেল আৰু বায়’ডিজেল উৎপাদন কাৰী উদ্ভিদ প্ৰাকৃতিক ৰং নিষ্কাষণকাৰী উদ্ভিদ ‘বাহঁ বেত ,পাটিদৈ ,লঘু উদ্ভিদ নেচাৰ্চ অৱ ইনটাৰপ্ৰিটেচন চেন্টাৰ ,কৃত্ৰিম পুখুৰী,পৰ্যটন নিৰ্বাস স্থাপন কৰা হৈছিল।কিন্তু ডিব্ৰুগড় জিলাৰ বনসংমণ্ডলৰ চুড়ান্ত অকমন্যতা অৱহেলা আৰু তত্বাৱধানৰ অভাৱত জকাই উদ্ভিদ উদ্যান খন ধ্বংসৰ গৰাহলৈ পৰিণত হৈছে।  উদ্ভিদ উদ্যানখনত ৰোপন কৰা অৰ্কিডকে ধৰি সকলো ধৰণৰ দুষ্প্ৰাপ্য  উদ্ভিদ বিলুপ্তি হল বুলি জকাই বাসীৰ অভিযোগ।বিগত অসমৰ কং(ই) চৰকাৰৰ দিনত স্থাপিত জকাই উদ্ভিদ উদ্যান ও সচঁ উৎপাদন কেন্দ্ৰটো ২০১৫-২০১৭বৰ্ষত সম্পূৰ্ণ ধ্বংস প্ৰাপ্ত হৈ পৰিছিল ।আনকি জকাই উদ্ভিদ উদ্যান খনৰ ফেঞ্চিংৰ লগতে পাৱাৰ জেনেৰেটৰ আদি বহু চৰকাৰী ধনেৰে কিনা সম্পদ কি হল আজিকোপতি কোনো উৱাদিহ নোলাল।হয়তো ডিব্ৰুগড় বনবিভাগৰ হাততো ইয়াৰ তথ্য নাই।এসময়ত দেশী বিদেশী পৰ্যটক ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ,গৱেষক ছাত্ৰ-ছাত্ৰী,উদ্ভিদ বিজ্ঞানৰ অধ্যাপক আদিয়ে উদ্ভিদ বিজ্ঞানৰ ওপৰত অধ্যয়নৰ বাবে অহা জকাই উদ্ভিদ উদ্যান খন কেৱল অসম চৰকাৰৰ বনবিভাগৰ অৱহেলাৰ বাবেই ধ্বংস মুখী হৈছে।২০১৮বৰ্ষৰ ৫এপ্ৰিলত বিগত অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত পুণৰ জকাই উদ্ভিদ উদ্যান খন পুণৰোজ্জীৱিত কৰাৰ উদেশ্যে নতুন ৰূপত স্থাপন কৰা পদক্ষেপ গ্ৰহন কৰা হৈছিল যদিও আজি পৰ্যন্ত জকাই উদ্ভিদ উদ্যান খনৰ উন্নয়ন নহল।যোৱা ৫বছৰত অসমৰ বিজেপি চৰকাৰে কিয় জকাই উদ্ভিদ উদ্যান খন পুণৰ স্থাপন কৰিৱ নোৱাৰিলে ।আনকি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়েও জকাই উদ্ভিদ উদ্যান খনৰ উত্তৰণত বিন্দুমাত্ৰও পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।বৰ্তনানেও মৰাণ সমষ্টিৰ বিধায়ক গৰাকীক জকাই উদ্ভিদ উদ্যান খনৰ ৰক্ষণাবেক্ষণ আৰু তত্বাৱধান কৰাৰ সন্দৰ্ভত উদাসীন হৈ পৰিছে বুলি জকাই বাসীৰ অভিযোগ।জকাই উদ্ভিদ উদ্যান ও সচঁ উৎপাদন কেন্দ্ৰ স্থাপনৰ নামত কেৱল লাখ লাখ টকাৰ অপচয় আৰু চৰকাৰী ধনৰ শৰাধ হোৱাৰ বাদে উদ্ভিদ উদ্যান খনৰ কোনো উন্নয়ন হোৱা নাই।বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ বনবিভাগ তথা জকাই খণ্ড বনবিষয়া গৰাকীয়েও জকাই উদ্ভিদ উদ্যান খনৰ উন্নয়নত কোনো গুৰুত্ব নিদিয়াৰো  ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।জকাই বাসীয়ে প্ৰকাশ কৰা মতে জকাই সাহিত্য মনীষি উপবন আৰু আপোৰোগীয়া উদ্ভিদ উদ্যানৰ নামত আভূৱা ভাৰি চৰকাৰী ধনৰ অবাধ শৰাধ কৰা আচঁনিহে অসম চৰকাৰ বনবিভাগে গ্ৰহন কৰিছে বুলিও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।জকাই উদ্ভিদ উদ্যান স্থাপনৰ নামত আবণ্টিত চৰকাৰী ধনৰ অপচয় কৰি একাংশ বিষয়াৰ পকেট গৰম কৰিবলৈ অকল আচঁনি গ্ৰহন কৰি থকাৰ কাৰ্যক জকাইবাসীয়ে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে। পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ন বৰুৱাৰ দিনটো উদ্যানখন উন্নয়নৰ বাবে কিয় গুৰুত্ব আৰোপ নকৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত। বৰ্তমানৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হব।

Leave A Reply