Breaking

ইন্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ল পশ্চিম নলবাৰী চামতাৰ ৰাজদ্বীপ কাশ্যপ

0 1,033

এটি কনমানি শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  সাফল্যত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ পশ্চিম  নলবাৰীত।শিক্ষাৰ্থী গৰাকী হ’ল ৰাজদ্বীপ কাশ্যপ। পশ্চিম নলবাৰী অঞ্চলৰ খাটা-ৰূপীয়াবাথান গাঁও নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন আৰু বগুৰিহাটী মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুনু মেধি বৰ্মনৰ কণমানি পুত্ৰ সন্তান ৰাজদীপ কাশ্যপে নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ্ত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য চামতাৰ ইডেনভেলী একাডেমীৰ সপ্তম শ্ৰেণীৰ মেধাৱী ছাত্ৰ ৰাজদীপে অলপতে মাত্ৰ ৪ মিলিমিটাৰ দৈৰ্ঘৰ অতি সূক্ষ্ম আকৃতিৰ এটি কাগজৰ চৰাই(Origami Bird) প্ৰস্তুত কৰি নিৰ্দ্দিষ্ট নীতি-নিৰ্দেশনা অনুসৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কতৃপক্ষলৈ প্ৰেৰণ কৰে । পিছত ৰাজদীপৰ এই অনবদ্য সৃষ্টি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কতৃপক্ষই অনুমোদন কৰি তেওঁলৈ অলপতে এটি সোণৰ মেডেল, এখন প্ৰমাণ পত্ৰ, এটি কলম, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ্- ২০২১ শীৰ্ষক গ্ৰন্থসহ বিভিন্ন সা-সামগ্ৰী প্ৰেৰণ কৰিছে । স্মৰ্তব্য যে ইয়াৰ পূৰ্বে পঞ্জাৱৰ অমৃতসৰৰ জচকিৰট সিঙে ৫ মিলিমিটাৰ দৈৰ্ঘৰ এটি কাগজৰ চৰাই প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ্ত নিজৰ নাম সন্নিবিষ্ট কৰিছিল যদিও এই শিতানত এতিয়া জচকিৰট সিঙৰ সেই সময়ৰ অভিলেখক চেৰ পেলাই অসমৰ ৰাজদীপ কাশ্যপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ ৰাজদীপৰ এনে বিৰল কৃতিত্বত তেওঁৰ পিতৃ-মাতৃ, আত্মীয়ৰ লগতে তেওঁ অধ্যয়ন কৰা চামতাৰ ইডেনভেলী একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিস্হানে সন্তোষ প্ৰকাশ কৰিছে । 

Leave A Reply