কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী জাওকাটাদিয়াত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ। ডেকাচাঙৰ পৰা জাওকাটাদিয়া লৈ যোৱা পকী পথৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও অতি নিম্নমানৰ সামগ্ৰীৰে পথছোৱাৰ নিৰ্মাণ কৰা দেখি স্থানীয় সচেতন ৰাইজে ঠিকাদাৰ সাহিল আখতাৰক অভিযোগ দিছিল কিন্তু ৰাইজৰ অভিযোগক গুৰুত্ব নিদি ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে অব্যাহত ৰাখিছে পথছোৱাৰ নিৰ্মাণ কাৰ্য। ৰাইজৰ অভিযোগ মতে দুবৰি বনৰ ওপৰেদি ছাইড বামৰ কাম আৰু পাথৰৰ ওপৰেদি বালিৰ পৰিবৰ্তে খেতিৰ বোকা মাটি ছটিয়াই অতি নিম্নমানৰ পাথৰেৰে পথছোৱাৰ কাম অব্যাহত ৰাখিছে । ৰাস্তাৰ মাজত নিৰ্মাণ হোৱা কালভাৰ্ট সমুহ অতি নিম্নমানৰ হৈছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। ঠিকাদাৰক বাৰম্বাৰ অভিযোগ দিয়া স্বত্তেও ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ স্থানীয় একাংশ দাললৰ সহায়ত পকী পথছোৱাৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছে বুলি ৰাইজে অভিযোগ তুলিছে। উপায়বিহীন হৈ ৰাইজে ৰাজপথত ঠিকাদাৰ সাহিল আখতাৰৰ মইমতালি নচলিব, ৰাস্তাৰ কামৰ দুৰ্নীতি বন্ধ কৰক, গড়কাপ্তানী বিভাগ হায় হায় আদি শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথ নিৰ্মাণত হোৱা দুৰ্ণীতিৰ তদন্ত কৰি দুৰ্নীতিপৰায়ণ ঠিকাদাৰ সাহিল আখতাৰৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহীন ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।
CORONA UPDATE : বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৩৭. ৫৬৬ জন
সুস্থ হৈ উঠিছে ৫৬,৯৯৪ জন। মৃত্যু হৈছে ৯০৭ জন ।ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংখ্যা বৃদ্ধি পালে ৩,০৩,১৬. ৮৯৭ জন । আনহাতে অসমত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন ৷মৃত্যু হৈছে ৪২ জনৰ ।
ক’ৰোনাত বিধ্বস্ত অর্থনীতি উজ্জীৱিত কৰিবলৈ বিত্তমন্ত্রীৰ আঠ অভিলাষী আঁচনি
ক’ৰোনাবিধ্বস্ত অর্থনীতিত পুনৰুজ্জীৱিত কৰিবলৈ আঠটা নতুন আঁচনি ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সংবাদ মেলযোগে ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশৰ অর্থনীতিক সমর্থনৰ লক্ষ্যৰে ৬,২৮,৯৯৩ কোটি টকাৰ সাহায্যৰ পেকেজ ঘোষণা কৰে আৰু এই পেকেজত আঠটা নতুন আঁচনি সন্নিৱিষ্ট হয়৷ বিধ্বস্ত অর্থনীতি বিশেষকৈ স্বাস্থ্য, পর্যটন, কৃষি, বীমা আদিক প্রাধান্য দি বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰা নতুন আঁচনিৰ ভিতৰত ক’ভিড ক্ষতিগ্রস্তৰ বাবে ১.১ লাখ কোটি ঋণ নিশ্চিত আঁচনি৷ এই ঋণ নিশ্চিত আঁচনি সম্পূর্ণ নতুন৷ ১.১ লাখ কোটিৰ ভিতৰত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৫০ হাজাৰ কোটি আৰু আন খণ্ডত ৬০ হাজাৰ কোটি ধৰা হৈছে৷
ইয়াৰ উপৰি অতিৰিক্ত ১.৫ লাখ কোটি ইমার্জেন্সী ক্রেডিট লাইন গেৰাণ্টী স্ক্রীমো (ই চি এল জি এছ) আছে৷ বিগত বর্ষত আত্মনির্ভৰ ভাৰতৰ অংশ হিচাপে ই চি এল জি এছ ঘোষণা কৰা হৈছিল৷ দেশজুৰি স্বাস্থ্য সংকটৰ প্রতি লক্ষ্য ৰাখি আজি বিত্তমন্ত্রীগৰাকীয়ে জনস্বাস্থ্যৰ কাৰণে অতিৰিক্ত ২৩ হাজাৰ কোটি ঘোষণা কৰা হয়৷ তদুপৰি ক’ৰোনাই বিধ্বস্ত কৰা পর্যটন খণ্ডক সমর্থনৰ কাৰণে ১০ লাখকৈ টকা ঋণ ট্রেভেল এজেন্সীক প্রদান কৰাৰ লগতে পর্যটক গাইডক এক লাখ টকাকৈ ঋণ প্রদান কৰিব৷ তেনেদৰে দেশৰ পর্যটনক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে প্রথম পাঁচ লাখ পর্যটকক বিনামূলীয়া ভিছা প্রদান কৰা হ’ব৷ পর্যটন খণ্ডটো পুনৰ মুকলি হ’লেই এই প্রক্রিয়া আৰম্ভ হ’ব৷
আনপিনে, দেশৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগক সকাহ দিয়াৰ লক্ষ্যৰে বিত্তমন্ত্রীগৰাকীয়ে ঘোষিত আঁচনি অনুসৰি দেশৰ ২৫ লাখ ক্ষুদ্র ব্যৱসায়ী তথা ক্ষুদ্র ঋণ লওঁতাক অতি কম সুদৰ হাৰত ১.২৫ লাখ টকাকৈ ঋণ প্রদান কৰিব৷ মাত্র ২ শতাংশ সুদৰ হাৰত এই ঋণ তিনি বছৰৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে৷ আৰ বি আইৰ নির্ধাৰিত হাৰতকৈও কম ২ শতাংশ সুদৰ হাৰত ক্ষুদ্র ব্যৱসায়ীক ঋণ প্রদানেৰে সকাহ দিয়াৰ লক্ষ্য কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে বুলি বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ আনপিনে, কৃষি খণ্ডতো বিত্তীয় সকাহ দিয়াৰ লক্ষ্যৰে ৰবি খেতিৰ সাৰৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰা হৈছে৷
ইয়াৰ বাবে চৰকাৰে ১৪,৭৭৫ কোটি টকা ধার্য কৰিছে৷ তদুপৰি নর্থ–ইষ্টার্ন ৰিজ’নেল এগ্রিকালচাৰেল মার্কেটিং কর্প’ৰেচন (নেৰামেক) পুনৰ উজ্জীৱিত কৰাৰ বাবে ৭৭.৪৫ কোটি, নেচনেল এক্সপ’ট ইঞ্চুৰেন্স একাউণ্টৰ জৰিয়তে প্রকল্পসমূহ উজ্জীৱিত কৰাৰ বাবে ৩৩ হাজাৰ কোটি, এক্সপ’ট ইঞ্চুৰেন্সৰ কাৰণে ৮৮ হাজাৰ কোটি, ভাৰত নেট পি পি আর্হিৰ জৰিয়তে প্রতিখন গাঁৱক ব্রড ব্রেণ্ডেৰে সাঙুৰি লোৱাৰ কাৰণে ১৯ হাজাৰ কোটি টকা, সংস্কাৰ আধাৰিত ফলাফল জড়িত পাৱাৰ ডিষ্ট্রিবিউচন স্কীমৰ কাৰণে ৩.০৩ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ উপৰি আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনা ২০২২ বর্ষৰ ৩১ মার্চলৈ সম্প্রসাৰণ কৰা হয়৷
ক’ভিড–১৯ টিকাকৰণৰ শীর্ষত ভাৰত
বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকা ভাৰতে সোমবাৰে টিকাকৰণক লৈ অভিলেখ গঢ়িলে৷ আমেৰিকা যুক্তৰাষ্ট্রক অতিক্রমি ক’ভিড টিকাকৰণৰ শীর্ষস্থানত উপনীত হ’ল ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সোমবাৰে পুৱালৈকে ৩২.৩৬ কোটিৰ অধিক ভেকচিন ড’জ প্রদান কৰা হৈছে৷ যোৱা ১৬ জানুৱাৰীৰ পৰা ক’ভিড–১৯ টিকাকৰণ আৰম্ভ হোৱাৰ পাছত এই অভিযান চলি আছে আৰু ভেকচিন প্রদান কৰা দেশৰ শীর্ষস্থান লাভ কৰিলে ভাৰতে৷ আজিলৈকে দেশখনত ৩২,৩৬,৬৩,২৯৭ ভেকচিন ড’জ প্রদান কৰা হৈছে৷
আমেৰিকা যুক্তৰাষ্ট্রই ২০২০ চনৰ ১৪ ডিচেম্বৰত ক’ভিড টিকাকৰণ আৰম্ভ কৰি এতিয়ালৈকে ৩২.৩৩ কোটি ভেকচিন ড’জ দিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৮ ডিচেম্বৰত আৰম্ভ হোৱা গ্রেট ব্রিটেইনত ৭,৬৭,৭৪,৯৯০ ভেকচিন ড’জ, ২৭ ডিচেম্বৰত আৰম্ভ কৰা ইটালীত ৪,৯৬,৫০,৭২১, ২৭ ডিচেম্বৰত আৰম্ভ কৰা ফ্রান্সত ৫,২৪,৫৭,২২৮ ভেকচিন ড’জ প্রদান কৰি বিশ্বৰ দেশসমূহৰ তালিকাত সর্বাধিক ভেকচিন প্রদান কৰা দেশ হিচাপে স্বীকৃত হৈছে৷
ভাৰতত ৩২.৩৬ কোটিৰ অধিক ভেকচিন ড’জৰ ভিতৰত স্বাস্থ্যকর্মীক প্রথম ড’জ ১,০১,৯৮,২৫৭ আৰু দ্বিতীয় ড’জ ৭২,০৭,৬১৭, ক’ভিড অগ্রণী যোদ্ধাক প্রথম ড’জ ১,৭৪,৪২,৭৬৭ আৰু দ্বিতীয় ড’জ ৯৩,৯৯,৩১৯, ১৮–৪৪ বছৰৰ লোকক প্রথম ড’জ ৮,৪৬,৫১,৬৯৬ আৰু দ্বিতীয় ড’জ ১৯,০১,১৯০৷ এনেদৰে ৪৫–৫৯ বছৰৰ লোকক প্রথম ড’জ ৮,৭১,১১,৪৪৫ আৰু দ্বিতীয় ড’জ ১৪৮,১২,৩৪৯, ৬০ বছৰ ঊর্ধ্বৰ লোকক প্রথম ড’জ ৬,৭৫,২৯,৭১৩ আৰু দ্বিতীয় ড’জ ২,৩৪,০৮,৯৪৪৷ ইয়াকে লৈ মুঠ ভেকচিন ড’জ প্রদান কৰা হৈছে ৩২,৩৬,৬৩,২৯৭৷
ইপিনে, ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা লাহে লাহে নিম্নগামী হৈ আহি এদিনত ৫০ তললৈ নিম্নগামী হৈছে৷ বিগত ২১ দিন ধৰি এদিনত আক্রান্ত এক লাখৰ তলতে আছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৪৬,১৪৮জন৷ ইপিনে, যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৫৮,৫৭৮জন৷ বিগত ৪৬ দিন ধৰি একেৰাহে আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ তথ্য মতে সুস্থতাৰ হাৰ ৯৬.৮৪ শতাংশ৷ বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৬ লাখৰ তললৈ নিম্নগামী হৈছে৷ দেশজুৰি সক্রিয় ৰোগীৰ সংখ্যা ৫,৭২,৯৯৪জন৷ দৈনিক পজিটিভিটীৰ হাৰ ১.৮৯ শতাংশ৷ আনপিনে, যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৯৯৮জনৰ৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ৩.৯৩ লক্ষাধিকলৈ বৃদ্ধি পাইছে৷
একেদিনাই ক’ভিডত প্রাণ গ’ল ডিগবৈৰ স্বামী–স্ত্রীৰ
সমগ্র দেশতে সংহাৰ অব্যাহত থকা মহামাৰী ক’ৰোনাত আক্রান্ত হৈ একেদিনাই ডিব্রুগডত মৃত্যু হ’ল ঢকুৱাখনাৰ আমকটীয়া গাঁৱৰ দুদুল মোহন বৰুৱা (৫১) আৰু মীৰা ওজা বৰুৱা (৪৫) নামৰ এহাল স্বামী–স্ত্রীৰ৷ অকালতে নিঠৰুৱা হৈ পৰিল তেওঁলোকৰ ১৩ বছৰীয়া একমাত্র সন্তান৷ এই খবৰ ঢকুৱাখনাত বিয়পি পৰাৰ লগে লগে ঢ়কুৱাখনাত গভীৰ শোকৰ ছাঁ পৰিছে৷ দুদুল মোহন বৰুৱা এসময়ত ঢকুৱাখনাৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল৷
উল্লেখ্য যে ঢকুৱাখনাৰ আমকটীয়া গাঁৱৰ দুদুল মোহন বৰুৱাই কর্মসূত্রে দীর্ঘদিন ডিগবৈত বাস কৰিছিল৷ তেওঁ ডিগবৈ তেল শোধনাগাৰৰ অধীনৰ এটা কোম্পানীত অস্থায়ী ইলেক্ট্রিচিয়ান ৰূপে কর্মৰত হৈ পত্নী মীৰা ওজা বৰুৱা আৰু একমাত্র সন্তান নয়নকৃষ্ণ বৰুৱা (১৩)ৰ সৈতে এটা ভাৰাঘৰত বাস কৰিছিল ৰামনগৰত৷ প্রথমে ক’ভিড ভেকচিন ল’বলৈ যোৱা দুদুল মোহন বৰুৱাই ভেকচিন লোৱাৰ পূর্বেই স্বাস্থ্য বিভাগৰ লোকে কৰা পৰীক্ষাত তেওঁ ক’ভিড পজিটিভ হয়৷ তেতিয়াই তেওঁক ডিব্রুগড়ৰ বিশেষ ক’ভিড হাস্পতাললৈ প্রেৰণ কৰা হয়৷ পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আই বি ইউ কক্ষৰ বেড নং ১২ত ভর্তি কৰোৱা হয় যদিও ২৭ জুনৰ বিয়লি দুদুল মোহন বৰুৱাৰ মৃত্যু হয়৷
ইফালে স্বামী দুদুলক ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰাৰ দুদিনমান পাছতেই পত্নী মীৰা ওজা বৰুৱাৰ দেহতো ক’ভিড সংক্রমণ হোৱাত তেওঁকো অসম বিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ৱার্ডৰ আই বি ইউৰ বেড নং–২ত ভর্তি কৰোৱা হৈছিল৷ ২৭ জুনৰ দিনৰ ১মান বজাত মীৰাৰো মৃত্যু হয়৷ একেদিনাই দুই স্বামী–স্ত্রীৰ প্রাণ ল’লে মহামাৰী ক’ভিডে৷ পিতৃ–মাতৃক ক’ভিডৰ বাবে একে সময়তে হেৰুৱাই বেদনাত মুক হৈ পৰিছে নিঠৰুৱা সন্তান ১৩ বছৰীয়া নয়নকৃষ্ণ বৰুৱা৷ সম্প্রতি টেঙাখাতৰ মোমায়েকৰ ঘৰত থকা শিশুটিৰ ভৱিষ্যতক লৈ গভীৰ চিন্তাত পৰিছে আত্মীয়সকল৷
ক’ভিডত আক্রান্ত ২,৬৮৯
ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ সোমবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৬৮৯জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৭৮জন গোলাঘাট জিলাৰ৷ তদুপৰি শোণিতপুৰৰ ২২৮জন, যোৰহাটৰ ১৭৮জন আৰু কামৰূপ মহানগৰৰ ১৬৪জন লোক নতুনকৈ পজিটিভ হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৩৩,৫৪৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.০১ শতাংশ৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৩,৩৯৪জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২৫,০৪৩জন লোক৷ ইপিনে, ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ৪২জন লোকে৷ ইয়াৰে সর্বাধিক ৬জন শোণিতপুৰ জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰ জিলাৰ চাৰিজন, যোৰহাট–লখিমপুৰ– তিনিজনকৈ লোক, বাক্সা–বৰপেটা–গোৱাল্ দুজনকৈ আৰু বিশ্বনাথ–কাছাৰ–দৰ্ আংলং–কৰিমগঞ্জ–ম আৰু শিৱসাগৰৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ আনহাতে, বর্ধিত টিকাকৰণ অভিযানৰ অধীনত আজি ৰাজ্যত ১,১৮,৩৮৬জন লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷
মহানগৰীৰ ব্যৱসায়ী অপহৰণ কাণ্ড: তিনি আৰক্ষীক গ্রেপ্তাৰ
অপৰাধমূলক মানসিকতাৰ একাংশ বিষয়া–জোৱানৰ কু–কার্যই বিভিন্ন সময়ত বদনামী কৰিছে অসম আৰক্ষীক৷ শেহতীয়াকৈ ধনৰ প্রলোভন আওকাণ কৰি গৃহৰক্ষী জোৱান বৰছিং বে’ই বৃহৎ পৰিমাণৰ ড্রাগ্ছ ধৰা পেলোৱাৰ বিপৰীতে খাকী পোছাক পৰিধান কৰাসকলৰ মাজত এতিয়াও স্খলন হোৱা একাংশ লোক আছে৷ এই কথা পুনৰ প্রমাণ কৰিলে গুৱাহাটীত সংঘটিত এক অপহৰণ কাণ্ডই৷ অজিত দাস নামৰ এজন ব্যৱসায়ীক ঘৰৰ শোৱাপাটীৰ পৰাই অপহৰণ কৰি নিয়া চাঞ্চল্যকৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে তিনি খাকী পোছাকধাৰীক৷
এই তিনি ‘অপৰাধী আৰক্ষী’ হ’ল– ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল ৰাজ বাবু সিং, আছাম ফৰেষ্ট প্রটেকচন ফ’চ বেটেলিয়নৰ হাবিলদাৰ জিতেন বাইলুং আৰু জাগীৰোড থানাৰ গৃহৰক্ষী জোৱান সূৰুয পাটৰ৷ আন এজন অপহৰণকাৰী মনেশ্বৰ দাসো ধৰা পৰিছে৷ মনেশ্বৰ দাস পেছাত এজন ফার্মাচিষ্ট৷
উল্লেখ্য যে যোৱা ২৩ জুনৰ নিশা পল্টন বজাৰৰ ৰে’লৱে কলনীৰ কালিবাৰীৰ বাসগৃহৰ পৰা ব্যৱসায়ী অজিত দাসক আৰক্ষীৰ পোছাক পৰিহিত পাঁচজনীয়া দুর্বৃত্তৰ দলে হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ কৰি নিছিল৷ ঘটনা সন্দর্ভত দাসৰ পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ২১৭/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ব্যৱসায়ীজনৰ সন্ধানত অভিযান তীব্রতৰ কৰি তোলে৷
লতাশিল থানা আৰু মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ম’বাইল ফোনৰ লোকেচন ট্রেকিঙৰ ভিত্তিত অভিযান চলাই সোমবাৰে পুৱতিনিশা ব্যৱসায়ীজনক জাগীৰোডৰ এটা দুর্গম এলেকাৰ পৰা উদ্ধাৰ কৰে৷ জাগীৰোডৰ দুর্গম এলেকাত আৰক্ষীৰ আগমনৰ উমান পাই অপহৰণকাৰীৰ দলটো পলায়ন কৰে যদিও ব্যৱসায়ীজনক সোধা–পোছা কৰি পৰৱর্তী সময়ত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা অভিযুক্তকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে ব্যৱসায়ী দাসক অপহৰণ কৰি অভিযুক্তকেইজনে তেওঁৰ পৰিয়ালক ২০ লাখ টকা মুক্তিপণ বিচাৰিছিল৷ ঘটনা সন্দর্ভত পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি মহানগৰ আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰে৷ সম্প্রতি অভিযুক্তকেইজনক পাণবজাৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷
GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু ,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট
GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট
নিশা ডেৰ বজাত জিএমচিএইচত চাডেন ভিজিট স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ প্ৰতিটো মহলাত তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰীৰ ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো জিএমচিএইচত নিশা নাই জ্যেষ্ঠ চিকিৎসক ৷ ক্ষোভিত হৈ পৰে স্বাস্থ্যমন্ত্ৰী ৷
সোমবাৰে ১২ জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে জিএম চিএইচত ৷ পৰৱৰ্তী পৰ্যাত জিএমচিএইচৰ ক্ৰুটি সমূহৰ বিষযে পৰ্যালোচনা কৰা হ’ব ৷
শিশুৰ বাবে ৩০০ খন বিচনা সাজু আছে জিএমচিএইচত ৷ বৰ্তমানলৈ কোভিডৰ তৃতীয় ঢৌ অহা নাই ৷সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত স্বাস্থ্য বিভাগ ৷
আগ্রাসী বেইজিঙক ৰুধিবলৈ ভাৰতৰ ঐতিহাসিক পদক্ষেপ : চীন সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা
সীমান্তত আগ্রাসী ৰূপ লৈ দেশৰ সার্বভৌমত্বৰ প্রতি সঘনাই ভাবুকি সৃষ্টি কৰি থকা চীনক ৰুধিবলৈ অভূতপূর্ব ৰণকৌশল গ্রহণ কৰিছে ভাৰতে৷ জম্মু–কাশ্মীৰৰ গালৱান উপত্যকা আৰু লাডাখৰ পূব প্রান্তত চীন–ভাৰতৰ সেনাৰ মাজত সংঘাতসৃষ্ট উত্তেজনাৰ বাবেই সীমান্তত পূর্বতকৈ অধিক সক্রিয় হৈছে ভাৰতীয় সেনা৷ পাৰমাণৱিক শক্তিসম্পন্ন দেশ দুখনৰ মাজত দশক দশক ধৰি চলি থকা সীমা বিবাদৰ বাবেই সীমান্তত চলা উত্তেজনাৰ পৰিপ্রেক্ষিতত সেনাৰ মোতায়েন বৃদ্ধি কৰিছে নতুন দিল্লীয়ে৷ ব্লুমবার্গে প্রকাশ কৰা প্রতিবেদন মতে ভাৰতে ঐতিহাসিক পদক্ষেপ লৈ চীনৰ সৈতে থকা সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা মোতায়েন কৰিছে৷ ২০২০ৰ তুলনাত সীমান্তত ৪০ শতাংশ বৃদ্ধিৰে ভাৰতে দুই লাখতকৈ অধিক সেনা মোতায়েন কৰি চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে৷
লাডাখৰ পৰা উত্তৰ–পূবৰ অৰুণাচললৈকে সীমান্তত দুই লাখতকৈ অধিক সেনা জোৱান মোতায়েন কৰাৰ লগতে অত্যাধুনিক অস্ত্র–শস্ত্রসহ সষ্টম হৈ আছে সেনা৷ চীনে কৌশলেৰে ভাৰতৰ সৈতে থকা সীমান্তৰ সমীপৰ আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি কৰি থকাৰ পৰিপ্রেক্ষিততে নতুন দিল্লীয়েও বেইজিঙক প্রতিহত কৰিবলৈ সেনাৰ লগতে আন্তঃগাঁথনিও উন্নয়ন কৰি আছে৷ ৰঙা চীনৰ যিকোনো দুঃসাহসিক অভিযানক প্রত্যাহ্বান জনাবলৈ সেনাই অধিকসংখ্যক হেলিকপ্ঢাৰ ব্যৱহাৰ কৰি কাশ্মীৰ উপত্যকাৰ পৰা সেনা জোৱান কঢ়িয়াই হিমালয়ৰ দুর্গম উচ্চতাত মোতায়েন কৰিছে৷ এই সেনাসকলৰ হাতত অত্যাধুনিক অস্ত্র–শস্ত্র বিশেষকৈ এম–৭৭৭ হাউটজাৰ দিয়া হৈছে৷
প্রতিবেদন মতে চীনে সীমান্তৰ সমীপত নতুন নতুন পথ, বোমা প্রতিৰোধী বাংকাৰ, যুদ্ধবিমান আৰু নতুন বিমান ঘাটি বিশেষকৈ বিবদমান তিব্বতৰ সীমান্তত সাজু কৰিছে৷ চীনৰ এই আগ্রাসনৰ প্রতি লক্ষ্য ৰাখিয়েই নতুন দিল্লীয়েও সীমান্তত আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে অতিৰিক্তকৈ সেনা জোৱান মোতায়েন কৰিছে৷ সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰাৰ সমান্তৰালকৈ সীমান্তৰ সমীপত থকা বিমান ঘাটিত অত্যাধুনিক ৰাফেল যুঁজাৰু বিমানৰ লগতে অত্যাধুনিক অস্ত্র–শস্ত্র মজুত ৰাখিছে৷ আনকি চীনৰ ভাবুকিৰ প্রতি লক্ষ্য ৰাখিয়েই ভাৰতীয় নৌবাহিনীয়ে যুদ্ধ জাহাজো মোতায়েন কৰিছে৷ ব্লুমবার্গৰ প্রতিবেদনত ভাৰতে সেনা জোৱান বৃদ্ধি কৰা বুলি স্পষ্টকৈ উল্লেখ কৰাৰ বিপৰীতে চীনৰ কিমান সেনা আছে, সেই সন্দর্ভত তথ্য প্রকাশ কৰা হোৱা নাই৷
লাডাখত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, ভার্চুৱেল মাধ্যমত মুকলি কৰিলে উত্তৰাখণ্ডৰ চীন সীমান্তত তিনিখন গুৰুত্বপূর্ণ দলং
কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে সোমবাৰে লাডাখত উপস্থিত হৈ সেনাবাহিনীৰ পৰা সীমান্তৰ পৰিস্থিতিৰ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানক মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা সাজু হৈ থকা বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে, লাডাখৰ পৰাই ভার্চুৱেলযোগে ভাৰত–চীন সীমান্তৰ সমীপত উত্তৰাখণ্ডত তিনিখন দলং মুকলি কৰে৷ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচন চমুকৈ বি আৰ অ’ই নির্মাণ কৰি উলিওৱা টাৱাঘাট, কিৰকুটিয়া আৰু জৌলজিবিত আছে৷ কৌশলগতভাৱে ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূর্ণ৷ উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পৰা প্রায় ৪৭০ কিলোমিটাৰ নিলগৰ পিথৰাগড় জিলাৰ ধাৰছুলা মহকুমাত নির্মাণ কৰা হৈছে এই তিনিখন দলং৷ দলং তিনিখনৰ দৈর্ঘ্য হৈছে ১৪০, ১৮০ আৰু ১৪০ ফুট৷ বি আৰ অ’ৰ ৭৬৫ ট্রাস্ক ফ’ৰ্চ আৰু ১৪৪৭ ব্রিজ কনষ্ট্রাকচন কোম্পানীয়ে যুটীয়াভাৱে এই দলংকেইখন নির্মাণ কৰিছে৷ দুর্গম অঞ্চলত নির্মাণ কৰা এই দলংকেইখনৰ সামগ্রী হেলিকপ্ঢাৰযোগে কঢ়িয়াই নি প্রতিকূল বতৰক নেওচি বি আৰ অ’ৰ বিষয়া আৰু শ্রমিকসকলে নির্মাণ কৰি উলিয়াইছে৷
চীনে নির্মাণ কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ
উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তলৈ বুলেট ট্রেইন আৰম্ভ কৰাৰ দুদিন পাছতেই চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতক উদ্বিগ্ণ কৰি তুলি মুকলি কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ৷ পৰিৱেশ বিধ্বস্ত হোৱাৰ সকীয়নি প্রদান কৰাৰ পাছতো চীনে কার্বন নির্গমন হ্রাস কৰাৰ লক্ষ্যৰে জলবিদ্যুৎ বান্ধ মুকলি কৰি চুবুৰীয়া দেশ ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ সীমান্তত সেনাৰ জৰিয়তে উত্তেজনা অব্যাহত ৰখা বেইজিঙে এইবাৰ জলক দিল্লীৰ বিৰুদ্ধে অস্ত্র হিচাপে ব্যৱহাৰ কৰাৰ কূটকৌশল সাজু কৰি তুলিছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যমত প্রকাশ পোৱা মতে সোমবাৰে পুৱাৰে পৰা চীনৰ দক্ষিণ–পশ্চিমত নির্মাণ কৰা ২৮৯ মিটাৰ উচ্চতাৰ বাইহেটান জলবিদ্যুৎ কেন্দ্রটো কার্যক্ষম কৰা হয়৷
এই জলবিদ্যুৎ কেন্দ্রটোৰ পৰা ১৬ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে৷ এটা বছৰত ৫ লক্ষাধিক লোকক এই বিদ্যুতেৰে সেৱা আগবঢ়াব৷ তথ্য মতে চীনৰ জিনছা আৰু দেশখনৰ দীর্ঘতম নদী ৱাংজেৰ ওপৰ ভাগত এই বান্ধটো নির্মাণ কৰা হৈছে৷ এই বান্ধটো নির্মাণত ব্যয় হৈছে ৩৪ বিলিয়ন মার্কিন ডলাৰ৷ পৰিৱেশবিদৰ সকীয়নিৰ পাছতো চীন চৰকাৰে নির্মাণ কৰা বান্ধটো য়ুনান আৰু ছিজুৱান প্রদেশৰ মাজত অৱস্থিত৷ গুৰুত্বপূর্ণ এই অঞ্চলটো অতিকে ভূমিকম্পপ্রৱণ৷
চীনত অসমৰ ব্রহ্মপুত্রৰ উপৰি ভাগক য়াৰলুং ছাংপ’ হিচাপে জনা যায়৷ বিশ্বৰ অন্যতম দীর্ঘতম নদী য়াৰলুং ছাংপ’ হিমালয়ৰ তিব্বতৰ পৰা আৰম্ভ হৈ ভাৰতৰ অৰুণাচল প্রদেশ, পিছলৈ অসমেৰে বাংলাদেশেৰে বৈ গৈ বংগোপসাগৰত পৰে৷ য়াংজে নদীত জলবিদ্যুৎ বান্ধ নির্মাণ কৰি চীনে বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লগে লগে উক্ত অঞ্চলত পৰিৱেশৰ ওপৰত প্রচণ্ড প্রভাৱ পৰিব আৰু এই নেতিবাচক প্রভাৱ ব্রহ্মপুত্রৰ ওপৰত পৰাৰো সম্ভাৱনা আছে৷ এনে হ’লে উত্তৰ–পূর্বাঞ্চলৰ লগতে বাংলাদেশৰ বাবেও বান্ধটোৱে অশনি সংকেত নমাই আনি পৰিৱেশ বিঘ্ণিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷











