Home Blog Page 2952

আগ্রাসী বেইজিঙক ৰুধিবলৈ ভাৰতৰ ঐতিহাসিক পদক্ষেপ : চীন সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা

সীমান্তত আগ্রাসী ৰূপ লৈ দেশৰ সার্বভৌমত্বৰ প্রতি সঘনাই ভাবুকি সৃষ্টি কৰি থকা চীনক ৰুধিবলৈ অভূতপূর্ব ৰণকৌশল গ্রহণ কৰিছে ভাৰতে৷ জম্মু–কাশ্মীৰৰ গালৱান উপত্যকা আৰু লাডাখৰ পূব প্রান্তত চীন–ভাৰতৰ সেনাৰ মাজত সংঘাতসৃষ্ট উত্তেজনাৰ বাবেই সীমান্তত পূর্বতকৈ অধিক সক্রিয় হৈছে ভাৰতীয় সেনা৷ পাৰমাণৱিক শক্তিসম্পন্ন দেশ দুখনৰ মাজত দশক দশক ধৰি চলি থকা সীমা বিবাদৰ বাবেই সীমান্তত চলা উত্তেজনাৰ পৰিপ্রেক্ষিতত সেনাৰ মোতায়েন বৃদ্ধি কৰিছে নতুন দিল্লীয়ে৷ ব্লুমবার্গে প্রকাশ কৰা প্রতিবেদন মতে ভাৰতে ঐতিহাসিক পদক্ষেপ লৈ চীনৰ সৈতে থকা সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা মোতায়েন কৰিছে৷ ২০২০ৰ তুলনাত সীমান্তত ৪০ শতাংশ বৃদ্ধিৰে ভাৰতে দুই লাখতকৈ অধিক সেনা মোতায়েন কৰি চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে৷

লাডাখৰ পৰা উত্তৰ–পূবৰ অৰুণাচললৈকে সীমান্তত দুই লাখতকৈ অধিক সেনা জোৱান মোতায়েন কৰাৰ লগতে অত্যাধুনিক অস্ত্র–শস্ত্রসহ সষ্টম হৈ আছে সেনা৷ চীনে কৌশলেৰে ভাৰতৰ সৈতে থকা সীমান্তৰ সমীপৰ আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি কৰি থকাৰ পৰিপ্রেক্ষিততে নতুন দিল্লীয়েও বেইজিঙক প্রতিহত কৰিবলৈ সেনাৰ লগতে আন্তঃগাঁথনিও উন্নয়ন কৰি আছে৷ ৰঙা চীনৰ যিকোনো দুঃসাহসিক অভিযানক প্রত্যাহ্বান জনাবলৈ সেনাই অধিকসংখ্যক হেলিকপ্ঢাৰ ব্যৱহাৰ কৰি কাশ্মীৰ উপত্যকাৰ পৰা সেনা জোৱান কঢ়িয়াই হিমালয়ৰ দুর্গম উচ্চতাত মোতায়েন কৰিছে৷ এই সেনাসকলৰ হাতত অত্যাধুনিক অস্ত্র–শস্ত্র বিশেষকৈ এম–৭৭৭ হাউটজাৰ দিয়া হৈছে৷

প্রতিবেদন মতে চীনে সীমান্তৰ সমীপত নতুন নতুন পথ, বোমা প্রতিৰোধী বাংকাৰ, যুদ্ধবিমান আৰু নতুন বিমান ঘাটি বিশেষকৈ বিবদমান তিব্বতৰ সীমান্তত সাজু কৰিছে৷ চীনৰ এই আগ্রাসনৰ প্রতি লক্ষ্য ৰাখিয়েই নতুন দিল্লীয়েও সীমান্তত আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে অতিৰিক্তকৈ সেনা জোৱান মোতায়েন কৰিছে৷ সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰাৰ সমান্তৰালকৈ সীমান্তৰ সমীপত থকা বিমান ঘাটিত অত্যাধুনিক ৰাফেল যুঁজাৰু বিমানৰ লগতে অত্যাধুনিক অস্ত্র–শস্ত্র মজুত ৰাখিছে৷ আনকি চীনৰ ভাবুকিৰ প্রতি লক্ষ্য ৰাখিয়েই ভাৰতীয় নৌবাহিনীয়ে যুদ্ধ জাহাজো মোতায়েন কৰিছে৷ ব্লুমবার্গৰ প্রতিবেদনত ভাৰতে সেনা জোৱান বৃদ্ধি কৰা বুলি স্পষ্টকৈ উল্লেখ কৰাৰ বিপৰীতে চীনৰ কিমান সেনা আছে, সেই সন্দর্ভত তথ্য প্রকাশ কৰা হোৱা নাই৷
লাডাখত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, ভার্চুৱেল মাধ্যমত মুকলি কৰিলে উত্তৰাখণ্ডৰ চীন সীমান্তত তিনিখন গুৰুত্বপূর্ণ দলং
কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে সোমবাৰে লাডাখত উপস্থিত হৈ সেনাবাহিনীৰ পৰা সীমান্তৰ পৰিস্থিতিৰ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানক মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা সাজু হৈ থকা বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে, লাডাখৰ পৰাই ভার্চুৱেলযোগে ভাৰত–চীন সীমান্তৰ সমীপত উত্তৰাখণ্ডত তিনিখন দলং মুকলি কৰে৷ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচন চমুকৈ বি আৰ অ’ই নির্মাণ কৰি উলিওৱা টাৱাঘাট, কিৰকুটিয়া আৰু জৌলজিবিত আছে৷ কৌশলগতভাৱে ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূর্ণ৷ উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পৰা প্রায় ৪৭০ কিলোমিটাৰ নিলগৰ পিথৰাগড় জিলাৰ ধাৰছুলা মহকুমাত নির্মাণ কৰা হৈছে এই তিনিখন দলং৷ দলং তিনিখনৰ দৈর্ঘ্য হৈছে ১৪০, ১৮০ আৰু ১৪০ ফুট৷ বি আৰ অ’ৰ ৭৬৫ ট্রাস্ক ফ’ৰ্চ আৰু ১৪৪৭ ব্রিজ কনষ্ট্রাকচন কোম্পানীয়ে যুটীয়াভাৱে এই দলংকেইখন নির্মাণ কৰিছে৷ দুর্গম অঞ্চলত নির্মাণ কৰা এই দলংকেইখনৰ সামগ্রী হেলিকপ্ঢাৰযোগে কঢ়িয়াই নি প্রতিকূল বতৰক নেওচি বি আৰ অ’ৰ বিষয়া আৰু শ্রমিকসকলে নির্মাণ কৰি উলিয়াইছে৷

চীনে নির্মাণ কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ

উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তলৈ বুলেট ট্রেইন আৰম্ভ কৰাৰ দুদিন পাছতেই চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতক উদ্বিগ্ণ কৰি তুলি মুকলি কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ৷ পৰিৱেশ বিধ্বস্ত হোৱাৰ সকীয়নি প্রদান কৰাৰ পাছতো চীনে কার্বন নির্গমন হ্রাস কৰাৰ লক্ষ্যৰে জলবিদ্যুৎ বান্ধ মুকলি কৰি চুবুৰীয়া দেশ ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ সীমান্তত সেনাৰ জৰিয়তে উত্তেজনা অব্যাহত ৰখা বেইজিঙে এইবাৰ জলক দিল্লীৰ বিৰুদ্ধে অস্ত্র হিচাপে ব্যৱহাৰ কৰাৰ কূটকৌশল সাজু কৰি তুলিছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যমত প্রকাশ পোৱা মতে সোমবাৰে পুৱাৰে পৰা চীনৰ দক্ষিণ–পশ্চিমত নির্মাণ কৰা ২৮৯ মিটাৰ উচ্চতাৰ বাইহেটান জলবিদ্যুৎ কেন্দ্রটো কার্যক্ষম কৰা হয়৷

এই জলবিদ্যুৎ কেন্দ্রটোৰ পৰা ১৬ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে৷ এটা বছৰত ৫ লক্ষাধিক লোকক এই বিদ্যুতেৰে সেৱা আগবঢ়াব৷ তথ্য মতে চীনৰ জিনছা আৰু দেশখনৰ দীর্ঘতম নদী ৱাংজেৰ ওপৰ ভাগত এই বান্ধটো নির্মাণ কৰা হৈছে৷ এই বান্ধটো নির্মাণত ব্যয় হৈছে ৩৪ বিলিয়ন মার্কিন ডলাৰ৷ পৰিৱেশবিদৰ সকীয়নিৰ পাছতো চীন চৰকাৰে নির্মাণ কৰা বান্ধটো য়ুনান আৰু ছিজুৱান প্রদেশৰ মাজত অৱস্থিত৷ গুৰুত্বপূর্ণ এই অঞ্চলটো অতিকে ভূমিকম্পপ্রৱণ৷

চীনত অসমৰ ব্রহ্মপুত্রৰ উপৰি ভাগক য়াৰলুং ছাংপ’ হিচাপে জনা যায়৷ বিশ্বৰ অন্যতম দীর্ঘতম নদী য়াৰলুং ছাংপ’ হিমালয়ৰ তিব্বতৰ পৰা আৰম্ভ হৈ ভাৰতৰ অৰুণাচল প্রদেশ, পিছলৈ অসমেৰে বাংলাদেশেৰে বৈ গৈ বংগোপসাগৰত পৰে৷ য়াংজে নদীত জলবিদ্যুৎ বান্ধ নির্মাণ কৰি চীনে বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লগে লগে উক্ত অঞ্চলত পৰিৱেশৰ ওপৰত প্রচণ্ড প্রভাৱ পৰিব আৰু এই নেতিবাচক প্রভাৱ ব্রহ্মপুত্রৰ ওপৰত পৰাৰো সম্ভাৱনা আছে৷ এনে হ’লে উত্তৰ–পূর্বাঞ্চলৰ লগতে বাংলাদেশৰ বাবেও বান্ধটোৱে অশনি সংকেত নমাই আনি পৰিৱেশ বিঘ্ণিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

প্ৰায় ১৩ বছৰে সম্পূৰ্ণ নহল ৩৩ কোটিটকীয়া জলসিঞ্চন আঁচনি

দৰঙৰ চমতীয়াপাৰাৰ ননৈ বোঁৱতী জলসিঞ্চন প্ৰকল্পত বৃহৎ কেলেংকাৰী ৷ দৰং জিলা জলসিঞ্চন বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰকল্পৰ কাম ১৩ বছৰে ৷ ২০০৮/৯ বৰ্ষতে আৰম্ভ কৰিছিল প্ৰকল্পটিৰ কাম ৷ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী নুৰজমাল সৰকাৰে নিজে উপস্থিত থাকি উদ্ধোধন কৰা প্ৰকল্পটি আজিও ন’হল সম্পূৰ্ণ ৷ দুই বছৰত সম্পূৰ্ণ কৰিবলগীয়া আছিল আঁচনিতো ৷ বৃহৎ পুখুৰী খনন কৰি চিনচাব নোহোৱা কৰিলে আঁচনিটো ৷ একাংশ দুষ্ট চক্ৰৰ লোকে মৎস পালন কৰিছে গোপনে পুখুৰিটোত ৷ দৰং জিলা জলসিঞ্চন বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰকল্পৰ কাম ১৩ বছৰে ৷ ২০০৮/৯ বৰ্ষতে আৰম্ভ কৰিছিল প্ৰকল্পটিৰ কাম ৷ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী নুৰজমাল সৰকাৰে নিজে উপস্থিত থাকি উদ্ধোধন কৰা প্ৰকল্পটি আজিও ন’হল সম্পূৰ্ণ ৷ দুই বছৰত সম্পূৰ্ণ কৰিবলগীয়া আছিল আঁচনিতো ৷ বৃহৎ পুখুৰী খনন কৰি চিনচাব নোহোৱা কৰিলে আঁচনিটো ৷ একাংশ দুষ্ট চক্ৰৰ লোকে মৎস পালন কৰিছে গোপনে পুখুৰিটোত ৷ আঁচনিটো তদন্তৰ লগতে সম্পূৰ্ণ কৰাৰ দাবী আছুৰ লগতে স্থানীয় চমতীয়াবাসী ৰাইজৰ ৷

ছয়গাঁৱত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী দুৰ্ভগীয়া মেধাবী ছাত্ৰীয়ে : ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ কটাইছে যন্ত্ৰণাময় জীৱন

নিঃসহায় পিতৃ মাতৃৰ সহায়ৰ বাবে কাতৰ আহ্বান

এগৰাকী মেধাবী ছাত্ৰীৰ কৰুণ বিননী।জীৱন মৃত্যুৰে যুঁজিছে এই গৰাকী মেধাবী ছাত্ৰীয়ে।মাৰাত্মক ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ কটাইছে যন্ত্ৰণাময় জীৱন।শয্যাসংগী হৈ পৰিছে একমাত্ৰ বিচনাখন।মুখৰ মাতষাৰো হেৰুওৱাৰ উপক্ৰম হৈছে এই গৰাকী দুৰ্ভগীয়া ছাত্ৰীয়ে।দুহাত বাউলী ইংগীত দিছে মোক চছোৱা, মোক ৰক্ষা কৰা।নিঃসহায় হৈ পৰিছে পিতৃ মাতৃ।সন্তানৰ চিকিৎসা কৰে কেনেকৈ।সৰ্বস্বান্ত পিতৃ মাতৃয়ে সহায়ৰ বাবে সকলোলৈ জনাইছে কাতৰ আহ্বান, যেন তেওঁলোকৰ সন্তানে মৃতপ্ৰায় জীৱন পুনৰ ঘূৰাই পায়।এনেধৰণৰ এটি মৰ্মান্তিক কাহিনী পোহৰলৈ আহিছে কামৰূপ জিলাৰ ৪৯নংছয়গাঁও বিধানসভা সমষ্টিৰ জনজাতীয় অধ্যুষিত এলেকা  উকিয়ামৰ ২নংভেৰভেৰীগাঁৱত। সেই গাঁৱৰে আনন্দ ৰাম ৰাভা আৰু জোনালী ৰাভাৰ জীৱৰী মলিনা ৰাভা আক্ৰান্ত হৈছে মাৰাত্মক ব্ৰেইন টিউমাৰ ৰোগত।অৰ্থৰ অভাৱত সু চিকিৎসা কৰিব পৰা নাই মলিনাক।মুদুকি আঞ্চলিক জনজীতীয় হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী মলিনা আজি প্ৰায় সাত মাহ পূৰ্বে এই ৰোগত আক্ৰান্ত হৈ ক্ৰমান্বয়ে মুখৰ মাতষাৰো হেৰাই যাবলৈ ধৰিছে। জানিব পৰা মতে এই ৰোগটি হেনো কেন্সাৰ ৰোগলৈ পৰ্যবসিত হৈছে।পিতৃ আনন্দৰাম ৰাভাই দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আহিছে।এনে অৱস্হাৰেও জীয়ৰীৰ জীৱন ৰক্ষা কৰিবলৈ ডাক্তৰৰ দুৱাৰে দুৱাৰে ঘুৰি ইতিমধ্যে খৰছ কৰিছে প্ৰায় এক লাখ টকা।ঘৰৰ সকলো সম্পদ বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰা পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্হা।উন্নত চিকিৎসাৰ বাবে নাই এটাও ফুটাকঢ়ি।চকুৰ সন্মুখতে জীৱন মৃত্যুৰে যুঁজি থকা জীয়ৰীক লৈ বিপাঙত পৰি উপায়ন্তৰ হৈ এতিয়া পিতৃ মাতৃ আজি ছয়গাঁও ৰিহাবাৰী স্হিত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ কৰ্যালয়লৈ গৈ জীয়ৰীৰ জীৱন ভিক্ষা মাগে। এই সম্পৰ্কত ৰাভা ছাত্ৰ সন্হাৰ সভাপতি জীতেন ৰাভা আৰু সম্পাদক অৰবিন্দ ৰাভাই তেওঁলোকৰ স্বাক্ষৰ সম্বলিত দুকপি পত্ৰ ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু ৪৯নং ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদলৈ বিশেষ সাহাৰ্য আৰু উন্নত চিকিৎসাৰ্থে প্ৰেৰণ কৰে।আনহাতে আজি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ তৰফৰ পৰা মলিনাক গুৱাহাটীস্হিত এখন চিকিৎসালয়ত ভৰ্তি কৰাব বুলি জানিব পৰা গৈছে। সকলোৰে আশা এটাই মলিনা সুস্হ হৈ ঘূৰি আহক আৰু এই পৃথিৱীত নিজৰ কৰ্তব্য সম্পাদন কৰি যাওঁক।

অসম আৰক্ষীত আন এক নতুন সংযোজন :একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি

অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷এই কিটৰ জড়িয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷
আজিৰে পৰা গুৱাহাটী আৰক্ষীৰ চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷ প্ৰতিজন আৰক্ষীক চিআইডিৰ কাৰ্যালয়ত চাইবাৰ কিটৰ প্ৰশিক্ষণ দিয়া হ’ব৷ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হ’ব চাইবাৰ ফৰেনচিক লেব৷চিআইডিৰ কাৰ্যালয়তে চাইবাৰ ফৰেনচিক লেবটো স্থাপন কৰা হৈছে৷
ইফালে আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকচন কিটৰো ব্যৱস্থা কৰা হৈছে৷ডিটেকচন কিটৰ সহায়ত ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ৷উল্লেখযােগ্য যে,আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিব চাইবাৰ ফৰেনচিক লেব৷এই চাইবাৰ কিটৰ ব্যৱস্থা একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি।

ক’ভিডৰ তৃতীয় ঢৌঁৰ পূৰ্বেই অসমত শিশু,কিশোৰৰ মাজত সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি

১ এপ্ৰিলৰ পৰা ২৫ জুনলৈকে অসমত ক’ভিডত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা আছিল ৩৪,৩৩৩টা।

ক’ভিডৰ তৃতীয় ঢৌঁ আৰম্ভ হোৱাৰ পূৰ্বেই শিশু আৰু কিশোৰৰ মাজত ভয়াৱহভাৱে সংক্ৰমণ বৃদ্ধি পাইছে।যোৱা ১৬দিনত যোৰহাটত ১১০টা শিশু ক’ভিডত আক্ৰান্ত হৈছে।নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা মহিলা আৰু শিশু ক’ভিড কেয়াৰ চেন্টাৰত ৩২টাকৈ শিশু চিকিৎসাধীন হৈ আছে।
বিশ্বনাথ চাৰিআলিৰ বিহালীত দুই শিশুৰ দেহত দেওবাৰে ক’ভিড ধৰা পৰে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দৈনিক ৫-৬টাকৈ শিশু চিকিৎসাধীন হৈ আছে।অসম মেডিকেল কলেজ হাস্পাতালত শনিবাৰৰ নিশা ক’ভিডত সংক্ৰমণ হৈ এটি শিশুৰ মৃত্যু হয়।
অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ৫,১০১জন শিশু ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৭ শিশুৰ মৃত্যু হৈছে।অৰুণাচলতো ১০বছৰৰ তলৰ ৮৯৬টা শিশু আক্ৰান্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে।ইফালে ১০-২০বছৰৰ ভিতৰত ২৯৯৮টা কিশোৰ ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য অৰুণাচলৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে।
উল্লেখযােগ্য যে,১ এপ্ৰিলৰ পৰা ২৫ জুনলৈকে অসমত ক’ভিডত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা আছিল ৩৪,৩৩৩টা।তৃতীয় ঢৌঁ আৰম্ভ হোৱাৰ পূৰ্বেই অধিক হাৰত শিশু-কিশোৰৰ দেহত ক’ভিডৰ উপস্থিতিয়ে চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে।কিন্তু স্বাস্থ্য বিভাগে এই তথ্য গুৰুত্ব সহকাৰে প্ৰচাৰ কৰি ইয়াৰ বিৰুদ্ধে জনসচেতনা সৃষ্টি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

বৰ্খাস্ত হ’ল অবৈধ নিযুক্তি প্ৰাপ্ত তিনি গৰাকী মহিলা কৰ্মচাৰী

যোৰহাট বিজ্ঞান-প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি গৰাকী কৰ্মচাৰীক নিলম্বন। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ কাৰণ অবৈধ নিযুক্তি। নিলম্বিত তিনি কৰ্মচাৰী ক্ৰমে – অজন্তা দত্ত, বিদ্যাৰ্থী বৰা, আৰু নৱনীতা বৰঠাকুৰ। দীৰ্ঘদিন ধৰি আছুৱে চলাই অহা দাবীৰ পৰিণতিত লোৱা হয় এই সিদ্ধান্ত।

বকোৰ বন্দাপাৰাত গৰু চোৰ আটক । উত্তম মাধ্যম দি গোটালে আৰক্ষীক

ৰাজ্যৰ চৌদিশে আৰক্ষী প্ৰশাসনৰ নিচিদ্ৰ তালাছি চলি থকাৰ সময়তো আৰক্ষীৰ চকুত ধুলি মাৰি এচাম ধুৰন্ধৰ প্ৰকৃতিৰ লোকে কৰি আহিছে চুৰি ডকাইটিৰ দৰে জঘণ্য কাণ্ড।এনে জঘণ্য কাণ্ড কামৰূপ জিলাৰ বকোতো সময়ে সময়ে সংঘটিত হোৱা তথ্য পোৱা যায়। উল্লেখ্য যে ; যোৱা নিশাও কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাত সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। বন্দাপাৰাত গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল কুখ্যাত গৰু চোৰ ৰুষ্টম আলী।যোৱা নিশা এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকোৰ বন্দাপাৰাত। বেছেৰা ৰুষ্টমে ৰাতিৰ আন্ধাৰৰ সুবিধা লৈ এঘৰৰ গোহালিত সোমাই গৰু চোৰ কৰিবলৈ লওতেই ধৰা পৰিল ৰাইজৰ ৰোষত। ঘটনা বিৱৰণ অনুসৰি শনিবাৰৰ নিশা বন্দাপাৰা গাওঁৰ এঘৰৰ পৰা হালোৱা গৰু এটা চোৰে লৈ যায়।অঞ্চলটোত সঘনাই সংঘটিত হোৱা চুৰি কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক সকলে পহৰা দি থকা অৱস্থাত নিশা অচিনাকি লোক দেখি সন্দেহ ওপজে আৰু অচিনাকি লোক কেইজনৰ গোপনে পিছ লয়। পিছত এঘৰৰ গোহালিত সোমাই গৰু চোৰ কৰিবলৈ লওতেই খেদি খেদি আটক কৰে ৰুষ্টম আলী নামৰ চোৰ জনক। আনহাতে জানিব পৰা মতে আন দুজন চোৰ পলাই যাবলৈ সক্ষম হয়। নিশা গৰু চুৰি কৰিবলৈ অহা চোৰ ৰুষ্টম আলীক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই। পিছত ৰাইজৰ আগত ৰুষ্টমে সকলো বিৱৰি কবলৈ বাধ্য হয়। ইফালে যোৱা বুধবাৰৰ নিশাও বকোৰ ৰাজাপাৰাৰ পৰা এটা দামৰা গৰু চুৰি কৰি লৈ যোৱাৰ কথাও ৰাইজৰ আগত অৱগত কৰে।প্ৰকাশ্য যে ; নিশা চোৰ জনক ৰাইজে উত্তম মাধ্যম সোধাই বকো আৰক্ষীক গোটাই দিয়ে বুলি জানিব পৰা গৈছে।

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰৰ অসমত ভলীবল একাডেমী গঢ়াৰ পৰামৰ্শ

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰ
উত্তৰপ্ৰদেশৰ মজফ্ফৰ জিলাত ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰাই ভলীবল খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ দোপদদোপে উন্নতি কৰি ২০২০ চনত ভাৰতীয় ভলীবল দলৰ নিৰ্ভৰযোগ্য স্পাইকাৰ হোৱাৰ লগতে দলটোৰ নেতৃত্ব বহন কৰিছিল। ৬ ফুট ৫ ইঞ্চি উচ্ছতাৰ দীৰ্ঘদেহী বিনীতে ২০০৮ চনৰ পৰা ভলীবল খেলা আৰম্ভ কৰি ২০১৬ চনৰ পৰা আজিলৈ ভাৰতীয় ভলীবল দলৰ অন্যতম সদস্য হিচাপে স্থান নিগাজি কৰি ৰাখে। ইয়াৰ ভিতৰত ২০১৮ চনত এছিয়ান গেমছ, ২০১৯ চনত এছিয়ান চেম্পিয়নশ্বীপত অংশ গ্ৰহন কৰাৰ লগতে ২০১৬ আৰু ২০১৯ চনৰ ছাৰ্ফ গেমছত সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হয় বিনীত কুমাৰৰ ভাৰতীয় দলে। ২০১৪ চনত অ এন জি চিত চাকৰিত যোগদান কৰি বৰ্তমান অ এন জি চিৰ আটাইবোৰ খেলুৱৈ গুৱাহাটীত থাকি সৰুসজাই ষ্টেডিয়ামত অনুশীলন অব্যাহত ৰাখিছে। তেওঁ উত্তৰ প্ৰদেশ, উত্তৰাখাণ্ড আৰু অসমৰ হৈ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে। উল্লেখ্য যে যোৱা ৫ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ ভূৱনেশ্বৰৰ কলিংগ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৬৯ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিনীত কুমাৰে অসম দলক প্ৰতিনিধিত্ব কৰি পোনপ্ৰথম বাৰৰ বাবে দলটোক ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল। দলটোৰ অধিনায়কো আছিল বিনীত কুমাৰ। অসমৰ সূ সন্তান ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভটাচাৰ্য্যক উচ্ছ প্ৰশংসা কৰি তেওঁৰ পৰা পোৱা সহায়ৰ কথা অকপটে স্বীকাৰ কৰে। অসমত ভটাচাৰ্য্যৰ নেতৃত্বত অসম ভলীবল মিছন-১০০ ৰ জড়িয়তে ভলীবলৰ ওপৰত যিধৰণে কাম কৰি আছে এদিন সফলতা লাভ কৰিব বুলি তেওঁ যথেষ্ট আশাবাদী। ভাৰতীয় ভলীবল দলৰ প্ৰশিক্ষক শ্ৰীধৰণ, অ এন জি চিৰ প্ৰশিক্ষক অবিনেচ যাদৱ, মেনেজাৰ চুব্বা ৰাওঁ, অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ আটোৱাৰ হুছেইন আদিক তেওঁ শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰে। অসমৰ ভলীবল খেলুৱৈক উচ্চ প্ৰশংসা কৰি ভবিয্যতে অসমৰ খেলুৱৈয়েও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত মেডেল কঢ়িয়াই আনিব পাৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন খেলুৱৈ সকলৰ অকুন্ঠ সহযোগিতাক তেওঁ আন্তৰিকতাৰে শলাগ জনায়। অসমৰ খেলুৱৈৰ বাবে একাডেমী গঢ়াৰ পোষকতাও কৰে ভাৰতীয় ভলীবল দলৰ অধিনায়ক জনে। একাডেমীৰ জড়িয়তে পদ্ধতিগত ভাৱে অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যাৱস্থা কৰাৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়ায়। থাউকতে এজন খেলুৱৈৰ সৃষ্টি হ’ব নোৱাৰে ইয়াৰ বাবে লাগিব কঠোৰ অনুশীলন, ধৈৰ্য, সাহস আৰু একাগ্ৰতা। জীৱনৰ বহুত ঘাট-প্ৰতিঘাট নেওচি বিনীত কুমাৰে এতিয়া ভাৰতীয় ভলীবল দলক নেতৃত্ব দিছে। এইটো কম গৌৰৱৰ কথা নহয়। অতি সহজ-সৰল, নম্ৰ আৰু ভদ্ৰ বিনীত কুমাৰক লৈ ভাৰতীয় ভলীবল যথেষ্ট আশাবাদী। বিনীত অসমৰ খেলুৱৈৰ বাবে সাহস আৰু প্ৰেৰণা। আশা ৰাখিছো অসমৰ ভলীবল খেলুৱৈ সকলৰ মাজত তেওঁৰ অভিজ্ঞতা সমূহ চেয়াৰ কৰাৰ লগতে সময় আৰু সুবিধা লৈ খেলুৱৈ সকলৰ লগত অনুশীলন কৰি অসমৰ খেলুৱৈ সকলে উৎসাহিত কৰিব।

নৱনিৰ্মিত চাপৰ ৰেল ষ্টেশনৰ নিলগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ ৰেল ষ্টেশনৰ কাষতে থকা এটা পুখুৰী সদৃশ গাতত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ গোটেই অঞ্চলজুৰি এক চাঞ্চ্যলকৰ পৰিবেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে মৃত যুৱকজন  চাপৰ সত্যপুৰ অঞ্চলৰ নিবাসী অমিও কুমাৰ মেধিৰ পুত্ৰ অভিজিৎ মেধী ওৰফে পেলু ।পৰিয়ালৰ লোকে জানিব দিয়া মতে যুৱকজনে প্ৰায় ২ ঘন্টামান আগতে চাইকেলেৰে খেতিৰ কামৰ কাৰণে বাহিৰলৈ আহিছিল ট্ৰেক্টৰ বিছাৰি। কিন্তু বহু সময় ধৰি উভতি নোযোৱাত ঘৰৰ মানুহ চিন্তনীয় হয় আৰু বিছাৰিবলৈ ধৰে। পিছত ৰাস্তাৰ কাষত চাইকেল আৰু পুখুৰী সদৃশ গাতৰ কাষত ছাতি দেখা পাই সন্দেহ কৰে আৰু পুখৰীটোত বিছাৰিবলৈ আৰম্ভ কৰে।অৱশেষত ৰাইজৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনাটোৰ আচল ৰহস্য কি হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই ।আৰক্ষীৰ তদন্দৰ পিছতহে ইয়াৰ আচল ৰহস্য পোহৰলৈ আহি পৰিব