Home Blog Page 2953

দেৰগাঁৱত লৰ্জ্জাজনক ঘটনা,নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ৭০ বছৰীয়া বৃদ্ধ

দেৰগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ।বাপাৰাম ৰাজবংশী নামৰ এজন প্ৰায় ৭০ বছৰীয়া বৃদ্ধৰ ওপৰত উঠিছে নাবালিকাক  যৌন নিৰ্যাতনৰ অভিযোগ ।দেৰগাঁৱৰ ছ-গুৰি কছাৰী গাঁৱৰ এইগৰাকী বৃদ্ধই নিজৰ ঘৰলৈ মাতি নি নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ লোকে। এজাহাৰ দাখিল কৰাৰ পাছতেই তাৎক্ষণিক ভাৱে লোক জনক গ্ৰেপ্তাৰ কৰিছে দেৰগাঁও আৰক্ষীয়ে। অৱশ্যে এই সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে আটকাধীন ব্যক্তিজনে ।দেৰগাঁও আৰক্ষীয়ে পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰন কৰে অভিযুক্ত ব্যক্তি গৰাকীক।

ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে শিশু : GMCHত বৰ্তমান চিকিত্সাধীন ৯টিকৈ শিশু

ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে শিশু,শিশু আক্ৰান্ত হোৱাক লৈ উদ্বিগ্ন অভিভাৱক
শিশু আক্ৰান্ত হোৱাক লৈ GMCHৰ অধীক্ষকৰ মন্তব্য :GMCHত বৰ্তমান চিকিত্সাধীন ৯টিকৈ শিশু ,জৰুৰীসেৱাত ভৰ্তি ৭টিকৈ শিশুক
শিশুৰ বাবে GMCHত সাজু কৰা হৈছে ICU বিছনা

বিল পৰিশোধক লৈ বৃহৎ ঘোষণা : ২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ

২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ! বিল পৰিশোধক লৈ বৃহৎ ঘোষণা

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ বিশাল কণভয়। আজি বিজুলী ভৱনত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। অসমৰ জনসাধাৰণে যাতে বিদ্যুতৰ পৰা সমস্যাত নপৰে তাৰ বাবে চিন্তা-চৰ্চা।

২৪ ঘন্টাই যেন বিজুলী লাভ কৰে অসমৰ জনসাধাৰণে তাৰ বাবে বৈঠক অনুষ্ঠিত কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যুৎ চুৰিৰ বাবে আমি বহু কোটি টকাৰ ৰাজহ হেৰুৱাইছো । ৪১৬.৬৬ কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে ।

লগতে ১২৪ টা মুঠ চুৰি কাৰ্য ধৰা পেলোৱা হৈছে আৰু গোচৰ ৰুজু হৈছে বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে। তদুপৰি ১১.৬৫ কোটি টকা চুৰি কাৰ্য সংঘটিত কৰা লোকৰ পৰা সংগ্ৰহ কৰা হৈছে ।

তদুপৰি বিল পৰিশোধক লৈ বৃহত ঘোষণা কৰে। কয় যে, ৩০ হাজাৰ টকা লৈকে যিসকলে বিল পাইছে তেওঁ লোকে ১০ টা কিস্তিত দিব পাৰিব , AGM ৰ লগত কথা পাতি দিব পাৰিব। ৫০ হাজাৰ টকা বিল আহিলে ১৫ টা কিস্তিত দিব পাৰিব । ৫০ হাজাৰৰ অধিক বিল আহিলে বিজুলী ভৱনৰ মুখ্য প্ৰবন্ধকৰ সৈতে কথা পাতি সংশোধন কৰিব পাৰিব বুলি জনাই মন্ত্ৰী গৰাকীয়ে।

তদুপৰি এই কিস্তিৰ ধন অলাইন যোগে দিব পাৰিব বুলিও মন্ত্ৰী গৰাকীয়ে জনাই ।

তিনিদিনীয়া ভ্রমণসূচীৰে লাডাখত মন্ত্রী ৰাজনাথ সিং

প্রাক্তন সৈনিকক এক পদবী, এক পেন্সন প্রদান

তিনিদিনীয়া লাডাখ ভ্রমণসূচীৰে লেহত উপস্থিত হোৱা দেশৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে দেওবাৰে প্রাক্তন সেনা জোৱান তথা বিষয়াসকলক সম্বোধি উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ প্রতিশ্রুতি ৰক্ষা কৰিছে৷সশস্ত্র বাহিনীৰ প্রাক্তন বিষয়া তথা জোৱানসকলক এক পদবী এক পেন্সনৰ যি প্রতিশ্রুতি প্রধানমন্ত্রী মোদীয়ে প্রদান কৰিছিল তাক বাস্তৱায়িত কৰা বুলি ৰাজনাথ সিঙে উল্লেখ কৰিছে৷চাকৰিৰ অৱসৰৰ পিছত সেনা বিষয়া তথা জোৱানসকলক পুনৰ সংস্থাপিত কৰাটো অতি জটিল সমস্যা হিচাপে দেখা দিছে বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ অৱশ্যে এতিয়ালৈকে বহু অৱসৰপ্রাপ্ত সেনা জোৱানক বিভিন্ন চাকৰিত যোগদানৰ সুযোগ চৰকাৰে দিয়া বুলি ঘোষণা কৰে মন্ত্রী ৰাজনাথ সিঙে৷ ৰাজনাথ সিঙৰ এই লাডাখ ভ্রমণসূচীত বিভিন্ন গুৰুত্বপূর্ণ বিষয় আলোচনাৰ মাজলৈ অহাৰ সম্ভাৱনা আছে৷

বগুৱান আৰক্ষীৰ সফল অভিযান : নিচাযুক্ত টেবলেট সহ ড্ৰাগছ ব্যৱসায়ী আটক

 গোৱালপাৰা জিলাৰ বগুৱানত পুনৰ  ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ  সফল অভিযান । কালি  এক গোপন সূত্ৰৰ আঁত ধৰি বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চবিৰ আলীৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত  বাইক সহ নিচা জাতীয় টেবলেটৰ লগতে ড্ৰাগছৰ বেহাত জড়িত এগৰাকী যুৱকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটক হোৱা ড্ৰাগছ ব্যৱসায়ী জন   বগুৱান থানা এলেকাৰ কাৰাইখোৱাৰ বদিউদ জামান বুলি জানিব পৰা গৈছে ।ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা ৬৪৮টা নিচা যুক্ত টেবলেট জব্দ কৰে ।ধৃত জামালে As 19 B 4695 নম্বৰৰ স্পেলনডাৰ বাইকৰ হেড লাইটৰ ভিতৰত লৈ আনিছিল নিচা জাতীয় টেবলেট সমূহ । ইতিপূর্বেও এই গৰাকী বদিউল জামালে ড্ৰাগছৰ বেহাত জড়িত হৈ আছিল। কিছু দিন পূৰ্বেও গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক নিৰ্দেশত  এই গৰাকী ভাৰ প্ৰাপ্ত বিষয়া চবিৰ আলীয়ে দুগৰাকীকৈ কুখ্যাত দ্ৰাগছ মাফিয়াক আটক কৰাৰ উপৰি,  চোৰাং গাঞ্জা ব্যৱসায়ী আৰু পেট্ৰলিয়াম জাতীয় চোৰাং তেল ভৰ্তি টেংকাৰ জব্দ কৰিছিল ।উল্লেখ্য যে গোৱালপাৰা জিলাত নতুনকৈ দায়িত্ব ভাৰ লোৱা আৰক্ষী অধীক্ষক বিৰা  ভেংকাটা ৰাকেশ ৰেড্ডীৰ নিৰ্দেশত জিলা খনত চোৰাং  গৰু ব্যৱসায়ী ,  বাইক চোৰ , ড্ৰাগছকে  ধৰি এনেদৰে  দুষ্ট চক্ৰৰ বিৰুদ্ধে চলোৱা সফল অভিযানত ৰাইজে বাৰুকৈ সন্তুষ্টি প্ৰকাশ কৰিছে ।বগুৱান আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে অভিযান অব্যাহত ৰাখিছে।

ৰঙিয়াত ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ।থলুৱাক বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ

আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰে । উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক গোপনে নিযুক্তি দিয়াৰ প্ৰতিবাদত এই প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী গ্ৰহণ কৰে । বছৰ বছৰ ধৰি অসমীয়া তথা উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক ৰেল বিভাগে প্ৰতাৰণা কৰি অহাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা নিৰন্তৰ ভাবে প্ৰতিবাদ কৰি আহিছিল । ইমানৰ পিচতো যোৱা কিছুদিন পূৰ্বে ৰঙিয়া মাণ্ডলীক ৰেল প্ৰৱন্ধকৰ কার্যলয়ত প্ৰায় ৫० জনকৈ বহিৰাগত যুৱকক গোপনে নিযুক্তি দিয়া হৈছিল ৰেল বিভাগত । আজি তাৰেই প্ৰতিবাদত ছাত্ৰ সন্থাৰ সদস্যসকলে ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।সন্থাৰ কার্য্যকৰ্তা হেমন্ত দাসে অসমৰ সাংসদ সকলৰ ভূমিকাৰ ওপৰত ও তীব্ৰ ক্ষোভ উজাৰি কয় যে সাংসদ সকলে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰাৰ বাবেই ৰেল বিভাগে উত্তৰ পূৱৰ শিক্ষিত যুৱক-যুৱতী সকলক এইদৰে প্ৰতাৰণা কৰি আহিছে । ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ কার্য্যকৰ্তা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থত এখন সুকীয়া বʼৰ্ড গঠনৰ বাবেও দাবী উত্থাপন কৰে। আজিৰ এই কাৰ্যসূচীত ছাত্ৰসন্থাৰ নেতা হেমন্ত ডেকাসহ ,মৃন্ময় কুমাৰ ডেকা,তফিকুৰ ৰহমান,বুবুল আলী,জয়ন্ত শৰ্মাকে ধৰি বহুতো সদস্য উপস্থিত থাকে ।

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী ৷

ক’ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে কোঙা কৰিছে পৰিয়ালটিৰ লগতে বেণ্ডপাৰ্টিৰ সদস্যবৃন্দক ৷

কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নোলোৱাকৈ কৃষ্টিৰ পথাৰখন সাৰুৱা কৰা এগৰাকী যুৱতী গৰাকী ৷

দৰং জিলাৰ সীমান্তৰ ওদালগুৰি জিলাৰ বগৰীবাৰী গাঁৱৰ এগৰাকী সহজ সৰল যুৱতী উপমা ডেকাই কাহি, বাতি, চকী, মেজ আদিত বাদ্য বজাই আৰম্ভ কৰিছিল সংগীতৰ সাধনা ৷

উপমা ডেকাই প্ৰায় পাঁচ বছৰ ধৰি এটি বেণ্ডপাৰ্টিৰ লগত ড্ৰামচেট বজাই লাভ কৰিছে বিশেষ সমাদৰ ৷ আনহাতে স্থানীয় নামতী দলৰ সৈতেও বজায় নাগাৰা নাম ৷ দৰং ওদালগুৰি জিলাৰ একমাত্ৰ যুৱতী ড্ৰামচেট বজাই বিশেষ সমাদাৰ লাভ কৰিলেও প্ৰচাৰ বিমুখ উপমা ডেকাই লকডাউনৰ সময়ত কোনো চৰকাৰী বা বেচৰকাৰী দল সংগঠনৰ পৰা সহায় নোপোৱাত শিল্পী গৰাকী ম্ৰিয়মান হৈ পৰিছে ৷

মাহাৰা স্বানসৌৰং বেণ্ডপাৰ্টিৰ লগত উপমাই অসমৰ বিভিন্ন প্ৰান্তত ড্ৰামচেট বজাই ৰাইজৰ পৰা লাভ কৰিছে বিশেষ প্ৰশংসা আৰু আশীৰ্বাদ ৷

আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ২০টাতকৈও অধিক বাদ্যযন্ত্ৰ বজাব পৰা কাকজানৰ এজন যুৱক

সম্প্ৰতি অসমত ক’ৰণাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।ক’ৰণাসৃষ্ট পৰিৱেশৰ বাবে কণ্ঠশিল্পী সকলৰ লগতে বাদ্যযন্ত্ৰী শিল্পী সকলৰো আৰ্থিক অৱস্থা অতি শোচনীয় হৈছে ।কাকজানৰ এজন  যুৱপ্ৰতিভা; নাম পাৰ্থ টিংকু দত্ত।বহুমুখী প্ৰতিভাসম্পন্ন টিংকুৰ আছে সাংস্কৃতিক জগতখনৰ প্ৰতি গভীৰ অনুৰাগ আৰু দায়বদ্ধতা।বিশেষকৈ বাদ্যযন্ত্ৰী শিল্পী হিচাপে টিংকুৱে ঢোল,খোল,নাগাৰা,দোতৰা,আনন্দ লহৰি, হাৰমনিয়াম,তবলা, কীবৰ্ড, পেড, ড্ৰাম চেট আদি মুঠ ২৩ বিধমান বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাৱ পাৰে।পিতৃ ৰোহিত দত্ত আৰু নিজৰ মোমায়েকৰ আঙুলিত ধৰি ঢোলটো কান্ধত লৈ সৰুৰে পৰাই টিংকুৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল বাদ্য পৰিৱেশন কৰি অমসৰ লোক বাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত আত্মনিয়োগ কৰি আহিছে টিংকুৱে ।এই অসাধাৰণ প্ৰতিভা সম্পন্ন যুৱকজনে সোঁ-হাত আৰু বাওঁ হাত অৰ্থাৎ দুয়োখন হাতেৰেই ঢোল বাদ্য সুন্দৰকৈ বজাব পাৰে ।ঢোলৰ ওজা দেৱেশ্বৰ শইকীয়াৰো শিষ্য পাৰ্থ টিংকু দত্তই অসমৰ জনপ্ৰিয় বহু কণ্ঠ শিল্পীৰ লগত বাদ্যযন্ত্ৰী হিচাপে কাম কৰি আহিছে। অভিনয় প্ৰতিভাও আছে টিংকুৰ।স্মৰ্তব্য যে,যোৰহাটৰ কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সমাপ্ত কৰা টিংকুৱে কাকজানস্থিত বনগাঁৱত ষ্টাৰ মিউজিক ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰিছে ।লক্ষ্য গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহক এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰা ।বাণীবন্ধন,সংগীত ব্যৱস্থাপনা ,সংগীত পৰিচালনা, শব্দ মিশ্ৰণৰ কাম ষ্টাৰ মিউজিক ষ্টুডিঅ’ৰ যোগেদি সম্পাদনা কৰা হয়। প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক সুপ্ত প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰি আহিছে ।  টিংকু  দত্তৰ হেঁপাহৰ অংকুৰণ “ষ্টাৰ মিউজিক ষ্টুডিঅ’ “সমাগত সময়ত জিলিকি উঠক। ক

তামুলপুৰত এগৰাকী পঞ্চলিশোৰ্ধৰ ব্যক্তিৰ যৌন কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া শিশু

কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তামুলপুৰ আছুৰ

বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে মানৱতাক লজ্জানতা কৰা  এক জঘন্য ঘটনা। নিজ সম্পৰ্কীয় এজনী  ৯ বছৰীয়া শিশুক পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি যৌন নিৰ্যাতন চলালে এগৰাকী সম্পৰ্কীয় পঞ্চলিশোৰ্ধৰ লোকে। মানৱতাক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ঝাৰগাৱত । ২৫ জুনত সংঘটিত এই ঘটনা পোহৰলৈ আহে দেওবাৰেহে। জানিব পৰা মতে দেওবাৰে শিশুটি অসুস্থ হৈ পৰাত মাতৃ য়ে সোধাপোছা কৰাৰ পিছতে সকলো কথা পোহৰলৈ আহে। ওচৰৰ পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি ওচৰৰে সম্পৰ্কীয় ব্ৰজেন কলিতা (৪৫)ই শিশুটিক উপৰ্যুপৰি যৌন নিৰ্যাতন চলায়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দেওবাৰে সন্ধিয়া তামুলপুৰ আৰক্ষী থানাত সকলো ঘটনা বিৱৰি এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে শীঘ্ৰে নিজগৃহৰ পৰাই অভিযুক্ত ব্ৰজেন কলিতাক আটক কৰে। ব্ৰজেন ৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত পক্স’ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আজি মুছলপুৰ স্থিত ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।
 দোষী ব্যক্তিক কঠোৰতম শাস্তিৰ দাবী আছুৰ ।সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সন্দৰ্ভত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতকৈ-কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে । ছাত্ৰ সংগঠনটোৱে ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ বাবেও দাবী জনাইজে।

ইতিহাস ৰচি অলিম্পিকলৈ ভাৰতৰ সাঁতোৰবিদ সাজন প্রকাশ

‘এ’ ষ্টেণ্ডার্ড টাইম অনুসৰণ কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিহাস ৰচিছে সাজন প্রকাশে৷ ইটালীৰ ৰোমত অনুষ্ঠিত ছেট্টি ক’লি ট্রফী ছুইমিঙৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৬.৩৮ ছেকেণ্ডেৰে তেওঁ অভিলেখসহ টকি’ অলিম্পিকলৈ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ফিনাৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত অলিম্পিক কোৱালিফায়াৰ প্রতিযোগিতাখনত তেওঁ অলিম্পিকৰ ‘এ’ ষ্টেণ্ডার্ড টাইমতকৈ ০.১০ ছেকেণ্ড কম সময়ত সাঁতোৰ সম্পূর্ণ কৰি এই অভিলেখ স্থাপন কৰে৷

অলিম্পিকৰ ‘এ’ ষ্টেণ্ডার্ড সময়সীমা আছিল ১ মিনিট ৫৬.৪৮ ছেকেণ্ড৷ ২৭ বছৰীয়া প্রকাশে এই অভিলেখ স্থাপন কৰাৰ লগতে নিজৰে ৰাষ্ট্রীয় অভিলেখ ভংগ কৰিবলৈও সক্ষম হয়৷ ইয়াৰ পূর্বে যোৱা সপ্তাহত বেলগ্রেড ট্রফী সাঁতোৰ প্রতিযোগিতাত তেওঁ ২০০ মিটাৰ বাটাৰফ্লাইত ১ মিনিট ৫৬.৯৬ ছেকেণ্ডেৰে ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিছিল৷ কেৰালাৰ প্রতিভাৱান সাঁতোৰবিদগৰাকীয়ে টকি’ত ক্রমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত দেশক প্রতিনিধত্ব কৰিব৷ ইয়াৰ পূর্বে ২০১৬ৰ ৰি’ অলিম্পিকতো সাজন প্রকাশে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ভাৰতীয় ছুইমিং ফেডাৰেচনে সাজন প্রকাশৰ এই সাফল্যক ভাৰতীয় সাঁতোৰ জগতৰ বাবে ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিছে৷