Breaking

বগুৱান আৰক্ষীৰ সফল অভিযান : নিচাযুক্ত টেবলেট সহ ড্ৰাগছ ব্যৱসায়ী আটক

0 1,534

 গোৱালপাৰা জিলাৰ বগুৱানত পুনৰ  ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ  সফল অভিযান । কালি  এক গোপন সূত্ৰৰ আঁত ধৰি বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চবিৰ আলীৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত  বাইক সহ নিচা জাতীয় টেবলেটৰ লগতে ড্ৰাগছৰ বেহাত জড়িত এগৰাকী যুৱকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটক হোৱা ড্ৰাগছ ব্যৱসায়ী জন   বগুৱান থানা এলেকাৰ কাৰাইখোৱাৰ বদিউদ জামান বুলি জানিব পৰা গৈছে ।ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা ৬৪৮টা নিচা যুক্ত টেবলেট জব্দ কৰে ।ধৃত জামালে As 19 B 4695 নম্বৰৰ স্পেলনডাৰ বাইকৰ হেড লাইটৰ ভিতৰত লৈ আনিছিল নিচা জাতীয় টেবলেট সমূহ । ইতিপূর্বেও এই গৰাকী বদিউল জামালে ড্ৰাগছৰ বেহাত জড়িত হৈ আছিল। কিছু দিন পূৰ্বেও গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক নিৰ্দেশত  এই গৰাকী ভাৰ প্ৰাপ্ত বিষয়া চবিৰ আলীয়ে দুগৰাকীকৈ কুখ্যাত দ্ৰাগছ মাফিয়াক আটক কৰাৰ উপৰি,  চোৰাং গাঞ্জা ব্যৱসায়ী আৰু পেট্ৰলিয়াম জাতীয় চোৰাং তেল ভৰ্তি টেংকাৰ জব্দ কৰিছিল ।উল্লেখ্য যে গোৱালপাৰা জিলাত নতুনকৈ দায়িত্ব ভাৰ লোৱা আৰক্ষী অধীক্ষক বিৰা  ভেংকাটা ৰাকেশ ৰেড্ডীৰ নিৰ্দেশত জিলা খনত চোৰাং  গৰু ব্যৱসায়ী ,  বাইক চোৰ , ড্ৰাগছকে  ধৰি এনেদৰে  দুষ্ট চক্ৰৰ বিৰুদ্ধে চলোৱা সফল অভিযানত ৰাইজে বাৰুকৈ সন্তুষ্টি প্ৰকাশ কৰিছে ।বগুৱান আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Leave A Reply