Breaking

জাওকাটাদিয়াত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ, ঠিকাদাৰ সাহিল আখতাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

0 1,533

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী জাওকাটাদিয়াত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ। ডেকাচাঙৰ পৰা জাওকাটাদিয়া লৈ যোৱা পকী পথৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও  অতি নিম্নমানৰ সামগ্ৰীৰে পথছোৱাৰ নিৰ্মাণ কৰা দেখি স্থানীয় সচেতন ৰাইজে ঠিকাদাৰ সাহিল আখতাৰক অভিযোগ দিছিল কিন্তু ৰাইজৰ অভিযোগক গুৰুত্ব নিদি ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে অব্যাহত ৰাখিছে পথছোৱাৰ নিৰ্মাণ কাৰ্য। ৰাইজৰ অভিযোগ মতে দুবৰি বনৰ ওপৰেদি ছাইড বামৰ কাম আৰু পাথৰৰ ওপৰেদি বালিৰ পৰিবৰ্তে খেতিৰ বোকা মাটি ছটিয়াই অতি নিম্নমানৰ পাথৰেৰে পথছোৱাৰ কাম অব্যাহত ৰাখিছে । ৰাস্তাৰ মাজত নিৰ্মাণ হোৱা কালভাৰ্ট সমুহ অতি নিম্নমানৰ হৈছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। ঠিকাদাৰক বাৰম্বাৰ অভিযোগ দিয়া স্বত্তেও ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ স্থানীয় একাংশ দাললৰ সহায়ত পকী পথছোৱাৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছে বুলি ৰাইজে অভিযোগ তুলিছে। উপায়বিহীন হৈ ৰাইজে ৰাজপথত ঠিকাদাৰ সাহিল আখতাৰৰ মইমতালি নচলিব, ৰাস্তাৰ কামৰ দুৰ্নীতি বন্ধ কৰক, গড়কাপ্তানী বিভাগ হায় হায় আদি শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথ নিৰ্মাণত হোৱা দুৰ্ণীতিৰ তদন্ত কৰি দুৰ্নীতিপৰায়ণ ঠিকাদাৰ সাহিল আখতাৰৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহীন ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

Leave A Reply