Breaking

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত

0 2,023

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত৷ এইবাৰ ডবকাৰ দীঘল জাৰুণী গাঁৱত সংঘটিত হৈছে এই জঘণ্য ঘটনা।নিজ দেওৰেকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ এগৰাকী মহিলাৰ।মহিলা গৰাকী হৈছে তিনি সন্তানৰ মাতৃ।জনামতে বিগত ১০ বছৰ পূৰ্বে দীঘল জাৰুণীৰ আলা উদ্দিনৰ লগত বিবাহ হৈছিল মহিলা গৰাকীৰ।মহিলা গৰাকীয়ে দেওৰেক আলতাব উদ্দিনৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ  অভিযোগ।নিশা ঘৰত নিজ  ভাতৃ নথকাৰ সুযোগ গ্ৰহণ কৰি কোঠালিৰ ভিতৰত প্ৰৱেশ কৰাৰ অভিযোগ দেওৰেকৰ বিৰুদ্ধে।কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি অসৎ কাৰ্য কৰিবলৈ চেষ্ঠা চলোৱাৰ অভিযোগ দেওৰেকৰ বিৰুদ্ধে।মহিলা গৰাকীয়ে সেই সময়ত চিঞৰ-বাখৰ কৰি কোনোমতে নিজকে ৰক্ষা কৰে।যদিও মহিলা গৰাকীয়ে স্বামী ঘৰলৈ উভতি অহাৰ পাছত স্বামী আৰু পৰিয়ালৰ লোকক সকলো ঘটনাৰ বিৱৰণ ভাঙি কয়।সেই কথা স্বামীয়ে বিশ্বাস নকৰি মহিলা গৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।মহিলা গৰাকীয়ে অকথ্য নিৰ্যাতনৰ বলি হৈ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ডবকা থানাত এজাহাৰ দাখিল কৰে।অৱশ্যে ডবকা আৰক্ষীয়ে কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষ্যণীয় হব।

Leave A Reply