Breaking

টঙনাত পুত্ৰই হত্যা কৰিলে পিতৃক

0 1,523

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা চাহ বাগিছাৰ ১৮নং লাইনত কালি এক লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হয় ৷ বাগিছাখনৰ ১৮ নং লাইনৰ জিতেন প্ৰজাক পুত্ৰই নিজ গৃহতে দাহেৰে ঘপিয়াই হত্যা কৰে ৷ পাৰিবাৰিক সংক্ৰান্তীয় কাৰণতে পুত্ৰ জগনাথ প্ৰজাই (২০) চাহগছ কলম দিয়া দাহেৰে ঘপিয়াই, ৰেপি ৰেপি লোমৰ্হষক ভাবে হত্যা কৰে পিতৃ জিতেন প্ৰজাক (৪৫) ৷কালি দিনৰ ভাগতে শুই থকা অৱস্থাতে সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাতো বহু পলমকৈ টঙনা আৰক্ষীক খবৰ দিয়াত নিজ গৃহৰ পৰা মৃতদেহ চমজি লোৱাৰ লগতে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী জগনাথ প্ৰজাক ৷ পৰিয়ালত পত্নী, কণ্যা, পুত্ৰক পিতৃ জিতেন প্ৰজাই মানসিক, শাৰীৰিক ভাবে অত্যাচাৰ কৰি আহিছিল বাবে হত্যা কাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

Leave A Reply